অন্যযুগ/


প্লাষ্টিক : মানৱসৃষ্ট প্ৰহেলিকা আৰু প্ৰকৃতিৰ বেথা

 দেৱজিৎ ভৰালী

 

মানৱ সভ্যতাৰ তুমুল উত্থানৰ পৰিপ্ৰেক্ষিতত বিজ্ঞান-প্ৰযুক্তিয়ে চমকপ্ৰদ সফলতা লাভ কৰিছেআৰু সমান্তৰালভাৱে বিজ্ঞানৰ ন ন উদ্ভাৱনে মানৱ জীৱন সুচলতৰ কৰি তুলিছেকিন্তু তাৰো সমান্তৰালভাৱে মানুহৰ জ্ঞাতে-অজ্ঞাতে প্ৰকৃতিয়ে ইয়াৰ কুফল বাৰুকৈয়ে ভূগিবলগাত পৰিছেপৰিতাপৰ কথা এইখিনিতেই আহি পৰেআমি দোপদদোপে উন্নতি কৰাৰ লগে লগে প্ৰকৃতিলৈ যিমান পাৰোঁ আমাৰ দ্বাৰা বৰ্জনীয় প্ৰতিদান দিবলৈহে ধৰিলোঁআৰু প্ৰকৃতিয়ে এই প্ৰতিদানক বিনাচৰ্তে গ্ৰহণ কৰি সহি সহি গৈ থাকিল, গৈ আছে


তথাকথিত বিজ্ঞানৰ জয়যাত্ৰাৰ পথৰেই কোনোবাচোৱা কেঁকুৰিত বেকেলাইট্ (১৯০৭) নামৰ এবিধ আচৰিত ভৌত মানৱ সমাজে আৱিষ্কাৰ কৰি উলিয়ালে আৰু এই প্ৰকৃতিৰ ভৌতৰ সহজাত নাম পৰিল প্লাষ্টিকএইবিধ পদাৰ্থৰ গুণাগুণেএকপ্ৰকাৰে মানৱ সমাজৰ বাবে আশীৰ্বাদতুল্য তথা চমকপ্ৰদ হৈ ধৰা দিলে অতিশয় কম খৰচী, সহজলভ্য উৎপাদন, বহুমুখী ব্যৱহাৰ, মাটি-পানী-বায়ু ক’তোৱেই নষ্ট নোহোৱা গুণৰ অধিকাৰী এইবিধ ভৌতৰ আচৰিত চৰিত্ৰই সকলোকে বৰ আকৃষ্ট কৰিলে আৰু লগেলগে ইয়াৰ চাহিদা আৰু ব্যৱহাৰৰ পৰিসৰ বিশালতৰ হৈ পৰিলইয়াৰ বিস্তাৰ আৰু প্ৰসাৰসম্প্ৰতি আশ্চৰ্যকৰমাউণ্ট এভাৰেষ্টৰ পৰা আৰম্ভ কৰি আপোনাৰ গৃহৰ পাকঘৰত থকা নিমখৰ বৈয়ামটোলৈকে অথবা মহাকাশযান নিৰ্মাণৰ পৰা আৰম্ভ কৰি কলম নিৰ্মাণলৈকে প্লাষ্টিকৰ ব্যৱহাৰ অপৰিহাৰ্যগতিকে মানৱ জীৱনত ইয়াৰ প্ৰভাৱ সহজে অনুধাৱন কৰিব পাৰিইমানলৈকে ঠিকেই আছে৷ পিচে প্ৰকৃতি! প্ৰকৃতিয়েতো নিজৰ নিয়মৰ হেৰ্-ফেৰ্ নকৰেসৃষ্টি-ধ্বংসৰ শাশ্বত সূত্ৰৰ দ্বাৰাই প্ৰকৃতি পৰিচালিত হৈ থাকেনিজৰ ভাৰসাম্য বৰ্তাই ৰাখেপ্লাষ্টিকে এইখিনিতেই আহুকালৰ সৃষ্টি কৰেযি গুণৰ বলত মানুহৰ বাবে ই একপ্ৰকাৰে আশীৰ্বাদতুল্য হৈ পৰিছে সেই গুণৰাজিৰেই ই প্ৰকৃতিৰ বাবে অভিশাপ হৈ হৈ পৰে


