ড° বিৰিঞ্চি কুমাৰ দাস
অসমীয়া সাহিত্য জগতত সম্প্ৰতি বহুত নতুন নতুন গল্পকাৰৰ আগমন ঘটিছে আৰু নিজৰ প্ৰকাশিত গল্প সংকলনৰ জৰিয়তে তেওঁলোকৰ অনেকেই ইতিমধ্যে সচেতন পাঠকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষমো হৈছে। বহু কেইগৰাকী উদীয়মান গল্পকাৰে গল্প কথনৰ স্বকীয় ভংগিমা আয়ত্ত কৰিবলৈ যত্ন কৰিছে, আৰু এই প্ৰয়াসত তেওঁলোক কম-বেছি পৰিমাণে সফলো হৈছে। তাতকৈও ডাঙৰ কথা, তেওঁলোকৰ গল্পৰ মাজেৰে অসমীয়া গল্প সাহিত্যলৈ নতুন নতুন বিষয়বস্তুৰ আগমন ঘটিছে, জীৱন সম্পৰ্কীয় দৃষ্টিভংগীৰ ক্ষেত্ৰত এওঁলোকৰ প্ৰতিগৰাকীয়ে একোটা স্বকীয় স্থিতি গ্ৰহণ কৰিছে, আৰু পাঠকক সেই দৃষ্টিভংগীৰ অভ্যন্তৰত প্ৰৱেশ কৰিবলৈ বাধ্য কৰিছে। কিন্তু এই প্ৰসংগতে এইটোও মন কৰিবলগীয়া কথা যে একোখন গ্ৰন্থ সম্পৰ্কে আলোচনা কৰোঁতে গ্ৰন্থখনৰ পাঠ আৰু এই পাঠ নিৰ্মাণৰ আঁৰত নিহিত কাৰকসমূহৰ ওপৰতহে দৃষ্টি নিক্ষেপ কৰা হয়, আৰু লেখকৰ নবীনত্ব বা প্ৰবীণত্ব এই ক্ষেত্ৰত বৰ গুৰুত্বপূৰ্ণ কথা হৈ নপৰে। লগতে এইটোও স্বীকাৰ কৰি লোৱাটোও উচিত হ’ব যে সংকলন বা কাকত-আলোচনীৰ জৰিয়তে পাঠকৰ সম্মুখলৈ অজস্ৰ অপৈণত আৰু গভীৰতাবিহীন গল্পও অহৰহ আহি আছে।
অলপতে অসমৰ তিনিগৰাকী উদীয়মান গল্পকাৰৰ তিনিখন নতুনকৈ প্ৰকাশিত গল্প সংকলন পঢ়িলোঁ আৰু সংকলন তিনিখন পঢ়ি কিছু কথা আলোচনা কৰাৰ প্ৰয়োজন বোধ কৰিছোঁ। আমাৰ এই আলোচনাত এই তিনিগৰাকী গল্পকাৰ স্বাভাৱিকতেই যোৱা কিছু বছৰত অসমীয়া গল্প সাহিত্যত আগমন ঘটা আটাইবোৰ উদীয়মান গল্পকাৰৰ প্ৰতিনিধি হিচাপে ধৰা হোৱা নাই বা আমাৰ আলোচনাই এইটো ইংগিতো নিদিয়ে যে সাম্প্ৰতিক সময়ৰ উদীয়মান গল্পকাৰসমূহৰ মাজত তেওঁলোকৰ স্থান গুণগত দিশৰপৰা আনসকলতকৈ ওপৰত। তেওঁলোকৰ সংকলনক বিশেষ গুৰুত্ব দি আলোচনা কৰাৰ কাৰণ এইটোও নহয় যে তেওঁলোকৰ শেহতীয়াকৈ প্ৰকাশিত গল্প সংকলনকেইখন যিকোনো কাৰণতে নহওক কিয়, কিছু বেছিকৈ চৰ্চিত হৈছে। আমাৰ এই