প্ৰাঞ্জল প্ৰতিম বৰা
সাহিত্য সমালোচনা হৈছে সাহিত্যৰ অধ্যয়ন ,মূল্যায়ন আৰু ব্যাখ্যা৷ সাহিত্য সমালোচনাত সাহিত্য তত্বৰ প্ৰভাৱ পৰাও পৰিলক্ষিত হয়৷ সাধাৰণ অৰ্থত সমালোচনা বুলি ক’লে বিৰূপ মনোভাৱক বুজায় যদিও সাহিত্যৰ সমালোচনা হ’ল যুক্তিপূৰ্ণ নিৰপেক্ষ বস্তুনিষ্ঠ মূল্যায়ন৷ সমালোচনা সৰ্বদা সৃষ্টিমূলক হোৱা উচিত, ই কদাপি আক্ৰমণাত্মক অথবা পক্ষপাতিত্বমূলক হোৱা উচিত নহয়৷
ৰিচাৰ্ড দুটনৰ মতে
– “The understanding and appreciation of literary texts” .
সাহিত্য সমালোচনা
প্ৰকৃতাৰ্থত এক সৃষ্টিশীল সাহিত্য কৰ্ম৷ এই প্ৰসংগত টি এছ এলিয়েটে কৈছে –“Every
form of genuine criticism is directed towards creation,” সমালোচকসকলে সাধাৰণতে সাহিত্য
সমালোচনা কৰিবলৈ অলংকাৰ পদ্ধতি, বিধিসন্মত পদ্ধতি, ঐতিহাসিক পদ্ধতি, জীৱনীমূলক, মনস্তত্বমূলক
পদ্ধতি, পৰিসংখ্যামূলক পদ্ধতি, ভাষাতাত্বিক পদ্ধতি, তত্বসন্ধানী পদ্ধতি, ব্যক্তিগত
সমালোচনা, তুলনামূলক পদ্ধতি, বস্তুনিষ্ঠ পদ্ধতি ইত্যাদি বিভিন্ন প্ৰকাৰৰ পদ্ধতিসমূহ
ব্যৱহাৰ কৰে৷
অসমীয়া সাহিত্যত
সমালোচনা সাহিত্যই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে৷ এই নিৱন্ধত যুদ্ধোত্তৰ যুগৰ
অসমীয়া সমালোচনা সাহিত্য ক্ষেত্ৰৰ বিষয়ে এক বিশ্লেষণাত্মক পৰ্যালোচনা কৰিবলৈ বিচৰা
হৈছে৷
অসমীয়া সমালোচনা সাহিত্যৰ উদ্ভৱ হয় খ্ৰীষ্ট্ৰীয় ১৯ শ শতিকাৰ শেষৰ তিনিটা দশকত৷ অসমীয়া সাহিত্যত যুদ্ধোত্তৰ যুগ বুলি ক’লে সাধাৰণতে ১৯৪০ চনৰপৰা ১৯৭০ চনৰ সময়ছোৱাক বুজা যায়৷ এই সময়ছোৱাত বহুকেইগৰাকী অসমীয়া সাহিত্যিকে অসমীয়া সাহিত্য সমালোচনাৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷ সেইসকলৰ ভিতৰত পদ্মনাথ গোহাঞি বৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, সত্যনাথ বৰা, হেম বৰুৱা ইত্যাদি উল্লেখযোগ্য৷ এই যুগৰ সমালোচনা সাহিত্যত যুদ্ধ সময়ৰ প্ৰভাৱ, নৱ্য দৃষ্টি ইত্যাদি ভাবৰ প্ৰভাৱ সু-ষ্পষ্ট৷
হেম বৰুৱা অসমীয়া সাহিত্যৰ এগৰাকী বলিষ্ঠ সমালোচক৷ বৰুৱাৰ সমালোচনামূলক মূল গ্ৰন্থখনৰ নাম হৈছে “আধুনিক সাহিত্য” (১৯৬২)৷
