অন্যযুগ/


সংগীত সাগৰৰ পাৰত এজন অসমীয়া

 পুলিন কলিতা


(এক)

 

সু্প্ৰাচীন কালৰেপৰা ভাৰতবৰ্ষত সংগীতৰ সমাদৰ আছে৷ ইতিহাসে কয় যে বেদ আদিতে আছিল শ্ৰুতি৷ ইয়াৰ অৰ্থ এইবোৰ আছিল শুনিবলৈ উপযোগী৷ সুৰীয়া কথাবোৰ শুনিবলৈ উপযোগী হোৱাৰ লগতে মনত ৰাখিবলৈও সহজ হয়৷ সেই বাবেই আমি ধৰি ল’ব পাৰো যে বেদৰ শ্লোকবোৰ সুৰীয়াকৈ গোৱাৰ প্ৰথা আছিল৷ প্ৰকৃতি সুৰেৰেই ভৰি আছে :  বতাহ বলিলে সুৰ শুনা যায়, নৈ ব’লে সুৰ শুনা যায়, বৰষুণতো সুৰ শুনা যায়, চৰায়ে সুৰত গীত গায়৷ এইবোৰৰ পৰাই সুৰৰ উপাদান বুটলি শ্লোকত সংযোগ কৰি গাইছিল বেদহোত্ৰীসকলে৷ এই সুৰবোৰৰ সাধনাই লাহে লাহে বিস্তৃতি লাভ কৰিছিল, আহিছিল তাল-মান-লয়-ছন্দৰ ধাৰণা৷ ই এটা জটিল প্ৰপঞ্চ হৈ উঠিছিল৷ সৃষ্টি হৈছিল সংগীতৰ ধাৰণাৰ৷ এই ধাৰণাক ব্যাকৰণৰ সাজ পিন্ধোৱাৰ কামো আৰম্ভ হৈছিল৷ এনেকৈয়ে উদ্ভৱ হৈছিল সংগীত শাস্ত্ৰৰ৷ এনে শাস্ত্ৰবোৰতে সংগীতক সূত্ৰবদ্ধ আৰু তত্ত্বনিৰ্দিষ্ট কৰিবলৈ যত্ন কৰা হৈছিল৷ সৃষ্টি হৈছিল কেতবোৰ প্ৰবাদ-বাক্যৰ— “সাহিত্যসঙ্গীতকলাবিহীনঃ সাক্ষাৎপশু পুচ্ছবিষাণহীন”( ভৰ্ত্তৃহৰি, নীতিশতকম্,সপ্তম শতিকা); “গীতং বাদ্যং তথা নৃত্যং ত্ৰয়ং সঙ্গীতমুচ্যতে”(শাৰ্ঙ্গদেৱ, সঙ্গীত ৰত্নাকৰ, ত্ৰয়োদশ শতিকা); “ন হি বিদ্যা সঙ্গীতাৎ পৰা” ( সময় আৰু স্ৰষ্টা অনিৰ্ণিত)৷ সংগীত সম্পৰ্কে মন মনপৰশা কথা কেইটামান কৈছিল সঙ্গীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাই— “সংগীত কবিতাৰ সাৰাংশ; সেই নিমিত্তে ইয়াৰ দ্বাৰায় হৃদয় যিমান পৰিষ্কাৰকৈ খুলিব পাৰি, অইন একোৰে নোৱাৰি৷ দহ পিঠি শুকান গদ্যতকৈ এচৰণ পদ্য বেছি ভাব প্ৰকাশক, আকৌ দহ পিঠি পদ্যতকৈ এপদ গীত বেছি ভাব প্ৰকাশক”(ৰাগ-ৰাগিণী, অসমীয়া ভজন প্ৰসঙ্গ, সম্পাদনা সূৰ্য্য হাজৰিকা,এছ এইছ শৈক্ষিক ন্যাস, গুৱাহাটী,২০০৫)৷

 