আলোচনাৰ মূলতে হ’ল প্ৰতিভাৰ স্বাক্ষৰ বহন কৰা তিনিগৰাকী তুলনামূলকভাবে তৰুণ গল্পকাৰৰ গল্প সংকলনকেইখন একে সময়তে পঢ়াৰ সুযোগ পোৱাটোহে। অৱশ্যে আমি এইটো বিশ্বাস কৰোঁ যে তেওঁলোকৰ লেখা সম্পৰ্কে কৰা আলোচনাই আমাক সাম্প্ৰতিক অসমীয়া গল্প সাহিত্যৰ গতিবিধিৰ কিয়দংশ হ’লেও আভাস দিব বুলি ধাৰণা কৰাটো ভুল নহ’ব। আমি আলোচনা কৰিবলৈ লোৱা গল্পকাৰ কেইগৰাকী হ’ল মল্লিকা হাজৰিকা (একচল্লিশ), অংকিতা বৰুৱা (জোনবিলৰ ভেনাচ) আৰু হিৰোশ্বিমা বৰা পাঠক (সেউজ সীমনা)।
এই কেইগৰাকী লেখকৰ উল্লিখিত গল্প সংকলনকেইখনৰ বিষয়ে আলোচনা কৰাৰ আগতে আৰু দুটামান সাধাৰণ কথা উল্লেখ কৰি লোৱাৰ প্ৰয়োজন বোধ কৰিছোঁ। এইটো স্বাভাৱিকতে ধৰি ল’ব পৰা কথা যে একোটা গল্পত লেখকে কিছুমান ঘটনাৰ আঁত ধৰি একোটা কাহিনী নিৰ্মাণ কৰে; কিন্তু কাহিনী বুলি ক’লে আমি পৰম্পৰাগত ধাৰণাৰে যি বুজোঁ, গল্পকাৰে তেনেকুৱা কাহিনী এটাকেই ক’ব লাগিব বুলি এতিয়াৰ গল্প সম্পৰ্কীয় দৃষ্টিভংগীসমূহে নকয়। গল্প একোটাই বৰ্ণনা কৰা ঘটনাৱলীতকৈ বহু সময়ত অধিক গুৰুত্বপূৰ্ণ হৈ পৰে এই বৰ্ণনাই আমাক কেনে ধৰণৰ সামগ্ৰিকতালৈ লৈ যায়, সেয়াহে। এই সামগ্ৰিকতাৰ প্ৰসংগতে আহি পৰে লেখকৰ দৃষ্টিভংগীগত অৱস্থানৰ কথাও, যাৰপৰা লেখকে নিৰ্মাণ কৰা পাঠক সম্পূৰ্ণৰূপে নিলগাই ৰখাটো বৰ সঠিক নহয়।
একচল্লিশ মল্লিকা হাজৰিকাৰ দ্বিতীয়খন গল্প সংকলন। ইয়াৰ আগতে ২০১৭ চনত তেওঁৰ প্ৰথমখন গল্প সংকলন নক্ষত্ৰ প্ৰকাশিত হৈছিল। সেই হিচাপত চাবলৈ গ’লে মল্লিকা হাজৰিকাক ঠিক নতুন গল্পকাৰৰ শাৰীত ৰখাটো আপত্তিজনক বুলিও বিৱেচিত হ’ব পাৰে। তথাপি তেওঁক এই আলোচনাৰ মাজলৈ আনিছোঁ এই কথা ভাবিয়েই যে গল্পকাৰ হিচাপে তেওঁ এতিয়ালৈকে যিমান চৰ্চিত হোৱা উচিত আছিল, একচল্লিশৰ প্ৰকাশৰ আগতে তেওঁক সিমান চৰ্চিত হোৱা দেখা নাযায়।
