অন্যযুগ/


বুৰঞ্জী, ভাষা-সংস্কৃতি আৰু ঐতিহ্য-পৰম্পৰা ৰক্ষাত মহন, দেওধাই আৰু বাইলুংসকলৰ ভূমিকা

 পদ্মজা বৰুৱা মহন

 

প্ৰতিটো জাতি-জনগোষ্ঠীৰে একোটিকৈ স্বকীয় বৈশিষ্ট্য আছে৷ জাতিটোৰ বুৰঞ্জী, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আদিয়ে সেই বৈশিষ্ট্য নিৰূপণ কৰাত সহায় কৰে৷  ইতিমধ্যেই বিশ্বৰ বুকুত গৌৰৱময় আসন অধিকাৰ কৰি নিজৰ মহত্ব আৰু স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জাতি-জনগোষ্ঠী সমূহলৈ লক্ষ্য কৰিলে দেখা যায় যে সি সমূহৰ ভাষা-সাহিত্য, সংস্কৃতিৰ এক স্পন্দনশীল ইতিহাস আছে৷  খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাতে সূদূৰ মাওলুঙৰ পৰা আহি উত্তৰ পূৰ্বাঞ্চলৰ সৌমাৰ পীঠত চাওলুং ছ্যুকাফাই প্ৰতিষ্ঠা কৰা টাই আহোম জাতিটোৰো আছে ঐতিহ্যপূৰ্ণ আৰু গৌৰৱময় ভাষা-সংস্কৃতি৷ আজি আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ আহোমসকলৰ এই গৌৰৱোজ্জ্বল ঐতিহ্য পৰম্পৰা ধৰি ৰখাত মহন-দেওধাই-বাইলুং (মহুং, চাংবুন আৰু মপ্লং) সকলৰ ভূমিকা৷


 বুৰঞ্জী, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আদি হল এটা জাতিৰ দাপোণ লগতে মেৰুদণ্ডস্বৰূপ৷ ইবিলাকত একোখন সমাজৰ, এটা জাতিৰ সকলো দিশেই খোদিত হৈ থাকে৷ যিকোনো এটা ভাষাইও এটা জাতিৰ কৃষ্টি-সংস্কৃতি আৰু ঐতিহ্যৰ ধ্বজাবাহক হিচাপে কাম কৰে৷ টাই-আহোম জনগোষ্ঠীৰো আছে বহুতো বৰ্ণিল কৃষ্টি-সংস্কৃতি, ভাষা- সাহিত্য, ঐতিহ্য-পৰম্পৰা৷ ৷ আৰু এই বৰ্ণাঢ্য কৃষ্টি-সংস্কৃতিৰ বিকাশ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে যিসকল ব্যক্তি সম্প্ৰদায়ে নিৰন্তৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে সেইসকলৰ ভিতৰত জাতিৰ মহামান্য মহন, দেওধাই আৰু বাইলুংসকলৰ ভূমিকা অতুলনীয়৷


 ত্ৰয়োদশ শতিকাৰ দ্বিতীয়-তৃতীয় দশকত নিজকে প্ৰতিষ্ঠা কৰিবৰ বাবে সাৰুৱা মাটিৰ সন্ধানত ম্যুং মাওলুঙৰ পৰা চাওলুং ছ্যুকাফাই লগত প্ৰায় ন হাজাৰ লোক লৈ ব্ৰহ্মপুত্ৰ উপত্যকালৈ অভিযান আৰম্ভ কৰিছিল৷ অন্যসকলৰ লগতে এই দলটিত আহিছিল তিনিটি ৰাজগুৰু বংশ - মহন, দেওধাই আৰু বাইলুং (মহুং, চাংবুন আৰু মপ্লং) ৷ আহোম ভাষাত এই পণ্ডিত শ্ৰেণীক মলুং বুলি কোৱা হয়৷ অৱশ্যে আহোম বুৰঞ্জীত মছাম, ছাই এই দুই পুৰোহিত বংশহে অহাৰ কথা উল্লেখ আছে৷ ইয়াৰ পূৰ্বেই সীমাৰখীয়া দেৱতাৰ উত্তৰাধিকাৰী ৰূপে মপ্লং অৰ্থাৎ বাইলুং সকল আহিছিল আৰু ইয়াত থিতাপি লৈ আছিল বুলি জনা যায়৷ তেওঁলোকে বুকুত বান্ধি আনিছিল পূৰ্বপুৰুষৰ অনেক টাই ভাষাৰ পুথি-পাঁজি আৰু জ্ঞান চৰ্চাৰ পৰম্পৰা৷


