অন্যযুগ/


নীলমণি ফুকন আৰু ছীমাছ হিনী

ড° চুলতান আলী আহমেদ


নীলমণি ফুকনৰ কবিতা আলোচনা কৰোঁতে স্বাভাৱিকভাৱে বিদেশী কবিতাৰ প্ৰসংগ আহি পৰেযেনে, লৰকাৰ কথা আহিছে, ভাস্কো পপা আহিছে, জাপানী কবিতা আহিছে, চীনা কবিতা আহিছেআনকি তেওঁৰ আৰম্ভণিৰ কবিতাযেনেঃ স্বপ্ন বাসৱদত্তাআদিত বাংলা কবি জীৱনানন্দ দাশৰ প্ৰসংগও আহিছেকিন্তু অসমীয়া কবি নীলমণি ফুকন আৰু নোবেল বঁটা বিজয়ী আইৰিশ্ব কবি ছীমাছ হিনী (Seamus Heaney)-ৰ মাজত থকা কেতবোৰ বাহ্যিক আৰু আত্মিক সাদৃশ্যৰ প্ৰতি এতিয়াও কোনেও চকু দিয়া নাই৷ কবি নীলমণি ফুকনেও কেতিয়াও তেওঁৰ কোনো লেখাত ছীমাছ হিনীৰ নাম উল্লেখ কৰা নাই৷ কিন্তু সমগ্ৰ বিশ্বৰ প্ৰাচীন আৰু আধুনিক প্ৰায় সকলোবোৰ কবিৰ কবিতা যাৰ নখ দৰ্পণত সেইগৰাকী নীলমণি ফুকনে যে ছীমাছ হিনীৰ কবিতা পঢ়া নাই বা নাজানে তেনে কথা হব নোৱৰে৷ উইলিয়াম বাটলাৰ য়েটছ (William Butler Yeats)-ৰ পাছত দ্বিতীয়গৰাকী আইৰিশ্ব কবি হিচাপে ছীমাছ হিনীয়ে নোবেল পুৰস্কাৰ লাভ কৰে ১৯৯৫ চনত৷ আৰু নীলমণি ফুকনেও প্ৰথমগৰাকী অসমীয়া কবি হিচাপে জ্ঞানপীঠ বঁটা লাভ কৰিলে ২০২১ চনত [পূৰ্বৰ দুয়োগৰাকী অসমীয়া জ্ঞানপীঠ বিজেতা আছিল ঘাইকৈ ঔপন্যাসিক]৷

নীলমণি ফুকন আৰু ছীমাছ হিনীৰ বিষয়ে একেলগে আলোচনা কৰিব খোজা হৈছে এই কাৰণেই যে দুয়ো বিশ্বসাহিত্যৰ সমসাময়িক কবি ৷ নীলমণি ফুকনৰ জন্ম ১৯৩৩ চনত আৰু তেওঁৰ এতিয়া বয়স প্ৰায় ৯০৷ আনহাতে আইৰিশ্ব কবি ছীমাছ হিনীৰ জন্ম ১৯৩৯ চনত আৰু মৃত্যু ২০০৩ চনত৷ দুয়োৰে সময় কাল প্ৰায় একে৷ নীলমণি ফুকনে ১৯৫০-ৰ দশকৰ পৰা কাব্যচৰ্চা আৰম্ভ কৰে আৰু তেওঁৰ প্ৰথমখন কাব্যসংকলন ‘‘সূৰ্য হেনো নামি আহি এই নদীয়েদি’’ প্ৰকাশ পায় ১৯৬৩ চনত৷ আনহাতে ছীমাছ হিনীয়েও ১৯৬০-ৰ দশকত কাব্য চৰ্চা আৰম্ভ কৰে আৰু তেওঁৰ প্ৰথমখন কাব্য সংকলন Death of a Naturalist প্ৰকাশিত হৈছিল ১৯৬৬ চনত৷ নীলমণি ফুকনৰ মুঠ ১১ খন মৌলিক কবিতাৰ সংকলন আৰু চাৰিখন অনূদিত কবিতাৰ সংকলন প্ৰকাশ পাইছে এতিয়ালৈকে৷ আনহাতে ছীমাছ হিনীৰো মৌলিক কবিতা সংকলনৰ সংখ্যা ১৫ আৰু কেইবাখনো অনূদিত সংকলন আছে৷ দুয়ো মৌলিক কবিতা লিখাৰ উপৰি কবিতা অনুবাদো কৰিছে৷ ছীমাছ হিনীৰ আটাইতকৈ বিখ্যাত অনুবাদকৰ্ম হল প্ৰাচীন এংলো-ছেক্সন যুগৰ মহাকাব্য Beuwolf -অৰ আধুনিক ইংৰাজীলৈ কৰা ভাষান্তৰ৷