যিটো কথাই মল্লিকা হাজৰিকাৰ গল্পসমূহক বিশেষভাৱে গুৰুত্বপূৰ্ণ কৰি তুলিছে, সেয়া হ’ল গল্পসমূহত তেওঁ সকলোৰে পৰিচিত এখন পৃথিৱীক ইয়াৰ আৰ্থ-সামাজিক প্ৰেক্ষাপটেৰে সৈতে বৰ্ণনা কৰিছে আৰু সেয়া তেওঁ অত্যন্ত সৰলতাৰে কৰিছে, কোনো উচ্ছ্বাস বা অতিকথনৰ দোষত নপৰাকৈ। গল্পবোৰত তেওঁ ক’ব খোজা কাহিনীৰ অভ্যন্তৰৰ ঘটনাসমূহৰ এক সৰলৰৈখিক বৰ্ণনা দিয়াৰ সলনি এই ঘটনাবোৰৰ প্ৰতি চৰিত্ৰসমূহৰ অন্তৰ্জগতৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ প্ৰকাশৰ মাজেৰে গল্পসমূহক আগ বঢ়াই নিয়াৰ প্ৰয়াস কৰিছে, আৰু তাকে কৰোঁতে তেওঁ এক কাব্যিক গতিময়তা আৰু কাব্যিক সংযম আহৰণ কৰাত বিশেষ গুৰুত্ব দিয়া দেখা গৈছে, যাৰ ফলত তেওঁৰ প্ৰকাশভংগী অনেক সময়ত ইংগিতধৰ্মী হৈ উঠিছে। এইটোও উল্লেখনীয় যে চৰিত্ৰসমূহৰ অন্তৰ্জগতখনৰ উন্মোচনত বিশেষভাৱে গুৰুত্ব দিলেও মল্লিকা হাজৰিকাই এই কথাটো সততে মনত ৰাখিছে যে তেওঁৰ গল্পবোৰৰ চৰিত্ৰসমূহ গ্ৰাম্য অথবা নগৰীয়া সমাজ-ব্যৱস্থাৰেই সৃষ্টি আৰু সেয়ে যিবোৰ আৰ্থ-সামাজিক তথা ৰাজনৈতিক প্ৰপঞ্চই এই চৰিত্ৰসমূহৰ চৌপাশৰ জগৎখনক প্ৰভাৱিত কৰি থাকে, সেইবোৰৰপৰা এইসকলক বিচ্ছিন্ন কৰি চোৱা হোৱা নাই, আনকি সম্পূৰ্ণ ব্যক্তিগত বিষয়সম্বলিত গল্পসমূহতো। অৱশ্যে এইটোও উল্লেখ নকৰি নোৱাৰি যে যিখন জগতক তেওঁ তেওঁৰ গল্পসমূহৰ মাজেৰে উন্মোচিত কৰিব বিচাৰিছে, সেই জগৎখনৰ অন্তৰ্নিহিত সামাজিক দ্বন্দ্বসমূহৰ গভীৰলৈ যোৱাটো লেখকৰ বাবে সকলো সময়তে সম্ভৱপৰ হৈ উঠা নাই। এটা সৰু উদাহৰণ হিচাপে ক’ব পাৰি যে ‘স্মৃতি হালধীয়া’ গল্পটোৰ নায়কৰ ট্ৰাইবেল পৰিচয়টোক লৈ হোৱা সংকটক প্ৰচলিত সামাজিক প্ৰপঞ্চসমূহৰ জৰিয়তে প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস দেখা নগ’ল, যাৰ ফলত গল্পটোৰ মূল সুৰটো অক্ষুণ্ণ থাকিলেও গল্পটোৰ সামগ্ৰিকতাত এটা অসম্পূৰ্ণতা ৰৈ থাকিল।