চাওলুং ছ্যুকাফাৰ লগত আহি মহুং, চাংবুন আৰু মপ্লং সকলে প্ৰথমেই বুৰঞ্জী লিখাত হাত দিবলগীয়া হৈছিল, কাৰণ বাটত আহোঁতে কোনো লোক আহি নতুনকৈ দলৰ সংগ লোৱাৰ বাবে আকৌ কোনোৱে বাট এৰি যোৱাৰ বাবে চাওফা গৰাকীয়ে পণ্ডিতসকলক এই বিষয়ে লিখি যাবলৈ আদেশ দিছিল আৰু কালক্ৰমত সেই তথ্যসমূহেই বুৰঞ্জীৰ ৰূপ লৈছিল৷



 এই পুৰোহিত শ্ৰেণীটোৱে বুৰঞ্জী লিখনৰ উপৰিও জ্যোতিষ চৰ্চাও কৰিছিল৷ বান ছেং পুথি চাই স্বৰ্গদেউ সকলক ভৱিষ্যতৰ মংগল-অমংগল সম্পৰ্কে জনাইছিল৷ তদুপৰি মলুং হিচাপে দেশ আৰু জাতিৰ মংগলৰ হকে ওম্‌ ফা, ৰিক্‌ খ্বন ম্যুং খাম, মে-ডাম-মে-ফী আদি সকলো ৰাজকীয় কাৰ্য সমাপন কৰিব লগীয়া হৈছিল৷ তেওঁলোকে নিজৰ বংশাৱলী লিপিবদ্ধ কৰি যোৱাৰ উপৰিও চাও ফা (স্বৰ্গদেউ) সকলৰ বংশাৱলীও লিপিৱদ্ধ কৰি ৰাখিছিল আৰু চকলং আৰু অন্যান্য বিশেষ উপলক্ষত এই বংশাৱলীৰ তাৎপৰ্য ব্যাখ্যা কৰিব লাগিছিল৷ তেওঁলোকে সাঁচিপাতত বিভিন্ন পুথি-পাঁজি লিখাৰ উপৰিও পুৰণি সাঁচিপতীয়া পুথি সংগ্ৰহ কৰি নিজ ঘৰৰ পুথিচাঙত মজুত আৰু সংৰক্ষিত কৰি ৰাখিছিল৷


লুংসকলে দেশ তথা ৰজাৰ মংগলৰ বাবে সমাপন কৰিবলগীয়া সকলো পূজা-সেৱা সুচাৰুৰূপে পৰিচালনা কৰিবৰ বাবে দায়ৱদ্ধ আছিল, তাৰোপৰি চাওফা বা অন্যান্য বিষয়াবৰ্গৰ সতি-সন্ততিসকলক টাই ভাষাৰ শিক্ষা প্ৰদান কৰা কাৰ্যতো ব্ৰতী হবলগীয়া হৈছিল৷ এই সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ ধৰণী স্বৰূপ চাওফা সকলে টাই আহোমৰ তিনি পণ্ডিত শ্ৰেণী মহন, দেওধাই ,বাইলুঙক দেশৰ তিনি ৰাজকীয় পণ্ডিত’  (ছাম-ম-মুং), ম-লিক-লাই,(ম-পণ্ডিত, লিক -শাস্ত্ৰ, লাই-প্ৰথম) অৰ্থাৎ আদি শাস্ত্ৰজ্ঞ পণ্ডিত, ম- -ৰুম-ছিং (ম-পণ্ডিত, ৰু-আদি, ছিং-জ্ঞান) অৰ্থাৎ আদি জ্ঞানী পণ্ডিত’  আদি বিভূষণেৰে বিভূষিত কৰিছিল৷


