অন্যযুগ/


ধনাঢ্য গুগলৰ বৰ্ণাঢ্য কথা

 দেৱজিৎ ভৰালী

 

গুগল! আমেৰিকাৰ প্ৰখ্যাত তথ্য-প্ৰযুক্তি সংস্থা এলফাবেট (Alphabet Inc.) ৰ এক বৃহৎ অনুষ্ঠান। মানৱ জীৱনৰ সাম্প্ৰতিক তথ্য-প্ৰযুক্তিগত যাত্ৰাৰ অমোঘ শক্তিৰূপে পৰিগণিত গুগল হ’ল সাধাৰণ কথাত এক অনলাইন চাৰ্চ ইঞ্জিন বা তথ্যসন্ধানী মাধ্যম৷ যাৰ ব্যৱহাৰ সম্প্ৰতি বিশ্বৰ ৪০০ কোটি মানুহে কৰে আৰু দৈনিক প্ৰায় ৮৫০ কোটি তথ্যৰ সন্ধান কৰে।

১৯৯৮ চনৰ ৪ ছেপ্টেম্বৰত ষ্টেনফৰ্ড বিশ্ববিদ্যালয়, আমেৰিকাৰ দুগৰাকী ৰিচাৰ্চ ফেল’ লেৰী পে’জ ( Larry Page ) আৰু চাৰ্গে ব্ৰিনে ( Surgey Brin ) ( কম্পিউটাৰ বিজ্ঞানী ) এই বিশাল তথ্য-প্ৰযুক্তি বিপ্লৱৰ সূচনা কৰিছিল। যি কি নহওক, এই প্ৰকল্পই যে এদিন বিপ্লৱৰ সূচনা কৰিব, তাক হয়তো তেখেতলোক দুজনেও ভবা নাছিল। গুগল সম্প্ৰতি তথ্য-প্ৰযুক্তিজগতৰ পিতামহস্বৰূপ। বিশ্বৰ সকলো পৰ্যায়ৰ লোকে দিনটোত এবাৰ হ’লেও গুগল ব্যৱহাৰ কৰে। Google শব্দটো আহিছে Googol ৰ পৰা, যাৰ অৰ্থ হ’ল সংখ্যা ১ ৰ পিছত এশটা শূন্য যাক পোনপ্ৰথমে ব্যৱহাৰ কৰিছিল মিল্টন ছিৰ’টা (Milton Sirotta) বোলা এগৰাকী ব্যক্তিয়ে ১৯২০ চনত। এই যে এশটা শূন্য ব্যৱহাৰৰ কথাটো উল্লেখ কৰা হৈছে- ই অসীম বা অন্তহীন এক প্ৰক্ৰিয়াক বুজাইছে অৰ্থাৎ Google ক অন্তহীনভাৱে তথ্যসন্ধানৰ এক মাধ্যম হিচাপে বুজাবলৈ এই নামকৰণ প্ৰযোজ্য কৰা হৈছে।

থোৰতে গুগলৰ বিভিন্ন সেৱা, পৰিসেৱা, টুল বা আহিলাৰ বিষয়ে থূলমূলকৈ জানো আহক। গুগল নিজে-নিজেই তথ্য-প্ৰযুক্তিখণ্ডৰ এক বিশাল বজাৰ ৷ ইয়াৰ পণ্য তথা সেৱা অলেখ।

১) প্ৰডাক্টিভিটি টুলচ্ ( Productivity Tools ) : জি-মেইল, গুগল একাউণ্ট, গুগল কেলেণ্ডাৰ, গুগল ডকুমেণ্ট এডিটৰ, গুগল চাৰ্ট, গুগল শ্বীট, গুগল ফৰ্ম, গুগল ড্ৰাইভ্ ইত্যাদি।

২) বিজিনেচ্ টুলচ্ ( Business Tools ) : গুগল এনালাইটিকচ্, গুগল ট্ৰেণ্ডচ্, গুগল পাব্লিক ডাটা, গুগল এচিষ্টেণ্টচ্ ইত্যাদি।

৩) গুগল মেপ ( Google Maps ) : গুগল মেপ, গুগল আৰ্থ, গুগল ষ্ট্ৰীট ভিউ, গুগল মুন ইত্যাদি।

৪) ছ’চিয়েল টুলচ্ ( Social Tools ) : ব্লগাৰ, গুগল মীট, গুগল চাট, গুগল ক্লাছৰুম, গুগল ভইচ্ ইত্যাদি।

