ড° অমৃত গোস্বামী
বৰ্তমান সময়ত ৰন্ধন
ব্যৱস্থাত পূৰ্বৰ খৰিৰ পৰিৱৰ্তে এলপিজি(LPG)-য়ে মুখ্য ইন্ধন হিচাপে স্থান ল’লে৷ যিহেতু ইয়াৰ বাবে বজাৰৰ পৰা কিনি আনিব পৰা এটা
চুলা আৰু এলপিজি চিলিণ্ডাৰৰ এটা সংযোগৰ বাদে আন কোনো বিশেষ কাঠামোৰ প্ৰয়োজন নহয়, সেয়ে
এই ইন্ধন সৰ্বব্যাপি জনপ্ৰিয় হৈ উঠিল৷ দেশত বৰ্তমান ৩০২ মিলিয়ন এলপিজি সংযোগ আছে৷ কিন্তু এতিয়াও দেশৰ ৩৭% পৰিয়াল ৰন্ধনৰ বাবে গোবৰ আৰু খৰিৰ ওপৰত নিৰ্ভৰশীল৷ আমাৰ দেশে বছৰি প্ৰায় ৬০% এলপিজি আৰু ৫০% প্ৰাকৃতিক গেছ এলএনজি
(LNG) হিচাপে আমদানি কৰে আৰু ইয়াৰে ৯০%-ই পশ্চিম
এছিয়া দেশৰ পৰা হৰমুজ প্ৰণালীৰ যোগেদি সৰবৰাহ কৰা হয় আৰু এই সমুদায় আমদানিৰ খৰচ প্ৰায়
২৬.৮ বিলিয়ন ডলাৰ৷ কিন্তু বৰ্তমান সময়ত ইজৰাইল-আমেৰিকা যুটিয়ে
ইৰানৰ সৈতে চলাই ৰখা যুদ্ধৰ বাবে হৰমুজ প্ৰণালীৰ মাজেদি জাহাজ অহা-যোৱা কৰাত বাধা আহি পৰে আৰু সেয়ে দেশত এলপিজিৰ ভয়ঙ্কৰ নাটনিয়ে দেখা দিছে যাৰ
বাবে বহু হোটেল-ৰেষ্টোৰেণ্ট বন্ধ হোৱাৰ উপক্ৰম হৈছে৷ যদিও চৰকাৰে এই দিশত পৰ্য্যাপ্ত ইন্ধন মজুত আছে বুলি
জনসাধাৰণক আশ্বাস দিব বিচাৰিছে, চৰকাৰৰ কিছুমান
কথাই ৰাইজক আশ্বস্ত কৰিব পৰা নাই৷ ইতিমধ্যে বাণিজ্যিক চিলিণ্ডাৰৰ দাম ১৯৫.৫০ টকাকৈ আৰু ঘৰুৱা চিলিণ্ডাৰৰ
দাম ৬০টকাকৈ বৃদ্ধি কৰিলেই৷ ইয়াৰ উপৰিও ঘৰুৱা চিলিণ্ডাৰৰ সাধাৰণতে থকা ১৪ কিলো গেছৰ ঠাইত ১০
কিলোগ্ৰাম কৰাৰ কথা চিন্তা কৰিছে৷ তাৰোপৰি এবাৰ গেছ চিলিণ্ডাৰ বুক কৰাৰ পাছত ৩০ দিন বা তাৰ অধিক দিনৰ
পাছতহে দ্বিতীয়টো চিলিণ্ডাৰৰ বাবে বুক কৰিব পাৰিব৷ এই কথাবোৰেই জনসাধাৰণক এতিয়াও আশ্বস্ত কৰিব পৰা
নাই৷ পশ্চিম এছিয়া যুদ্ধৰ
বাবে উদ্ভৱ হোৱা এলপিজি গেছৰ সমস্যাৰ ক্ষেত্ৰত দেশৰ আইঅচিএল (IOCL), বিপিচিএল (BPCL),এইচপিচিএল(HPCL)আদি তৈল সংস্থাসমূহে ৰাছিয়া, আমেৰিকা, আৰ্জেণ্টিনা, কানাডা, নৰৱে আদি
দেশৰ পৰা ২০২৬ চনত প্ৰায় ২.২মিলিয়ন টন এলপিজি আমদানি কৰাৰ বাবে
ইতিমধ্যে চুক্তিৱদ্ধ হৈছে যদিও এইবোৰ দেশৰ পৰা আমদানি কৰোতে হৰমুজ প্ৰণালীৰে আৰব দেশসমূহৰ