 কালক্ৰমত বামুণী কোঁৱৰৰ দিনৰে পৰা আহোমসকলৰ ওপৰত হিন্দু ধৰ্ম-সংস্কৃতিৰ প্ৰভাৱ পৰাৰ লগতে পৰৱৰ্তী পৰ্যায়ত বৈষ্ণৱ ধৰ্মৰো প্ৰভাৱ পৰিবলৈ ধৰে৷ বহু আহোমে হিন্দু ধৰ্ম গ্ৰহণ কৰে, বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰি সত্ৰত শৰণ লয়৷ আৰু ধৰ্মান্তৰিত হবলৈ  মলুংসকলকো হেঁচা প্ৰয়োগ কৰা হয়৷ জয়ধ্বজ সিংহই হিন্দু ধৰ্মৰ আশ্ৰয় লৈ অহাৰ পৰাই টাই আহোমৰ তিনি পণ্ডিত শ্ৰেণী মহন, দেওধাই, বাইলুং সকলৰ প্ৰতি অৱজ্ঞা বৃদ্ধি পায়৷ প্ৰমত্ত সিংহৰ দিনত হিন্দু ধৰ্মৰ প্ৰতি মন নিদিয়াৰ বাবে মলুংসকলে অত্যাচাৰ-উৎপীড়ন পৰ্যন্ত সহিবলগীয়া হয়৷ আহোম যুগৰ অন্তত বৃটিছৰ যুগতো মলুংসকলে আলৈ-আথানিৰ সমুখীন হয়৷ তেওঁলোকক বৈষ্ণৱ ধৰ্ম লৈ সত্ৰত শৰণ লবলৈ জোৰ দিয়া হয়৷ কিন্তু মলুং বংশৰ লোকসকলে গুৰুৱে অন্য গুৰুৰ ওচৰত শৰণ লব নোৱাৰে’  বুলি নিজৰ স্থিতিত অটল থাকি কোনোপধ্যেই সত্ৰত শৰণ নললে আৰু বাকী আহোমৰ পৰা বিচ্ছিন্ন হৈ নিজৰ ভিতৰতে আৱদ্ধ থাকি ভাষা-সংস্কৃতি চৰ্চাত একান্ত মনে আত্মনিয়োগ কৰি থাকিব ধৰিলে৷ আহোমৰ মাজৰ পৰা নিজা ধৰ্ম লাহে লাহে হেৰাই যোৱাৰ উপক্ৰম হোৱাৰ অৱস্থাতো ভাষা-সংস্কৃতিৰ শলিতাডাল জ্বলাই ৰাখিলে মহন, দেওধাই, বাইলুং এই তিনি পুৰোহিত শ্ৰেণীয়ে৷


যিসকল ব্যক্তিৰ অহোপুৰুষাৰ্থত অসমত মৰো মৰো হোৱা টাই ভাষা-সংস্কৃতি পুনৰুজ্জীৱিত হল সেই মহান ব্যক্তিসকলৰ ভিতৰত প্ৰথমেই আমি নাম লব লাগিব অসমৰ প্ৰথম অভিধান প্ৰণেতা, বিলাত ফেৰৎ টেঙাই মহনৰ৷ সৌ তাহানিতে এইজনা বিদগ্ধ পণ্ডিতে লিখি উলিয়াইছিল টাই আহোম ভাষাৰ এখন অভিধান৷ টেঙাই মহনৰ জন্ম হৈছিল ১৭১৫ খ্ৰীষ্টাব্দত ধোপাবৰ মৌজাৰ ধোপাবৰ অঞ্চলৰ মৌপৰা খাটত৷ তেওঁ আছিল সাত ফৈদীয়া মহনৰ ডাঙৰ ফৈদ দিহিঙীয়া মহন ফৈদৰ৷


