অন্যযুগ/


কৃত্ৰিম বুদ্ধিমত্তা - সংশয় আৰু সম্ভাৱনা

 

প্ৰিয়দেৱ গোস্বামী

 

              বৰ্তমান সময়ত বিজ্ঞান চৰ্চাৰ লগত জড়িত ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোবৰ্গৰ মানুহৰ এক ৰ্চচাৰ বিষয় হৈছে কৃত্তিম বুদ্ধিমত্তা (Artificial Intelligence) চমুকৈ AI ৷ আমাৰ মাজত AI শব্দটোৰ প্ৰচলন অধিক হোৱা দেখা গৈছে, অসমীয়া প্ৰতিশব্দৰ ব্যৱহাৰ কম৷ যি নামেৰে মাতক আচল বিষয়টো প্ৰকৃত কথা৷ বিজ্ঞানৰ বিষয় এটাই সকলোস্তৰৰ ব্যক্তিক প্ৰভাৱিত কৰিবপৰাটোও ডাঙৰ কথা৷ আচলতে কিন্তু কথাটো ডাঙৰেই৷ সেইবাবে আলোচনা হোৱাটো অতি দৰকাৰী৷

              বুদ্ধিমত্তা মানুহৰ একচেতিয়া সম্পদ আৰু এই একচেতিয়া সম্পদক মানুহে অজৈৱীকভাৱে তৈয়াৰ কৰিবলৈ এতিয়া অগ্ৰসৰ হৈছে পৃথিৱীৰ সকলো জীৱৰ ভিতৰত এই গুণ অকল মানুহৰ মাজতহে বিৰাজমান৷ এই গুণৰ বাবে মানুহে আন সকলো জীৱক বস কৰিব পাৰিছে বা শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰিছে৷ মানুহৰ মাজত বোধশক্তি বিকাশ সভ্যতাৰ প্ৰথম চাপ৷ ইয়াৰ পাছৰ পৰাই মানুহৰ ইতিহাস আৰম্ভ হৈছে৷ একমাত্ৰ এই বুদ্ধিমত্তাৰ বলত বা ফলত মানুহে ইতিমধ্যে সভ্যতাৰ তিনিটা স্তৰ পাৰ কৰি বৰ্তমানৰ চতুৰ্থ বিপ্লৱত ভৰি থৈছেহি৷ বৰ্তমানৰ এই বিপ্লৱৰ তালিকা শক্তি হৈছে কম্পিউটাৰ (পৰিকলন যন্ত্ৰ) বা তথ্য প্ৰযুক্তিবিদ্যা৷ পৃথিৱীখনৰ দৃশ্যপট সলনি কৰি দিয়া এই শক্তি মানুহৰ বুদ্ধিমত্তাত নিহিত হৈ আছে৷ তেন্তে -

বুদ্ধিমত্তানো কি?

              বুদ্ধিমত্তা হৈছে মানুহৰ এক মানসিক শক্তি৷ ই মানুহৰ মগজুৰ দ্বাৰা পৰিচালিত, যাৰবাবে অভিজ্ঞতাৰ পৰা শিকাৰ সক্ষমতা আহে, নতুন পৰিস্থিতিত খাপ খায় চলিব পাৰে, তাত্বিক তত্ব বিলাকৰ বিষয়ে বুজিব পাৰে বা প্ৰকৃতিৰ অন্তনিহিত সত্য উদঘাটন কৰাৰ সামৰ্থ্য থাকে৷ লগতে নতুন নতুন পৰিস্থিতিত খাপখাব পৰাকৈ জ্ঞানৰ ভাণ্ডাৰ ব্যৱহাৰ কৰিব পাৰে৷ মুুঠৰ ওপৰত এই গুণ হৈছে মানুহৰ মৌলিকভাৱে চিন্তা কৰাৰ সামৰ্থ্য৷ অথাৰ্ৎ বুদ্ধিমত্তা হৈছে মানুহে চিন্তা কৰি নতুন কথা আৱিস্কাৰ কৰিব পৰা সামৰ্থ্য বা সিদ্ধান্ত গ্ৰহণ কৰিব পৰা গুণ৷ আমি এই গুণবোৰৰ অধিকাৰ হোৱাৰ বাবেই বুদ্ধিয়ক৷ আমি নতুন বস্তু বা তত্ব আৱিস্কাৰ কৰিব পাৰোঁ৷ এই সকলোবোৰ জৈৱীক প্ৰক্ৰিয়া মগজুৱে সম্পন্ন কৰে৷ এতিয়া যদি এই গুণবোৰকেই আমি কৃত্ৰিমভাৱে অজৈৱীকভাৱে সৃষ্টি কৰিব পাৰোঁ, তেন্তে বাৰু আমাৰ মানুহবোৰৰ দশা কেনে হ’ব? মানুহে বাষ্প ইঞ্জিন আৰু টেলিগ্ৰাফৰ ভয়ানক শক্তিৰ সঠিক ব্যৱহাৰৰ বিষয়ে বুজি উঠোতে যিমান কষ্ট স্বীকাৰ কৰিবলগা হৈছে [দুখন বিশ্ব যুদ্ধ], তেনেহলে AI আৰু জৈৱ প্ৰযুক্তিৰ বিষয়েবুজোতে কিমান প্ৰত্যাহবানৰ সন্মুখীন হব লাগিব - ই সময়েহে কব৷