সমসাময়িক অসমীয়া সমাজৰ বহুকেইটা বিষয়েই লেখকে তেওঁৰ বিভিন্ন গল্পলৈ আনিছে, আৰু সেইবোৰৰ পটভূমিত তেওঁৰ চৰিত্ৰসমূহৰ মানসিক স্থিতি, বিভিন্ন চৰিত্ৰৰ মাজৰ সম্পৰ্ক তথা দ্বন্দ্ব তুলি ধৰিছে। গ্ৰাম্য সমাজৰ পশ্চাৎপদতা, সামাজিক ব্যৱস্থাই সৃষ্টি কৰা হতাশা, সাধাৰণ মানুহৰ আশা আৰু আশাভংগ, ৰাজনীতি, বিপ্লৱৰ নামত ভণ্ডামি, সাম্প্ৰদায়িকতা আদিৰ কথা তেওঁৰ বিভিন্ন গল্পৰ মাজেৰে প্ৰকাশিত হৈছে। ক’ভিডকালীন পৰিস্থিতিত সাধাৰণ মানুহৰ অৱস্থা আৰু এই প্ৰেক্ষাপটত এফালে মানৱদৰদী চিন্তা আৰু আনফালে মধ্যবিত্তীয় সুবিধাবাদী চৰিত্ৰৰ বিৰোধো কোনো কোনো গল্পত আহি পৰিছে। অৱশ্যে সামাজিক বিষয়ৰ বাহিৰেও শৰীৰচেতনা, জন্মগতভাৱে স্নায়ৱিক ৰোগত ভুগি থাকি কম বয়সতে মৃত্যুবৰণ কৰা কন্যাৰ মাতৃৰ হৃদয়ৰ আকুলতা আদি ব্যক্তিগত বিষয়ো তেওঁৰ কোনো কোনো গল্পই সাঙুৰি লৈছে। পাৰিপাৰ্শ্বিকতাই নিৰ্ধাৰণ কৰা সীমাৰ বাহিৰলৈ ওলাই যোৱাৰ আকাংক্ষা তেওঁৰ বহুকেইটা চৰিত্ৰৰ মাজত দেখা যায়, কিন্তু এইটোও মন কৰিবলগীয়া যে কাহিনীৰ বিৱৰকে সময়ে সময়ে কৰ্তৃত্বসুলভ স্থিতি গ্ৰহণ কৰি কিছুমান চৰিত্ৰক অস্পষ্টতাৰ মাজত আৱদ্ধ কৰি ৰাখিছে, যাৰ ফলত কিছুমান চৰিত্ৰ গল্পবোৰত উপস্থিত হৈছে কেৱল ‘তেওঁ’, ‘তাই’ আদি অসম্পূৰ্ণ পৰিচয়েৰে, আৰু এয়া গল্পকাৰৰ উদ্দেশ্য প্ৰণোদিত।
সংকলনখনৰ বেছিভাগ গল্পই কাব্যিক ব্যঞ্জনাত্মক ৰূপ পৰিগ্ৰহ কৰিছে আৰু ইয়াৰ মাজেৰে মানৱ জীৱনৰ আশা-নিৰাশা, মুক্তিৰ আকাংক্ষা, কাৰুণ্য আদি প্ৰকাশিত হৈছে যদিও ‘গৰমৰ মৰম’ গল্পটোত গল্পকাৰে তেওঁৰ প্ৰকাশভংগী সলনি কৰিছে। এই গল্পটো এটা সম্পূৰ্ণৰূপে ব্যংগাত্মক গল্প, য’ত সাম্প্ৰতিক ৰাজনীতি, সংবাদ মাধ্যম, আধুনিক নগৰীয়া জীৱনৰ অন্তঃসাৰশূন্যতা আদি বিভিন্ন দিশৰ প্ৰতি সুতীব্ৰ ব্যংগ প্ৰকাশ কৰা হৈছে।
অংকিতা বৰুৱাৰ জোনবিলৰ ভেনাচ সংকলনখনৰ গল্পসমূহৰ মূল আকৰ্ষণ নিহিত আছে তেওঁৰ পৰিচ্ছন্ন কথন ৰীতিত যাৰ জৰিয়তে তেওঁ মানুহৰ অন্তৰ্জগতখনক ইয়াৰ সমস্ত জটিলতাৰে তুলি ধৰিবলৈ যত্ন কৰিছে। দুই-এটা ব্যতিক্ৰম বাদ দি অংকিতা বৰুৱাৰ গল্পসমূহে সামাজিক বিষয়সমূহত বৰ বেছি মনোনিৱেশ কৰা দেখা