টাই-আহোমসকলৰ মাজত অভিধান চৰ্চাৰ পৰম্পৰা দেশৰ ভিতৰতে প্ৰথম বুলি কব পাৰি৷ এইসকলে অসমীয়া ভাষাক মাতৃভাষা ৰূপে আদৰি লোৱাৰ দিন ধৰি আহোম পণ্ডিত শ্ৰেণীৰ মাজত আহোম-অসমীয়া অভিধান চৰ্চাৰ পৰম্পৰা আৰম্ভ হৈছিল৷ টেঙাই মহন ডাঙৰীয়াইও টাই-আহোমৰ বুৰঞ্জী, বিভিন্ন পূজা-বিধিৰ পুথি, মন্ত্ৰ, গীত-মাত, সাহিত্য আদি লিখাৰ উপৰিও এইবিলাক পদ্ধতিগতভাৱে অধ্যয়নৰ সুবিধাৰ্থে টাই-আহোম আৰু অসমীয়া ভাষাৰ এখন অভিধান লিখাৰ কথা চিন্তা কৰিছিল৷


হেমকোষতকৈও প্ৰায় এশ বছৰ আগেয়ে ৰচনা কৰা আৰু ১৯৬৪ চনত ছপা আখৰত প্ৰকাশিত এই পুথিখনৰ মুঠ ১৫৯ পৃষ্ঠাৰ প্ৰতি পৃষ্ঠাত ১৭ টাকৈ প্ৰায় ২৫০০ শব্দ আছে৷ ইংৰাজীত এই পুথিক লেক্সিকন আৰু অসমীয়াত বৰঅম্ৰ নামেৰে নামাকৰণ কৰা হৈছে৷ পণ্ডিত টেঙাই মহনে যে কেৱল অভিধান ৰচনা কৰিছিল তেনে নহয় তেখেতে সেই ওঠৰ শতিকাতে লিখি উলিয়াইছিল প্ৰায় দুকুৰিখনতকৈ অধিক গ্ৰন্থ৷ আহোম ভাষাৰ পুথিৰ ভাঙনিৰ বাবে ইংৰাজ চাহাবে তেখেতৰ বিলাতলৈ লৈ গৈছিল বুলি জনা যায়৷ টাই ভাষাৰ সংকটৰ দিনত এইগৰাকী বিদ্বোৎসাহী ব্যক্তিৰ এই পদক্ষেপ সঁচাকৈয়ে অতুলনীয় আৰু এই খ্যাতিয়ে তেওঁক চিৰকাললৈ অমৰ কৰি ৰাখিব৷


টেঙাই মহনদেৱৰ পিছৰ পৰ্যায়তো মহন-দেওধাই বাইলুং বংশৰ বহুকেইজন গুণৱান ব্যক্তিয়ে টাই ভাষা-সাহিত্য চৰ্চা আৰু সংৰক্ষণত উল্লেখযোগ্য অৱদান আগবঢ়াই গৈছে৷ সেইসকল হল ডামচাও পঞ্চৰাম চাংবুন ফুকন, ডামচাও যজ্ঞৰাম হাতীবৰুৱা, ডামচাও লেপেশ্বৰ হাতীবৰুৱা, ডামচাও গদাই বাণ্টুঙীয়া বৰুৱা, বঙালী মহৰী দেওধাই ফুকন, ডামচাও নন্দ দেওধাই ফুকন, ডামচাও ডম্বৰু দেওধাই ফুকন আদি.....৷


