অন্যযুগ/


অন্ন, বস্ত্ৰ, আৰু বাসস্থান

(২) বস্ত্ৰ 

 ° ভাৰত বৰুৱা


বস্ত্ৰ মানুহৰ লজ্জা আৰু শীত নিবাৰণৰ এক মুখ্য আহিলা৷ আদিম যুগত মানুহে জন্তুৰ ছাল বা গছৰ বাকলিৰেই এই প্ৰয়োজন পূৰণ কৰিছিল৷ পিছে নিজে বস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকাৰ পৰাই প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন উপাদানেৰে মানুহে বস্ত্ৰ তৈয়াৰ কৰিবলৈ ল’লে৷ লাহে লাহে বিজ্ঞানৰ সফলতা, যন্ত্ৰপাতিৰ আৱিষ্কাৰ আৰু ঔদ্যোগিকৰণে বস্ত্ৰক কেৱল লজ্জা আৰু শীত নিবাৰণৰ আহিলা কৰি ৰখা নাই৷ বস্ত্ৰৰ  উৎপাদন হস্তশিল্প হৈ থাকোঁতে ই আছিল একোখন সমাজ, একোটা সংস্কৃতি বা একোখন দেশৰ পৰিচয়৷ পিছে ঔদ্যোগিকৰণে কৰ্মৰ ওপৰত ভিত্তি কৰি গঢ় লোৱা সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ পৰিচয় বস্ত্ৰৰ জৰিয়তে হ’বলৈ ধৰিলে৷ ই কেৱল জলবায়ু, সমাজ ব্যৱস্থাৰ ওপৰতে নিৰ্ভৰশীল হৈ নাথাকিল; পুৰুষ-মহিলা, বালক-বালিকা, খেলুৱৈ, সুৰক্ষাকৰ্মী, যোদ্ধা, চিকিৎসক, অভিযন্তা, ডুবাৰু, মহাকাশচাৰী, গৱেষণাগাৰৰ গৱেষক ইত্যাদি সকলো কৰ্ম সংস্থানৰ বাবে যেন ভিন্ন ভিন্ন পোছাক তৈয়াৰ হ’বলৈ ধৰিলে৷ প্ৰকৃতিক সূতাৰ পৰা নে সাংশ্লেষিক সূতাৰ পৰা বস্ত্ৰ তৈয়াৰ কৰা, শিশুৰ নে গৰ্ভৱতী মহিলাৰ বস্ত্ৰ, ৰোগীৰ নে জেলৰ অপৰাধীৰ বস্ত্ৰ, ডুবাৰু নে অগ্নিনিৰ্বাপক কৰ্মীৰ বস্ত্ৰ ইত্যাদিৰ ওপৰত নিৰ্ভৰ কৰি বস্ত্ৰৰ প্ৰকাৰ ভিন ভিন হ’বলৈ ধৰিলে৷ নিশ্চয়কৈ বিজ্ঞানৰ দ্ৰুত অগ্ৰগতি আৰু ঔদ্যোগিকৰণে এই সকলো ধৰণৰ পোছাক সম্ভৱপৰ কৰি তুলিছে৷ পিছে বৈজ্ঞানিক দৃষ্টিভংগীৰ ফালৰ পৰা বস্ত্ৰৰ প্ৰয়োজনক এনে ধৰণেৰে দৰ্শাব পাৰি : তাপীয় আৰাম, যিটো মানৱ শৰীৰত থকা মনৰ পৰিস্থিতি - তাপীয় পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি যি পদাৰ্থ পৰিধান কৰিলে মানসিক সন্তুষ্টি লাভ হয়। অৰ্থাৎ আমাৰ শৰীৰে খুব বেছি ঠাণ্ডা আৰু খুব বেছি গৰম অনুভৱ নকৰে - সেয়াই উপযুক্ত বস্ত্ৰ বা পোছাক৷ মানৱ দেহৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে তাপীয় আৰাম বাহাল ৰখাটো অতিকে জৰুৰী- ইয়াৰ সামান্য গড়মিলো আনকি জীৱনৰে পৰিপন্থী কিয়নো শৰীৰৰ অন্তৰ্ভাগৰ তাপমাত্ৰা যদি ৩৭.৫-৩৮.৩ ডিগ্ৰীৰ ওপৰত হয় তাক হাইপাৰথাৰ্মিয়া আৰু ৩৫ ডিগ্ৰীৰ তলত হয় তাক হাইপ’থাৰ্মিয়া বোলা হয় আৰু দুয়োটাই প্ৰাণঘাটক হ’ব পাৰে৷ আনহাতে তাপীয় আৰামৰ অভাৱত ঔদ্যোগিক ক্ষেত্ৰৰ কৰ্মীসকলৰ উৎপাদনশীলতা হ্ৰাস পায় আৰু মূৰকত অৰ্থৰ অধোগতি হয়৷ ঔদ্যোগিক ক্ষেত্ৰত ৪০% শক্তি খৰচ হয় সম্পূৰ্ণ দালানৰ তাপ সঞ্চালন আৰু বায়ু সঞ্চালনত (heating, ventilation, and air conditioning, HVAC)৷ উন্নত মানৰ বস্ত্ৰৰ সহায়ত তাপীয় আৰাম অব্যাহত ৰাখিব পাৰিলে প্ৰায় ২০% মান HVAC-ত খৰচ হোৱা শক্তি কৰ্তন কৰিব পৰা যায়৷ এতিয়া মূল প্ৰশ্নটো হ’ল বিজ্ঞানে সকলো সহজ কৰিছে, উপযোগী কৰিছে, আৰু তাৰ বাবে হয়তো উপভোক্তাই বেছি দাম দিবলৈও ৰাজী আছে৷ পিছে এই বস্ত্ৰৰ সকলো উপযোগীকৰণ স্বাস্থ্যসন্মত হৈছে নে? নে তাৰ পৰা মানৱ শৰীৰত বা পৰিৱেশত বিৰূপ প্ৰভাৱ পৰিছে৷

