অন্যযুগ/


এৰী শিল্পৰ উৎপাদন ক্ষেত্ৰৰ বিভিন্ন দিশ

 ° মৃদুল চন্দ্ৰ শৰ্মা



অসম তথা উত্তৰ পূব্বাৰ্ঞ্চলে সমগ্র পৃথিৱীৰ ৰেচম মানচিত্রত এক সুকীয়া তথা অনন্য স্থান লাভ কৰি আহিছে ব্যৱসায়িকৰূপত পালন কৰা চাৰিওবিধ ৰেচম - এৰী, মুগা, পাট আৰু তচৰ এই অঞ্চলত পোৱা যায় ৰেচম পলুবিলাকক সাধাৰণতে দুই ভাগত ভগোৱা হৈছে - পাট ৰেচম আৰু বন্য ৰেচম (মুগা, এৰী, টচৰ) অসমত পাট পলুৰ উপৰিও মুগা তথা এৰী পলু পালন কৰা হয়। বন্য ৰেচমৰ ভিতৰত এৰী একমাত্র  ঘৰৰ ভিতৰতে পোহা পলু। এৰী পলু বন্য ৰেচমৰ ভিতৰত সবাতোকৈ জনপ্রিয় আৰু ইয়াক শতিকাৰ ৰেচম আখ্যা দিয়া হয় বছৰৰ প্রায় প্রতেক সময়তে ইয়াক পালন কৰিব পাৰি যদিও শৰত আৰু বসন্ত কাল অতি উত্তম সময় হিচাপে বিবেচনা কৰা হৈছে 

অনুকূল বাতাৱৰণ তথা পয্যাৰ্প্ত পৰিমাণে পোৱা খাদ্য বৃক্ষৰ কাৰণে এৰী পলু পালনত উত্তৰ পূব্বাৰ্ঞ্চল সমগ্র পৃথিৱীৰ ভিতৰতে অগ্রণী পলু পালনৰ সৰল কৌশল, সকলো জলবায়ুত তিষ্ঠি থকাৰ সহন ক্ষমতা, প্রচুৰ পাৰ্শ্ব উৎপাদন আৰু উৎপাদনৰ বিচিত্রতাৰ সম্ভাৱনীয়তাৰ বাবে এৰী শিল্পই জনপ্রিয় শিল্পৰূপে পৰিগণিত হৈছে পৰম্পৰাগত হিচাপে এৰীপলু পুহি খোলা উৎপাদন কৰি টাকুৰীৰে সূতা কাটি এৰীচাদৰ বোৱাতে এৰী শিল্পৰ  প্রধান আৰু প্রাথমিক উৎপাদন সীমাবদ্ধ আছিল৷ এই দৰে প্রস্তুত এৰীবস্ত্র ঘৰুৱাভাৱে ব্যৱহাৰ কৰা হয় টাকুৰীৰে কটা সূতা সমজোখৰ তথা মিহি নোহোৱা বাবে ব্যৱসায়িকভাৱে উৎপাদন কৰি আশানুৰূপ সফলতা লাভ কৰিব নোৱাৰি অন্য ৰেচমৰ তুলনাত এৰী ৰেচমৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বেছি। পলু পালন পদ্ধতিও তুলনামূলকভাৱে যথেষ্ট সহজ।