AI ৰ বিকাশ -

              কৃত্তিম বুদ্ধিমত্তাৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে কি কি বুনিয়াদী তত্ত্বৰ ওপৰত ভিত্তি কৰি এই বিষয়টো বিকাশ ঘটিছে তাৰ এক চমু আভাস এটা আমি প্ৰথমে জানি থোৱা ভাল৷ বিজ্ঞানৰ ক্ষেত্ৰত কিন্তু এটা কথা দেখা যায় যে কোনো এক তত্ব বিকাশ হওঁতে তাৎক্ষণিকভাৱে ইয়াৰ প্ৰয়োগৰ বিষয়সমূহ পোহৰলৈ নাহে বা কেতিয়াবা অপ্ৰাসঙ্গিক বুলি ধৰিলোৱা এক ধাৰণাই আচৰিত কৰি পাচৰ কালত যুগান্তকাৰী প্ৰভাৱ পেলোৱা দেখা যায়৷ কম্পিউটাৰ বিজ্ঞানৰ ক্ষেত্ৰতো এনে ঘটনা ঘটিছিল৷ ইয়াত কিছু উল্লেখ কৰা হ’ল৷

              প্ৰথমেই নাম ল’ব লাগিব ব্ৰিটিছ গণিতজ্ঞ জৰ্জ বুলৰ৷ বুলে ১৮৫৪ চনত মানুহে কেনে ধৰণে চিন্তা কৰা কাৰ্য সম্পন্ন কৰে এই বিষয়ে বিস্তাৰভাৱে বৰ্ণনা কৰি এখন পুথি (An Investigation of Laws of Thought) প্ৰকাশ কৰিছিল৷ পিছে বুলৰ দাৰ্শনিক তথা গাণিতিক ধাৰণাই সেই সময়ত বিশেষ গুৰুত্ব লাভ কৰা নাছিল৷ কিন্তু ১৯৩৭ চনত আমেৰিকাৰ বৈদ্যুতিক অভিযন্তা Cloudeg-য়ে বুলৰ ধাৰণা বৈদু্যতিক বৰ্তনীত প্ৰয়োগ কৰি দেখুৱালেহে মানুহে কৰা চিন্তাৰ প্ৰক্ৰিয়া বৈদ্যুতিক বৰ্তনীত প্ৰয়োগ কৰিব পাৰি৷ এই কাৰ্যই এক যুগান্তকাৰী পৰিবৰ্তনৰ সূচনা কৰিলে৷ ইয়েই কম্পিউটাৰ বিজ্ঞানৰ আৰম্ভণি৷ আন এক বৃটিছ গণিতজ্ঞ মেথিছন টুৰিঙে এক কাল্পনিক পৰীক্ষাৰ দ্বাৰা দেখুৱালে যে কম্পিউটাৰো মানুহৰ দৰে বুদ্ধিমান হ’ব পাৰে৷ এই দুই মুখ্য  উদ্ভাৱনৰ পাছত কম্পিউটাৰ বিজ্ঞানৰ জয়যাত্ৰা আৰম্ভ হ’ল৷ আমেৰিকাৰ কেইজনমান বিখ্যাত বিজ্ঞানীয়ে ১৯৫৬ চনত Dartmouth college কলেজত এক অভিবৰ্তনত লগহৈ মানুহৰ বুদ্ধিমত্তাক কম্পিউটাৰত কৃত্তিমভাৱে সৃষ্টি কৰিব পাৰি বুলি মত পোষণ কৰে আৰু AI অথাৰ্ৎ কৃত্তিম বুদ্ধিমত্তা বিষয়টোৰ আৰম্ভণি কৰে৷ ত্তন্তু. Carthy- য়ে AI নামটো প্ৰস্তাৱ কৰিছিল কিন্তু সেই সময়ত আমেৰিকাৰ বিখ্যাত অভিযান্ত্ৰিক প্ৰতিষ্ঠান MIT -য়ে এনে বিষয় অবাস্তৱ বুলি উল্লেখ কৰিছিল, যদিও তেওঁলোকে বিষয়টোৰ গৱেষণা আগবঢ়াই নিবলৈ পুঁজিৰ যোগান ধৰিছিল৷ উত্থান-পতনৰ মাজেৰে আহি আজি এই বিষয়টো সকলোতকৈ অধিক চচাৰ্ৰ বিষয় হৈ পৰিছে৷ তেন্তে AI বিষয়টোৰ ভিতৰত কিনো আছে চোৱা যাওঁক৷

