অন্যযুগ/


এনিশাৰ এপৰ : শেহতীয়া নাটক

 নীলোৎপল বৰুৱা




অসমীয়া নাটকৰ ক্ষেত্ৰখনত ভাস্কৰ বৰুৱা এটা উদীয়মান চিনাকী নাম। নিৰন্তৰ ক্ষিপ্ৰতাৰে যোৱা দশকটোত নাটকৰ কাম কৰি কাহিনী কথনৰ নিজা কৌশল তৈয়াৰ কৰা ভাস্কৰ বৰুৱা ইতিমধ্যে নিজা শৈলীৰে প্ৰোজ্জ্বল হৈ উঠিছে। মঞ্চায়নৰ স্থানিক আৰু মাত্ৰিক পৰিৱেশক লৈ সম্পৰীক্ষা চলাই থকা মুষ্টিমেয়সকলৰ এজন বৰুৱাৰ শেহতীয়া নাটক - ‘এনিশাৰ এপৰ’। এটা নিটোল আৰু সৰলৰৈখিক কাহিনীৰ ‘ভাস্কৰ বৰুৱা’ শৈলীৰ উপস্থাপন আমাৰ বাবে সম্ভাৱনাৰ বিষয়।


কামৰূপ জিলাৰ তেতেলীয়াস্থিত ‘জোনাক- এন আৰ্ট ফেক্টৰী’-ৰ প্ৰতিস্থাপক, অনুপ হাজৰিকাৰ বা - দা ক্ৰিয়েটিভ ব্ৰীজৰ শিষ্য তথা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক ভাস্কৰ বৰুৱাই যোৱা দশকটোত কেইবাখনো চিন্তা উদ্ৰেককাৰী নাটক অসমৰ দৰ্শকলৈ উপহাৰ দিছে। প্ৰায় ২০০৪ চনৰে পৰা নাটকৰ ক্ষেত্ৰখনত মনোনিৱেশ কৰা বিগত দশকত কৰা কাম বিলাকৰ ভিতৰত - “ৰাৱণ”, মেক্সিম গৰ্কীৰ - মাদাৰ অৱ ট্ৰেইট নামৰ গল্পটোৰ অসমীয়া ৰূপান্তৰকৰণ- “কেঁকনি”, “হু এম আই”, “ শংকৰদেৱ”, “কথা কোৱা ছৱি”, “টেটোন তামূলী”, “পপীয়া তৰা”, “কৰ্ণ ইত্যাদি”, “বন্দীত্ব”, আদি অন্যতম।


শ্বেইক্সপীয়েৰৰ “হেমলেট”ৰ অসমীয়া অভিযোজনা ২০১৭ চনত যোৰহাট থিয়েটাৰত মঞ্চস্থ কৰাৰ পাছত ভাৰত ৰংগ মহোৎসৱ আৰু “মিনাৰ্ভা থিয়েটাৰ মহোৎসৱলৈও আমন্ত্ৰিত হোৱাৰ লগতে প্ৰশংসিত হৈছিল।

 

বৰুৱাৰ ইতিপূৰ্বে চোৱা নাটকসমূহৰ ভিতৰত “ৰাৱণ” আমাৰ নিজা পছন্দৰ নাটক। মহাকাব্যিক চৰিত্ৰ সমূহৰ ভিতৰত অন্যতম এটা ‘ৰাৱণ’ক বৰুৱাই নিজা ধৰণেৰে নিৰ্মাণ কৰিছিল। আচলতে নিৰ্মাণ কোৱাতকৈ ‘অবিনিৰ্মাণ’ শব্দটোহে সঠিক হ’ব। পৰম্পৰাগত ভাৱে আমি দেখা ‘ৰাৱণ’ক নতুনকৈ দেখিবলৈ বাধ্য কৰিছিল। প্ৰশ্ন উঠিব পাৰে নিৰ্গঠনৰ এই ধামখুমীয়াত ‘ৰাৱণ’ক নতুনকৈ চোৱাৰ অৰ্বাচীন আৰু ৰিভল্যুশ্যনাৰী শৈলীতকৈ আৰুনো কি বেলেগ হ’ব পাৰে। ব্যাখ্যা আমি পাঠান্তৰলৈ থৈছোঁ। পাঠত বন্দী নিৰ্গঠন আৰু আনলাৰ্ণিঙতকৈ নাটকীকৃত নিৰ্গঠন নিশ্চিতভাৱে এক সুকীয়া বিষয়। বৰুৱাৰ ‘ৰাৱণ’ৰ ক্ষেত্ৰত নাটকীকৰণৰ ‘হাজাৰ্ড’ অতিক্ৰমৰ চেষ্টা আমাৰ বাবে প্ৰচুৰ সম্ভাৱনাময়।