এৰী সূতা উৎপাদন 

সূতা উৎপাদন এৰীশিল্পৰ সকলোতকৈ গুৰুত্বপূৰ্ণ অধ্যায়। টাকুৰী হৈছে সূতা উৎপাদনৰ বাবে পৰম্পৰাগত আহিলা। সূতা উৎপাদনৰ বাবে মটৰ অথবা ভৰিচালিত মেশ্বিন উদ্ভাৱন কৰি এৰী শিল্পত যুগান্তৰ সৃষ্টি কৰিছে টাকুৰীৰে এদিনত ৪০-৫০ গ্রাম কটা সূতাৰ ব্যতিৰকে এই মেচিনত ১৫০-২০০ গ্রাম উচ্চমানৰ মিহি সূতা কাটিব পাৰি ইয়াৰ উপৰি কামৰূপ জিলাৰ ছয়গাঁৱত আৰু কোকোৰাঝাৰত এৰী স্পিনিং মিল প্রতিস্থা কৰি অতি উচ্চমানৰ এৰী মিহি সূতা উৎপাদন কৰা হৈছে এই মিলৰ পৰা বিভিন্ন ধৰণৰ এৰী বস্ত্র তৈয়াৰ কৰা হৈছে আৰু বিদেশলৈও ৰপ্তানি কৰা হৈছে সম্প্রতি শিৱসাগৰ জিলাৰ ডিমৌ অঞ্চলত ৰুদ্রসাগৰ স্পিনিং নামৰ এক অত্যাধুনিক নতুন মিল স্থাপন কৰা হৈছে 




পাৰ্শ্ব উৎপাদনঃ এৰী শিল্পত পাৰ্শ্ব উৎপাদনৰ প্রচুৰ সম্ভাৱনীয়তা আছে আৰু সেইকাৰণে জনপ্রিয় শিল্পৰূপে পৰিগণিত হৈছে পলুপালন তথা খাদ্য বৃক্ষ এই দুয়োটা ক্ষেত্রৰ পৰা  প্রচুৰ পাৰ্শ্ব উৎপাদন কৰিব পাৰি এৰী লেটাক  পাৰ্শ্ব উৎপাদনৰ ক্ষেত্রত প্রথম স্থানত ৰাখিব পাৰি ইয়াত শতকৰা ৫০ ভাগ প্রটিন, ৪৪ ভাগ প্রয়োজনীয় এমাইন এচিড, ভিটামিন আদি থকাৰ বাবে উন্নত খাদ্য হিচাপে গণ্য কৰা হয় উত্তৰ পূ্ৰ্বাঞ্চলত এৰী লেটা এটা জনপ্রিয় খাদ্য প্রকাৰণতে ই মূখ্য উৎপাদনৰ স্থান দখল কৰে আৰু অধিক অৰ্থ উপাৰ্জনত (৭৫ শতাংশ) অৰিহণা যোগায়  উচ্চ ৰক্তচাপ তথা শৰ্কৰাজনিত ৰোগত আক্রান্ত ৰোগীয়েও এৰী লেটা ভক্ষণ কৰিব পাৰে বুলি উল্লেখ আছে এৰী লেটা কুকুৰা, গাহৰি, মাছ আদিৰো উত্তম খাদ্য হিচাপে ব্যৱহাৰ কৰিব পাৰি  এৰী পালনত উৎপাদিত লাদ সাৰ হিচাপে ব্যৱহাৰ কৰা হয় ইয়াৰ পৰা কেৰটিন উৎপাদন কৰিব পাৰি ইয়াক খাদ্যৰ ৰং আৰু খাদ্যপ্ৰাণ উৎপাদনত ব্যৱহাৰ কৰিব পাৰি  এৰী পলুৰ খাদ্যবৃক্ষৰ পৰা নানাধৰণৰ পাৰ্শ্ব উৎপাদন কৰিব পাৰি৷ এৰাগছৰ গুটিৰ পৰা নানা সামগ্রী যেনে, চাবোন, ঔষধ, উৰাজাহাজৰ মবিল জাতীয় তেল আদি উৎপাদন কৰা হয় এৰা গছ কাগজ কলত ব্যৱহাৰ কৰা হয় এৰী পলুৰ অন্য এক খাদ্যবৃক্ষ শিমলুআলুৰ পৰা চাবোন, শিশু খাদ্য, চিপ্চ, সুৰা, গ্লুকজ আদি নানা সামগ্রী তৈয়াৰ কৰা হয় অন্য এবিধ খাদ্যবৃক্ষ বৰকেচেৰু বা বৰপাতৰ পৰা কাঠৰ ওপৰিও মেলেৰিয়া, পেটৰ অসুখ আৰু ফিটাপেলুৰ ঔষধ তৈয়াৰ কৰা হয় ইয়াৰ কাঠ ঘৰুৱা সামগ্রী তৈয়াৰ কৰাত ব্যৱহৃত হয়। বৰকেচেৰুৰ উৎকট গোন্ধযুক্ত পাতৰ বাবে চৰণীয়া জন্তুৰ পৰা ৰক্ষা পাব পাৰি 