সংগীতৰ উপকাৰ সকলো সময়তে আছে, এতেকে পাৰিলে সকলোৱে সংগীত অভ্যাস কৰিব লাগে৷— এইবুলি ভাবিছিল লক্ষ্মীৰাম বৰুৱাই৷ ভবাই নহয়, হাতে-কামে সংগীতৰ চৰ্চা কৰিছিল বৰুৱাই৷ সংগীতক তেওঁ ভাল পাইছিল হাড়ে-হিমজুৱে৷ যিকালত এইখন অসমত সংগীত-চৰ্চাক হীন কৰ্ম বুলি ভবা হৈছিল, সেই সময়ত এইকামকে জীৱনৰ ব্ৰত কৰি লৈছিল এইজন প্ৰাতঃস্মৰণযোগ্য ব্যক্তিয়ে৷ সেইবাবেই আমি পালো “সঙ্গীত কোষ” আৰু “সঙ্গীত সাধনা”ৰ দৰে উচ্চমানৰ গ্ৰন্থ, যি গ্ৰন্থই কালৰ আঁচোৰ অতিক্ৰমী ধ্ৰুপদী মৰ্যাদা লাভ কৰিছে৷ কোন এই লক্ষ্মীৰাম বৰুৱা আৰু তেওঁৰ গ্ৰন্থ দুখনৰ কাল-গুৰুত্বইবা কি?

 

(দুই)

 