যি কি নহওক, গঠনৰ ফালৰ পৰা প্লাষ্টিক সাধাৰণতে উচ্চ আণৱিক ভৰবিশিষ্ট যৌগ (Large molecule structured polymeric material) ৷ ইয়াৰ ৰাসায়নিক গঠন কিম্বা আণৱিক গঠন যথেষ্ট জটিল ৷ প্লাষ্টিক এনেধৰণে বৈশিষ্ট্যসম্পন্ন যে ইয়াক বিভিন্নৰূপ দিব পৰাকৈ নমনীয়, লেহুকা অথচ কঠিন আৰু দীৰ্ঘম্যাদী ৷ ই নজহা-নপমা এবিধ জটিল যৌগবিশিষ্ট পদাৰ্থস্বাভাৱিকতে যিকোনো প্ৰকৃতিজাত বস্তু-দ্ৰব্যয়েই পচনশীল বা নষ্টধৰ্মী চৰিত্ৰ বহন কৰেউদাহৰণস্বৰূপে লোহা এডোখৰো যথাসময়ত মামৰ আদি ধৰি অৱক্ষয় হৈ মাটিৰ সৈতে মিলি যায়কিন্তু প্লাষ্টিকৰ ধৰ্ম প্ৰকৃতিবিৰোধীই নষ্ট নোহোৱাকৈ থাকি যায় ৷ কাৰণ প্লাষ্টিক এবিধ অজৈৱপচনশীল ( Nonbiodegradable ) পদাৰ্থহেইয়াৰ নষ্টধৰ্মী চৰিত্ৰ নাই ইপিনেদি সম্প্ৰতি নগৰায়ণৰ যুগে জয়জয়-ময়ময় অৱস্থা বহন কৰাৰ পৰিপ্ৰেক্ষিতত কম খৰচী, বহুমুখী প্ৰতিভাৰ এই প্লাষ্টিকৰ চাহিদা বৃদ্ধি কৰাটো স্বাভাৱিকজনসংখ্যা বৃদ্ধিৰ প্ৰসংগটোও উপেক্ষণীয় নহয়মুঠতে ভূতৰ ওপৰতে দানহ


প্লাষ্টিকৰ গুণাগুণৰ ওপৰত ভিত্তি কৰি ইয়াক ব্যৱহাৰৰ দিশৰ পৰা শ্ৰেণীবিভাগ কৰি ভিন ভিন ৰূপত ব্যৱহাৰ কৰা হয়আনহাতে ই সহজলভ্য, কমখৰচী হোৱাৰ বাবে ব্যৱহাৰ কৰি সহজতে বৰ্জনো (প্লাষ্টিক আৱৰ্জনা) কৰা হয়এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকেই হওক বা অন্য প্লাষ্টিকেই হওক যেতিয়া এইসমূহ আৱৰ্জনালৈ পৰ্যবসিত হয় তেতিয়া বিভিন্ন পদ্ধতিৰে যথা জ্বলাই দি বা মাটিত পুতি বা নলা-নদৰ্মা, নদীত উটুৱাই দি ইয়াক ধ্বংস কৰিবলৈ চেষ্টা কৰা হয়ফলত প্লাষ্টিকে নিজৰ ভয়ংকৰ ৰূপ দেখুৱাবলৈ সাজু হয় ৷ যেনে- প্লাষ্টিকে বহন কৰা বিষাক্ত ৰাসায়নিক যৌগই জুইৰ সান্নিধ্য পাই জ্বলি উঠি বিষাক্ত প্ৰদূষকৰ ৰূপ লয় আৰু বতাহত মিহলি হৈ দূৰদূৰণিলৈ বিয়পি পৰি বায়ু প্ৰদূষণৰ সৃষ্টি কৰেসেইদৰে মাটিত পুতি থলে অপচনশীল চৰিত্ৰৰ বাবে মাটিৰ উৰ্বৰতা হ্ৰাস কৰিবলৈ ধৰেপানীত উটুৱাই দিলে পানী বিষাক্ত কৰি তোলে তথা নষ্ট নোহোৱাকৈ থাকি যায়মুঠতে প্লাষ্টিক অজৰ-অমৰস্থিতি বাহাল ৰাখিব পৰা ধৰ্মৰ বাবে কোনো কাৰণতে প্ৰকৃতিৰ নিয়মক ই আকোঁৱালি নলয় ৷ সেয়েহে হয়তো প্লাষ্টিক এক প্ৰকাৰৰ মানৱসৃষ্ট দানৱ কিম্বা দেৱতা কিম্বা এক প্ৰহেলিকা


