অন্যযুগ/


উত্তৰ-আধুনিকতাৰ আলোকত দেৱব্ৰত দাসৰ ‘অৰ্পিতাৰ এৰাতি’ : এক সামগ্ৰিক মূল্যায়ন

হিৰণ্য কুমাৰ বৰা

                                               


       সংস্থাপিত কাহিনীৰ সৰল ৰৈখিক গতিধাৰাৰ পৰিৱৰ্তে কল্পনা আৰু বাস্তৱ জগতখনৰ মাজৰ সূক্ষ্ম সীমাৰেখাডাল অতিক্ৰম কৰি এক পৰা-বাস্তৱ জগত নিৰ্মাণৰ ধাৰণাৰে ৰচিত দেৱব্ৰত দাসৰ ‘অৰ্পিতাৰ এৰাতি’ অসমীয়া চুটিগল্পৰ ইতিহাসৰ এক কালজয়ী গল্প৷ গল্পকাৰ দেৱব্ৰত দাসে ‘অৰ্পিতাৰ এৰাতি’ গল্পটোৰ মাধ্যমেৰে প্ৰচলিত বহুকেইটা গতানুগতিক ধাৰণাক গভীৰভাৱে প্ৰত্যাহ্বান জনাইছে৷ উত্তৰ-আধুনিক সাহিত্যৰ এক প্ৰধান কাৰিকৰী কৌশল হ’ল ‘মেটাফিক্‌শ্বন’ৰ প্ৰয়োগ৷ ধ্ৰুপদী সাহিত্যই প্ৰতিনিধিত্ব কৰা বাস্তৱতাৰ অনুকৰণ নাইবা বাস্তৱবাদৰ ভ্ৰমিক পৃথিৱীখনৰ পৰিৱৰ্তে পাঠকে বিচৰণ কৰি থকা পৃথিৱীখন যে এক কাল্পনিক পৃথিৱী, সেই সত্যক বিনা দ্বিধাই স্বীকাৰ কৰাৰ লগতে মেটাফিক্‌শ্বন শৈলীৰ প্ৰয়োগ কৰা সাহিত্যিকসকলে পাঠকক কেৱল এটা কাহিনী শুনোৱাতে সীমাবদ্ধ নাথাকি সমগ্ৰ কাহিনী নিৰ্মাণ প্ৰক্ৰিয়াটোকো উজাগৰ কৰে৷ দেৱব্ৰত দাসৰ ‘অৰ্পিতাৰ এৰাতি’ শীৰ্ষক গল্পটোৱেও গতানুগতিকতাৰ পৰিধি অতিক্ৰমি উত্তৰ-আধুনিকতাই প্ৰদৰ্শন কৰা এই বাটেৰেই গতি কৰিছে৷ গল্পটোৰ প্ৰাৰম্ভতে উল্লেখ কৰা: “মই মনে মনে ঠিক কৰোঁ কেতিয়াবা এই ছোৱালীজনীক লৈ গল্প লিখিলে তাইৰ নাম থ’ম – অৰ্পিতা৷” এই বাক্যশাৰীৰ মাধ্যমেৰেই গল্পকাৰে তেওঁৰ গল্পটো যে কাল্পনিক, পাঠকক তাৰ উমান দিছে৷ তদুপৰি গল্পৰ কাহিনীভাগৰ মাজত নিজৰ বাস্তৱ উপস্থিতিক প্ৰতিপন্ন কৰি গল্পকাৰে “এই গল্পটো আচলতে মোৰ আৰু অৰ্পিতাৰ গল্প৷ মই নায়ক, অৰ্পিতা নায়িকা” বুলি ঘোষণা কৰাৰ লগতে গল্পটোত উপস্থাপিত ‘কিৰণ’, ‘কৃষ্ণ’, অৰ্পিতাৰ দেউতাক’ আদি পাৰ্শ্ব চৰিত্ৰসমূহক অদৰকাৰী-অনাহুত চৰিত্ৰ বুলি সংজ্ঞায়িত কৰি পোনপটীয়াকৈ পাঠকৰ সৈতে এক পাৰ্শ্ব-পাঠ্য (Paratextual) সম্পৰ্ক গঢ়ি তোলাৰ প্ৰয়াস কৰিছে৷ উল্লেখ্য যে, অৰ্পিতাৰ এৰাতি গল্পটো কেৱল ‘অৰ্পিতা’ নামৰ কাল্পনিক চৰিত্ৰটোৰ কাহিনী হৈ থকা নাই, বৰঞ্চ গল্পটো কি পটভূমিত গঢ় লৈ উঠিছে, ইয়াৰ চৰিত্ৰসমূহ কিদৰে নিৰ্বাচিত হৈছে, লেখকে নিজৰ ইচ্ছা অনুযায়ী গল্পটোৰ কাহিনীভাগ কিদৰে সজাইছে – তাৰ এক কাৰিকৰী বিশ্লেষণেও উপস্থাপিত কাহিনীভাগত স্থান লাভ কৰিছে৷ দেৱব্ৰত দাসে প্ৰয়োগ কৰা এই কৌশলগত নিৰ্মাণ শৈলীয়েই গল্পটোত প্ৰয়োগ হোৱা ‘মেটাফিক্‌শ্বন’ৰ ধাৰণাটোক উজাগৰ কৰে৷