৫) চাৰ্চ টুলচ্ ( Search Tools ) : গুগল চাৰ্চ, গুগল এলাৰ্টচ্, গুগল এচিষ্টেণ্টচ্, গুগল চাটবট ( জেমিনী ), গুগল লেন্স, গুগল ইমেজ ইত্যাদি।

এনে শ্ৰেণীভুক্ত সেৱা গুগলে ৰাইজৰ বাবে আগবঢ়াই আহিছে। উল্লেখ্য যে উক্ত সৰহসংখ্যক সেৱাই কিন্তু বিনামূলীয়া। হয়, কথাটো মন কৰিলে বুজা যায় যে গুগলে নিজৰ বহুতো সেৱা  বিনামূলীয়াকৈ যোগান ধৰে। তাৰবাবে ব্যৱহাৰকৰ্তাই একো মূল্য ভৰিবলগা নহয়। তৎসত্ত্বেও গুগলৰ সম্পত্তি কিন্তু বিস্ময়কৰ।

সততে প্ৰশ্ন হয়, বিশ্বৰ কোটি কোটি মানুহক বিনামূলীয়াকৈ সেৱা আগবঢ়াই গুগলে লোকচান ভৰেনে অথবা গুগলৰ লাভ হয়নে ?

আহকচোন আলোচনা কৰোঁ।

প্ৰকৃততে গুগলৰ বিশ্বজোৰা সাম্ৰাজ্যৰ আঁৰৰ মূলনীতিয়েই হ’ল - পৃথিৱীত একো বস্তুৱেই বিনামূলীয়া নহয়বোলা বাক্যশাৰী৷ গুগলৰ ভিন ভিন বিভাগে ব্যৱহাৰকাৰীৰ প্ৰয়োজনসাপেক্ষে ভিন ভিন গৱেষণা চলাই থাকে। তথ্য-প্ৰযুক্তিৰ বিশাল বজাৰখনৰ প্ৰয়োজনক গুগলে শ্ৰেণীবিভক্ত কৰি পৃথক পৃথক বাণিজ্যিক আৰ্হি বা মডেল গঢ়ি আগবঢ়াই দিয়ে। কোন গ্ৰাহকৰ প্ৰয়োজনীয়তা কেনে তাৰ ওপৰত নিৰ্ভৰ কৰি কেতবোৰ অত্যাধুনিক তথা জটিল এলগ’ৰিদম্-ৰ জৰিয়তে গুগলে লক্ষ্যস্থিত গ্ৰাহকৰ বাবে সেৱা নিৰ্ধাৰণ কৰে। উদাহৰণস্বৰূপে Google Ads বা গুগল বিজ্ঞাপনৰ বিষয়ে অকণমান উনুকিয়াব পাৰি। অনলাইন পৃথিৱীত বিজ্ঞাপনৰ জৰিয়তে ধন উপাৰ্জন কৰা প্ৰক্ৰিয়াটো আটাইতকৈ শক্তিশালী বুলি ক’ব পাৰি। আপুনি গুগলৰ জৰিয়তে যিকোনো এবিধ সামগ্ৰী সন্ধান কৰিলে দেখিব যে এই সামগ্ৰীৰ বিজ্ঞাপন আপুনি ব্যৱহাৰ কৰা প্ৰতিটো অনলাইন ৱেবছাইট / প্লেটফৰ্মতে আপোনাআপুনিকৈ পুনৰাবৃত্তি প্ৰক্ৰিয়াত উপলব্ধ হৈছে। আপুনি নিবিচৰা সত্ত্বেও বা বাৰে বাৰে কাটি দিয়াৰ পাছতো সেই প্ৰক্ৰিয়া অব্যাহত ৰৈছে।