লক্ষ্মীৰাম বৰুৱা “সঙ্গীতাচাৰ্য” উপাধিপ্ৰাপক৷ তেওঁৰ কায়িক অৱস্থানৰ সাক্ষ্য হ’ল অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ৰ চৌহদত থকা এটি ভৱন৷ তেওঁৰ পৰিচয় আৰু তেওঁৰ কামৰ গুৰুত্বৰ আভাস আমি পাব পাৰো একালৰ জনপ্ৰিয় গীতিকাৰ তফজ্জুল আলিৰ কথাত — “লক্ষ্মীৰাম বৰুৱাই (১৮৬৫-১৯১৪) উত্তৰ গুৱাহাটীত জন্ম গ্রহণ কৰিছিল৷ তাৰ পৰাই লক্ষ্মীৰাম বৰুৱাৰ সাংস্কৃতিক যাত্ৰা আৰম্ভ হোৱা বুলি ক’ব পাৰি৷ সেই সময়ত যাত্রী আৰু বয়বস্তু কঢ়িওৱাৰ কাৰণে ব্ৰহ্মপুত্ৰৰ বুকুৱেদি জাহাজ কোম্পানীকেইটামানৰ জাহাজে অসমৰ উজনি আৰু নামনি দুয়োফালৰ পৰাই অহা-যোৱা কৰিছিল৷ লক্ষ্মীৰাম বৰুৱাই এনে এটি জাহাজ কোম্পানীত কার্যালয়-সহায়কৰ চাকৰি কৰিবলৈ লৈছিল, কিন্তু তেওঁ যাযাবৰী জীৱনত অসমৰ নানা ঠাইৰ উপৰি বংগদেশৰ কলিকতাপর্যন্ত প্রায়ে ভ্ৰমণ কৰি ফুৰিছিল আৰু এনে ভ্রমণকালতে সংগীতৰ নানা উপাদান সংগ্রহ কৰিছিল আৰু সেই উপাদানবোৰ কাৰ্যকৰীভাৱে নিজৰ সংগীতত খটুৱাইছিল৷ এনে ভ্রমণকালতে লক্ষ্মীৰাম বৰুৱাৰ সাক্ষাৎ হয় গৌৰীপুৰৰ জমিদাৰৰ লগত৷ এইগৰাকী জমিদাৰ নিজে সংগীতজ্ঞ আছিল আৰু কলা-সংস্কৃতিৰ এগৰাকী উল্লেখযোগ্য পৃষ্ঠপোষক আছিল৷ তেওঁ ভাৰতৰ বহু গুণী-জ্ঞানী সংগীতজ্ঞক তেওঁৰ ঘৰলৈ মাতি আনিছিল, তেওঁলোকৰ সংগীত নিজে শুনিছিল আৰু আনকো শুনাইছিল৷ সেই পৰিৱেশতে জমিদাৰ বৰুৱাৰ চকু লক্ষ্মীৰাম বৰুৱাৰ ওপৰত পৰে আৰু তেওঁকো জমিদাৰ বৰুৱাই আলহী সংগীতজ্ঞসকলৰ পৰা সংগীত শিক্ষাৰ সুযোগ দিয়ে৷ এনেকৈয়ে লক্ষ্মীৰাম বৰুৱাই ভাৰতীয় হিন্দুস্থানী সংগীতৰ শিক্ষা লাভ কৰে আৰু লগতে অসমৰ থলুৱা সংগীতৰো জ্ঞান আহৰণ কৰে৷ এনে পটভূমিৰ ওপৰতে লক্ষ্মীৰাম বৰুৱাৰ সাংগীতিক প্রতিভাৰ গঢ় লৈ উঠিছিল আৰু সেয়েহে তেওঁ অসমীয়া আধুনিক সংগীতক দক্ষতাৰে বাট দেখুৱাই আগবঢ়াই নিব পাৰিছিল৷ লক্ষ্মীৰাম বৰুৱাৰ সাংগীতিক প্রতিভাৰ সম্যক পৰিচয় দাঙি ধৰিছে তেওঁৰ দ্বাৰা ৰচিত ‘সংগীত কোষ’ (১৯০৯) আৰু ‘সংগীত সাধনা’ নামৰ গ্ৰন্থ দুখনে৷ ‘সংগীত কোষ’ৰ পৰা গম পোৱা যায় যে সংগীতাচার্য বৰুৱাই পুথিখনত সত্যনাথ বৰা (প্রথম আধুনিক গীতৰ সংকলন ‘গীতাৱলী’ৰ ৰচয়িতা), বেণুধৰ ৰাজখোৱা, ৰাধানাথ ফুকন, দুৰ্গেশ্বৰ শৰ্মা, ৰঘুনাথ চৌধাৰী, চন্দ্ৰধৰ বৰুৱা, যতীন্দ্ৰনাথ দুৱৰা প্ৰমুখ্যে সেই সময়ত প্রতিষ্ঠিত কবি-সাহিত্যিকসকলৰ গীতসমূহত সুৰ সংযোজনা কৰিছিল৷ এনে সাহিত্য আৰু সংগীতৰ সমন্বয়ে অসমীয়া সংগীতক এটি সুস্থ আৰু দৃঢ় ভেটিত প্রতিষ্ঠা কৰিছিল৷ তদুপৰি প্ৰতিটো গীততে ব্যৱহাৰ কৰা ৰাগ (বা সুৰ) আৰু তালৰ উল্লেখ কৰা সংগীতৰ ফালৰ পৰা গীতবোৰৰ নিটোল ৰূপ আৰু তাৰ লগতে সংগীতকাৰগৰাকীৰ বিজ্ঞতাও সুন্দৰভাৱে ফুটি ওলাইছিল৷ বৰুৱাদেৱে ‘সংগীত কোষ’ত বৰগীতকে ধৰি বহুসংখ্যক পৰম্পৰাগত আৰু জলাকগীতো অন্তর্ভুক্ত কৰিছে৷ সংগীতৰ শিক্ষার্থী আৰু গৱেষকসকলৰ বাবে এইখিনিৰ মূল্যও কম নহয়৷ নানা দিশৰ পৰা ‘সংগীত কোষ’খনক আধুনিক অসমীয়া সংগীতৰ এখনি ‘বিশ্বকোষ’ জাতীয় পুথি বুলিব পাৰি৷” (অসমীয়া আধুনিক গীতৰ গীতিকাৰসকল,অসম সাহিত্য সভা, যোৰহাট, ২০০৫)৷ বৰুৱাৰ বিষয়ে আমি শিক্ষাবিদ, সাংস্কৃতিক কৰ্মী তথা ৰাজনীতিক পৰাগ চলিহাৰ মন্তব্যও মনত পেলাব পাৰো৷ চলিহাৰ মতে লক্ষ্মীৰাম বৰুৱা হ’ল “সঙ্গীত ওজা”৷ তেওঁ ক’লে— “যুগান্তৰ সাধিলে লক্ষ্মীৰাম বৰুৱাই৷ ১৯০৯ চনত ‘সঙ্গীত-কোষ’ ছপা হৈ ওলোৱাৰ লগে লগে প্রকৃত প্রণালীবদ্ধ ৰূপে শাস্ত্রীয় সঙ্গীতৰ স্বৰূপ প্রকাশ হ’ল৷ ‘সঙ্গীতকোষ’ৰ আলোচনা কৰি ১৯০৯ চনৰ ৫ জুলাই ‘অসম বন্তি’ কাকতত সম্পাদকে লিখিছিল, “ইমানলৈকে অসমীয়া ভাষাই উন্নতিৰ গতি ধৰিয়ে আছিল৷ কেৱল সঙ্গীত বিদ্যাত অসমীয়াৰ অধিকাৰ নথকাত এইফালে অসমীয়া সাহিত্যই গা কৰিব নোৱাৰিছিল৷ এনে বিষম সমস্যাত ঈশ্বৰৰ ইচ্ছাত এজন অসমীয়া সঙ্গীত শাস্ত্রজ্ঞ লোক ওলাল৷ কেৱল “সঙ্গীতকোষ” আৰু বছৰেকৰ “সঙ্গীত সাধনা” পুথি প্রকাশ কৰাতে বৰুৱাৰ কৃতিত্ব সীমিত নাছিল৷ তেখেত আছিল একনিষ্ঠ সঙ্গীত সাধক৷ ভাৰতীয় উচ্চাঙ্গ সঙ্গীতৰ উপৰিও পাশ্চাত্য সঙ্গীততো সমান ব্যুৎপত্তি আছিল৷ একেজনেই আকৌ অসমৰ থলুৱা আইনাম, বিয়ানামৰ সুৰও গীতত জুৰি পশ্চিমীয়া ঠাঁচত সেইবোৰৰ স্বৰলিপি লিখিছিল৷ বৰুৱাৰ বেহালা বাদনৰ প্রসিদ্ধি অসমৰ উপৰিও সঙ্গীত সাধনাৰ নবাবী কেন্দ্ৰ ঢাকা চহৰলৈকে বিয়পিছিল৷ সদৌ ভাৰতৰ প্ৰখ্যাত সঙ্গীতজ্ঞসকলৰ সৰ্ব্বভাৰতীয় সঙ্গীত একাডেমীয়ে বৰুৱাক সহযোগী সভ্যৰ মৰ্য্যাদা যাচি বৰুৱাৰ সফল সাধনাৰ স্বীকৃতি দিছিল৷”(অসমীয়া ভজন প্ৰসঙ্গ, পৃষ্ঠা ৭৬-৭৭)৷ আমি এইক্ষত্ৰত প্ৰখ্যাত মাৰ্গসঙ্গীতবিদ বীৰেন্দ্ৰকুমাৰ মন্তব্যও পঢ়ি চাব পাৰো৷ ফুকনে লিখিছিল — “বিগত শতিকাৰ অন্তিম কালছোৱাত অসমত হিন্দুস্থানী ৰাগ সঙ্গীতৰ বাটকটীয়া সঙ্গীতাচার্য লক্ষীৰাম বৰুৱাদেৱে চাকৰি সংক্রান্তত কিছুদিন ধুবুৰীত বাস কৰিছিল৷ সেই সময়তে গৌৰীপুৰ, ৰূপসী আদি ঠাইলৈ সৰ্বভাৰতীয় খ্যাতিসম্পন্ন সঙ্গীতজ্ঞ সকলৰ সান্নিধ্যলৈ আহি সঙ্গীত শিক্ষা আৰু জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ তেওঁ সুযোগ লাভ কৰিছিল৷ কথিত আছে সেনী ঘৰাণাৰ এগৰাকী বিখ্যাত চেতাৰবাদক গৌৰীপুৰৰ জমিদাৰ ৰাজা প্রভাত চন্দ্ৰ বৰুৱাৰ আশ্রয়ত ভালেমান দিন আছিলহি৷ লক্ষীৰাম বৰুৱাদেৱে এই গৰাকী গুণী ওস্তাদৰ পৰা চেতাৰ শিক্ষা লাভ কৰিছিল৷