নাযায়। চৰিত্ৰসমূহৰ সামাজিক অৱস্থিতিতকৈ তেওঁ অধিক গুৰুত্ব প্ৰদান কৰিছে নিজৰ অন্তৰ্জগতখনক উপলব্ধি কৰিবলৈ চৰিত্ৰসমূহে কৰা প্ৰয়াসত। তেওঁৰ বহুকেইটা গল্পৰ মুখ্য চৰিত্ৰসমূহ মূলতঃ অন্তৰ্মুখী, একাকী আৰু বিচ্ছিন্ন, আৰু সামাজিক প্ৰপঞ্চসমূহৰ পৰিৱৰ্তে নিজৰ মনোজগতৰ বিভিন্ন ক্ৰিয়াকলাপৰ ব্যাখ্যাৰ মাজেৰে তেওঁলোকে নিজৰ বাবে একোটা জীৱন-দৰ্শনৰ সন্ধান কৰিছে। তেওঁলোকৰ মাজত চৌপাশৰ পৃথিৱীখনৰ উৰ্ধ্বলৈ গৈ নিজৰ জগৎখন নিজৰ ধৰণে গঢ়ি লোৱাৰ বাসনা আৰু এই ক্ষেত্ৰত সময়ে সময়ে তেওঁলোকৰ আশাভংগৰ বেদনাও গল্পবোৰত বিভিন্ন ধৰণে প্ৰতিফলিত হৈছে।
অংকিতা বৰুৱাৰ কেইবাটাও গল্পৰ মূল বিষয়বস্তু হৈছে প্ৰেম, কিন্তু তেওঁ প্ৰেমক সদায় এটা পৰম্পৰাগত ধাৰণাৰ মাজতে আৱদ্ধ কৰি ৰাখিব বিচৰা নাই; তাৰ পৰিৱৰ্তে প্ৰেমৰ বিভিন্ন ৰূপৰ প্ৰকাশ ঘটোৱাৰ প্ৰচেষ্টা লেখকে কৰিছে। দুই-এটা গল্পত নাৰী-পুৰুষৰ পৰম্পৰাগত প্ৰেমক অলপ ভিন্ন দৃষ্টিকোণেৰে চোৱা হৈছে। কোনো কোনো গল্পত আকৌ প্ৰেমৰ object-অৰ স্থান লৈছে নিজৰ মাতৃ অথবা বয়স্ক শিক্ষিকায়ো, আৰু এনেদৰে প্ৰেমৰ সৈতে নিহিত শৰীৰোৰ্ধ্ব চেতনাক তুলি ধৰিবলৈ যত্ন কৰা হৈছে। কোনো কোনো গল্পত সমকামী প্ৰেমৰ সম্পৰ্কৰ প্ৰসংগও আহিছে।
সামাজিক প্ৰসংগও অংকিতা বৰুৱাৰ গল্পত একেবাৰে নহাকৈ থকা নাই। মধ্যবিত্তীয় সমাজত সপোনৰ বিপৰীতে আশাভংগৰ বেদনা, জীৱনৰ প্ৰতিকূলতাৰ বিপৰীতে সংগ্ৰাম আৰু আশাবাদৰ সীমাৱদ্ধতা আদি গল্পত উপস্থাপন কৰোঁতে এইবোৰক সমসাময়িক সামাজিক প্ৰেক্ষাপটৰ সৈতে যুক্ত কৰা হৈছে। অৱশ্যে সামাজিক ব্যৱস্থাৰ চৰিত্ৰৰ গভীৰলৈ যোৱাৰ প্ৰয়াসৰ অবিহনে এনে ধৰণৰ উপস্থাপন এটা সীমাৱদ্ধতাৰ মাজত ৰৈ যোৱাৰ আশঙ্কা থাকে। একেই কথা ক’ব পাৰি কোনো কোনো গল্পই স্পৰ্শ কৰি যোৱা পাহাৰ-ভৈয়ামৰ সম্পৰ্কৰ প্ৰসংগতো। ‘জীৱন এষণা’ গল্পটোত ইংগিতধৰ্মী ৰূপত আৱেগ আৰু বাস্তৱতাৰ মাজত সংঘাত দাঙি ধৰোঁতে সামাজিক সমস্যাৰ গভীৰতালৈ যোৱাৰ পৰিৱৰ্তে ব্যক্তিমানসৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ ওপৰত প্ৰাধান্য আৰোপ কৰা হৈছে। বৈষয়িকতাৰ প্ৰাধান্যৰ ভিত্তিত গঢ়ি উঠা আধুনিক জীৱন-দৰ্শনৰ অন্তঃসাৰশূন্যতা আৰু ই আনি দিয়া অনুশোচনাৰ কথা প্ৰকাশিত হৈছে ‘অন্তৰ্দৰ্শন’ গল্পটোত।