ইয়াৰ আঁৰত কি প্ৰযুক্তি আছে তাক অকণমান জানিবলৈ প্ৰয়াস কৰোঁ আহক। ২০০০ চনত গুগলে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছিল। সেয়া আছিল “GoogleAdwards৷ কালক্ৰমত এই প্ৰক্ৰিয়াই আহি আজি “Google Ad” ৰূপে পৰিচিত হৈছে। আৰু এই বাণিজ্যিক আৰ্হিবিধেই সম্প্ৰতি গুগলৰ আটাইতকৈ সফল ব্যৱসায়িক আৰ্হি হৈ পৰিছে। গুগলে এই আৰ্হিৰ জৰিয়তে নানান বাণিজ্যিক বিজ্ঞাপনৰ পোষকতা কৰিবলৈ ধৰিলে। ২০০৪ চনত জনপ্ৰিয় “জি-মেইল”, ২০০৫ চনত গুগল মেপ, ২০০৬ চনত য়ুটিউব (য়ুটিউব প্ৰকৃততে পৃথক সংস্থা আছিল, যাক গুগলে ২০০৬ চনত নিজ স্বত্বাধিকাৰীত্বলৈ আনে), ২০০৮ বৰ্ষত গুগল এনড্ৰইড্ ম’বাইল অপাৰেটিং ছিষ্টেম (OS), ২০০৮ চনতেই ৱেব ব্ৰাউজাৰ “গুগল ক্ৰম” ইত্যাদিৰ উপৰি অতিসম্প্ৰতি “Gemini” নামেৰে এক কৃত্ৰিম বুদ্ধিমত্তাৰ চাটব’টো (chatbot) উদ্ভাৱন কৰি উলিয়াইছে। মন কৰিবলগীয়া যে উপৰ্যুক্ত গুগলৰ প্ৰতিটো উদ্ভাৱনেই বিশ্বৰ বজাৰ দখলত প্ৰথমস্থানত আছে। প্ৰতিটো উদ্ভাৱনৰেই তথ্য-প্ৰযুক্তিৰ জগতত জনপ্ৰিয়তাৰ শীৰ্ষস্থানত আছে। এইদৰে গুগলে ২০০ ৰো অধিক বাণিজ্যিক আৰ্হি উদ্ভাৱন কৰিছে৷ কিন্তু উল্লেখনীয়ভাৱে সকলো আৰ্হিয়েই উল্লিখিতসমূহৰ দৰে বাণিজ্যিক সফলতা লাভ কৰিব পৰা নাই। যেনে- গুগল হেংআউট মেছেজিং, গুগল ৰীড্, গুগল টেবলেট, গুগল প্লাচ্ (social media platform ) ইত্যাদিসমূহ গুগলৰ বিফল বাণিজ্যিক আৰ্হিসমূহৰ অন্যতম। অৰ্থাৎ গুগলে যে কেৱল সফলতাৰেই মুখ দেখি আহিছে তেনে নহয়, বহুসময়ত বিফলতাইয়ো গুগলক লগ দিছে। তথাপি গুগলৰ বাণিজ্যিক সফলতাৰ সামগ্ৰিক দিশ চমকপ্ৰদ।

গুগলৰ ৰাজহ বা আয় কিমান ! ২০২২ বৰ্ষটোক মূল হিচাপে লৈ থূলমূল পৰিসংখ্যা এটা আগবঢ়ালোঁ। ২০২২ বৰ্ষত গুগলৰ মুঠ সম্পত্তি প্ৰায় ২৮০ বিলিয়ন ডলাৰ ( ২৮,০০০ কোটি ডলাৰ )। ইয়াক যদি আমি ভাগে ভাগে চাবলৈ যাওঁ তেন্তে প্ৰায় মুঠ সম্পত্তিৰ ৫৮% ( ১৬২ বিলিয়ন ডলাৰ ) আয় কেৱল Google Ads বা গুগল বিজ্ঞাপনৰ জৰিয়তে আহে। নেটৱৰ্ক এড্ বা আমি খুঁচৰা বিভিন্ন ৱেবছাইটসমূহত অলাগতিয়ালভাৱে ভাঁহি ফুৰা বিজ্ঞাপন প্ৰক্ৰিয়াই হ’ল গুগলৰ দ্বিতীয় বৃহৎ উপাৰ্জন, মুঠ আয়ৰ ১১.৭% (৩২.৭৮ বিলিয়ন ডলাৰ)। ঠিক সেইদৰে গুগলৰ তৃতীয় সৰ্বাধিক আয়ৰ উৎস হিচাপে পৰিগণিত হৈছে য়ুটিউবৰ মাধ্যমেৰে প্ৰচাৰ চলোৱা বিজ্ঞাপনৰাজি। ইয়াৰ জৰিয়তে গুগলে আয় কৰে ২৯.২৪ বিলিয়ন ডলাৰ (মুঠ আয়ৰ ১০.৪%)৷ গুগল প্লে’ষ্টৰ বুলি গুগলৰ এক এপ প্লেটফৰ্মো আছে বুলি আমি জানো। ইয়াৰ জৰিয়তে গুগলে কৰা মুঠ আয়ৰ ৭০% এপ নিৰ্মাতাসকললৈ (প্লে’ষ্টৰত হ’ষ্ট কৰাৰ বাবদ) আগবঢ়ায় আৰু ৩০% গুগলৰ নিজা হয়৷ ইমানৰ উপৰি লেপটপ, ফোন আদি হাৰ্ডৱেৰ আহিলা নিৰ্মাণ আৰু বাণিজ্যকৰণৰ যোগেদিও গুগলে শকত অংকৰ ৰাজহ আয় কৰে। অৰ্থাৎ এই গোটেই পৰিসংখ্যাসমূহ ফঁহিয়াই চালে আমি দেখিম যে গুগলৰ সৰ্বাধিক আয়ৰ মূল উৎসটিয়েই হ’ল ইয়াৰ নিজৰেই আটাইতকৈ পুৰণি মডেল Google Ads বা গুগল বিজ্ঞাপন। অৰ্থাৎ গুগলৰ বিশাল সম্পত্তিৰ মূল উৎসই হ’ল তথ্য-প্ৰযুক্তিৰ জগতত গুগল বিজ্ঞাপনৰ থকা বিশাল বিন্যাস।

