অন্যযুগ/


নতুন মহাকাশ শক্তিৰ ৰূপত ভাৰত

 অভিজিত শর্মা বৰুৱা

 

যোৱা ২৩ আগষ্ট, ২০২৩ ত ভাৰতীয় সময় মতে সন্ধিয়া ৬ বজাৰ খন্তেক পাছত ভাৰতৰ তৃতীয় চন্দ্রাভিমুখী মহাকাশযান চন্দ্রযান–৩–ৰ বিক্রম লেণ্ডাৰে পূর্ব পৰিকল্পনা অনুসৰিয়েই চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলৰ চন্দ্রপৃষ্ঠ স্পর্শ কৰিলে। ইয়াৰ লগে লগে চন্দ্রপৃষ্ঠত কোনো যানক ‘আলফুল অৱতৰণ’ (Soft landing) কৰোৱাৰ ক্ষেত্রত ভাৰত সমগ্ৰ বিশ্বৰে চতুর্থখন দেশ হিচাপে পৰিগণিত হ’ল। ইয়াৰ আগতে কেৱল আমেৰিকা যুক্তৰাষ্ট্র, পূৰ্বৰ ছোভিয়েট ইউনিয়ন (বৰ্তমানৰ ৰাছিয়া) আৰু চীন দেশেহে চন্দ্রত কোনো মহাকাশযানক আলফুলে অৱতৰণ কৰাবলৈ সক্ষম হৈছিল। আনহাতে চন্দ্রৰ বিপদসংকুল দক্ষিণ মেৰু অঞ্চলত চন্দ্রযান–৩–ক মসৃণ অৱতৰণ কৰাই আৰু ৰভাৰ যান নমাই এই অঞ্চলত এনে কাম কৰা বিশ্বৰ প্রথমখন দেশ হিচাপে ভাৰতে আন এক অনন্য কৃতিত্ব অর্জন কৰিলে।

২০২৩ চনৰ ১৪ জুলাইৰ দিনা ভাৰতে চন্দ্রলৈ চন্দ্রযান–৩ নামৰ এক মহাকাশযান উৎক্ষেপণ কৰি এই দেশৰ চন্দ্ৰাভিমুখী তৃতীয় অভিযানৰ শুভাৰম্ভ ঘটাইছিল। ২০০৮ চনৰ পৰা ২০২৩ চনলৈকে ভাৰতে চন্দ্রলৈ তিনিখন যান (চন্দ্রযান–১, চন্দ্রযান–২ আৰু চন্দ্রযান–৩) পঠিয়াইছে। আন কেইখনমান উন্নত দেশে চন্দ্র অভিযান অৱশ্যে বহু আগতেই আৰম্ভ কৰিছিল।  চন্দ্রযান–১ অভিযানৰ কালছোৱাত চন্দ্রপৃষ্ঠত ভাৰতৰ ত্রিৰংগা অংকিত যি প্র’ব নিক্ষেপ কৰা হৈছিল, ছোভিয়েট ৰাছিয়াই তেনে প্র’ব (লুনা–২) নিক্ষেপ কৰিছিল ১৯৫৯ চনৰ ১২ ছেপ্টেম্বৰত আমেৰিকা যুক্তৰাষ্ট্রৰ এপ’ল’–১১ অভিযানৰ সময়ত ১৯৬৯ চনৰ ২০ জুলাইতে নীল আর্মষ্ট্রঙে চন্দ্রপৃষ্ঠত প্রথমবাৰৰ বাবে মানৱ খোজ পেলাইছিল। তাৰো প্রায় দুকুৰি বছৰৰ পাছতহে চন্দ্রযান–১–ৰ জৰিয়তে ভাৰতে নিজাববীয়াকৈ চন্দ্র অভিযান আৰম্ভ কৰিছিল আৰু তাকো মানৱবিহীন মহাকাশযান পঠিয়াই

বিশ্বৰ চন্দ্র অভিযানৰ ইতিহাস

১৬০৯ চনত নিজে এটা টেলিস্কোপ সাজি গেলিলিঅ’ গেলিলিয়ে চন্দ্রক ভালদৰে নিৰীক্ষণ কৰাৰ আগলৈকে মানুহে চন্দ্রক খালী চকুৰেই চাই আহিছিল। গেলিলিয়ে তেওঁৰ টেলিস্কোপেৰে চন্দ্রত থকা পাহাৰ আৰু গহ্বৰবোৰো দেখা পাইছিল।

গেলিলিৰ পর্যবেক্ষণৰ প্রায় চাৰে তিনিশ বছৰৰ পাছত ১৯৫৮ চনৰ আগষ্ট আৰু ছেপ্টেম্বৰ মাহত ‘পায়নিয়াৰঅ’ আৰু ‘লুনা–১’ৰ দুটা ব্যর্থ অভিযানেৰে চন্দ্রলৈ মানুহৰ অভিযান আৰম্ভ হৈছিল। ১৯৫৯ চনৰ জানুৱাৰিত ‘লুনা১’ আৰু মার্চত ‘পায়নিয়াৰ৪’ ৰ অভিযান আংশিকভাৱে সফল হ’ল। তাৰ পাছত চন্দ্রলৈ প্রথমটো সফল অভিযানৰ ফলস্বৰূপে ১৯৫৯ চনৰ ১৪ ছেপ্টেম্বৰ তাৰিখে ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰা ‘লুনা২’ মহাকাশ ‘প্র’বে’ চন্দ্রপৃষ্ঠত আঘাত কৰিলে। ৰাজনৈতিক প্রতিদ্বন্দ্বী ছোভিয়েট ৰাছিয়াৰ এই সফলতাই আমেৰিকা যুক্তৰাষ্ট্রক ঈর্ষান্বিত কৰি তুলিলে আৰু তেওঁলোক সফল চন্দ্র অভিযানৰ বাবে উঠি-পৰি লাগিল। তাৰ মাজতে ছোভিয়েট ৰাছিয়াৰে আন এক মহাকাশযান ‘লুনা৩’য়ে ১৯৫৯ চনৰ অক্টোবৰত চন্দ্রৰ আমি নেদেখা ফালটোৰ ফটো পৃথিৱীলৈ প্রেৰণ কৰিবলৈও সক্ষম হ’ল। ১৯৬১ চনৰ ২৫ মে’ত আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জন এফ কেনেডীয়ে ঘোষণা কৰিলে যে তেওঁলোকৰ লক্ষ্য হ’ল– এজন মহাকাশচাৰীক চন্দ্রত থিয় কৰোৱা। ১৯৬৬ চনৰ ৩ ফেব্রুৱাৰিত ছোভিয়েট ৰাছিয়াৰ আন এখন মহাকাশযান ‘লুনা৯’য়ে চন্দ্রপৃষ্ঠত আলফুলে অৱতৰণ কৰে আৰু চন্দ্রপৃষ্ঠৰ ফটো পৃথিৱীলৈ প্রেৰণ কৰে।

১৯৬৬ চনৰ ৩১ মার্চত ছোভিয়েট ৰাছিয়াই উৎক্ষেপণ কৰা ‘লুনা–১০’ আছিল চন্দ্রলৈ পৃথিৱীৰ প্রথমটো কৃত্রিম উপগ্রহ। ১৯৬৮ চনত ২৪ ডিচেম্বৰত আমেৰিকা যুক্তৰাষ্ট্রৰ ‘এপ’ল–৮’ অভিযানৰ মহাকাশচাৰী ফ্রাংক বৰমান, জেমছ লভেল আৰু উইলিয়াম এণ্ডার্ছ চন্দ্রৰ লক্ষপথত প্রদক্ষিণ কৰা আৰু চন্দ্রৰ অন্ধকাৰ ফালটো প্রত্যক্ষ কৰা প্রথম মানুহ হিচাপে পৰিগণিত হয়। ১৯৬৯ চনৰ ২০ জুনত আমেৰিকা যুক্তৰাষ্ট্রৰ নাছাৰ (NASA) এপ’ল১১ অভিযানৰ মহাকাশচাৰী নীল আর্মষ্ট্রঙে চন্দ্রত প্রথম পদার্পণ কৰি চন্দ্র অভিযানত নতুন ইতিহাসৰ সৃষ্টি কৰিলে।