       পাশ্চাত্যৰ সমালোচক জ্যাঁ বোড্ৰিলাৰ্ড (Jean Baudrillard) ৰ তাত্ত্বিক ধাৰণা অনুসৰি উত্তৰ-আধুনিক যুগটো ‘চাইমুলাক্ৰা’(Simulacra)ৰ যুগ৷ বোড্ৰিলাৰ্ডে ১৯৮১ চনত প্ৰকাশিত তেখেতৰ বিখ্যাত গ্ৰন্থ Simulacra and Simulation-ত পোন প্ৰথমে ‘চাইমুলাক্ৰা’ৰ ধাৰণাটো আগবঢ়াই৷ বোড্ৰিলাৰ্ডৰ ধাৰণা অনুসৰি ‘চাইমুলাক্ৰা’ হ’ল বাস্তৱ জগতখনৰে এনে এক প্ৰতিৰূপ, যাৰ প্ৰকৃত বাস্তৱতা (Actual Reality) ৰ সৈতে কোনো সম্পৰ্ক নাই৷  বাস্তৱৰ প্ৰতিৰূপৰ ধাৰণাটোৰ আভাষ প্লেটোৰ ‘মাইমিছিচ’(Mimesis) তত্ত্বৰ মাজতে প্ৰতিফলিত হৈছিল যদিও প্লেটোৱে সৎ বস্তুৰ অনুকৰণ (Copy of an Original Image) ৰ মাধ্যমেৰেহে শিল্প বা সাহিত্যত প্ৰতিৰূপৰ ধাৰণাটো আগবঢ়াইছে৷ কিন্তু বোড্ৰিলাৰ্ডৰ ‘চাইমুলাক্ৰা’ৰ ধাৰণাই আকৌ প্লেটোৰ মাইমিছিছৰ ধাৰণাৰ পৰা বহুদূৰ আগুৱাই গৈ সৎ বস্তুৰ ঈষৎ প্ৰতিৰূপৰ পৰিৱৰ্তে এক অতিবাস্তৱ জগতৰ (Hyperrealistic World) ধাৰণা আগবঢ়াইছে, যাৰ অস্তিত্ব প্ৰকৃত বাস্তৱৰ পৰা সম্পূৰ্ণ পৃথক৷ চাইমুলাক্ৰাই কোনো মূল বস্তুৰ অনুকৰণৰ পৰিৱৰ্তে নিজে এক কৃত্ৰিম বাস্তৱতাৰ সৃষ্টি কৰে, য’ত সকলোৰে নিজা অস্তিত্ব বিদ্যমান৷ ‘অৰ্পিতাৰ এৰাতি’ শীৰ্ষক গল্পটোৰ মাজতো গল্পকাৰ দেৱব্ৰত দাসে তেনে এখন অতিবাস্তৱ জগতৰ সৃষ্টি কৰিছে৷ গল্পটোৰ আৰম্ভণিৰে পৰা পাঠকৰ সন্মুখত তুলি ধৰা ঘটনাপ্ৰৱাহৰ শেষত : “সেয়ে উপৰোক্ত ঘটনাটো গঢ়ি চালোঁ : দুখুনী অৰ্পিতাৰ আশ্ৰয়দাতা সান্ত্বনাদাতাৰূপে নিজকে সজাই চালোঁ : কিৰণহঁতে বিশ্বাস কৰক নকৰক গল্পত বণোৰ্ৱাৰ দৰে সেই ৰাতি এনে এক ঘটনা ঘটা হ’লে মই কিজানি অৰ্পিতাক সান্ত্বনা দিবলৈ পাই গভীৰ প্ৰশান্তি লভিলোঁহেঁতেন৷ অৱশ্যে  মাজ ৰাতিখন একোঠা শুই থকা মানুহৰ উপস্থিতিত এজনী গাভৰুৰ সতে ঠিক তেনেকুৱা ব্যৱহাৰ কৰাৰ সৎ সাহসখিনি মোৰ আছে নে নাই সেয়া সন্দেহৰ কথা৷...অৰ্পিতাই হয়তো সঁচাসচিকৈ ট্ৰেইনৰ পৰা জাঁপ মাৰি দিলেহেঁতেন৷” গল্পকাৰৰ এই স্বীকাৰোক্তিয়ে কাহিনীভাগৰ প্ৰতি মুহূৰ্ততে বাস্তৱ যেন লগা জগতখনৰ অস্তিত্বক পলকতে ধূলিস্যাৎ কৰি পাঠকক দেখুৱাইছে যে তেওঁলোকে ইমান সময়ে বিচৰণ কৰি থকা জগতখন প্ৰকৃততে বাস্তৱৰ পৰিৱৰ্তে এক ধৰণৰ কল্পিত সম্ভাৱনা(চিম্যুলেশ্বন)ৰ হে প্ৰতিৰূপ, যাৰ বাস্তৱৰ সৈতে কোনো সম্পৰ্ক নাই৷ তদুপৰি গল্পকাৰে দেখুৱাইছে যে এই চিম্যুলেশ্বনত সংঘটিত হোৱা ঘটনাসমূহৰ মাজত চৰম সত্য বিচাৰ কৰাৰ ধাৰণাটোও অৰ্থহীন, কাৰণ কল্পিত সম্ভাৱনাৰ জগতখনত সত্য সদায় আপেক্ষিক আৰু বহুমুখী৷

