অন্যযুগ/


জ্যামিতিৰ জনক ইউক্লিড

 

  প্ৰিয়দেৱ গোস্বামী


    এইটো জ্যামিতিৰ বিশেষত্ত্ব যে মাত্ৰ কেইটামান নীতিৰ পৰা আৰু আন একো নোহোৱাকৈ ইমান বেছি সম্পন্ন কৰিব পাৰিএই উক্তি সৰ্বকালৰ শ্ৰেষ্ঠ ব্ৰিটিছ গণিতজ্ঞ ছাৰ আইজাক নিউটনৰ।। জ্যামিতি সম্পৰ্কে তেওঁ কৰা এই মন্তব্যৰ পৰাই বিষয়টোৰ গুৰুত্ব কিমান সেইটো অনুমান কৰিব পাৰি।

  প্ৰকৃতি শুৱনি কৰি অনেক ঠাল-ঠেঙুলি, ফল-ফুলেৰে বৃক্ষ একোজোপা সুশোভিত হৈ থাকে ঠিক তেনেদৰে জ্ঞানক শুৱনি কৰি আছে গণিতে। গণিতক যদি এজুপি বৃক্ষ বুলি ধৰা হয় তেন্তে জ্যামিতি ইয়াৰ এডাল ঠাল। ভাষাৰ বিকাশৰ সমসাময়িকভাৱে গণিতৰো বিকাশ হৈছিল।এজনে আনজনৰ লগত যোগাযোগ কৰিবৰ বাবে যেনেদৰে ভাষাৰ আৰম্ভণি হৈছিল ঠিক, একেধৰণে বিভিন্ন বস্তুৰ হিচাপে ৰাখিবলৈ গণিতৰো আৰম্ভণি ঘটিছিল। মাটিত আঁচ টানি বস্তুৰ হিচা ৰাখিবলৈ কৰা প্ৰয়াসৰ ফলত প্ৰথমে সংখ্যাৰ বিকাশ ঘটিছিল। পৃথিৱীৰ বিভিন্ন অঞ্চলত বিভিন্ন সময়ত সংখ্যা বুজালৈ বেলেগ বেলেগ চিহ্ন ব্যৱহাৰ কৰা হৈছিল আৰু বেলেগ বেলেগ সংখ্যা পদ্ধতিৰ প্ৰচলন হৈছিল। বৰ্তমান আমাৰ দেশত বিকশিত দশমিক সংখ্যা পদ্ধতিকেই সমগ্ৰ বিশ্বত গণনা কাৰ্যত ব্যৱহাৰ কৰা হয়। ই আছিল এক বৃহ আৱিস্কাৰ। বিশ্ববাসীলৈ আগবঢ়োৱা এই অৱদানৰ বাবে ভাৰতবাসী গৌৰৱান্বিত।তথাপি আন কিছুমান সংখ্যা পদ্ধতিও বৰ্তমান ব্যৱহাৰ হৈ আছে। গণনাৰ বাবে সংখ্যাৰ ব্যৱহাৰৰ প্ৰচলন হোৱাৰ পাত পৃথিবীৰ পৰিভাগৰ অনেক বস্তুৰ বিশেষকৈ ভূমিৰ জোখ-মাখ ৰখাৰ আৱশ্যক হৈছিল। এনে প্ৰচেষ্টাৰ ফলতেই জ্যামিতিৰ আৱিস্কাৰ হৈছিল বুলি পতিয়ন যাব পাৰি। অসমীয়াত জ্যামিতিৰ প্ৰতি শব্দ হিচাপে ৰেখাগণিত শব্দটো ব্যৱহাৰ কৰিব পাৰি। শব্দটো ব্যৱহাৰৰ ক্ষেত্ৰত এতিয়াও ৰ্সাব্বজনীনতা অহা নাই। গতিকে অসমীয়া ভাষাতো জ্যামিতি বোলাই ভাল। স্কেল কম্পাৰ সহায়ত আমি চিত্ৰ অংকন কৰোঁ এনে চিত্ৰ কলাত্মক হব পাৰে বা জ্যামিতিক হব পাৰে। ইয়াত আমি জ্যামিতিক চিত্ৰৰ বিষয়েহে কিছু কথা আলোচনা কৰিম আৰু এইবোৰ জ্যামিতি বিষয়ৰ অধ্যয়ৰ অন্তৰ্গত। কোনো সমতলত অঁকা চিত্ৰবোৰক সমতলীয় চিত্ৰ বোলা হয় আনহাতে গোলকীয় তলত অংকন কৰা চিত্ৰবোৰ সমতলীয় চিত্ৰৰ সৈতে একে নহয়। গতিকে জ্যামিতি সম্পৰ্কে আলোচনা কৰোতে কোনো চিত্ৰ কেনে ক্ষেত্ৰৰ ওপৰত অঁকা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে। সমতলৰ ওপৰত অঁকা জ্যামিতীক ক্ষেত্ৰবোৰৰ বিষয়ে যত আলোচনা কৰা হয় তেনে ক্ষেত্ৰবোৰক সমতলীয় জ্যামিতি বোলা হয়। গ্ৰীক ভাষাৰ পৰা উৎপত্তি হোৱা জ্যামিতি শব্দৰ ৰ্অথ হৈছে ভূমিৰ জোখমাখ। প্ৰাক আধুনিক যুগৰ গণিতৰ দুটা শাখাৰ ভিতৰত এটা হৈছে জ্যামিতি আৰু আনটো হৈছে পাটীগণিত। প্ৰাক ঐতিহাসিক যুগত মেছোটেমিয়া আৰু ইজিপ্তত মাটিৰ জোখমাখ তথা জৰপৰ প্ৰয়োগিক প্ৰয়োজনৰ পৰাই জ্যামিতিৰ আৰম্ভণি হৈছিল। জ্যামিতিৰ বিষয়ে কোৱা হয় যে ই হল অশুদ্ধ চিত্ৰত শুদ্ধ চিন্তাৰ বিজ্ঞান। পৌৰাণিক গ্ৰীকসকলে পাতনি মেলা জ্যামিতিয়ে পালৈ বীজগণিতীয় ক্ষেত্ৰ, অৱকল কলন গণিত আৰু অ-ইউক্লিডিয় ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হৈ আধুনিক গণিতৰ ভেঁটি গঢ়ি তুলিছে। 