১৯৭০ চনৰ ১৭ নৱেম্বৰত ছোভিয়েট ৰাছিয়াৰ ‘লুনোখোড–১’য়ে প্রথম ৰোভাৰ যান হিচাপে চন্দ্রত অৱতৰণ কৰে। ১৯৭২ চনৰ এপ’ল১৭ অভিযানত চন্দ্রত খোজ কঢ়া ইউজিন চেৰমেনৰ পাছত এতিয়ালৈকে আন কোনো লোকে তাত ভৰি দিয়া নাই। ছোভিয়েট ৰাছিয়াই চন্দ্রলৈ পঠিওৱা ‘লুনা১৬’, ‘লুনা২০’ আৰু ‘লুনা২৪’ মহাকাশযান আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ ‘এপ’ল১৩’ ক বাদ দি ‘এপ’ল১১ৰ পৰা ‘এপ’ল১৭’ মহাকাশযান কেইখনে চন্দ্রৰ পৰা বিভিন্ন নমুনা সংগ্রহ কৰি আনিছিল আৰু সেইবোৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে চন্দ্রৰ বিষয়ে নানা তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। ১৯৫৯ চনৰ পৰা ১৯৭৬ চনলৈকে আমেৰিকা যুক্তৰাষ্ট্র আৰু ছোভিয়েট ৰাছিয়া – এই দুই দেশৰ মহাকাশযানসমূহে মুঠ ৬৫ বাৰ চন্দ্রত অৱতৰণ কৰিছিল। পাছে ১৯৭৬ চনৰ লুনা২৪ ৰ অভিযানৰ পাছতে দুয়োখন দেশৰ চন্দ্র অভিযান হঠাতে বন্ধ হৈ গ’ল। ছোভিয়েট ৰাছিয়াই শুক্র গ্রহ অভিযান আৰু মহাকাশ কেন্দ্র স্থাপনত মনোযোগ দিলে আৰু আমেৰিকা যুক্তৰাষ্ট্রই গুৰুত্ব দিলে মংগল গ্রহ অভিযানত, মহাকাশ গৱেষণাগাৰ স্থাপন আৰু মহাকাশ ছাটল যানৰ ফালে। তাৰ আগলৈকে ছোভিয়েট ৰাছিয়াই চন্দ্রত বহুমুখী উদ্দেশ্যসম্পন্ন ‘বেছকেম্প’ পাতিব খুজিছিল আৰু আমেৰিকা যুক্তৰাষ্ট্রই তাত বৈজ্ঞানিক আৰু সামৰিক ঘাটি স্থাপন কৰিবলৈ বিচাৰিছিল। পাছত সেইবোৰ লক্ষ্য বাদ দিয়া হ’ল।

১৯৭৬ চনৰ বেছ কিছু বছৰৰ পাছত ১৯৯০ চনত জাপানে তেওঁলোকৰ ‘হিটেন’ মহাকাশযান চন্দ্রৰ কক্ষপথত স্থাপন কৰি চন্দ্র অভিযান চলোৱা বিশ্বৰ তৃতীয়খন দেশ হিচাপে পৰিগণিত হয়। তাৰ পাছত ২০০৭ চনৰ ছেপ্টেম্বৰত জাপানে ‘ছেলেন’ নামৰ মহাকাশযান চন্দ্রলৈ পঠিয়ায়। চন্দ্রৰ আদি অৱস্থা কেনে আছিল সেই সম্পর্কত অনুসন্ধান চলোৱাটো আছিল এই অভিযানৰ মূল উদ্দেশ্য।

২০০৩ চনৰ ২৭ ছেপ্টেম্বৰত ইউৰোপিয়ান স্পেচ এজেঞ্চিয়ে ‘স্মার্ট–১’ নামেৰে চন্দ্রক প্রদক্ষিণ কৰা এক কম খৰচী প্র’ব উৎক্ষেপণ কৰে। এই অভিযানৰ উদ্দেশ্য আছিল এক্স-ৰে আৰু অবলোহিত ৰশ্মিৰ সহায়ত চন্দ্রপৃষ্ঠৰ এক ত্রিমাত্রিক ‘ইমেজেৰী’ তৈয়াৰ কৰা।

২০০৭ চনৰ ২৪ অক্টোবৰত চীন দেশে ‘চাংগে–১’ নামৰ এক চন্দ্র— কক্ষপথীয় ৰবটিক প্র’ব চন্দ্রলৈ নিক্ষেপ কৰে। ‘চাংগে-১’ৰ কার্য্যকাল আছিল এবছৰ। পাছে ই তাৰ ওপৰঞ্চিভাবে আৰু চাৰিমাহ কর্মক্ষম হৈ থাকিল। ২০১০ চনত চীন দেশে ‘চাংগে২’ নামৰ আন এক চন্দ্র-কক্ষপথীয় মহাকাশযান উৎক্ষেপণ কৰে।

ভাৰতে ২০০৮ চনত ‘চন্দ্রযান–১’ আৰু ২০১৯ চনত ‘চন্দ্রযান–২’ নামৰ দুখন যান চন্দ্রলৈ প্রেৰণ কৰে। চন্দ্রযান–১ তাৰ দায়িত্ব পালনত প্রায় ৯০ শতাংশ সফল হ’লেও চন্দ্রযান–২ তাৰ মূল উদ্দেশ্য চন্দ্রত ‘আলফুল অৱতৰণ’ কৰাত সফল নহ’ল।

ৰাছিয়াই ১৯৭৬ চনৰ ৪৭ বছৰ পাছত ২০২৩ চনৰ আগষ্ট মাহত তেওঁলোকৰ চন্দ্ৰমুখী মহাকাশযান ‘লুনা–২৫’ চন্দ্রলৈ প্রেৰণ কৰে। অৱশ্যে এই অভিযান বিফল হ’ল।

২০২৩ চনত ভাৰতে চন্দ্রলৈ পঠিওৱা ‘চন্দ্রযান৩’ৰ লেণ্ডাৰ আৰু ৰভাৰ যানে চন্দ্রত ‘আলফুল অৱতৰণ’ কৰি নির্ধাৰিত কাম-কাজ চলাই আছে। 

ভাৰতৰ প্রথম চন্দ্র অভিযান - চন্দ্রযান-১

২০০৮ চনৰ ২২ অক্টোবৰত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ ‘সতীশ ধাৱান স্পেচ চেণ্টাৰৰ উৎক্ষপণ কেন্দ্রৰপৰা ভাৰতৰ চন্দ্রাভিমুখী প্রথমখন মহাকাশযান চন্দ্রযান১ক উৎক্ষেপণ কৰা হৈছিল। চন্দ্রযান১য়ে ভাৰতৰ নিজস্ব পাঁচবিধ সঁজুলিৰ লগতে নাছা, ইউৰোপিয়ান স্পেচ এজেঞ্চি আৰু বুলগেৰিয়াৰ ছবিধ সঁজুলি কঢ়িয়াই নিছিল। চন্দ্রযানযোগেদি আমেৰিকা যুক্তৰাষ্ট্র, ছোভিয়েট ৰাছিয়া (পূর্বৰ) আৰু ইউৰোপিয়ান স্পেচ এজেঞ্চিৰ (১১ খন দেশৰ এক সংস্থা) পাছত চন্দ্রত জাতীয় পতাকাৰ প্রতীক স্থাপন কৰা  চতুর্থ সংস্থা তথা দেশ হোৱাৰ গৌৰৱো ISRO আৰু ভাৰতে অর্জন কৰিছিল। আনকি তেতিয়া আমেৰিকা যুক্তৰাষ্ট্রৰ নৱ নির্বাচিত ৰাষ্ট্রপতি বাৰাক অবামাই কবলগীয়া হৈছিল, “এই সফলতা আমেৰিকা যুক্তৰাষ্ট্রৰ বাবে এক প্রত্যাহ্বান। আমি যদি মহাকাশ গৱেষণাৰ ক্ষেত্রত অপ্রতিদ্বন্দ্বী হৈ থাকিব খোজোঁ, তেন্তে আমি তৎকালীনভাৱে আমাৰ মহাকাশ অভিযানত নতুন দিশ সংযোজন কৰিব লাগিব৷” আমাৰ অসমৰে এজন সুসন্তান ডঃ জিতেন্দ্রনাথ গোস্বামী এই অভিযানৰ লগত ওতঃপ্রোতভাৱে জড়িত হৈ আছিল।

