অন্যযুগ/


চন্দ্রমুখীৰ পাছত এইবাৰ সূর্যমুখী!

 অভিজিত শর্মা বৰুৱা 

২০২৩ চনৰ ১৪ জুলাইত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organisation, চমুকৈ ‘ইছৰো’) চন্দ্রাভিমুখী যান চন্দ্রযান-৩-ৰ অভিযান আৰম্ভ কৰিছিল। সেইদিনা দুপৰীয়া ২ বাজি ৩৫ মিনিটত অন্ধ্র প্রদেশৰ শ্রীহৰিকোটাৰ ‘সতীশ ধাৱান স্পেচ চেণ্টাৰ’ৰ উৎক্ষেপণ কেন্দ্রৰ পৰা ‘জি এছ এল ভি মার্ক থ্রী হেভি-লিফট লাঞ্চ ভেহিকল’-য়ে এই যানক মহাকাশলৈ উৎক্ষেপণ কৰিছিল। পূর্বপৰিকল্পনা অনুসৰিয়েই যোৱা ২৩ আগষ্ট, ২০২৩ ত ভাৰতীয় সময়মতে সন্ধিয়া ৬ বজাৰ খন্তেক পাছত চন্দ্রযান – ৩ ৰ ‘বিক্রম’ লেণ্ডাৰে চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলৰ চন্দ্রপৃষ্ঠ স্পর্শ কৰিলে। ইয়াৰ ফলত চন্দ্রপৃষ্ঠত কোনো যানক ‘মসৃণ অৱতৰণ’ (Soft landing) কৰোৱাৰ ক্ষেত্রত ভাৰত বিশ্বৰ চতুর্থ দেশ হিচাপে পৰিগণিত হ’ল। আনহাতে চন্দ্রৰ বিপদসংকুল দক্ষিণ মেৰু অঞ্চলত চন্দ্রযান-৩-ক মসৃণ অৱতৰণ কৰাই আৰু ‘প্রজ্ঞান’ নামৰ ৰভাৰ যানখন নমাই এই অঞ্চলত এনে কাম কৰা বিশ্বৰ প্রথম দেশ হিচাপে ভাৰতে আন এক অনন্য কৃতিত্ব অর্জন কৰিলে।

চন্দ্রপৃষ্ঠত ‘প্রজ্ঞান’ৰ বিচৰণ

চন্দ্রপৃষ্ঠত বিক্রম লেণ্ডাৰৰ সফল অৱতৰণৰ কথা আমি আগতে ক’লোৱেই। চন্দ্রৰ দক্ষিণ মেৰু অঞ্চলত স্থিৰ হৈ থকা বিক্রমৰ পৰা এক হেলনীয়া তলেৰে এইবাৰ চন্দ্রপৃষ্ঠলৈ নামি আহিল ‘প্রজ্ঞান’ নামৰ ৰভাৰ যানখন আৰু চন্দ্রৰ ওখোৰা মোখোৰা মাটিত ঘূৰি ফুৰি তাৰ বাবে নির্ধাৰিত কাম আৰম্ভ কৰিলে। প্রজ্ঞানে বিভিন্ন ফটো আৰু ভিডিঅ’ তুলি পৃথিবীৰ নিয়ন্ত্রণ কক্ষলৈ প্রেৰণ কৰিলে আৰু তাত থকা বৈজ্ঞানিক আহিলাবোৰ ব্যৱহাৰ কৰিবলৈ ল’লে। ৰভাৰখনৰ প্রথম ভিডিঅ’টো ‘ইছৰো’ৱে ২০২৩ চনৰ ২৫ আগষ্টত প্রচাৰ কৰে। এই ভিডিঅ’ত দেখা গৈছিল যে ৰভাৰ যানখন বিক্রম লেণ্ডাৰৰ পৰা এক হেলনীয়া পৃষ্ঠইদি নামি আহিছে আৰু চন্দ্রপৃষ্ঠ স্পর্শ কৰিছে। তাৰ পাছত ইছৰোয়ে এই ঘোষণাও কৰিলে যে ৰভাৰখনে শ্লথ গতিত হ’লেও আঠ মিটাৰ দূৰত্ব অতিক্রম কৰিছে আৰু সেইখনৰ দুটা বৈজ্ঞানিক আহিলাই বাঞ্ছিত ধৰণেৰে কাম আৰম্ভ কৰিছে। ২৬ আগষ্টত ইছৰোৱে আন এটা ভিডিঅ’ প্রচাৰ কৰিলে। এই ভিডিঅ’টো লেণ্ডাৰখনৰ পৰা লোৱা হৈছিল আৰু ইয়াত ৰভাৰখনে গতি কৰি লেণ্ডাৰখনৰ কেমেৰাৰ ৰেঞ্জৰ বাহিৰলৈ গুচি যোৱা দেখা গৈছিল। ২৭ আগষ্টত ইছৰোৱে আন দুখন ফটো প্রকাশ কৰিলে। তাত দেখা গৈছিল যে ৰভাৰখনৰ সমুখত প্রায় তিনি মিটাৰ দূৰত্বত জ্বালামুখীৰ গাঁত এটা আছে। অৱশ্যে ৰভাৰখনে সেই গাঁতৰ কাষেদি নিৰাপদে পাৰ হৈ যাবলৈ সক্ষম হ’ল। ২৯ আগষ্টত ইছৰোৱে ঘোষণা কৰিলে যে ৰভাৰখনৰ এক বৈজ্ঞানিক আহিলাই চন্দ্রত ছালফাৰ আৰু অক্সিজেনৰ উপস্থিতি নিশ্চিত কৰিছে আৰু লগতে হাইড্রজেনৰ সন্ধানো অব্যাহত ৰাখিছে।