এইসমূহ বাহ্যিক সাদৃশ্য বিশেষ গুৰুত্বপূৰ্ণ নহলেও এই দুগৰাকী কবিৰ কাব্যজগতত সোমালে কিছু কিছু ক্ষেত্ৰত দুয়োৰে মাজত অদ্ভূত সাদৃশ্য চকুত পৰে৷ নীলমণি ফুকনৰ কবিতাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে যেনেকৈ অসমখন সোমাই আছেঅসমৰ লোকসংস্কৃতি, অসমৰ প্ৰকৃতি, অসমৰ ইতিহাস, অসমৰ সমসাময়িক ৰাজনৈতিক সামাজিক অস্থিৰতা যেনেদৰে সোমাই আছেছীমাছ হিনীৰ কবিতাতো সেইদৰে সমগ্ৰ আয়াৰলেণ্ডখন সোমাই আছেআয়াৰলেণ্ডৰ প্ৰকৃতি, ইতিহাস, সংস্কৃতি, সমাজ জীৱন, আয়াৰলেণ্ডৰ ৰাজনীতিআৰু ধৰ্মএই সকলোবোৰ বিষয় ছীমাছ হিনীৰ কবিতাত অতি গভীৰভাৱে সোমাই আছে৷ দৰাচলতে, ছীমাছ হিনীয়ে কবি হিচাপে আত্মপ্ৰকাশ কৰাৰ এক মূল লক্ষ্য আছিল নিজৰ দেশৰ ঐতিহ্য আৰু সংস্কৃতি, নিজৰ দেশৰ মানুহৰ মন আৰু মানসিকতাক তেওঁৰ কবিতাৰ মাজেৰে ফুটাই তুলি সেইবোৰক বিশ্ব দৰবাৰত তুলি ধৰা৷ হিনীৰ প্ৰথমখন সংকলন Death of a Naturalist-অত সন্নিৱিষ্ট Digging নামৰ কবিতাটোক তেওঁৰ কাব্যিক জীৱনৰ ঘোষণা পত্ৰ (manifesto) হিচাপে বিবেচনা কৰা হয়৷ এই কবিতাটো পঢ়িলেই ছীমাছ হিনীৰ কবিতাৰ উপজীব্য সম্পৰ্কে এটা সম্যক ধাৰণা কৰিব পাৰি :

    Between my finger and my thumbs

    The squat pen rests; snug as a gun.

 

    Under my window, a clean rasping sound

    When the spade sinks into gravelly ground :

    My father, digging. I look down

 

    Till his straining rump among the flowerbeds

    Bends low, comes up twenty years away

    Stooping in rhythm through potato drills

    Where he was digging.

 

     The coarse boot nestled on the lug, the shaft

     Against the inside knee was levered firmly.

     He rooted out tall tops, buried the bright edge deep

     To scatter new potatoes, that we picked

     Loving their cool hardness in our hands.

 

      By God, the old man could handle a spade

      Just like his old man

 

      My grandfather cut more turf in a day

      Than any other man on Toner's bog.

      Once I carried him milk in a bottle

      Corked sloppily with paper. He straightened up

      To drink it, then fell to right away

      Nicking and slicing neatly, heaving sods

      Over his shoulders, going down and down

      For the good turf. Digging

 

       The cold smell of potato mould, the squetch and slap

       Of soggy peat, the curt of an edge

       Through living roots awaken in my head.

       But I've no spade to follow men like them.

