অজয় লিম্বু
অসম বিভিন্ন জাতি-জনগোষ্ঠীৰ
বাসভূমি৷ অসমত বসবাস কৰা অন্যান্য জাতি-জনগোষ্ঠীসমূহৰ ভিতৰত লিম্বুসকল হৈছে অন্যতম
এক জাতি৷ লিম্বুসকলৰ নিজস্ব ভাষা, লিপি, সংস্কৃতি, ধর্মীয় পদ্ধতি, ৰীতি-নীতি, সামাজিক
প্রথা বিৰাজমান৷ সেয়েহে লিম্বুসকলক জাতি বুলি কোৱাটো সমীচীন হব৷ উল্লেখনীয় যে লিম্বুসকল
অসমত বসবাস কৰা বৃহত্তৰ নেপালীভাষী গোর্খা জাতিৰ ভিতৰৰ অন্যতম এক জাতি৷ তৎসত্বেও লিম্বুসকলক
সুকীয়া এক জাতি হিচাপে বিবেচনা কৰাৰ বাবে প্ৰয়োজনীয় সকলো বৈশিষ্ট্য বিৰাজমান৷ আমাৰ
এই আলোচনাত লিম্বু জাতিৰ ঐতিহাসিক তথা সামাজিক দিশৰ ওপৰত আলোকপাত কৰা হৈছে৷
প্রাচীন অসমত লিম্বুসকলৰ
বসবাস তথা উপস্থিতি দেখিবলৈ পোৱা যায়৷ উল্লেযোগ্য যে প্রাচীন অসমৰ কামৰূপ ৰাজ্যত নেপালৰ
পূৱ প্ৰান্তৰ বহুখিনি ভূ-ভাগ অন্তর্ভুক্ত হৈ আছিল৷ আৰু লিম্বুসকল পূৱ নেপাল অর্থাৎ
হিমালয়ৰ পাদদেশত অতীজৰে পৰা বসবাস কৰি আহিছে৷ লিম্বুসকল বৃহত্তৰ কিৰাত জনগোষ্ঠীয় ঠালৰ
অন্তর্ভুক্ত৷ লিম্বুসকল অসমৰ বৃহত্তৰ কিৰাত জনগোষ্ঠী যেনে- বড়ো-কছাৰী, ডিমাছা, কোচ-ৰাজবংশীৰ
সৈতে নিকট সম্পর্কিত৷ চুবুৰীয়া দেশ নেপালত কোচ, মেচ তথা ৰাজবংশীসকল, দেশখনৰ জনজাতি
হিচাপে স্বীকৃত৷ প্রাচীন অসমত লিম্বুসকলৰ উপস্থিতিৰ কথা ক’বলৈ গৈ অসমৰ বৰেণ্য ইতিহাসবিদ
স্বর্ণলতা বৰুৱাই এনেদৰে কৈছে - ‘According to one version based on a Limbu
legend of creation, they are original inhabitants of Cachar country (Kachar
country or Mule country) the name given by the Gorkha people of the foothills
region lying between the Brahmaputra and the Koshi rivers’
অর্থাৎ লিম্বুসকল
ব্রহ্মপুত্ৰ উপত্যকাৰ অন্যতম বাসিন্দা আছিল৷ একেদৰে বিখ্যাত নৃতত্ববিদ তথা বৃটিছ প্রশাসনিক
বিষয়া Herbert Risley এ তেখেতৰ বহুল সমাদৃত ‘Tribes and Castes’ নামৰ গ্ৰন্থত এনেদৰে
উল্লেখ কৰিছে- “According to the Limbu legend of creation given by Risley in the
Tribes and castes of Begal, one of the two progenitors of the human race
settled in the khachar country, which is the name given by the Nepalese to the
tract at the foot of the hills between the Brahmaputra and kosi rivers, and
there become the father of the koch, Mech and Dhimal Tribes.”