              AI বিষয়টো কম্পিউটাৰ বিজ্ঞান আৰু তথ্য প্ৰযুক্তি বিদ্যাৰ অন্তৰ্ভুক্ত৷ বৰ্তমান সময়ত আমাৰ মাজত এনে এটা বিষয় নাই য’ত কম্পিউটাৰৰ ব্যৱহাৰ নাই বা তথ্য প্ৰযুক্তি ব্যৱহাৰ হোৱা নাই৷ অথাৰ্ৎ য’তেই কম্পিউটাৰ আছে তাতে AI -ও আছে৷ বৰ্তমান যোগাযোগৰ একমাত্ৰ মাধ্যম তথ্য প্ৰযুক্তি৷ কলা, সাহিত্য, বিজ্ঞান, ক্ৰিয়া সকলো বিষয়ত কম্পিউটাৰৰ প্ৰভাৱ অপৰিসীম৷ কম্পিউটাৰৰ তথ্য অতি দ্ৰুত গতিত গণনা কৰিব পাৰে, ফলাফল প্ৰকাশ কৰিব পাৰে৷ কম্পিউটাৰৰ শক্তিৰ ক্ষেত্ৰত Intel Corporation ৰ অন্যতম প্ৰতিষ্ঠাতা Gordon Moore-য়ে ১৯৬৫ চনত এক সূত্ৰ প্ৰকাশ কৰিছিল৷ সূত্ৰমতে কম্পিউটাৰৰ কাৰ্যক্ষমতা প্ৰত্যেক ১৪ যাতে দুগুণ হয়৷ এই সূত্ৰৰ আলমত আমাৰ জীৱনলৈ অভূতপূৰ্ব পৰিৰ্বতন আহিল আৰু অথনীতিৰ অভাৱনীয়ভাৱে পৰিৱৰ্তন হল৷ ইতিমধ্যে মানৱ সমাজে হাজাৰ বছৰজুৰি যি জ্ঞানৰ তথ্য লিখিত ৰূপত সঞ্চয় কৰিছিল এই সকলোবোৰ কম্পিউটাৰত সংৰক্ষণ কৰা হৈছে৷ লগতে বৰ্তমান আমি ব্যৱহাৰিক আহিলাবোৰত যি তথ্যৰ আদান প্ৰদান কৰো, এই সকলোবোৰ জমাহৈ আমাৰ প্ৰত্যেকজন ব্যক্তিৰ বিষয়ে আমি নিজে আমাৰ বিষয়ে যিমান জানো, তাতকৈ কম্পিউটাৰে আমাক ভালদৰে জনাৰ ব্যৱস্থা গঢ়ি উঠিছে৷ এতিয়া তথ্য-পাতি গোটখোৱাৰ পাছত আমাৰ মগজুৱে যেনেদৰে চিন্তা কৰি সিদ্ধান্তত উপনীত হয় ঠিক তেনেদৰে কম্পিউটাৰে আমাক সিদ্ধান্ত দিব পৰা হৈছে৷ মানুহৰ মগজুৰ আৰ্হি তৈয়াৰ কৰি কম্পিউটাৰৰ প্ৰগেম প্ৰস্তুত কৰা হৈছে৷ কম্পিউটাৰৰ প্ৰগেমবোৰ হ’ল একো