অন্যযুগ/


সমুদ্ৰ কাজল শইকীয়াৰ সুৰ-কথা-সংগীত আৰু চিত্ৰনাট্য ব্যৱস্থাপনাৰে “ধুমুহা জামৰি...” ―এটি আলোচনা

 জীৱন কিশোৰ


শতফুল থিয়েটাৰ (ৰীয়েলিটী এণ্ড বিয়ণ্ড : এ ছাৰ্চ)-ৰ বেনাৰত কৃত চলচিত্ৰগীতিৰ অৰিজিনেল ছাউণ্ড ট্ৰেকৰ নিৰ্মাণকাল ২০০৩ - ২০০৪ চন৷ ইউ টিউব আপল’ড ৫ বছৰ পূৰ্বৰ (২০২০)৷

গীতটি প্ৰথমবাৰ যেতিয়া শুনিলো শুনোতেই কিবা চিনাকি চিনাকি লাগিল৷ মানে আগতেও ক’ৰবাত শুনা যেন ভাব এটা হ’ল৷ আন শ্ৰোতাৰ তেনে হয় নে নহয় ক’ব নোৱাৰো, কিন্তু মোৰ শ্ৰবণত প্ৰধান অসুবিধাটোৱেই হৈছে এনেদৰে মিলাই চাবলৈ যোৱাটো৷ তেনেকৈ বহু গীতৰ চৰিত্ৰচিত্ৰণ মনৰ ভিতৰতে মই কৰি থৈছোঁ৷ ই হয়তো আধৰুৱা সংগীতশিক্ষা আৰু গায়ক হ’ব নোৱৰাৰ ক্ষোভৰপৰাই উৎপত্তি হোৱা এক শ্ৰোতাৰ দ্বিধাগ্ৰস্ততা৷ পাছলৈ নিজৰ সীমাবদ্ধতা বুজি পাই সেই ক্ষোভ-অভিমানবোৰ নোহোৱা হ’ল ঠিকেই, কিন্তু ই এটা এৰাব নোৱৰা দৃষ্টিভংগী আমাক দি থৈ গ’ল৷ তাৰেই বীজ কঢ়িয়াই তেৰেকেটে সাৰেগামাখিনিকে সাৰোগত কৰি মনৰ খুদুৱনি মাৰিবলৈ দুই-এটা কথা কওঁ মাজে সময়ে৷

আলোচ্য গীত, গীতৰ কথা, সংগীত উপস্থাপনা আটাইখিনি হৃদয়ংগম কৰি কিবা এটা প্ৰকাশ কৰিবলৈ যাওঁতে আমাৰ বহু সময়ৰ প্ৰয়োজন হ’ল, সেয়ে আমি দুঃখিত৷

গীতটিলৈ আহো৷ ইয়াৰ স্থায়ীৰ কথাখিনি “ধুমুহা জামৰি হাউলি পৰিছে বাঁহ/ কঁপি কঁপি নামে সন্ধিয়াৰ সেমেকা বা”-ৰ মাজত কিবা বিষ্ণু ৰাভাৰ সুৰ এটা বিচাৰি পোৱা যেন লাগিল৷ কেনেবাকৈ “উটি যা ৰূপালী নাও”-ৰ ওচৰেদি পাৰ হৈ যোৱা সৰু সোণালী ডিঙৰা এটি নহয়তো ই? নহয়চোন তাত নাই, তাত বিচৰা ঠিক নহ’ব৷ অসুবিধা পালোঁ৷

ক’ৰবাত “পাৰ্বতী প্ৰসাদ আৰু ভূপেন হাজৰিকা” যুগ্ম সমলয়ৰ “লুইতৰ চাপৰিত ক’ৰে নাৱৰীয়া/ বালিত ভাতে ৰান্ধি খায়” শাৰীটিৰ তলসুঁতীয়া অনুৰণন এটা থকা থকা লাগিও ই কেনেবাকৈ ফালৰি কাটি ধীৰ পানীৰ সোঁতত আগলৈ গৈচোন হেৰায়ে থাকিল৷

... জ্যোতিপ্ৰসাদৰ “লুইতৰে পানী যাবি অ বৈ ...সন্ধিয়া লুইতৰ পানী সোণোৱালী”-খিনি হ’ব পাৰে নে কি কেনেবাকৈ? নাই নহয়, সোণোৱালী হ’ব খুজিও ইয়াৰ ৰংটো ক’ৰবাত নিমিলিল আৰু সুৰটোৱে লাহেকৈ নিজৰ উপপথ এটি নিজেই মোকোলাই ল’লে এটি একক একান্ত ঠিকনালৈ বুলি৷

ভূপেন হাজৰিকাৰ কণ্ঠত জী উঠা উপৰোক্ত গীতৰ “পছিমৰ দিশৰে পচোৱা আহিছে” অংশটো ইয়াত “বাঁহ পাতেওচোন কিয় যে হাত পাতে” বুলি হাত পাতি থাকিও হাতত একোৱেই পোৱা নহ’ল, সেইখিনিও ৰাগীৰ চেৰেকীটোৰ পৰা ঘূৰি ঘূৰি সূতা কাটি লৈ ধুনীয়া গৰ্ভবতী মহুৰা এটি হ’ল৷