পৰা সৰবৰাহ কৰাৰ তুলনাত হ’ব পৰা পৰিবহন ব্যয় আৰু সময়ে এলপিজি
চিলিণ্ডাৰৰ দামৰ ওপৰত নিশ্চিতভাৱে প্ৰভাৱ পেলাব৷ উল্লেখনীয় যে ৫০ৰ দশকতে দেশৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক
গৱেষণা পৰিষদৰ(CSIR) প্ৰাক্তন সঞ্চালক প্ৰধান প্ৰয়াত ড° হুছেইন জাহিৰে শক্তিৰ ক্ষেত্ৰত বহুলাংশে আত্মনিৰ্ভৰ হ’বৰ বাবে দেশত উপলব্ধ বিটুমিনাচ, লিগনাইট আদি কয়লাৰ গেছীকৰণ
কৰি ঘৰে ঘৰে পাইপেৰে গেছ যোগান ধৰাৰ উপৰিও বিভিন্ন উদ্যোগত ব্যৱহাৰ কৰিবলৈ ৰাষ্ট্ৰীয়
গেছ গ্ৰীড(National Gas Grid) নিৰ্মাণৰ বাবে সেই সময়ৰ
প্ৰধানমন্ত্ৰী প্ৰয়াত জৱাহৰলাল নেহৰুলৈ এক প্ৰস্তাৱ আগবঢ়াইছিল আৰু এই প্ৰযুক্তিৰে
গেছ উৎপাদনৰ এক পাইলট প্ৰদৰ্শনো(Pilot deminstration) হায়দৰাবাদস্থিত সেই সময়ৰ আঞ্চলিক
গৱেষণাগাৰ আৰু বৰ্তমানৰ ছিএছআইআৰ-আইআইছিটিত (CSIR-IICT)কৰা হৈছিল৷ কিন্তু বিভিন্ন আমোলাতান্ত্ৰিক মেৰপেছত পৰি সেই অতি গুৰুত্বপূৰ্ণ প্ৰযুক্তি
সময়ত কাৰ্য্যকৰী হৈ নুঠিল৷ সেয়া হৈ উঠাহেতেঁন হয়তো ৬০ আৰু ৭০ দশকত দেশে সন্মুখীন হোৱা সমস্যাৰ
পৰা বহু পৰিমাণে হাত সাৰিব পাৰিলেহেঁতেন আৰু সেই প্ৰযুক্তিৰ গৱেষণাৰ দ্বাৰা উন্নয়নৰ
বাবে আৰ্থিক অনুদান আগবঢ়োৱাহেতেঁনো আজি আমাৰ দেশত হয়তো বৰ্তমান উদ্ভৱ হোৱা সমস্যাও
কিছু পৰিমাণে মোকাবিলা কৰাত সহায়ক হ’লহেতেঁন৷ অৱশ্যে শেহতীয়াকৈ ২০২১ চনত ভাৰত চৰকাৰৰ দ্বাৰা
এক ৰাষ্ট্ৰীয় কয়লা গেছীকৰণ অভিযান প্ৰায় ৮৫০০০ কোটি টকাৰে আৰম্ভ কৰা হৈছে যাৰ যোগেদি
২০৩০ চনৰ ভিতৰত ১০০ মিলিয়ন টন কয়লা গেছীকৰণৰ লক্ষ্য লোৱা হৈছে৷ এই অভিযান সফল হ’লে দেশে
বহুলাংশে প্ৰাকৃতিক গেছকে ধৰি অন্যান্য বহু আৱশ্যকীয় ৰাসায়নিক দ্ৰব্য আমদানি নকৰাকৈ
চলিব৷
বৰ্তমান এলপিজি-ৰ ক্ষেত্ৰত যি সমস্যা, পিএনজিৰ (PNG-Piped
Natural Gas) ক্ষেত্ৰতো প্ৰায় একেই সমস্যা৷ দেশত পিএনজি-ৰ বৰ্তমান
১.৬ কোটি ঘৰুৱা সংযোগ, ৪৮,১৫৭ টা বাণিজ্যিক সংযোগ আৰু ২১,৩৭৩টা ঔদ্যোগিক সংযোগ
দিয়া হৈছে৷ পিএনজি নিয়ন্ত্ৰক পৰিষদে