 

       Between my finger and my thumbs

       The squat pen rests.

       I will dig with it.

এই সৰল, সুন্দৰ আৰু মনোগ্ৰাহী কবিতাটোৰ মাজেৰে ছীমাছ হিনীৰ কবিসত্তাটো স্পষ্টভাৱে প্ৰকাশ পাইছে৷ তেওঁ যিটো কথাত জোৰ দিছে সেয়া হৈছে তেওঁ কলমেৰে কৰা কাব্য চৰ্চাৰ কামটো তেওঁৰ পিতৃ আৰু পিতামহৰ পৰম্পৰাগত কৃষি কৰ্মৰে এটা পৰিবৰ্তিত ৰূপ৷ তেওঁৰ পূৰ্বপুৰুষসকলে খন্তিৰে মাটি খান্দিছিল বা কাঁচিৰে ঘাঁহ কাটিছিল আৰু তেওঁ আজি কলমেৰে কবিতা লিখিছেকিন্তু এই দুয়োটা কাৰ্য সমতুল্য৷ তেওঁ কলমেৰে আইৰিশ্ব সমাজৰ ঐতিহ্য, ইতিহাস, সংস্কৃতি আদি অতি গভীৰলৈ খান্দি উলিয়াই আনি সেইবোৰ কবিতাৰ মাজেৰে প্ৰকাশ কৰিব৷ নিজৰ দেশৰ ঐতিহ্য আৰু পৰম্পৰাৰ প্ৰতি কবিৰ এই দায়ৱদ্ধতা কবিতাটোৰ এটা গুৰুত্বপূৰ্ণ দিশ৷ আন এটা দিশ হৈছে গ্ৰাম্যজীৱন তথা কৃষিভিত্তিক জীৱনৰ প্ৰতি কবিৰ অকৃতিম শ্ৰদ্ধা আৰু সেই গ্ৰাম্য-কৃষিজীৱনক গৰিমামণ্ডিত কৰাৰ কবিৰ ঐকান্তিক প্ৰয়াস৷ নিজৰ গাঁও, নিজৰ কৃষিভিত্তিক সমাজখনৰ প্ৰতি ছীমাছ হিনীৰ যি আকৰ্ষণ আৰু সেইবোৰৰ সৈতে নিজকে আত্মীকৰণ কৰাৰ যি প্ৰচেষ্টা সেই একেধৰণৰ প্ৰচেষ্টা এটা নীলমণি ফুকনৰ কবিতাতো দেখা যায়৷ ছীমাছ হিনীৰ Digging কবিতাটোৰ প্ৰায় সমপৰ্যায়ৰ একে ধৰণৰ কবিতা এটা আছে নীলমণি ফুকনৰোযিটো কবিতাৰ যোগেদি ফুকনে তেওঁৰ নিজৰ কবিসত্তাৰ শিপাডালনো কত সোমাই আছে তাৰে ইংগিত দিছে ঃ