  আৰম্ভণিৰ পৰ্যায়ত(প্ৰায় খ্ৰীঃ পূঃ ৩০০০-৬০০) জ্যামিতি আছিল দৈৰ্ঘ্য, ক্ষেত্ৰফল আৰু আয়তনৰ জোখমাখ কৰিবলৈ ব্যৱহাৰ হোৱা কিছু নিয়মৰ সমষ্টি। ইজিপ্তত নীল নদীয়ে বান পানীৰ সময়ত খেতিপথাৰৰ সীমাবোৰ নাইকিয়া কৰি পেলাইছিল, গতিকে বানপানীৰ পাছত খেতি-মাটিৰ সীমা নিৰ্ধাৰন কৰিবলৈ জ্যামিতিৰ সহায় লোৱা হৈছিল লগতে বিভিন্ন ৰ্নিমাণ কাৰ্যৰ বাবে বিশেষকৈ পিৰামিডৰ নক্সা তৈয়াৰ কৰিবলৈও জ্যামিতি ব্যৱহাৰ কৰা হৈছিল। ৰাইন্ড পেপিৰাছ (খ্ৰীঃ পূঃ ১৬৫০) আৰু বেবিলনীয় মাটিৰ ফলকত সমকোণী ত্ৰিভুজ আৰু আয়তনৰ বিষয়ে উল্লেখ পোৱা গৈছে জ্যামিতিৰ উপত্তিৰ উস তথা অনেক ব্যৱহাৰৰ প্ৰমাণ ভাৰতৰ সিন্ধু সভ্যতাতো পোৱা গৈছে।

 

(দেৱনাগিৰি লিপিত ঋগ্বেদৰ পাণ্ডুলিপিবৈদিক যুগৰ জ্যামিতি।)