লক্ষীৰামৰ একনিষ্ঠ সাধনা আৰু অক্লান্ত পৰিশ্ৰমৰ ফলত অসমত হিন্দুস্থানী ৰাগসঙ্গীতৰ এটা পৰিৱেশ গা কৰি উঠে৷ এই মহান সঙ্গীতবিদৰ তত্ত্বাৱধানত পিছৰ যুগৰ কেইগৰাকীও সঙ্গীতজ্ঞই সঙ্গীত শিক্ষা লাভ কৰি হিন্দুস্থানী ৰাগ সঙ্গীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ভালেখিনি অৱদান যোগাবলৈ সক্ষম হয়৷ এইসকলৰ ভিতৰত যোৰহাটৰ কীৰ্তিনাথ বৰদলৈ, গোপাল ভট্টাচার্য, যোগানন্দ দত্ত, গোপাল বৰুৱা, গুৱাহাটীৰ দুর্লভ চন্দ্ৰ চাংকাকতী, ৰত্নেশ্বৰ বৰদলৈ, নাৰায়ণ দাস, মাণিকচন্দ্ৰ দাস, তেজপুৰৰ পৰমানন্দ আগৰৱালা, যজ্ঞেশ্বৰ ফুকন, সূৰ্যলাল তেৱাৰী, বলীন্দ্ৰ কুমাৰ বৰুৱা আদিৰ নাম বিশেষভাৱে উল্লেখ কৰিব পৰা যায়৷ লক্ষীৰাম বৰুৱাদেৱে হিন্দুস্থানী ৰাগসঙ্গীতৰ ঔপপত্তিক দিশটোৰ ওপৰত ‘সঙ্গীত সাধনা’ নামৰ এখমি মূল্যবান গ্রন্থও ৰচনা কৰি থৈ যায়৷ তেখেতৰ “সঙ্গীত কোষ” নামৰ গীতৰ সংকলন অসমীয়া সঙ্গীত জগতৰ আপুৰুগীয়া সম্পদ৷” ( ৰাগ সঙ্গীত, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী,১৯৯৭, পৃ ২৯০)৷

