অন্যযুগ/


কবিতাত স্বৰৰ ভিন্নতা আৰু আত্মাৰ সাৰ্বজনীনতা— ‘শ্ৰীমন্তমনপৰুৱা’ আৰু ‘বতাহত তৰাৰ আখৈ ফুটিছে’

 ধীমান বৰ্মন

 

পৃথিৱীত নতুনকৈ কবলৈ জানো কিবা আছে? সাম্প্ৰতিক জগতখনক সম্মুখত লৈ কবিয়ে যেতিয়া কাব্যৰ সন্ধান কৰে কবিৰ সমুখত দোলা দিয়া আটাইতকৈ জটিল প্ৰশ্নটোৱেই হল উক্ত প্ৰশ্নটো৷ সহজ উত্তৰ এটি থাকে, নতুন বটলত পুৰণি মদ ভৰোৱাৰ দৰে নতুন উপস্থাপনশৈলীৰ সন্ধান৷ কিন্তু কিছু কবি থাকে, নতুন উপস্থাপনশৈলীৰ উপৰি যি নতুন সত্যৰ সন্ধান কৰে পুৰণি পৃথিৱীত আৰু কবিতাৰ শিল্পত্বক যিয়ে অভিভূত কৰি তোলে৷ তেনে প্ৰকৃতিৰে এগৰাকী কবি অনুভৱ তুলসী৷ শ্ৰীমন্তমনপৰুৱাত কবিয়ে সন্ধান কৰিছে পুৰণি পৃথিৱীৰ অনুষংগত নতুন সত্য-- এই যে থিয়কৈ পাহাৰ, নীলা ধোঁৱাই ঢাকি থোৱা, আচলতে চেঁচা হব নোখোজা ধূলিশিখা/ শিলে শিলে ঘঁহি চালেই কথাটো বুজিবা৷  কবিৰ বহুমাত্ৰিক দৃষ্টিত শ্লেষৰ মাজতো যেতিয়া ভালপোৱা জিলিকে কবি হৈ পৰে নতুন দিনৰ কথক-- প্ৰেয়সীৰ বুকুত তৰা চৰা ঠাইখিনিৰ নতুন নাম থোৱা/ গোলাপ ইচ্ছাৰ ববচা বেলিকা মনাইক পৰুৱাই পোৱা৷ সময়ে কবিৰ ওপৰত ক্ৰিয়া কৰে আৰু সেই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া কবিৰ বাবে হৈ পৰে কবিতা-সিদিনাৰ সেইটো গাহৰি কোনোপধ্যেই বোধহয় গাহৰি নাছিল/ চহৰৰ চেপাত পেলাই গাঁৱৰ মুনিহৰ জীৱ কঢ়া যমহে আছিল৷ সাধাৰণৰ মাজতেই অসাধাৰণৰ সন্ধান কবি অনুভৱ তুলসীৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য-- ওচৰলৈ গলে চৰাইটো উৰি গুচি য‍াম/ জীঞাটো, পখিলাটো, আনকি মহটোও/ তই জন্তু নে জীৱলগা আন কিবা... চিত্ৰকল্পৰ পুনৰাবৃত্তিয়ে ভাৰাক্ৰান্ত কৰি তোলা অসমীয়া কবিতাত অনুভৱ তুলসীৰ নতুন দৰ্শন চিত্ৰকল্পবোৰ বসন্তৰ কুঁহিৰ দৰে সতেজ-- গধুৰ নাও নেপায়গৈ সিপাৰ/ সেই কথা জানো বাবেই/ লাহী হলোঁ মই/ পানীমলয়তাকৈও লাহী৷ কবিত কি অকল চিত্ৰভাৱনা? সেয়েহে অনুভৱ তুলসীৰ তীক্ষ্ণ কল্পনাই পাঠকক মূৰ্ত পৃথিৱীৰ চিত্ৰভাবনাৰ পৰা বোধৰ নিজস্ব পৃথিৱীখনলৈ লৈ যায়-সাঁজলগাৰ ধোঁৱা-চাকি জ্বলিছিল ঢিমিকি/ সেতুৰ নাভি দুফাল কৰি যোৱা বাটৰ দাঁতিত/ সাঁজলগা উৰণীয়া সৰু ফুল৷ সমাজ সচেতনতা বৈপ্লৱিক পংক্তি আৰু সৰ্বহাৰাৰ স্পষ্ট অৱতাৰণাতে সীমাৱদ্ধ কৰি থব খোজা শ্লোগানধৰ্মী কাব্যধাৰাক নস্যাৎ পাঠকৰ বাবে অনুভৱ তুলসীয়ে অন্তৰ্মুখিতা আৰু বহিৰ্মুখিতাৰ যুগলবন্দীৰে নিৰ্মাণ কৰে  সমাজ সচেতনাৰ নান্দনিক দ্বন্দ্ব-- ডিঙিলৈকে ঋণত পোত যোৱা পুতলা বাঘক/ কিয় কৰিম ভয় ডেশ্ববৰ্ডত উঠি সি তেনেকুৱাই কৰে৷