   ভাৰতৰ বৈদিক যুগত দেৱনাগৰি লিপিত ঋগ্বেদত জ্যমিতিৰ ব্যৱহাৰৰ বিষয়ে উল্লেখ আছে। যজ্ঞৰ বেদী তৈয়াৰ কৰাৰ সময়ত বিভিন্ন জোখমাখৰ কথা ইয়াত উল্লেখ কৰা হৈছে। খ্ৰীঃ পূঃ প্ৰায় এক সহস্ৰাব্দ পূৰ্বৰ ভাৰতৰ পৌৰাণিক পুথিত শতপথ ব্ৰাহ্মণ আৰু শুল্ভ সূত্ৰৰ বিষয়ে উল্লেখ আছে। শুল্ভ সূত্ৰক পাইথাগৰাচ উপপাদ্যৰ মৌখিক আকাৰ হিচাপে ধৰা যায়। শুল্ভ সূত্ৰৰ প্ৰয়োগ মুখ্যতঃ যজ্ঞৰ বেদী তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা হৈছিল, গতিকে ইয়াৰ পৰা এইটো অনুমান কৰিব পাৰি যে তেওঁলোকে সেই সময়ত পাইথাগৰাচ ত্ৰয়ীৰ বিষয়েও জ্ঞাত আছিল। ভাৰতৰ ৱৈশালি পাণ্ডুলিপিত যথেষ্ট সংখ্যক জ্যামিতিক প্ৰশ্নৰ বিষয়ে উল্লেখ আছে। এই পাণ্ডুলিপিত দশমিক পদ্ধতিৰ স্থানগত মানৰ উপৰিও শূন্যৰ সলনি এটা বিন্দু ব্যৱহাৰৰ কথা পোৱা যায়। ব্ৰহ্মগুপ্তৰ(৬২৮ খৃঃ)ব্ৰহ্মসুপ্ত সিদ্ধান্তত প্ৰয়োগিক গণিত খণ্ডত বিভিন্ন আকাৰৰ জ্যামিতিক বস্তুবোৰৰ বিষয়ে উল্লেখ পোৱা যায়। ইয়াতেই তেওঁৰ চক্ৰাকাৰ চতুৰ্ভুজৰ কৰ্ণ বিষয়ক উপপাদ্যৰ কথা উল্লেখ কৰিছে লগতে তেওঁ চক্ৰাকাৰ চতুৰ্ভুজৰ ক্ষেত্ৰফল নিৰ্ণয়ৰ সূত্ৰৰ বিষয়েও বৰ্ণনা কৰিছিল এতেকে দেখা যায় যে ভাৰতৰ্বষত পাটিগণিতৰ লগতে জ্যামিতি বিষয়তো অনেক অধ্যয়মন হৈছিল।

     জ্যমিতিৰ ক্ষেত্ৰখনত পাইথগৰাছৰ পাছতেই নাম লৱ লাগিব জ্যামিতিৰ জনকৰুপে খ্যাত ইউক্লিডৰ (খ্ৰীঃ পূঃ ৩০০ চন) নাম। ইউক্লিডে কিছুমান স্বীকাৰ্যৰ সহায়ত জ্যামিতিৰ ভেঁটি প্ৰতিষ্ঠা কৰিছিল। ইউক্লিডে জ্যামিতিৰ প্ৰমাণসমূহ সাধাৰণ যুক্তি-তৰ্কৰ নীতি প্ৰয়োগ কৰি সম্পন্ন কৰিছিল। পৌৰাণিক গ্ৰীক চিন্তাবিদসকলে জ্যামিতিক ব্যৱহাৰিক আহিলাৰ পৰা বিমূৰ্ত বিজ্ঞানলৈ সফলভাৱে উত্তৰণ ঘটাই গৈছে। এই ক্ষেত্ৰত পাইথাগৰাছে সমকোণী ত্ৰিভুজৰ বাহুবোৰৰ মাজত এক সমন্ধ স্থাপন কৰি এক সূত্ৰ উদ্ভাৱন কৰে। এই সূত্ৰক পাইথাগৰাছৰ উপপাদ্য বোলা হয়। এই সূত্ৰটো হল- কোনো সমকোণী (যি ত্ৰিভুজৰ এটা কোণ সমকোণ) ত্ৰিভুজত অতিভুজৰ ৰ্বগ, ভূমিৰ ৰ্বগ আৰু উন্নতিৰ ৰ্বগৰ যোগফলৰ সমান। মাত্ৰ কেইটামান স্বীকাৰ্য আৰু সংজ্ঞাৰ সহায়ত জ্যামিতিৰ অনেক উপপাদ্যৰ প্ৰমাণ ইউক্লিডে আগবঢ়াই গৈছে। এই প্ৰমাণসমূহ তেওঁ এলিমেন্টছ নামেৰে তেৰটা খণ্ডত বিভক্ত এখন পুথিত সংকলিত কৰি লিপিবদ্ধ কৰি গৈছে। এই কিতাপখনক সকলো সময়ৰ বিদ্যালয় শিক্ষাৰ এখন সৰ্বাধিক প্ৰভাৱশালী পাঠ্যপুথি হিচাপে বিবেচনা কৰা হয়।  এই উপপাদ্যসমূহ বৰ্তমানো বিদ্যালয়ৰ পাঠ্যক্ৰমৰ বিষয় সূচীৰ অৰ্ন্তগত। ৰ্অথা ইউক্লিডৰ স্বীকাৰ্য আৰু উপপাদ্যসমূহেৰেই জ্যামিতিৰ শিক্ষাৰ আৰম্ভণি হয়। সেই বাবেই ইউক্লিডক জ্যামিতিৰ জনক হিচাপে গণ্য কৰা হয়। কিন্তু ৰ্বতমান সময়ত জ্যামিতিৰ ধাৰণাবোৰ কলন গণিত আৰু বীজগণিতৰ তত্ত্বসমূহৰ প্ৰয়োগেৰে উচ্চ প্ৰৰ্যায়লৈ বিৰ্মূতকৰণ কৰা হৈছে। সঁচা অৰ্থত এনেবিলাক গণিতৰ যে আদিমূল জ্যামিতি আছিল তাক ৰ্বতমান ধৰিবই নোৱাৰা হৈছে।