গতিকে বৰ্তমানৰ কাছাৰ
শব্দটো কিৰাত তথা লিম্বুসকলে দিয়া৷ অতীজৰে পৰাই ব্ৰহ্মপুত্ৰ আৰু কুশী নৈৰ মাজৰ বহল
উপত্যকা তথা হিমালয়ৰ পাদদেশত লিম্বুসকলে বসবাস কৰি আহিছে৷ লিম্বুসকল পাহাৰীয়া জনজাতি
হিচাপে জনা যায়৷ অসমৰ বাহিৰেও উত্তৰপূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্য যেনে- চিকিম, পশ্চিম
বংগ (দার্জিলিং, ডুৱাৰচ, কালিমপাং), নাগালেণ্ড, মণিপুৰ, অৰুণাচল প্ৰদেশৰ চুকে-কোণে
কম-বেছি পৰিমাণে পোৱা যায়৷ উল্লেখনীয় যে পৃথিৱীত বসবাস কৰা লিম্বুসকলৰ অধিকাংশই নেপালৰ
পূব সীমান্তত বসবাস কৰে৷ আৰু এই অঞ্চলটো ভাৰতবৰ্ষ চিকিম আৰু পশ্চিমবগং সীমান্তৰ নিকটৱর্তী
স্থানত পৰে৷ কাঞ্চনজংঘা হিমালয়ৰ তলৰ পাহাৰীয়া অঞ্চলসমূহত লিম্বুসকলৰ বসতি ঘন৷ এই কাঞ্চনজংঘা
হিমালয়ে উত্তৰপূব ভাৰতৰ ৰাজ্যসমূহৰ মাজত সংযোগ স্থাপন কৰিছে৷ গতিকে ভৌগলিক তথা ঐতিহাসিকভাৱে
লিম্বুসকল অসম ভূমিৰ সৈতে জড়িত৷ ভাৰতবৰ্ষৰ দুখন ৰাজ্য চিকিম আৰু পশ্চিমবংগত লিম্বুসকল
জনজাতি (ST) হিচাপে স্বীকৃত৷ অসমত লিম্বুসকল ভাষিক ফালৰ পৰা তিব্বতবর্মী ভাষা পৰিয়ালৰ
অর্ন্তগত আৰু নৃগোষ্ঠীয় ফালৰ পৰা মংগোলীয় জনগোষ্ঠীৰ অন্তৰ্গত৷
লিম্বুসকলৰ বিভিন্ন সামাজিক দিশসমূহ তলত আলোচনা কৰা হ'ল :
লিম্বুভাষা তথা লিপি : লিম্বু ভাষা তিব্বতবর্মী ভাষা পৰিয়ালৰ অন্তর্গত৷ লিম্বু ভাষাক য়াকথুংপান বুলি কোৱা হয়৷ যিহেতু লিম্বু ভাষাত লিম্বু মানে হৈছে য়াকথুমবা আৰু পান মানে হৈছে ভাষা৷ পৃথিৱীত বসবাস কৰা লিম্বুলোকৰ সংখ্যা প্রায় ৬,০০,০০০ আৰু ইয়াৰে ০.০১% লিম্বু লোকহে এই ভাষা কয়৷ সম্প্রতি পৃথিৱীৰ জাতি জনগোষ্ঠীবিলাকৰ মাজত ভাষিক চেতনা জাগ্রত হোৱা দেখিবলৈ পোৱা যায়৷ ঠিক তেনেদৰে লিম্বুসকলৰ মাজতো লিম্বু ভাষাৰ উত্থানৰ কাৰণে বিভিন্ন পদক্ষেপ লোৱা দেখিবলৈ পোৱা যায়৷
লিম্বু লিপিক লিম্বু
ভাষাত চিৰিজংগা লিপি (Sirijanga Script) বুলি কোৱা হয়৷ এই লিপিটো প্ৰথম সহস্রাব্দৰ
শেষৰফালে ব্যৱহাৰ কৰা হৈছিল আৰু পিছত অৱলুপ্তি হবলৈ ধৰে৷ শেষত ১৮ শতিকাৰ ফালে লিম্বু
ভাষাবিদ তথা ইতিহাসবিদ ছিৰিজুংগাদেৱে এই লিপিৰ বিকাশ আৰু প্ৰসাৰত যথেষ্ট অৰিহণা যোগাইছিল৷