বয়ন উদ্যোগ :

পৰিৱেশ আৰু স্বাস্থ্যৰ ওপৰত বয়ন উদ্যোগৰ প্ৰভাৱ অতি গুৰুতৰ৷ বয়ন উদ্যোগৰ লগত জড়িত হোৱা কাৰ্বন ফুটপ্ৰিণ্ট, অতিমাত্ৰাৰ পানীৰ ব্যৱহাৰ, পুনঃব্যৱহাৰৰ অভাৱ বা নিম্ন মান, বৃহৎ পৰিমাণৰ আৱৰ্জনাৰ স্ৰজন, আৰু শেষত বিভিন্ন ৰকমৰ ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰে ইয়াক এটা বহুল প্ৰদূষণ  ক্ষেত্ৰলৈ পৰিৱৰ্তিত কৰিছে৷ আমি দৈন্যন্দিন ব্যৱহাৰ কৰা বস্ত্ৰত বহু প্ৰকাৰৰ ৰসায়ন থাকে৷ তাৰে কিছুমান উৎপাদনৰ সময়ত সংযোজিত হয়, পিছে বেছিভাগেই স্বেচ্ছাকৃতভাৱে যোগ কৰা হয়৷ এই ধৰণে যোগ কৰা ৰাসায়নিক দ্ৰব্যসমূহ ছালৰ বিভিন্ন বিকাৰ যেনে সংবেদনশীলতা, ডাৰ্মাটাইটিছ, এলাৰ্জি আৰু লগতে ছালত বসবাস কৰা উপকাৰী মাইক্ৰ’ফ্ল’ৰা (বিভিন্ন ৰকমৰ মাইক্ৰ’অ’ৰ্গানিজম) টুটাব পাৰে৷ বয়ন উদ্যোগত ব্যৱহাৰ কৰা মূল সামগ্ৰীবোৰ হৈছে বিষাক্ত ধাতু, অগ্নিশিখা ৰুদ্ধকাৰক, কীটনাশক, ৰঞ্জক, প্লাষ্টিছাইজাৰ আদি৷ ইয়াৰ কিছু কিছু পদাৰ্থক উৎপাদন প্ৰক্ৰিয়া উন্নত আৰু সক্ষম কৰিবৰ বাবে ব্যৱহাৰ কৰা হয়৷ আন কিছুমান ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হয় যাতে বস্ত্ৰৰ সূতাৰ অগ্নিশিখা ৰোদ্ধ কৰিব পৰা ক্ষমতা থাকে, জলসিক্ততা ৰোধক হয়, ৰঞ্জক ৰোধক ক্ষমতা থকা, পৰিধান কৰোঁতাৰ ছালে যাতে শৰীৰৰ বাষ্প নিষ্কাষণ কৰিব পাৰে অথবা বেক্টেৰিয়া ৰোধক ক্ষমতা থাকে৷ পিছে দেহত পৰিধান কৰাৰ পাছত যদি এই ৰাসায়নিক দ্ৰব্যসমূহ যদি সূতাৰ পৰা এৰ খাই ছালৰ ৰন্ধ্ৰৰ দ্বাৰা শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে তেন্তে গুৰুতৰ শৃংখলাৱদ্ধ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে বা ছালৰ কেঞ্চাৰে দেখা দিব পাৰে৷ গতিকে বয়ন উদ্যোগত ইক’ফ্ৰেণ্ডলি উৎপাদনৰ এক নতুন ধাৰাৰ সৃষ্টি হৈছে৷ লগতে উৎপাদনৰ নতুন নিয়ম-নীতিও বান্ধি দিয়া হৈছে যাতে কম পৰিমাণৰ পানী আৰু ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয় আৰু লগতে জৈৱিক কপাহ ব্যৱহাৰ কৰা হয়, যাতে পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ নপৰে৷ পিছে জৈৱিক খেতিৰ দ্বাৰা উৎপন্ন কৰা জৈৱিক কপাহ ব্যৱহাৰ কৰিলেও ঔদ্যোগিক বস্ত্ৰ উৎপাদনৰ বাবে সূতা তৈয়াৰ কৰাৰ সময়ত বহু ৰাসায়নিক পদাৰ্থ যোগ দিয়া অনিৰ্বায হৈ পৰে৷ গতিকে, ধাৰণক্ষম কেঁচামাল ব্যৱহাৰ কৰিলেও, উৎপাদন প্ৰক্ৰিয়াত বস্ত্ৰই স্থানীয় পৰিৱেশৰ পৰা ৰাসায়নিক পদাৰ্থ যুগুতাই লয় আৰু তাৰ পৰা উপভোক্তাৰ স্বাস্থ্যৰ সংশয় হ’বই পাৰে৷ শিশু, বালক-বালিকা, ডেকা, বয়স্ক সকলোৱেই বস্ত্ৰ ব্যৱহাৰ কৰে৷ ফলস্বৰূপে, সকলো উপভোক্তাই বস্ত্ৰৰ লগত যুক্ত ৰাসায়নিক পদাৰ্থৰ সান্নিধ্যলৈ আহে যদিও কিছু শ্ৰেণী এই ৰাসায়নিক দ্ৰব্যৰ দ্বাৰা আন আন শ্ৰেণীতকৈ বেছি অসুৰক্ষিত৷ এই ক্ষেত্ৰত নৱজাতক আৰু শিশুসকল বেছি অসুৰক্ষিত৷ পিছে এইটোও দেখা যায় যে বস্ত্ৰৰ প্ৰকাৰ আৰু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাপ্তবয়স্কৰ শৰীৰতো বিৰূপ প্ৰভাৱ বা এলাৰ্জিক বিক্ৰিয়া হোৱাৰ বহু উদাহৰণ আছে৷