ক’ত বাৰু হেৰাই গ’ল সেই সুৰটো? অ মনত পৰিছে, “মনত পৰে কি নপৰে মনত” শাৰীটোৰ শেষৰ শব্দটো যে ‘মনত’ যাৰ আগৰ শাৰীৰে কোনো অন্ত্যমিল নাই অথচ ই সুৰৰ সুখদ অন্তৰংগতাত কোনো জোৰ নকৰাকৈয়ে যে খাপ খাই পৰিছে, তাতহে অন্তৰ্ধান হৈছিল৷ ইয়াৰ অন্ত্যমিল যেনেদৰে নাই, উক্ত সোঁৱৰণীৰ চূড়ান্ত প্ৰত্যয়ো সেইদৰে শিথিল হৈ পৰিছে৷ এতিয়াৰ অনুভূতিয়ে আগৰ কথাবোৰ একেই আকাৰে বা উচিত মাত্ৰাত চুই চাব পৰা নাই৷ গতিকে চিলমিল টোপনিত দেখাৰ দৰে এই স্মৃতি গাঢ়তৰ নহৈ এক আভাসৰ আস্তৰণহে দৃষ্টিত জাপি দিছে৷‌

ই নিশ্চিতভাৱেই কোনো দুৰ্বলতা নহয়৷ বৰঞ্চ এক নতুন সৃষ্টিশীলতাৰ বোলনহে৷ গীতত কথা আৰু প্ৰকাশৰ এনে সামঞ্জস্যই এক বিশেষ কথন-ৰীতি গঠনত সহায় কৰিছে, যিটো আন অসমীয়া গীতত সঘনাই বিচাৰি পোৱা নাযায়৷ কাৰণ ছন্দপ্ৰীতিত মজি বহু আধুনিক গীতিকাৰ-গায়কে ক’বলগীয়াখিনিও ক’ব নোৱৰা হয় আৰু কেতিয়াবা আন কথাহে ক’বলৈ আৰম্ভ কৰে৷

ইয়াত শব্দয়ো আকৌ সৃষ্টি কৰিছে এটা আকৰ্ষণীয় খেলিমেলি (confusion)-ৰ৷ এখন মকৰাসূতাৰে আলফুলে সাজি উলিওৱা ভাসমান জালহে যেন ই গাঁথিছে৷ মনত পৰিছেনে পৰা নাই তাতো যে সন্দেহৰ অৱকাশ ৰৈ গৈছে সেয়াই হ’ল স্মৃতি-বিস্মৃতিৰ মাজৰ জ্বলা-নজ্বলা চাকিৰ শলিতাডাল আৰু বতাহত অলপ নুমুৱা ধোঁৱাৰ গোন্ধ৷ ই প্ৰায় কবি নীলমণি ফুকনৰ “অলপ আগতে আমি কি কথা পাতি আছিলো” কথাখিনিৰ সমপৰ্যায়ৰ৷ এটা পাহৰণিৰ খেলিমেলি, যি পোনচাটেই বিস্মৃতি হৈ পৰা নাই, তাৰ স্থিতি আছে, তাৰ পুনৰুত্থাপনৰ প্ৰয়োজন বৰ্তমানত আছে অথচ চিন্তাত সেয়া‌ ধৰা দিয়া নাই, মগজুত বাৰে বাৰে দিয়া চাপৰ পাছতো৷

সেই মিলা-নিমিলাখিনি গীতিকাৰৰ ঐচ্ছিক চেষ্টা গতিকে ইয়াক দুৰ্বলতা বুলি ক’ব বিচৰা নাই তাৰ পৰিৱৰ্তে ই গীতটিক নতুনত্ব প্ৰদান কৰিছে বুলিহে ক’ব লাগিব৷ তাৰ লগতে ইয়াক নতুন প্ৰসংগৰ দাবীদাৰ কৰিও তুলিছে৷

গীতটিৰ কাম চলচিত্ৰৰূপেৰে সৈতে সম্পন্ন হোৱাৰে পৰা সামাজিক মাধ্যমত উপলব্ধ হোৱালৈ বহু বছৰ লাগিছে৷ তাৰ মাজতে বা সামজিক মাধ্যমত অহাৰ পাছত কিবা আলোচনা হ’লেও আমাৰ চকুত পৰা নাই, আমাৰ দৃষ্টিৰ পৰা‌ বিষয়টো কেনেবাকৈ সৰকিও যাব পাৰে৷ সি যি নহওক, গীতটিৰ বিশ্লেষণ হোৱাটো প্ৰয়োজন বুলি ভাবো৷

(বিশেষ দ্ৰষ্টব্য: পাঠটোত গীত শব্দটোৰে গোটেই কথা, সংগীত, কণ্ঠ, বাদন, চলচিত্ৰৰূপ, আদিকো বহুক্ষেত্ৰত সামৰি লোৱা হৈছে, পাঠকে নিজৰ বিবেচনাৰে প্ৰসংগ সংযোগ নিজেই কৰি ল’ব পাৰিব৷)

এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল যে প্ৰস্তুতি কালকে ধৰি একুৰি দুই-তিনি বছৰ পাছতো ইয়াৰ সতেজতা, সমকালীন ভাব সমন্বয়, আকৰ্ষণীয়তা আৰু মাধুৰ্য সম্পূৰ্ণ অটুট হৈ আছে৷ ইয়াৰ নিৰ্মাণৰ প্ৰাথমিক স্তৰৰ ধাৰণা (basic concept)-টোতে সেই সূত্ৰটো সোমাই আছে৷ সময়ে ইয়াক পুৰণি কৰিব নোৱৰাকৈয়ে আচলতে ইয়াৰ ভেটিটো গঢ় দিবলগীয়া আছিল৷