সেয়েহে তেওঁৰ স্মৃতিত এই লিপিক চিৰিজংগা লিপি হিচাপে জনা যায়৷ পূব নেপালৰ পাহাৰীয়া
জিলাসমূহত, ভাৰতবৰ্ষৰ চিকিম, পশ্চিমবংগ, অসম, মণিপুৰ, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আদি
ৰাজ্যত এই ভাষাটো কোৱা হয়৷ চিকিম ৰাজ্যৰ বিদ্যালয়, মহাবিদ্যালয় তথা বিশ্ববিদ্যালয়সমূহত
লিম্বু ভাষা ব্যৱহাৰ কৰা হয়৷ এনেদৰে চিকিম কেন্দ্রীয় বিশ্ববিদ্যালয়ত লিম্বু বিভাগ আছে৷
লিম্বুসকলৰ ধৰ্মীয় ৰীতি-নীতি : লিম্বুসকল জনজাতীয়
সমাজ প্রধান৷ তেওঁলোক প্রকৃতি বিশ্বাসী৷ লিম্বুসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক জীৱন লিম্বু
ধর্মীয় শাস্ত্র (মৌখিক) মুন্ধুমৰ দ্বাৰা পৰিচালিত হয়৷ মুন্ধুম শাস্ত্রৰ কোনো লিখিত
ৰূপ নাই৷ প্ৰজন্মৰ পৰা প্ৰজন্ম ধৰি মৌখিকৰূপত ই প্ৰচলিত হৈ আহিছে৷ লিম্বুসকলৰ উৎসৱ,
পূজা-পার্বণ মুন্ধুমৰ দ্বাৰা পৰিচালিত হয়৷ জন্মৰ পৰা, মৃত্যুলৈকে, বিশ্বব্রহ্মান্তৰ
উৎপত্তিৰপৰা আৰম্ভ কৰি মানুহৰ জীৱনৰ সৰু-বৰ সকলো ঘটনাৰ বর্ণনা এই মুন্ধুমত পোৱা যায়৷
লিম্বুসকলে পালন
কৰা ধৰ্মক য়ুমাছিম (Yumanism or Yumaism) বুলি কোৱা হয়৷ য়ুমা হৈছে আই মাতৃ অৰ্থাৎ
লিম্বুসকলৰ ধর্মীয় মূল গুৰু হৈছে নাৰী৷ সেয়েহে লিম্বু সমাজত মহিলাৰ স্থান উচ্চ৷
লিম্বুসকলৰ সৰ্বোচ্চ দেৱতাগৰাকীক তাগেৰা নিংৱাফুমা (Tagera Ningwaphuma) বুলি কোৱা
হয়৷ লিম্বুসকলে প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে- নদী, বায়ু, পানী, গছ-গছনি, চৰাই-চিৰিকটি,
শিল (লিম্বুসমাজত বিশেষ স্থান আছে) ইত্যাদিক দেৱতা জ্ঞান কৰে৷ তেওঁলোকে মূন্ধুম পাঠ
কৰি ঈশ্বৰ আৰু মানুহৰ মাজত যোগসূত্র স্থাপন কৰে৷
লিম্বু বিবাহ তথা পৰিয়াল ব্যবস্থা : লিম্বু সমাজত একক তথা যৌথ উভয় প্ৰকাৰৰ পৰিয়াল ব্যৱস্থা দেখিবলৈ পোৱা যায়৷ লিম্বুসকলৰ মাজত পিতৃতান্ত্রিক পৰিয়াল ব্যৱস্থা দেখিবলৈ পোৱা যায়৷ যদিও লিম্বু সমাজত মহিলাক উচ্চ স্থান দিয়া হয়৷ পিতৃৰ সম্পত্তিৰ অধিকাৰ পুত্ৰ আৰু পুত্ৰীৰ মাজত সমানে ভাগ-বতৰা কৰা হয়৷ মহিলাসকলে সামাজিক উৎসৱ পার্বণ, আচাৰ-অনুস্থানৰ পৰিয়ালৰ সকলো সিদ্ধান্ত পুৰুষৰ লগত আলোচনা কৰে৷
লিম্বুসকলে অন্তৰ্জাতি
বিবাহ পদ্ধতি মানি চলে যদিও বাহিৰা জাতিৰ মাজতো বিৱাহ হোৱা দেখিবলৈ পোৱা যায়৷ বিৱাহৰ