৩০ আগষ্টৰ পুৱা ৭-৩৫ বজাত ৰভাৰখনে বিক্রম লেণ্ডাৰৰ এখন ফটো তুলিলে। তাত দেখা গৈছিল যে লেণ্ডাৰখনত থকা দুটা বৈজ্ঞানিক আহিলাক কামত খটুওৱা হৈছে। সেই দিনাই লেণ্ডাৰখনৰ পৰা প্রায় ১৫ মিটাৰ দূৰত্বত থাকি ৰভাৰখনে লেণ্ডাৰৰ আন এখন ফটোও তুলিলে।

ছেপ্টেম্বৰৰ ২ তাৰিখে ৰভাৰ যানখনে তাৰ ওপৰত নিয়োজিত সকলো দায়িত্বৰ কাম শেষ কৰিলে আৰু শীতনিদ্রাত (Hybernation) প্রৱেশ কৰিলে। মানে সঞ্চিত শক্তি নিঃশেষ হোৱাৰ ফলত প্রজ্ঞান যতে আছিল, তাতে পৰি থাকিল। লেণ্ডাৰখনৰ অৱস্থাও তেনে হ’ল। কাৰণ তেতিয়া চন্দ্রত ৰাতি আৰম্ভ হৈ যোৱা বাবে সৌৰশক্তিৰ যোগানো নাইকিয়া হ’ল। পাছত তাত আকৌ দিন হ’বলৈ কমেও ১৪ পৃথিবী-দিনৰ প্রয়োজন হ’ব। ক্ষীণভাৱে হ’লেও আশা কৰা হৈছিল যে ২২ আগষ্টত যেতিয়া চন্দ্রৰ সেই অংশত সূর্যৰ পোহৰ কিছু উলম্বভাবে পৰিব তেতিয়া চন্দ্রযান-৩-ৰ লেণ্ডাৰ-ৰভাৰে পুনৰ হয়তো সাৰ পাই উঠিব আৰু আকৌ কাম আৰম্ভ কৰিব। কিন্তু সেই আশা পূৰণ হোৱা নাই। ২৪ ছেপ্টেম্বৰলৈকে লেণ্ডাৰ, ৰভাৰ এখনেও সাৰ পোৱা নাই। সেই নিদ্রা পাছত চিৰনিদ্রা নহ’লেই ৰক্ষা।

