অন্যযুগ/


জৰ্জ বুল : এক আৰু শূন্যৰ তাত্ত্বিকজন

 

প্ৰিয়দেৱ গোস্বামী

 

বৰ্তমান যুগটো হ’ল তথ্য-প্ৰযুক্তিৰ৷ ই হ’ল মানৱ সভ্যতাৰ চতুৰ্থ বিপ্লৱ৷ এই বিপ্লৱৰ আৰঁত বহু ব্যক্তিৰ অৰিহণা আছে৷ তাৰে ভিতৰত এজন অন্যতম ব্যক্তি হ’ল জৰ্জ বুল৷ সময়-ৰেখাৰ হিচাপত বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছিল ১৪ বিলিয়ন বছৰৰ পূৰ্বে৷ পদাৰ্থবিদ্যাৰ ‘বিগ বেং’ তত্ত্বই বিশ্বব্ৰহ্মাণ্ড সৃষ্টিৰ ব্যাখ্যা কৰে৷ ইমান দীঘলীয়া সময়ৰ তুলনাত মাত্ৰ ৭০,০০০ বছৰৰ পূৰ্বেহে আমাৰ দৰে মানুহৰ বিকাশ ঘটিছিল৷ জীৱকূলৰ ভিতৰত মানুহে চিন্তা কৰিব পৰা সামথ্য অৰ্জন কৰিলে৷ কিন্তু সকলো মানুহৰ এক সাধাৰণ ‘ছফট্‌ৱেৰ’ আমাৰ মগজুৱে কেনেকৈ লাভ কৰিলে এই বিষয়টো বৰ্তমানেও এক সাঁথৰ৷ এই চিন্তা কৰিব পৰা শক্তিৰ বলত মানুহে পৃথিৱীখনত বহুত পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম হৈছে৷ আদিম অৱস্থাত জুই, অস্ত্ৰ, ভাষা গণনা কাৰ্যৰ আৱিষ্কাৰ আছিল অন্যতম৷ পৰ্যবেক্ষণ তথা উদ্ভাৱনী শক্তিৰ সামৰ্থ্যৰ বাবে মানুহে কৃষি কাৰ্যৰ আৱিষ্কাৰ কৰিবলৈ সক্ষম হ’ল আৰু ইয়াৰ লগে লগে বহু ধাৰণাৰ বিকাশ ঘটিল৷ যেনে ধৰ্ম, ৰাষ্ট্ৰ, মুদ্ৰা, সাহিত্য, বেপাৰ আদি অনেক৷ মানুহৰ চিন্তা শক্তিৰ বলত যন্ত্ৰৰ আৱিষ্কাৰ হ’ল৷ ভাপ ইঞ্জিনে আৰম্ভণি কৰিলে ঔদ্যোগিক বিপ্লৱৰ৷ ই হ’ল  তৃতীয় বিপ্লৱ৷ ঔদ্যোগিক বিপ্লৱে পৃথিৱীখনক ন ৰূপত গঢ়ি উঠাত অৰিহণা যোগালে৷ যন্ত্ৰ আৱিষ্কাৰ কৰি মানুহে জীৱন প্ৰণালীকে সলাই পেলালে৷ কিন্তু এই সকলোবোৰ কাম কৰিবলৈ মানুহে কেনেকৈ চিন্তা কৰে এই বিষয়ে দাৰ্শনিকসকলে ভিন্ন মত আগবঢ়াইছিল৷ কিন্তু জজৰ্ বুলে প্ৰথমে মানুহৰ চিন্তা কৰা প্ৰকৃতি আৰু ইয়াক কেনেকৈ গাণিতিক আকাৰত প্ৰকাশ কৰিব পাৰি এই বিষয়ে বিশদভাৱে অধ্যয়ন কৰে আৰু এই বিষয়ক লৈ কেইবাখনো কিতাপ প্ৰকাশ কৰে৷

