ড০ প্ৰিয় দেৱ গোস্বামী
জ্ঞান চৰ্চাৰ ইতিহাসত গণিত বিষয়ৰ
অধ্যয়ন আছিল হয়তো ৰ্সবপ্ৰথম।গণিতৰ ইতিহাস মানৱ সভ্যতাৰ ইতিহাসৰ সমানেই পুৰণি। এই
চৰ্চা আছিল প্ৰয়োজনভিত্তিক অৰ্থাৎ মানুহক জীৱন যাপন কৰিবলৈ গণিতৰ জ্ঞানৰ প্ৰয়োজন
হৈছিল। প্ৰথম অৱস্থাত গণনা কৰিবলৈ সংখ্যাৰ আৱিষ্কাৰ হ’ল আৰু তাৰ পাছত মাটিৰ জোখ-মাখৰ
হিচাপ ৰাখিবলৈ জ্যামিতিৰ উদ্ভাৱন আছিল মানৱ ইতিহাসৰ ডাঙৰ সাফল্য। ই আছিল সভ্যতাৰ অগ্ৰগতিতৰ আৰম্ভণিৰ ঢাপ। বিজ্ঞানৰ আন
সকলো শাখা ইয়াৰ পাছতহে বিকাশ ঘটিছিল। এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল যে বিজ্ঞানৰ প্ৰায় সকলো বিষয়
গণিতৰ ওপৰত ৰ্নিভৰশীল। অৰ্থাৎ গণিতক এক আহিলা হিচাপে বিজ্ঞানৰ প্ৰায় সকলো বিষয়তে
ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বৰূপে পৰ্দাথবিদ্যাৰ ফলাফলবোৰ গাণিতিক সমীকৰণৰ দ্বাৰা
প্ৰকাশ কৰা হয়। আচলতে প্ৰকৃতি গণিতৰ ভাষাতেই লিখা আছে। ঠিক তেনেদৰে অভিযান্ত্ৰিক
বিদ্যাৰ বিষয়সমূহ অধ্যয়ন কৰিবলৈও গণিতৰ জ্ঞান অপৰিহাৰ্য। সেইবাবে গণিতক বিজ্ঞানৰ
ৰাণী বুলি আখ্যা দিয়া হয়। আজিকালি আকৌ চিকিৎসা বিজ্ঞানৰ দৰে বিষয়ো অধ্যয়ন কৰিবলৈ গণিতৰ বিভিন্ন তত্ত্বৰ
বিষয়ে জানিব লগা হয়। তেনেদৰে বৰ্তমান গণিত অবিহনে অৰ্থনীতি অধ্যয়ন কৰিবই নোৱাৰি। মানৱ
শিক্ষাৰ ক্ষেত্ৰ খনত সেইবাবে হয়তো বৰ্তমান সকলো দেশতে বিদ্যালয় শিক্ষাত গণিত
অধ্যয়ন কৰাটো বাধ্যতামূলক। বিজ্ঞান-প্ৰযুক্তিৰে পৰিচালিত বৰ্তমানৰ পৃথিৱীখনত বৰ্তি
থাকিবলৈ হ’লে সকলো মানুহে ন্যূনতম গণিতৰ জ্ঞানেৰে সমৃদ্ধ হ’বই লাগিব, ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই। মানুহৰ
প্ৰয়োজনৰ ভিত্তিত প্ৰথমে সংখ্যাৰ আৱিষ্কাৰ হ’ল আৰু তাৰ পাছত মাটিৰ জোখ-মাখৰ দ্বাৰা জ্যামিতিৰ
আৱিষ্কাৰ হ’ল। সংখ্যাৰ অনেক কথাৰে প্ৰথমে গণিতৰ পাটিগণিত শাখাটো বিকাশ
হ’ল। পাছলৈ ইয়াৰ পৰা বীজগণিত
শাখাটো গঢ় লৈ উঠিল। তেনেদৰে ইউক্লিডে জ্যামিতিৰ ভেঁটি সুদৃঢ় কৰি গঢ়ি তুলিলে। কিন্তু
প্ৰায় দুই হাজাৰ বছৰলৈকে সংখ্যা আৰু জ্যামিতিৰ মাজত সমন্বয় সাধন হোৱা নাছিল। এটা