উল্লেখনীয় যে কেইটামান গল্পত মুখ্য চৰিত্ৰ নিজেই একোগৰাকী গল্পকাৰ, আৰু এইকেইটা গল্পত গল্পকাৰ চৰিত্ৰই সম্মুখীন হোৱা চৌৰ্যবৃত্তিমূলক কাৰ্য আৰু এই ক্ষেত্ৰত আলোচনীৰ সম্পাদকৰ অনীহামূলক দৃষ্টিভংগীৰ বিপৰীতে নিজৰ স্বকীয়তাক পুনৰ প্ৰতিষ্ঠাৰ বাবে গল্পকাৰৰ আকাংক্ষা, গল্পৰ সন্ধানত নমা গল্পকাৰৰ মনত আশা আৰু বাস্তৱতাৰ দ্বন্দ্ব, কেৱল জীৱন ধাৰণৰ তাড়নাত প্ৰতিভাশালী গল্পকাৰে কোনো প্ৰতিপত্তিশীল লোকৰ নামত ছপোৱাৰ বাবে গল্প লিখা আদি বিষয় তুলি ধৰি ছেগাচোৰোকাকৈ হ’লেও সমসাময়িক বাস্তৱতাকে স্পৰ্শ কৰিছে।
হিৰোশ্বিমা বৰা পাঠকৰ সেউজ সীমনা সংকলনত সন্নিৱিষ্ট গল্পসমূহে নগৰীয়া আৰু গ্ৰাম্য দুয়োটা জীৱনৰে কিছু বাস্তৱতাক দাঙি ধৰিবলৈ প্ৰয়াস কৰা দেখা যায়। গল্পকাৰে প্ৰতিটো গল্পত আকৰ্ষণীয় ৰূপত কাহিনী একোটা ক’বলৈ যত্ন কৰিছে, কাহিনীত বৰ্ণিত ঘটনাসমূহৰ সৈতে পাঠকক একাত্ম কৰাৰ বাবে তেওঁ সততেই প্ৰয়াস কৰিছে আৰু এই প্ৰয়াসত বহু সময়ত তেওঁ নিজে ঘটনাসমূহৰ সৈতে একাত্ম হৈ পৰিছে। অৱশ্যে তাৰ মাজতো ঘটনা আৰু চৰিত্ৰসমূহৰ ওপৰত বিৱৰকৰ কৰ্তৃত্বসুলভ নিয়ন্ত্ৰণ তেওঁ অব্যাহত আছে। কাহিনী কথনৰ এক নগৰীয়া সুৰ পাঠকৰ প্ৰতিটো গল্পতে স্পষ্ট।
সেউজ সীমনাৰ গল্পসমূহৰ কেন্দ্ৰীয় দিশটো হ’ল প্ৰচ্ছন্ন আশাবাদ। নগৰীয়া আৰু গাঁৱলীয়া সমাজ ব্যৱস্থাৰ নেতিবাচক দিশসমূহৰ প্ৰতি লেখক কিছু পৰিমাণে সচেতন, কিন্তু তেওঁৰ কেন্দ্ৰীয় চৰিত্ৰসমূহক এই নেতিবাচকতাৰ ঊৰ্ধ্বলৈ উন্নীত কৰি কাহিনীক এক আশাবাদী পৰিণতিলৈ আগ বঢ়াই লৈ যোৱাৰ প্ৰচেষ্টা চলোৱা দেখা যায়। অৱশ্যে এই আশাবাদ প্ৰচলিত সামাজিক ব্যৱস্থাজনিত প্ৰপঞ্চসমূহৰ গভীৰতালৈ যোৱাৰ পৰিণতিত সৃষ্টি হোৱাৰ পৰিৱৰ্তে চৰিত্ৰসমূহৰ আত্মবিশ্বাস (লগতে লেখকৰো) আৰু কিছু অনুকূল (আকস্মিক) ঘটনাক্ৰমৰ ফলস্বৰূপেহে হোৱা দেখা যায় আৰু সেয়ে ইয়াৰ মাজত এক ধৰণৰ মধ্যবিত্তীয় সীমাৱদ্ধতাও প্ৰকাশিত নোহোৱাকৈ থকা নাই।
