অন্যযুগ/


গান্ধী ফাগ্লা : কথকতা আৰু কথক

 গীতাশ্ৰী তামুলী


  

নীলোৎপল বৰুৱাৰ গল্প আগেয়ে পঢ়া নাছিলো৷ তেওঁৰ ‘গান্ধী ফাগ্লা’ কিতাপখন পাই সেই নামৰ গল্পটোকে উলিয়াই লৈছিলোঁ৷ পঢ়ি যাওঁতে এনে লাগিল যেন বিচাৰি ফুৰা কাহিনীকওঁতা এজন পাই গ’লোঁ৷

এই আৱেগিক প্ৰতিক্ৰিয়াৰ দুটা কাৰণ হ’ব পাৰে যেন লাগিছে- প্ৰথম, নীলোৎপল বৰুৱাৰ মাজত মই অসমীয়া ভাষাৰ লোক কাহিনী আৰু পৰিশীলিত কাহিনী কথনৰ ঐতিহ্যই পুষ্ট কৰিব পৰা, বিকশাই তোলা বা জন্ম দিব পৰা এজন নিজাপি কথকৰ সম্ভাৱনা দেখা পাইছোঁ৷ বিশ্বৰ ভিন্ন প্ৰান্তৰ পৌৰাণিক, সাংস্কৃতিক, সাহিত্যিক ঐতিহ্যৰ কৰ্ষণ কৰিলেও, আৰু সমসাময়িক ৰাজনৈতিক ঘটনাপ্ৰৱাহক নখদৰ্পণত ৰাখিলেও তেওঁ অতি স্বাভাৱিকতাৰে, সাৱলীলতাৰে কাহিনীবোৰ কৈ যায়৷ কাহিনীবোৰ ইমান অনায়াসে কোৱা হৈছে যে ক’তো নিৰ্মিতিৰ আঁৰত থকা সজ্ঞান, সচেতন অনুশীলনৰ গম ধৰিব নোৱাৰি৷

বিশ্বৰ বহু বিচিত্ৰ বিশালায়তন  সাহিত্যৰ লগত মোৰ ঘন আৰু নিকট পৰিচয় থকা বুলি নকওঁ৷ তথাপি অনুবাদৰ জৰিয়তে হ’লেও যিখিনি ভাৰতীয়, ইউৰোপীয়, আফ্ৰিকীয়, লেটিন আমেৰিকীয়, চৈনিক আদি কাহিনী পঢ়িছোঁ, তাৰ পৰা মোৰ বিশ্বাস জন্মিছে যে শক্তিশালী লেখকসকলে নিজা ভূমিৰ (সাহিত্যিক, সাংস্কৃতিক, বৌদ্ধিক, ৰাজনৈতিক, ভাষিক) পৰা এনে কিছু ৰস টানি লয়, যিখিনিয়ে তেওঁলোকক বিশিষ্ট আৰু অনন্য কৰি তোলে৷ তেওঁলোক প্ৰতিনিধিস্থানীয় আৰু বহু সময়ত অননুকৰণীয় হৈ পৰে৷ মাৰ্কেজৰ কাহিনীৰ চৰিত্ৰবোৰে যেনেকৈ লেটিন আমেৰিকাৰ ভূমিত উশাহ লয়, কাজিয়া লাগে, প্ৰেমত পৰে, জী থাকে আৰু মৰে, মহাশ্বেতা দেৱীৰ কাহিনীবোৰ যেনেকৈ এক নিৰ্দিষ্ট ভূমিত (স্থান-কালত) লিপিট খাই থাকে, ঠিক একে ধৰণেই এইখন কিতাপৰ কাহিনীবোৰ অতি নিবিড়ভাৱে এছোৱা সময়েৰে সংলগ্ন৷

দ্বিতীয় কথাটো হ’ব পাৰে, সেই সময় ময়ো যাপন কৰিছোঁ৷ গল্পবোৰৰ পাত্ৰ-পাত্ৰী, ঘটনা, পৰিঘটনা মোৰ তেনেই পৰিচিত যেন৷ প্ৰথম কথক, নীলোৎপল বৰুৱাৰ অদৃশ্য মাকগৰাকীৰ দৰেই এনে কাহিনীবোৰ মোৰ মাজতো কঢ়িয়াই ফুৰিছোঁ৷ ব্যক্ত বা অব্যক্তভাৱে৷ কাৰণ মই কাহিনী ক’ব নাজানো৷

প্ৰথম পঠনৰ এই identification, একাত্মতাখিনি অতিক্ৰম কৰিবলৈ কেইবাটাও গল্প সেয়ে দুই-তিনিবাৰকৈ পঢ়িলোঁ৷ তপতে তপতে অনুভৱ কৰা আৱেগ বা সন্মোহনখিনি যাতে অতিক্ৰম কৰিব পাৰোঁ৷ প্ৰথম পাঠৰ হেঁপাহ নপলোৱা এক চমকনি, আস্বাদ, গল্পটোক আৱৰি থকা আভা (aura) তেও যেন আঁতৰি নগ’ল৷ বোধ হ’ল, অসমীয়া সাহিত্যই এই সময়ৰ নিজাপি কথক এজন অচিৰেই লাভ কৰিব৷ মহিম বৰা-সৌৰভ কুমাৰ চলিহা-অপূৰ্ব শৰ্মাৰ লগতে থাপি বিচাৰ কৰিবলৈ এখন নিগাজী আসন ল’ব পৰাকৈ এজন অতি সম্ভাৱনাপূৰ্ণ গল্পকাৰ ইতিমধ্যে উদ্ভাসিত হৈ উঠিছে৷ মই নাজানো, অসমীয়া সাহিত্যৰ ৰসবেত্তা পাঠক সমাজ বা সাহিত্য বিচাৰৰ কতৃৰ্ত্বক প্ৰতিনিধিত্ব কৰা সম্প্ৰদায়টো মোৰ এই খাৰাংখাছ কথাখিনিৰ সৈতে একমত হ’ব নে নহয়৷