ক্ষেত্ৰত লিম্বুসকলৰ নিকট সম্পর্কীয় ভাতৃ-ভগ্নীৰ মাজত সম্পৰ্ক স্থাপনত নিষেধাজ্ঞা আছে৷ তদুপৰি
একে গোত্ৰ (clan) ৰ মাজতো বিৱাহ নিষেধ আছে৷
লিম্বু সকলৰ উৎসৱ পার্বণ : লিম্বুসকলে উদযাপন কৰা বিভিন্ন উৎসৱ-পাৰ্ৱণসমূহ ভিতৰত উল্লেখনীয় উৎসৱসমূহ হৈছে :
ক) চাচ’ক তাংনাম
(chasok Tongnam) : এই উৎসৱক উভওলি নামেৰেও জনা যায়৷ এই উৎসৱ শস্য চপোৱা উৎসৱ হিচাপে
পালন কৰা হয়৷
খ) ককফেৱা তংনাম : এই উৎসৱ অসমীয়া মাঘ বিহুৰ সমান্তৰালভাৱে উদ্যাপন কৰা হয়৷
গ) বলিহাং তাংনাম : নেপালী ভাষী গোৰ্খাসকলৰ তিহাৰ উৎসৱৰ সমান্তৰালভাৱে লিম্বুসকলে এই উৎসৱ পালন কৰে৷
উল্লেখনীয় যে তিহাৰৰ
উৎপত্তি সম্পর্কে গোর্খা সমাজত প্রচলিত বিভিন্ন মতবাদসমূহৰ ভিতৰত লিম্বুসকলৰ বহিলহাং
তংনামৰ প্ৰসংগ আহি পৰে৷ গোর্খাসকলে তিহাৰ উৎসৱত দেউচী নৃত্য প্ৰদৰ্শনৰ সময়ত গায়-
‘Hami tasai
Aayeka Hoinau
Bali Rajako
hukumaile
Ayeka Hami’
অৰ্থাৎ তিহাৰ উৎসৱত
দেউচী নৃত্য বলিৰজাৰ নিৰ্দেশত পালন কৰা হয়৷ লিম্বুসকলৰ মাজত কথিত আছে যে এসময়ত বলি
নামৰ এজন প্ৰতাপী ৰজা আছিল তেওঁৰ বয়স বাঢ়ি অহাত বৃদ্ধ হৈ নৰিয়াত পৰে৷ আৰু ৰাজ্যৰ প্ৰজাসকলক
নির্দেশ দিয়ে যে তেওঁৰ আয়ুস বৃদ্ধিৰ কাৰণে সকলোৱে প্ৰাৰ্থনা কৰে আৰু সকলোৱে ঘৰে ঘৰে
চাকি-বন্তি জলাই পোহৰাই ৰাখে যাতে বেয়া আত্মা ৰাজ্যত প্রৱেশ কৰিব নোৱাৰে৷ আৰু সেয়েহে
প্ৰজাসকলে নিজৰ প্ৰিয় ৰজাৰ আয়ুস বৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰি দেউচি নৃত্য গায় পোহৰৰ
উৎসৱ পালন কৰি প্ৰেতাত্মাক বাধা প্ৰদান কৰে৷ ইয়ে লিম্বুসকলৰ বলিহাং ভংনাম৷ গুৰুত্বপূৰ্ণ
কথাটো হৈছে লিম্বু ভাষাত ‘হাং’ মানে হৈছে ৰজা৷
লিম্বু নৃত্য-গীত : লিম্বুসকলে উদযাপন কৰা নৃত্যসমূহৰ ভিতৰত-
ক) ধান নৃত্য (Paddy Dance) : লিম্বুসকলে তেওঁলোকৰ
বিভিন্ন উৎসৱ-পাৰ্ৱণ, বিৱাহ অনুষ্ঠান আদিত এই নৃত্য পৰিৱেশন কৰে৷ কৃষিজীৱি লিম্বুসকলৰ
পাহাৰীয়া সমতলভূমিত কৰা ধান খেতিৰ লগত জড়িত এইবিধ নৃত্য৷
খ) Chyabrung নৃত্য : Chyabrung হৈছে লিম্বুসকলৰ
অন্যতম এক বাদ্যযন্ত্র তথা পৰিচয়৷ ধর্মীয় উৎসৱ, পূজা-পাৰ্ৱণ, বিৱাহ, সকাম, মেলা আদিত