(PNG Regulatory Board)পিএনজি বিতৰণকাৰী কোম্পানিসমূহক ২০৩২ চনৰ
ভিতৰত দেশৰ বিভিন্ন এলেকাত ইয়াৰ সংযোগ
১২.৬ কোটিলৈ বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে৷ এইখিনিতে উল্লেখযোগ্য যে দেশে সন্মুখীন হোৱা ৰন্ধন
গেছৰ এই সমস্যাৰ সময়তে পুণেত অৱস্থিত ছিএছআইআৰ-ৰাষ্ট্ৰীয়
ৰাসায়নিক গৱেষণাগাৰৰ (CSIR-NCL) বিশ বছৰৰ এক নিৰলস প্ৰচেষ্টাৰ
যোগেদি এলপিজিৰ বিকল্প হিচাপে কয়লা বা জৈৱভৰক (Biomass)উচ্চ উষ্ণতা
(৮০০°ছে:), চাপ আৰু অবায়বিক পৰিৱেশত তাপ-ৰাসায়নিক
বিক্ৰিয়াৰে প্ৰথমে গেছীভৱন কৰি ইয়াৰ পৰা মিথানল আৰু পাছত এই মিথানলক তাম আৰু দস্তা
ধাতুৰ এক সংমিশ্ৰণ অনুঘটকৰ উপস্থিতিত জল-নিষ্কাষণৰ (Dehydration)
দ্বাৰা ডাইমিথাইল ইথাৰ (Dimethyl ether) বা ডিএমই(DME)
নামৰ এলপিজিৰ এক বিকল্প ইন্ধন প্ৰস্তুতৰ প্ৰযুক্তি উদ্ভাৱন কৰি প্ৰতিদিনে
ইয়াৰ ২৫০ কিঃগ্ৰাঃ উৎপাদনৰ ইতিমধ্যে পাইলট প্ৰদৰ্শন(Pilot demonstration) কৰা হৈছে আৰু ইয়াৰ প্ৰতিদিনৰ উৎপাদন ২৫০টনলৈ নিয়াৰ লক্ষ্য লোৱা হৈছে৷ এই ডিএমইক ১০০% এলপিজিৰ বিকল্প বা এলপিজিৰ সৈতে ২০% মিশ্ৰণ(Blending)
কৰিও ব্যৱহাৰ কৰিব পৰা যায়৷ অৱশ্যে এলপিজিৰ তুলনাত ডিএমইৰ কেলৰি মান(Calorific
value) সামান্য কম আৰু সেয়ে অলপ বেছি খৰচ হয় যদিও ইয়াৰ মূল্য এলপিজিৰ
তুলনাত যথেষ্ট কম আৰু ই পৰিৱেশ বন্ধু৷ সাম্প্ৰতিক সময়ত আন এক বিকল্প হৈছে জৈৱ গেছ৷ জৈৱ গেছ হ’ল আমাৰ
সকলোৰে ঘৰ বা হোটেল/ৰেষ্টোৰেণ্টবিলাকৰ পাকঘৰৰ পৰা সৃষ্টি হোৱা
জৈৱ পেলনীয়া দ্ৰব্য যেনে শাক-পাচলি, ফল-মূলৰ বাকলি বা আন পেলনীয়া খাদ্য দ্ৰব্য, কৃষিজাত পেলনীয়া
দ্ৰব্য, গোবৰ আদিক মিথানজেনিক বেক্টেৰিয়াৰ
(Methanogenic bacteria) সহায়ত অবায়বীয় আৰু অক্সিজেনৰ অনুপস্থিতিত কিন্নন
(Fermentation) প্ৰক্ৰিয়াৰে পোৱা গেছ য’ত মূলতঃ মিথেন গেছ ৫০-৭৫%, কাৰ্বন
ডাইঅক্সাইড ২৫-৫০% আৰু অতি সামান্য পৰিমাণৰ
হাইড্ৰ’জেন, নাইট্ৰ’জেন আৰু হাইড্ৰ’জেন চালফাইদ থাকে৷ আমি যদি এই ইন্ধন বিলাকৰ কেলৰি মানলৈ (Calorific value) লক্ষ্য কৰোঁ, তেন্তে দেখা যায় জৈৱ গেছ(২০-২৫ মেগাজুল/