জৰ্জৰ্ বুলৰ জন্ম হৈছিল ১৮১৫ চনৰ ২ নৱেম্বৰ তাৰিখে উত্তৰ ইংলেণ্ডৰ লিনক’লন নামে ঠাইত৷ এই ঠাইখন বিখ্যাত বৃটিছ বিজ্ঞানী ছাৰ আইজাক নিউটনৰ জন্মস্থানৰ পৰা বৰ বেছি দূৰত নাছিল৷ বিদ্যালয়ত পঢ়াত ভাল আছিল যদিও বুলৰ বেছি আগ্ৰহ আছিল ধ্ৰুপদী ভাষাৰ প্ৰতিহে৷ ভাষাত থকা দখলৰ বাবে বুলে খ্ৰীষ্টিয়ান ধৰ্মৰ দৰ্শনৰ গ্ৰন্থসমূহ অধ্যয়ন কৰিবলৈ সুবিধা পাইছিল৷ তেওঁ ভগৱানক পৰম একক হিচাপে বিৱেচনা কৰিছিল৷ বুলে নিজে বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণৰ সুবিধা লাভ কৰা নাছিল, বৰঞ্চ তেওঁ ইমান আত্মবিশ্বাসী আছিল যে, তেওঁ আনক পঢ়ুৱাবলৈ এখন একাডেমী আৰম্ভ কৰিছিল৷ বুলৰ প্ৰথমখন গৱেষণা পত্ৰ ‘On certain Theorems in the calculus of variation’ ১৮৩৮ চনত প্ৰকাশ হয়৷ বুলৰ প্ৰায়বোৰ প্ৰবন্ধ Cambridge Mathematical Journal-অত প্ৰকাশ পাইছিল৷ ১৮৪১ চনৰ পৰা ১৮৪৪ চনৰ ভিতৰত বুলৰ প্ৰকাশিত গৱেষণা পত্ৰক Royal Society-য়ে শ্ৰেষ্ঠ বুলি স্বীকৃতি দিছিল৷ অৱশেষত ১৮৪৯ চনৰ আগষ্ট মাহত বুলে আয়াৰলেণ্ডৰ কুইনছ কলেজত অধ্যাপক হিচাপে যোগদান কৰে৷ ১৮৫৪ চনত প্ৰকাশিত ‘An Investigation of the Laws of Thought’  বুলৰ অন্যতম গ্ৰন্থ৷ এই কিতাপখনত বুলে তৰ্কবিদ্যাৰ বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰিছিল৷ ইয়াত মানুহে কেনেদৰে চিন্তা কৰে আৰু চিন্তা কৰাৰ পাছত উক্তিসমূহৰ পৰা আমি কেনেদৰে সিদ্ধান্ত গ্ৰহণ কৰো বা উপনীত হওঁ, এই বিষয়ে তেখেতে বিশদভাৱে আলোচনা কৰিছে৷ তেওঁ সাৰ্বিক সমষ্টিক এক(১)-ৰ দ্বাৰা আৰু ৰিক্ত সংহতিক শূন্য (০)-ৰ দ্বাৰা প্ৰকাশ কৰিছিল৷ তেওঁ প্ৰমাণ কৰি দেখুৱাইছিল যে বস্তুৰ অৱস্থিতিৰ ধাৰণাহে আচল, ইয়াত সেই বস্তুৰ পৰিমাণে প্ৰভাৱ নেপেলায় বা এবাৰ মানসিক চিন্তাৰ ফলত উপনীত সিদ্ধান্তক বাৰে বাৰে সম্পন্ন কৰা পৰীক্ষাই পৰিৱৰ্তন কৰিব নোৱাৰে৷ তেখেতৰ এই যুগ পৰিৱৰ্তনকাৰী ধাৰণাই তৰ্কবিদ্যা আৰু দ্বৈত সংখ্যা পদ্ধতি তথা সংহতি তত্ত্বৰ লগত এক সংযোগ স্থাপন কৰিলে৷ বুলৰ এই স্বকীয় অৱদানক আমি পাচৰ প্ৰজন্মই সন্মান জনাই স্বীকৃতি দিছো৷ কম্পিউটাৰ বিজ্ঞানত ব্যৱহৃত উক্তিৰ সত্যতা মূল্য সঁচা বা মিছাক বৰ্তমান বুলিয়ান হিচাবে অভিহিত কৰা হয়৷ বুলৰ ধাৰণাৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠা গণিতৰ এই শাখাক বৰ্তমান বুলিয়াল বীজগণিত বোলা হয়৷ এই বিষয় কম্পিউটাৰ বিজ্ঞানৰ এক অন্যতম প্ৰাথমিক বিষয়৷ সেইবাবে জৰ্জ বুলক কম্পিউটাৰ বিজ্ঞানৰ পিতৃ পুৰুষ হিচাপেও আখ্যা দিয়া হয়৷ এইজন বিখ্যাত গণিতজ্ঞৰ ১৮৬৪ চনৰ ৮ ডিচেম্বৰ তাৰিখে মৃত্যু হয়৷