একবিংশ শতিকাৰ প্ৰথম দশক দুটাত অসমীয়া সাহিত্যত কাহিনী ৰচনাৰ দুটা সমান্তৰাল ধাৰা ক্ৰমাৎ জনপ্ৰিয় হৈ উঠিছিল- ছপা আৰু সামাজিক মাধ্যমক কেন্দ্ৰ কৰি৷ আচৰিত ধৰণে দুয়োটা ধাৰাতেই লেখক আৰু পাঠকৰ ৰূপত নাৰীৰ প্ৰাধান্য আছিল৷ এটা ধাৰাই ঐতিহাসিক ৰোমাঞ্চ ফিক্‌শ্বনক জনপ্ৰিয় কৰি তোলাৰ সমান্তৰালভাৱে আনটো ধাৰাত সমকালীন জীৱনৰ এক ৰোমাঞ্চকৰ ৰূপ দাঙি ধৰা হৈছিল৷ তৃতীয় ধাৰাটো আছিল ছিৰিয়াছ কাহিনী-কথনৰ, সফল আৰু বিফল৷ কিন্তু সীমিত সংখ্যক পাঠকৰ মাজত পালিত৷ এই ধাৰাক সবল কৰিবলৈ বহু কেইজন প্ৰতিশ্ৰুতি সম্পন্ন তৰুণ লেখক প্ৰায় একে সময়তে ওলাই আহিছিল- ডালিম দাস, প্ৰাৰ্থনা শইকীয়াৰ পৰা সঞ্জীৱ পল ডেকা, পঞ্চানন হাজৰিকা, জুৰি বৰুৱালৈ৷

নীলোৎপল বৰুৱা এই সকলৰে এজন৷ নীলোৎপলৰ কাহিনীসমূহ চুকাপথাৰ নামৰ এক (কাল্পনিক!) আঞ্চলিক বৃত্তৰ ভিতৰত প্ৰতিষ্ঠাপিত৷ অথচ এই কেইটামান কাহিনীৰ এমুঠি পাত্ৰক লৈ তেওঁ ক’তো একো নোকোৱাকৈ, জান নিদিয়াকৈ কিছুমান দৃশ্য-অদৃশ্য সীমা অতিক্ৰম কৰি গৈছে৷ তেওঁৰ গল্পৰ পাত্ৰ-পাত্ৰীবোৰৰ উপাধিসমূহ চাওক- চাহু, নৰহ, ছেত্ৰী, ওৰাং৷ কোনো ব্যাখ্যা নাই, অতি স্বাভাৱিকভাৱে গল্পৰ ফ্ৰে’মত আহি ধৰা দিছে অসমীয়া কাহিনী সাহিত্যত, আৰু ৰূপায়ণৰ আন সকলো মাধ্যমত অদৃশ্য হৈ ৰোৱা কিছু জীৱন গাঁথা, প্ৰান্তত চকুত নপৰাকৈ ৰৈ যোৱা, কোনেও মনোযোগ নিদিয়া কিছু মানুহৰ অনুভূতি, ভাবনা, আশা, হেৰোওৱাৰ দুখ, হেৰাই যোৱাৰ নিৰ্বিকাৰ দৃশ্য, অফুট বেদনা, শূন্যত হাঁহাকাৰ তোলা সপোন৷ ডিঙিত পঘা ওলোমাই বেবনি তুলি পাপৰ প্ৰায়শ্চিত্ত কৰিব খোজা এজন কচাই, বলিয়া কুকুৰে এচকল গাৰ মঙহ এৰুৱাই নিয়াৰ পাচতো ক’ব নজনা এজন আজন্ম-বধিৰ, চিকিৎসাৰ অভাৱত মৃত্যু বৰণ কৰা এজন মন্দবুদ্ধি, ৰাজনৈতিক সমদলত যোগ দি এসাঁজ পেট ভৰাই খাবলৈ আশা কৰা এজন মাংৰা ওৰাং, নুমলীয়া পুতেকৰ কৰঙনৰ খৰ টুকুৰা ভাল কৰি দিবলৈ গীৰ্জাত প্ৰাৰ্থনা কৰা এগৰাকী মাক, ঘৈণীয়েকৰ তেল পৰি পিছলা গালখনত আস্থা ৰখা এজন স্বামী৷

নাম-কাহিনী (গান্ধী-ফাগ্লা)- ভোজপুৰৰ পৰা আহি অসমত বাস কৰা এজন কছাইৰ জীৱনৰ কাহিনী৷ জীউত চাহু৷ গল্পটোত থকা আমাৰ তেৱেই চিনাকী এখন ছবি চাওক :

ছাগলীটোৱে চাইকেলখনৰ ফ্ৰে’মটোৰ পৰা বস্তাৰ ফাঁকেৰে মূৰ উলিয়াইছিল৷ টোপোলা হৈ বহি ৰোৱা ছাগলীবোৰে বেবোৱা নাছিল৷ বৰঞ্চ চাইকেল চফৰ এটা আৰু ষষ্ঠেন্দ্ৰিয় ই (যদিহে ছাগলীৰ ষষ্ঠেন্দ্ৰিয় আছে বুলি ধৰা হয়) অৱশ্যম্ভাৱী কিবা এটাৰ ডাঠ ভাবনাত মূক হৈ বহি গৈছিল৷

জীউত চাহুৰ জীৱনৰ প্ৰেম-যৌনতা, মদ্যপান, দৰিদ্ৰতা আৰু বিলাস- এই সকলোবোৰ লৈ গল্পৰ শৰীৰ:

প্ৰায় কৌশলেৰে আঁতৰাই থোৱা মাইকী ছাগলীৰ ওহাৰ অথবা মাখনৰ দৰে তেজৰ লডাবোৰ যুগমোহনৰ ঘৈণীয়েকে শুকান জলকীয়াৰে ভাজি দিছিল৷ ওহাৰৰ সৰু সৰু বৰফিৰ দৰে টুকুৰাবোৰ থকাৰ দিনা সিঁহতে লাল খাইছিল৷ ছাগলীৰ মূৰৰ অংশ, ঠেং যুগমোহনৰ ঘৈণীয়েকে ৰাতিৰ সাজলৈ থৈছিল৷

‘গান্ধী-ফাগ্লা’ ৰাজনৈতিক-মানৱীয় প্ৰশ্নৰে জোঙাল এটা গল্প৷ গল্পটো পঢ়ি থাকোঁতে এগৰাকী মহাশ্বেতা দেৱীৰ কাহিনীহে মোৰ মনলৈ আহি আছে৷ এনেবোৰ মানুহৰ আখ্যান তেওঁৰহে যেন এক্তিয়াৰৰ ভিতৰত! তেঁৱেহে ওচৰৰ পৰা এই মানুহবোৰক জানে৷ জানে ভিতৰৰ পৰা, অন্তৰত জ্বলি থকা দগমগ জুই, ভিতৰৰ বৰফ-চেঁচা আৱৰণ৷ কোনো তত্ত্বৰ কছৰৎ নাই৷ তীক্ষ্ণ ৰাজনৈতিক, অথচ মূলসুঁতি নামৰ প্ৰতিষ্ঠানটোৰ পৰা তেনেই নিলগাই থোৱা আচহুৱা মানুহৰ কথা৷