হিৰোশ্বিমা বৰা পাঠকৰ নগৰকেন্দ্ৰিক গল্পসমূহৰ বেছিভাগৰে মূল চৰিত্ৰসমূহ মূলতঃ মধ্যবিত্তীয় সমাজখনৰপৰা অহা আৰু তেওঁলোকৰ অনেকেই মধ্যবিত্তীয় জীৱন-চৰ্যাৰে মাজত বাৰুকৈয়ে সম্পৃক্ত। এই গল্পসমূহৰ মাজেৰে লেখকে মূলতঃ পতি-পত্নীৰ প্ৰেম, শাৰীৰিকভাৱে অক্ষম পত্নীৰ প্ৰতি পতিৰ দায়ৱদ্ধতা, মৃত পত্নীৰ প্ৰতি পতিৰ গভীৰ আকুলতা, সন্তানৰ সৈতে পিতৃ-মাতৃৰ সম্পৰ্কৰ বিভিন্ন ইতিবাচক আৰু নেতিবাচক দিশ আদি বিষয়সমূহ আগ বঢ়াই নিছে আৰু ইয়াৰ মাজেৰে কিছু মানৱীয় প্ৰমূল্যক তুলি ধৰিবলৈ চেষ্টা কৰিছে। আধুনিক মধ্যবিত্তীয় সমাজখনৰ স্খলনমুখী প্ৰৱণতা সম্পৰ্কে লেখক অসচেতন নহয়, কিন্তু এই প্ৰৱণতাৰ ঊৰ্ধ্বত মানৱীয় মূল্যবোধৰ চিৰ প্ৰৱহমানতা সম্পৰ্কে তেওঁৰ বিশ্বাস অটুট আছে। কোনো কোনো গল্পত সাধাৰণ মানুহৰ জীৱন সংগ্ৰামৰ কথাও আহিছে, আৰু এই কঠোৰ জীৱন সংগ্ৰামৰ মাজতো মানুহৰ প্ৰতি আস্থা লেখকে স্পষ্ট ৰূপত প্ৰকাশ কৰিছে, যাৰ ফলত এনে সংগ্ৰামৰ প্ৰেক্ষাপটত সামাজিক ব্যৱস্থাগত কাৰকসমূহৰ ভূমিকা এই ক্ষেত্ৰত বৰ স্পষ্ট হোৱা নাই। এই প্ৰসংগতে এটা উল্লেখনীয় কথা হ’ল, কেইবাটাও গল্পৰ কাহিনীৰ দিশ পৰিৱৰ্তনৰ কাৰক হিচাপে আহি পৰিছে দুৰ্ঘটনা; সেউজ সীমনা শীৰ্ষক গল্পটোত পৰজন্মৰ প্ৰসংগয়ো ক্ষন্তেকীয়াকৈ হ’লেও ভূমুকি মৰা দেখা যায়। অৰ্থাৎ মানুহৰ নিজৰ নিয়ন্ত্ৰণৰ বাহিৰত থাকি যোৱা কিছুমান কথাৰ মানৱ জীৱনত গভীৰ প্ৰভাৱ থকা সম্পৰ্কে লেখক অলপ বেছি সচেতন। সেইবুলি তেওঁ এখন অধিবাস্তৱ পৃথিৱীলৈকো গুছি যাব খোজা নাই; তেওঁ পৰম্পৰাগত বাস্তৱতাৰ মাজতেই অৱস্থান কৰিছে, কেৱল এই বাস্তৱতাৰ সৈতে নিহিত সামাজিক কাৰকসমূহক সময়ে সময়ে তেওঁ কিছু সীমাৱদ্ধতালৈ ঠেলি দিছে।