অৱশ্যে এইটো কথাও ঠিক যে লেণ্ডাৰ আৰু ৰোভাৰখন যদি সূর্যৰ পোহৰত পুনৰ উজ্জীৱিত হৈ উঠে, তেন্তে তাক ‘ব’নাছ’ তথা অতিৰিক্ত কৃতিত্ব বুলিহে ধৰা যাব। কাৰণ যি কাম কৰিবলৈ লেণ্ডাৰ-ৰোভাৰক পঠিওৱা হৈছিল, সেই কাম সিহঁতে সম্পন্ন কৰিলে। এতিয়া প্রাপ্ত তথ্যবোৰৰ বিশ্লেষণ কৰি বিজ্ঞানীসকলে কিছু নতুন কথা আৱিষ্কাৰ কৰাৰহে কথা। 

সূর্যাভিমুখী যান – আদিত্য L1

চন্দ্রযান-৩-ৰ ধামধুমীয়াৰ মাজতো কিন্তু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই আন এক প্রতিভাশালী বিজ্ঞানী দলৰ দ্বাৰা সূর্য অভিমুখী এখন নিৰীক্ষক মহাকাশ যান নির্মাণৰ কাম কৰি আছিল। সেই কামো প্রায় শেষ হৈ আহিছিল। পাছে তেওঁলোকে হয়তো সেইখন উৎক্ষেপণৰ বাবে চন্দ্রযান-৩-ৰ সফলতা আৰু অনুকূল পৰিৱেশলৈ অপেক্ষা কৰি আছিল। সূর্যৰ প্রচণ্ড উত্তাপৰ বাবেই এতিয়াৰ প্রযুক্তিৰে অন্ততঃ সূর্যলৈ কোনো মহাকাশ যান পঠিওৱা সম্ভৱ নহয়। অৱশ্যে সূর্যৰ বিষয়ে অধ্যয়ন কৰিবলৈ আৰু নতুন তথ্য জানিবলৈ সূর্যৰ কিছু ওচৰলৈ নিৰীক্ষক মহাকাশ যান পঠিওৱা সম্ভৱ।

 ‘ইছৰো’ৰ ইতিহাস সৃষ্টিকাৰী প্রকল্প ‘চন্দ্রযান-৩ অভিযান’ৰ বিক্রম লেণ্ডাৰ আৰু প্রজ্ঞান ৰভাৰে চন্দ্রত শীতনিদ্রাত শুই পৰাৰ দিনাই, অর্থাৎ ২০২৩ চনৰ ২ ছেপ্টেম্বৰত ‘ইছৰো’ৱে আন এক যুগান্তকাৰী অভিযান আৰম্ভ কৰি ভাৰতীয় সময়মতে দিনৰ ১১-৫০ বজাত অন্ধ্রপ্রদেশৰ শ্রীহৰিকোটাৰ সতীশ ধাৱান স্পেচ চেণ্টাৰৰ পৰা ‘পলাৰ ছেটেলাইট লাঞ্চ ভেহিকল’ৰ (PSLV-C57) সহায়ত সূর্য অভিমুখে এক নিৰীক্ষক মহাকাশযান ‘আদিত্য L1’-অক মহাকাশলৈ উৎক্ষেপণ কৰিলে। উৎক্ষেপণৰ পৰৱর্তী পর্যায়ত এটা দুটাকৈ চাৰিটা ৰকেট কার্যক্ষম কৰাৰ পাছত আৰু ৬৩ মিনিট ২০ ছেকেণ্ডৰ উৰণৰ অন্তত ১২-৫৪ বজাত ‘আদিত্য L1’ তাৰ বাবে নির্ধাৰিত অধিবৃত্তীয় কক্ষপথত গৈ উপনীত হ’ল। ১২-৫৭ বজাত এই যান চতুর্থ পর্যায়ৰ ৰকেটটোৰ পৰা পৃথক হৈ পৰে আৰু মহকাশত নিজা যাত্রা আৰম্ভ কৰে। এইবাৰ তাৰ গন্তব্য স্থান হ’ল সূর্য আৰু পৃথিবীৰ মাজৰ লাগ্রাঞ্জ বিন্দু L1। সেই স্থান পোৱাৰ আগতে আদিত্য যানৰ ওপৰত চাৰিবাৰ পৃথিৱীৰ পৰা নিয়ন্ত্রিত কক্ষপথীয় পৰিচালন কৌশল (Manoever) প্রয়োগ কৰা হ’ব আৰু ২০২৪ চনৰ ১২ জানুৱাৰিত এই যান সেই নির্দিষ্ট স্থানত গৈ উপনীত হোৱাৰ কথা। 