প্ৰথমতে উল্লেখ কৰাৰ দৰে পূৰ্বৰ অসমীয়া ধ্ৰুপদী সংগীতশিল্পীৰ ভালেমান ইংগিতেৰে, সম্মান সহকাৰে পুৰণি প্ৰাচীৰ এখন ভঙাৰ এনে দুঃসাহসিক আয়োজন দেখিলে এতিয়াৰ বহুতো শিল্পীয়ে “আহা আমাকো ভাঙা, আমাকো ভাঙা” কৰিলেহেঁতেন যদিহে নতুনত্ব বোলা পদাৰ্থবিধৰ কিবা গূঢ়াৰ্থ বিচাৰিব লাগে বুলি তেওঁলোকে জানিলেহেঁতেন৷

অসমীয়া গীতৰ চলি অহা ধ্ৰুপদী ধাৰাটোৰ উত্তৰণৰ ই এক বাট মোকোলাইছে৷ পূৰ্বসুৰীৰ ঠাঁচটো পিছত এৰি থৈ যোৱাৰ দৰে কথা ইয়াত নাই, বৰঞ্চ তাক আগ বঢ়োৱাৰে ই এক পৰিকল্পনা, আন্তৰিক প্ৰচেষ্টা৷ ইয়াৰ ৰূপটোহে কেৱল অন্য৷ অন্য বুলিলেই নহ’ব, ই হৈছে ব্যতিক্ৰমী আৰু নতুন সুৰীয়া৷

মুখ্যতঃ শেষৰ শব্দত ছন্দ পৰিহাৰ কৰি মুক্ততা সন্ধানৰ প্ৰৱণতা অথবা অৰ্থ সংগত শব্দক যথাস্থিতি ৰাখি থোৱাত গীতিকাৰে স্বেচ্ছায় কৰা আগ্ৰহৰ বাবেই ইয়াত ‘আন’ বৈশিষ্ট্য আহি ধৰা পৰিছে৷ কিছুমান শব্দ যুগল বা শব্দ সমষ্টিয়ে তাত নিজৰ নিজৰ অৰিহণা যোগাইছে৷ যেনে ধাৰা হাওক “ধুমুহা জামৰি”, “অকাল বৃষ্টি”, “তামোল ঢকুৱা জোনাকী পৰুৱা”, “উঁইচিৰিঙা ৰিঙা ৰিঙা”, “ঝুম ঝুম ঝুম চাৰা ৰাৰা”, “নিজৰি নিজৰি জৰে” ইত্যাদি৷ এই সকলো শব্দ সমষ্টি অসমীয়া গীতত এক নতুন প্ৰয়োগ৷

তাৰ লগে লগে সেইবোৰে সৃষ্টি কৰা বিশেষ চিত্ৰকল্পবোৰেও ইয়াক সতেজ আৰু অনন্য কৰি তুলিছে৷ যেনেকৈ “অকাল বৃষ্টি”-টো সাধাৰণতে ব্যৱহাৰ নহয়, কিন্তু “অকাল মৃত্যু” বুলি কথাটো আমাৰ কাণত বাজি থাকে৷‌ সিয়ে তাৎক্ষণিকভাৱে সেই বাটেৰেই আমাক লৈ যায়৷ অৰ্থাৎ ই এক অকাল বিয়োগৰ সংকেত দিয়ে৷

“ধুমুহা জামৰি”-এ ধুমুহাৰ পাছৰ পৰ্বৰ বিধ্বস্ত পৰিৱেশৰ কথা কৈছে৷ ধুমুহাৰ শেষত বাঁহ হাউলি পৰিছে৷ তাৰ অৰ্থ ইয়ে যে এক ভয়াৱহ সন্ধিক্ষণৰ মাজেদি কিবা এক ঘটনাপ্ৰৱাহ পাৰ হৈ‌ গ’ল৷

“উঁইচিৰিঙা ৰিঙা ৰিঙা”-এ নিজম সন্ধ্যাত সংগীহীন মনৰ একাকিত্বৰ ছবি এখন দাঙি ধৰিছে৷ যি পদূলিৰ উৰুঙা অৱস্থাটোক আৰু বেছি মৰ্মস্পৰ্শী ৰূপত আঁকি দেখুৱালে৷

“ঝুম ঝুম ঝুম চাৰা ৰাৰা” হামিংখিনিয়ে অতীত সোঁৱৰণীত শৈশৱ-কৈশোৰৰ খেল-ধেমালিৰ ভাবনাক উচ্চত তুলিছে৷ এতিয়াৰ জটিল পৰিস্থিতিৰ লগত আগৰ সেই আনন্দময় পৰিৱেশৰ এক তুলনা ইয়াৰে তাৎকালিকভাৱে শ্ৰোতা-দৰ্শকৰ চেতনাত হ’ব পাৰে৷