এই বাদ্যযন্ত্রবিধ বজাই ইযাৰ তালে তালে বিশেষ লয়ত নৃত্য কৰা হয়৷ চ্যাব্ৰুং বাঘৰ ছালৰ
পৰা বনোৱা হয়৷ আৰু ইয়াৰ মাত যিমানে উচ্চ হয়, সিমানে ভাল বুলি গণ্য কৰা হয়৷ বাঘক লিম্বু
ভাষাত ‘কে’ বুলি কোৱা হয়৷ আনহাতে বাদ্যৰ উচ্চাৰণ অনুসৰি ইয়াক ‘Chyak’ আৰু ‘Dhung’ ৰ
সংমিশ্রণ ঘটাই ‘Chyabrung’ বুলিহে কোৱা হয়৷ আনহাতে বাঘৰ ছালৰ পৰা প্ৰস্তুত কৰা কাৰণে
ইয়াক ‘কে’ বুলি কোৱা হয়৷ আৰু সেয়েহে এই নৃত্যক ‘কেলাং’ নৃত্য বুলিও কোৱা হয়৷
লিম্বুসকলৰ ৰূপকাত্মক পৰিচয় : লিম্বু জাতি হৈছে সাংস্কৃতিক ৰূপত চহকী এক জাতি৷ লিম্বু জাতি ৰাষ্ট্ৰসংঘৰ থলুৱা জনগোষ্ঠী (Indegonous Tribe) অর্ন্তভূক্ত জাতি৷ আমি পূর্বে কৈ অহাৰ দৰে লিম্বুসকল হিমালয় জনজাতি (Himalayan Tribe) হিচাপে বহুল পৰিচিত৷
লিম্বুসকলৰ মুখ্য
ৰূপকাত্মক পৰিচয় হৈছে :
১) চিলাম চাকমা : চিলাম
চাকমা বাঁহেৰে তৈয়াৰ কৰা মকৰাজালসদৃশ আৰ্হিৰ ওপৰত সূতাৰে এক নিৰ্দিষ্ট সূত্র অনুসৰি বনোৱা
হয়৷ দেখিবলৈ অতি আকর্ষণীয় এনে চিলাম চাকমা সংস্কৃতিক তথা ঐতিহাসিক মহত্ত্ব আছে৷ এই চিলাম
চাকমা উৎপত্তিৰ লগত লিম্বুসকলৰ ইতিহাস জড়িত হৈ আছে৷
২) Chaybrung : Chaybrung হৈছে লিম্বুসকলৰ অন্যতম পৰিচয়৷ ইয়াৰ উৎপত্তিৰ লগত লিম্বুসকলৰ ইতিহাস জড়িত হৈ আছে৷ এজন ভাল Chaybrung বজাব জনা আৰু নাচিব জনা লিম্বুক সমাজত উপযুক্ত ব্যক্তি বুলি বিৱেচনা কৰা হয়৷ কথিত আছে যে Chaybrung নাচিব নজনা লিম্বুক নাঙঠ পাহাৰৰ লগত তুলনা কৰা হয়৷ সেয়েহে ই লিম্বুসকলৰ পৰিচয়ৰ অন্যতম বাহক৷
৩) টংবা : লিম্বু
সমাজ জনজাতীয় সমাজ আৰু কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ জনজাতীয় সমাজত পৰম্পৰাগতভাৱে তেওঁলোকে পানীয়
অর্থাৎ মদিৰা প্ৰস্তুত কৰি পান কৰা প্ৰচলন আছে৷ লিম্বুসকলে এনেদৰে প্ৰস্তুত কৰা মদিৰাক
টংবা বুলি কোৱা হয়৷ টংবা লিম্বুসকলে দৈনন্দিন জীৱনত তদুপৰি উৎসৱ-পাৰ্ৱণ, ধর্মীয় অনুস্থান,
মেলা-হাট, বিৱাহ-সকামত এইবিধ পানীয় পান কৰে৷ আৰু ঘৰলৈ অহা আলহীক এইবিধ পানীয় আগবঢ়ায়৷
টংবা মিলেটৰ (নেপালীত Kodo) পৰা প্ৰস্তুত কৰা হয়৷ আৰু কাঠ বা বাঁহেৰে নিৰ্মিত ডাঙৰ
পাত্ৰ বা কাঁহৰ বাতিত পি খোৱা হয়৷