বয়ন উদ্যোগ এটি অতি পুৰণি উদ্যোগ আৰু লগতে প্ৰযুক্তিৰ ফালৰ পৰা জটিল উদ্যোগ৷ এই উদ্যোগৰ মূল চালিকা শক্তি হ’ল বহু বিধ প্ৰকৃতিক সূতা যেনে কপাহী, মৰাপাট, ৰেচম, ঊণ আৰু আনহাতে সাংশ্লেষিক বা মানৱ-সৃষ্ট সূতা যেনে প’লিএষ্টাৰ, ৰেয়’ন, নাইল’ন, আৰু এক্ৰাইলিক৷ বয়ন উদ্যোগৰ দ্বাৰা উৎপাদিত বস্ত্ৰৰ বৰ্ধিত চাহিদাৰ বাবে বয়ন উদ্যোগত ব্যৱহৃত হোৱা নিষ্কাষিত দূষিত পানীৰ পৰিমাণ বহুলভাৱে বৃদ্ধি পাইছে, আৰু ইয়াৰ পৰা পৰিৱেশ প্ৰদূষিত হৈছে৷ এই প্ৰদূষিত পানীত মূলতঃ হাইড্ৰ’ছালফাইড নামৰ এবিধ ৰাসায়নিক দ্ৰব্য থকা বাবে পানীত থকা অ’ক্সিজেনৰ পৰিমাণ হ্ৰাস পায় আৰু লগতে ই পানীৰ গভীৰতালৈকে সূৰ্যৰ ৰশ্মি প্ৰৱেশ কৰাত বাধাৰ সৃষ্টি কৰে৷ এনে ধৰণৰ অৱস্থিতি জলজ প্ৰাণীৰ বাবে অতিকে হানিকাৰক৷ সমগ্ৰ বিশ্বৰ বয়ন উদ্যোগত ব্যৱহাৰ কৰা ৰঞ্জকবোৰৰ ৪০%-তেই কাৰ্বনৰ লগত সংযোজিত ক্ল’ৰিন থাকে, যিটো কেঞ্চাৰৰ কাৰক৷ বয়ন উদ্যোগত ব্যৱহৃত কিছু কিছু ৰাসায়নিক পদাৰ্থ সহজেই গেছীয় অৱস্থালৈ যায় আৰু এইবিধ হয়তো উশাহত শৰীৰৰ ভিতৰলৈ যায় নতুবা ছালৰ ৰন্ধ্ৰৰে প্ৰবেশ কৰিব পাৰে যাৰ ফলত এলাৰ্জিক বিক্ৰিয়া হয় আনকি কিছু ক্ষেত্ৰত মাতৃ গৰ্ভত থকা শিশুকো আহত কৰিব পাৰে৷ এনে ধৰণৰ ৰাসায়নিক প্ৰদূষণৰ পৰা শৰীৰৰ কোষবোৰৰ নিত্য কৰ্মত বাধা পৰিব পাৰে, যাৰ ফলত জীৱৰ শৰীৰতত্ত্বৰ আৰু জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰ ৰূপান্তৰ হয় যি গুৰুত্বপূৰ্ণ কাৰ্য যেনে শ্বসন, অছম’ৰেগুলেশ্ব’ন, প্ৰজনন, আৰু আনকি নশ্বৰতাকো সলনি কৰিব পাৰে৷ বয়ন উদ্যোগৰ দূষিত নিষ্কাশিত পানীত থকা গধুৰ ধাতুবোৰ জৈৱ-বিভংগনীয় নহয়, গতিকে, ই জীৱৰ দেহৰ মূল অংগবোৰত থূপ পাতে, আৰু পাছলৈ ই বিভিন্ন ৰোগৰ কাৰক হয়৷ গতিকে বিশুদ্ধিকৰণ নকৰা বয়ন উদ্যোগৰ দূষিত পানী জলজ আৰু স্থলজ দুই ধৰণৰ জীৱৰ প্ৰতিকূলেই নহয় বৰং ইয়াৰ পৰা দীৰ্ঘম্যাদী স্বাস্থ্যৰ বিঘিনি ঘটে৷

বয়ন উদ্যোগৰ মূল ৰাসায়নিক পদাৰ্থ :

বয়ন উদ্যোগত ব্যৱহাৰ কৰা বিভিন্ন ৰাসায়নিক পদাৰ্থই বস্ত্ৰৰ সূতাবোৰ পৰিধেয় কৰে, চকুত লগা কৰে আৰু কাৰ্য্যকাৰিতা বৃদ্ধি কৰে৷ পিছে পোছেকক দেখনিয়াৰ কৰা এই ৰাসায়নিক দ্ৰব্য বোৰৰ কিছুমান নিগাজী আৰু কিছুমান ক্ষণস্থায়ীভাৱে সূতাত বান্ধ খাই থাকে আৰু লগতে বিভিন্ন সূতাৰ বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ লগত ৰাসায়নিক বন্ধন ক্ষমতাৰ প্ৰভেদ থাকে৷ ক্ষণস্থায়ীভাৱে বান্ধ খোৱা পদাৰ্থবোৰ সূতাৰ পৰা এৰাই গৈ হয় বায়ুমণ্ডললৈ যায়, নহয়  উশাহত বা ছালৰ ৰন্ধ্ৰৰে শৰীৰত প্ৰৱেশ কৰে৷