ভৱানন্দ দত্ত আন এগৰাকী বিশিষ্ট প্ৰতিষ্ঠিত সাহিত্য সমালোচক৷ দত্তই নিজস্ব প্ৰতিবাদী চিন্তাধাৰাৰে উবুদ্ধ হৈ অসমীয়া সাহিত্য সমালোচনাক এক নৱ্য গতিধাৰাৰ সূচনা কৰিবলৈ সক্ষম হৈছিল৷ তেখেতৰ বলিষ্ঠ পৃষ্ঠপোষকতাতেই অসমীয়া সমালোচনা সাহিত্যত মাৰ্ক্সীয় দৰ্শনে প্ৰৱেশ কৰে বুলি কোৱা হয়৷ তেখেতৰ সমালোচনা বিষয়ক গ্ৰন্থখন হৈছে অসমীয়া কবিতাৰ কাহিনী (১৯৫৯), ৰবীন্দ্ৰ প্ৰতিভা (১৯৬১)৷
অসমীয়া সাহিত্যৰ আন এগৰাকী প্ৰসিদ্ধ সমালোচক হৈছে ড০ বাণীকান্ত কাকতি৷ তেখেতৰ “সাহিত্য আৰু প্ৰেম” (১৯৪৮) নামৰ গ্ৰন্থখন উল্লেখযোগ্য৷ কাকতিয়ে অসমীয়া সাহিত্যত পাশ্চাত্য সমালোচনা পদ্ধতিৰ ব্যৱহাৰ কৰি মধ্যযুগীয় আৰু আধুনিক অসমীয়া সাহিত্য আৰু সাহিত্য বিষয়ক সমালোচনা আগবঢ়াইছিল৷
ডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্যৰ আন এগৰাকী প্ৰতিষ্ঠিত সাহিত্য সমালোচক৷ তেখেতে বৈজ্ঞানিক দৃষ্টিভংগীৰে সাহিত্য সমালোচনাক আগবঢ়াই নিছিল৷ তেখেতৰ সাহিত্য সমালোচনা বিষয়ক গ্ৰন্থকেইখন হৈছে– অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৬৭), অসমীয়া সাহিত্যৰ জিলিঙণি (১৯৬৮ ), অসমীয়া সাহিত্যৰ জেউতি ( ১৯৫২ ) আদি৷ এওঁৰ সমালোচনা ব্যৱস্থাপনাত ব্যাখ্যামূলক পদ্ধতিৰ সঘন ব্যৱহাৰ লক্ষ্য কৰা যায়৷
উপেন্দ্ৰনাথ লেখাৰুৰ সাহিত্য সমালোচনামূলক গ্ৰন্থ হৈছে– অসমীয়া ৰামায়ণ সাহিত্য (১৯৪৮ ), অসমীয়া সাহিত্যৰ সেৱক ৰজনীকান্ত বৰদলৈ (১৯৪৮ ) আদি৷
ত্ৰৈলোক্যনাথ গোস্বামী
আন এক প্ৰতিষ্ঠিত অসমীয়া সাহিত্য সমালোচক৷ তেখেতে সাহিত্য আলোচনা (১৯৫০ ), আধুনিক গল্প
সাহিত্য (১৯৬৫ ), ইংৰাজী সমালোচনাৰ ধাৰা আৰু প্ৰভাৱ (১৯৭০ ), সাহিত্য কলা আৰু তাৰ বিচাৰ
(১৯৭২), নন্দন তত্ত্ব :: প্ৰাচ্য আৰু পাশ্চাত্য (১৯৮১) আদি সাহিত্য সমালোচনাত্মক গ্ৰন্থ
ৰচনা কৰি থৈ গৈছে৷ তেখেতে ভাৰতীয় পৰম্পৰাৰ সৈতে পাশ্চাত্য সমালোচনা ধাৰাৰ এক সুস্থ
সমন্বয় স্থাপন কৰি থৈ যাবলৈ সক্ষম হৈছে ৷
যজ্ঞেশ্বৰ শৰ্মা অসমৰ এগৰাকী সমালোচক৷ তেখেতৰ সমালোচনামূলক গ্ৰন্থ দুখন হৈছে– এৰিষ্টটলৰ কাব্য জিজ্ঞাসা আৰু সাহিত্য সংস্কৃতিৰ প্ৰৱাহ৷
হেমবৰুৱাৰ সমালোচনাত
মননশীলতাৰ অভাৱৰ লগতে নিজা দৃষ্টিভংগীৰ প্ৰভাৱ লক্ষ্য কৰা যায়৷ গ্ৰন্থসমূহ হৈছে– সাহিত্য
আৰু সমস্যা, আধুনিক সাহিত্য, এই গাঁও এই গীত আদি৷