সময়লৈকে দুয়োটাকে পৃথক বিষয় বুলি গণ্য কৰা হৈছিল। কিন্তু সোতৰ শতিকাত ৰেনে ডে’কাৰ্টছে বীজগণিত আৰু জ্যামিতিৰ মাজত এক সৰ্ম্পক স্থাপন কৰিবলৈ
সক্ষম হ’ল। ইয়াৰ লগে লগে গণিতৰ
বীজগণিতীয় জ্যামিতি শাখাটোৰ আৰম্ভণি ঘটিল। ইয়াৰ পাছত নিউটন আৰু লিৱনিজে কলন গণিত
আৱিষ্কাৰ কৰি গণিতত এক আমূল পৰিৱৰ্তন সাধিলে। লগে লগে আধুনিক গণিতৰ বিকাশ ঘটিল। কলন
গণিত সকলো ক্ষেত্ৰতে এক আহিলা হিচাপে ব্যৱহাৰ হ’বলৈ ধৰিলে। ইউৰোপত বিজ্ঞান চৰ্চাৰ সমান্তৰালকৈ আধুনিক গণিতো
বহুলভাৱে চৰ্চা হৈছিল আৰু অনেক নতুন তত্ত্বৰ আৱিষ্কাৰ ইউৰোপত হৈছিল। ইউৰোপত হোৱা
বিজ্ঞানৰ উত্থানে উদ্যোগিক বিপ্লৱৰ সূচনা কৰে। এই ইউৰোপৰেই এজন বিখ্যাত গণিতজ্ঞ হ’ল নাইলচ অৱেল।
আধুনিক গণিতত যুগান্তকাৰী অৱদান আগবঢ়োৱা অৱেলৰ
জন্ম হৈছিল ১৮০২ চনৰ ৫ আগষ্ট তাৰিখে ইউৰুপৰ নৰৱে’ত। তেওঁ আছিল চৰেন জিয়গ অৱেল আৰু মেৰী চাইমনচেনৰ দ্বিতীয়
পুত্ৰ। অষ্টাদশ শতিকাৰ শেষলৈ নৰৱে’ ডেনৰ্মাকৰ অংশ হৈ আছিল। সেই সময়ত কিন্তু নৰৱে’ৰ আৰ্থিক অৱস্থা বৰ ভাল
নাছিল। সেই ৰ্আথিক দুৰৱস্থাৰ সময়ত অৱেল নৰৱে’ৰ দক্ষিণ-পূবত ডাঙৰ-দীঘল হৈছিল। ১৮১৫ চনত অৱেলে
খ্ৰীষ্টিয়ানিয়া কেথেড্ৰেল বিদ্যালয়ত নাম লগাইছিল আৰু ১৮২১ চনত খ্ৰীষ্টিয়ানিয়া
বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে আৰু ১৮২২ চনত স্নাতক হয়। ছাত্ৰ অৱস্থাতেই তেওঁ গণিতৰ এজন বিশেষ ব্যক্তিৰূপে পৰিচিত
হৈছিল। মাত্ৰ ১৬ বছৰ বয়সত তেওঁ দ্বিপদৰ উপপাদ্যৰ এক প্ৰমাণ আগবঢ়াইছিল। বিশ্ববিদ্যালয়ত
পঢ়ি থাকোঁতেই তেওঁ পঞ্চম ঘাতৰ বীজগণিতীয় সমীকৰণৰ সমাধানৰ বিষয়ে অধ্যয়ন কৰিছিল,
আৰু ১৮২৩ চনত অৱেলৰ প্ৰথমখন গৱেষণা পত্ৰ প্ৰকাশ হয়। গণিতৰ অনেক শাখাত অৱেলে অৱদান
আগবঢ়াই গৈছে। ইয়াৰ ভিতৰত ১৮২৪ চনত তেওঁ আগবঢ়োৱা এক প্ৰমাণ আছিল অতি উল্লেখযোগ্য।
তেওঁ প্ৰমাণ কৰিছিল যে পঞ্চম ঘাতৰ সমীকৰণক বৈশ্লেষিকভাৱে সমাধান কৰিব নোৱাৰি। সেই
সময়ত এইটো এক মুকলি প্ৰশ্ন আছিল আৰু প্ৰায় ২৫০ বছৰ সমাধান নোহোৱাকৈ আছিল। উপবৃত্তীয়