       ধ্ৰুপদী সাহিত্যই গঢ় দিয়া মহৎ নায়ক (Grand Hero) ৰ ধাৰণাক নস্যাৎ কৰি উত্তৰ-আধুনিকতাবাদে মানুহক বাস্তৱৰ সৈতে মুখা-মুখি কৰোৱাই৷ সমাজত সততে যিসমূহ চৰিত্ৰক নায়ক হিচাপে উপস্থাপন কৰা হয়, উত্তৰ-আধুনিকতাবাদে সেই নায়ক চৰিত্ৰসমূহ মাজত থকা ভণ্ডামী, ব্যক্তি স্বাৰ্থ পূৰণৰ হাবিয়াস আদি মানসিকতাক উদঙাই দিয়াৰ প্ৰয়াস কৰে৷ ‘অৰ্পিতাৰ এৰাতি’ গল্পটোৰ মাজতো কথক চৰিত্ৰটোৰ মাজত থকা এনে ভণ্ডামীক উদঙাই দিয়াৰ প্ৰয়াস কৰা হৈছে৷ গল্পটোৰ আৰম্ভণিতে যদিও কথক চৰিত্ৰটোৱে প্ৰথমে নিজকে এক ‘মহৎ ব্যক্তি’ হিচাপে উপস্থাপন কৰি বিপদত পৰা ‘অৰ্পিতা’ৰ আশ্ৰয়þদাতা হিচাপে কল্পনা কৰিছে : “মই তিমানপৰে এক মহতী আত্মালৈ উত্তীৰ্ণ৷ মই যেন ধৰাৰ সমগ্ৰ দুখী মানৱতাৰ বেদনা মোৰ বিশাল বুকুৰে শুহি লৈছোঁ৷ এনেকৈয়ে পৃথিৱীৰ সমস্ত লাঞ্চিত-প্ৰবঞ্চিত জনে যেন মোৰ নিৰ্ভয় আশ্বাসৰ পৰাই মুক্তিৰ সন্ধান বিচাৰি পাইছে : বিচাৰি পাইছে : আত্মহত্যাৰ বিকল্প, নতুন জীৱন ধাৰণৰ বাবে সংগ্ৰামৰ প্ৰস্তুতি৷” কিন্তু গল্পটোৰ শেষৰ ফালে তেওঁ নিজেই আত্ম-প্ৰৱঞ্চনা আৰু ভূৱা নায়কত্বৰ ফোঁপোলা স্বৰূপটো উদঙাই দিছে৷  তেওঁ স্বীকাৰ কৰিছে যে চিম্যুলেশ্বনৰ পৃথিৱীখনত নিজকে মহতী আত্মা হিচাপে উপস্থাপন কৰিলেও বাস্তৱত তেওঁ নিজৰ সুবিধাৰ বাবে বিবেক বিক্ৰী কৰা এজন সাধাৰণ ভয়াতুৰ আৰু স্বাৰ্থপৰ মানুহ : “এতিয়া মই চৰকাৰী চাকৰিয়াল৷ আৰামত মন মজ্জা বিবেক সকলো বিক্ৰী কৰি আৰামত দিন পাৰ কৰি আছোঁ৷” তদুপৰি উত্তৰ-আধুনিক কালচোৱাত  মানৱীয় মূল্যবোধ আৰু আদৰ্শৰে গঢ়ি উঠা সমাজ পৰিৱৰ্তনৰ বৃহৎ সপোন (Grand Narrative ) ৰ অৱক্ষয়ৰ দিশটোক তুলি ধৰি তেওঁ অকপটে স্বীকাৰ কৰিছে : “এসময়ত ছাত্ৰ-জীৱনৰ পৰা এই পৃথিৱীৰ পৰা এই দেশৰ পৰা দুখ-দাৰিদ্ৰ্য আঁতৰোৱাৰ প্ৰয়াসত যথেষ্ট কিবা-কিবি কৰিছিলোঁ : বাগানে বাগানে, কলে-কাৰখানাই ঘূৰিছিলোঁ কামৰূপ, লক্ষীমপুৰৰ বানপানী ভাঙি দৰিদ্ৰ খেতিয়ক শ্ৰমিকৰ মাজলৈ গৈ বিছাৰিছিলোঁ এই দুখৰ উৎস ক’তঞ্জ এতিয়া সেইবোৰ ল’ৰা ধেমালি যেন লাগে৷”  একেদৰেই গল্পটোৰ শেষৰফালে  মাজৰাতি সঁচাকৈ এনে ঘটনা ঘটা হ’লে তেওঁ অৰ্পিতাক বচোৱাৰ সলনি হুলস্থূলহে লগালেহেঁতেন বুলি কৰা স্বীকাৰোক্তিয়েও গল্পৰ আৰম্ভণিতে উপস্থাপিত মহৎ নায়কৰ ধাৰণাটোক সম্পূৰ্ণৰূপে ধূলিস্যাৎ কৰিছে৷