মানুহে চিন্তা কৰা প্ৰক্ৰিয়া সম্পৰ্কে জৰ্জ বুলে আগবঢ়োৱা তত্ত্ব অত্যন্ত মৌলিক ধাৰণাৰ ওপৰত আধাৰিত আছিল৷ মানুহে কোৱা বাক্যবোৰক সঁচা বা মিছা হিচাপে ভাগ কৰিব পাৰি আৰু এই উক্তিবোৰক পাঁচটা সংযোগকাৰী যেনে, ‘অথবা’, ‘আৰু’ আদি ব্যৱহাৰ কৰি যৌগিক উক্তি গঠন কৰিব পাৰি৷ উক্তিৰ সত্যতা মূল্য সঁচা হ’লে মান এক (১) আৰু মিছা হ’লে শূন্য (০)৷ সংহতি তত্ত্বত এক হ’ল সাৰ্বিক সংহতি আৰু শূন্য হ’ল ৰিক্ত সংহতি৷ দেখা গ’ল যে তেওঁৰ বীজগণিতে দ্বৈত সংখ্যা পদ্ধতিৰ যোগ আৰু পূৰণ প্ৰক্ৰিয়াও মানি চলে৷ লগতে এই বীজগণিতে সংহতি তত্ত্বৰ ‘ডি মৰগান’ বিধিসমূহো মানি চলে৷ অৰ্থাৎ মানুহে কৰা চিন্তাৰ প্ৰক্ৰিয়া, দ্বৈত সংখ্যাৰ বীজগণিত আৰু সংহতি তত্ত্বৰ প্ৰাথমিক বিধিবোৰ এই আটাইবোৰ সমতুল্য৷

কিন্তু বুলে আগবঢ়োৱা তত্ত্বটোৱে প্ৰকাশৰ পাছৰ প্ৰায় ৭০ বছৰলৈকে বিশেষ গুৰুত্ব লাভ কৰা নাছিল৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ  MIT-ৰ ইলেকট্ৰিকেল অভিযান্ত্ৰিকৰ ছাত্ৰ Claude E. Shannon-য়ে দৰ্শনৰ এক পাঠ্যক্ৰম গ্ৰহণ কৰোঁতে বুলৰ ধাৰণাৰ বিষয়ে অৱগত হৈছিল৷ তেওঁ বুলৰ ধাৰণাক বৈদ্যুতিক বৰ্তনী সংযোগত প্ৰয়োগ কৰি সফল হৈছিল আৰু এই বিষয়ক ১৯৩৭ চনত প্ৰকাশিত তেওঁৰ এখন গৱেষণা পত্ৰই এক যুগান্তকাৰী পৰিৱৰ্তন আনিলে৷ মানুহে কৰা চিন্তাৰ প্ৰক্ৰিয়াক বৈদ্যুতিক যন্ত্ৰত প্ৰয়োগ কৰিব পৰাৰ ফলত বৰ্তমান যুগৰ কম্পিউটাৰ নিৰ্মাণৰ বাট মুকলি হ’ল৷ বিশ্বৰ প্ৰথমটো কম্পিউটাৰ ১৯৪১ চনত নিৰ্মাণ হৈ ওলাল৷ ইয়াৰ পাছৰ পৰা এনে ধৰণে কম্পিউটাৰ বিজ্ঞানৰ বিকাশ ঘটিবলৈ ধৰিলে যে গোটেই বিশ্বক এই বিপ্লৱে ধুৱাই নিলে৷ ই হ’ল তথ্য প্ৰযুক্তিৰ বিপ্লৱ, যাক আমি মানৱ জাতিৰ চতুৰ্থ বিপ্লৱ বুলি অভিহিত কৰিছোঁ৷ বৰ্তমান কম্পিউটাৰৰ ব্যৱহাৰৰ অবিহনে সমগ্ৰ বিশ্ব অচল হৈ পৰিব৷ ভাবিলে আচৰিত লাগে যে কেৱল এজন মানুহৰ চিন্তাশক্তিৰে লিখি থৈ যোৱা কেইখনমান কিতাপে কেনেদৰে এক বিপ্লৱৰ সূচনা কৰিব পাৰে৷