ফলন সম্পৰ্কীয় গৱেষণাত তেওঁ উল্লেখযোগ্য অৱদান দি গৈছে। আৰ্থিক অটনতনত ভোগা অৱেলে
মাত্ৰ ২৬ বছৰ বয়সত যক্ষ্মাৰোগত আক্ৰান্ত হৈ ১৮২৯ চনৰ ৬ এপ্ৰিল তাৰিখে ইহলীলা
সম্বৰণ কৰে। অতি চমু জীৱন কালৰ অৱেলৰ উচ্চ পৰ্যায়ৰ গণিতৰ কৰ্মৰ বিষয়ে মন্তব্য দি
ফ্ৰাঞ্চ গণিতজ্ঞ ছাৰ্লচ হাৰমাইতে কৈছিল যে অৱেলৰ কৰ্মৰাজিৰে আমাক অনাগত পাঁচ শ
বছৰৰ বাবে গণিতৰ পৃথিৱীখনত অধ্যয়নৰ খোৰাক জোগাই থাকিব।
অৱেল বিমূৰ্ত বীজগণিতৰ
গ্ৰুপ তত্ত্বৰ জনক। অৱশ্যে গেলইছেও নিজাববীয়াকৈ এই তত্ত্ব আৱিষ্কাৰ কৰিছিল। গণিতৰ
উপৰি পদাৰ্থ বিদ্যাত এই তত্ত্বৰ প্ৰয়োগ অনেক। অৱেলৰ গৱেষণাৰ মুখ্য বিষয় আছিল
ইলিপটিক আৰু হাইপাৰ ইলিপটিক ফলন। অৱেলৰ স্মৃতি ৰক্ষাৰ্থে অৱেল পুৰস্কাৰ স্থাপন কৰা
হৈছে। অৱেলৰ কৰ্মৰাজিৰ প্ৰতি সন্মান জনাই নবেল পুৰস্কাৰ প্ৰতিষ্ঠাৰ সময়তেই ১৮৯৯
চনত এনে এটা পুৰস্কাৰ আৰম্ভণি কৰাৰ প্ৰচেষ্টা চলিছিল। গণিত বিষয়ত নবেল পুৰস্কাৰ দিয়া নহয়। কিন্তু সেই সময়ত এই
প্ৰচেষ্টা সফলকাম নহ’ল। এনে প্ৰচেষ্টাৰ প্ৰায় ১০০ বছৰৰ পাছতহে অৱেলৰ নামত গণিত
বিষয়ত এক বঁটা প্ৰদান কৰাৰ প্ৰচেষ্টা সফলকাম হয়। অনেক আলোচনাৰ পাছত নৰৱে’ৰ সংসদে অৱেল বঁটা
প্ৰতিস্থাত অনুমোদন জনায় আৰু ২০০২ চনত ইয়াক স্থাপন কৰা হয়। ২০০৩ চনত প্ৰথমটো অৱেল পুৰস্কাৰ
প্ৰদান কৰা হয়। প্ৰথমজন অৱেল বঁটা প্ৰাপক আছিল ফ্ৰাঞ্চৰ Jean-Pierre Serre।নৰৱে’ চৰকাৰে প্ৰতিষ্ঠা কৰা অৱেল বঁটা নৰৱেৰ বিজ্ঞান
আৰু কলা অকাডেমিয়ে আন্তঃৰাষ্টীয় পৰ্যায়ত অৱদান আগবঢ়োৱা গণিতজ্ঞক প্ৰদান কৰে। ইউনেস্কই ২০০০ চনটো বিশ্ব গণিত দিৱস হিচাপে উদযাপন কৰিছিল
আৰু আৰু ইয়াত অৱেল আছিল নৰৱে’ৰ ৰাষ্টীয় প্ৰতিক চিহ্ন। অৱেল বঁটা প্ৰতিষ্ঠাৰ
পাচৰ পৰাই গণিতৰ বিভিন্ন শাখাত অতি মৌলিক অৱদান আগবঢ়োৱা ব্যক্তিসকলক এই বঁটা
প্ৰদানেৰে সন্মান জনাই অহা হৈছে।ৰ্বতমানলৈকে অৱেল ব’টা প্ৰাপক সকল হ’ল-
Jean-Pierre Serre (2003), Michael Atiyah, Isadore Singer (2004), Peter Lax
(2005), Lennart Carleson (2006), S.R. Srinivasa Vardhan (2007), John G.