  ইউক্লিডক সেই সময়ৰ ইজিপ্তৰ ৰজা প্ৰথম টলেমিয়ে বৰ্তমানৰ ইজিপ্তৰ আলেকজেণ্ডৰিয়ালৈ আনে।ইউক্লিডৰ ব্যক্তিগত জীৱনৰ বিষয়ে বিশেষ জনা নাযায়। কিন্তু ইউক্লিডে জ্যামিতিৰ বিষয়ে কৰা দুটা মন্তব্যৰ বিষয়ে জনা যায়। এবাৰ ইজিপ্তৰ ৰজাই তেওঁক সুধিছিল যে জ্যামিতি শিকাৰ কিবা সহজ উপাই আছে নেকি তেতিয়া ইয়াৰ উত্তৰত ইউক্লিডে কৈছিল যে জ্যামিতি শিকাৰ কোনো ৰাজকীয় চমু পথ নাই। আনটো আছিল- এবাৰ তেওঁৰ এজন ছাত্ৰই জ্যামিতি শিকি কি লাভ হব বুলি প্ৰশ্ন কৰিছিল ইউক্লিডে তেতিয়া তেওঁৰ সহায়কাৰীজনক সেই ছাত্ৰজনক এটা শিকা ৰুপ দিবলৈ নিৰ্দেশ দিছিল। যিবিলাক ধাৰণাক ৰ্বতমান বীজগণিত হিচাপে বুজা যায় সেই বিলাকক ইউক্লিডে জ্যামিতিৰ সহায়ত প্ৰকাশ কৰিছিল। এনে পদ্ধিতিক গ্ৰীক জ্যামিতিক বীজগণিত বুলি বিবেচনা কৰা হয়। মধ্যযুগীয় পণ্ডিতসকলে জ্যামিতিক এক ঐশ্বৰীক শক্তি বুলিয়েই ভাৱিছিল।১৩ শ শতিকাৰ পাণ্ডুলিপিত উল্লেখ থকা মতে কম্পাছক ভগৱানৰ সৃষ্টিৰ প্ৰতীক বুলি ভবা হৈছিল। ইউক্লিডক উপৰিপুৰুষে সদায় মনত ৰাখিব কিয়নো তেওঁ হল গ্ৰীক ভাষাত লিখা আদিতম গণিত বিষয়ৰ পুথিৰ প্ৰণেতা। সচৰাচৰ পৌৰাণিক সাহিত্যৰ ক্ষেত্ৰত হোৱাৰ দৰেই এলিমেন্টছৰ ইউক্লিডৰ সময়ত লিখা কোনো প্ৰতিলিপি উদ্ধাৰ হোৱা নাই। এলিমেন্টছ লিখাৰ প্ৰায় ৭০০ বছৰৰ পাছত আলেকজেন্দ্ৰিয়াৰ (৩৬৫ খৃঃপূঃ)থিয়নে প্ৰথম গ্ৰীক ভাষাত ইয়াৰ এটা প্ৰতিলিপি প্ৰকাশ কৰে। প্ৰায় সকলো লেটিন আৰু ইংৰাজী ভাষাৰ অনুবাদ এই কিতাপখনৰ পৰা কৰা ।কিন্তু ১৮০৮ চনত থিয়নৰ প্ৰতিলিপিতকৈও এক পৌৰাণিক ভেটিকান পাণ্ডুলিপি পোৱা গৈছে। এলিমেন্টছ প্ৰথম ছপা আকাৰে প্ৰকাশ হয় ১৪৮২ চনত। এলিমেন্টছৰ উপৰি ইউক্লিডে গণিতৰ বিভিন্ন বিষয় সামৰি আন দহখন কিতাপো ৰচনা কৰিছিল। ইয়াৰে ডাটা নামৰ কিতাপখনত ৯৫ টা উদাহৰণ সন্নিৱিষ্ট হৈ আছে। এইবিলাক এলিমেন্টছ আয়ত্ত কৰাৰ পাছত অধ্যয়ন কৰাৰ বাবে ৰচনা কৰা হৈছিল। এলিমেন্টছৰ প্ৰথম ছয়টা খণ্ডত দ্বিবিমিতীয় জ্যামিতিৰ বিষয়ে আলোচনা কৰা হৈছে। সপ্তমৰ পৰা নৱম খণ্ডলৈ সংখ্যাতত্ত্বৰ বিষয়সমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছ আৰু দশম খণ্ডত সংখ্যাৰ লগত বস্তুৰ মানৰ ধাৰণাৰ সংযোগৰ বিষয়ে আলোচনা কৰা হৈছে। ইয়াৰ পাছৰ তিনিটা খণ্ডত তৃবিমীয় জ্যামিতিৰ বিষয়ে আলোচনা কৰা হৈছে। আগতেই উল্লেখ কৰা হৈছে যে ইউক্লিডৰ জ্যামিতি কেইটামান স্বীকাৰ্য আৰু সংজ্ঞাৰ ওপৰত ভেঁটি কৰি প্ৰতিষ্ঠা কৰা হৈছে উদাহৰণ স্বৰূপে- তেওঁ বিন্দুক আৰু খণ্ডিত কৰিব নোৱাৰি বুলি সংজ্ঞাবদ্ধ কৰিছিল। তেনেদৰে ৰেখা হল যাৰ কোনো প্ৰস্থ নাই। আকৌ স্বীকাৰ্যবোৰ আছিল এনে ধৰণৰ- দুডাল সমান্তৰাল সৰল ৰেখাই কেতিয়াও পৰস্পৰক ছেদ নকৰে। এলিমেন্টছৰ প্ৰথম খণ্ডত দহটা স্বীকাৰ্যৰ বিষয়ে উল্লেখ কৰা হৈছে। ইউক্লিডে এলিমেন্টছত জ্যামিতিৰ ধাৰণাবোৰ এটাৰ পাছত এটাকৈ বৰ সুন্দৰকৈ আগবঢ়াই লৈ গৈছিল তেওঁ প্ৰস্তাৱ কৰা স্বীকাৰ্যসমূহৰ ওপৰত নিৰ্ভৰ কৰি এটাৰ পাছত এটাকৈ জ্যামিতিৰ উপপাদ্যসমূহ প্ৰমাণ কৰি গৈছিলএনে কৰোতে আগৰ উপপাদ্যৰ ফলাফলবোৰ পাৰ উপপাদ্য প্ৰমাণ কৰোতে ব্যৱহাৰ কৰা হৈছে।কিন্তু এটা উপপাদ্যৰ বিষয়ে পঢ়ি থাকোঁতে ইয়াৰ পাছত কি উপপাদ্য আহিব সেইটো অনুমান কৰা টান। কিন্তু গোটেই কিতাপখন পঢ়ি শেষ কৰাৰ পাছত অনুমান কৰিব পাৰি যে ইউক্লিডৰ শেষ উদ্দেশ্য আছিল পাইথাগৰাছৰ উপপাদ্য প্ৰমাণ কৰা। ইউক্লিডে প্ৰমাণসমূহ স্বাভাৱিক ভাষা ব্যৱহাৰ কৰিয়েই সম্পন্ন কৰিছিল। সংখ্যাৰ ব্যৱহাৰ নকৰিছিল। আমাৰ ভাৰতবৰ্ষতো ঠিক তেনেদৰে গণিতৰ ফলাফল বোৰ সংস্কৃত ভাষাত শ্লোকৰ দ্বাৰা বৰ্ণনা কৰা হৈছিল।