Shannon-এ বুলৰ ধাৰণা প্ৰয়োগ কৰাৰ আকৌ প্ৰায় ৭০ বছৰৰ পাছত কম্পিউটাৰ বিজ্ঞানে আন এক বিপ্লৱৰ সূচনা কৰিছে৷ ই হ’ল কৃত্ৰিম বুদ্ধিমত্তাৰ বিপ্লৱ৷ কৃত্ৰিম বুদ্ধিমত্তা বিষয়টো যদিও ১৯৫৬ চনতে গজালি মেলিছিল, একবিংশ শতিকাত ইয়াৰ বিকাশ কিন্তু অতি ক্ষিপ্ৰতৰ৷ এই ক্ষেত্ৰত এই অধ্যয়নৰ মূল লক্ষ্য হ’ল আমাৰ মগজুৰ বুদ্ধিমত্তাক যন্ত্ৰত প্ৰয়োগ কৰি কামত লগোৱাৰ কৰাৰ প্ৰয়াস৷ ইউৰোপীয় দেশসমূহে ২০১৩ চনৰ পৰা ২০২৩ চনলৈ Human Brain Project আঁচনি সম্পন্ন কৰিছে৷ অনাগত দিনত তথ্য প্ৰযুক্তিয়ে বিশ্বক কেনেদৰে পৰিৱৰ্তন কৰে সেইটো অতি আকৰ্ষণীয় হৈ উঠিছে৷ আনহে নালাগে যন্ত্ৰৰ এনে সক্ষমতাই স্বয়ং মানুহকে প্ৰত্যাহ্বান জনাইছে৷ সময়েহে জানে প্ৰযুক্তিৰ এই অভাৱনীয় প্ৰভাৱৰ ফলত অনাগত দিনত পৃথিৱীখন কেনে হ’ব আৰু আমিবোৰ কেনে হ’ম৷ কিন্তু কম্পিউটাৰ বিজ্ঞানৰ সকলো প্ৰযুক্তিৰ মূল দৰ্শন জৰ্জ বুলৰ অৱদান৷ ১৯৬৪ চনৰ ৮ ডিচেম্বৰ তাৰিখে এই বিখ্যাত গণিতজ্ঞ তথা মানৱ সমাজৰ চতুৰ্থ বিপ্লৱৰ সূচনাকাৰী জৰ্জৰ্ বুলৰ মৃত্যু হয়৷ এজন মানুহে আগবঢ়োৱা এক তত্ত্বই পৃথিৱীত তথ্য প্ৰযুক্তি বিপ্লৱৰ সূচনা কৰিলে৷ এনে কৃতিত্ব মাত্ৰ এজন ব্যক্তিৰ বাবে পোৱাটো সঁচাকৈয়ে অতি বিৰল৷

 

 ঠিকনা :

গণিত বিভাগ

ডিঃ হঃ সুঃ কানৈ মহাবিদ্যালয়, ডিব্ৰুগড়

ফোন : ৯৪৩৫৪৭৩৮৭২

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