সি মাত্ৰ- চৰিত্ৰক ধনাত্মকভাৱে চাবলৈ লোৱাৰ তথাকথিত শৈলীৰ উৰ্দ্ধত।


ভাস্কৰ বৰুৱা সম্পৰীক্ষামূলকভাৱে সমসাময়িক ঘটনাক্ৰমক নাটকীকৰণ কৰাত আগ্ৰহী। চৌপাশৰ অবিৰল ঘটনাগুচ্ছৰ পৰা অমহিমাময় যিকোনো এটা খণ্ডক তুলি-টালি মঞ্চায়ন কৰাত সিদ্ধহস্ত। তদুপৰি  লোক উপাদানসমূহক ব্যৱহাৰ কৰোঁতে চিধাচিধিকৈ ব্যৱহাৰ কৰাৰ বিপৰীতে আধুনিকতাৰ চশমাৰে দেখা ৰূপটোক অগ্ৰাধিকাৰ দিয়ে।



তেতেলীয়াত স্থাপন কৰা নাট্যানুষ্ঠানটোত বৰুৱাই অ’পেন থিয়েটাৰ স্পেচক - ‘স্পেচ’ হিচাপেই ব্যৱহাৰ কৰাৰ সম্পৰীক্ষামূলক প্ৰচেষ্টা এটা চলাই গৈছে। সম্প্ৰতি বহু অপেন থিয়েটাৰ স্পেচ দেখিবলৈ পোৱা যায় য’ত স্থানিক ধাৰণাটো প্ৰচেনিয়ামৰ পৰা অলপো মুক্ত নহয়। কোনোবা সময়ত ইয়াক অপেন থিয়েটাৰৰ বিফলতা বা সীমাৱদ্ধতা হিচাপে উনুকিয়াব পৰা যায়। বৰুৱাৰ নাট্যানুষ্ঠানটোত নিজা স্পেচত প্ৰছেনিয়াম অৱধাৰণাক নস্যাৎ কৰি নিৰ্ভেজাল অ’পেন থিয়েটাৰৰ বহুমাত্ৰিকতা প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰা দেখা গৈছে।

 

শেহতীয়াকৈ আমি বৰুৱাৰ নতুন মঞ্চায়ন ‘এনিশাৰ এপৰ’-ৰ দৰ্শক হোৱাৰ সৌভাগ্য ঘটিল। প্ৰায় এঘণ্টা দৈৰ্ঘ্যৰ সাতটা চৰিত্ৰৰ নাটকখনৰ বিষয়বস্তু অতি সাম্প্ৰতিক। কেন্দ্ৰত ভোগবাদক নিমজ্জিত কৰি তাৰ চাৰিওফালে নিজা ঘূৰ্ণীয়মান গতিত বিনষ্ট জীৱন আৰু ভগ্ন মনৰ মানুহৰ কাহিনী। আদৰ্শৰ সংজ্ঞা আৰু অৰ্থ অৱহেলিত। সৎ আৰু অসৎৰ দ্বন্দ্বত সৰ্বদা অসৎ অথবা কাৰুণিক সৎৰ পৰাজয়। কাল্পনিক অভাৱ আৰু সেই অভাৱৰ জোৰা-টাপলি মৰাৰ ছিন্নমূল ভাৱনাৰ এটা গতানুগতিক কাহিনী।

‘এনিশাৰ এপৰ’ মোটামুটিকৈ এটা চ্যৰ-ৰিয়েলিষ্টিক ইম্প্ৰ’ভাইজেশ্যন। বাস্তৱ আৰু অধিবাস্তৱৰ কৌশলপূৰ্ণ সহাৱস্থান।