“নিজৰি নিজৰি জৰে” কথাখিনিয়ে শোকবিহবল বুকু এখনি ৰেপি ওলোৱা উচুপনিৰ ধাৰণাক অধিক সোচ্চাৰ কৰিছে৷ সচৰাচৰ চকুপানী টোকা চিত্ৰকল্পৰ বিপৰীতে ই হৈ পৰিছে নয়ন নিগৰি ওলোৱা বেদনাশ্ৰু৷

তৰোপৰি স্তৱক বা গানৰ অন্তৰা আকস্মিকভাৱে শেষ হৈ যোৱাৰ পৰিৱৰ্তে সন্তুলিত লয়ৰ মাধ্যমৰে ক্ৰমাগত আগুৱাই গৈছে৷ যাক “গৈ থকা-গৈ থকা” ...গৈ থাকি ভাল লগা মৃদু দুঃখবোধক এৰিব নিবিচৰা কোনো এক অৱস্থাৰেও বুজি চোৱা হ’ব পাৰে, য’ত সুখতকৈ দুখ উদযাপনৰ উৎসুকতা অকণ বেছি আৰু য’ত গতানুগতিক সুস্থ শৰীৰৰ বিপৰীতে আঘাত ধাৰণ কৰি ভাল লগা এক মনস্তাত্ত্বিক ভাবনা সংলগ্ন হৈ থাকে৷

এনে হোৱাৰ বাস্তৱসম্মত কাৰণো নিশ্চয় আছে৷ সেয়া হ’ল সেই ভাবনাই যে অতীতৰ এডোখৰত আমাক জীৱনৰ প্ৰমূল্যবোধ শিকাইছিল আৰু আমাৰ অভিজ্ঞতাৰ এক ভিত্তি স্থাপন কৰিছিল, সেইটো৷ সেই আধাৰ অবিহনে আমি আজি একোৱে নহওঁ, নিঃস্ব৷ যাক এৰি চলাটোৱেহে হ’ব পাৰে আজিৰ ভাষাত এক যান্ত্ৰিকতা৷

এইদৰে জীৱনত আমি যেনেকৈ পুৰণিৰ আভাস বুটলিবলৈ কিছুপৰ থৰ হৈ পৰিবলগীয়া হয় তেনেকৈয়ে স্থানীয় সংগীত জগততপৰা পুৰণি আৱেশ কঢ়িয়াবলৈ এবাৰ চকু মুদি গহীনকৈ চকু ফুৰাবলগীয়া হয়৷ কিন্তু তেনে কৰিবলৈ যাওঁতে এটা কথা নিশ্চয় আহি পৰে যে নতুন ৰূপত তাক উদ্ভাৱন বা নিষ্কাষণ নকৰালৈকে তাৰ প্ৰকৃত উত্তৰণ হ’ব নোৱাৰে৷ তেনে ক্ষেত্ৰত প্ৰৱাহটো স্তিমিত হৈ ৰয়৷

গীতত উল্লেখ থকা “চিলনীৰ জী” উপমাটো লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুমূলীয় লেখা “চিলনীৰ জীয়েকৰ সাধু”-ৰ পৰা লোৱা বুলি ধৰিব পাৰি৷ তাত অসমীয়া পুৰুষতান্ত্ৰিক সমাজ এখনত নাৰীৰ বিপৰ্যয় আৰু সমস্ত জীৱনটোক প্ৰভাৱিত কৰা দুখ-দুৰ্দশাৰ বিষয়ে কাহিনী এটাৰ আলমত তুলি ধৰা হৈছে৷ ইয়াতো ঘৰৰ পিৰালিত বহি সন্ধিয়া এটাত নাৰী এগৰাকীৰ মনৰে তেনে উচপিচনি আৰু উদ্বিগ্নতাৰ বিষয়ে আওৰোৱা হৈছে৷ ই সেয়ে নাৰীৰ জীৱনৰ দুৰ্গতিৰ ইংগিত বহন কৰা বুলি ক’ব পৰা যায়৷

আনহাতে নিমিলা অংক এটাও আছে৷ কেশৱ মহন্তৰ গীতৰ কথাত পুলক বেনাৰ্জীয়ে গোৱা আৰু ৰমেন বৰুৱাই সংগীতেৰে সজোৱা “পাৰ হৈ গ’ল ধুমুহা এজাক/ ভাঙি থৈ মোৰ পঁজা”-ৰ অৰ্থগত আদি অনুৰণন শুনা শুনা লাগে৷

শ্ৰোতা-দৰ্শকৰ ৰসাস্বাদনৰ গঢ়-গতি যুগে যুগে সলনি হৈ থাকে, সেই প্ৰয়োজন পূৰণ কৰিবলৈ সংগীত নিৰ্মাতাসকল ইচ্ছুক হ’ব লাগে৷ সেই যোগান পৰিপূৰ্ণ হ’লেহে ই সংস্কৃতিৰ গছজোপা লেৰেলি যোৱাৰপৰা বচাই ৰাখিব পাৰে৷ তাৰ বাবে সংগীতকে ধৰি সমকালীন শিল্প-কলা-সাহিত্য-নাট্য-নৃত্য সকলো স্তৰতে প্ৰতিনিয়ত পৰীক্ষা-নিৰীক্ষা চলি থাকিব লাগে৷ বিশ্বৰ‌ অন্যান্য ঠাঁচৰ সংগীত-শিল্পকলাৰে পৰিচয় হোৱাৰ তাগিদা থাকিব লাগে আৰু বিষয়বস্তুৰ প্ৰতি একাত্মতাৰ পৰিবৰ্ধন ঘটাব লাগে৷‌ অথচ থলুৱা‌ সূত্ৰটো চিঙি আগলৈ যোৱাটোত ভাষা-সাহিত্য-শিল্প-সংগীতৰ বিশেষ কোনো উত্তৰণ নঘটে৷ এই দিশটোত নিৰ্মাতাসকল সতৰ্ক হ’বই লাগে৷‌ এইখিনি গুণাবলী নিশ্চয় “ধুমুহা জামৰি”-এ ধৰি ৰখাত সমুদ্ৰ কাজল শইকীয়া সফল হৈছে৷