এতিয়া আহোঁ এইবিধ পদাৰ্থৰ বিশ্বব্যাপি প্ৰসাৰৰ এক থূলমূল পৰিসংখ্যালৈসম্প্ৰতি চক্ৰবৃদ্ধি হাৰত প্লাষ্টিকৰ উৎপাদন বিশ্বজুৰি বৃদ্ধি পাইছেপ্ৰাপ্ত তথ্যমতে (UNEP : United Nations Environmental Program) বৈশ্বিক প্ৰেক্ষাপটত বছৰি ৪০০ (চাৰিশ) নিযুত মেট্ৰিক টন উৎপাদন হয়যাৰ প্ৰায় ১২ শতাংশ প্লাষ্টিক বৰ্জন / আৱৰ্জনাৰ নামত জ্বলাই (Incineration) দিয়া হয় আৰু মাত্ৰ ৯ শতাংশ প্লাষ্টিক পুনৰব্যৱহাৰযোগ্য (Recycle)  কৰা হয়বাকী থকাআৱৰ্জনা সদৃশ প্লাষ্টিক তথাকথিতভাৱেই মাটি, নদ-নদী, সাগৰকো সাঙুৰি প্ৰকৃতিগৰ্ভলৈ নিক্ষেপ কৰা হয়ইপিনে ভাৰতৰ প্ৰেক্ষাপটত যদি মন কৰোঁ তেন্তে ভাৰতত বছৰি ৩.৪ নিযুট টন (3.4 million tones) প্লাষ্টিক আৱৰ্জনা (Plastic Waste) সৃষ্টি হয়যাৰ মাত্ৰ ৩০ শতাংশহে পুনৰব্যৱহাৰযোগ্য কৰি তোলা হয়বিগত পাঁচ বছৰৰ খতিয়ানলৈ মন কৰিলে দেশত প্লাষ্টিক ব্যৱহাৰৰ বাৰ্ষিক যৌগিক বৃদ্ধিৰ হাৰ (CAGR) ২০১৬-১৭ বিত্তীয় বৰ্ষত ৯.৭ শতাংশ হিচাপে ১৪ নিযুত টনৰ পৰা ২০১৯-২০ বৰ্ষত ২০ নিযুত টন হৈছেগৈ (উৎস : Business Standard) ৷ এই সময়ছোৱাত ভাৰতৰ প্লাষ্টিক আৱৰ্জনা সৃষ্টিৰৰ হাৰো দুগুণ হাৰত বৃদ্ধি পাইছেভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান (IISc) প্ৰেক্সিছ গ্ল’বেল এলায়েঞ্চ (Prexis Global Alliance)-ৰ এক যুটীয়া প্ৰতিৱেদন মতে দেশৰ তিনিখন ৰাজ্য ক্ৰমে মহাৰাষ্ট্ৰ, তামিলনাডু আৰু গুজৰাটেই একেলগে কেৱল দেশৰ মুঠ আৱৰ্জনাৰ ৩৮ শতাংশ বৰঙণি যোগায়গতিকে প্লাষ্টিক ব্যৱহাৰ তথা আৱৰ্জনাৰ এই অভাৱনীয় বৃদ্ধিৰ হাৰে প্ৰাকৃতিক পৰিৱেশত কেনে বিৰূপ প্ৰভাৱ পেলাইছে সেয়া সহজে অনুমেয়


ইতিমধ্যে উল্লেখ কৰা হৈছে যে প্লাষ্টিক বিষাক্ত প্ৰদূষকৰ বাহক ৷ পৃথিৱীৰ তিনিওটা পৰিমণ্ডল- মাটি, পানী, বায়ু সকলোকে ই প্ৰদূষিত কৰিব পাৰেপৃথিৱীৰ বায়ুমণ্ডলৰ পৰিসৰত প্লাষ্টিকসৃষ্ট বয়বস্তু, দূষিত কথা (Micropollutants) আদিয়ে প্ৰাকৃতিক পৰিৱেশ প্ৰদূষিত কৰে, প্ৰাণী আৰু উদ্ভিদকূললৈ বিপদ নমাই আনে ৷ প্লাষ্টিকে বায়ু প্ৰদূষণতো ইন্ধন যোগায়তলত কেইটামান উদাহৰণ দিয়া হৈছে