১) ফ’ৰমেলডিহাইড : ই এবিধ উদ্বায়ী জৈৱিক পদাৰ্থ (volatile organic compound, VOC), গতিকে সহজেই বায়ুমণ্ডলৰ লগত মিশ্ৰত হয়৷ পোছাকৰ কাপোৰ শোটোৰা নপৰিবৰ বাবে আৰু ৱাটাৰ-প্ৰুফিঙৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়৷ বহুল পৰিমাণৰ ফ’ৰমেলডিহাইড শ্বাসযন্ত্ৰৰ বিকাৰ আৰু ছালৰ ইৰিটেশ্ব’নৰ কাৰক হ’ব পাৰে৷ ইয়াৰ সংষ্পৰ্শত এজমা আৰু ডাৰ্মাটাইটিছে উক দিয়া দেখা যায়৷ গতিকে কিমান পৰিমাণৰ ফ’ৰমেলডিহাইড বস্ত্ৰ উৎপাদনত ব্যৱহাৰ কৰিব পাৰিব তাৰ হাৰ নিৰ্ধাৰিত কৰি দিয়া হৈছে - মুক্ত ফ’ৰমেলডিহাইড (কোনো বস্ত্ৰত যি পৰিমাণৰ ফ’ৰমেলডিহাইড থাকে) আৰু নিৰ্গত ফ’ৰমেলডিহাইড (কোনো বস্ত্ৰৰ পৰা নিৰ্গত হোৱা ফ’ৰমেলডিহাইড)-ৰ পৰিমাণ৷ ১৯৬০-ৰ দশকত বস্ত্ৰত ফ’ৰমেলডিহাইডৰ পৰিমাণ আছিল  ৩০০০ ppm (parts per million)। ১৯৮০ দশকত ই ৫০০ ppm-লৈ কমিছিল আৰু বৰ্তমানৰ পৰিমাণ নিম্নলিখিত ধৰণৰ৷ বৰ্তমান এই নিৰ্গত ফ’ৰমেলডিহাইডৰ মান এনে ধৰণৰ - তিনি বছৰৰ শিশুৰ পোছাকত ০.০০২% (২০ ppm), যি বস্ত্ৰ ছালৰ সংষ্পৰ্শলৈ আহে কিন্তু সেই পোছাক তিনি বছৰৰ উৰ্ধ্বৰ আৰু প্ৰাপ্তবয়স্কৰ বাবে তৈয়াৰ কৰা পোছাকত ০.০০৭৫% (৭৫ ppm) আৰু যি বস্ত্ৰ ছালৰ সংষ্পৰ্শলৈ নাহে তেনে পোছাকত ০.০৩% (৩০০ ppm) ফ’ৰমেলডিহাইড থাকিব পাৰে৷

২) এজ’ ডাই বা ৰঞ্জক : ফটফটীয়া ৰং থকা কাপোৰত মূলতে এজ’ ডাই নামৰ ৰাসায়নিক ৰঞ্জক ব্যৱহাৰ কৰা হয়৷ এইবিধ ৰঞ্জক অতি সহজেই কাপোৰৰ সূতাৰ পৰা এৰ খাই আহিব পাৰে আৰু তাৰ অণুবোৰ ভাঙি এৰ’মেটিক এমিন হৈ পৰে। এই এৰ’মেটিক এমিনবোৰক কেঞ্চাৰৰ কাৰক হিচাপে জনা যায়৷ আন কিছুমান ৰাসায়নিক ৰঞ্জক যেনে ডিছপাৰ্ছ ব্ল ১০৬ আৰু ডিছপাৰ্ছ ব্ল ১২৪ আদিয়ে “কণ্টেক্ট ডাৰ্মাটাইটিছ”-ৰ কাৰক হিচাপে শৰীৰৰ অপকাৰ কৰে৷ কেঞ্চাৰৰ কাৰক এৰ’মেটিক এমিন নিৰ্গত কৰা এজ’ ডাইবোৰ ইউৰোপত ২০০৩ চনতেই নিষিদ্ধ কৰা হৈছিল৷ আমেৰিকাৰ এনে এজ’ ডাই মাথোঁ কেলিফ’ৰ্নিয়াতহে নিষিদ্ধ৷ গোলকীয়ভাৱে নীতি-নিৰ্দেশনাবোৰ বোলেগ হোৱা বাবে স্বয়ং ছাৰ্টিফিকেশ্বন প্ৰামাণিকৰ সৃষ্টি হৈছে যি বয়ন উদ্যোগবোৰক বস্ত্ৰ উৎপাদনৰ সময়ত গ্ৰাহকৰ সুৰক্ষা উপযুক্ত ব্যৱস্থা ল’বলৈ নিৰ্দেশনা দিয়ে৷