‘প্ৰায়শ্চিত্ত’ গল্পটোৰ কাহিনীভাগ অলপ ব্যতিক্ৰম ধৰণৰ; ইয়াত এটা অপৰাধী দলৰ হৈ কাম কৰা নাৰী এগৰাকীয়ে এটা শিশুক অপহৰণ কৰিছে যদিও পাছত শিশুটোৰ মায়াত আচ্ছন্ন হৈ নিজৰ দলৰপৰাই ফালৰি কাটি আহিছে। জীৱনৰ শেষ পৰ্যায়ত তেওঁ অনুতপ্ত হৈছে আৰু শিশুটোক আচল পিতৃ-মাতৃৰ হাতত গটাই দিছে। মানুহৰ ওপৰত বিশ্বাস লেখকে এই গল্পটোতো অটুট ৰাখিছে, কিন্তু অপৰাধ কাহিনীত নিহিত উৎকণ্ঠা আৰু উত্তেজনাক মানৱীয় সংবেদনশীলতাৰ সৈতে একত্ৰ কৰাৰ ক্ষেত্ৰত প্ৰচুৰ সম্ভাৱনা থকা সত্তেও কিছুমান দিশত এই গল্পটোত অস্পষ্টতা ৰৈ থাকিল।
সংকলনখনৰ কেইবাটাও গল্পত সংগ্ৰামী নাৰীৰ চৰিত্ৰ অংকিত হৈছে। স্বামীৰ পৰকীয়া প্ৰেম বা নিষ্ঠুৰ অৱদমনৰ বিৰুদ্ধেই হওক বা গ্ৰাম্য সমাজৰ পটভূমিত আৰ্থ-সামাজিক প্ৰতিকূলতাৰ বিৰুদ্ধেই হওক, নাৰীয়ে কেৱল সংগ্ৰাম কৰাই নহয়, নিজৰ স্বতন্ত্ৰ সত্তাক সবলভাৱে প্ৰতিষ্ঠা কৰিছে, নিজক সাফল্যৰ দুৱাৰদলিত উপনীত কৰিছে। সংকলনখনিত দুটা গল্পৰ পটভূমি বিহাৰ। এটা গল্পত (‘দহন’) অসমৰ ছোৱালীয়ে বিহাৰৰ ল’ৰাৰ সৈতে বিয়া হৈ গৈ বিহাৰত কেৱল এটাৰ পাছত আনটোকৈ কন্যা সন্তান জন্ম দিয়াৰ পৰিণতিত ভোগা লাঞ্ছনাৰ লগতে ভ্ৰুণহত্যাৰ কথাও আহিছে, আৰু আনটো গল্পত (‘তমঃ জ্যোতিগৰ্ভঃ’) বিহাৰৰে নাৰী এগৰাকীয়ে নিজৰ স্থানতে ভোগা নিপীড়নৰ ছৱি অংকিত হৈছে। দ্বিতীয়টো গল্পত সামাজিক কদৰ্যতাৰ প্ৰতিমুখে এক আধ্যাত্মিক স্পৰ্শ আনি দিয়াৰ উপৰিও মানৱতাবোধৰ জয়যাত্ৰাক প্ৰতিষ্ঠা কৰিবলৈকো লেখকে যত্ন কৰিছে।
আমি আলোচনা কৰা তিনিওগৰাকী লেখকে
জীৱন-দৰ্শন, ৰচনাৰীতি আদি দিশৰপৰা স্বতন্ত্ৰভাৱে বাট বুলিছে। তেওঁলোকৰ
লেখাত সবলতা আৰু দুৰ্বলতা উভয়েই আছে, কিন্তু যিটো কথাই
তেওঁলোকক আলোচনাযোগ্য কৰি ৰাখিছে, সেয়া হ’ল তেওঁলোকৰ মাজত উত্তৰণৰ ইংগিত স্পষ্টভাৱে নিহিত আছে।
ঠিকনা :
অধ্যক্ষ, বৰপেটা ছোৱালী
মহাবিদ্যালয়
বৰপেটা - ৭৮১৩০১
ভ্ৰাম্যভাষ - ৭০০২১৪৩৩২৫