ৎক্ষেপণৰ পাছত কিছু দিন ঠিকে ঠাকে যোৱাৰ পাছত, আৰু যথেষ্ট তথ্য পৃথিৱীলৈ প্রেৰণ কৰাৰ পাছত ২০০৯ চনৰ মে মাহত চন্দ্রযানৰ গতিপথ কিছু সলনি কৰিবলগীয়া হ’ল। চন্দ্রপৃষ্ঠৰ পৰা ১০০ কিলোমিটাৰ ওপৰেদি ই চন্দ্রক প্রদক্ষিণ কৰাৰ কথা আছিল যদিও এই কক্ষপথ তেতিয়া ২০০ কিলোমিটাৰ উচ্চতালৈ বঢ়াই দিয়া হ’ল। চন্দ্রযানক প্রায় ৭৫ ডিগ্রী চেলচিয়াছ উষ্ণতা সহ্য কৰিব পৰাকৈ নির্মাণ কৰা হৈছিল আৰু ভবা হৈছিল যে ১০০ কিলোমিটাৰৰ কক্ষপথত ই তাতকৈ বেছি উষ্ণতা নাপাব। কিন্তু কার্যক্ষেত্রত চন্দ্রযান–এ সেই স্থানত তাতকৈ বেছি উষ্ণতাৰ সম্মুখীন হল। সেই সমস্যাৰ সমাধানৰ বাবে ২০০৮ চনৰে নৱেম্বৰ মাহত তাৰ কিছুমান সঁজুলিৰ কাম বন্ধ কৰি দিয়া হল। তাৰ পাছত ২০০৯ চনৰ মে মাহত তাৰ কক্ষপথো বঢ়াই দিয়া হ’ল। কিন্তু তৎসত্তেও চাগৈ চন্দ্রযানয়ে তাপৰ সমস্যাৰ পৰা মুক্তি নাপালে   

চন্দ্রযানৰ দুবছৰীয়া পৰিক্রমাত ই চন্দ্রপৃষ্ঠৰ জৰীপ সম্পূর্ণ কৰা, ত্রিমাত্রিক ভূস্থানিক মানচিত্র তৈয়াৰ কৰিব পৰাকৈ তথ্য সংগ্রহ কৰা, চন্দ্রত থাকিব পৰা ৰাসায়নিক পদার্থবোৰৰ সম্পর্কে জনা, চন্দ্রৰ মেৰু অঞ্চলৰ সম্ভাৱ্য ‘বৰফ’ৰ সম্পর্কত তথ্য আহৰণ কৰা আদি কাম সম্পন্ন কৰাৰ কথা আছিল। সেই হিচাপ মতে ২০১০ চনৰ শেষৰ ভাগলৈকে চন্দ্রযানয়ে বিভিন্ন তথ্য নিয়ন্ত্রণ কক্ষলৈ প্রেৰণ কৰিব লাগিছিল। পিছে এই অভিযান প্রায় দহ মাহমান পাছতে পৰিত্যক্ত হ’বলগীয়া হ’ল। ২০০৯ চনৰ ২৯ আগষ্টত চন্দ্রযানৰ লগত ভাৰতৰ নিয়ন্ত্রণ কক্ষৰ সংযোগ বিচ্ছিন্ন হৈ যায়। অর্থাৎ চন্দ্রযানলৈ খবৰ পঠিওৱা আৰু তাৰ পৰা তথ্য অহাটো বন্ধ হৈ পৰে আৰু এই যানখন বোবা-কলাৰ দৰে হৈ পৰে। পুনৰ সংযোগ স্থাপন কৰাটো অসম্ভৱ হৈ পৰা বাবে ২০০৯ চনৰ ৩০ আগষ্টত এই অভিযানৰ সমাপ্তিৰ বিষয়ে জনোৱা হয়।

ISROই জনোৱামতে চন্দ্রযান–১য়ে ইতিমধ্যে ই পঠিয়াবলগীয়া সমূহ তথ্যৰ প্রায় ৯৫ শতাংশ তথ্য যোগান ধৰিলে। চন্দ্রযান–১–ৰ অভিযানৰ সময়তে চন্দ্রৰ পৃষ্ঠত পানীৰ অণু আবিষ্কৃত হৈছিল। এইবোৰ নিশ্চয় গুৰুত্বপূর্ণ কথা আছিল।  

চন্দ্রযান-২ 

চন্দ্রযান২ আছিল ভাৰতৰ দ্বিতীয় চন্দ্র অনুসন্ধান অভিযান। চন্দ্রযান-২ এক ভূস্থিত উপগ্রহ উৎক্ষেপণ যান মার্ক ৩  (জি এছ এল ভি মার্ক ৩) ৰকেটৰ সহায়ত ২০১৯ চনৰ ২২ জুলাইত চন্দ্রৰ অভিমুখে উৎক্ষেপণ কৰা হৈছিল। এই যানৰ লগত আছিল চন্দ্রৰ পৃষ্ঠত তৰণ কৰিবলগীয়া লেণ্ডাৰ (Lander) আৰু ভাৰ (Rover) যান। ISROই এই দুয়োখন লেণ্ডাৰ আৰু ৰভাৰ নির্মাণ কৰিছিল। চন্দ্রযান২ অভিযানত খৰচ পৰিছিল প্রায় ৯৭৮ কোটি টকা

চন্দ্রযানত আছিল এক চন্দ্র প্রদক্ষিণকাৰী (Lunar Orbiter), ‘বিক্রম’ নামৰ এক লেণ্ডাৰ আৰু ‘প্রজ্ঞান’ নামৰ এক ৰভাৰ যান। এই সকলোবোৰ ভাৰতৰ বিজ্ঞানী-প্রযুক্তিবিদে নিজা প্রযুক্তিৰে নির্মাণ কৰিছিল। এই অভিযানৰ মূল উদ্দেশ্য আছিল চন্দ্রপৃষ্ঠৰ ৰাসায়নিক সংযুক্তি অধ্যয়ন কৰা আৰু চন্দ্রত পানীৰ অৱস্থিতি আৰু পৰিমাণ নিৰূপণ কৰা।

২০১৯ চনৰে ২০ আগষ্টত চন্দ্রযানয়ে নিৰাপদে ভ্রমণ কৰি চন্দ্রৰ কাষেদি ঘূৰিবলগীয়া নির্দিষ্ট কক্ষপথ পালেগৈ। চন্দ্রযানৰ লেণ্ডাৰ আৰু ৰভাৰে চন্দ্রপৃষ্ঠৰ দক্ষিণ মেৰু অঞ্চলৰ প্রায় ৭০ ডিগ্রী অক্ষাংশত ২০১৯ চনৰ ৬ ছেপ্টেম্বৰত অৱতৰণ কৰাৰ কথা আছিল। পৰিকল্পনা অনুসৰিয়েই সেই দিনা বিক্রম লেণ্ডাৰে চন্দ্রত অৱতৰণ কৰিবলৈ লয়। পিছে এক ছফটৱেৰৰ ভুলৰ বাবে সেই লেণ্ডাৰে অৱতৰণ কৰাৰ কেই মিনিটমানৰ আগতে চন্দ্রযানৰ লগত ভূপৃষ্ঠৰ নিয়ন্ত্রণ কক্ষৰ যোগাযোগ বিচ্ছিন্ন হৈ যায়। প্রয়োজনীয় নির্দেশ নোপোৱাৰ ফলত লেণ্ডাৰে অনিয়ন্ত্রিতভাৱে আৰু অত্যধিক বেগেৰে গৈ চন্দ্রৰ মাটিত খুন্দা মাৰে আৰু বিধ্বস্ত হৈ যায়। পাছত ‘বিফলতা বিশ্লেষণ প্রতিৱেদন’ত একে কথাই ওলাল যে ছফটৱেৰৰ ভুলৰ বাবেই সেই ঘটনা ঘটিল। তাৰ ফলত পাছৰ পর্যায়ৰ কামবোৰ পৰিত্যক্ত হ’ল। অৱশ্যে চন্দ্রযানৰ অৰ্বিটাৰে এতিয়াও চন্দ্রক প্রদক্ষিণ কৰি আছে আৰু লগতে মূল্যবান তথ্যও প্রেৰণ কৰি আছে।