যোৱা শতিকাৰ নব্বৈৰ দশকত দুই ধৰণৰ সন্ত্ৰাসৰ বাট হেৰোৱা পৰিৱেশত যেতিয়া আইনী ব্যৱস্থাৰ ৰক্ষকৰ ভূমিকা লোৱা হৰেকৃষ্ণ ডেকাতো বাদেই, জেহিৰুল হুছেইনৰ দৰে ৰাজনৈতিক গল্পকাৰেও ৰাজনীতিক বাদ দি মানৱপ্ৰেমৰ কাহিনী ৰচনা কৰিবলৈ লৈছিল, সেই সময়ৰ পৰিস্থিতিৰ গৰ্ভত ৰূপ লৈছে আজিৰ গল্পকাৰ নীলোৎপল বৰুৱাৰ কেইবাটাও গল্প৷ জীউত চাহু-একেই প্ৰব্ৰজনকাৰী, তাতে এক কছাই-আচহুৱা মানুহ, আচহুৱা ভাষা, আচহুৱা ভাব-ভংগী আৰু জীৱিকা৷

কিন্তু হয় জানো? জীউতৰ ঘৰ জ্বলোৱা ঘটনা আশীৰ দশকৰ বাস্তৱ - আমাৰ শৈশৱত বনজুইৰ দৰে বতাহত এনে বাতৰি বিয়পিছিল, ন ন বাতৰি সৃষ্টি কৰিবলৈ৷ জীউত প্ৰব্ৰজনকাৰী, তাতে ইন্দিৰাজীৰ ভক্ত৷ এই দুয়োটা ঘটনাই ঘৰটো জ্বলি যোৱাৰ বাবে যথেষ্ট৷ কিন্তু কথকে জীউতৰ জীৱন কাহিনীটো এনেকৈ খান্দি উলিয়াইছে- য’ত ইন্দিৰা, দেৱকান্ত, জাইল সিঙৰ পৰা জগজীৱন ৰামলৈ ব্যক্তিসকল এই আচহুৱা বাস্তৱৰ নিত্যদিনৰ একোটা উপাদান হৈ পৰিছে-কথন-মথনৰ পৰা প্ৰেম-যৌনতালৈ! সৰ্বসাধাৰণৰ দৃষ্টিৰে ইন্দিৰা গান্ধীৰ শাসন কালৰ ‘নচবন্দী’ৰ সমালোচনা মন কৰক :

কোনোবাই কৈছিল ইন্দিৰা গান্ধীৰ পাপ লাগিব৷ হাজাৰ হাজাৰ মৰদৰ মৰ্দাংগী খাই দিয়াৰ পাপ৷ —-মাইকী মানুহৰ ইমান আক্ৰোশ ভাল নহয়৷

একো একোজন নেতা, তেওঁলোকক দেৱতা বুলি কৈও মানুহৰ শাৰীলৈ নমাই অনা হৈছে৷ এই ওলটা-ওলটিখিনিয়ে পাঠকক চমকিত কৰে৷ 

গল্পটোত আছে জীউত কছাইৰ পাপবোধ আৰু পাপ-প্ৰক্ষালনৰ কাহিনী৷ ছাগলীৰ অভিশাপৰ বাবেই জীউতৰ একমাত্ৰ দুহিতা বাকশক্তিহীন হৈ জন্ম ল’লে বুলি জীউতৰ ধাৰণা:

মূৰত দুই তিনিবাৰ সেৱা কৰি লৈ কটাৰ পাছতো পৰি থকা ছাগলীৰ মূৰবোৰে তাক শাও দিছিল৷ থৰ হৈ থকা নীৰৱ চকুবোৰে তাক নৰকৰ নীৰৱ আমন্ত্ৰণ দিছিল৷

সেই পাপৰ বাবেই জীউতৰ লেবা ছোৱালীজনীয়ে জিভাখন মৰা ছাগলী এটাৰ দৰেই বাহিৰলৈ উলিয়াই থয়৷

মুখেৰে অনবৰত বৈ থাকে লেলাউটি৷ ভিজি যায় বুকু, পেট–৷ চোতালত এচুকৰ খাটিয়াখনত তাই দিনটো পৰি থাকে৷ ভোক লাগিলে গোঁগোঁৱায়৷ পেচাব লাগিলে গোঁগোঁৱায়৷ পিঠিত পৰুৱাই কামুৰিলে গোঁগোঁৱায়৷

গোটেই দিনটো গুড়িয়াই জীয়েকৰ লেলাউটি মচিছিল৷

নচবন্দী নকৰাৰ পাছতো জীউতৰ পোৱালি নহ’ল৷ পাপ৷ জিন্দা ছাগলী ঘপিয়াই দিয়াৰ পাপ৷ জুইৰ শিখাই ঘৰ আৱৰি ধৰাৰ পাচত জীউত খাটাং হ’ল৷ সেই জুইত দগ্ধ তাৰ লেবা ছোৱালীজনীৰ কাতৰ গেঙনিবোৰ এসময়ত নিস্তব্ধ হৈ পৰিল৷ বিয়ণ্ট সিঙে ইন্দিৰা গান্ধীৰ শৰীৰ মেচিন গানেৰে ফুটা কৰি দিয়া দিনটোতেই৷  

গল্পটোত পাপ আৰু প্ৰেম লগালগি৷ এইফাল-সেইফাল, ধান আৰু মান৷ জীউতৰ পাপ, গুড়িয়াৰ মাতৃস্নেহ৷

পাপৰ প্ৰায়শ্চিত্ত বিচাৰি ডিঙিত পঘা ওলোমাই জীউত বনাই ফুৰে ছাগলীৰ দৰে বেবাই বেবাই৷