একোটা ‘এলগৰিথ্‌ম’ বা কোনো কাৰ্যৰ কাৰ্যপ্ৰণালী কামবোৰ৷ ইয়েই চমুকৈ AI৷ অথাৰ্ৎ যন্ত্ৰই মানুহৰ দৰে চিন্তা কৰি আমাক ফলাফল জনাব৷ কম্পিউটাৰে পোহৰৰ বেগত গণনা কাৰ্য সম্পন্ন কৰিব পাৰে, কিন্তু ইয়াৰ তুলনাত মানুহৰ মগজুৱে যথেষ্ট ধীৰ গতিত কাৰ্য সম্পাদন কৰে৷ মগজু কিন্তু সাংখ্যিকী নহয়৷ কাৰ্য সম্পাদন কৰা বা কোটি কোটি তথ্য নে’নছেকেণ্ডত (১ নে’নছেকেণ্ড = ১০-৯ ছেকেণ্ড) বিশ্লেষণৰ ক্ষমতাৰ বাবে AI -সম্পন্ন কম্পিউটাৰ মানুহতকৈ অধিক কাৰ্যক্ষম৷ এনেক্ষেত্ৰত AI-ৰ ক্ষমতাই মানুহক চেৰ পেলায়৷ কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ কোনো বিবেচনা শক্তি নাই, অথাৰ্ৎ AI য়ে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে৷ ভাল বেয়া বিচাৰ কৰিব নোৱাৰা AI য়ে কেনে প্ৰভাৱ পেলায় তাৰ এটা তথ্য এইখিনিতে উল্লেখ কৰিছো৷ ২০১২ চনৰ এক তথ্যমতে Youtube -অত প্ৰতিদিনে মানুহে ১০০ ঘণ্টা ভিডিঅ’ চাইছিল৷ মানুহে যিমান ভিডিঅ’ চায়, সিমানেই কোম্পানী বিলাকৰ মুনাফা৷ গতিকে তেওঁলোকে পৃথিৱীৰ বিভিন্ন দেশত মানুহে যিধৰণৰ ভিডিঅ’ চায়, তেনে ধৰণৰ ভিডিঅ’ AI -ৰ জৰিয়তে চাবৰ বাবে বিজ্ঞাপন হিচাপে আগবঢ়াই৷ এনেকাৰ্যৰ ফলত ২০১৬ চনত ম্যানমাৰত আৰু ২০১৪ চনত ব্ৰাজিলত ৰাজনৈতিকভাৱে পৰোচিত হৈছিল৷ ম্যানমাৰত গোষ্ঠিগত সংঘাত সৃষ্টিত এনে ঘটনাই অৰিহণা যোগাইছিল৷ ই এক আন্তঃৰাষ্ট্ৰীয় সমস্যাৰ সৃষ্টি কৰিছিল৷ কিন্তু কোম্পানীৰ বিষয়াই এনে ভিডিঅ’ত সন্নিবিষ্ট বিষয়ৰ বিষয়ে মুঠেই নাজানিছিল৷