ন্দ্রযান-৩

চন্দ্রযান ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) তৃতীয় আৰু আটাইতকৈ সফল ন্দ্র অভিযান। সকলো সা-সঁজুলিকে ধৰি চন্দ্রযানৰ মুঠ ওজন  আছিল ৩,৯০০ কিলোগ্রাম। ইয়াৰ প্রধান অংশ সঞ্চালন বা প্রপালছন মড্যুলৰ (Propulsion Module) ওজন ২,১৪৮ কিলোগ্রাম আৰু লেণ্ডাৰ (Lander) আৰু ৰভাৰ (Rover) মিলি মুঠ ওজন  ১,৭৫২ কিলোগ্রাম। ভাৰতৰ আটাইতকৈ শক্তিশালী ৰকেট জি এছ এল ভি মার্ক ৩ৰ হে  ইমান ওজন লৈ যোৱাৰ সক্ষমতা আছে।



চন্দ্রযান-৩ ত, আগৰ চন্দ্রযান২ ৰ দৰেই এক লেণ্ডাৰ আৰু এক ৰোভাৰ আছিল, কিন্তু ইয়াৰ কোনো অৰবিটাৰ নাছিল। ইয়াৰ সঞ্চালন বা প্রপালছন মড্যুলটোৱে এক যোগাযোগ ৰিলে উপগ্রহৰ দৰে কাম কৰিছিল। মহাকাশ যানখন চন্দ্রৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ এক কক্ষপথত থকালৈকে প্রপালছন মডুলটোৱে লেণ্ডাৰ আৰু ৰভাৰৰ ভৰ বহন কৰিছিল।

২০২৩ চনৰ ১৪ জুলাইৰ দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ ‘সতীশ ধাৱান স্পেচ চেণ্টাৰ’ৰ উৎক্ষেপণ কেন্দ্রৰ পৰা ‘জি এছ এল ভি মার্ক থ্রী হেভি-লিফট লঞ্চ্ ভেহিকল’য়ে (যাক বাহুবলী ৰকেট বুলিও জনা যায়) উৎক্ষেপণ কৰিছিল।  

চন্দ্রযান-৩ ৰ ক্ষেত্রত ISRO য়ে কিছু সংশোধন কৰিছিল, যাতে আগৰ যান দুখনৰ তুলনাত ই বেছি নির্ভৰযোগ্য হয়। ইয়াৰ বিক্রম লেণ্ডাৰৰ ওজন হ’ল ১,৭৫২ কিলোগ্রাম। চন্দ্রযান–২ ত এই লেণ্ডাৰখনৰ ওজন তাতকৈ ২৮০ কিলোগ্রাম কম আছিল। ISROই কিছু অতিৰিক্ত সাৱধানতা লব খোজাৰ বাবেই লেণ্ডাৰৰ ওজন অলপ বাঢ়িল। অৱতৰণ সফল কৰিবলৈ বিক্রমত অলপ বেছিকৈ ইন্ধন ৰখা হ’ল, যাতে ই চন্দ্রৰ পৃষ্ঠত প্রয়োজন হ’লে বেছি সময় থাকিব পাৰে। চন্দ্রযান–৩ ৰ অভিযান ষোল অনাই সফল কৰিবলৈ মহাকাশযানখন উৎক্ষেপণ কৰাৰ আগতেই তাক লৈ কিছুমান কঠিন পৰীক্ষা কৰা হ’ল আৰু লগতে যথেষ্ট সুৰক্ষা ব্যৱস্থাও ৰখা হ’ল। উৎক্ষেপণৰ পাছত চন্দ্রযান–৩’ক ১০০ কিলোমিটাৰ ব্যাসার্ধৰ বৃত্তাকাৰ কক্ষপথত স্থাপন কৰাৰ কাম সফলতাৰে সম্পন্ন কৰা হ’ল।

চন্দ্রযান’৩ ৰ ভ্রমণকালত তিনিটা পর্য্যায় আছিল 

  • পৃথিৱীকেন্দ্রিক পর্য্যায় – এই পর্য্যায়ত আছিল উৎক্ষেপণৰ আগৰ কাম-কাজ আৰু উৎক্ষেপণৰ পাছত পৃথিৱীৰ চাৰিওফালে ঘূৰি দিশ সলনি কৰাৰ অভ্যসন কৰাৰ কাম।
  • চন্দ্র-স্থানান্তৰণ পর্যায় – এই পর্যায়ত আছিল গতিপথ সলনি কৰা আৰু বেগ বৃদ্ধি কৰাৰ কাম-কাজ, যাৰ ফলত চন্দ্রযান–৩ য়ে পৃথিবীৰ মাধ্যাকর্ষণৰ বাধা অতিক্রম কৰি চন্দ্রলৈ যাত্রা আৰম্ভ কৰাৰ কাম।   
  • চন্দ্র-কেন্দ্রিক পর্য্যায় – এই পর্য্যায়ত চন্দ্রযান–৩–য়ে চন্দ্রক কেবাবাৰো প্রদক্ষিণ কৰি শেষ পর্যায়ত লেণ্ডাৰে চন্দ্রপৃষ্ঠত অৱতৰণ কৰিব। তাৰ পাছত ৰ’ভাৰ যানখন এক ৰেম্পৰ জৰিয়তে লেণ্ডাৰৰ পৰা ওলাই আহি চন্দ্রপৃষ্ঠত ঘূৰি-ফুৰি অনুসন্ধান কৰাটো আৰম্ভ কৰি দিব।

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) ন্দ্রযানঅভিযানৰ বাবে তিনিটা প্রধান লক্ষ্য নির্ধাৰণ কৰিছিল। সেই কেইটা হ’ল –

        চন্দ্রৰ পৃষ্ঠত নিৰাপদ, নৰম আৰু নিখুঁতভাৱে এখন লেণ্ডাৰক অৱতৰণ কৰোৱা;

        চন্দ্রত ৰ’ভাৰৰ ঘূৰা-ফুৰা ক্ষমতা প্রদর্শন আৰু পর্যবেক্ষণ কৰা;

   অন্তর্নিৰীক্ষণ কৰা আৰু বৈজ্ঞানিক পর্যবেক্ষণ কৰা – চন্দ্রৰ পৃষ্ঠত উপলব্ধ ৰাসায়নিক আৰু প্রাকৃতিক উপাদান, মাটি, পানী ইত্যাদিৰ পৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষা কৰি চন্দ্রৰ গঠন সম্পর্কত অধিক জ্ঞান আহৰণ কৰা।




চন্দ্রযানত তিনিটা প্রধান স্বয়ংসম্পূর্ণ অংশ বা মড্যুল (Module) আছিল। সেইকেইটা হ’ল  