Thompson , Jacques Tits (2008), Mikhail Gromov (2009), John Tate (2010), John
Milnor (2011), Endre Szemeredi (2012), Pierre Deligne (2013), Yakov Sinai
(2014), John F. Nash Jr, Louis
Nirenberg (2015), Andrew Wiles (2016), Yves
Meyer (2017),Robert Langlands (2018), Karen Uhlenbeck (2019), Hillel Furstenberg,
Grigory Margulis (2020), Laszlo Lovasz, Avi Wigderson (2021), Dennis Sullivan
(2022), Luis Caffarelli (2023), Michel Talagrand (2024), Masaki Kashiwara
(2025), Gerd Faltings (2026).
অৱেল বঁটা লাভ কৰাসকলৰ
ভিতৰত আমেৰিকাৰ নাগৰিকেই সৰহ। ২০২৬ চনৰ অৱেল বঁটা আগবঢ়োৱা হয় জাৰ্মান গণিতজ্ঞ Gerd Faltings-অলৈ।১৯৫৪ চনৰ ২৮ জুলাইত জন্ম গ্ৰহণ
কৰা Faltings-য়ে ১৯৮৬ চনত
গণিতৰ আন এক উল্লেখযোগ্য বটাঁ- ফিল্ড মেডেলো লাভ কৰে। ফিল্ড মেডেল ৪০ বছৰৰ অনুৰ্দ্ধ
গণিতজ্ঞক দিয়া হয়। আমেৰিকাৰ বাৰকেলিত অনুস্থিত আন্তঃৰাষ্টীয় গণিত মহাসভাত তেওঁক এই
বটাঁ দিয়া হয়। সংখ্যাতত্ত্বৰ টাটে কনজেকচাৰ প্ৰমাণৰ বাবে তেওঁক ফিল্ড মেডেল দিয়া
হৈছিল।ফিল্ড মেডেল আৰু অৱেল দুয়োটা বটাঁ লাভ কৰা তেৱেঁই প্ৰথম জাৰ্মান
গণিতজ্ঞ। তেওঁ পাটিগণিতীয় জ্যামিতিৰ গৱেষণাৰ বাবে বিখ্যাত। Gerd Faltings য়ে পৃথিৱীৰ আগশাৰীৰ শিক্ষানুষ্ঠান মেস্ক প্লাংক ইনষ্টিটিউৰ
গণিত বিভাগ, বন বিশ্ববিদ্যালয়, প্ৰিঞ্চটন বিশ্ববিদ্যালয় আদিত শিক্ষকতা কৰিছিল। Faltings-য়ে পাটিগণিতীয় জ্যামিতিৰ মৰডেলৰ
ডাইফনটাইন কনজেকচাৰ প্ৰমাণৰ বাবে অৱেল বটাঁ লাভ কৰে। বীজগণিতিয় বক্ৰ সম্পৰ্কীয়
মৰডেল কনজেকচাৰ প্ৰথমে প্ৰস্তাৱ কৰিছিল Louis
Mordell য়ে ১৯২২ চনত। Faltings-অৰ সংখ্যাতত্ত্বৰ বীজগণিতীয় জ্যামিতিলৈ আগবঢ়োৱা তত্ত্বৰ
সহায়ত সংখ্যাতত্ত্বৰ ফাৰ্মাৰ শেষ উপপাদ্য প্ৰমাণ কৰাত সহায় হৈছি ল।উল্লেখযোগ্য যে