‘এনিশাৰ এপৰ’ত মুখ্য চৰিত্ৰ এগৰাকী ইতিপূৰ্বে মৃত নাৰী। অৱশ্যে এই কথাটো কাহিনীৰ শেহ ভাগলৈকে উদ্ঘাটিত নহয়। মোহ আৰু মায়াৰ মাজত দিক্‌বিদিক শূণ্য হোৱা চৰিত্ৰবোৰৰ সন্মুখত মৃত্যুৰ পাছতো জৱাৱদিহি হ’ব লগা হোৱা এগৰাকী নাৰীৰ মনোজগতত উদ্ভাসিত হৈছে শাৰী শাৰী প্ৰাচীন ত্ৰুটি। ক্ৰমত সংঘটিত হোৱা ভুলৰ নাগপাশত বন্দী হোৱা প্ৰজন্মৰ পাছৰ প্ৰজন্ম‌ই প্ৰতিবাৰেই প্ৰশ্ন কৰে - কিয় এনে হ’ল!

আদৰ্শ, অস্তিত্ব আৰু বায়ৱীয় সত্বাসমূহৰ মাজত চলি থকা অহৰ্নিশ দ্বন্দ্ব আৰু সংঘাতৰ পৰা মুক্তি ক’ত।

কেন্দ্ৰীয় চৰিত্ৰ দায়ৱদ্ধতাৰ দোষেৰে দোষী। নাটকখনত মূখ্য চৰিত্ৰ সমাজৰ বিভিন্ন স্তৰৰ কৈফিয়ৎ তলৱীৰে মূৰ্ত। সমাজ, পৰিয়াল তথা জীৱনৰ বিভিন্ন স্তৰৰ পৰা প্ৰশ্নবাণ নিক্ষেপিত হৈছে। বুভুক্ষা, লোভ আৰু মোহে আনি দিয়া অপৰাধবোধে ত্বৰান্বিত কৰা মুক্তিৰ বাসনা বিভিন্ন বহিঃপ্ৰকাশেৰে উত্তৰদায়িনীৰ প্ৰতি ধাৱমান।

‘এনিশাৰ এপৰ’-ৰ শেহৰ দৃশ্যসমূহত গম পোৱা যায় যে ইতিপূৰ্বে বিষ মিহলি কফি পান কৰি আত্মহত্যা কৰা বৰ্ষীয়ান মহিলাগৰাকীৰ মঞ্চত কায়িক উপস্থিতি এটা কাহিনী কথনৰ ৰহস্যধৰ্মী কৌশল। যি দৰ্শকক কাল্পনিক জগত এখনৰ পৰা হঠাতে বাস্তৱমুখী কৰি তোলাৰ লগতে চৰিত্ৰসমূহৰ প্ৰতিও সহমৰ্মী কৰি তোলে। নাটকৰ পাছৰ নাটকলৈ দৰ্শকক প্ৰস্তুত কৰি তোলে এটা যাত্ৰাৰ বাবে। যি যাত্ৰা সমকালীন চেতনাযুক্ত।  ‘এনিশাৰ এপৰ’ মানুহৰ মনৰ অতল তলীত তৰপ হৈ বহি থকা পাপ আৰু অপৰাধবোধৰ এক পলৰীয়া উন্মোচন।

 

প্ৰসংগক্ৰমে মহাভাৰতৰ এটা কাহিনীত আলোকপাত কৰিব পৰা যায়। কাহিনীতো যুযুৎসুৰ। কৌৰৱৰ শতপুত্ৰৰ এজন যুযুৎসু। কৌৰৱ‌পক্ষৰ হোৱাৰ পাছতো নিষ্ঠাৰ প্ৰতীক হিচাপে চিহ্নিত হোৱা যুযু্ৎসু এটা মোটামুটিভাৱে উপেক্ষিত চৰিত্ৰ। মহাভাৰতৰ যুদ্ধৰ আগে আগে যুযুৎসুৱে দৈৱকীনন্দন কৃষ্ণক প্ৰশ্ন কৰিছিল- ম‌ই কি কৰা উচিত। কাৰ পক্ষ লোৱা উচিত?