উল্লেখ্য গুগলে যে কেৱল আয়েই নকৰে, মুঠ আয়ৰ সমানুপাতিক অংশ গৱেষণাখণ্ডত ব্যয়ো কৰে। বিভিন্ন চাবস্ক্ৰাইবাৰ জাতীয় অংশীদাৰসকললৈ ধন বণ্টন কৰে আৰু অন্যান্য বহুতো প্ৰসংগত খৰচ কৰে, তাৰ পৰিসংখ্যা পিছৰ লেখালৈ থলোঁ।

বিনামূলীয়াবোলা ধাৰণাটোৰ প্ৰতি মানুহৰ স্বভাৱজাত প্ৰৱণতাক গুগলে ব্যৱসায়ৰ মূল সমল হিচাপে লৈছে বুলি ক’লেও ভুল কোৱা নহ’ব। বিনামূলীয়া সেৱাৰ যোগেদি গুগলে দৈনিক কোটি কোটি গ্ৰাহকৰ তথ্য সংগ্ৰহ কৰে আৰু সেই তথ্যৰাজিৰ দ্বাৰা গুগলে ব্যক্তিৰ পচন্দ-অপচন্দ, ৰুচিবোধ অনুযায়ী একোটা প্ৰ’ফাইল বা বায়’ডাটা প্ৰস্তুত কৰি বিজ্ঞাপনৰ বজাৰ মেলি দিয়ে। উল্লেখ্য যে গুগলে সংগ্ৰহ কৰা কোটি কোটি তথ্যৰ অপব্যৱহাৰ কোনো কাৰণতেই নকৰে কাৰণ গুগল হ’ল নীতিনিষ্ঠতাৰে পূৰ্ণ এক বৃহৎ সংস্থা আৰু গ্ৰাহকক ই প্ৰতাৰণা নকৰে। প্ৰাইভেচি পলিচি বা বিশ্বাসযোগ্যতাৰ দিশত গুগলে কঠোৰ নিয়ম মানি চলে। যি কি নহওক, গুগলৰ এই বৰ্ণাঢ্য যাত্ৰাই গুগলক ধনাঢ্যতম এক তথ্য-প্ৰযুক্তি সংস্থালৈ পৰিণত কৰিছে। গতিকে লেখাৰ আৰম্ভণিতে “গুগলৰ লাভ হয়নে?” বোলা প্ৰশ্নটিৰ এক উমান পাব পৰা গৈছে।

বহুতো ন ন প্ৰকল্পৰে গুগলে নিত্য নতুন বাণিজ্যিক আৰ্হি তথা বিনামূলীয়া সেৱা ৰাইজলৈ আগবঢ়াই আহিছে। সফলতাৰ আঁৰত কষ্ট, প্ৰত্যাহ্বান, ত্যাগ আদি থাকেই। গুগলো ইয়াৰ ব্যতিক্ৰম নহয়। প্ৰায় ২ লাখ সৰু-বৰ কৰ্মচাৰীৰে সমৃদ্ধ এই বৃহৎ সংস্থাটিৰ বিষয়ে আভাস এটি আগবঢ়াবলৈ চেষ্টা কৰিলোঁ। গুগল নিজেনিজেই এখন আছুতীয়া পৃথিৱী। যিখন পৃথিৱীয়ে জনসাধাৰণক তথ্য-প্ৰযুক্তিৰ সৰ্বোৎকৃষ্ট সুবিধা প্ৰদান কৰি আহিছে।

ফোন : ৯৮৫৪৫৩৯০৬১

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