৪) লিম্বু চিত্রকলা আৰু ভাস্কৰ্য : লিম্বু শিল্পকলা বুলি ক’লে লায়াপ (Layap) চন্দ্রৰ চিহ্নযুক্ত আৰু খেছে তৰাৰ চিহ্নযুক্ত সজ্জাগত প্রতীকৰ কথা ক’ব পাৰি৷ এই লায়াপ লিম্বুসকলে তেওঁলোকৰ ঘৰৰ বেৰত আৰু দৰ্জাৰ সন্মুখত সজোৱা দেখা যায়৷ ই সৌভাগ্য আৰু ইতিবাচক চিন্তাৰ প্ৰতীক৷ আনহাতে খেছে হৈছে তৰাৰ চিহ্নমুক্ত নানাৰঙী প্রতীক৷ লিম্বু মহিলাসকলে এই প্রতীক বয়নত ব্যৱহাৰ কৰা দেখা যায়৷ লিম্বুসকলৰ ঘৰবিলাকত লিম্বু ভাস্কৰ্যৰ এক বিৱৰণ দেখিবলৈ পোৱা যায়৷ লিম্বুসকলৰ ঘৰৰ আৰ্হি তেওঁলোকৰ মুখ্য দেৱী ‘য়ুমাক’ প্রতীক প্রতিনিধিত্ব কৰে৷ খিৰিকী আৰু দুৱাৰৰ সবিশেষত বিভিন্ন আ-অলংকাৰ, গৰ-গহনাৰ প্ৰতীক লিম্বু ঘৰবিলাকত দেখিবলৈ পোৱা হয়৷
ভাৰতবৰ্ষত লিম্বুসকলৰ সুকীয়া এক নিজা পৰিচয় আছে৷ ঐতিহাসিকভাৱে তেওঁলোক পাহাৰীয়া দুর্গম অঞ্চলত বসবাস কৰি আহিছে আৰু নিজৰ কলাসংস্কৃতি পৰম্পৰা সংৰক্ষণ কৰি আহিছে৷ লিম্বু সমাজত আধুনিকতাৰ প্ৰভাৱ তথা বিশ্বায়নে আনি দিয়া নেতিবাচক প্রভাৱ নুই কৰিব নোৱাৰি পৃথিৱীত বসবাস কৰা মুঠ লোকৰ ০.০১% লোকেহে এই ভাষা কয়৷ লিম্বুভাষাটো প্রচলন ক্রমান্বয়ে হ্রাস পাবলৈ ধৰিছে৷ লিম্বুসকলৰ ৰাজনৈতিক অধিকাৰ তথা আকাংক্ষাসমূহ অপূর্ণ হৈ ৰৈছে৷ অসমত বসবাস কৰা লিম্বুসকলৰ বেছিভাগেই লিম্বুভাষা প্রয়োগ নকৰে৷ বৰ্তমান সময়ত পৃথিৱীৰ বিভিন্ন জতি-জনজাতিৰ মাজত ভাষিক চেতনা জাগ্রত হোৱা পৰিলক্ষিত হৈছে৷ সেইদৰে লিম্বুসকলৰ মাজতো তেওঁলোকৰ ভাষাৰ পুনৰুদ্ধাৰ কাৰণে ভাষিক চেতনা দেখিবলৈ পোৱা যায়৷ অসমত লিম্বুসকলে জনজাতীয় মৰ্যদা প্ৰাপ্তিৰ বাবে জনজাতীয় আন্দোলন আৰম্ভ কৰিছে৷
প্রসংগ পুথি :
1.Limboo, Ajoy.
(2025). An Overview of the Limboo Community’s Demographic Profile in Assam:
Factors
Associated with
Their History, Culture, and identity. IJCRT (February, 2 2025).
2.Limbu, R. K.
(2013). Exploring indigenous knowledge system and Limbu cultural identity in
Nepal. J
Univ Grants
Comm, 2, 122-37.
3. কৈৰালা, প্ৰকাশ (2020). অসমৰ গোৰ্খাসকলৰ ঐতিহ্যৰ অন্বেষণ, পূর্বায়ণ প্রকাশন৷
***
লেখকৰ ঠিকনা :
সহকাৰী
অধ্যাপক, অর্থনীতি বিজ্ঞান বিভাগ
শিৱসাগৰ
ছোৱালী কলেজ
শিৱসাগৰ