 

সম্ভৱতঃ আমি লক্ষ্মীৰাম বৰুৱাৰ পৰিচয় পাবলৈ সক্ষম হৈছো৷

 

(তিনি)



 বৰুৱাৰ পৰিচয় প্ৰসঙ্গত বাৰম্বাৰ দুখন গ্ৰন্থৰ কথা উঠি আহিছে৷ সেই দুখন হ’ল বৰুৱাৰ “সঙ্গীত কোষ” আৰু “সঙ্গীত সাধনা”৷ প্ৰকৃততে এই দুখন গ্ৰন্থৰ কথা বাদ দি লক্ষ্মীৰাম বৰুৱাৰ কথা পাতিবই নোৱাৰি৷ এই দুখন গ্ৰন্থই এটা শতিকাতকৈ বেছি কাল তেওঁক চৰ্চাত ৰাখিছে, আৰু আমি ক’বলৈ বিচাৰো যে অসমীয়া জাতি আৰু অসমীয়া সংগীত থকালৈকে এই দুখন গ্ৰন্থৰ চৰ্চা অব্যাহত থাকিব৷ এই দুখন গ্ৰন্থৰ গুৰুত্বৰ বিষয়ে সঙ্গীতজ্ঞ বীৰেন্দ্ৰকুমাৰ ফুকনে বৰ কম কথাতে আমাক বুজাই দিছে৷ ফুকনে কৈছে— “লক্ষীৰাম বৰুৱাদেৱে হিন্দুস্থানী ৰাগসঙ্গীতৰ ঔপপত্তিক দিশটোৰ ওপৰত ‘সঙ্গীত সাধনা’ নামৰ এখমি মূল্যবান গ্রন্থও ৰচনা কৰি থৈ যায়৷ তেখেতৰ “সঙ্গীত কোষ” নামৰ গীতৰ সংকলন অসমীয়া সঙ্গীত জগতৰ আপুৰুগীয়া সম্পদ৷” ( ৰাগ সঙ্গীত, লয়াৰ্ছ বুক ষ্টল, গুৱাহাটী,১৯৯৭, পৃ ২৯০)৷ কণ্ঠশিল্পী লোকনাথ গোস্বামীৰ মন্তব্যটোও এই সম্পৰ্কত মনত পেলাব পাৰো৷ গোস্বামীৰ মতে— “অসমীয়া আধুনিক গানৰ প্ৰণালীবদ্ধ চৰ্চাৰ বাটকটীয়া বুলিলে সংগীতাচার্য লক্ষীৰাম বৰুৱাৰ নামেই ল’ব লাগিব৷ তেওঁৰ এশ একুৰি আৰ্থিক, সাংসাৰিক সংকটকো নেওচি ভাৰতীয়, বিশেষকৈ উত্তৰ ভাৰতীয় শাস্ত্রীয় সংগীতৰ সৈতে অসমীয়া থলুৱা সুৰ-সঞ্চাৰৰ সংযোগ ঘটাই অসমীয়া আধুনিক গীতৰ স্বকীয় ধাৰা এটাৰ জন্ম দিয়ে৷ তেওঁ নিজে গীত-মাত লিখি তাত সুৰাৰোপ কৰাৰ লগতে সমসাময়িক অনেক খ্যাত-অখ্যাত লোকৰ পৰা গীত-মাত গোটাই আনি তাত সুৰাৰোপ কৰাত লাগি গৈছিল৷ এনে কষ্টসাধ্য সাধনাৰ ফলশ্রুতি হিচাপেই আমি লক্ষীৰাম বৰুৱাৰ পৰা দুখন অমূল্য গ্রন্থ ‘সংগীত কোষ’ (১৯০৯) আৰু ‘সংগীত সাধনা’ (১৯১০) উপহাৰ পাওঁ৷ ‘সংগীত কোষ’ গ্রন্থখনিত ৪০০ পৃষ্ঠাত তেওঁৰ দ্বাৰা তেতিয়াই বিভিন্ন লেখকৰ পৰা সংগৃহীত মুঠ ৪২২ টা গান সন্নিৱিষ্ট কৰে৷ “ ( অসমীয়া আধুনিক গান— জন্মক্ৰন্দনৰপৰা জাতীয় স্পন্দনলৈ,সাৰস্বত, গুৱাহাটী, ২০১৪, পৃ ২৩-২৪)৷