শইকীয়াৰ গীতটিত আগতে কৈ অহাৰ দৰে কৈশোৰকাললৈ উভতি চোৱাৰ এক সূত্ৰও আমি বিচাৰি পাইছোঁ৷ “ঝুম ঝুম ঝুম চাৰা ৰাৰা ৰাৰা” আৰু তাৰ বাৰংবাৰ হামিঙত প্ৰাণ পোৱা অনুভূতিয়ে সেই ধাৰণাক প্ৰামাণিক কৰে৷ মনোজগতত সেই ওভতনিৰ বিৰামহীন সংঘৰ্ষ ধাৰাপাতৰ বিবৰণীৰ দৰে সমুখত আহি দেখা দিছে৷ প্ৰথমাৱস্থাত যদিও ই গীতটিক লেহুকা কৰা যেনেই লাগিব, ভালদৰে লক্ষ্য কৰিলে কিন্তু এয়া অতীতক বৰ্তমানৰে সংলগ্ন কৰাৰ উপায় আকাৰে ব্যৱহাৰ কৰা যে হৈছে তাক ধৰিব পৰা যায়৷

এই গীত কাহানিবাই এৰি অহা আৰু মাজত প্ৰচুৰ সময়ান্তৰাল সোমাই পৰা অসমীয়া গীতৰ এৰাসুঁতি ধাৰা এটাৰ পুনৰুদ্ধাৰ কৰ্ম বুলি ভবাৰ থল আছে৷ অসমৰ প্ৰকৃতিবৰ্ণন আৰু গ্ৰাম্যৰসৰ নতুন মাত্ৰা আধুনিক দৃষ্টিভংগীৰে সংযোজনৰ হেতুকেই ইয়াক‌ তেনেকৈ কোৱা হ’ব পাৰে৷

অত্যুৎসাহিতাৰে কওঁ, কোনো সংগীত বিশেষজ্ঞই ইয়াৰ স্পন্দন আৰু সুৰত বৰগীত আৰু লোকগীতৰ কিবা স্পৰ্শ বিচাৰি পালেও আচৰিত হ’ব লগা একো নাথাকিব৷

নাৰীৰ ব্যথিত হৃদয়ৰ মনোদশা সংবহন কৰা, যি বহু লোকগীতৰো সমল আৰু সমুখত সংঘটিত প্ৰাকৃতিক দৃশ্যৰাজিৰ লগত তাৰ সংগতিয়ে গীতটিক জাগতিক আৰু বিমূৰ্ত দুয়োটা চেতনাক একেলগে ধৰি ৰখাত সহায় কৰিছে৷ এডলীয়া বাঁহৰ কঁপনি উঠা এখন সাঁকোৰেহে যেন এই সংযোগসূত্ৰ স্থাপন কৰা হৈছে৷

গীতৰ সুৰ, কথা, কণ্ঠ আৰু সংগীতৰ এক সুষম মিহলিয়ে ইয়াক অৰ্থবহ কৰি তোলাই নহয়, ভাবনাত্মক স্তৰতো শ্ৰোতা-দৰ্শকক সেয়ে আলোৰিত কৰিব পাৰিছে৷ গায়িকা (সংগীতা বৰা)-ৰ কণ্ঠত লোকগীতধৰ্মী স্বৰ (folk tone) আৰু পাশ্চাত্য সংগীতৰ অপৰিহাৰ্য বাদ্যযন্ত্ৰ গীটাৰৰ মৃদু আৱহ সুৰধ্বনিয়ে গঢ়ি তোলা গোটেই সংমিশ্ৰণ (fusion)-টো দুঃখবোধ (tragedy)-ৰ প্ৰকাশক যেনেকৈ সংগদান কৰিছে তেনেকৈ পৰিৱেশ গঠনতো সহযোগী হৈছে৷ গীটাৰিষ্ট শিশিৰ থাপাৰ আঙুলিৰ পৰশত ই অধিক মসৃণ হৈ উঠিছে৷ তাত চিনেমাট’গ্ৰাফীয়ে বাকীখিনি সংবেদন সম্প্ৰসাৰণত সহায়ক হৈ উঠিছে৷ ৰেকৰ্ডিঙত থকা অৰ্ণৱ ঘোষালৰ লগতে সম্পাদনাৰ কামখিনিও ইয়াৰ অগ্ৰগতি প্ৰদানত যথেষ্ট সহায় কৰিছে৷ সমগ্ৰ গীতিচিত্ৰনাট্যত সাধাৰণত্ব (simplicity)-কে উচ্চস্থান দিয়া হৈছে৷সেইখিনিয়ে হৈ পৰিছে ইয়াৰ প্ৰধান বিশেষত্ব৷