       সন্ধ্যাৰ তেজে-তুমৰলি সেই গৰখীয়া

       ৰাটো ময়েই

       হাবিতলীয়া বাটেৰে

       জিলী এটা হাতৰ মুঠিত লৈ

       নিতৌ গধূলি ঘৰলৈ ওভতোঁ

       ছিটিকা পাতি দেও-ডঁৰিক ধৰোঁ

       কেতেকী

       কেতেকী বুলি

       চিয়ঁৰি ফুৰোঁ

       গালে-মুখে চুমা খাওঁ ললিতাক

       লা জামু খাই জিভা

       লা কৰোঁ

       আইতাৰ মাত বুলি

       দেউতিহঁতৰ এৰাবাৰীত

       ফুটুকা ছিঙো

       ডিহিঙত নাওঁ বুৰি নমৰা

       ৰাটো ময়েই

       হাবিৰ পৰা ওলাই অহা

       মই দেওলৰা

       মূৰত কোটকোৰা কাঁইটৰ মুকুট

       হৰ শিঙৰ পেপাঁটো মই

       কেতিয়াবাই কৰবাত হেৰুৱালোঁ

       নিজানত নিজকে এতিয়া

       ৰিঙিয়াই মাতোঁ৷ 

নীলমণি ফুকনৰ এই কবিতাটোত অসমীয়া গ্ৰাম্যজীৱনৰ এক সজীৱ আৰু বাস্তৱ ছবি ফুটি উঠিছে৷ বৰ্তমানৰ কবিগৰাকী যে সেই তাহানিৰ গাঁৱৰ পৰিৱেশত ডাঙৰ-দীঘল হোৱা গৰখীয়া লৰাজনহে সেই কথাটোহে যেন তেওঁ পঢ়ুৱৈক সোঁৱৰাই দিব বিচাৰিছে৷ আজি আৰু কবিৰ গাঁৱৰ সৈতে সেই সম্পৰ্ক নাই; সেই সমৃদ্ধ গ্ৰাম্য সংস্কৃতিৰ সৈতেও তেওঁৰ সম্পৰ্ক দুৰ্বল (‘‘হৰ শিঙৰ পেপাঁটো মই কেতিয়াবাই কৰবাত হেৰুৱালো’’) কিন্তু কবিৰ নিৰন্তৰ প্ৰয়াস হৈছে সেই গ্ৰাম্য অতীতটোক কাষ চপাই অনা আৰু সেই অতীতক পুনৰ যাপন কৰা (‘‘নিজানত নিজকে এতিয়া ৰিঙিয়াই মাতোঁ)৷ এতিয়াৰ ‘‘নিজ’’জনেই হৈছে কবিৰ প্ৰকৃত কবিসত্তা, যাৰ শিপাডাল সোমাই আছে অসমৰ পৰম্পৰাগত গ্ৰাম্যজীৱনত৷

ছীমাছ হিনীৰ Digging কবিতাত যেনেদৰে আয়াৰলেণ্ডৰ নিজা ভূগোল (যেনেঃ Bog land), প্ৰকৃতি আৰু গ্ৰাম্য কৃষিজীৱনৰ অতি স্পৰ্শক্ষম আৰু জীৱন্ত চিত্ৰ ফুটি উঠিছেনীলমণি ফুকনৰ এই কবিতাটোতো অসমৰ হাবি, বন, গছ-লতা, নদ-নদী, চৰাই-চিৰিকটিয়ে প্ৰাণ পাই উঠিছে৷ প্ৰতিগৰাকী সাৰ্থক আৰু মহান কবিয়েই তেওঁৰ নিজৰ দেশ, ভাষা, সংস্কৃতি আৰু ঐতিহ্যৰ মুখপাত্ৰ৷ ছীমাছ হিনীয়ে যেনেদৰে তেওঁৰ কবিতাৰ মাজেৰে আইৰিশ্ব সমাজ, কৃষ্টি আৰু ঐতিহ্যক সন্মুখত তুলি ধৰিছেনীলমণি ফুকনেও তেনেদৰে অসমৰ সমাজ, কৃষ্টি আৰু ঐতিহ্যক তুলি ধৰিছে৷ গ্ৰাম্য কৃষিভিত্তিক সমাজ জীৱনৰ প্ৰতি দুয়োৰে অপৰিসীম শ্ৰদ্ধা আৰু দুয়োৰে সেইখন সমাজৰ সৈতে একাত্ম হোৱাৰ আগ্ৰহ লক্ষ্য কৰিলেই ছীমাছ হিনী আৰু নীলমণি ফুকনৰ কবিতাৰ অন্তৰ্লীন সুৰ যে একেটাই সেইটো উপলব্ধি কৰিব পাৰি৷