 

(চাৰি)



১৯০৯ চনত প্ৰথম প্ৰকাশ হৈছিল “সঙ্গীত কোষ”৷ গ্ৰন্থখনৰ পৃষ্ঠা আছিল ৪০০টা আৰু ইয়াত তেওঁ সংকলন কৰিছিল ৪২২টা গীত৷ এই গীতবোৰক তেওঁ বিষয়ানুসাৰে সাতভাগত ভগাইছিল৷ প্ৰতিটো বিষয়কে তেওঁ একোটা অধ্যায় কৰি দেখুৱাইছিল৷ এই সাতটা অধ্যায় আছিল ক্ৰমে— জাতীয় সংগীত, ধর্ম সঙ্গীত, শোক সঙ্গীত, প্রণয় সঙ্গীত, ৰহস্য সংগীত, বিবিধ সঙ্গীত আৰু পুৰণি সঙ্গীত৷ ইয়াৰে পুৰণি সঙ্গীত অধ্যায়টোত সংকলন কৰা হৈছে কেইটামান বিয়াৰ গীত আৰু বৰগীতৰ উপৰি গুণমালা পুথিখন আৰু নামঘোষাৰ দুটামান ঘোষা৷ ইয়াৰ বাহিৰে আটাইবোৰ গীতেই বৰুৱাৰ সমসাময়িক গীতিকাৰসকলে নতুনকৈ লিখা৷ এই গীতবোৰ তেওঁ এই গীতিকাৰসকলৰপৰা লিখাই আনিছিল আৰু তাত সুৰাৰোপ কৰিছিল৷ আজিৰ পটভূমিত এই কামটো সহজ যেন লাগিলেও কুৰি শতিকাৰ আৰম্ভণিৰ দশকটোত এইটো মুঠেও সহজ কাম নাছিল৷ বৰুৱাৰ আগতে গীতৰ পুথি সংকলনৰ দৃষ্টান্ত আমি তিনিটামানহে পাওঁ— সত্যনাথ বৰাৰ গীতাৱলী (১৮৮৮), ভকতৰাম চৌধুৰীৰ ‘প্রণয় গান’ (১৯০৩) আৰু বেণুধৰ ৰাজখোৱাৰ ‘বাঁহী’ (১৯০৬)৷ “সঙ্গীত কোষ” হ’ল অসমীয়া ভাষাৰ প্ৰথমখন গীত-সংকলন৷ এই সংকলন-গ্ৰন্থখনৰ ঐতিহাসিক গুৰুত্বৰ প্ৰমাণ “আসাম বন্তি “ত (১৯০৯) ইয়াৰ সম্পাদক পদ্মনাথ গোহাঞিবৰুৱাই কৰা মন্তব্য :  ‘নাই নাই বুলিও সকলো বিষয়তে অসমীয়াৰ চিনাকি পাবলৈ আছিল, নাছিল মাথোঁ অসমীয়া সংগীতৰ নাম ল’বলৈ৷...এনে বিষম সমস্যাত, ঈশ্বৰ ইচ্ছাই এজন অসমীয়া সংগীতশাস্ত্রজ্ঞ লোক ওলাল, তেওঁৰ যত্নত অসমীয়া সংগীতে নতুন জীৱন লাভ কৰিলে৷”

 

(পাঁচ)

 

সঙ্গীতাচাৰ্য লক্ষ্মীৰাম বৰুৱাৰ সঙ্গীত জীৱনৰ আনটো কৃতী হ’ল দ্বিতীয়খন গ্ৰন্থ “সঙ্গীত সাধনা”৷ এই গ্ৰন্থখন লিখাৰ উদ্দেশ্য বৰুৱাই পাতনিত এইদৰে কৈছে— “আন আন সভ্য দেশৰ তুলনাত আমাৰ দেশত মুঠেই সঙ্গীতৰ চর্চ্চা নাই বুলিব পাৰি৷ দেশত ভাল ওস্তাদ নাই আৰু সঙ্গীত শিকাৰ উপযোগী কোনো কিতাপো নাই৷ গতিকে, মানুহে ইয়াৰ মৰ্ম্মও একো নেপায়৷