বস্ত্র উৎপাদন আৰু ইয়াৰ বিচিত্রতাঃ এৰী শিল্পত অফুৰন্ত উৎপাদনৰ বিচিত্রতাৰ স্থল আছে এৰী সূতাৰ লগত যিকোনো ধৰণৰ সূতা যেনে, পাট, মুগা, টচৰ, কপাহী, কৃত্রিম, ওল আদি মিহলাই বা ব্লেণ্ড কৰি কাপোৰ বনাব পাৰি ইয়াত কৃত্রিম অথবা প্রাকৃতিক সকলো ধৰণৰ ৰং কৰিব পাৰি পিন্ধনত ব্যৱহৃত বস্ত্রৰ ওপৰিও এৰী সূতা পৰ্দা, চকী কুচন, গাৰু, লেপ আদি নিৰ্মাণত ব্যৱহৃত হয় ইয়াৰ উপৰি বেগ, ফাইল কভাৰ, মানিবেগ আদি এৰী কাপোৰেৰে বনাব পৰা হৈছে পৰম্পৰাগত এৰী চাদৰৰ ওপৰিও টাই, স্কাফ, মাফলাৰ, চুৱেটাৰ, মেখেলাচাদৰ, শাৰী, দখনা, কোট, জেকেট আদি নানা প্রকাৰৰ আটক ধুনীয়া বস্ত্র সামগ্রী এৰীৰ পৰা নিৰ্মাণ কৰা হৈছে বড়োলেণ্ড ৰেচম বিভাগৰদ্বাৰা এৰী শিল্পৰ যুগান্তকাৰী উন্নতি কৰা হৈছে। এৰী মোজা নিৰ্মাণ কৰা যন্ত্র স্থাপন কৰা হৈছে। নৱপ্রজন্মৰ পচন্দ আৰু চাহিদাৰ ওপৰত লক্ষ্য ৰাখি টি চাৰ্ট, ডেনিম জিন্স জাতীয় বস্ত্র নিৰ্মাণত গুৰুত্ব দিয়া হৈছেসম্প্রতি ৰেচম শিল্পই মেডিকেল জগতখনত প্রৱেশ কৰিবলৈ সমৰ্থ হোৱা দেখা গৈছে। গুৱাহাটীৰ আই আই টিৰ বিজ্ঞানীয়ে আঘাত প্রাপ্ত স্নায়ু অথবা নাৰ্ভ ৰেচমৰদ্বাৰা নিৰ্মাণৰ সম্ভাৱনীয়তা দেখুৱাই যুগান্তৰ সৃষ্টি কৰিছে। খাদ্যৰ ক্ষেত্রতো এৰীলেটাৰ বিভিন্ন সুস্বাদু ব্যঞ্জন তথা আচাৰ তৈয়াৰ কৰি এৰী লেটাক এক জনপ্রিয় খাদ্য হিচাপে পৰিগণিত কৰাৰ লগতে ব্যৱসায়িকৰূপত সফল কৰি তুলিছে। মুঠৰ ওপৰত শতিকাৰ ৰেচম এৰী শিল্পই দেশৰ সামাজিক তথা অৰ্থনৈতিক দিশত এক যুগান্তৰ আনিবলৈ সমৰ্থ হৈছে, যাৰ কাৰণে সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চল গৌৰৱান্বিত 

 


লেখকৰ ঠিকনা:
অৱসৰপ্ৰাপ্ত ৰেচম বিজ্ঞানী
তৰাজান, যোৰহাট, অসম
মোবাইল নং: ৭০০২৯২৭৬৪০
ই-মেইল drmridulsarmah@gmail.com

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