ব্ৰিটিছ গণিতজ্ঞ এনড্ৰিউ ৱাইলচে ১৯৯৫ চনত ফাৰ্মাৰ শেষ উপপাদ্য প্ৰমাণ কৰে। ১৯৯৬
চনত Faltings-য়ে জাৰ্মানিৰ
গণিতৰ সৰ্বোচ্চ বঁটা উইলহেম লিৱনিজ বঁটাও লাভ কৰিছিল।
আজিলৈকে
ভাৰত বংশোদ্ভৱ মাত্ৰ এজন ব্যক্তিয়েহে এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বৰ্তমান তেওঁ
কিন্তু আমেৰিকাৰ নাগৰিক। এওঁ হল- Sathamangalam
Ranga Iyengar Srinivasa Varadhan। সম্ভাৱিতা
তত্ত্বলৈ আগবঢ়োৱা মৌলিক অৱদানৰ বাবে বৰ্দ্ধনলৈ ২০০৭ বৰ্ষৰ অৱেল বঁটা আগবঢ়োৱা হয়।
এক তামিল ব্ৰাহ্মণ পৰিয়ালত ১৯৪০ চনত চেন্নাইত জন্ম গ্ৰহণ কৰা বৰ্দ্ধনে ১৯৬০ চনত
চেন্নাই প্ৰেছিডেঞ্চি কলেজৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পাছত তেওঁ ১৯৬৩ চনত
কলকাতাৰ ভাৰতীয় পৰিসংখ্যা প্ৰতিস্থানৰ পৰা ডক্তৰেট উপাধি লাভ কৰে। ১৯৬৩ চনৰ পৰাই
তেওঁ নিউ ইৰ্য়ক বিশ্ববিদ্যালয়ত কৰ্মৰত হৈ আছে ।বৰ্দ্ধনক ২০১০ চনত আমেৰিকাৰ
ৰাষ্ট্ৰপতি বৰাক ওৱামাই ৰাষ্ট্ৰীয় বিজ্ঞান মেডেল প্ৰদানেৰে সন্মাণিত কৰে। বৰ্দ্ধনক
ভাৰত চৰকাৰেও আমাৰ দেশৰ সন্মানজনক অসামৰিক সন্মাণনৰে বিভূষিত কৰিছে। বৰ্দ্ধনক ২০০৮
চনত পদ্মভুষণ আৰু ২০২৩ চনত পদ্ম বিভূষণ সন্মানিৰে সন্মানিত কৰা হয়। ইয়াৰ
উপৰি বৰ্দ্ধন বিশ্বৰ
অনেক আগশাৰীৰ বিজ্ঞান সংস্থাৰ সভ্য আৰু সমগ্ৰ বিশ্বৰ অনেক সন্মানেৰে
বিভূষিত হৈছে।
অৱেল বঁটাৰে বৰ্তমানলৈকে সমগ্ৰ
বিশ্বৰ ২৯ জন আগশাৰীৰ গণিতজ্ঞ সন্মানিত হৈছে। প্ৰত্যেকজনই গণিতৰ বিভন্ন ক্ষেত্ৰত
আগবঢ়োৱা মৌলিক অৱদানেৰে বিষয়টো চহকী কৰি গৈ আছে। এনেবোৰ অৱদানৰ দ্বাৰাই সভ্যতাৰ
অগ্ৰগতিৰ ধাৰা অব্যাহত থাকে আৰু তত্ত্বগত এইবিলাক আৱিষ্কাৰে মানৱ জাতিৰ কল্যাণ
সাধনত অভাৱনীয়ভাৱে প্ৰভাৱ বিস্তাৰ কৰি আহিছে।
ঠিকনা :
অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ
ডিব্ৰুগড় হনুমানবস্ক সুৰজমল কানৈ মহাবিদ্যালয়
(স্বায়ত্তশাসিত),
পোঃ অঃ চি আৰ বিল্ডিং, ডিব্ৰুগড়-৭৮৬০০৩
ফোন-৯৪৩৫৪৭৩৮৭২