৩) গধুৰ ধাতু : বস্ত্ৰত ৰঞ্জক লগোৱাৰ প্ৰক্ৰিয়াত বিভিন্ন ধৰণৰ গধুৰ ধাতুৰ ব্যৱহাৰ কৰা হয়, সেইবোৰ হ’ল - এণ্টিম’নি, কেডমিয়াম, লেড, মাৰ্কাৰী, আৰু ক্ৰ’মিয়াম (VI)৷ এবাৰ শৰীৰত প্ৰৱেশ কৰাৰ পাছত এই ধাতুবোৰো মূলতেই লিভাৰ আৰু কিডনিত থিতাপি লয় আৰু তাৰ ফলস্বৰূপে শৰীৰত নানা বিকাৰ হ’ব পাৰে৷ কেডমিয়াম, লেড, আৰু ক্ৰ’মিয়াম (VI) ক কেঞ্চাৰৰ কাৰক হিচাপে ধৰা হয় আৰু এইকেইবিধ ইউৰোপত ইতিমধ্যেই নিষিদ্ধ৷

৪) অ’ৰগেন’টিন কম্পাউণ্ড : অ’ৰগেন’টিন কম্পাউণ্ডবোৰ কাৰ্বন আৰু টিনযুক্ত হৈ থাকে৷ এইবিধ ব্যৱহাৰৰ কাৰণ হৈছে কাপোৰৰ পৰা শৰীৰৰ দুৰ্গন্ধ ৰোধ কৰা আৰু এণ্টিমাইক্ৰ’বিয়েল হিচাপে ব্যৱহাৰ কৰা৷ গধুৰ ধাতুৰ দৰেই এই টিন শৰীৰত জমা হৈ শৰীৰৰ ইমিউন আৰু প্ৰজনন ক্ষমতাত বাধা দিয়ে৷ অ’ৰগেন’টিন কম্পাউণ্ডৰ ভিতৰত ট্ৰাইবিউটাইলটিন (TBT)  আৰু  ডাইঅ’ক্টাইলটিন (DOT) ইউৰোপৰ বসত্ৰ উদ্যোগত ০.১% ৰ অধিক প্ৰয়োগ কৰা নিষিদ্ধ৷

৫) ক্ল’ৰ’বেনজিন : ক্ল’ৰ’বেনজিন বয়ন উদ্যোগত ৰঞ্জন প্ৰক্ৰিয়াৰ সময়ত বাহক বা দ্ৰাৱক হিচাপে ব্যৱহাৰ কৰা হয়৷ পিছে এইবিধৰ ব্যৱহাৰ প্ৰাকৃতিক সূতাৰ ক্ষেত্ৰত কৰা নহয়, সাধাৰণতে প’লিএষ্টাৰ জাতীয় সূতাৰ বস্ত্ৰতহে ই ব্যৱহৃত হয়৷ এইবিধ উশাহত লোৱা বা ছালৰ সংস্পৰ্শলৈ আহিলেই ইয়াক বিষাক্ত বুলি ধৰা হয় আৰু দীৰ্ঘম্যাদী সংষ্পৰ্শলৈ আহিলে ই লিভাৰ, থাইৰ’ইড আৰু চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেমৰো বিজুতি ঘটাব পাৰে৷ ওপৰত উল্লিখিত ৰাসায়নিক পদাৰ্থবোৰৰ বাদেও আন বহু ৰাসায়নিক পদাৰ্থ বয়ন উদ্যোগত ব্যৱহাৰ কৰা হয়, যেনে বস্ত্ৰৰ নমনীয়তা বঢ়োৱা, ৱাটাৰ-প্ৰুফিং, অগ্নিশিখা ৰোধক ইত্যাদি ইত্যাদি গুণ বঢ়াবৰ বাবে সূতা বা বস্ত্ৰক বহু ধৰণেৰে সাল-সলনি কৰা হয়৷ পিছে বয়ন উদ্যোগত কোনবিধ পদাৰ্থ কিমান পৰিমাণত ব্যৱহৃত হ’ব তাৰ নিয়ম দেশ অনুযায়ী বেলেগ আৰু অনেক ক্ষেত্ৰত একেখন দেশৰেই ঠাই বিশেষে এই নিযমবোৰ ভিন্ন৷ আনহাতে বয়ন উদ্যোগৰো কিছু পৰিমাণৰ সামাজিক দায়ৱদ্ধতা থকা দৰকাৰ। কিছু কিছু ৰাসায়নিক দ্ৰব্য  নিষিদ্ধ নহ’লেও সেইবোৰৰ ইক’ফ্ৰেণ্ডলি বিকল্পবিধ ব্যৱহাৰ কৰাহে বেছি যুক্তিযুক্ত৷ এই ধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ বিচাৰিয়েই কেইবাবিধো “টেক্সটাইল ছাৰ্টিফিকেশ্বন প্ৰ’গ্ৰাম”ৰ স্থাপন কৰা হৈছে৷ এনে ধৰণৰ ছাৰ্টিফিকেশ্বনৰ কেইটামান উদাহৰণ হ’ল - “গ্ল’বেল অ’ৰগেনিক ষ্টেণ্ডাৰ্ড”, “এষ্ঠামা এণ্ড এলাৰ্জি ফ্ৰেণ্ডলি ছাৰ্টিফিকেশ্বন প্ৰ’গ্ৰাম”,  “ন’ৰডিক স্বান ইক’লেৱেল”, আৰু “অ’ইক’ টেক্স” ইত্যাদি৷

 দ্ৰুত ধুন-পেচ (Fast-Fashion) :