       ‘অৰ্পিতাৰ এৰাতি’ গল্পটোত নিৰ্মাণ কৰা চিম্যুলেশ্বনৰ জগতখনৰ নায়িকা ‘অৰ্পিতা’ নামৰ চৰিত্ৰটোৰ অন্তৰ্জগতত সৃষ্টি হোৱা বিষাদ, উদাসীনতা আৰু একাকীত্বৰ ভাৱনাক বুজাবলৈ গল্পকাৰে প্ৰতীকাত্মকভাৱে ‘নীলা’ ৰঙটোৰ প্ৰয়োগ কৰিছে৷ ট্ৰেইনৰ ডবাটোৰ মূল লাইটবোৰ নুমাই দিয়াৰ পাছত ঈষৎ ৰূপত উজ্বলি থকা নীলা ৰঙটো, খিৰিকীৰ সিপাৰৰ আন্ধাৰখিনি আৰু ইনফিনিটি অৰ্থাৎ অসীমত নিবদ্ধ অৰ্পিতাৰ দৃষ্টি, এই আটাইকেইটা উপাদানে গল্পটোৰ মাজত আধুনিক মানুহৰ মানসিক বিচ্ছিন্নতা, একাকীত্ব আৰু অস্তিত্ববাদী সংকটৰ প্ৰতিৰূপ হিচাপে দেখা দিছে৷ কিন্তু উত্তৰ-আধুনিকতাৰ তুলাচনীৰে জুখি চালে গল্পটোত উপজা এই বিষাদ আৰু উদাসীনতাও প্ৰকৃতাৰ্থত ধ্ৰুৱীয় নহয়৷ যিহেতু গল্পৰ কথক চৰিত্ৰটোৱে অৰ্পিতাৰ দুখৰ আঁৰত থকা প্ৰকৃত সত্যত উদ্‌ঘাটন কৰিব পৰা নাই, সেয়ে নিজৰ কল্পনাৰেই তেওঁ প্ৰেমিকৰ প্ৰতাৰণা, পৰীক্ষাৰ বিফলতা, বিবাহৰ বৰপণ আদি কেইবাটাও বিকল্প সম্ভাৱনা (Alternative Reality) নিৰ্মাণ কৰি কেৱল দৃশ্বগত উপযোগিতাৰ বাবেহে এই বিষাদবোধৰ  প্ৰতীকী উপস্থাপন কৰিছে৷