আশীৰ দশকৰ অসমত জীউতৰ দৰে মানুহৰ ঘৰ জ্বলোৱাসকলো একেই পাপবোধত পীড়িত হ’ল নে? তেওঁলোকৰ পাপৰো একেদৰেই প্ৰায়শ্চিত্ত হ’লনে? সমাজৰ পাপচেতনা আৰু পাপ-প্ৰক্ষালনৰ এই কাহিনীয়ে আমাৰ বিবেকত তুলি ধৰিব পাৰিছে নে এনে এক প্ৰশ্ন? যদি পাৰিছে, তেতিয়াহে ক’ম গল্পকাৰ সফল হৈছে৷

বহু বছৰৰ আগত চন্দ্ৰপ্ৰসাদ শইকীয়াই এঠাইত লিখিছিল (বোধহয় ডষ্টয়েভস্কিৰ প্ৰসংগত) খ্ৰীষ্টিয়ান নীতিবোধৰ তাড়নাত ইউৰোপীয় সাহিত্যত বাৰে বাৰে উপস্থাপন হয় পাপ স্বীকাৰ আৰু অনুতাপেৰে চকু তিওৱাৰ কাহিনী৷ আমাৰ ভিন্ন পৰম্পৰাত সেই ধৰণৰ অভিজ্ঞতাৰ ভিতৰ পৰশা অসম্ভৱ যেন লাগে৷

ভাবি চাই আজি আৰু এই কথাষাৰ একেবাৰে সঁচা যেন লগা নাই৷ আমাৰ পৌৰাণিক আৰু লোক আখ্যানৰ বুকুত (পৰশুকুণ্ড-কেন্দ্ৰিক আখ্যানেই হওক বা তুলা-তেজাৰ আখ্যান হওক) সন্তৰ্পণে গঁথা আছে একোখন সমাজৰ গ্লানি আৰু অনুতাপ৷ সেই ঘাঁবোৰ ইমান জোৰেৰে হেঁচা মাৰি বা চাপ দি গভীৰত লুকুৱাই থোৱা আছে যে আজি হয়তো তাৰ পাঠোদ্ধাৰৰ বাবে একোজন মনস্তত্ত্ববিদৰ প্ৰয়োজন হ’ব৷

নীলোৎপলৰ আন দুটামান গল্পতো পাপবোধ, আত্মগ্লানি আৰু প্ৰায়শ্চিত্তৰ থীম আছে৷ এটা গল্পত মৃতদেহ জ্বলোৱাৰ সময়ৰ কথোপকথন পঢ়ক :

বুঢ়া কমতি পাপী আছিল– ক’ত সোনকালে জ্বলিব৷

চা চা কেনেকৈ পানী মাৰিছে,---

ই মানুহ মাৰিছিল– মানুহ মাৰিছিল---

তেওঁ সজা দলংখন তিনিমাহতে ভাগি কলৰ বোজা থকা চাইকেল ঠেলি নিয়া মানুহ দুটা মৰিছিল ৰডত শালি৷

কথাখিনিক শ-দাহনৰ সময়ত ওলাই অহা বাৰেবাংকৰা কথা বুলিয়েই নাভাবি মানুহৰ মাজত বৈ থকা সামাজিক নীতিবোধৰ প্ৰকাশ বুলি ভাবক৷ আজিৰ সমাজত এই নীতিবোধৰ পৰা জাত সমালোচনাত্মক বীক্ষণখিনি আছেগৈ নে? নে অনায়াস-গ্ৰহণৰ অভ্যাস-অনুশীলনত ক্ৰমশঃ জড়ীভূত হৈ পৰিছে আমাৰ মন-মস্তিষ্কৰ সমগ্ৰ প্ৰতিক্ৰিয়া?

একেদৰেই,  ‘বিড়াল’ গল্পটোতো কোৱা হৈছে সোণৰ মেকুৰী সজাই দান দি মেকুৰী মৰাৰ পাপ ক্ষয় নিওৱাৰ কাহিনী৷ পাপ-প্ৰক্ষালনৰ এইটো কাহিনীত পৌৰাণিক জ্যোতিষশাস্ত্ৰৰ শনিগ্ৰহৰ দৰেই লেখকৰ বক্ৰ দৃষ্টি পৰিছে৷ হয়তো সমসাময়িক সমাজৰ মূৰকটা আৰু মূৰনকটা ফৈদৰ দ্বন্দ্বৰ আগ্ৰাসী আক্ৰমণৰ পৰা নিজক বচাবলৈকে কাহিনীকাৰৰ এনে বক্ৰপথ অৱলম্বন৷ সি যিকি নহওক, বান্দৰ তত্ত্ব আৰু মেকুৰী তত্ত্বৰ দৰে অভিনৱ জ্ঞান-বিতৰণত কৃপাবৰৰ দূৰণিবটীয়া ৰিং এটাই পাঠকক সিঞাৰিব পাৰে৷  যি সোণেৰে শইকীয়াই মেকুৰী গঢ়াইছিল, সেই সোণ সাধুকথাৰ তীখৰে মেলা এড়ীচাদৰৰ পাহে পাহে লগাই লোৱা বৰাধানৰ শস্যৰ দৰে চীনা যুদ্ধৰ সময়ত দেশপ্ৰেমৰ বিনিময়ত গোটাই লৈ নিজৰ চন্দুকত ভৰোৱা বৈভৱৰ অংশ৷ এনেবোৰ কাহিনী মৰি মৰি জীয়াই থাকে জনৰৱ আৰু পৰচৰ্চাৰ অংশ হৈ৷ কেতিয়াবা তাৰ শৰীৰ বৰ্ধন হয়, কেতিয়াবা মুজুৰা পৰে৷ তাৰে পৰাই বুটলি আনি হয়তো কাহিনীৰ অভ্যন্তৰ সজাইছেহি৷

সঁচাকৈয়ে কাহিনীবোৰ আমাৰ চাৰিওফালে ওপঙি থাকে৷ লেখকৰ কাম বিচাৰি উলিওৱা, সজোৱা, সম্পাদনা কৰা আৰু ক’ব বিচৰাখিনি কোৱা৷ লেখকে নোকোৱা বহুখিনি পাঠকে নিজাকৈও পঢ়ে, পঢ়িব পাৰে৷ ‘জোতা’ গল্পটোও এনেকৈ উৰি ফুৰা কাহিনীৰে গঢ়া এটা গল্প৷ মোৰ বা আপোনাৰ- সকলোৰে জীৱনত ক’ব পৰাকৈ কেইবাটাও জোতাৰ গল্প থাকিব পাৰে৷ এইটো গল্প একমাত্ৰ সন্তানক দুবস্তাকৈ সুৱাগমণি ধান আৰু জিকা-ভোলৰ বিনিময়ত জোতা কিনি দিয়াৰ গৰ্বৰে ওফন্দি উঠা এজন পিতা আৰু অলিম্পিকৰ পদকৰূপী অলিভ গছৰ ঠানি হাতত লৈ অহা ভাগ্যৱান পুত্ৰৰ গল্প৷ এইটো জীৱনেই ভতুৱা অসমীয়াৰ আটাইতকৈ চিনাকী জীৱন৷ সেয়ে প্ৰেমৰ গল্প এটাৰ নায়কেও বাস্তৱত পাণৰ গুচি মিলাইছে:

আচলতে গীটাৰ বজাবলৈ শিকাৰ সময়টোত লৱ গগৈৰ আঙুলিবোৰে মঙহাল সেউজীয়া পাণ পাত গুচি কৰিছিল৷ (ক্ৰীত)

একে সময়তে, প্ৰেম কাহিনীৰ অনুকূলেই লৱ গগৈৰ প্ৰেয়সীৰ ৰূপত এক স্নিগ্ধ মাধুৰ্যৰ বতৰা আছিল :

মৌচেপা বৰষুণত ভিজা এটা কুমলীয়া তৰাপাতৰ দৰে চেহেৰা আছিল মায়া নৰহৰ৷

মৌচেপা, বৰষুণ, তিতা, কুমলীয়া, তৰাপাত- কেউটা শব্দত ৰোমাণ্টিক কবিতাৰ দৰে এটা বাতাবৰণ আছে৷ কোমল, মায়াময় আৰু নিৰ্ভেজাল৷

লৱ গগৈৰ দৰে একে পটভূমিৰ পৰা তুলি অনা হৈছে বেদ বৰাৰ চৰিত্ৰও৷ দুয়োৰে জীৱনৰ পৰিক্ৰমা বেলেগ৷ প্ৰেম বা নাৰী-সংস্পৰ্শৰ অভিজ্ঞতা বেলেগ৷ গল্পকাৰৰ ফ’কাচ-বিন্দু বেলেগ৷

জোতাৰ আকাৰ, গঢ়, ব্ৰেণ্ড আদিৰ লগে লগে বেদ বৰাৰ জীৱনৰ কাহিনী আগবাঢ়িছে- উডলেণ্ডৰ জোতা, মুখেৰে তেজ বমি কৰাব পৰাকৈ নিৰ্দয় আৰু শীতলৰাষ্ট্ৰৰ গেমেহ গেমেহ বুট জোতা, মুখত ক’লা কাপোৰ বন্ধা প্ৰতাৰকৰ জোতা৷ কেৱল জোতাই কিয়, গল্পটোত চেণ্ডেলৰ পৰা ৰেঙাই ৰোৱা বুঢ়া আঙুলিৰে জোতা পিন্ধিব নোৱাৰা ভৰিৰ পূৰ্বপুৰুষৰ কথাও কোৱা হৈছে৷ কেৱল জোতাই নহয়, জোতাৰ সাঁচে লিখা সমাজৰ কাহিনীও ইয়াত আছে :

বেদ বৰাই যেতিয়া প্ৰথমবাৰৰ বাবে বুজি উঠিছিল- মানুহে তিনিসাঁজ খাদ্য খায় আৰু প্ৰত্যেক সাঁজৰে নিজা নাম আছে, তেতিয়ালৈ কেনভাছৰ ক’লা জোতা সৰু হৈ পৰিছিল৷

এৰা, আমি ভতুৱাবোৰে আচলতে কিমান বাৰ ভাত খাওঁ, কিমান বাৰ ভাত খালে আমাৰ পেট ভৰে? কেনভাছৰ সৰু হোৱা, ফুটা ওলোৱা জোতাৰ বাবে উচুপি উঠা বেদ বৰা ডাঙৰ হৈ এদিন বুট জোতা পিন্ধিলে৷ গল্পকাৰে থোৰতে কৈছে:

তেওঁ এখন ৰাষ্ট্ৰ হ’ল৷

হয়তো এইসময়ৰ গঢ় হিচাপৰ ভতুৱা এজনৰ জীৱনৰ সৰ্বোচ্ছ অভিলাষ এয়াই৷ অভিনৱ প্ৰতীক৷ (এবছৰমান আগত পঢ়া নন্দিতা দেৱীৰ ‘বঙল বহুদূৰ’ উপন্যাসৰ প্ৰতীকসমূহেও মোক বিমুগ্ধ কৰিছিল৷)

গল্পটো পঢ়ি পাঠক হিচাপে এনে লাগিল- পাচৰ ফালে কিবা এটা খৰধৰ হ’ল নেকি? বহু কথা, বহু প্ৰশ্ন উত্থাপিত নহ’ল৷ চৰিত্ৰ বিকাশৰ দাবী, কাহিনীৰ গতি ধৰি ৰখাৰ দাবীত ক’ব পৰা কথাখিনি কোৱাই নহ’ল নেকি? কাহিনীকাৰে নিজক ফাঁকি দিলেও পাঠকক নোৱাৰে৷ পাঠকো পাতে পাতে, পংক্তিয়ে পংক্তিয়ে বিচৰণশীল৷ গল্পকাৰক কওঁ, আমাক নাম-কাহিনীটোৰ দৰে তীক্ষ্ণ ক্ষুৰৰ দৰে ৰাজনৈতিক কাহিনী-কথন লাগে৷

  নীলোৎপল বৰুৱাৰ গল্পত আছে ন ন শব্দ, সামাজিক উপভাষা-নচবন্দী, মাংচ, মৌউত, ফাগ্লা, মান্না আদি৷ জীৱন্ত কথকতাৰ নিজা ধৰ্ম অনুসৰিয়ে এটা ভাষাৰ স্বাভাৱিক কথ্যভংগীৰ মাজত আনটো ভাষাৰ শব্দগুচ্ছ অনুপ্ৰৱেশ৷ বিশুদ্ধবাদীসকল শংকিত হ’ব পাৰে৷ কিন্তু কোনো ভাষাই কেতিয়াও অসূৰ্যস্পৰ্শা, অপাপবিদ্ধ আৰু পৱিত্ৰ হৈ থকা নাই৷ আজিৰ পৰিস্থিতিত ই প্ৰায় অসম্ভৱেই নহয়, অভাৱনীয়ও৷