কিলো), ডিএমই (২৮.৮ মেগাজুল/কিলো) আৰু পিএনজি(৪২-৪৫ মেগাজুল/কিলো)ৰ তুলনাত এলপিজিৰ
কেলৰি মানেই(৪৬-৫১মেগাজুল/কিলো) সকলোতকৈ বেছি৷ কিন্তু দেশ যিহেতু এলপিজি বা পিএনজিৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীল
নহয়, সেয়ে সেই দৃষ্টিকোণৰ পৰা ডিএমই বা জৈৱ গেছেই
বহু পৰিমাণে তৃতীয় বিকল্প হ’ব পাৰে৷ চাবলৈ গ’লে ১.৪৫ বিলিয়ন জনসংখ্যাৰ এখন দেশত প্ৰতিদিনে একলাখ টনৰ ওপৰত জৈৱ পেলনীয়া দ্ৰব্য
সৃষ্টি হয়৷ কিন্তু কিছুমান সমস্যা যেনে অন্যান্য পেলনীয়া দ্ৰব্যৰ সৈতে মিশ্ৰিত হৈ অহা জৈৱ
পেলনীয়া দ্ৰব্যৰ পৃথকীকৰণ, সুসংহত আৰু নিৰ্দ্দিষ্টভাৱে
আৰু সময় সাপেক্ষে পাব পৰাত অনিশ্চয়তা, উৎপাদিত মিথেন গেছক বিশুদ্ধিকৰণ
আৰু তাৰ বাবে হোৱা ওপৰঞ্চি খৰচ আদি নানান কাৰণৰ বাবে কোনো নিৰ্দ্দিষ্ট স্থানৰ পৰা কেন্দ্ৰীয়ভাৱে
জৈৱ গেছ উৎপাদন কৰি পাইপ যোগে পিএনজিৰ দৰে যোগান ধৰাত অসুবিধা বুলি সাধাৰণতে কোৱা হয়৷ কিন্তু বৰ্তমান সময়ত আমদানিকৃত এলপিজি বা পিএনজিৰ
ক্ষেত্ৰত যি অনিশ্চয়তাই দেখা দিছে তালৈ লক্ষ্য ৰাখি ইমান এখন জনবহুল দেশত কঠোৰ নীতি
বলবৎ কৰি জৈৱ গেছৰ ওপৰত প্ৰাধান্য দিয়াটো অতীব প্ৰয়োজন হৈ পৰিছে৷ প্ৰসঙ্গক্ৰমে উল্লেখযোগ্য যে বাঙ্গালোৰ চহৰৰ ‘অদম্য চেতনা অন্নপূৰ্ণা ৰন্ধনশাল’ নামৰ এখন
ৰেষ্টোৰেণ্টত ২০১১ চনৰ পৰাই কোনো এলপিজি সংযোগ নোলোৱাকৈ তেওঁলোকৰ ৰন্ধনশালত সৃষ্টি
হোৱা প্ৰায় ৩০০ কিলোগ্ৰাম জৈৱ পেলনীয়া দ্ৰব্যৰ পৰা উৎপাদিত জৈৱগেছৰে প্ৰতিদিনে ৭২০০০
দুপৰীয়াৰ আহাৰ কোনো অসুবিধা নোহোৱাকৈ প্ৰস্তুত কৰি আহিছে৷ ইয়েই প্ৰমাণ কৰে যে নিষ্ঠা আৰু সততাৰে কৰিলে সকলো
কথাই সম্ভৱ হৈ পৰে৷ এইখিনিতে উল্লেখযোগ্য যে এই চাৰিওবিধ ইন্ধন দহনৰ ফলত বায়ুমণ্ডললৈ কাৰ্বন নিৰ্গমন
ঘটে৷ হিচাপ কৰি দেখা গৈছে যে
প্ৰতি কিলোগ্ৰাম এলপিজি দহনৰ পৰা ২.৯৮-৩কিলোগ্ৰাম,
প্ৰতি কিলোগ্ৰাম পিএনজি দহনৰ পৰা ২.৭ কিলোগ্ৰাম,
প্ৰতি কিলোগ্ৰাম ডিএমই দহনৰ ফলত ১.৯১ কিলোগ্ৰাম