সুযোগ্য ওস্তাদৰ উপদেশ লৈ লগে লগে ভাল কিতাপ চাই সঙ্গীত শিক্ষা আৰম্ভ কৰিলে অতি সহজে ভুল নোহোৱাকৈ সঙ্গীত শিকিব পাৰি৷ বিদেশী ভাষাত এই বিষয়ে যদিও বহু কিতাপ আছে, তাৰপৰা আমাৰ বিশেষ উপকাৰ হোৱা নাই৷ দেশৰ সৰ্ব্বসাধাৰণৰ মাজত সঙ্গীতানুৰাগ বঢ়াবলৈ হলে মাতৃ-ভাষাত শিক্ষাৰ উপযোগী কিতাপ ৰচনা হব লাগে৷” এই গ্ৰন্থখনৰো অধ্যায় সাতটা— সঙ্গীতৰ মূল সূত্ৰ, ৰাগ-ৰাগিণী, তাল, অলঙ্কাৰ, স্বৰলিপি, গত আৰু গান৷ ইয়াৰে ষষ্ঠটো অধ্যায়ক দুভাগ কৰি প্ৰথম ভাগটোত গতৰ সূত্ৰ ব্যাখ্যা কৰাৰ পাছত ৩৩টা গতৰ আৰু দ্বিতীয় ভাগত ৩৮টা গীতৰ স্বৰলিপি দিয়া হৈছে৷ এই কামে সঙ্গীতৰ প্ৰতি বৰুৱাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ উমান দিয়ে৷

লক্ষ্মীৰাম বৰুৱাৰ বাবে সংগীত আছিল প্ৰাণতকৈও আপোন৷ ই আছিল তেওঁৰ বাবে জপ, তপ আৰু সাধনা; ই ধেমালিৰ বস্তু নাছিল৷ সংগীত সম্পৰ্কে বৰুৱাৰ দৃষ্টিভংগী জানিবলৈ আমি তেওঁৰেই মন্তব্য এটা মন কৰিব পাৰো৷ এটা নিবন্ধত তেওঁ লিখিছিল— “এটা কথা মনত পৰিল৷ এদিনাখন (আমি তেতিয়া ল’ৰা মানুহ) স্কুলত মাষ্টৰ কোনোবা পিনে বাহিৰলৈ যোৱাত আমি কেইজনমান লগৰ ল’ৰাই টেবিলত চপৰাই গান কৰিব ধৰিছো, ইতিমধ্যে মাষ্টৰ আহি শুনি বড় অসন্তুষ্ট হ’ল৷ চকু ঘূৰাই পকাই ক’ব ধৰিলে ‘তহঁতে নাজান যে সংগীত কি, কেনে পবিত্র, সেইদেখি সংগীতৰে এনেকৈ উপহাস কৰিছ৷ সংগীত হাঁহি ধেমালিৰ কথা নহয়, ঈশ্বৰ উপাসনাৰ নিমিত্তে, অনন্ত প্রেম ঘোষণা কৰিবৰ নিমিত্তে সংগীতৰ সৃষ্টি! কথাটো মনত ৰাখিবি৷ যেতিয়া মোৰ দৰে চুলি পকিব, তেতিয়া এদিন এই কথা বুজিবি৷’ শিক্ষাগুৰুৰ গম্ভীৰ মুখৰ কথা এতিয়া হৃদয়ঙ্গম হৈছে৷”

 


এই মন আৰু আদৰ্শেৰেই সঙ্গীতৰ সাধনা কৰিছিল আৰু সঙ্গীত সম্পৰ্কীয় গ্ৰন্থাদি ৰচনাত হাত দিছিল বৰুৱাই৷ প্ৰকাশিত গ্ৰন্থ দুখনৰ উপৰি তেওঁ লিখি উলিওৱা সঙ্গীত সম্পৰ্কীয় গ্ৰন্থ কেইখন হ’ল—  ‘সংগীত শিক্ষা সোপান’, ‘হার্মনিয়ম শিক্ষা’, ‘বেহেলা-শিক্ষা’, ‘তবলা-শিক্ষা’, ‘চেতাৰ শিক্ষা’ আৰু ‘‘সংগীত সহচৰ’৷ এইবোৰ সংশ্লিষ্ট বিষয়বোৰৰ অসমীয়া ভাষাৰ প্ৰথম পুথি আছিল৷ তেওঁৰ ৰচনাৰ আন এখন গ্ৰন্থ হ’ল “সংগীত-ৰত্নাৱলী’৷ এই গ্ৰন্থবোৰ ছপা নোহোৱাকৈয়ে লুপ্ত হ’ল৷ তেওঁ ‘‘বীণা” নামেৰে সংগীত আৰু সাহিত্য বিষয়ৰ এখন মাহেকীয়া কাকতৰো পৰিকল্পনা কৰিছিল, পিছে সেয়া কল্পনা হৈয়ে থাকি গ’ল৷ তেওঁ ভাৰতীয় আৰু পশ্চিমীয়া সংগীতৰ বিষয়ক কেইবাটাও প্রবন্ধও লিখিছিল৷ গোহাঞি বৰুৱাৰ ‘উষা’ত প্রকাশিত তেওঁৰ সুদীর্ঘ প্রবন্ধ ‘সংগীত’ৰ নাম ইয়াৰ ভিতৰত বিশেষ উল্লেখযোগ্য৷ এই প্রবন্ধটো ৫টা খণ্ডত প্রকাশিত হৈছিল৷ ইয়াৰ উপৰি দুটা খণ্ডৰ ‘অলংকাৰ’, ‘নানাবিধ সাংগীতিক ব্যাখ্যা’, ‘ৰাগ-ৰাগিণী গোৱাৰ সময় আৰু ঠাই’, ‘বাদ্য যন্ত্রাদিৰ কথা’, ‘আলাপ আৰু গানৰ ৰীতি’, ‘মাৰ্গ আৰু দেশী সংগীত’, ‘গায়ক আৰু বাদক’ আদি প্ৰবন্ধাৱলীৰ নামো এইক্ষেত্ৰত উল্লেখযোগ্য৷