আমাৰ ধাৰণা, সামাজিক উপভাষাৰ যথোচিত প্ৰয়োগে অসমীয়া ভাষাৰ ক্ষেত্ৰসমূহৰ বিবিধতাকে মূৰ্ত কৰে৷ ঠিক যিদৰে প্ৰান্তলৈ ঠেলি দিয়া সকলৰ অভি:তাৰে অসমীয়া সাহিত্যৰ পৰিসৰ বাৰেৰহণীয়া হয়৷ নীলোৎপল বৰুৱাৰ গল্পৰ পৃথিৱীত এই অনুপ্ৰৱেশসমূহ অতি স্বাভাৱিকভাৱে সমাপন হৈছে- কোনো টীকা, ভাষ্য নাই৷ এয়াই চুকাপথাৰ, এয়াই অসম, এয়াই সাহিত্য, এয়াই বাস্তৱ, এয়াই জীৱন, এয়াই ভাষা৷ দৰকাৰ হ’লে সীমাবোৰ সলাব লাগিব, সীমাবোৰ ভাঙিব লাগিব৷ বিংশ শতিকাৰ আশী-নব্বৈৰ দশকৰ নিৰ্মম-কৰুণ অভি:তাৱলীয়ে আমাক ইমানখিনিতো শিকাব পাৰিব লাগিব৷

নাই পৰা যদি আমি চাৰি দশকৰ আগলৈ ঘূৰি যাব লাগিব৷ কি হৈছিল, কি পালো, কি হেৰোৱালো? নীলোৎপলৰ গল্পবোৰেও আমাক লৈ যাব সেই সময়লৈকে৷ ‘ভোগকচু-ভকেবুলাৰী’ কান্ধত কাৰ্বি মোনা লৈ ঘূৰি ফুৰা হৰ্ষ দাৰ গল্প৷ মোনাত আসাম ট্ৰিবিউন আৰু দুটামান কলম৷ কনিষ্ঠ আঙুলিৰ দীঘলকৈ ৰখা, জেতুকা বুলোৱা নখ, জেপত ফণি, ৰুমাল আৰু শুকান শিলিখা৷ তেওঁ পৰিভ্ৰমণ কৰে যোৱা শতকৰ নব্বৈৰ দশকত৷ কেতিয়াবা তাৰো আগলৈ ঘূৰি যায়৷ ভূপালৰ কাৰ্বাইড ফেক্টৰীৰ সময়লৈ৷ যেতিয়া মানুহ মৰা কথাটো, ডেকা ল’ৰা নোহোৱা হোৱা কথাটো পকা গোম ধান এটা পুৰি খোৱাৰ দৰেই আছিল৷ তেওঁ যেন সৌৰভ কুমাৰ চলিহাৰ ‘অশান্ত ইলেক্ট্ৰন’ গল্পৰ যতিবাবুৰ সগোত্ৰীয় চৰিত্ৰ এটা৷ ডলাৰৰ উঠা-নমাৰ হিচাপেৰে চৌপাশৰ পৰিৱৰ্তনক বুজিব খোজে৷ সকলো ওলট-পালট কৰি পেলোৱা সাংঘাতিক কিবা এটা ঘটি যোৱাৰ প্ৰত্যাশা বা শংকা হ’লেও পুহি ৰাখে৷ হয়তো অনুচ্চাৰিতভাৱেই৷ আশী-নব্বৈ দশকৰ অসমৰ পৰিস্থিতিত চৰিত্ৰটো নকৈ অভিযোজিত৷ ‘জ্যোতি ককাইদেউ’ নামৰ সেই দশকবোৰত ঘঁহি-মাজি চিকচিকীয়া কৰি লোৱা হিৰ’য়িক বিগ্ৰহটোৰ প্ৰতি থকা টান, বা চুলিৰ সজ্জাক সেই ৰূপত গঢ় দিয়াৰ চেষ্টা- এই অনুষংগবোৰে ইংগিতময় কৰি তোলা হৈছে সেই ভিন্ন সময় ৷

হৰ্ষদাৰ স্কুটীও আছে৷ স্কুটীৰ ডিকীত তেওঁ নিমখ লৈ আনে৷ বাৰে বাৰে৷ কিয়? কাৰণ বস্তুৰ দাম হোৰাহোৰে বাঢ়িছে৷ হৰ্ষদাই দেখিছে- সাংঘাতিক বিপৰ্যয় ঘটিবলৈ গৈ আছে৷ এই ভোক-অনাটনৰ পৃথিৱীত নিমখ ‘মেইন’৷ হৰ্ষদা যথাৰ্থতে এটা ভতুৱা চৰিত্ৰ৷ আকাল, খালী পেটো সেয়ে ভাতৰ ৰূপতেই ইংগিতময়৷ ভতুৱাৰ পেট ভাত নাখালে নভৰে৷

খাঁ খাঁ শূন্যতা৷ ক’তো খুদকণ এটাও নাই৷ ধোঁৱাবৰণ জুহালটোত লাং খাই পৰি আছে চাউল থোৱা মিঠাতেলৰ টিনটো—কেঁচা অমৃত সাগৰ কল, সিজাই দিয়া, একাঁহী মাৰি দিয়া, চাৰিঘণ্টালৈ ফিটফিটীয়া পেট৷

ভোগ কচু, তৰপা তৰপে এৰুওৱা ভীমকলৰ পুলি- এইবোৰেই ভোকাতুৰ মানুহৰ ৰসৰ সমল, জীৱনৰ অনুপান৷ লগত এজেবা নিমখ৷ নিমখ খাদ্যৰ আধাৰ, নিদান, মকৰধ্বজ, নিমখেই গলাব, নিমখেই পচাব৷