      ইউক্লিডৰ পাছত প্ৰায় দুই হাজাৰ বছৰ জ্যামিতি বিষয়টোত বহুত বেছি বিকাশ ঘটা নাছিল। ১৭শ শতিকাৰ পাছতহে জ্যামিতিৰ ক্ষেত্ৰত আমুল পৰিৱৰ্তন আহিল। সেই সময়ত স্থানাংক জ্যামিতি আৰু বীজগণিতীয় জ্যামিতিৰ বিকাশ হয়। প্ৰায় দুই সহস্ৰাব্দ ধৰি জ্যামিতি আৰু বীজগণিতক দুটা পৃথক শাখা হিচাপে গণ্য কৰি অহা হৈছিল। ৰেনে ডেছকাৰ্টছে ১৬০০ চনত জ্যামিতি আৰু বীজগণিতৰ সমন্বয় ঘটাই স্থানাংক জ্যামিতিৰ ধাৰণা আগবঢ়াই এক নতুন ধাৰাৰ বিকাশ কৰে। ইয়াৰ ফলত বিভিন্ন বক্ৰ আৰু আকৃতি বিলাকক বীজগণিতীয় সমীকৰণৰ সহায়ত প্ৰকাশ কৰাৰ প্ৰথা আৱিস্কাৰ হল। লগতে কলন গণিতৰ আবিস্কাৰৰ পথ মুকলি হল। এই ধৰণৰ জ্যামিতিবিলাকক ইউক্লিডিয়ান জ্যামিতি বোলা হয়। কিন্তু ইউক্লিডৰ জ্যামিতিৰ স্বীকাৰ্যবোৰ সকলো তলত সত্য নহয়। গোলকীয় পৃষ্ঠত ইউক্লিডৰ সমান্তৰাল সৰল ৰেখাৰ স্বীকাৰ্য সত্য নহয়। এতেকে বক্ৰপৃষ্ঠৰ ক্ষেত্ৰত এক নতুন জ্যামিতিৰ উদ্ভাৱন হল। এইবিলাক জ্যামিতিক অ-ইউক্লিডিয় জ্যামিতি হিচাপে অভিহিত কৰা হয়। বৈশ্লেষিক জ্যামিতিৰ পাছত প্ৰজেকটিভ জ্যামিতিৰ বিকাশ হয়। ইয়াত জোখমাখৰ অবিহনেই জ্যামিতিৰ বিষয়ে আলোচনা কৰা হয়। Girard Desargues (১৫৯১১৬৬১) নামৰ গণিতজ্ঞজনে এই জ্যমিতিৰ ধাৰণা প্ৰথমে আগবঢ়ায়। তেনেদৰে এফাইন জ্যামিতি আন এক ধৰণৰ জ্যামিতি। ইয়াৰ পাছত বিংশ শতিকাত জ্যামিতি অধ্যয়ন কৰা আন এক শাখা টপলজিৰ আৰম্ভণি হয়। এই শাখাটো বিকাশ ঘটোৱাৰ ক্ষেত্ৰত গণিতজ্ঞ ডেভিড হিলৰ্বাটৰ অৱদান প্ৰচুৰ। এফাইন জ্যামিতিৰ বিষয়ে এটা ধাৰণা কৰিবলৈ এটা উদাহৰণ উল্লেখ কৰিছোঁ। ৰেল লাইনৰ চিৰিদুডাল বহু দূৰলৈকে চালে আমি যেনে দেখোঁ সেইটো এটা এফাইন জ্যামিতিৰ উদাহৰণ। এনে জ্যামিতিৰ প্ৰয়োগ অনেক। এনিমেচন আৰু তথ্য প্ৰযুক্তিৰ অনেক ক্ষেত্ৰত এই জ্যামিতি বহুলভাৱে ব্যৱহাৰ কৰা হয়। দেখা গৈছে যে জ্যামিতিৰ আৰম্ভণিৰ কালৰ পৰাই ইয়াৰ প্ৰয়োগ অনেক। আচলতে সকলো ধৰণৰ জ্যামিতিয়েই বিভিন্ন ধৰণৰ প্ৰযুক্তিৰ লগত জড়িত।অভিযান্তিক বিজ্ঞানৰ প্ৰায় সকলো শাখাৰ অধ্যয়নত জ্যামিতিৰ ব্যৱহাৰ অপৰিহাৰ্য। গতিকে গণিতৰ এই শাখাটোৰ অধ্যয়নো শিক্ষাৰ্থীসকলৰ বাবে এক মূল্যৱান পেছা হব পাৰে।

***

ঠিকনা :  

অৱসৰ প্ৰাপ্ত উপাধ্যক্ষ

ডিব্ৰুগড় হনুমানবস্ক সুৰজমল কানৈ কলেজ,

পোঃ অঃ চি আৰ বিল্ডিং, ডিব্ৰুগড়-৭৮৬০০৩

ফোন-৯৪৩৫৪৭৩৮৭২

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