আৰু মিথেন গেছৰ পৰিমাণৰ ওপৰত নিৰ্ভৰ কৰি প্ৰতি কিলোগ্ৰাম জৈৱ গেছ দহনৰ পৰা ১.১-১.৫কিলোগ্ৰাম কাৰ্বন ডাইক্সাইড
বায়ুমণ্ডললৈ নিৰ্গমন ঘটে৷ ইয়াৰ ভিতৰত জৈৱভৰৰ পৰা উৎপাদিত ডিএমই আৰু জৈৱগেছৰ পৰা নিৰ্গমন হোৱা কাৰ্বন ডাইঅক্সাইড
জীৱজনিত (Biogenic) বাবে কাৰ্বন প্ৰশম(Carbon
neutral) বুলি ধৰা হয় আৰু সেয়ে এলপিজি বা পিএনজিৰ দৰে জীৱাশ্মভিত্তিক
ইন্ধনৰ তুলনাত ডিএমই আৰু জৈৱ গেছ দহনে গোলকীয় উষ্ণতা বৃদ্ধিত বিশেষ প্ৰভাৱ নেপেলায়
যদিও এলপিজি আৰু পিএনজি ব্যৱহাৰে গোলকীয় উষ্ণতা বৃদ্ধিত অৰিহণা যোগায়৷ ডিএমই আৰু জৈৱ গেছৰ সেয়ে ই এক
আন দুবিধ ইন্ধনৰ বিপৰীতে ধনাত্মক দিশ৷
সকলো দিশ পৰ্য্যালোচনা কৰি দেখা যায় যে সাম্প্ৰতিক কালত ৰন্ধনৰ
বাবে ইন্ধনৰ পৰিৱৰ্তে একমাত্ৰ নিৰ্ভৰযোগ্য বিকল্প হ’ল বিদ্যুৎচালিত ইণ্ডাক্সন ষ্টভ (Induction Stove)৷ ইণ্ডাক্সন ষ্টভৰ ডাঙৰ এক সুবিধা হ’ল, এটা চাৰিজনীয়া পৰিয়ালত ইয়াৰ দ্বাৰা ৰন্ধনত
হোৱা খৰচ ৰাজসাহাৰ্য্য নোপোৱাকৈ লোৱা এল পি জি ব্যৱহাৰ কৰি হোৱা খৰচতকৈ ৩৭%
আৰু পিএনজি ব্যৱহাৰ কৰি হোৱা খৰচতকৈ ১৪% কম খৰচ
হয়৷ আনহাতে ইণ্ডাক্সন ষ্টভৰ
পৰা শক্তি ৮৫% ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা পাত্ৰলৈ
প্ৰেৰিত হয় যিটো এলপিজি বা আন ইন্ধন ব্যৱহাৰৰ ক্ষেত্ৰত কেৱল ৪০%-হে প্ৰেৰিত হয়৷ অৰ্থাৎ এলপিজি বা অন্যান্য ইন্ধনৰ দহনত বহু পৰিমাণৰ তাপ অপচয় হয়৷ এইখিনিতে উল্লেখযোগ্য যে ইণ্ডাক্সন ষ্টভ ব্যৱহাৰ
কৰাৰ ক্ষেত্ৰত কেতবোৰ অসুবিধা নথকা নহয়৷ প্ৰথম কথা এই ষ্টভত ৰন্ধনৰ বাবে উপযোগী বাচনহে ব্যৱহাৰ কৰিব পৰা
যায়৷ তাৰোপৰি
যিহেতু ই এক বিদ্যুৎ শক্তিৰে চালিত ৰন্ধন ব্যৱস্থা, সেয়ে ঘৰত
বা হোটেল/ৰেষ্টোৰেণ্ট আদিত প্ৰয়োজন হ’ব
লগা সম্ভাব্য বিদ্যুৎ শক্তিৰ পৰিমাণ অনুসাৰে সংযোগ লোৱাৰ আৱশ্যক হৈ পৰে৷ অৰ্থাৎ এই ব্যৱস্থাত আৰম্ভণিতেই এক আন্তঃগাঁথনিত
কিছু খৰচ জড়িত হৈ থাকে৷ তাৰোপৰি বৰ্তমান সময়লৈকে বজাৰত এটা চুলাযুক্ত ইণ্ডাক্সন ষ্টভহে উপলব্ধ, যাৰ