ছীমাছ হিনীৰ কবিতাত সাধাৰণ মানুহৰ জীৱন-জীৱিকাৰ সমস্যা আৰু তেওঁলোকৰ প্ৰতি কবিৰ এক গভীৰ সহানুভূতি দেখিবলৈ পোৱা যায়৷ The Forge নামৰ কবিতাটোত তেওঁ এগৰাকী কমাৰৰ জীৱন সংগ্ৰামৰ কথা বিবৃত কৰিছে৷ এইগৰাকী কমাৰ বাস্তৱ জীৱনত হিনীৰ বন্ধু আছিল৷ তেওঁ ঘোঁৰাৰ খুড়াৰ নাল সজাত পাকৈত আছিল আৰু সেইটোৱেই আছিল তেওঁৰ মূল জীৱিকা৷ কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে ঘোঁৰাগাড়ীৰ প্ৰচলন কমি গল আৰু তাৰ ঠাই ললে যন্ত্ৰাচালিত যান-বাহনে৷ ফলত সেই কমাৰজনৰ জীৱিকালৈ সংকট নামি আহিলতেওঁৰ কমাৰশাল এতিয়া এক অন্ধকাৰ গৃহত পৰিণত হৈছেযন্ত্ৰপাতিবোৰ মামৰে ধৰি সেইবোৰ পেলনীয়া সামগ্ৰী হৈ পৰিছে৷ কবিতাটোৰ শেষত কমাৰজনৰ হুমুনিয়াহ এনে বিষাদগম্ভীৰ ধৰণে ফুটি উঠিছে যে সি পাঠকক স্পৰ্শ নকৰাকৈ নাথাকে৷

   নীলমণি ফুকনেও সাধাৰণ দৰিদ্ৰ মানুহৰ জীৱনক লৈ এনেকুৱা কবিতা লিখিছে৷ উদাহৰণস্বৰপে, ফুকনৰ এটা বিখ্যাত কবিতা– ‘‘মুঠি মুঠিকৈ কাটি তোৰ ঢেঁকীয়াৰ আঙুলি’’৷ এই কবিতাটোত অসমৰ গ্ৰাম্যজীৱনৰ এক নিদাৰুণ দাৰিদ্ৰ্যৰ ছবি অংকিত হৈছে৷ গুৱাহাটীৰ কাষৰ আজাৰাৰ বজাৰত সন্ধিয়া সময়ত এগৰাকী শীৰ্ণকায়া দৰিদ্ৰ বৃদ্ধা মহিলাই কেইমুঠিমান ঢেঁকীয়া শাক বিক্ৰী কৰিবলৈ ৰৈ আছে৷ ইতিমধ্যে সন্ধিয়া পাৰ হৈ গৈছে৷ বৃদ্ধাই গ্ৰাহক পাবনে নাই সন্দেহ৷ অথচ ঢেঁকীয়া কেইমুঠি বিক্ৰী নকৰিলে বৃদ্ধাৰ ৰাতিৰ ভাত-সাজ হয়তো যোগাৰ নহব৷ কবিয়ে এই মহিলাগৰাকীক লৈ এই কবিতাটো লিখিছে৷ গোটেই কবিতাটোত কোনো বৰ্ণনা নাইমাথোন এলানি প্ৰশ্নযাক সাহিত্যৰ ভাষাত Rhetorical Question বুলি কয়৷ এই প্ৰশ্নবোৰৰ মাজেৰে কবিয়ে দৰিদ্ৰ মহিলাগৰাকীৰ লাওলোৱা অৱস্থাৰ এক নিকৰুণ আৰু মৰ্মস্পৰ্শী চিত্ৰ দাঙি ধৰিছে৷ কিন্তু ছীমাছ হিনীয়ে যিক্ষেত্ৰত হুমুনিয়াহেৰে তেওঁৰ কবিতাটো শেষ কৰিছে, সেইক্ষেত্ৰত নীলমণি ফুকনে তেওঁৰ কবিতাটোৰ সামৰণি মাৰিছে আন ধৰণে

              ‘‘পিন্ধনে জেতুকা তই

              ফাটি যোৱা কলিজাত?’’

ইয়াত জেতুকা হৈছে আনন্দ-উৎসৱৰ প্ৰতীক আৰু ফাটি যোৱা কলিজা হৈছে দুখ-দুৰ্দশাৰ প্ৰতীক৷ চৰম দাৰিদ্ৰৰ মাজেৰে জীৱন কটোৱা মানুহবোৰে সেই সীমাহীন দুখৰ মাজতো উৎসৱৰ ৰং-ৰহইছত অংশগ্ৰহণ কৰেউৎসৱ-পাৰ্বণৰ আনন্দৰ মাজেৰে নিজৰ দৰিদ্ৰতাক ক্ষন্তেকৰ বাবে হলেও পাহৰি যাব বিচাৰে৷