১। সঞ্চালনা বা প্রপালছন মড্যুল  এই মড্যুলে চন্দ্রৰ পৰা ১০০ কিলোমিটাৰ দূৰৰ কক্ষপথ পোৱা পর্যন্ত লেণ্ডাৰ আৰু ৰভাৰৰ সজ্জা বহন কৰি লৈ গৈছিল। ই হ’ল মূলতঃ এক বাকচৰ দৰে গঠন। তাৰ এফালে আছে এখন ডাঙৰ সৌৰ পেনেল আৰু ইয়াৰ ওপৰত এটা ডাঙৰ চিলিণ্ডাৰ স্থাপন কৰা হৈছে। এই অংশই লেণ্ডাৰৰ অৱতৰণৰ সময়ত তাক সহায় কৰিছিল। চন্দ্রৰ কক্ষপথৰ পৰা পৃথিবীৰ বর্ণালী আৰু আন কিছুমান বিশেষত্ব অধ্যয়ন কৰিবলৈ এই মড্যুলে এক অন্তৰীক্ষ সঁজুলিও বহন কৰি নিছিল।  

২। লেণ্ডাৰ  চন্দ্রত নৱম বাৰৰ বাবে অৱতৰণৰ বাবে চন্দ্রযান-৩ ত এক লেণ্ডাৰ আছিল। ইও বাকছ আকৃতিৰে। ইয়াত চাৰিটা ঠেং আছে। এই ঠেংকেইটা চন্দ্রযান–২–ৰ তুলনাত বেছি শক্তিশালীকৈ তৈয়াৰ কৰা হৈছে। অন্তর্নিৰীক্ষণ আৰু আন তথ্য সংগ্রহৰ বাবে লেণ্ডাৰে এখন ৰভাৰ যান আৰু অন্যান্য বৈজ্ঞানিক সঁজুলিও বহন কৰি নিছে। লেণ্ডাৰে চন্দ্রৰ মাটিত অৱতৰণ কৰিব আৰু তাৰ পাছত ৰভাৰ যানখনে চন্দ্রৰ মাটিত ঘূৰা-ফিৰা কৰিব।  

চন্দ্রযান–৩ ৰ বাবে যিখন লেণ্ডাৰ নির্মাণ কৰা হৈছে, সেইখন নমস্য মহাকাশ বিজ্ঞানী বিক্রম ছাৰাভাইৰ নামেৰে ‘বিক্রম’ বুলি নামকৰণ কৰা হৈছে। আগৰ চন্দ্রযান–২ত পাঁচটা ইঞ্জিন থাকিলেও চন্দ্রযানত চাৰিটা ইঞ্জিনহে ৰখা হৈছিল। এই ইঞ্জিনকেইটাই লেণ্ডাৰক গতি আৰু দিশ প্রদান কৰিছিল। বিক্রম লেণ্ডাৰত বৈজ্ঞানিক পৰীক্ষা কৰিবলৈ চাৰিবিধ সঁজুলি আছে। সেইকেইটা সঁজুলিৰ প্রথমটোৱে চন্দ্রৰ পৃষ্ঠৰ তাপমাত্রা আৰু তাপ-পৰিৱাহিতা নির্ণয় কৰিব, দ্বিতীয়টোৱে অৱতৰণ স্থানৰ ভূকম্পনৰ পৰিমাণ জুখিব, তৃতীয়টোৱে প্লাজমাৰ ঘনত্ব তথা বৈচিত্র্য জুখিব আৰু চতুর্থটোৱে চন্দ্র আৰু পৃথিবীৰ মাজৰ মহাকর্ষনিক আন্তঃক্রিয়া বুজাত সহায় কৰিব।  

আগৰবাৰ (চন্দ্রযান–২) যিহেতু বিক্রম লেণ্ডাৰে চন্দ্রপৃষ্ঠত আহি পৰাৰ পাছতে বিধ্বস্ত হৈছিল, সেইবাবে এইবাৰৰ বিক্রম লেণ্ডাৰত কিছু সালসলনি ঘটোৱা হৈছে। তাৰ ভিতৰত আছে– আগতকৈ ডাঙৰ ইন্ধন টেংক, দুফালে দুখন সৌৰ পেনেলৰ ঠাইত চাৰিওফালে চাৰিখন সৌৰ পেনেল, অতিৰিক্ত নেভিগেছন ছফটৱেৰ,  আপডেটেড ছফটৱেৰ, অতিৰিক্ত শক্তি ইত্যাদি। পৰিকল্পনা অনুসৰি বিক্রম লেণ্ডাৰে যেতিয়া চন্দ্রপৃষ্ঠাত অৱতৰণ কৰিব, তেতিয়া তাৰ অনুভূমিক বেগ হ’ব ছেকেণ্ডত পাঁচ মিটাৰৰ কম, উলম্ব বেগ ঘণ্টাত দুই মিটাৰৰো কম আৰু প্রৱণতা (slope) হ’ব ১২০ ডিগ্রীতকৈ কম।

৩। ভাৰ– ন্দ্রযান–৩–ৰ ভাৰ ভাৰতৰ এই মহাকাশ কর্মসূচীৰ এক গুৰুত্বপূর্ণ অংশ। ‘প্রজ্ঞান’ নামৰ এই ভাৰ যানৰ ছটা চকা আছে। লেণ্ডাৰে চন্দ্রত নমাৰ পাছত ভাৰ যানখনে চন্দ্রপৃষ্ঠত ঘূৰি ফুৰি তথ্য সংগ্রহ কৰিব। ইয়াৰ ওজন ২৬ কিলোগ্রাম। ই মুঠ ৫০০ মিটাৰ দূৰত্ব পৰিভ্রমণ কৰিব পাৰিব। ভাৰত কেমেৰা, স্পেক্ট’মিটাৰ, ড্রিল সঁজুলি আৰু আন দুটামান বৈজ্ঞানিক যন্ত্র আছে। নিজৰ কাম সম্পাদন কৰিব পাৰিলে ভাৰ যানখনে কেইটামান গুৰুত্বপূর্ণ আৱিষ্কাৰ কৰিবলৈও সক্ষম হব বুলি আশা কৰা হৈছে।

ISRO–ৰ অধ্যক্ষ শ্রীধৰ পি সোমনাথে আগতেই কোৱামতে ছেঞ্চৰ ফেইলাৰ (Failure), ইঞ্জিন ফেইলাৰ, এলগৰিথ্ম ফেইলাৰ, কেলকুলেছন ফেইলাৰ আদি কোনো বিসংগতিয়ে যাতে এই মিছনৰ সফলতাত বাধা দিব নোৱাৰে, চন্দ্রযান–৩ ত তেনে ব্যৱস্থা লোৱা হৈছে। আৰু শেষ পর্যন্ত সেয়া সঁচা বুলিয়েই প্রমাণিত হ’ল।  