 

আদিত্যৰ আৰম্ভণি

আদিত্য শব্দই হিন্দু বিশ্বাসমতে সূর্য দেৱতাক বুজায়। যিহেতু এই অভিযান মূলতঃ সূর্যাভিমুখী, সেয়ে এই মহাকাশ যানক এই নাম দিয়া হৈছে। 

২০০৮ চনতে ভাৰতৰ ‘মহাকাশ গৱেষণাৰ বাবে পৰামর্শদাতা সমিতি’য়ে (Advisory Committee for Space Research) সূর্যৰ বিভিন্ন পৰিঘটনা সম্পর্কত মহাকাশৰ পৰা অধ্যয়ন কৰিবৰ বাবে এক যান পঠিওৱাৰ চিন্তা কৰিছিল আৰু লগতে ‘আদিত্য’ নামেৰে সেই যানখন নির্মাণ কৰাৰ আঁচনি প্রস্তুত কৰিছিল। প্রথমে ইয়াক প্রায় ৪০০ কিলোগ্রাম ভৰৰ এক সৰু কৃত্রিম উপগ্রহ হিচাপে নির্মাণ কৰাৰ কথা ভবা হৈছিল। পৰিকল্পনামতে, এই যানে এক নিম্ন পৃথিবী কক্ষপথত (৮০০ কিলোমিটাৰ) থাকি সৌৰ আলোকমণ্ডল (Solar Corona) নিৰীক্ষণ কৰিব। ২০১৬-১৭ চনত এই যান নির্মাণৰ বাবে ৩ কোটি টকাৰ এক পৰীক্ষামূলক বাজেট ধার্য কৰা হৈছিল। কিন্তু তাৰ পাছত অন্যান্য দিশ কিছুমানো চিন্তা কৰি এই যানৰ কাম আৰু উদ্দেশ্যৰ পৰিসৰ বৃদ্ধি কৰা হ’ল আৰু ইয়াক বিভিন্ন সা-সঁজুলিৰে সুসজ্জিত কৰি লাগ্রাঞ্জ বিন্দু L1-অলৈ এক নিৰীক্ষক যান হিচাপে পৰিভ্রমণ কৰোৱাৰ পৰিকল্পনা কৰা হ’ল। তাৰ পাছত এই অভিযানৰ নাম সামান্য সলনি কৰি ‘আদিত্য L1’ কৰা হ’ল। ২০১৯ চনৰ জুলাইত এই প্রকল্পৰ বাজেট ৩৭৮ কোটি টকালৈ বৃদ্ধি কৰা হ’ল (উৎক্ষেপণৰ খৰচ বাদ দি)। আদিত্য L1-অৰ ভৰ হ’ল প্রায় ১৫০০ কিলোগ্রাম। সূর্যক নিৰীক্ষণ কৰাৰ ক্ষেত্রত ভাৰতৰ এই প্রথম প্রকল্পৰ সঞ্চালক হিচাপে নিয়োগ কৰা হ’ল প্রখ্যাত মহাকাশ বিজ্ঞানী নিগাৰ ছাজিক  (Nigar Shaji)