ছীমাছ হিনীয়ে যিখন দেশ আয়াৰলেণ্ডত বসবাস কৰে সেই আয়াৰলেণ্ড বিভিন্ন ৰাজনৈতিক সমস্যাৰে জৰ্জৰিত৷ বিদ্ৰোহী সশস্ত্ৰ গোটবোৰ তাত এতিয়াও সক্ৰিয় হৈ আছে আৰু মাজে-মধ্যে হিংসাত্মক ঘটনাৰ বাতৰি পোৱা যায়৷ এগৰাকী সংবেদনশীল কবি হিচাপে ছীমাছ হিনী এইবোৰ ঘটনাৰ প্ৰতি নিৰুদ্বেগ-নিৰ্বিকাৰ হৈ থাকিব পৰা নাই৷ তেওঁ তেওঁৰ ধৰণে এইবোৰ ঘটনাৰ প্ৰতি সঁহাৰি দিছে৷ বিশেষকৈ ৰাজনৈতিক পাকচক্ৰত পৰি সাধাৰণ মানুহৰ জীৱনলৈ যি অশান্তি আৰু দুৰ্যোগ নামি  আহে সেইটো দিশৰ প্ৰতি কবিয়ে বিশেষ দৃষ্টি ৰাখিছে৷ হিনীয়ে তেওঁৰ Casualty নামৰ কবিতাটোত এগৰাকী নিৰীহ বৃদ্ধ মাছমৰীয়া কেনেকৈ ৰাজনৈতিক সন্ত্ৰাসৰ বলি হৈছিল তাৰ মৰ্মস্পৰ্শী বিৱৰণ দাঙি ধৰিছে৷

অসমীয়া কবি নীলমণি ফুকনো এইক্ষেত্ৰত একে ধৰণৰ পৰিৱেশৰ সন্মূখীন হৈছে৷ অসমতো সেই ১৯৭৯ চনৰ ‘‘অসম আন্দোলন’’ৰ পৰা আৰম্ভ কৰি বড়ো আন্দোলন’, আলফা আন্দোলন আদি ঘটনাৰ মাজেৰে ৰাজ্যখনত দীৰ্ঘদিন ধৰি এক উত্তাল অস্থিৰ পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ হিংসাত্মক ঘটনা, বোমা-বিস্ফোৰণ, গুলীয়াগুলী, হত্যা-ধৰ্ষণ আদি বৃদ্ধি পাইছে৷ ১৯৮০-ৰ দশকৰ পাছৰ পৰা নীলমণি ফুকনে যিখিনি কবিতা লিখিছে সেই কবিতাবোৰত অসমৰ এই অস্থিৰ সামাজিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতিফলন ঘটিছে৷ ১৯৮৩ চনত অসম আন্দোলনৰ মাজত সংঘটিত কুখ্যাত নেলী গণহত্যাৰ সময়ত তেওঁ লিখে তেওঁৰ সেই বিখ্যাত কবিতা– ‘‘মোৰ সপোনৰ সূৰ্যৰ মানুহ’’৷ ঠিক তেনেদৰে অসমৰ বিভিন্ন ধৰ্ম আৰু সম্প্ৰদায়ৰ মাজত বৃদ্ধি পোৱা অনৈক্য আৰু বিভেদক উদ্দেশ্য কৰি লিখে তেওঁৰ এটা অন্যতম শ্ৰেষ্ঠ কবিতা– ‘‘একেখন ঘৰতে আছিলো দুঘৰ মানুহ’’৷ ১৯৯০ ৰ দশকত এবাৰ উগ্ৰপন্থী দমনৰ নামত যেতিয়া অসমীয়া ডেকা লৰা কেইজনমানক নিৰাপত্তা বাহিনীয়ে হত্যা কৰি শৱদেহবোৰৰ অন্তিম সংস্কাৰ নকৰি টায়াৰ জ্বলাই পুৰি পেলাইছিল, তেতিয়া তেওঁ লিখিছিল সেই মৰ্মস্পশী কবিতা– ‘আজি বহুদিন ধৰি দিনে-নিশাই / কেৱল এটা শব্দই শুনিছো / টায়াৰ পোৰা গোন্ধাইছে৷’’ ঠিক একেদৰে ক্ৰমবৰ্ধমান হত্যা-ধৰ্ষণৰ ঘটনাই তেওঁক ইমান অশান্ত কৰিছে যে তেওঁ কবিতাৰে লিখিছে