লীড্ গীটাৰৰ প্ৰাৰম্ভিক সুৰ (tune)-খিনি গীতৰ আৱেশভৰা আভ্যন্তৰলৈ সোমাই যোৱাৰ পথ প্ৰশস্ত কৰিছে৷ এই সুৰতৰংগ গীতৰ মৌলিক উপাদান আকাৰেও উল্লেখনীয় হৈ দেখা দিছে৷

আগলৈ যাওঁ৷ গীতটিৰ এটা পৰ্যায়ত ধুমুহাৰ অন্তত এক নিস্তব্ধ পৰিৱেশ আহি পৰাৰ ইংগিত দিয়া হৈছে৷ হাউলি পৰা বাঁহ বুকু থানবান কৰি যোৱা এটা ঘটনা (ধুমুহা)-ৰ সাক্ষী হৈ পৰিছে৷ সেই পৰিস্থিতি সমবেদনা যঁচাৰ, সহানুভূতি প্ৰদৰ্শনৰ৷ কিন্তু সি মনৰ উথল-পুথল (turbulent) চেতনাক শান্ত-সমাহিত কৰিব পৰা নাই৷ আগলৈ গৈ ই পূৰ্বৰ পৰিঘটন এটাৰে পৰৱৰ্তী প্ৰভাৱ (after effect) কঢ়িয়াই অনাতহে সহায়‌ক হৈছে৷ তাত কাণিমুনি সন্ধিয়া এটিৰ হাবিয়নি দাঁতিৰ উঁইচিৰিঙাৰ চীঁ-চিয়নি তোলা শব্দ তেতিয়ালৈ মাৰ যোৱা নাই৷ সেই তীক্ষ্ণ ধাৰাল শব্দগুচ্ছ (beam of sounds)-এ শৰীৰত বিন্ধি যোৱাদি এক শিহৰণৰ আতিশয্য চলায়ে আছে৷

“উঁইচিৰিঙা ৰিঙা ৰিঙা লাগেচোন অ’ “ অন্তৰাটো বুকুত পৰা আঁচোৰৰ পীড়াদায়ক অনুভৱখিনিত শিখৰলৈ নি উপনীত কৰাইছে৷ এইখিনিত গায়কীৰ উচ্চ স্বৰগ্ৰাম (musical scale)-ত সেই উপলব্ধিখিনি ধৰা পৰিছে যিখিনি উইঁইচিৰিঙাৰ পৰা ধাৰ কৰি অনা “...ৰিঙা ৰিঙা ৰিঙা” পুনৰাবৃত্তিৰে অতি প্ৰত্যয়জনকভাৱে স্থাপিত (establish) হৈছে৷ আকৌ তেনে এক বিমৰ্ষ পৰিৱেশত “এখিলা দুখিলা‌ সৰে বাঁহৰে পাত” বোলা কথাই এক স্মৃতি বিভ্ৰমৰে পুনৰুল্লেখ কৰিছে, যি মূৰ্তমান হৈছে বাঁহপাত ধীৰে ধীৰে সৰি পৰা ঢৌ-খেলা অৱনমনত৷ কৰুণ ৰসক এইদৰে ই উচ্চ মাত্ৰা এটা দিব পাৰিছে৷

“তামোলৰ ঢকুৱা জোনাকী পৰুৱা জ্বলে/ অকাল বৃষ্টি হৈয়ে নামি আহা তুমি” শাৰীটো আনফালে এক অতীত ৰোমন্থন অথচ বাস্তৱ স্মৃতিত যি সজীৱ তেনে ভাবৰ বাহক হিচাপে কাম কৰিছে৷ তেনেকৈয়ে ই আজি যাদুকৰী বাস্তৱ (magic realism)-ৰ আচৰণ কৰিছে৷

এই শাৰীটোৰেও সেই একেই ট্ৰেজেদীৰ কথাকে দোঁহাৰা হৈছে৷ এক বিচ্ছেদ যি হ’ব পাৰে শাৰীৰিক অথবা প্ৰতাৰণামূলক তাৰেই খেদ-আক্ষেপ ইয়াত বিজড়িত হৈছে৷

ইয়াত এটা কাহিনী নিশ্চয় সোমাই আছে৷ নৈৰ পাৰত শেষ নোহোৱা প্ৰতীক্ষা, ঘাট এটাৰ আদ্যান্ত উপস্থিতি আদিয়ে তেনে সংকেত আমাক দিছে৷ যিয়ে ইয়াক কাল্পনিক মালিতা (ballad)-ৰ গুণ এখিনি অৰ্পণ কৰিছে৷

আনহাতে “অকাল বৃষ্টি” যেনেকৈ এক আঘাত সি সৰি পৰা বাঁহপাতৰ ফাঁকে ফাঁকে ঘাঁহ গজালি মেলাৰো সম্ভাৱনা৷

লগতে চাৰিটা ভিন্ন ৰাগীত গোৱা “অকাল বৃষ্টি হৈয়ে নামি আহা তুমি” শাৰীটোৱে এক অপঘটনাৰ পৰৱৰ্তী ক্ৰমত আহিব পৰা ভিন্ন দশা আৰু সেইবোৰৰ ভিন্ন স্বাদ-অনুভূতিৰ কথাকে প্ৰতীয়মান কৰে৷

