অন্যযুগ/


সৃষ্টি নে স্ৰষ্টা : এটা অমীমাংসিত প্ৰশ্ন আৰু সৃষ্টিৰ ধাৰাবাহিকতা

প্ৰশান্ত মিশ্ৰ


     ৰাতিপুৱা শুই উঠি বাথৰূমত গা ধুবলৈ সোমাই গীজাৰৰ চুইচ্ছ দিওঁতে আমাৰ মনলৈ নাহে, আনকি তাৰ পাছতো, কোনে, বিজ্ঞানৰ কি নীতি বা তত্ত্বৰ  আধাৰত যন্ত্ৰটি আৱিষ্কাৰ কৰিছিল! একেই কথা কাপোৰ ধোৱা মেচিন অথবা বৈদ্যুতিক ইস্ত্ৰি ব্যৱহাৰ কৰোঁতেও। দৈনন্দিন ব্যৱহৃত এনে বহু সামগ্ৰীৰে আমাৰ জীৱন আৰামপ্ৰদ হোৱাৰ পাছতো আমি কেৱল নিৰ্বাচিত কেতবোৰ জনপ্ৰিয় বৈজ্ঞানিক আৱিষ্কাৰক বাদ দি কোনোদিনে আন বহু আহিলা-পাতিৰ আৱিষ্কাৰকৰ নাম জানিবলৈ ইচ্ছা প্ৰকাশ কৰা নাই; সেই  বিষয় লৈ আমাৰ কোনো মূৰৰ বিষ নাই! 

     বৈজ্ঞানিক বা বিজ্ঞানৰ তত্ত্বৰ কথা আমি নাভাৱোঁ, কিন্তু আৱিষ্কাৰটোৰ আনন্দ লওঁ। অৰ্থাৎ সৃষ্টিটো আমাৰ  জীৱন প্ৰণালী সহজ কৰাত, মানুহৰ আনন্দ বা জ্ঞান বৰ্ধনৰ কামত ব্যৱহৃত হ'ল; আনহাতে, স্ৰষ্টা গৌণ হৈ ৰ'ল। কথাষাৰ অন্য ধৰণেও ক'ব পাৰি। স্ৰষ্টাই তেওঁৰ সৃষ্টি কৰাৰ সময়ত তেওঁৰ পৰিচয়ৰ স'তে সৃষ্টিৰ প্ৰতিনিয়ত সম্পৰ্কৰ কথা নাভাবে; অথবা, সৃষ্টি সম্পূৰ্ণ হোৱাৰ পাছত তেওঁৰ দ্বাৰা উদ্ভাৱিত সূত্ৰ বা ধাৰণা বা নীতি বা তত্ত্বটি, কোনোবা বিজ্ঞান পত্ৰিকাত প্ৰকাশ কৰিলে, তেওঁ স্বীকৃতিপ্ৰাপ্ত হ'ল আৰু তাৰ পাছত কাৰোবাক, হয়তো কোনোবা কোম্পানীক, তেওঁৰ ধাৰণা বা নীতি বা সূত্ৰ বা তত্ত্বটি বিক্ৰী কৰি দিলে আৰু কোম্পানীয়ে সেইটো ক্ৰয় কৰাৰ পাছত পৰিকল্পিত আৰু পদ্ধতিগত নিয়মৰ মাজেৰে তাক ব্যৱসায়িক সামগ্ৰীলৈ পৰিৱৰ্তিত কৰি মানুহৰ মাজলৈ উলিয়াই দিলে। আৰু এটা নিৰ্দিষ্ট সময় উকলি যোৱাৰ পাছত, আইনৰ বাধা আঁতৰি গ'ল, বেলেগ বেলেগ কোম্পানীয়েও সেই আৱিষ্কাৰৰ আধাৰত নিজৰ ধৰণে সামগ্ৰী নিৰ্মাণ কৰিবলৈ ল'লে আৰু মানুহেও তাৰ উপযোগিতাৰ ওপৰতহে গুৰুত্ব দিবলৈ ধৰিলে। সৃষ্টি সঁচাকৈয়ে স্ৰষ্টাৰ হাতৰ পৰা ওলাই মানুহৰ কল্যাণৰ কামত ব্যৱহৃত হ'ল। স্ৰষ্টা গ্ৰন্থ বা বিজ্ঞান পত্ৰিকাৰ মাজত আৱদ্ধ হৈ থাকিল আৰু সৰ্বকালৰ বাবে সাধাৰণ মানুহৰ দৃষ্টিৰ পৰা অন্তৰ্হিত হ'ল। বৈজ্ঞানিক আৱিষ্কাৰৰ নেপথ্যত সক্ৰিয়  বস্তুনিষ্ঠ আৰু নিৰপেক্ষ দৃষ্টি; কেৱল সৃষ্টিৰ আনন্দ- ইয়াৰ অন্য এক কাৰক হ'ব পাৰে।