এনেদৰে চেগাচোৰোকাকৈ টাই ভাষা-সংস্কৃতিৰ চৰ্চা, পৰম্পৰা, ৰীতি-নীতি পালন কৰি থকাৰ মাজতে স্বৰাজোত্তৰ অসমৰ বৈষম্য পূৰ্ণ আৰ্থসামাজিক পৰিৱেশত মহন, দেওধাই, বাইলুংসকলৰ এচাম চিন্তাশীল লোকৰ মনত জাগি উঠে সুপ্ত হৈ থকা এই ভাষাটো বহুলভাৱে চৰ্চা কৰাৰ চিন্তা৷ উৎসাহ আৰু প্ৰেৰণাৰ অভাৱত শ শ বছৰ ধৰি ধোঁৱা চাঙত তুলি থৈ দিয়া পুলিন পুথাওৰ দিনৰ পুথি-পাঁজিবোৰৰ চৰ্চা ও গৱেষণা কৰি চাওলুং ছ্যুকাফাই গঢ় দি থৈ যোৱা অসমখনক সেইবোৰৰ সম্ভাৰেৰে আৰু অধিক টনকিয়াল কৰাৰ চিন্তা৷ সেই উদ্দেশ্য আগত ৰাখিয়েই এই তিনি গুৰু বংশৰ চিন্তাশীল লোকসকল সমবেত হৈ ১৯৬২ চনত শিৱসাগৰ জিলাৰ পাটসাঁকোত গঢ় দিয়ে মহন, দেওধাই, বাইলুংসকলক লৈ মহন দেওধাই বাইলুং সন্মিলন৷ এই সন্মিলনৰ প্ৰথম সভাপতি আছিল ডামচাও প্ৰফুল্ল ফুকন আৰু সম্পাদক আছিল গড়গাঁও কলেজৰ বুৰঞ্জী বিভাগৰ প্ৰৱক্তা চাও হীৰেণ ফুকন৷ টাই- আহোমৰ ধৰ্ম, ৰাজ্য শাসনযুক্ত বুৰঞ্জী, নিদান সমূহ, ঘৰ-দুৱাৰ, দেওশাল সমূহ, টাই- আহোম ভাষাত লিখা সাঁচিপতীয়া পুথিসমূহ উদ্ধাৰ, সংৰক্ষণ আৰু একেধাৰে প্ৰচলিত হৈ অহা আহোমসকলৰ পূজা-পাৰ্বণ আৰু পুৰণি কৃষ্টি-সংস্কৃতি পুনৰ্জীৱন দিয়াৰ ক্ষেত্ৰত এই সমিতিখনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে৷


 আন এজন বিদ্বোৎসাহী ব্যক্তি ডামচাও ডম্বৰুধৰ দেওধাই ফুকনে ১৯৬৪ চনত পাটসাঁকোত প্ৰতিষ্ঠা কৰে চেণ্ট্ৰেল টাই একাডেমী৷ এই টাই একাডেমীয়ে টাই-আহোম ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অবিৰত প্ৰচেষ্টা অব্যাহত ৰাখি টাই ভাষাৰ পাঠদান, প্ৰশিক্ষণ আদি নিয়মীয়াকৈ অনুষ্ঠিত কৰি আহিছে৷ ভালে কেইখন টাই-আহোম ভাষাগত পুথি টাইৰ পৰা অসমীয়ালৈ অনুবাদ কৰি প্ৰকাশ কৰিছে৷ অসম তথা ভাৰতৰ বিভিন্ন উছৱথলীত টাই সংস্কৃতিৰ গীত-মাত, নৃত্য পৰিৱেশন আৰু বুৰঞ্জী শিক্ষণৰো ব্যৱস্থা কৰিছে৷

 

পুনৰোল্লেখ কৰা নিষ্প্ৰয়োজন যে টাই- আহোমসকলৰ ধৰ্মীয় গুৰু, প্ৰতিভূ হল এই তিনি পণ্ডিত শ্ৰেণী মহন, দেওধাই, বাইলুংসকল৷ টাই সকলৰ ধৰ্ম-কৰ্ম, ৰীতি-নীতি ঐতিহ্য-পৰম্পৰা ধৰি ৰখাত এই পণ্ডিতমণ্ডলীয়ে সকলো সময়তে গুৰি ধৰি সমাজখন সবল কৰি ৰাখিছে৷ এই বংশৰ লোকসকলে ধৰ্মীয় অনুষ্ঠান বিশেষকৈ পূজা-পাতল সমূহৰ পৰিচালনাৰ বেলিকা সম্পূৰ্ণ টাই পৰম্পৰা ৰক্ষা কৰি টাই ভাষাক প্ৰাধান্য দিয়াই নহয় বিভিন্ন সময়ৰ চিন্তা- চেতনা সমূহো সংৰক্ষণ কৰি আহিছে৷ তেখেতসকলৰ তত্বাৱধানত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত বসতি কৰি থকা আহোমসকলে পৰম্পৰাগত উৎসৱ যেনে মে-ডাম-মে-ফী, বান ফী, ওমফা, চাইফা, ফুৰালুং, চকলং বিবাহ আদি নিজা পৰম্পৰাগত ৰীতি অনুসৰি অনুষ্ঠিত কৰি আহিছে৷