একমাত্ৰ বাদ্য আকাৰে ব্যৱহৃত গীটাৰৰ তাঁৰত গজি উঠা মৃদু স্পন্দনৰ লগে লগে বতাহ বোৱাৰ শব্দাভাস গীতটিত সংযোজিত হৈছে আৰু নিস্তব্ধতা যথাযথভাৱে প্ৰায়োগিক হৈছে৷ স্কৰপিয়নচ্ (Scorpions) বেণ্ডৰ গীটাৰৰ বাদন এইখিনিতে মনলৈ আহে৷ অথচ সুৰৰ দুটামান ভাঁজত অসমীয়া গুণাগুণ সোমাই নপৰাকৈ থকা নাই৷

সংগীতকাৰেই ইয়াত গীতিকাৰ-সুৰকাৰ আৰু নেপথ্যৰ চিত্ৰকৰো, তাৰ সুফলো স্পষ্টভাৱে ধৰা পৰিছে৷ তেওঁৰ ঐচ্ছিক চেষ্টাই ইয়াত ক্ৰিয়া হৈ থিয় হৈছে৷‌ গীতটিত ঠাই বিশেষে নীৱৰতাৰ ধাৰণাক নিজস্ব স্থান উলিয়াই দিয়াত ইয়ে সহায় কৰিছে৷ যন্ত্ৰসংগীত চলি আছে তাত নায়িকাহে নিৰ্বাক-নীৰৱ হৈ ৰৈছে৷

পোনপ্ৰথমে দৰ্শক-শ্ৰোতাই আৰম্ভণিৰ বাবেও কিছু ৰ’ব লগা হৈছে৷ এই বিলম্বিত আৰম্ভণি (delayed start)-এ আওপকীয়াকৈ শ্ৰোতা-দৰ্শকক কিছু প্ৰস্তুতিৰ সময় যোগান ধৰিছে আৰু মনোযোগ আকৰ্ষণত সহায়ক হৈ উঠিছে৷ যিটো পুৰণি আঞ্চলিক বোলছবিসমূহৰ এসময়ত এক পৰম্পৰা (trand) স্বৰূপ হৈ উঠিছিল৷ তাত আছিল বিষয়গত নীৰৱতা কিন্তু যান্ত্ৰিক ফুৰফুৰিয়া শব্দ বহন কৰি থকা অসংশোধিত(unfiltered) অডিঅ’৷ অনিচ্ছাকৃত আৱাজৰ যেন এচাৰেকণি৷‌ হ’লেও তাত বিশেষ জগত এখনলৈ সোমাই যোৱাৰ চেনতাগত এক অৱকাশ আছিল৷‌ আজিৰ অত্যাধুনিক বুলি আস্ফালনত মূৰ ফলা সংগীতত তেনে সমাহিত ভাবনাৰ স্থান নাই৷

ইয়াত পিছে তেনে এক সুৰুঙাৰেই অতি সন্তৰ্পনে গীতটিৰ ভিতৰচ’ৰালৈ শ্ৰোতা-দৰ্শকক আদৰি নিয়া হৈছে৷ এয়া নিৰ্মাতাৰ বিশেষ কৌশল আৰু তাতেই তেওঁৰ কৃতিত্ব৷

এই গীতে বিশেষকৈ কৃত্ৰিমতাৰ বিৰুদ্ধাচৰণ কৰিছে আৰু এক প্ৰত্যাহ্বান জনাইছে ইদানীন্তন সংগীতশিল্পী আৰু নিৰ্মাতাসকলৰ প্ৰতিও যে ইয়াৰ মাটি-পানী-বতাহকে আদি কৰি পৰ্যাপ্ত কেঁচা সামগ্ৰীৰেও উন্নতমানৰ সংগীত সম্পাদনা আৰু নিৰ্মাণ যে সম্ভৱ৷

এতিয়া ভিডিঅ’ সম্পৰ্কে দুটামান কথা যোগ দিব খুজিছোঁ৷ ভিডিঅ’টোত পানীৰ উল্লেখ বিভিন্ন ধৰণে কৰা দেখা গৈছে৷ নেপথ্যত হস্তনিৰ্মিত জলছবিৰ পট অংকন হিচাবে, দৃশ্যপটত নদীৰ উপস্থিতিক কেন্দ্ৰ কৰি, পানীত চিয়াহী মিহলিৰ দৃশ্যগ্ৰহণ, নিজৰি নিজৰি জৰা চকুপানী আৰু অকাল বৰষুণ সৃষ্টিৰ বিশেষাধিকাৰ স্বৰূপে৷ পানী-বতাহ-বৰষুণ-নৈ অসমৰে এৰাব নোৱৰা উপাদান৷ তাকে সামৰি‌ এই সংগীত ব্যৱস্থাপনা৷