মহেশ্বৰ নেওগ অসমৰ আন এগৰাকী সমালোচক৷ তেখেতৰ গ্ৰন্থসমূহ হৈছে– অসমীয়া গীত সাহিত্য, আধুনিক অসমীয়া সাহিত্য আদি৷
সত্যেন্দ্ৰনাথ শৰ্মা অসমৰ আন এগৰাকী প্ৰতিষ্ঠিত, জনপ্ৰিয় সাহিত্য সমালোচক৷ তেখেতৰ গ্ৰন্থসমূহ হৈছে– অসমীয়া উপন্যাসৰ ভূমিকা, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত, অসমীয়া নাট্য সাহিত্য, সাহিত্যৰ আভাস, পুৰণি সাহিত্য অধ্যয়ন, অসমীয়া উপন্যাসৰ গতিধাৰা, পুৰণি সাহিত্য অধ্যয়ন, অসমীয়া কাব্যৰ প্ৰৱাহ, ৰামায়ণৰ ইতিবৃত্ত আদি৷
মহেন্দ্ৰ বৰা অসমৰ জনপ্ৰিয় সাহিত্য সমালোচক৷ তেখেতে সমালোচনা ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰি আছে৷ তেখেতে ষষ্ঠ দশকতে সম্পাদনা কৰা “নতুন কবিতা”ৰ যোগেদি সমালোচক হিচাপে প্ৰতিষ্ঠা লাভ কৰে৷ তেখেতৰ সমালোচনাত্মক গ্ৰন্থ হৈছে– সাহিত্য উপক্ৰমণিকা, ৰমন্যাসবাদ, সাহিত্য আৰু সাহিত্য, অসমীয়া কবিতাৰ ছন্দ, অসমীয়া শিল্পতত্ত্ব আদি৷
কেশদা মহন্ত হৈছে প্ৰথম মহিলা সমালোচক৷ তেখেতে অসমীয়া ৰামায়ণী সাহিত্য, মহাপুৰুষীয়া সাহিত্য, কালিদাসৰ সাহিত্য আদি গ্ৰন্থ ৰচনা কৰি থৈ গৈছে৷
অসমীয়া সাহিত্যৰ
অন্য এগৰাকী সাহিত্য সমালোচক হৈছে হোমেন বৰগোহাঞি৷ বৰগোহাঞিৰ স্পষ্টবাদিতা, নিৰ্ভীকতা,
বাস্তৱমুখী সমাজ চেতনা আদি মনকৰিবলগীয়া৷ তেখেতৰ সমালোচনাত্মক গ্ৰন্থ হৈছে – বিশ্বাস
আৰু সংশয়, ধূসৰ দিগন্ত, জিজ্ঞাসা আদি৷
এওঁলোকৰ উপৰি ক্ৰমে
লীলা গগৈ, উপেন্দ্ৰ নাথ গোস্বামী, হেমন্ত কুমাৰ শৰ্মা, হৰিশচন্দ্ৰ ভট্টাচাৰ্য, নন্দ
তালুকদাৰ, পৰাগ চলিহা, যতীন্দ্ৰ নাথ গোস্বামী, বীৰেণ বৰকটকী, হৰিনাথ শৰ্মা দলৈ, প্ৰফুল্ল
কটকী, ৰামমল ঠাকুৰীয়া, ভৱপ্ৰসাদ চলিহা, ভৱেন বৰুৱা, বাপচন্দ্ৰ মহন্ত, নৱকান্ত বৰুৱা,
মুনীন বৰকটকী, তীৰ্থনাথ শৰ্মা, অতুল চন্দ্ৰ বৰুৱা, বিৰিঞ্চি কুমাৰ বৰুৱা, সূৰ্য কুমাৰ
ভূঞা ইত্যাদিয়েও নিজস্ব ৰচনাশৈলীৰে সমালোচনা সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে৷
মুঠৰ ওপৰত যুদ্ধোত্তৰ
যুগৰ সাহিত্য সমালোচনাই অসমীয়া সাহিত্যত এক শক্তিশালী তথা সুদৃঢ় ভেঁটি গঢ়ি তুলিবলৈ
সক্ষম হৈছে৷
ঠিকনা :
বালিপৰা, শোণিতপুৰ,অসম
ভ্ৰাম্যভাষ: ৯৯৫৪১৯৪১১৩
ই-মেইল : pbora4532@gmail.com