‘আদিত্য L1’ যানখন গৈ উপনীত হ’বলগীয়া ‘লাগ্রাঞ্জ L1’ বিন্দুটো পৃথিৱীৰ পৰা প্রায় ১৫,০০,০০০ কিলোমিটাৰ দূৰত অৱস্থিত। আদিত্য L1-অক তাৰ হেল’ কক্ষপথত ৰখাৰ পৰিকল্পনা কৰা হৈছে। হেল’ কক্ষপথ হ’ল এক ত্রিমাত্রিক আৰু চক্রীয় কক্ষপথ। L1 বিন্দুৰ ওচৰত হেল’ কক্ষপথত প্রদক্ষিণ কৰি থকাৰ মূল সুবিধা হ’ল যে তেতিয়া কোনো গ্রহণ (Eclipse) বা গ্রাসৰ (Occultation) বাধা নোহোৱাকৈ সূর্যক নিৰৱচ্ছিন্নভাবে নিৰীক্ষণ কৰি থাকিব পৰা যাব। এই সুবিধাটোৱে বিজ্ঞানীসকলক সঠিক সময়ত সৌৰ কার্যকলাপ আৰু মহাকাশীয় বতৰৰ ওপৰত সৌৰ কার্যকলাপৰ প্রভাৱৰ বিষয়ে জনাত সহায় কৰিব। আদিত্য L1 এই কক্ষপথত কিমান দিন ঘূৰি থাকিব, সেয়া নির্ধাৰিত নহয়। হয়তো ই ইয়াৰ নির্ধাৰিত কার্যকাল পাঁচ বছৰৰ পাছতো বছৰ বছৰ ধৰি এনেকৈয়ে থাকি যাব।


কিমান যে সমস্যা !

সূর্যক আবৰি যি পৰিমণ্ডল (Atmosphere) আছে, তাৰ একেবাৰে বাহিৰৰ তৰপৰ উষ্ণতা হ’ল প্রায় ১০,০০,০০০ ডিগ্রী চেলছিয়াছ আৰু একেবাৰে ভিতৰৰ তৰপৰ উষ্ণতা প্রায় ৫৭৩০ ডিগ্রী চেলছিয়াছ। উষ্ণতাৰ ইমান পার্থক্য কিয় হ’ল, সেয়া সৌৰ পদার্থবিজ্ঞানৰ (Solar Physics) বাবে এতিয়াও দুর্বোধ্য এটা সাঁথৰ। তদুপৰি এইটো কথাও স্পষ্ট নহয় যে সূর্যৰ বিকিৰণে পৃথিৱীৰ বায়ুমণ্ডলৰ গতিবিজ্ঞানত (Dynamics) দীর্ঘকালীন আৰু হ্রস্বকালীনভাৱে কেনে ধৰণে প্রভাৱ পেলায়। আদিত্য যানে সূর্যৰ যিমান পাৰি ওচৰত থাকি সূর্যৰ পৰিমণ্ডলৰ বিভিন্ন তৰপৰ বিষয়ে তথ্য সংগ্রহ কৰিব আৰু ফটোও তুলিব। সেইবোৰৰ পৰা হয়তো সূর্যৰ শক্তি কেনেকৈ এটা তৰপৰ পৰা আনটো তৰপলৈ পৰিৱাহিত হয় আৰু কেনেকৈ সেই শক্তি বাঢ়ি যায়, তেনেবোৰ কথা জানিব পৰা যাব। কেৱল সেয়াই নহয়, সূর্য সম্পর্কীয় ৰহস্যময় কথা আৰু বহুতো আছে। আদিত্য যানৰ পৰা প্রাপ্ত তথ্যৰ পৰা সেই ৰহস্যৰো কিছু অন্ততঃ ভেদ ভঙাটো সম্ভৱ হ’ব।


‘আদিত্য L1’ অভিযানৰ মূল লক্ষ্য

এই অভিযানৰ মূল লক্ষ্য হ’ল –

   সূর্যৰ বর্ণমণ্ডল (Chromosphere) আৰু আলোকমণ্ডলৰ (Corona) গতিবিজ্ঞান নিৰীক্ষণ কৰা।

 বর্ণমণ্ডল আৰু আলোকমণ্ডলৰ উত্তাপন, আংশিকভাবে আয়নীভূত প্লাজমাৰ পদার্থবিজ্ঞান, আলোকমণ্ডলীয় ভৰৰ উৎস আৰু তাৰ নির্গমন, আলোকমণ্ডলৰ চুম্বকীয় ক্ষেত্র আৰু তাপ স্থানান্তৰণ কৌশল, অগ্নিশিখাৰ পৰিৱর্তন আদি অধ্যয়ন কৰা।