১) প্লাষ্টিক যিহেতু খাৰুৱা তেলৰ পৰা বা পেট্ৰলিয়ামজাত দ্ৰব্যৰ পৰা আহৰণ কৰা হয় গতিকে ইয়াত বিষাক্ত ৰাসায়নিক যৌগ থকাটো স্বাভাৱিকগতিকে মানৱস্বাস্থ্যৰ প্ৰতি ই অতিশয় ক্ষতিকাৰক ৷ চিকিৎসক মহলে এই ক্ষেত্ৰত ইতিমধ্যে সতৰ্কবাণী প্ৰকাশ কৰি থৈছে যে প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ কৰাত সতৰ্কতা অৱলম্বন কৰাটো মংগলজনকগৰম খোৱা সামগ্ৰী পৰাপক্ষত প্লাষ্টিকৰ আহিলাত লৈ গ্ৰহণ কৰাটো উচিত নহয়তদুপৰি শিশুসকলৰ প্লাষ্টিকৰ যতনসমূহ পৰাপক্ষত ব্যৱহাৰ নকৰাটোৱেই ভালপ্লাষ্টিক প্ৰদূষণৰ ফলত মানুহ অচিন ৰোগৰ চিকাৰ হ’ব পাৰে ৷ যাৰ চিকিৎসা হয়তো নাই বা অত্যন্ত ব্যয়বহুল হোৱাৰ সম্ভাৱনা থাকেআৱদ্ধ পানীত বা নলা-নদৰ্মাত প্লাষ্টিকৰ সামগ্ৰী পেলাই দিয়াটো অনৈতিক কথা আৰু ই সম্প্ৰতি সাধাৰণ কথাত পৰিণত হৈছেই কোনো কাৰণতে সমৰ্থনযোগ্য নহয়মহ, বীজাণু আদিৰ বাবে আদৰ্শ উৎপত্তিস্থল হৈ পৰে৷


২) প্লাষ্টিক আৱৰ্জনাই মাটিৰ উৰ্বৰা গুণ নষ্ট কৰি তাৰ মান হ্ৰাস কৰে যাৰ ফলত কৃষিকাৰ্যত বিৰূপ প্ৰভাৱ পৰে ৷ আৱৰ্জনাবোৰ লাহে লাহে মাটিৰ লগত মিলি যেতিয়া শীৰ্ণপ্ৰায় হ’বলৈ ধৰে, তাৰ পৰা নানান ধৰণৰ বিষাক্ত ৰাসায়নিক দ্ৰব্য ওলাই মাটিৰ সৈতে মিহলি হৈ পৰে আৰু মাটিৰ উৰ্বৰতা হ্ৰাস কৰেতেনে পেলনীয়া আৱৰ্জনা পশু-পক্ষীয়ে ভক্ষণ কৰি সিহঁতো মৃত্যু মুখত পৰিব পাৰে৷


৩) সামুদ্ৰিক জীৱকুলৰ বিষয়ে যদি চাবলৈ যাওঁ, প্লাষ্টিকৰ প্ৰভাৱ নপৰাকৈ থকা নাইপ্লাষ্টিকৰ ভয়ংকৰ গ্ৰাসত সামুদ্ৰিক জীৱকুলেও ত্ৰাহি মধুসূদন চিয়ঁৰিছে ৷ বিভিন্ন সময়ত মাছুৱৈসকলে মাছ মাৰিবলৈ ব্যৱহাৰ কৰা প্লাষ্টিকৰ জাল আদি নানান কাৰণত ছিগি-ভাগি সাগৰৰ তলিত ৰৈ যায়, সাগৰৰ মাছ বা অন্য জীৱ তেনে জালৰ ভগ্নাৱশেষৰ ফান্দত পৰি মৃত্যুমুখত পৰে বা আঘাতগ্ৰস্ত হয়তদুপৰি সাগৰৰ পাৰত বিনোদ-ভ্ৰমণকাৰীসকলৰ কৃপাত সাগৰ, মহাসাগৰৰ বুকুলৈ অসংখ্য প্লাষ্টিকৰ সোঁত বয়নদ-নদীৰ জৰিয়তেও প্লাষ্টিক আহি সাগৰত পৰেহিমুঠতে কথা বিষম, উপশমহে পাবলৈ নাই 