১৪ জুলাইত চন্দ্রযান–৩ ক উৎক্ষেপ– কৰাৰ পাছত ১৫ জুলাইত প্রথমটো কক্ষপথ বৃদ্ধি ‘পৰিচালন কৌশল’ৰ (Maneuver) জৰিয়তে চন্দ্রযান–৩ ৰ কক্ষপথ ৪১৭৬২ কিলোমিটাৰ × ১৭৩ কিলোমিটাৰলৈ বর্ধিত কৰা হয়। তাৰ পাছত ১৭ জুলাইত দ্বিতীয়টো পৰিচালন কৌশলৰ জৰিয়তে ইয়াক ৪১৬০৩ কিলোমিটাৰ × ২২৬ কিলোমিটাৰ কক্ষপথত স্থাপিত কৰা হয়। ১৮ জুলাইত তৃতীয়টো পৰিচালন কৌশলৰ জৰিয়তে চন্দ্রযান–৩ য়ে ৫১৪০০ কিলোমিটাৰ × ২২৮ কিলোমিটাৰ কক্ষপথত পৃথিবীক প্রদক্ষিণ কৰিবলৈ লয়। ২২ জুলাইত চতুর্থটো পৰিচালন কৌশলৰ জৰিয়তে ইয়াক ৭১৩৫১ কিলোমিটাৰ × ২৩৩ কিলোমিটাৰ কক্ষপথত স্থাপিত কৰা হয়। ২৫ জুলাইত আন এক পৰিচালন কৌশলৰ যোগেদি তাৰ কক্ষপথ অধিক বৃদ্ধি কৰা হয়।  ১ আগষ্টত চন্দ্রযান – ৩ য়ে ২৮৮ কিলোমিটাৰ × ৩৬৯৩২৮ কিলোমিটাৰ চন্দ্রাভিমুখী কক্ষপথত প্রৱেশ কৰে। ৫ আগষ্টত ইয়াক ১৬৪ কিলোমিটাৰ × ১৮০৭৪ কিলোমিটাৰ চন্দ্রীয় কক্ষপথত স্থাপিত কৰা হয়। ৬ আগষ্টত এই মান ১৭০ কিলোমি ত তৃতীয়টো চন্দ্রাভিমুখী পৰিচালন কৌশলৰ পাছত এই যান চন্দ্রতকৈ প্রায় ১,৫০০ কিলোমিটাৰৰো কম দূৰত্বলৈ আহে। চন্দ্রক প্রদক্ষিণৰ কক্ষপথ হয়গৈ ১৭৪ কিমি × ১৪৩৭ কিলোমিটাৰ।  ইয়াৰ পাছৰ অভিযান ১৪ আগষ্টত চলোৱা হয়। তাৰ ফলত চন্দ্রযান-৩ য়ে চন্দ্রক প্রদক্ষিণ কৰাৰ কক্ষপথ কমি আহে। ১৭ আগষ্টত চন্দ্রযান–৩ ৰ বিক্রম লেণ্ডাৰ প্রপালছন মড্যুলৰ পৰা পৃথক হৈ যায় আৰু এই অভিযানৰ শেষ পর্যায়ৰ কাম আৰম্ভ হয়। অৱশেষত ২৩ আগষ্টত চন্দ্রযান – ৩ৰ বিক্রম লেণ্ডাৰে চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলত চন্দ্রপৃষ্ঠ স্পর্শ কৰিলে।

 দক্ষিণ মেৰু অঞ্চলৰ পৃষ্ঠভাগ ওখোৰা-মোখোৰা, তাত গভীৰ গভীৰ অনেক গাঁত আৰু খাল আছে; আৰু লগতে আছে এগাল জ্বালামুখী। সেইবাবে আগতে এই অঞ্চলত অৱতৰণৰ প্রচেষ্টা চলোৱা হোৱা নাছিল। পাছে চন্দ্রযান–১ অভিযানৰ সময়ত এই অঞ্চলতে পানীৰ অস্তিত্ব পোৱা গৈছিল আৰু পাছত নাছায়ো সেই বছৰতে তেওঁলোকৰ নিজা প্রবৰ সহায়ত দক্ষিণ মেৰুৰ পৃষ্ঠৰ তলত বৰফীভূত পানীৰ সন্ধান পাইছিল। সেইবাবে এই অঞ্চলত অন্বেষণৰ গুৰুত্ব বাঢ়ি আহিছিল।  চন্দ্রযান৩ ৰ প্রজ্ঞান নামৰ ছয়চকীয়া ৰভাৰ যানখনে ১ চান্দ্রদিন (১৪ পৃথিৱীদিন) এই অঞ্চলতে চন্দ্রৰ পৃষ্ঠত ঘূৰি-ফুৰি বিভিন্ন তথ্য আৰু ফটো প্রেৰণ কৰাৰ কথা। চন্দ্রযান৩ প্রায় দুসপ্তাহ কার্যকৰী হৈ থাকিব আৰু চন্দ্রপৃষ্ঠৰ খনিজ গঠনৰ স্পেকট্রমিটাৰ বিশ্লেষণকে ধৰি কেবাটাও পৰীক্ষা সম্পন্ন কৰিব।

চন্দ্রযান–৩–ৰ সমসাময়িকভাৱে ২১ আগষ্টত ৰাছিয়াৰ লুনা–২৫ নামেৰে এখন মহাকাশযানেও প্রায় একে স্থানতে ‘আলফুল অৱতৰণ’ কৰাৰ কথা আছিল। কিন্তু সেই অভিযান ব্যর্থ হয়। ৰাছিয়াৰ ৰাষ্ট্রীয় মহাকাশ সংস্থা ‘ৰছকছমছে’ (Roscosmos) জনোৱা মতে ১৯ আগষ্টৰ ১১-৫৭ বজাত (গ্রীনউইছ মীন টাইম – জি এম টি) লুনা–২৫ য়ে চন্দ্রৰ এক অবতৰণ–পূর্ব কক্ষপথত প্রৱেশ কৰিবৰ সময়ত তাত এক সমস্যাই দিয়ে আৰু ই নিয়ন্ত্রণৰ বাহিৰ হৈ যায়। তাৰ পাছত ই চন্দ্রপৃষ্ঠৰ ফালে বেগেৰে ঢাল লয় আৰু তাত আচাৰ খাই পৰি ধ্বংসপ্রাপ্ত হয়।

চন্দ্রত চন্দ্রযান–৩–ৰ ৰভাৰ যানৰ অৱতৰণৰ সময়ত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র নাথ মোদী BRICS অধিৱেশনৰ বাবে দক্ষিণ আফ্রিকাত আছিল। তেওঁ তাৰ পৰাই উৎফুল্লিত কণ্ঠেৰে কয়– “ভাৰতৰ মহাকাশ অভিযানৰ ক্ষেত্রত ই হ’ল এক নতুন অধ্যায়। এই সফলতাই প্রতিজন ভাৰতীয়ৰ সপোন আৰু আকাংক্ষা বঢ়াই তুলিব।“

নাছাৰ (NASA) মুৰব্বী বিল নেলছনে কৈছে যে তেওঁ এই অভিযানৰ পৰা কিবোৰ কথা জানিব পৰা যায়, তাৰ প্রতি চকু ৰাখিছে। নাছাই আগতেও (২০০৯ চন) ভাৰতৰ লগত সহযোগিতা কৰি চন্দ্রযান–১–ত তেওঁলোকৰ সঁজুলি চন্দ্রলৈ প্রেৰণ কৰিছিল। সেই অভিযানতে চন্দ্রত পানীৰ অৱস্থিতি ধৰা পৰিছিল।

চন্দ্র অভিযানে ভাৰতক অর্থনৈতিকভাৱেও সহায় কৰিব পাৰে। চন্দ্রৰ বিষয়ে যথেষ্ট কথা এতিয়াও জানিবলৈ বাকী আছে। চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলত থকা বৰফীকৃত পানীয়ে ভৱিষ্যত অভিযানবোৰৰ বাবে ইন্ধন, অক্সিজেন আৰু খোৱা পানী যোগান ধৰিব পৰাৰ সম্ভাৱনা আছে। চন্দ্রযান–৩–ৰ সফলতাই ভৱিষ্যতে সৃষ্টি হ’ব পৰা কৃত্রিম উপগ্রহ-নির্ভৰ ব্যৱসায়ৰ ক্ষেত্রতো যথেষ্ট অৰিহণা যোগাব। আনহাতে চন্দ্রত থাকিব পৰা ৰাসায়নিক পদার্থবোৰৰ চিনাক্তকৰণ আৰু অন্যান্য তথ্যবোৰৰ আৱিষ্কাৰে ভাৰতক আর্থিকভাৱে লাভান্বিত কৰিব পাৰে। ভাৰতৰ ত্রিৰংগা অংকিত প্র’বডাল চন্দ্রযান–১ৰ যোগেদি চন্দ্রত স্থাপন কৰাৰ প্রসংগত প্রাক্তন ৰাষ্ট্রপতি আব্দুল কালামদেৱে কৈছিল যে ই ভৱিষ্যতে চন্দ্রৰ কিছু অংশৰ ওপৰত আমাৰ অধিকাৰো সাব্যস্ত কৰিব। পাছত কেতিয়াবা চন্দ্রত যদি এক মহাকাশ ষ্টেছন বা শিবিৰ স্থাপিত হয়, ভাৰতো হয়তো তাৰ অংশীদাৰ হ’ব পাৰিব। 