এই নিমখীয়া পৃথিৱীত স্বয়ং হৰ্ষদা এটা নিমখৰ পুতলা৷ এই গলোঁ এই গলোঁ৷ কিন্তু কিয়? কাৰণ সোৱাদকাৰক নিমখৰ দৰেই চকুৰ পানীও লুণীয়া৷ (মিচিং লোককবিতাৰ পংক্তি নেকি? আচি চিকুৰ চিকুৰকো মিকচি চিকুৰ চিকুৰকো, নৈৰ পানীৰ পানী চকুৰ পানীৰ পানী) তাৰ মাজতো অকলুষিত প্ৰেমৰ আদৰ্শত বিশ্বাস ৰখা মানুহ হৰ্ষদা৷ কাৰণ পৃথিৱীখন সমতলীয় নহয়৷ সকলো ডলাৰ-ডলাৰ, টকা-টকা হৈ যোৱাৰ পাছতো তাৰ বাহিৰতো কিবা অলপ ৰৈ যায়৷ যেনিবা প্ৰেম, জানিবা এটা গান৷ গল্পটোত গান এটা চুইছৰ ৰূপত কল্পিত৷ মগজুৰ ভিতৰৰ চুইছ৷ লৈ যাব পাৰে এৰি অহা সময়ৰ ভিতৰলৈ৷ যেনেকৈ হৰ্ষদাৰ চৰিত্ৰটো ঘূৰি ফুৰেগৈ নব্বৈৰ দশকত৷ ভাৰতত নৰসিংহ ৰাওৰ সময়, দোকানীয়ে শিক্ষকক বাকী নিদিয়াৰ সময়৷ গোলকায়নৰ ঠিক আগে আগে৷ কি আছিল সেই অতীতহ্ল

বাহিৰত বকুল ফুলিছে৷ বকুল গছত ডালত ওলমি থকা ভৰিহালত সি ঠেকা খাইছে৷ কেইবামাহো দৰমহা নোপোৱা মাষ্টৰৰ ভৰি সেইহাল৷

দেহৰ পৰা ফুল নহয়, নিমখীয়া গোন্ধ বিয়পি পৰে৷ খোৱা নিমখ আৰু চকুপানীৰ নিমখ৷ গল্পকাৰে ঠিকেই কৈছে, হৰ্ষদা চৰিত্ৰটো চ্যুৰ ৰিয়েলিষ্টিক চিনেমাৰ চৰিত্ৰৰ দৰে৷ গোটেই গল্পটোৰ উপস্থাপন শৈলীটোৱেও চিনেমাৰ বাটকে লৈছে৷ আত্মহননৰ এনেকুৱা অতিহ্ৰস্ব দৃশ্যায়ন অসমীয়া কাহিনী-সাহিত্যত আগতে পঢ়া মোৰ অন্ততঃ মনত নপৰে৷

নিমখক লৈ লিখা আন এটা গল্পত নিমখে বৰণ সলাইছে৷ সলাইছে অৱয়ব৷ লক্‌ ডাউনৰ সময়, মহামাৰীৰ সময়৷ গল্পটোৰ নিমখ বহুজাতিক কম্পেনীয়ে পেকেজিং কৰি উলিয়াই দিয়া ঝৰঝৰকৈ সৰি পৰা মিহি মিহি নিমখ৷ নাৰী আৰু নিমখৰ একীকৰণ পৰ্যন্ত হৈ গৈছে৷ হাজৰিকাৰ বাবে, সুগৰী, মেথোন, মাইকী- সকলো নিমখ-লুভীয়া৷ নিমখ পালেই আত্মসমৰ্পণৰ বাবে প্ৰস্তুত৷ এই নিমখ-লোভী নাৰী আৰু এনে নাৰীক নিমখ দি বশ কৰিবলৈ উদগ্ৰীৱ পুৰুষগণৰ কথাৰ মাজত কথকতা সন্মোহনেৰে লেখকে আমাৰো কি ভয়ংকৰ ভৱিষ্যতৰ আগজাননী আনিছে চাওক:

ধান খেতিৰ আলি দিয়া ডৰাবোৰৰ দৰে চাৰি আলিটো ভাগ ভাগ হৈ গৈছে৷ সাগৰৰ লুণীয়া পানী সোমাই চপচপীয়া হৈ গৈছে ডৰাবোৰ৷ লাহে লাহে তাত নিমখৰ দানা ভৰি আহিব৷ ক্ৰমশঃ চাৰিআলিটো নিমখে পুতি পেলাব৷

নিমখে ৰঙীয়াল কৰি তুলিব বিমৰ্ষ হৈ ওৰেটো জহকাল ঊণসূতাৰ বল লৈ ছুৱেটাৰ গুঁথি থকা প্ৰাক্‌ ঋতুনিবৃত্তিৰ মহিলাসকলক৷ প’লকা ডটেড ফ্ৰক পিন্ধা ফুটফুটীয়া ছোৱালীবোৰে চোলাৰ কোঁচত ভৰাই ল’ব গুড়ি গুড়ি নিমখ৷ আৰু লাহে লাহে নিমখৰ সদাগৰবোৰে সিহঁতক লৈ যাব জাহাজত ভৰাই অন্য দেশলৈ৷ নিমখৰ ষ্টোনেৰ সিহঁত ফুৰফুৰীয়া হ’ব৷

সৌৱা সৌৱা - ‘জাৰা’ৰ নকল বেগ এটাত চকচকীয়া নিমখ ভৰাই লচপচকৈ গুচি গৈছে শ্ৰীমতী লহকৰ৷

যেন স্বয়ং মাৰ্কেজহে অসমলৈ আহি এই অংশটো লিখিলে৷ বাস্তৱ-বিভ্ৰমৰ উৱাদিহ বুজিব নোৱাৰা কথাৰ চলেৰে গল্পকাৰে আমাক নিজে জী থকা বৰ্তমানটোকে আন এক স্থানৰ পৰা জুমি চোৱাৰ সুযোগ দিছে৷ চাওক, আৰু ভাবক, আমি কোন বাটে গৈ আছোঁ!

গল্পটোৰ এটা ফ্ৰে’মত দেখা পাওঁ:

শ্ৰীযুত হাজৰিকা তাতে অলপ ৰৈ দিলে৷ য’ত শাৰী শাৰী বমিৰ দাগ লৈ বগা ৰং দিয়া ডলফিন অঁকা ‘শতৰূপা’ নামৰ বাছ এখন ৰয়৷ বমিৰ ৰেখা চিত্ৰৰ দৰে চলমান সাগৰ এখনত মূৰ উলিয়াই উলিয়াই ডলফিনটোও গৈ থাকে খিৰিকীৰে মূৰ উলিওৱা ছোৱালী এজনীৰ থুঁতৰিৰ তলেৰে৷