              AI -য়ে নিজে চিন্তা কৰি আমাক কিবা নতুন সমাধান দিব পাৰেনে? হয় বহুক্ষেত্ৰত AI -য়ে এনে ক্ষমতা আহৰণ কৰিছে৷ বিশ্বৰ দবা খিতাপ বিজেতা Gary Kespatov -অক ১৯৯৭ চনত Deep blue কম্পিউটাৰে দবা খেলত হৰুৱাই, কম্পিউটাৰে মানুহতকৈ অধিক বুদ্ধিমান হ’ব পাৰে তাৰ প্ৰমাণ ইতিমধ্যে আমাক দিছে৷

              এতিয়া আহোঁ এটা কম্পিউটাৰে নিজে নিজে কেনেকৈ নতুন কথা শিকিব পাৰে, যাক ‘মেচিন লাৰনিং’ বুলি কোৱা হয়৷ মেচিন লাৰনিঙৰ মুখ্য নীতি হল ৱাস্তৱ পৃথিৱীৰ লগত মুখামুখী হৈ যাতে নিজে নতুন কথা শিকিব পাৰে৷ ইয়াৰ ভুলবোৰ আতঁৰাই শুদ্ধ কৰিলোৱাৰ সামৰ্থ্য থাকে৷ এটা কম্পিউটাৰত মজুত থকা তথ্যৰ ভিত্তিত কোনো বিষয়ত ই সিদ্ধান্ত লয়৷ যিটো বিজ্ঞানী দলে ইয়াক তৈয়াৰ কৰিছে৷ তেওঁলোকে জানে ই কি ধৰণে ফলাফল আগবঢ়াব৷ কিন্তু এনে অনেক পদ্ধতি আনবোৰ কম্পিউটাৰতো আছে, যিবিলাক তৈয়াৰকাৰী এটা দলে আনটোৰ বিষয়ে নাজানে৷ ইয়াৰ ফলত আশা কৰাতকৈ কেতিয়াবা বেলেগ ফলাফল ওলায় বা যন্ত্ৰই নতুন পৰিস্থিতিত নতুন তথ্যৰ পৰা কথা শিকি আমাক উন্নত ফলাফল প্ৰদান কৰে৷ তাৰমানে কম্পিউটাৰে অভিজ্ঞতাৰ পৰা তথ্য আহৰণ কৰি মানুহৰ দৰে আমাক ফলাফল দিব পাৰে৷ তথ্যৰ দ্বাৰা AI -ৰ বিশিষ্ট এটা প্ৰগেম (Train) শিকাওঁতে যিমান চেষ্টাৰ প্ৰয়োজন হ’ব, কিন্তু (Untrain) কৰোঁতে তাতকৈ বেছি প্ৰচেষ্টাৰ প্ৰয়োজন হ’ব৷ বৰ্তমান বিভিন্ন প্ৰতিস্থান বা চৰকাৰ AI -নিৰ্ভৰ তথ্য বিশ্লেষণ পদ্ধতিৰ ওপৰত অত্যধিক নিৰ্ভৰশীল হৈ পৰিছে৷ কাৰণ মুহূৰ্তৰ ভিতৰত তথ্য বিশ্লেষণ কৰি আমাক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ সুবিধা কৰি দিছে৷

              AI -ৰ প্ৰয়োগ কিন্তু সকলো দিশতে আছে৷ প্ৰথমে আমি চাওঁ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত ইয়াৰ অৱদান৷ বৰ্তমান যিকোনো বেমাৰৰ বাবে আমি Chat GPT, (AI) -ক এক মাধ্যমক উপদেশৰ বাবে সুধিব পাৰোঁ৷ কম্পিউটাৰত কোনো এক বেমাৰৰ বৰ্তমানলৈকে জ্ঞাত সকলো লক্ষণ ইয়াৰ লগত জড়িত আদি সকলো তথ্য সঞ্চয় কৰি ৰখা হৈছে৷ মানুহৰ বাবে এনে এক বৃহৎ তথ্যৰ ভাণ্ডাৰ মনত ৰখাটো সম্ভৱ মুঠেই নহয়৷ ২০২৩ চনত এক অধ্যয়ন চলোৱা হৈছিল, য’ত ৰোগীক Online -অত Chat GPT আৰু মানৱ চিকিৎসকৰ বেমাৰৰ বিষয়ে উপদেশ ল’বলৈ দিয়া হৈছিল৷ কিন্তু উত্তৰ দিওঁতা কোনজন মানুহ আৰু কোনটো যন্ত্ৰ এই ৰোগীক আগতীয়াকৈ জানিবলৈ দিয়া হোৱা নাছিল৷ পিছত দেখা গ’ল যে Chat GPT-ৰ উপদেশ মানুহতকৈ যথেষ্ট নিখুঁত আছিল৷ অস্ত্ৰোপ্ৰচাৰৰ ক্ষেত্ৰত AI শক্তি সম্বলিত পদ্ধতি মানুহতকৈ অতি নিপুন৷ এনে ব্যৱস্থাৰ ফলত চিকিৎসাৰ ক্ষেত্ৰত এক যুগান্তকাৰী পৰিৱৰ্তন আহিছে৷ কাৰণ এনে পদ্ধতি পৃথিৱীৰ যিকোনো স্থানৰ পৰাই পৰিচালনা কৰিব পৰা যায়, ডাক্তৰক জাননী দিব নালাগে আৰু AI পৰিচালিত ডাক্তৰৰ জিৰণিৰ প্ৰয়োজন নহয়৷ গতিকে ভাবকচোন আগন্তুক দিনত AI -এ স্বাস্থ্যখণ্ডলৈ কেনে ধৰণৰ পৰিৱৰ্তন আনিব৷