ইতিমধ্যে এই কথাও প্রকাশ পাইছে যে অসমৰ কেইগৰাকীমান বিজ্ঞানী ক্ৰমে নিধি শর্মা, চয়ন দত্ত, বিদ্যুৎ বিকাশ গগৈ, বাহাৰুল ইছলাম বৰভূঞা, উদ্দীপনা কলিতা, পংকজ নাথ, ৱাই বিশাল সিংহ, নাজনীন য়াছমিন আদিও এই চন্দ্রযান-৩ অভিযানৰ লগত ভালদৰে জড়িত হৈ আছিল। সেইটোও আমাৰ বাবে এক সুখবৰ আৰু গৌৰৱৰ বিষয়।

*****

 

চন্দ্র-অভিযান সাধাৰণ মানুহে ভবাৰ দৰে সিমান সহজো নহয়। বিশ্বৰ উন্নত দেশসমূহো বহুবাৰ এনে অভিযানত বিফল হৈ আহিছে। বিফল চন্দ্র অভিযানসমূহৰ এক তালিকা ইয়াত সন্নিবিষ্ট কৰা হৈছে।  

১।  আমেৰিকা যুক্তৰাষ্ট্রৰ ‘এপ’ল – ১৩’ (১৯৭০ চন)

২। জাপানৰ ‘হাকুটো – আৰ’ (২০২৩)

৩। আমেৰিকা যুক্তৰাষ্ট্রৰ ‘পায়’নিয়াৰ–অ’ মিছন’ (১৯৫৮)

৪। ছোভিয়েট ৰাছিয়াৰ ‘লুনা ই–১ নং ১’ (১৯৫৮)

৫। আমেৰিকা যুক্তৰাষ্ট্রৰ প্রথম ছটা ‘ৰেঞ্জাৰ মিছন’ (১৯৬১-১৯৬৪)

৬। আমেৰিকা যুক্তৰাষ্ট্রৰ ‘ছার্ভেয়ৰ–২’ (১৯৬৬) আৰু ‘ছার্ভেয়ৰ ৪’ (১৯৬৭)

৭। ছোভিয়েট ৰাছিয়াৰ ‘ঝণ্ড– ৬ মিছন’ (১৯৬৮)

৮। ছোভিয়েট ৰাছিয়াৰ ‘লুনা–১৫ মিছন’ (১৯৬৯)

৯। চীনদেশৰ ‘লংজিয়াং – ১’ (২০১৮)

১০। ইজৰাইলৰ ‘বেৰেশ্বীট প্র’ব’ (২০১৯)

১১। ভাৰতৰ বিক্রম লেণ্ডাৰ (২০১৯)

১২। জাপানৰ ‘জাক্সাছ অম’টেনাছি’ (২০২২)

১৩। আমেৰিকা যুক্তৰাষ্ট্রৰ ‘লুনাৰ ফ্লাছলাইট’ (২০২২)

১৪। ৰাছিয়াৰ ‘লুনা–২৫ (২০২৩)

 

 

মহাকাশীয় আৱর্জনাৰ পৰা মহাকাশযানত হ’ব পৰা সাংঘাটিক বিপদ

পৃথিৱী তথা সৌৰজগত সৃষ্টি হোৱাৰ পাছৰে পৰা মহাকাশত বিভিন্ন সৰু সৰু টুকুৰা, ধূলি-বালি আদি ওপঙি ফুৰিছে। ক্ষুদ্র অংশ হলেও সেইবোৰ মহাকাশৰ স্বাভাৱিক বাসিন্দা। পাছে মহাকাশীয় আৱর্জনা বোলোঁতে মূলতঃ এনেবোৰ বস্তুকহে বুজোৱা হয়, যিবোৰ মানুহে সৃষ্টি কৰিছিল বা কৰি আছে আৰু যিবোৰে কোনো দৰকাৰী কাম নকৰাকৈ মহাকাশত বিভিন্ন কক্ষপথত পৃথিৱীৰ চাৰিওফালে ঘূৰি ফুৰিছে। এনে আৱর্জনাৰ ভিতৰত আছে  ৰকেটৰ বিভিন্ন পৰিত্যক্ত পর্যায়বোৰ, মূল ৰকেট বা মহাকাশযানৰ পৰা এৰা খাই যোৱা অংশবোৰ, মহাকাশত হোৱা সংঘর্ষ বা বিস্ফোৰণৰ ফলত তাত থাকি যোৱা টুকুৰাবোৰ আদি। বিভিন্ন কক্ষপথত এই আৱর্জনাবোৰ মহাকাশত ঘূৰি ফুৰে। যেতিয়াই এই কক্ষপথে আন মহাকাশযান বা কৃত্রিম উপগ্রহবোৰৰ কক্ষপথৰ লগত একেটা বিন্দুত মিলি যায়, তেতিয়াই সৃষ্টি হয় মহাকাশীয় সংঘর্ষৰ।

এনে আৱর্জনাৰ টুকুৰাৰ এক কোটিৰো বেছি সংখ্যক হ এৰাই যোৱা পেইণ্ট, ৰকেটৰ ইন্ধনৰ দহন নোহোৱাকৈ থাকি যোৱা কণা আদিৰ দৰে নিচেই ক্ষুদ্র টুকুৰা। এনে ক্ষুদ্র টুকুৰাবোৰক একেলগে মাইক্রমেটিঅৰাইটছ বুলি কোৱা হয়। এনে টুকুৰাবোৰৰ পৰা হোৱা ক্ষতি ৰোধ কৰিবলৈ এতিয়া মহাকাশযানবোৰত মূল আৱৰণীৰ ওপৰত ধাতুৰ বিশেষ পাতৰ আন এক আভৰণ দিয়া হয়। সংঘাত হলে এই ধাতুৰ পাতে যথেষ্ট তাপৰ সৃষ্টি কৰিব পাৰে। যেতিয়া আৱর্জনাৰ ক্ষুদ্র টুকুৰাবোৰে তীব্র বেগত সেই ধাতুৰ পাতত খুন্দা মাৰে, তেতিয়া সেই সংঘাতৰ ফলত তাত সৃষ্টি হোৱা প্রচণ্ড তাপে সেই আৱর্জনাবোৰ গলাই  বাষ্পীভূত কৰি পেলায়। অৱশ্যে বাষ্পীভূত কৰা বুলি কলেও একেবাৰে সঁচা কোৱা নহব, কাৰণ সেইবোৰ তাৰো ওপৰত প্লাজমা অৱস্থা (পদার্থৰ চতুর্থ অৱস্থা) প্রাপ্ত হয় আৰু লগে লগে মহাকাশত বিলীন হৈ যায়। গতিকে সেইবোৰে মূল যানখনৰ বিশেষ ক্ষতি সাধন কৰিব নোৱাৰে। পাছে মহাকাশযানবোৰৰ সৌৰ পেনেল আৰু টেলিস্কোপ, ষ্টাৰ ট্রেকাৰ আদি আলোকীয় অংশ তথা সঁজুলিবোৰত ধাতুৰ এনে আভৰণ দিব পৰা নাযায়। গতিকে তেনে উন্মুক্ত অংশত মাইক্রমেটিঅৰাইটছ তথা আন জাবৰবোৰে অনিষ্ট সাধন কৰিব পাৰে।

আন ডাঙৰ আৱর্জনাৰ পৰা মহাকাশযানসমূহক বচাবলৈ বর্তমান আমাৰ হাতত এটাই উপায় আছে! সেয়া হ কোন দিশৰ পৰা কি আৱর্জনাই খুন্দা মাৰিব পাৰে বা কেনে ধৰণৰ আৱর্জনা সেই দিশলৈ আহি আছে, তাক আগতীয়াকৈ জানি সেই মহাকাশযানৰ অৱস্থান সেইমতে সামান্য সলনি কৰি লোৱা। বর্তমানৰ আহিলাবোৰে পৃথিবীৰ নিম্ন কক্ষপথত থকা আৱর্জনাৰ টুকুৰাবোৰৰ ক্ষেত্রত পাঁচ চেণ্টিমিটাৰ ব্যাসলৈকে আৰু জিঅ ছিনক্রনাছ কক্ষপথত থকা টুকুৰাৰ ক্ষেত্রত ৫০ চেণ্টািমিটাৰৰ ব্যাসলৈকেহে চিনাক্ত কৰিব পাৰে আৰু তেনে ধৰণৰ টুকুৰাৰ কক্ষপথৰ বিষয়েহে আমাক সঠিকভাবে জনাব পাৰে। মানে হিচাপটো এনেকুৱা হল যে বিপদ ঘটোৱাৰ সামর্থ্য থকা প্রায় ৬,০০,০০০ লাখ জাবৰ-কণাৰ প্রায় ১৯,০০০কহে আমি এতিয়া নিৰীক্ষণ কৰিব পাৰোঁ, বাকীবোৰৰ বিষয়ে আমাৰ ওচৰত কোনো তথ্যই নাই। গতিকে যি বুজা গৈছে, কেৱল মহানগৰৰ ঘাইপথবোৰেই নহয়, মহাকাশো এতিয়া ৰীতিমত বিপদজনক ঠাই। কেতিয়া কোনে খুন্দিয়াই পেলাই থৈ যায়, তাৰ ঠিক নাই!