      ‘‘কেনে আছো মোক নুসুধিবা

      ময়ো মোক সোধা নাই৷

      কলঙেদি উটি আহে মুণ্ডহীন এজনী ছোৱালী৷’’

সমসাময়িক সামাজিক ৰাজনৈতিক পৰিস্থিতিৰ প্ৰতি কাব্যিক সঁহাৰি প্ৰদানৰ ক্ষেত্ৰতো ছীমাছ হিনী আৰু নীলমণি ফুকনে যিটো কথাত প্ৰাধান্য দিছে সেয়া হমানৱতাৰ সংকট৷ কবিতাৰ মাজেৰে যাতে মানুহৰ মনুষ্যত্ব জাগ্ৰত হয় সেইটোৱেই তেওঁলোকৰ মূল লক্ষ্য৷ কবি নীলমণি ফুকনে এটা ভাষণত কৈছে– ‘‘মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য৷ কবিতাৰো’’৷ তেওঁলোকৰ কবিতাৰ মাজেৰে ছীমাছ হিনী আৰু নীলমণি ফুকনএই দুয়োগৰাকী কবিয়েই সেই মানৱতাৰে সন্ধান কৰিছে অহৰহ৷

ছীমাছ হিনী আৰু নীলমণি ফুকনৰ কবিতাৰ সাধাৰণ সাদৃশ্য সম্পৰ্কে আমাৰ এই আলোচনা মাথোন এক আৰম্ভণিহে৷ বিস্তৃত আলোচনাৰ মাজেৰে এই দুয়োগৰাকী কবিৰ কবিতাৰ অন্তৰ্লীন ঐক্যসূত্ৰ অধিক স্পষ্ট আৰু শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ সুযোগ আছে৷ তেনে এক বহলভিত্তিক আৰু বিশ্লেষণাত্মক আলোচনাই হয়তো এই ইংগিতো দিব পাৰে যে নোবেল বঁটা বিজয়ী কবি ছীমাছ হিনীৰ সমপৰ্যায়ৰ বা সমকক্ষ কোনোবা অসমীয়া কবি যদি আছে তেন্তে সেইজন হয়তো নীলমণি ফুকন৷

 

প্ৰাসংগিক গ্ৰন্থ :

১৷ Heaney, Seamus, 100 Poems, Faber গু Faber, London, ২০১৮ 

২৷  গোঁহাই, হীৰেন (সম্পাদিত), সাগৰতলিৰ শংখ, নীলমণি ফুকনৰ নিৰ্বাচিত কবিতা,                     লয়াৰ্ছ বুক  ষ্টল, গুৱাহাটী, প্ৰথম সংস্কৰণ, ১৯৯৪, দ্বিতীয় সংস্কৰণ, ১৯৯৭৷

৩৷ ফুকন, নীলমণি, সম্পূৰ্ণ কবিতা, অৰ্থাৎ, গুৱাহাটী, ২০০৬৷

৪। গোঁহাই, হীৰেন, সাহিত্যৰ সত্য, লয়াৰ্ছ বুক ষ্টল, প্ৰথম সংস্কৰণ, ১৯৭০, দ্বিতীয় সংস্কৰণ,             ১৯৯৪৷

 গোঁহাই, হীৰেন,  বিশ্বায়তন, জাৰ্নাল এম্পৰিয়াম, নলবাৰী, ১ম প্ৰকাশ, জুন, ১৯৮৩, ২য়             প্ৰকাশ, আগষ্ট, ১৯৮৩৷


লেখকৰ ঠিকনা :

ইংৰাজী বিভাগ, বি এইচ কলেজ

হাউলি-৭৮১৩১৬

ফোন : ৯৪৩৫৫১৩৪২৪

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