       দেৱব্ৰত দাসৰ ‘অৰ্পিতাৰ এৰাতি’  কেৱল এটা ৰে’ল যাত্ৰাকেন্দ্ৰিক প্ৰেম আৰু সহানুভূতিৰ গল্প নহয়, বৰঞ্চ ই এক গল্প কথনৰ নতুন কৌশল৷ সত্যৰ বহুমাত্ৰিকতা আৰু আধুনিক মানুহৰ ভূৱা আৱেগ-আদৰ্শক স্ব-বিদ্ৰুপৰ মাধ্যমেৰে উদঙাই দিয়া ই এক উৎকৃষ্ট উত্তৰ-আধুনিক সাহিত্য পাঠ৷ গল্পটো পঢ়ি উঠাৰ পাছত প্ৰকৃততে ঘটনাটো ঘটিছিলেনে নাই, অৰ্পিতা নামৰ চৰিত্ৰটোৰ সঁচাকৈ বাস্তৱ অস্তিত্ত্ব আছিলনে : পাঠকৰ মনত উপজিব লগা সেই প্ৰশ্নসমূহক অৰ্থহীন কৰি গল্পটোৱে মানুহৰ মনোজগতৰ কল্পিত স্থান আৰু বাস্তৱৰ সীমাৰেখাডালক মচি পেলাবলৈ সক্ষম হৈছে আৰু তাতেই গল্পকাৰৰ সাৰ্থকতা ফুটি উঠিছে৷ 

 ***

গৱেষক, অসমীয়া বিভাগ

অসম বিশ্ববিদ্যালয়, ডিফু চৌহদ

     

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