 মহন ,দেওধাই, বাইলুং সকলেই অতীজৰে পৰা চলি অহা বিভিন্ন সামাজিক পৰম্পৰা, খাদ্যাভ্যাস আজিও পালন কৰি আহিছে৷ যেনে, পৰম্পৰাগত প্ৰথা অনুসৰি মৃতকৰ মৈদাম দিয়া, তিনিদিনৰ তিলনী আৰু মাহ- দুইমাহ পিছৰ বিযুৰীয়া দিন এটাত সকাম পতা, দুই ন তিনি বিহু পালন কৰাআলহী-অতিথি আহিলে, বিহুৱে-সংক্ৰান্তিয়ে, কাজে- সকামে লাওপানীৰ ব্যৱহাৰ কৰা, বয়সৰ হিচাপ নধৰি সম্বন্ধ অনুসৰি সম্বোধন ধৰা (বয়সত ডাঙৰ হলেও সম্বন্ধ সৰু হলে সৰু সম্বোধন আৰু ডাঙৰ হলে ডাঙৰ সম্বোধন আদি)ন কঠীয়া পৰা, ন ভূঁই ৰোৱা আদিত সাঁউৰি লোৱা পৰম্পৰা আদি আজিও এই সমাজত অব্যাহত আছে৷  চেৱা দিয়া বৰা ভাত, হুৰুম আদি জলপান আহোমৰ অন্যতম বিশেষ জলপান৷ আৰু বিহুৱে-সংক্ৰান্তিয়ে, উৎসৱে-পাৰ্বণে এই জলপান  আমাৰ মহন, দেওধাই, বাইলুংসকলে খুউব সুন্দৰকৈ প্ৰস্তুত আৰু পৰিৱেশন কৰি আহিছে৷


 মহন, দেওধাই, বাইলুং সকলে শাখা অনুসৰি বংশাৱলী, বংশাৱলী সভা অনুষ্ঠিত কৰি নিজৰ স্বকীয় বিশিষ্টতা ৰক্ষা কৰি আহিছে৷


 টাই আহোম জনসমাজত প্ৰচলিত বিভিন্ন লোকনৃত্য যেনে, লাই লুং খাম নৃত্য, চুম ৰুং ছেং ম্যুং নৃত্য, টাই আহোম হুঁচৰি, ৰাক চাং মাই নৃত্যআই জং লাও আদি নৃত্য পৰিৱেশন আৰু প্ৰচলনৰ ক্ষেত্ৰতো এই তিনি বংশৰ ন- পুৰণি প্ৰজন্মৰ অৱদান অপৰিসীম৷


 সাজ-পোচাকেও এটা জাতিৰ সংস্কৃতিৰ চিনাকী দিয়ে৷ আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত পাট-মুগা দুয়োবিধ শিল্পকে ৰাজকীয় পৃষ্ঠপোষকতাৰে লালন-পালন কৰি তিনি বস্ত্ৰৰ ধাৰণা দিছিল৷ আজিও মহন, দেওধাই, বাইলুং সকলে মুগাৰ চাপকন, চুৰিয়া পৰিধান কৰা, মূৰত পাগ মৰা আদিৰে এই পৰম্পৰা অটুট ৰাখিছে আৰু এই সাজ-পোছাক বিলাকক ৰাইজৰ আগত চিনাকি কৰাই দিছে৷


 ছ্যুকাফাৰ ৰাজত্ব কালৰ পৰা আহোমৰ এই তিনি পুৰোহিত শ্ৰেণীয়ে টাই ভাষাত লিখা-পঢ়াৰ চৰ্চা অব্যাহত ৰাখিছিল আৰু সাঁচিপাতত বিভিন্ন ধৰণৰ পুথি যেনে- জ্যোতিষ শাস্ত্ৰ, অভিধান, বুৰঞ্জী পুথি, মন্ত্ৰ পুথি, বনৌষধি পুথি আদি লিখি গৈছিল আৰু ঘৰৰ পুথিচাঙত সাঁচি ৰাখিছিল৷ ৰজাঘৰ আৰু সংশ্লিষ্ট পুৰাতত্ত্ব বিভাগৰ অৱহেলাৰ পিছতো শতিকা ধৰি এই পুথিবিলাক সযতনে সাঁচি ৰাখিছে মহন, দেওধাই, বাইলুংসকলে৷ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বকতা, পাটসাঁকো, মাহমৰা আদি অঞ্চলৰ গাঁৱত এতিয়াও প্ৰায় মানুহৰ ঘৰত সাঁচিপাতৰ পুথি দেখিবলৈ পোৱা যায়৷