বাবে একোটা পৰিয়াল বা হোটেল/ৰেষ্টোৰেণ্ট বিলাকৰ ক্ষেত্ৰত ই
এক ডাঙৰ অসুবিধা৷ দেশৰ টেৰি(TERI, The Energy Resource Institute))নামৰ
প্ৰতিষ্ঠানে বহুচুলাযুক্ত ইণ্ডাক্সন ষ্টভ গৱেষণা আৰু উন্নয়নৰ যোগেদি নিৰ্মাণ কৰি বজাৰত
উলিয়াই দিয়াত গুৰুত্ব আৰোপ কৰি আহিছে৷ কিন্তু এইখিনিতে এটা কথা অতিশয় চিন্তনীয়৷ যেতিয়া ১০০ মিলিয়ন নগৰীয়া পাকঘৰ বা হোটেল/ৰেষ্টোৰেণ্টত একেসময়তে এই ইণ্ডাক্সন ষ্টভবোৰ জ্বলি উঠিব সেইসময়ত
ই পাৱাৰ গ্ৰীডত কেনে প্ৰভাৱ পেলাব সেইটো ভাৱিবলগীয়া বিষয়৷ কিয়নো দিনটোত বিদ্যুতৰ চাহিদা বেলেগ বেলেগ সময়ত
সলনি হৈ থাকে৷ সাধাৰণতে আবেলি ৩ বজাৰ পৰা ৰাতি ৯-৯.৩০ বজালৈ এই সময়খিনিক বিজুলী শক্তিৰ চাহিদাৰ চৰম সময়(Peak hours)বুলি কোৱা হয়৷ যেতিয়া এই সময়খিনিত সকলো স্থানতে বিজুলী বাতি, ফেন, এচি, টিভি আদিবোৰ চলিবলৈ ধৰে
সেই সময়ত বিজুলীৰ চৰম চাহিদা (Peak demand) সমগ্ৰ দেশতে প্ৰায়
২৪২.৫ গিগাৱাট (Gigawatt) হৈ পৰে৷ আন্তৰ্জাতিক শক্তি সংস্থা
(International Energy Agency)ৰ তথ্য অনুসৰি প্ৰতি এক ডিগ্ৰী উষ্ণতা
বৃদ্ধিৰ লগে লগে এই চৰম চাহিদা ৭ গিগাৱাটকৈ বৃদ্ধি পায়৷ তেনেক্ষেত্ৰত ল’ড চেডিঙৰ(Load
shedding) দৰে ব্যৱস্থাবোৰ ল’ব লগাত পৰে আৰু ইয়েই
হৈছে এই ব্যৱস্থাৰ প্ৰধান অন্তৰায়৷ কিন্ত বৰ্তমান ইণ্ডাক্সন কুকাৰসমূহত অপেন অট’মেটিক ডিমাণ্ড ৰেস্পঞ্জ বা অপেন এ ডি আৰ(Open Automatic
Demand Response-OpenADR) নামৰ এক অত্যাধুনিক থাৰ্মষ্টেট (Thermostat)
প্ৰযুক্তিৰ সংযোজনৰ ফলত এই ব্যৱস্থাই বিদ্যুৎ শোষণ কৰোতে গ্ৰীডত চৰম
চাহিদাৰ সময়ত স্বয়ংক্ৰিয়ভাৱে অধিক হেঁচা নেপেলোৱাকৈ নিয়ন্ত্ৰণ ৰক্ষা কৰিব পাৰে৷ দেশৰ টাটা প্ৰতিষ্ঠানে এই নতুন প্ৰযুক্তি প্ৰায় ১৬৭টা
বাণিজ্যিক আৰু ঔদ্যোগিক প্ৰতিষ্ঠানত ইতিমধ্যেই সংযোজন কৰাই বিদ্যুৎ উপভোগত ১৪% কম কৰোৱাবলৈ সক্ষম হৈছে৷ এইয়া হ’ল ইণ্ডাক্সন ষ্ট’ভৰ
ক্ষেত্ৰত ওপৰত উল্লেখ কৰা সমস্যাবিলাকৰ আধা সমাধান৷ ইয়াৰ লগতে প্ৰতি ঘৰ পৰিয়াল আৰু বাণিজ্যিক প্ৰতিষ্ঠানে