এটা হিচাপ মতে এক কিলোগ্রাম ওজনৰ এটা টুকুৰাই যদি ১০ মিটাৰ প্রতি ছেকেণ্ড বেগত ১০০০ কিলোগ্রাম ওজনৰ এখন মহাকাশযানক খুন্দা মাৰে, তেন্তে সেই মহাকাশযানখন ধ্বংস হৈ যাব পাৰে। তাৰ পৰা প্রায় এক কিলোগ্রাম ওজনৰ শতাধিক টুকুৰাৰ সৃষ্টি হব পাৰে। এই টুকুৰাবোৰ মহাকাশীয় আৱর্জনাৰ তালিকাত নতুনকৈ সংযোজিত হয়, আৰু তেনেদৰে ৰক্তবীজৰ বংশৰ দৰে মহাকাশীয় আৱর্জনাবোৰৰ সংখ্যা ক্রমে বাঢ়ি গৈ থাকে। এসময়ত সকলো ডাঙৰ পৰিত্যক্ত আৰু অপৰিত্যক্ত মহাকাশযান, ৰকেট আদি এনে মহাকাশীয় আৱর্জনাত পৰিণত হব। এই আশঙ্কাক কোৱা হয় কেছলাৰ ছিনড্রম। কিছুমান বিশেষ কক্ষপথীয় বেণ্ডত ইতিমধ্যে সেই অৱস্থা পাইছে বুলিয়েই ধাৰণা কৰা হৈছে। মহাকাশত এনেদৰে আৱর্জনা বাঢ়ি গৈ থাকিলে সমস্যা যে ক্রমে ভয়াৱহ হৈ উঠিবগৈ সেয়া খাটাং। হয়তো নতুনকৈ মহাকাশযান উৎক্ষেপণ কৰাৰ সময়ত আমি অর্থ, উপৰ্যুক্ত প্রযুক্তি, প্রয়োজনীয়তা আদিৰ উপৰি আন বহুত কথা চিন্তা কৰিবলগীয়াও হব পাৰে।

  

চন্দ্রযান-৩ অভিযানত জড়িত অসমীয়া বিজ্ঞানী

চন্দ্রযান-৩ ৰ সফল অভিযানত আমাৰ অসমৰো কেবাজনো যুৱ বিজ্ঞানী জড়িত হৈ আছে। তাৰ ভিতৰত নাম ল’ব লাগিব সুদীর্ঘ এটা দশক ইছৰোত বিজ্ঞানীৰূপে কর্মৰত হৈ থকা অসমৰ তিনিচুকীয়াৰ বোৱাৰী নিধি শর্মা। তেওঁ ইয়াৰ আগৰ ২০১৯ চনৰ চন্দ্রযান-২ ৰ কামতো জড়িত আছিল। তিনিচুকীয়াৰ ৰাজাআলি নিবাসী দীপক দেব আৰু শিখা দেবৰ বোৱাৰী আৰু দিবাকৰ দেবৰ পত্নী নিধিয়ে সন্তানসম্ভৱা হৈ থকা সময়তো ছুটী নলৈ চন্দ্রযান-৩ ৰ কামত ওতঃপ্রোতভাবে লাগি আছিল। আন এজন অসমীয়া বিজ্ঞানী চয়ন দত্ত চন্দ্রযান-৩ ৰ মিছন কণ্ট্র’ল অপাৰেছনৰ লগত জড়িত আছিল। লখিমপুৰ নগৰৰ ১০ নং ৱার্ডৰ গোপীনগৰ কলনীনিৱাসী ৰঞ্জিত কুমাৰ দত্ত আৰু শিলাৰাণী দত্তৰ পুত্র চয়ন দত্তই চন্দ্রযান-৩ ৰ লাঞ্চ কণ্ট্ৰ’ল অন ব’র্ড কমাণ্ড, টেলিমেট্রি, ডাটা হেণ্ডলিং ছিষ্টেম আদিৰ দায়িত্বত আছিল। ডিব্রুগড় হনুমানবক্স সুৰজমল কানৈ কলেজৰ প্রাক্তন ছাত্র ডঃ বিদ্যুৎ বিকাশ গগৈয়ে যুৱ বিজ্ঞানী হিচাপে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোত (ISRO) যোগদান কৰি চন্দ্রযান-৩ ৰ থার্মেল কণ্ট্ৰ'ল টীমৰ সৈতে জড়িত হৈ পৰে। জামুগুৰিহাটৰ বাঁহবাৰী সত্র নিৱাসী আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত গ্রন্থাগাৰিক সুৰেন কলিতাৰ জীয়ৰী উদ্দীপনা কলিতা হ’ল চন্দ্রযান-৩ ৰ এগৰাকী অন্যতম বিজ্ঞানী। তেওঁ ২০১৪ চনতে ইছৰোত যোগদান কৰি মূলতঃ গৱেষণাৰ কামত ব্যস্ত আছিল। হাইলাকান্দিৰ প্রয়াত প্রধান শিক্ষক মইনুল বৰভূঞাৰ পুত্র ডঃ বাহাৰুল ইছলাম বৰভূঞা চন্দ্রযান-৩ ৰ ছেন্সৰ ব্যৱস্থাপনাৰ সৈতে সম্পর্কিত আছিল। তেওঁ হাইলাকান্দিৰ এছ এছ কলেজ আৰু আ্লিগড় মুছলিম বিশ্ববিদ্যালয়ৰ পৰা বি এছ চি আৰু এম এছ চি ডিগ্রী অর্জন কৰে আৰু তাৰ পাছত ইছৰোৰ পৰাই পি এইছ ডি ডিগ্রী লাভ কৰে। ২০০৯ চনত বাহাৰুলে ইছৰোত বিজ্ঞানী হিচাপে যোগদান কৰে। আনহাতে নগাঁৱৰ জুৰীয়াৰ আবুল কালাম আজাদ আৰু মঞ্জুলা বেগমৰ কন্যা নাজনীন য়াছমিনো চন্দ্রযান-৩ ৰ লগত জড়িত আছিল। তেওঁ ২০২০ চনত ইছৰোত যোগদান কৰিছিল। শিলচৰৰ ৰামনগৰ টুকৰগ্রামৰ ৱাই বিশাল সিংহই ২০১৯ চনত ইছৰোত যোগদান কৰিছিল। তাৰ এবছৰ পাছতে তেওঁ থার্মেল কণ্ট্ৰ’ল টীমৰ বিজ্ঞানী হিচাপে চন্দ্রযান-৩ৰ কামত জড়িত হৈ পৰে। তেওঁলোকৰ উপৰি জয়ন্ত পাল, কৃষাণু নন্দী, পংকজ নাথ, সৌম্যজিত চট্টোপাধ্যায় আদিও এই মিছনৰ কামৰ লগত সম্পর্কিত আছিল।

 

*****

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