     আনহাতে,সাহিত্য সৃষ্টিত সৃষ্টিকৰ্তাৰ গুৰুত্ব বাঢ়িবলৈ ধৰিছে। কেতিয়াবা আনকি সৃষ্টিতকৈ স্ৰষ্টাৰ আদৰ বেছি হৈ যায়। কিন্ত আদিতে এনে নাছিল। প্ৰাচীন "ঋক্ কবিতা"সমূহৰ স্ৰষ্টাক আমি নাজানো; পৃথিৱীৰ সকলো ভাষাৰ সম্পদ, যেনে, ফকৰা-যোজনা, নানান লোককবিতা বা গান, বচন আদিৰ ৰচয়িতাৰ বিষয়ে আমাৰ জ্ঞান সীমিত। বিশ্ব-প্ৰকৃতিৰ ভিন ভিন ৰূপ প্ৰতিফলিত হোৱা লোক-সৃষ্টিসমূহত মানুহৰ অনন্ত কৌতূহল, জীৱনৰ অভিজ্ঞতা আৰু সৃষ্টিশীলতাৰ উমান আমি পাওঁ, কিন্তু সৃষ্টিকৰ্তা কোন নাজানো। অৰ্থাৎ ইয়াৰ আঁৰত সৃষ্টিৰ হাবিয়াসহে সক্ৰিয়, স্ৰষ্টাৰ নিজা পৰিচয় নহয়। ফলস্বৰূপে, লোকসৃষ্টিৰ আধাৰত অন্য সৃষ্টি সম্ভৱ হৈছিল। আনকি, বহু বৈজ্ঞানিক আৱিষ্কাৰৰ পৃষ্ঠভূমিও এনে পৰম্পৰাগত জ্ঞান বা কৌশল। ভাৰতীয় প্ৰাচীন অনেক ৰচনাৰ প্ৰকৃত স্ৰষ্টা কোন সেই বিষয়ে নানান যুক্তি-তৰ্ক আৰু সংশয় এতিয়াও সম্পূৰ্ণৰূপে আঁতৰা নাই। অৱশ্যে, পাছলৈ এই ব্যৱস্থা বৰ্তি নাথাকিল। নিজৰ পৰিচয় দিয়াটো প্ৰতিষ্ঠিত নীতিত পৰিণত হ'ল। অন্যথা কালিদাস বা ভৱভূতি আদি লেখকসকলৰ নাম আমি নাজানিলোহেঁতেন! বৈষ্ণৱ কবিসকলে কাব্যৰ শেষত নিজৰ নাম অত্যন্ত বিনয়েৰে উল্লেখ কৰিছিল। ইয়াৰ ফলত শ শ বছৰৰ পাছতো ৰচয়িতাৰ বিষয়ে আমি জানিব পাৰিছোঁ; সাহিত্যৰ ইতিহাস লিখোঁতাৰ কৰ্ম সহজ হৈছে। কিন্তু বৰ্তমান সময়ত এই কথাবোৰে যেন সীমা অতিক্ৰম কৰিছে। এতিয়া সৃষ্টিতকৈ স্ৰষ্টাৰ আদৰ বেছি। এবাৰ সৃষ্টিৰ জগতত প্ৰতিষ্ঠিত হৈ ল'লে তেওঁৰ সকলো সৃষ্টিকেই সমদৃষ্টিৰে চোৱাৰ মানসিকতা এটা জন্ম হৈছে। ই মাৰাত্মক কথা। কাকত, আলোচনীৰ সম্পাদকেও, প্ৰায়ে, কোনে লিখিছে তাৰ ওপৰত গুৰুত্ব দি লেখা প্ৰকাশ কৰে; মানৰ ওপৰত নহয়। এনে হ'লে পাঠক ক্ষতিগ্ৰস্ত হৈ সাহিত্যৰ অনিৰ্বচনীয় আনন্দ লাভৰ পৰা বঞ্চিত হয়। সৰ্বোপৰি, এনে হোৱাৰ ফলত সাহিত্য ঈপ্সিত লক্ষ্যৰ পৰা কক্ষচ্যুত হয়; সাহিত্য সৃষ্টিৰ ধাৰাবাহিক প্ৰক্ৰিয়াত যতি পৰে। মানুহৰ কল্যাণৰ বাবে আৰু নতুন লেখকৰ জন্ম দিবলৈ এনে ব্যৱস্থা সলনি হোৱাটো জৰুৰী। আমি স্ৰষ্টাতকৈ সৃষ্টিক গুৰুত্ব দিবলৈ ল'লে এই অৱস্থাৰ অৱসান হ'ব বুলি ন দি ক'ব পাৰোঁ।