        আদিত্য L1 যানৰ কাষত স্বাভাৱিকভাবে থকা ভৌতিক কণাসমূহৰ গতিবিধি নিৰীক্ষণ।

        সৌৰ আলোকমণ্ডল আৰু তাৰ উত্তাপন কৌশল সম্পর্কত অধ্যয়ন।  

    আলোকমণ্ডলীয় আৰু আলোকমণ্ডলীয় কুণ্ডলীৰ প্লাজমাৰ চিনাক্তকৰণঃ উষ্ণতা, বেগ আৰু ঘনত্ব।

        সৌৰ আলোকমণ্ডলীয় ভৰ নির্গমনৰ উৎস, বিকাশ আৰু গতিবিজ্ঞান।

    সৌৰ আলোকমণ্ডল আৰু তাৰ তলৰ বিভিন্ন তৰপৰ পদ্ধতিবোৰৰ প্রণালীৱদ্ধকৰণ সম্পর্কত তথ্য আহৰণ।

        সৌৰ অগ্ন্যুৎপাত সৃষ্টিৰ কাৰণ নির্ধাৰণ।

        সৌৰ আলোকমণ্ডলত চুম্বকীয় ক্ষেত্রৰ সংস্থিতি আৰু চুম্বকীয় ক্ষেত্রৰ জোখমাখ।

    সূর্য আৰু পৃথিৱীৰ মাজৰ মহাকাশীয় বতৰ (Space Weather) আৰু তাৰ উৎস সম্পর্কত অধ্যয়ন কৰা, সৌৰ বতাহৰ সংযুক্তি আৰু গতিবিজ্ঞান অধ্যয়ন।


আদিত্য L1 আৰু ইয়াৰ বৈজ্ঞানিক আহিলা

এই মহাকাশযানে সাতবিধ বৈজ্ঞানিক আহিলা বা যন্ত্র-পাতি (Payload) কঢ়িয়াই লৈ গৈছে। তাৰে চাৰিবিধ আহিলাই সূর্যক প্রত্যক্ষভাবে নিৰীক্ষণ কৰি থাকিব আৰু আন তিনিবিধ আহিলাই লাগ্রাঞ্জ বিন্দু L1-অত চুম্বকীয় ক্ষেত্রকে ধৰি বিভিন্ন ক্ষেত্র আৰু কণাবোৰৰ স্থানিক (in-situ) অধ্যয়ন কৰিব। আদিত্য L1-অৰ আহিলাবোৰ প্রচণ্ড গৰম আৰু চৰম পৰিৱেশত কাম কৰিব পৰাৰ উপযোগীকৈ প্রস্তুত কৰা হৈছে।

আদিত্য L1 ৰ বৈজ্ঞানিক আহিলাসমূহ হ’ল –

১। ‘ভিজিবল এমিছন লাইন কৰণা’গ্রাফ’ (VELC) – ই এক ৰিম’ট ছেন্সিং আহিলা। ইয়াৰ মূল কাম হ’ল– আলোকমণ্ডল বা কৰণাৰ ফটো বা প্রতিবিম্ব সৃষ্টি কৰা, লগতে তাৰ বর্ণালী সৃষ্টি কৰা। 

২। ‘ছলাৰ আলট্রাভায়’লেট ইমেজিং টেলিস্ক’প’ (SUIT) – ই এক ৰিম’ট ছেন্সিং আহিলা। ইয়াৰ কাম হ’ল – প্রকাশমণ্ডল (Photosphere) আৰু বর্ণমণ্ডলৰ (Chromosphere)  ফটো বা প্রতিবিম্ব সৃষ্টি কৰা (নেৰ’ আৰু ব্রডবেণ্ড) (Narrow and Braodband)।

৩। ‘ছ’লাৰ ল’ এনার্জী এক্স-ৰে’ স্পেকট্রমিটাৰ’ (SoLEXS)– ই এক ৰিম’ট ছেন্সিং আহিলা।ইয়াৰ কাম হ’ল – ছফট এক্স-ৰে স্পেকট্রমিটাৰ ব্যৱহাৰ কৰি সূর্যক এক নক্ষত্র হিচাপে নিৰীক্ষণ কৰা।

৪। ‘হাই এনার্জী L1 অৰ্বিটিং এক্স-ৰে’ স্পেকট্র’মিটাৰ (HEL1OS)– ই এক ৰিম’ট ছেন্সিং আহিলা। ইয়াৰ কাম হ’ল হার্ড এক্স-ৰে স্পেকট্রমিটাৰ ব্যৱহাৰ কৰি সূর্যক এক নক্ষত্র হিচাপে নিৰীক্ষণ কৰা।