অনুভৱ তুলসীৰ বহুমাত্ৰিক স্বৰত যি কবিতাৰ আত্মা লুকাই আছে সেই একেটি আত্মা সোমাই আছে লুটফা হানুম ছেলিমা বেগমৰ বতাহত তৰাৰ আখৈ ফুটিছেকাব্যগ্ৰন্থত৷ অৱশ্যে স্বৰৰ ভিন্নতা স্বাভাৱিকভাৱেই আছে৷ লুটফা হানুম চেলিমা বেগমৰ প্ৰকাশভংগী সৰল, পাঠকৰ ওচৰ চপা, কিন্তু অৰ্থঘন৷ সোঁৱৰণিয়ে জীৱনক মহীয়ান কৰাৰ কথা কবলৈ গৈ কবিয়ে অৱতাৰণা কৰা কল্পনাই যিকোনো স্তৰৰ পাঠককে সচকিত কৰি তোলে-/ বুকুৰ থাপনাত থলে মৌন মণিকূট/ সুখৰ সিংহাসনত খলপা খলপে উৰুলি/ পৱিত্ৰতাৰ মজিয়াত সময়ৰ নান্দনিক স্থিতি/ কবি সামাজিক প্ৰাণী, সামাজিক ৰাজনৈতিক ঘটনাৰাজিক লৈ সচেতন হোৱাটো এজন সঁচা কবিৰ দায়িত্ব৷ আৰু সেই দায়িত্ববোধৰ প্ৰতি সঁহাৰি দিওঁতে কবিৰ উপস্থাপনশৈলী মন কৰিবলগীয়া-- সকলোৰে চকুত হেনো ওলমি আছিল/ একোখনকৈ পষ্টাৰ/ পষ্টাৰবোৰত ওলমি আছিল/ কিছুমান দাবী/ যেন ঢিমিক-ঢামাককৈ জ্বলি থকা/ একোটা টিপ্-চাকি৷ শংকৰদেৱৰ শৰত বন্দনাকে ধৰি শৰতক লৈ ইমানেই লিখা-মেলা হৈছে যে শৰত ভাগৰুৱা হৈছে কবিৰ কলমত, দিনে দিনে মানৱীয় প্ৰমূল্যৰ অৱক্ষয় ঘটা পৃথিৱীত শৰতো সলনি হৈছে, এই কথাখিনিকে মৃদু ব্যংগৰ মাজেৰে যেন কবিয়ে কৈছে শৰতৰ হাতৰ আখৰকবিতাত- নিয়ৰৰ গোট গোট আখৰ/ স্পৰ্শ কৰে বেলিৰ আঙুলিয়ে/ শৰতৰ আৰু লিখিবৰ মন নাযায়৷ লুটফা হানুম চেলিমা বেগম চোকা দৃষ্টিসম্পন্ন কবি৷ নিজৰ চকু খোলা ৰাখি কবিয়ে বাস্তৱ জগতৰ বিভিন্ন আপাত দৃষ্টিত অকাব্যিক যেন লগা অনুষংগৰ মাজতে কবিতাৰ সন্ধান কৰি পাঠকক আলোড়িত কৰি তোলে-- ফুটাবোৰ ফুটা হোৱাৰ আগতে/ এৰি থৈ আহে কিজানি ছিদ্ৰহীন/ জাল এখন অথবা চালনী এখন/ কিন্তু কবিয়ে উল্লেখ কৰা এই ফুটাৰ প্ৰতীকত যেন লাহে লাহে গোটেই জগত সোমাই গৈ আছে-- কিন্তু এটা বৃহৎ ফুটাৰ নাম শূন্যতা/ বিশ্বাস কৰক/ এই বৃহৎ ফুটাটোৰ মাজেৰে/ অবিৰাম ওলোৱা-সোমোৱা কৰি থাকে/ মৃত-অৰ্দ্ধমৃত আৰু জীৱিত সকলো মানুহ৷  তেনে এই ক্ষয়িষ্ণু পৃথিৱীত কবিতা কত! কত মানুহৰ লগত মানুহৰ সম্পৰ্ক! উত্তৰত তীব্ৰ সংবেদনশীল কবিগৰাকীয়ে কয়-- গছজোপাৰ বয়স হৈছে/ চকু জলক্-তবক/ পৃথিৱী এৰি যাবলৈ অসন্মত/ ডাল-পাত সকলো কম্পিত/ স্মৃতিৰ পাহিৰে সাজিছে/ চিতা৷

পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা এই দুয়োখন গ্ৰন্থতে পাঠকে বিচাৰি পাব কবিতাৰ পৃথিৱীত সন্ধান কৰিব খোজা নিজৰেই পৃথিৱী, যেন হেৰুওৱা

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