              স্বাস্থ্যখণ্ডৰ দৰে শিক্ষাখণ্ডটো AI -য়ে সকলো দিশতে প্ৰভাৱ বিস্তাৰ কৰিছে৷ বৰ্তমান কোনো কথা শিক্ষকৰ পৰা জানিবলৈ আপেক্ষা কৰিব নালাগে AI-ত সুধিলেই হয়৷ বৰ্তমান টেলিভিচনত বহুবোৰ বাতৰি পঢ়োঁতা AI -সৃষ্ট মানৱ সদৃশ যন্ত্ৰহে৷ আমি সাধাৰণভাৱে ধৰিব নোৱাৰোঁ৷ তেনেদৰে AI -ৰ দ্বাৰা তৈয়াৰী চিত্ৰ আৰু মানৱসৃষ্ট শিল্পকলাৰ মাজত প্ৰভেদ বিচাৰি পাবলৈ নোহোৱা হৈছে৷ অলপতে AI- ৰ জৰিয়তে অঁকা চিত্ৰ ইংলেণ্ডত মিলিয়ন পাউণ্ডত বিক্ৰী হৈ অভিলেখ সৃষ্টি কৰিছে৷ বৰ্তমান এখন আবেদন বা কবিতা এটা আমি বিচৰা ধৰণে AI -য়ে লিখি দিব পাৰে৷ বৰ্তমান আমি এনে সুবিধাবোৰ পাই অতি আনন্দিত হৈছো৷ কিন্তু এনে হোৱাৰ ফলত সাধাৰণ মানুহবোৰ অকামিলা হৈ পৰিব আৰু পৃথিৱীত এনে অকামিলা মানুহৰ এক বৰ্গৰ সৃষ্টি হ’ব৷ সাধাৰণ অৰ্থত মানুহৰ সকলো ক্ষমতা ‘এলগৰিথ্‌মত’ নিহিত হ’ব৷ কেনে ক্ষেত্ৰত কেইজনমান প্ৰতিমানৱে গোটেই পৃথিৱীখন চলাব৷ তেতিয়া বাৰু পৃথিৱীখন কেনে হ’ব? বৰ্তমান মানুহৰ মগজুত কম্পিউটাৰ ‘চিপ’ সংলগ্ন কৰিব পৰা হৈছে৷ এনেধৰণৰ প্ৰথম প্ৰচেষ্টা আৰম্ভ হৈছিল জাৰ্মানিত ১৯৯৮ চনত৷ এইক্ষেত্ৰত Nerolink  নামৰ প্ৰতিষ্ঠানটোৱে বিশেষ আগভাগ লৈছে৷ এনে ব্যৱস্থাৰ ফলত মানুহে কৰা চিন্তা যন্ত্ৰত দেখা পোৱা যাব আৰু এই ব্যৱস্থাৰ সম্পূৰ্ণ বিকাশ ঘটিলে স্বাভাৱিক মানুহৰ দশা কেনে হ’ব এতিয়াই অনুমান কৰিব নোৱাৰি৷ AI-য়ে আমাক সকলো ক্ষেত্ৰতে প্ৰভাৱ পেলাব আৰু AI -ৰ পৰামৰ্শ উপেক্ষা কৰাৰ সামৰ্থ্য আমাৰ নাথাকিব৷ ৰাজনীতি আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত AI-ৰ প্ৰয়োগ আটাইতকৈ চিন্তা উদ্বেগকাৰী৷ বৰ্তমান পাৰমানৱিক শক্তিধৰ ৰাষ্ট্ৰসমূহে পাৰমানৱিক অস্ত্ৰক AI-ৰ পৰিধিৰ পৰা আঁতৰত ৰাখিলৈ সিদ্ধান্ত লৈছে৷ ঠিক তেনেদৰে জৈৱীক অস্ত্ৰৰ ক্ৰিয়া-কৰ্মত AI-ৰ প্ৰয়োগ মানৱজাতিৰ বাবে বিপদজনক হ’ব পাৰে৷ বহুতে AI-ৰ ওপৰত গবেষণা আৰু আগনবঢ়াবলৈও পৰামৰ্শ দিছে৷ বিজ্ঞানৰ আৱিস্কাৰ নিজে কেতিয়াও ভাল বা বেয়া হ’ব নোৱাৰে৷ মানুহে বিজ্ঞানক কেনেদৰে ব্যৱহাৰ কৰে তাৰ ওপৰত মানৱ জাতিৰ ভৱিষ্যৎ নিৰ্ভৰ কৰিব৷ জীৱন প্ৰক্ৰিয়া এক ‘এলগৰিথ্‌ম’ আৰু জীৱৰ মৃত্যু এক কাৰিকৰী সমস্যা৷ এনে সমস্যাৰ উত্তৰ বিচাৰি এতিয়া আমি সকলো ব্যস্ত৷

 

লেখক :

প্ৰাক্তন উপাধ্যক্ষ, ডিব্ৰুগড় হনুমেনবক্স সুৰজমল কানৈ (স্বা.) কলেজ

দূৰভাষ : ৯৪৩৫৪৭৩৮৭২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