 পুৰাতন পৰম্পৰা ৰক্ষা কৰি মহন, দেওধাই, বাইলুং বংশৰ আজিৰ প্ৰজন্মইও টাই-আহোমৰ অস্তিত্ব ৰক্ষাৰ প্ৰভূত অৰিহণা আগবঢ়াইছে আৰু জাতীয় সত্বা ধৰি ৰাখিছে৷ এইসকলৰ উদ্যোগতে মে-ডাম-মে-ফী, ছ্যুকাফা দিৱস আদি জাতীয় অনুষ্ঠানবোৰে প্ৰাণ পাই উঠিছে আৰু সাৰ্বজনীন ৰূপ পাইছে৷ বহু বাধা-বিঘিনি নেওচিও তেওঁলোকে সমগ্ৰ আহোমৰ বাবে লুপ্তপ্ৰায় ভাষা চৰ্চা, গৱেষণা সম্বলিত পুথি লিখন, সাঁচিপতীয়া পুথি সংৰক্ষণ, ৰীতি-নীতি পালন আদি কৰ্ম নিষ্ঠাৰে পালন কৰি আহিছে৷


এইটো অনস্বীকাৰ্য যে মহন-দেওধাই-বাইলুংসকলে আহোমৰ ঐতিহ্য-পৰম্পৰা, ভাষা-সংস্কৃতি ধৰি ৰখাত প্ৰভূত বৰঙণি যোগাই আহিছে৷ অতিসম্প্ৰতি চাৰিওফালৰ পৰা বিভিন্ন ধৰ্মীয় আচাৰ-নীতিয়ে আহোম সকলক গ্ৰাস কৰি অনাৰ মাজতো এই পুৰোহিত শ্ৰেণীটোৱে প্ৰাচীন পৰম্পৰাগত ৰীতি-নীতিৰে অনুষ্ঠানসমূহ পালন কৰাটো যথেষ্ট লক্ষণীয়৷ লেখত নামমাত্ৰ হৈও এই মহন, দেওধাই, বাইলুংসকলেই আজি পৰ্যন্ত নিজৰ ভাষা-সংস্কৃতি, পৰম্পৰা, ধৰ্ম আদৰ্শ দুবাহুৰে আঁকোৱালি ধৰি ৰাখি সমগ্র অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ টাই সংস্কৃতিৰ গাম্ভীৰ্যপূৰ্ণ ৰীতি নীতি আদৰ্শ ফুটাই তুলি সগৌৰৱে জিলিকি উঠাৰ লগতে সামাজিক সংস্কৃতি তথা সম্প্ৰীতিৰ মনোভাৱ বৰ্তাই ৰাখিবলৈ সক্ষম হৈছে৷


আৰু এইবিলাক কৰ্মৰ বাবেই আমাৰ মহন, দেওধাই, বাইলুংসকলৰ সমাজত আদৰ সন্মান বাঢ়িছে৷ আশা কৰোঁ চাওলুং ছ্যুকাফাই সাতৰাজ সামৰি একৰাজ কৰি গঢ়ি তোলাৰ বৰ অসমখনৰ ঐতিহ্য, পৰম্পৰা, ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত অদূৰ ভৱিষ্যতেও মহন, দেওধাই, বাইলুংসকলে এনেদৰে আগবাঢ়ি যাব আৰু জাতি-মাটি-ভেঁটি ৰক্ষাৰ বাবে কাম কৰি সময় বালিত নিজৰ নাম ৰাখি যাবলৈ সক্ষম হব৷ 

* * *

 

ঠিকনা : 

লাইছেং গাঁও, দিচাংপানী৷

চৰাইদেউ, অসম৷

পিন- ৭৮৫৬৮৯

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