 সমগ্ৰ বিশ্বৰ আধুনিক পোছাকত ব্যৱহৃত সূতাৰ দুই তৃতীয়াংশই মূলতঃ প্লাষ্টিক যেনে প’লিএষ্টাৰ, এক্ৰাইলিক, আৰু নাইল’ন৷ এইবোৰৰ উৎপাদনৰ বাবে জীৱাশ্ম-ইন্ধন ব্যৱহাৰ কৰা হয় গতিকে ইয়াৰ ফলত পৰিৱেশৰ ওপৰত বিৰূপ প্ৰভাৱ পৰাটো নিশ্চিত৷ ইয়াৰ পৰিসংখ্যা এনে ধৰণেৰে দিব পাৰি- ২০২০ চনত বিশ্বক ৫৯.৭ মিলিয়ন টন এনে প্লাষ্টিক সূতাৰ দৰকাৰ হৈছিল৷ কাপোৰ তৈয়াৰ কৰাৰ বাবে আটাইতকৈ বেছিকৈ ব্যৱহাৰ হোৱা সূতা বিধ হ’ল প’লিএষ্টাৰ৷ ২০২০ চনত বিশ্ব বজাৰৰ ৫২% প’লিএষ্টাৰ আৰু মাত্ৰ ৫% হে নাইল’ন৷ ২০৩০-ত ইয়াৰ প্ৰত্যাশিত পৰিমাণ হৈছে ১৩৫ মিলিয়ন টন সূতা আৰু তাৰে ৭৫% সাংশ্লেষিক পদাৰ্থৰ হ’ব৷ মেকআৰ্থাৰ ফাউণ্ডেশ্বনৰ পৰিসংখ্যা মতে ২০০০ চনত প্ৰায় ৫০ বিলিয়ন নতুন পোছাক তৈয়াৰ কৰা  হৈছিল আৰু তাৰ ঠিক ২০ বছৰৰ পাছতেই সেই সংখ্যা দুগুণ হ’লগৈ৷ বৰ্তমান সময়ত প্ৰতি বছৰে সমগ্ৰ বিশ্বত ১০০ বিলিয়ন নতুন পোছাক তৈয়াৰ হয় আৰু এই সংখ্যা পৃথিৱীবাসী প্ৰতিজন মানুহৰ বাবে ১৪ বিধ নতুন সম্ভাৰ৷ এজন উপভোক্তাই প্ৰয়োজনতকৈ ৬০% বেছি পোছাক ক্ৰয় কৰে আৰু ১৫ বছৰৰ আগতে তেনেদৰে কিনা পোছাক যিমানবাৰ ব্যৱহাৰ কৰিছিল বৰ্তমান সময়ত তাৰ ৫০% মান হে প্ৰকৃততে ব্যৱহাৰ কৰে৷ আকৌ সুলভ পোছাকৰ উৎপাদন বঢ়াৰ বাবে পোছাকৰ গুণগত মান ক্ৰমে হ্ৰাস হৈছে৷ সস্তাৰ ধুন-পেচ প্ৰসাৰৰ বাবেই উপভোক্তাই আগতকৈ বেছি পোছাক কিনিবলৈ লৈছে আৰু পোছাকৰ গুণ কম হোৱাৰ বাবে সেইবোৰ সঘনাই সলাই থাকিব লগা হৈছে৷ পৰিৱেশৰ ওপৰত এই দ্ৰুত ধুন-পেচৰ  গুৰুতৰ প্ৰভাৱ পৰিছে, কিয়নো ব্যৱহৃত আৰু অব্যৱহৃত পোছাকবোৰ সঘনাই বিনষ্ট কৰা হৈছে৷ বয়ন উদ্যোগত প্ৰচুৰ পৰিমাণৰ শক্তি, সম্পদ, ৰঞ্জক, বিষাক্ত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ হয়, যিবোৰে মাটি আৰু পানী প্ৰদূষিত  কৰে, আনহাতে জীৱাশ্ম-ইন্ধনৰ পৰা পোৱা সাংশ্লেষিক পদাৰ্থ ব্যৱহাৰ কৰে৷ এই দ্ৰুত ধুন-পেচ হৈছে এক ব্যৱসায়িক কৌশল যিটোৱে ত্বৰিৎ গতিৰ কুশল যোগান শৃংখলৰ সৃষ্টি কৰে, যি উৎপাদন কৰে সাজোনমতী পণ্যদ্ৰব্য আৰু সহজেই উপভোক্তাৰ চাহিদা পূৰাব পাৰে৷ এই প্ৰক্ৰিয়াৰে সংশ্লেষিত সূতা ব্যৱহাৰ কৰি সুলভ পোছাক তৈয়াৰ কৰে আৰু ই নিশ্চয়কৈ কাৰ্বন ফুটপ্ৰিণ্ট বঢ়ায়৷ শেষত, দ্ৰুত ধুন-পেচে সমগ্ৰ বিশ্বৰ ১০ ভাগৰ এভাগ কাৰ্বন নিৰ্গমন বৰ্ধিত কৰিছে আৰু লগতে ইয়াৰ উৎপাদন, পৰিধান আৰু ধোৱাৰ সময়ত মাইক্ৰ’প্লাষ্টিক নিৰ্গত কৰে৷ এই দ্ৰুত ধুন-পেচৰ কাপোৰবোৰ দুবাৰমান ব্যৱহাৰ কৰাৰ পাছতেই বৰ্জন কৰাৰ বাবে তৈয়াৰ কৰা হয়৷ এনে মাৰ্কাৰ কাপোৰ উৎপাদন কৰা প্ৰক্ৰিয়াতো মানৱ অধিকাৰ খৰ্ব কৰা আৰু বলপূৰ্বক কাৰ্য আদায়ৰ লগত জড়িত বুলিও কুখ্যাত ৷ বয়নৰ উদ্যোগত সংশ্লেষিত সূতা তৈয়াৰ কৰা হয় আৰু এই সূতাবোৰ বোৱা-কটা কৰি, গুঠি বা বান্ধি বস্ত্ৰ তৈয়াৰ কৰা হয়৷ পোছাক তৈয়াৰ কৰাৰ ওপৰি এই সংশ্লেষিত বস্ত্ৰৰ বহু ধৰণৰ ব্যৱহাৰ আছে যেনে ঘৰুৱা সামগ্ৰী- দলিচা, আচবাব পত্ৰ, পৰ্দা, অন্তৰ্বাস; ঔদ্যোগিক ব্যৱহাৰৰ যেনে চিকিৎসাৰ বস্ত্ৰ, ভূবস্ত্ৰ, এগ্ৰ’বস্ত্ৰ, স্থাপত্য বস্ত্ৰ, সুৰক্ষাদায়ক বস্ত্ৰ, আৰু আন আন ব্যৱহাৰৰ ভিতৰত পুতলা, তামীঘৰা, পতাকা, জাল ইত্যাদি তৈয়াৰ কৰা৷ পিছে এই সকলোবোৰৰ ভিতৰত বস্ত্ৰ আটাইতকৈ বেছিকৈ ব্যৱহাৰ হয় পোছাক তৈয়াৰ কৰাত৷ আনহাতে আকৌ যেতিয়া প্ৰকৃতিক সূতাবোৰত ৰঞ্জক, ৱাটাৰ-প্ৰুফিং ইত্য়াদি নিগাজী কৰাৰ বাবে বিভিন্ন ৰাসায়নিক দ্ৰব্যৰ প্ৰলেপ দিয়া হয় তেতিয়া সেইবোৰ আৰু প্ৰাকৃতিক সূতা হৈ নাথাকে, মোটামুটি সাংশ্লেষিক সূতা হৈ পৰে আৰু তাৰ পৰা তৈয়াৰ কৰা পোছাকো সাংশ্লেষিক পোছাকৰ দৰেই হৈ পৰে৷ পৰিসংখ্যাত পোৱা গৈছে যে মেচিনত কাপোৰ ধোৱাৰ পৰা প্ৰতি বৰ্গমিটাৰত ৩০ হাজাৰৰ পৰা ৪৬৫ হাজাৰ মাক্ৰ’ফাইবাৰ কাপোৰৰ পৰা বিচ্ছিন্ন হয়৷