নিজ নিজ ঘৰৰ চালত সৌৰ ফলক(Solar panel) সংযোগ আৰু বেটাৰী ব্যৱস্থাৰে
উৎপাদিত বিজুলী শক্তি উৎপাদন আৰু সংৰক্ষণ কৰি নিজৰ স্থানত আত্মনিৰ্ভৰতাৰে বিদ্যুতৰ
চৰম চাহিদাৰ সময়ত ব্যৱহাৰ কৰাৰ উপৰিও অতিৰিক্ত বিজুলী শক্তি গ্ৰীডত যোগান ধৰি লাভান্বিত
হ’ব পাৰে৷ চৰকাৰৰ দ্বাৰা ইতিমধ্যে প্ৰধানমন্ত্ৰী সূৰ্য্য ঘৰ যোজনা আঁচনিৰ
দ্বাৰা সৌৰ ফলকৰ সংযোজনৰে দেশৰ ঘৰৰ চালৰ সৌৰ শক্তিৰ ক্ষমতা ২০৩০ চনৰ ভিতৰত ২৪ গিগাৱাটৰ
পৰা ৪১ গিগাৱাটলৈ নিয়াৰ লক্ষ্য লোৱা হৈছে যাৰ সহায়ত ১০ মিলিয়ন পৰিয়ালক ৩০০ ইউনিট বিজুলী
বিনামূলীয়াকৈ দিব পৰা যাব৷ সকলো দিশ সামৰি দেশত ৰাষ্ট্ৰীয় ৰন্ধন আঁচনিৰ যোগেদি ইতিমধ্যে ২ মিলিয়ন ইণ্ডাক্সন
ষ্ট’ভ নিৰ্মাণৰ ব্যৱস্থাও লোৱা হৈছে৷ এটা কথা স্বীকাৰ কৰিব লাগিব যে এটা প্ৰচলিত ব্যৱস্থাৰ পৰা আন
এটা ব্যৱস্থালৈ আৱশ্যকতাৰ ওপৰত ভিত্তি কৰি সাৰ্বজনীনভাৱে গ্ৰহণ কৰি ল’বলৈ কিছু সময়ৰ প্ৰয়োজন হয়৷ কিন্তু এদিন নহয় এদিন আমি এই ব্যৱস্থালৈ আহিবই লাগিব৷ নগৰীয়া অঞ্চলত সেয়ে বিদ্যুৎ বিকল্পক ৰন্ধনৰ বাবে
আদৰি লৈ দেশত উপলব্ধ এলপিজি বা আন ইন্ধনসমূহ গ্ৰাম্যাঞ্চলত বিশেষকৈ য’ত বিদ্যুৎ যোগানৰ নিৰৱছিন্নতাত নিশ্চয়তা নাথাকে, তেনে
অঞ্চলৰ বাবে সংৰক্ষিত ৰখা প্ৰয়োজন৷ আন্তৰ্জাতিক বহনক্ষম উন্নয়ন প্ৰতিষ্ঠান (International
Institute of Sustainable Development) আৰু শক্তি অৰ্থনীতি আৰু বিত্তীয় বৈশ্লেষণিক প্ৰতিষ্ঠানেও(Institute
of Energy Economics and Financial Analysis, IEEFA) এই বিষয়টোত পৃষ্ঠপোষকতা
কৰে৷ ইংলেণ্ড, আমেৰিকা আদি দেশৰ বিভিন্ন চহৰত নতুন সকলো ঘৰত ৰন্ধনকে ধৰি সকলোতে
বিদ্যুৎ ব্যৱস্থাৰে কৰাতো বাধ্যতামূলক কৰি তুলিছে৷ আত্মনিৰ্ভৰ ভাৰতৰ স্বাৰ্থত সেয়ে এই দিশত অধিক
গুৰুত্ব দিয়া এই কাৰণেই প্ৰয়োজন যে ইন্ধন আমদানিৰ বাবেই দেশৰ বহু কোটি ধন তেল উৎপাদনকাৰী
দেশবোৰলৈ গতি কৰি আছে৷
***
ড° অমৃত গোস্বামী
অৱসৰপ্ৰাপ্ত মুখ্যবিজ্ঞানী-নেইষ্ট, যোৰহাট(NEIST, Jorhat)
জয়ানগৰ, গুৱাহাটী-২২
৯৪৩৫০৫২০৯৩