কিন্তু, এই সকলো কথা বাদ দি উল্লেখনীয় মূল প্ৰসংগটো হ’ল- প্লাষ্টিকে স্বয়ংক্ৰিয়ভাৱেই পৃথিৱী গ্ৰাস কৰিছেনে ? প্লাষ্টিক নিজেই গৈ সাগৰত পৰিছেগৈ নে? নে নিজেই বতাহৰ লগত মিলি গৈছে ? মুঠতে প্লাষ্টিকে নিজেই ইমান ধ্বংসলীলাৰ কাৰক হৈ উঠিছে জানো? প্লাষ্টিকৰ আৱিষ্কাৰ প্ৰকৃততে মানৱ সভ্যতাৰ বাবে এলা-পেছা উদ্ভাৱন নহয়৷ ই এক বৈপ্লৱিক উদ্ভাৱন ৷ ইয়াৰ আৱিষ্কাৰে বিজ্ঞানৰ জয়যাত্ৰাৰ অন্য এক মাইলৰ খুঁটিৰূপে সাক্ষী বহন কৰিছেগতিকে পোনে পোনে আমি “প্লাষ্টিক”লৈ সকলো দোষ ঠেলি দিয়াটো অনুচিত হ’বতথাকথিতভাৱেই আমি জানো যে অতিমাত্ৰা সকলো ক্ষতিকাৰকনিয়ন্ত্ৰিত ব্যৱহাৰ তথা সতৰ্কতাই মানৱজীৱন তথা পৃথিৱীৰ আনন্দক অনন্য মাত্ৰা প্ৰদান কৰেএকেই কথা প্লাষ্টিকৰ ক্ষেত্ৰতো খাটে বুলি ভাবোঁমানুহৰ অসংযশীলতাই, অসতৰ্কমূলক আচৰণেহে প্ৰকৃতিক প্ৰত্যক্ষ-পৰোক্ষভাৱে আঘাত সানি আহিছেঅবিবেচকী বনধ্বংস, প্ৰকৃতিৰক্ষাৰ প্ৰতি উদাসীন মনোভাব, আমাৰ কেউকাষেও যে এখন পৃথিৱী আছে তাৰ প্ৰতি এক প্ৰকাৰৰ অনুভৱহীন মানসিকতা, স্বাৰ্থান্বেষী মনোভাব ইত্যাদি কাৰণবোৰৰ বাবেই প্লাষ্টিকৰ দৰে অত্যাৱশ্যকীয় পদাৰ্থই প্ৰকৃতিৰ বেথাৰ কাৰক হৈ উঠিছেহয়, এই কথাও সত্য যে উন্নয়ন আমাৰ চিৰকাম্য কিন্তু সেই উন্নয়ন ধ্বংসমুখী হ’ব নালাগেমানুহৰ ন্যস্ত স্বাৰ্থসিদ্ধিৰ বাবে প্ৰকৃতিয়ে কিয় বাৰেবাৰে মূল্য বহন কৰিব সেয়াহে মুখ্যতঃ বিবেচ্য


প্লাষ্টিকৰ দীৰ্ঘম্যাদী স্বৰূপ, কম খৰচী আৰু সহজলভ্য গুণাগুণৰ বাবে ইয়াৰ অবাধ ব্যৱহাৰ হৈ আহিছেকিন্তু ইয়াৰ নেতিবাচক দিশবোৰলৈ চকু দিয়াটো মানুহৰ দায়িত্বচৰকাৰেও এইক্ষেত্ৰত অধিক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰাটো উচিতমানুহৰ কৃপাত ইতিমধ্যেই বিশ্বপ্ৰকৃতিৰ সৰ্বত্ৰ প্লাষ্টিকে গ্ৰাস কৰিছে ৷ কিন্তু এই গ্ৰাসক নিয়ন্ত্ৰণলৈ অনাৰ সামৰ্থ্য কেৱল মানৱজাতিৰ হাততেই আছে


প্লাষ্টিকৰ ব্যৱহাৰ তথা আৱৰ্জনা হ্ৰাসকৰণ, পুনৰব্যৱহাৰযোগ্য প্লাষ্টিকৰ সামগ্ৰী সংগ্ৰহকৰণ, পলিথিন বৰ্জন, এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাসকৰণ, খাদ্য-বস্তুৰ ক্ষেত্ৰত প্লাষ্টিকৰ আচ-বাব বৰ্জন, গৰম খাদ্য-বস্তু প্লাষ্টিকৰ পাত্ৰত পৰিবেশনৰ অভ্যাস ত্যাগ, পলিভিনাইল ক্ল’ৰাইড (PVC), পলিষ্টিৰিণ আদিৰ দ্বাৰা নিৰ্মিত প্লাষ্টিকৰ সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাসকৰণ, পলিকাৰ্বনেটমুক্ত (BPA Free) প্লাষ্টিকৰ ব্যৱহাৰ জাতীয় পদক্ষেপৰ জৰিয়তে প্লাষ্টিকৰ ভয়াৱহ সমস্যাৰ কবলৰ পৰা প্ৰাকৃতিক পৰিৱেশক কিছু পৰিমাণে হ’লেও সকাহ দিব পৰা যাবলগতে আৱৰ্জনা পেলোৱাৰ ক্ষেত্ৰতো সচেতনতা অৱলম্বন কৰা মংগলজনক


মূলতঃ ৰাইজৰ সজাগতাই সুৰক্ষিত প্ৰকৃতিৰ বাহককথাষাৰ যথাসম্ভৱ হৃদয়ংগম কৰিব পৰাটো আশাপ্ৰদ ৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