কেছ-ষ্টাডি - বিষাক্ত ফেশ্বন

আজিৰ আধুনিক যুগত খাদ্য কিনাৰ সময়ত বা স্কিন কেয়াৰ সামগ্ৰী কিনাৰ সময়ত উপাদানৰ সূচী চোৱাত আমি অভ্যস্ত হৈছোঁ৷ পিছে পোছাক কিনাৰ সময়ত আমি সমানেই অনুসন্ধিৎসু হৈছোঁ নে? হয়তো বেছি ভাগেই নহয়৷ তদুপৰি ক’লাৰৰ পিছফালে থকা টেগটোত মথোঁ লিখা থাকে ক’ত তৈয়াৰ কৰা হৈছে, কপাহীনে আন সূতাৰ৷ তাৰ বাহিৰে উৎপাদনৰ সময়ত পোছাক উজ্জ্বল কৰিবলৈ বা ৱাটাৰ-প্ৰুফ কৰিবলৈ অথবা ৰিংকল-ফ্ৰি কৰিবলৈ কি কি ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে তাৰ কোনো তালিকা নাথাকে৷ ২০১৮ চনত ডেল্টা এয়াৰলাইনৰ ফ্লাইট এটেণ্ডেণ্ট (বিশেষকৈ মহিলা)-সকলৰ বাবে এক চক-চকীয়া মসৃণ নতুন য়ুনিফৰ্ম তৈয়াৰ কৰা হৈছিল৷ সেই পোছাক পিন্ধাৰ অনতিপলমেই কিছুসংখ্যক কৰ্মী অসুস্থ হৈ পৰিল৷ পিছে এই অসুস্থতাই তেওঁলোকক একেবাৰে অক্ষম কৰি পেলোৱা নাছিল৷ কিন্তু এই অসুস্থতা আওকাণ কৰিব পৰা বিধৰো নাছিল৷ তাৰ ভিতৰত চৰ্মৰোগ, উশাহত কষ্ট হোৱা, চকু উখহা, চিন্তাৰ অসংলগ্নতা ইত্যাদি আৰু কিছুমানৰ ক্ষেত্ৰত মূৰৰ চুলি সৰি যোৱাৰ দৰে অৱস্থাও পাইছিলগৈ৷ কোনো ক্ষেত্ৰত এই পোছাকত ব্যৱহাৰ কৰা বেঙুনীয়া ৰঞ্জকে পৰিধান কৰাসকলৰ অন্তৰ্বাস, কাণফুলি ইত্যাদিত চেকাও লগাইছিল৷ দুৰ্ভাগ্যজনকভাৱে এই ধৰণৰ পাৰ্শ্বক্ৰিয়া যে য়ুনিফৰ্মৰ পৰা হৈছে বুলি জ্ঞাত হ’বলৈ বা পতিয়ন যাবলৈ কেইবামাহো লাগিছিল৷ লাহে লাহে তেওঁলোকে নিজৰ নিজৰ সমস্যাবোৰৰ কথা নিজৰ মাজতেই পাতিবলৈ লওঁতে, আৰু কেতিয়াৰ পৰা এনে ধৰণৰ আচহুৱা পাৰ্শ্বক্ৰিয়াবোৰ হ’বলৈ ল’লে তাৰ সমীক্ষা কৰোঁতেহে কথাবোৰ সদৰি হৈছিল আৰু সকলোৰে সন্দেহ হৈছিল য়ুনিফৰ্মৰ ওপৰত৷ কিন্তু ডেল্টা এয়াৰলাইনৰ কতৃপক্ষই ইয়াক মানি নল’লে, তেওঁলোকৰ মতে য়ুনিফৰ্মৰ প্ৰতি পোছাক পৰিক্ষণৰ পাছতহে দিয়া হয়৷ পিছত এগৰাকীয়ে একে ধৰণৰ য়ুনিফৰ্ম অন্য উৎসৰ পৰা কিনি পৰিধান কৰাত সকলো সমস্যা দূৰ হ’ল৷ অকল ডেল্টা এয়াৰলাইনেই নহয় আন কেইবাটাও মুখ্য এয়াৰলাইনে তেওঁলোকৰ য়ুনিফৰ্মবোৰ পূৰ্বৰ ঊণৰ পৰা প’লিএষ্টাৰৰ কৰিলে৷ পোছাকৰ উজ্জ্বলতাৰ বাবে সূতাবোৰত ৰঞ্জক ব্যৱহাৰ কৰে আৰু এই ৰঞ্জকবোৰে ছালত বিভিন্ন ধৰণৰ পাৰ্শ্বক্ৰিয়াৰ সৃষ্টি কৰে৷ ইফালে ঊণ হৈছে প্ৰকৃতিকভাৱে