 

(ছয়)

 

আমাৰ কিছুমান মানুহৰ আৰু এটা ভুল ধাৰণা আছে যে অসমীয়া ভাষাৰে গান ৰচনা হব নোৱাৰে৷ বঙ্গালীবিলাকৰো সেই দৰে বঙ্গলা ভাষাৰে গান হব নোৱাৰে বুলি এটা ধাৰণা আছিল, আৰু ভাবিছিল যে হিন্দীভাষা নহলে ভাল গান ৰচনা নহয়৷ এনে কি সৰহভাগ বঙ্গালী কালোৱাতী গায়কে সেই ৰাগ সেই তালত বঙ্গলা ভাষাৰ গান গোৱাটো লাজ বুলি ভাবিছিল; কিন্তু কিছুদিনৰ পিচত যেতিয়া ব্রাহ্মসমাজৰ পৰা বঙ্গলা ভাষাৰে সুন্দৰ সুন্দৰ ধ্রুপদ, খেয়াল, টপ্পা আদি কৰি গানবিলাক ৰচনা হৈ ওলাল, তেতিয়াৰে পৰা বঙ্গলা দেশত তাৰ আগ্রহ বাঢ়ি আহিল৷ এতিয়াৰ মজলিচ, যাত্রা থিয়েটাৰ ইত্যাদিৰ বঙ্গালী গানে দেশ বিদেশ মোহিত কৰিব লাগিছে৷ আমাৰো তেনেকৈ এই বিলাক কু-সংস্কাৰ এৰিবৰ সময় হৈছে৷ কিয় অসমীয়া ভাষাৰে ধ্রুপদ, খেয়াল, টপ্পা, ৰচনা নহব? আজিকালি যি বিলাক নতুন গান আমাৰ ভাষাত ৰচনা হব ধৰিছে, সেই বিলাকৰ প্রায়েই হিন্দী বা বঙ্গলা গানতকৈ কোনো ৰকমে নিকৃষ্ট হোৱা নাই৷ ক্রমে এই দেশত যদি বঙ্গদেশৰ বা হিন্দুস্থানৰ দৰে ঘৰে ঘৰে সঙ্গীতৰ চর্চ্চা বেছি হয়, যদি অসমীয়া ভাষাত শঙ্কৰদেৱ, মাধৱদেৱৰ দৰে মন মোহা, কবিত্বপূৰ্ণ গান ৰচনা কৰি সুন্দৰ তাল-সুৰ লগাই গাবলৈ ধৰা হয়, তেনেহলে কেৱল অসমীয়া ভাষাৰ গান গাবলৈহে সকলোৰে ভাল লগা হব৷ “সঙ্গীত সাধনা”ৰ পাতনিত এইদৰে কৈছিল বৰুৱাই৷ এই মনোভংগী আছিল তেওঁৰ গীত ৰচনা আৰু সংগীত চৰ্চাৰ প্ৰেৰণাৰ আধাৰ৷ আমি তেওঁৰ এই আমৃত্যু সাধনাক প্ৰতিটো মুহূৰ্ততে শ্ৰদ্ধা জনোৱা উচিত৷

 

লেখকৰ ফোন - ৮৬৩৮৪৫৮৭৪৮

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