কৃষ্ণৰ কৌশলপূৰ্ণ প্ৰত্যুত্তৰ আছিল- ধৰ্মৰ পক্ষ গ্ৰহণ কৰি যুঁজ কৰা। হে’ যুযুৎসু,  য’ত ধৰ্ম তাত তোমাৰ অৱস্থান।

কথামতে, স্বাভাৱিকতে যুযুৎসুৱে পাণ্ডৱৰ পক্ষলৈ যুঁজিলে। যুদ্ধৰ পাছতে যুযুৎসু বিশ্বাসঘাটক হিচাপে গ্লানিৰ বলি হ’ল। পুনৰ্বাৰ কৃষ্ণক প্ৰশ্ন কৰাত কৃষ্ণৰ উত্তৰ আছিল- হে’ যুযুৎসু, বিপদকালত পৰিয়ালৰ পক্ষ লোৱাটোৱেই মানৱধৰ্ম। পৰিয়ালক এৰি অন্যৰ পক্ষ লোৱাতো অধৰ্ম। নিতান্ত‌ই বিশ্বাসঘাটকতা। লাগিলে উপৰিপক্ষ যিমানেই যুক্তিসংগত আৰু সত্যত প্ৰতিষ্ঠিত নহ‌ওক কিয়।

বিশ্বাসঘাটকতাৰ গ্লানি লৈয়েই যুযুৎসুৱে আত্মহত্যা কৰিব লগা হ’ল।

‘এনিশাৰ এপৰ’তো আদৰ্শ আৰু নিষ্ঠাৰ পৰকাষ্ঠা দেখুউৱা মূখ্য চৰিত্ৰ‌ই আত্মহত্যা কৰিছে। ...আৰু মৃত্যুৰ পাছতো মৃতকৰ প্ৰতি পুত্ৰ, কন্যা, পৰিয়াল, সমাজ প্ৰত্যেকেই আদৰ্শ‌ই কৰা ক্ষতি দৰ্শাই ক্ষোভ উজাৰিছে।জৱাৱদিহি কৰিছে। পূৰ্বক্ৰমত ঘটি যোৱা ঘটনাসমূহৰ দিক নিৰ্দেশৰ দায়িত্বত থকা হেতু দোষাৰোপ কৰিছে। এয়া আচলতে আত্মগ্লানি নিৱাৰণৰ চিৰন্তন মানৱীয় চৰিত্ৰ।

 


দৃশ্যান্তৰত ৱেটাৰজনৰ নিয়মীয়া প্ৰৱেশ ঘটিছে। যিয়ে কেন্দ্ৰীয় চৰিত্ৰক বিষ পানৰ যোগাৰ ধৰিছিল। এই প্ৰৱেশ নিতান্ত‌ই পৰ্বান্তৰৰ মেটাফ’ৰ।

আমাক  আলোড়িত কৰা বিষয়টো হৈছে কাহিনীৰ কথনৰ আলোড়নহীন একৰৈখিকতা। নাটকীয় ট্ৰিটমেন্টে এক মুহূৰ্তৰ বাবেও অৱকাশ নিদিয়ে পাছৰ খণ্ডৰ পূৰ্বানুমানৰ।

থট প্ৰছেছিঙৰ এঘণ্টীয়া কাৰবাৰ এটাত সঠিক প্ৰ’পছ আৰু আলোকসম্পাতে মাত্ৰা প্ৰদান কৰিছে। সাধাৰণতে বহু সময়তে খণ্ডিত অংশসমূহৰ দাবী অনুসৰি আলোকসম্পাত বৰ সহজসাধ্য নহয়। ‘এনিশাৰ এপৰ’-ৰ ক্ষেত্ৰত সেয়া যথাৰ্থ।

বৰণ বিন্যাসে কাহিনীয়ে দাবী কৰা মতে মোক্ষম সমাধা কৰিছে। ডৰথী ভৰদ্বাজৰ সাজসজ্জা যথাযথ আৰু দাবী পূৰক।

সংগীত পৰিচালকৰ নিজা। শেহৰ ফালৰ দৃশ্য এটাত গীত আছে। যিটো কাহিনীৰ নিজা দাবী আৰু ওপৰঞ্চি মাত্ৰা।

সাধাৰণ আৰু জাগতিক কাহিনী এটাই ‘এনিশাৰ এপৰ’-ৰ উপজীৱ্য। কিন্তু তাক নাটকীকৰণ কৰাৰ বুদ্ধিমত্তা আৰু দক্ষতাৰ বাবেই সি তৰপযুক্ত এটি মঞ্চায়নলৈ পৰ্যবসিত হৈছে।

সমূহ কুশীলৱ আৰু পৰিচালকলৈ আমাৰ আন্তৰিক কৃতজ্ঞতা। আমি আশাবাদী।

 

ভ্ৰাম্যভাষ : ৯৮৫৪৫৬৬৪২৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