    তদুপৰি, বৈজ্ঞানিক তত্ত্ব প্ৰায়োগিক দিশলৈ বা প্ৰযুক্তিলৈ ৰূপান্তৰ হৈ যিদৰে বিজ্ঞানীৰ পৰিচয়তকৈ বিভিন্ন আৱিষ্কাৰৰ গুৰুত্ব বাঢ়ে আৰু বিজ্ঞানীৰ তত্ত্ব মানুহৰ কল্যাণৰ অৰ্থে ব্যৱহৃত হয়; একেদৰে, সম্পূৰ্ণ নতুন সাহিত্য সৃষ্টিৰ উপৰি, এখন প্ৰকাশিত উপন্যাস বা এটা গল্প বা কবিতাৰ পৰা যদি ন ন সাহিত্য সৃষ্টি  হৈ সৃষ্টিৰ  নিৰন্তৰ প্ৰক্ৰিয়া চলি থাকে, তেনেহলে, সকলো মানুহেই সাহিত্যৰ বিমল আনন্দ উপভোগ কৰিব পাৰিব। উদাহৰণস্বৰূপে, গণেশ গগৈৰ "শকুনিৰ প্ৰতিশোধ" বা চন্দ্ৰপ্ৰসাদ শইকীয়াৰ "মহাৰথী" পঢ়াৰ সময়ত আমি নতুন সৃষ্টিৰূপেই পঢ়োঁ, মহাভাৰতৰ আলম লৈ লিখা বুলি জনাৰ পাছতো।তেন্তে কিয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ "ইয়াৰুইঙ্গম" বা মহিম বৰাৰ "কাঠনিবাৰী ঘাট" বা অজিৎ বৰুৱাৰ "জেংৰাই-১৯৬৩"-ৰ আলমত সৃষ্টিৰ প্ৰতিনিয়ত প্ৰক্ৰিয়া এটা চলি থাকিব নোৱাৰে? ঘাইকৈ লিখনিৰ মাজত লুকাই থকা দৰ্শনৰ পুনৰাৱিষ্কাৰৰ যোগেদি? আৰু যদিহে মানবিশিষ্ট পুনঃসৃষ্টি হয় ( অন্ধ অনুকৰণ অথবা লেখা-চুৰি (Plagiarism)নিশ্চয়কৈ সমৰ্থনযোগ্য নহয়), সিবোৰ নতুন সৃষ্টি হিচাপে স্বীকৃত হোৱাত সমস্যা ক'ত? কোনে জানে পুনঃপঠনে পাঠৰ মাজত নতুন অৰ্থ আৱিষ্কাৰৰ জৰিয়তে অভিনৱ সৃষ্টিৰ দুৱাৰ মুকলি নকৰিব? সাহিত্য সৃষ্টিৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখিবলৈ ইয়াৰ প্ৰয়োজন নাই জানো? 


(কৃতজ্ঞতা : মৃদুল শৰ্মাৰ প্ৰবন্ধ, অন্যযুগ, জুলাই, ২০২১)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