৫। ‘আদিত্য ছলাৰ উইণ্ড এক্সপেৰিমেণ্ট’ (ASPEX)– ই হ’ল এক স্থানিক (in-situ) আহিলা। প্রকৃততে ই হ’ল এক সৌৰ বতাহ আৰু কণা বিশ্লেষণ আহিলা। এই আহিলাই প্রন আৰু তাতকৈ গধুৰ আয়নবোৰ, তাৰ দিশৰ সৈতে, নিৰীক্ষণ কৰিব।

৬। ‘প্লাজমা এনালাইজাৰ পেকেজ ফৰ আদিত্য’ (PAPA) - ই হ’ল এক স্থানিক আহিলা।  ইও এক সৌৰ বতাহ আৰু কণা বিশ্লেষণৰ আহিলা আৰু ই প্রন আৰু তাতকৈ গধুৰ আয়নবোৰ, তাৰ দিশৰ সৈতে, নিৰীক্ষণ কৰিব।

৭। ‘এডভাঞ্চড ট্রাই-এক্সিয়েল হাই ৰিজলিউছন ডিজিটেল মেগনেট’মিটাৰ’ - ই হ’ল এক স্থানিক আহিলা। ই সেই স্থানৰ বিভিন্ন চুম্বকীয় ক্ষেত্রৰ দিশ (Bx, By and Bz) নিৰীক্ষণ কৰিব।


এতিয়ালৈকে আদিত্য L1-অৰ ভ্রমণৰ ক্রমবিৱৰণী

২০২৩ চনৰ ২ ছেপ্টেম্বৰ – ভাৰতৰ প্রথম সৌৰ নিৰীক্ষক যান আদিত্য L1 ৰ সূর্য - পৃথিৱী L1 লাগ্রাঞ্জ পইণ্টলৈ যাত্রা আৰম্ভ।

৩ ছেপ্টেম্বৰ – প্রথম ‘পৃথিৱী নিয়ন্ত্রিত কক্ষপথীয় পৰিচালন কৌশল’ সফলতাৰে সম্পন্ন। ফলত নতুন কক্ষপথ হ’ল ২৪৫ কিমি × ২২৪৫৯ কিমি। 

৫ ছেপ্টেম্বৰ – দ্বিতীয় ‘পৃথিৱী নিয়ন্ত্রিত কক্ষপথীয় পৰিচালন কৌশল’ সফলতাৰে সম্পন্ন। নতুন কক্ষপথ হ’ল ২৮২ কিমি × ৪০২২৫ কিমি। 

১০ ছেপ্টেম্বৰ - তৃতীয় ‘পৃথিৱী নিয়ন্ত্রিত কক্ষপথীয় পৰিচালন কৌশল’ সফলতাৰে সম্পন্ন। নতুন কক্ষপথ হ’ল ২৯৬ কিমি × ৭১৭৬৭ কিমি। 

১৫ ছেপ্টেম্বৰ – চতুর্থ ‘পৃথিৱী নিয়ন্ত্রিত কক্ষপথীয় পৰিচালন কৌশল’ সফলতাৰে সম্পন্ন। এতিয়া নতুন কক্ষপথ হ’ল ২৫৬ কিমি × ১২১৯৭৩ কিমি।

১৮ ছেপ্টেম্বৰ – আদিত্য L1-য়ে বৈজ্ঞানিক তথ্য সংগ্রহ কৰিবলৈ আৰম্ভ কৰে।

১৯ ছেপ্টেম্বৰ – সূর্য আৰু পৃথিবীৰ মাজৰ লাগ্রাঞ্জ L1 পইণ্টলৈ ৰাওনা।

২০২৪ চনৰ ১২ জানুৱাৰি- লাগ্রাঞ্জ L1 পইণ্টত গৈ উপনীত আৰু হেল’ কক্ষপথত থাকি সূর্যক নিৰীক্ষণৰ কাম আৰম্ভ।

 

***

  

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