খিৰিকিৰে মূৰ উলিওৱা এজনী ছোৱালীৰ থুঁতৰিৰ তলেৰে ছবিৰ ডলফিনে মূৰ টুপিয়াইছেহি৷

গল্পৰ এটি অংশত কোৱা হৈছে মানুহ মৰি তৰা হোৱাৰ কথা৷

গঙাদাৰ পুখুৰীত উপঙি থকা কিশোৰী ছোৱালীজনীৰ গাল দুখন মাছে ফুটাই পেলাইছিল৷ গঙাদাৰ ছোৱালীজনী তৰা হ’লনে? বৃশ্চিকৰ ফালে তৰোৱাল টোঁৱাই অথবা ধেনু এখন টোঁৱাই থকা তৰা৷ হওক বা নহওক, গঙাদা নিজেও এদিন তৰা হোৱাৰ বাটেৰে গ’ল :

ঘূৰি বছৰটোতে গঙাদাও ওপঙিছিল৷

সেইদিনা গঞাই পূজা দিবলৈ যাওঁতে গঙাদা নগ’ল৷

—ঔম খ্ৰীংৰজা দেউতা—খ্ৰীংৰজা ধৰণী

—গজাই গুৰু ঢাকনি—

গঙাদাই নীৰৱে তৰা হোৱাৰ যো-জা চলাইছিল৷ পানীৰ পিছল পিঠিৰে জিলিকিবলৈ লৈছিল— শতৰূপা বাছৰ ডলফিনটোৰ নিচিনাকৈ নিথৰ চকু এহালৰ প্ৰস্তুতি—

—আপুনি অয়লাসত ফুৰিছে-

আপুনি অয়লাসত চাকিয়ে—

দিন খায় দিন দেখিছে—

ৰাতি খায়—ৰাতি দেখিছে–

ঔম-খ্ৰীং ৰজা দেউতা—

গঙা দা তৰা হ’ল৷

সৌৰভ কুমাৰ চলিহাৰ ‘সিহঁতেও পাহাৰ বগালে’ গল্পত তৰা খহিছিল- প্ৰতিশ্ৰুতিৰ তৰা, আশাপূৰণৰ তৰা৷ দূৰৰ খাচী গাঁৱত তেতিয়া খাম বাজিছে৷ হয়তো ক্ৰমশঃ দ্ৰুততৰ আৰু স্পষ্টতৰ হৈ পৰিছে খামৰ স্বৰ আৰু নাচৰ পদছন্দ৷ সেয়া আছিল সমাপ্তিৰ দিশে আগবঢ়া এক কাহিনীৰ আৱহ সংগীত৷ জীৱনৰ পৰা ছিঙি লোৱা এক পলক৷

নীলোৎপল বৰুৱাৰ কাহিনীৰ প্ৰৱেশ- প্ৰস্থানৰ ৰূপৰেখা এনে সুস্পষ্ট নহয়৷ তলাতল ঘৰৰ দৰে বাট, দুৱাৰৰ পাছতে দুৱাৰ, মেলা দুৱাৰ আৰু জাপ দুৱাৰো৷ এই অংশটোও গল্পৰ তেনে এটা কোণ- য’ত দুটা ঘটনাৰ সমলয়ন ঘটিছে, এফালে সৃষ্টি তত্ত্বৰ গীত আৰু আনফালে গঙাদা পুখুৰীত নামি তৰা হ’ব খোজাৰ কাহিনী৷ গঙাদাৰ পুখুৰীলৈ এখোজ আৰু এইফালে ‘দিন খায় দিন দেখিছে’! তাহানিতে চোৱা চিনেমা এখনলৈ মনত পৰি গ’ল, জাপানী, ৰুছ নে ভাৰতৰ আঞ্চলিক ভাষাৰ। আমাৰ কাহিনীকাৰসকল একোজন কুশলী চলচ্চিত্ৰ-সম্পাদকৰ দৰে৷ তেওঁলোকৰ গদ্যও ধ্বনি-ৰঙেৰে চতুৰ৷

ভয় লাগে কেৱল, ‘অসমীয়া সাহিত্যত আত্মহত্যা বা জনজাতীয় জীৱনৰ চিত্ৰ’ জাতীয় আলোচনাৰ মাজত কথকতাৰ এনে সুন্দৰ মুহূৰ্তবোৰো এদিন অপঘাতী হ’বগৈ নেকি?

নীলোৎপল বৰুৱাৰ গল্পৰ বিষয়ে বহু কথাই কোৱা হ’ল৷ এতিয়া কওঁ, তেওঁৰ পৰা আমি কি আশা কৰোঁ? অধিক ঘনীভূতকৰণ, স্পষ্টতা, আৰু কথকতাত অধিক বিদ্যুৎসঞ্চাৰ! এটাও অতিৰিক্ত শব্দ নোকোৱাকৈ কাহিনী কেনেকৈ লিখিব পাৰি, তাক জানিবলৈ আমাৰ তৰুণ গল্পকাৰসকলে নিজৰেই সমসাময়িক সঞ্জীৱ পল ডেকাৰ ফালে চাব পাৰে৷ মই পঢ়া তৰুণ গল্পকাৰসকলৰ ভিতৰত সঞ্জীৱ পলৰ দৰে কাঠিন্য মই কাৰো গল্পত দেখা নাই৷ নীলোৎপল বৰুৱাই নিজে জনা বা নজনাকৈয়ে কেতিয়াবা এনে কিছুমান ঠাইত আৱেগিক উষ্মা প্ৰকাশ কৰে, য’ত হয়তো তেনে উষ্মা বা প্ৰতিক্ৰিয়াৰ কোনো প্ৰয়োজন নাছিল৷ নিজৰ অজ্ঞাতেই তেওঁ হয়তো এগৰাকী মামণি ৰয়ছম গোস্বামী হৈ পৰিব খোজে৷

মুঠৰ ওপৰত, আমাক আমাৰ কাহিনীবোৰ বলিষ্ঠভাৱে ক’ব পৰা এজন কথক লাগে৷ এজন কিয়? বহুজন লাগে৷ পাঠকৰ মৰমে তেওঁক নিশ্চয় অধিক দায়িত্বশীল কৰিব৷ দেৱব্ৰত দাস, ইমৰাণ হুচেইন আদি দুজনমান অগ্ৰজ গল্পকাৰে নিজৰ প্ৰথমৰ ফালৰ গল্পক অতিক্ৰম কৰি যাব নোৱাৰিলে৷ তৰুণ গল্পকাৰসকলৰ ক্ষেত্ৰত আমি পুনৰ এনে হোৱাটো নিবিচাৰোঁ৷                              

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