ইয়াত বিয়পি থকা ভিন ভিন পানীৰঙৰ ওপৰত গীতৰ কথা লিখি তাৰ কাব্যিক বৰ্ণনাৰ সুযোগ লোৱা হৈছে অতি নিপুণতাৰে৷ আনহাতে নীলা চিয়াঁহী পানীত বৰ মন্থৰ গতিত মিহলি হোৱা দেখা গৈছে৷ সিয়ে গীতটিৰ সুষম ভাবৰ সংবহনত সক্ৰিয় ভূমিকা পালন কৰিছে৷ তাৰোপৰি দৃশ্যৰ মাজত পানীত মিহলোৱা চিয়াঁহী লাহে লাহে বিয়পি ঘনৰ পৰা ক্ৰমান্বয়ে পাতল হৈ পৰিছে৷ আকৌ যেনেকৈ নিৰ্দিষ্ট ৰং এটা ধাৰণ কৰি পানীৰ কায়িক ৰূপান্তৰ ঘটিছে তেনেকৈয়ে সুৰ আৰু ভাবনাও সন্তৰ্পনে আমাৰ চেতনাগত হৈ পৰিছে৷

গীতটিৰ শেষাংশত “অকাল বৃষ্টি হৈয়ে নামি আহা তুমি” কথাখিনিৰ চাৰিটা ভিন্ন ৰাগীত গোৱা অন্তৰাটোৰ বেলিকা সেই পানীত বিয়পা চিয়াঁহী নীলাৰ পৰা গৈ ৰঙালৈ ৰূপান্তৰিত হৈছে৷ সিয়ে প্ৰগাঢ় দুঃখবোধক আগুৱাই নি গীতটিক সামৰণিৰ ফালে টানি লৈ গৈছে৷ এনে প্ৰয়োগধৰ্মিতাৰেও ই বিশেষ হৈ উঠিছে৷

আকৌ চলমান ছবিত কিশোৰী এজনীৰ মনৰ তাড়না আৰু অন্তৰ্দ্বন্দ্বক বুজাবলৈ বিভিন্ন শৰীৰী ভংগী আৰু অভিনয় (various physical movement and acts)-ৰ আলম লোৱা হৈছে৷ এটি বিশেষ দৃশ্যাংশত দেখা গৈছে, কিশোৰীজনী নৈৰ এটা ঘাটত, য’ত বহুত নাও ৰাখি থোৱা হৈছে, তাৰ মাজৰে এটা সৰু বাটেৰে নৈৰপৰা উভতি দৌৰিছে৷ ই আত্মহননৰ বিপৰীত প্ৰক্ৰিয়া এটাক উজাগৰ কৰিছে এক প্ৰতীকী অৰ্থৰে৷ আহি আহি তাই এটা প্ৰকাণ্ড শিলৰ সমতল ভাগত যন্ত্ৰণাক্লিষ্ট আওভাওৰে চিত হৈ শুই পৰিছে৷‌ আকাশখন বুকু পাতি ল’বলৈ তাই যেন চেষ্টা কৰিছে আৰু অনাগত সংঘাতময় জীৱনত সাহসেৰে অৱতীৰ্ণ হ’বলৈ যেন ইয়াৰে পণ লৈছে৷‌

অসমীয়া সংগীত জগতত এক নৱ্য ধ্ৰুপদী ধাৰা এই গীতটিৰ জৰিয়তে আগুৱাই নিয়াৰ কথা ভাবিব পৰা যায় নিশ্চয়৷ এনে ধাৰাৰ আৰু কিছু সংখ্যক গীত (চলচিত্ৰসমন্বিত হওক বা নহওক) নিৰ্মাণ হোৱাটো জৰুৰী বুলি আমি ভাবো৷‌

-----

গীতৰ কথা ভাগ:


ধুমুহা জামৰি হাউলি পৰিছে বাঁহ

কঁপি কঁপি নামে সন্ধিয়াৰ সেমেকা বা

উৰুঙা গধূলি ঘৰৰ পিৰালিতে বহোঁ

মন কেনেবা কেনেবা কেনেবা কৰিছে চা


ধুমুহা জামৰি.....

কঁপি কঁপি নামে.....


[ঝুম ঝুম ঝুম চাৰা ৰাৰা ৰাৰা

ঝুম ঝুম ঝুম চাৰা ৰাৰা ৰাৰা

ঝুম ঝুম ঝুম চাৰা ৰাৰা ৰা ৰা]২



উঁইচিৰিঙা ৰিঙা ৰিঙা লাগে চোন অ’

এখিলা দুখিলা সৰে বাঁহৰে পাত

বাঁহপাতেও চোন কিয় যে হাত পাতে

মনত পৰে কি পৰে নপৰে মনত


উৰুঙা গধূলি...

মন কেনেবা কেনেবা...

ধুমুহা জামৰি....

.কঁপি কঁপি নামে.....


[ঝুম ঝুম ঝুম চাৰা ৰাৰা ৰাৰা

ঝুম ঝুম ঝুম চাৰা ৰাৰা ৰাৰা

ঝুম ঝুম ঝুম চাৰা ৰাৰা ৰা ৰা ] ২


ফেঁকুৰি ফেঁকুৰি কান্দে চিলনীৰে জী

নিজৰি নিজৰি জৰে চকুৰে পানী

তামোলৰ ঢকুৱা জোনাকী পৰুৱা জ্বলে

অকাল বৃষ্টি হৈয়ে নামি আহা তুমি


[অকাল বৃষ্টি হৈয়ে নামি আহা তুমি] ৪


উৰুঙা গধূলি...

মন কেনেবা কেনেবা...

ধুমুহা জামৰি.....

কঁপি কঁপি নামে.....


উৰুঙা গধূলি ঘৰৰ পিৰালিতে বহোঁ

হু হুহু হু হুহু হু... হু

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