জ্বলন-ৰোধক কিন্তু প’লিএষ্টাৰ নহয়, গতিকে জ্বলন-ৰোধক ৰাসায়নিক দ্ৰব্য মিশ্ৰিত কৰা হয়৷ এই ধৰণৰ পোছাকত সাধাৰণতে পাৰ বা প’লিফ্ল’ৰ’এলকাইল জাতীয় পদাৰ্থ  (per-and polyfluoroalkyl substances, PFAS) ব্যৱহাৰ কৰা হয়৷ এই PFAS প্ৰলেপৰ কাম হৈছে পোছাকক তাপ, তেল, চেকা আৰু ৱাটাৰ-প্ৰুফ কৰা৷ পিছে এই PFAS বিধ বিভিন্ন ৰোগ যেনে, থাইৰ’ইডৰ সমস্যা, জন্মগত বিসংগতি, প্ৰজনন ক্ষমতা হ্ৰাস কৰা ইত্যাদিৰ কাৰক৷ ডেল্টাৰ এই ক্ষেত্ৰত মন্তব্য  যে মুঠ ৬৪০০০ কৰ্মীৰ মাত্ৰ ১%-ৰ হে এই ধৰণৰ অসুবিধাবোৰ হৈছিল, গতিকে পোছাকত কোনো দোষ নাই৷ তেওঁলোকে এইটোও দৰ্শায় যে এনে ধৰণৰ ৰাসায়নিক পদাৰ্থ আজিৰ দিনত বজাৰৰ প্ৰায়বিধ সাংশ্লেষিত পোছাকতেই পোৱা যায়৷ পিছে ফ্লাইট এটেণ্ডেণ্টসকলৰ ক্ষেত্ৰত বহু সময়ত তেওঁলোকে দীঘলীয়া যাত্ৰাত ১২ ঘণ্টা বা তাতকৈ বেছি সময় একে পোছাককে পিন্ধি থাকিব লাগে, গতিকে তেওঁলোকৰ ক্ষেত্ৰত সেই ৰাসায়নিক দ্ৰব্যৰ বিৰূপ প্ৰভাৱ পৰাৰ সম্ভাৱনা অন্যতকৈ বেছি হোৱাটো স্বাভাৱিক৷ আৰু লগতে এই য়ুনিফৰ্ম যিহেতু একে উৎসৰ পৰা অহা এনে বিৰূপ প্ৰভাৱৰ লগত তেওঁলোকে সহজেই সংযোগ স্থাপন কৰিব পাৰে৷ মুঠৰ ওপৰত আজিৰ যুগত বজাৰৰ পোছাকবোৰ প্ৰাকৃতিক সূতাৰেই হওক অথবা সাংশ্লেষিত সূতাৰেই হওক ফেশ্বনৰ নামত সেইবোৰত বিভিন্ন ৰাসায়নিক পদাৰ্থৰ প্ৰলেপ সনা আৰু সেই প্ৰলেপৰ পৰা কাৰ কেতিয়া কি পাৰ্শ্বক্ৰিয়া হয় তাৰ কোনো নিশ্চয়তা নাই৷ গতিকে ৰাইজে নিজেই নিজৰ ছাতি, লাঠি আৰু তিয়নি লৈ সদায় যেন সজাগ থাকে যেন৷

তথ্যসূত্ৰ :

১) Toxic, 2022, 10, 361.

২) Environmental Deterioration and Human Health. Springer, Dordrecht.

৩) Chemicals in Textiles and the Health Implications - Allergy Standards

৪) Environmental Health (2018) 17:92 ৫) Joule 4, 724–742, April 15, 2020

৬) FASHION, FIBERS AND HUMAN HEALTH, Plastic Soup Foundation

৭) এন. পি. আৰ.


            ঠিকনা :

Professor of Chemistry

Department of Chemistry and Biochemistry

Kennesaw State University

370 Paulding Avenue, MD#1203

Kennesaw, GA 30144

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