অন্যযুগ/


ডাইন'ছৰবোৰ শীতলৰক্তী আছিলনে?

ড° ভাৰত বৰুৱা


আপোনাৰ ঘৰত যদি এটা পোহনীয়া শহাপহু আছে আৰু এটা পদচালিত কল বা ট্ৰেডমিল আছে, শহাটোৱে নিৰ্দিষ্ট সময়ত ট্ৰেডমিলত দৌৰি শৰীৰৰ ভৰ তুলনাত কিমান পৰিমাণৰ অক্সিজেন উশাহত টানি ল'লে সেয়া এটি অ’ক্সিমিটাৰৰ জৰিয়তে সহজে নিৰ্ণয় কৰিব পাৰিব। এই ধৰণৰ জোখমাখে জীৱৰ শৰীৰৰ বিপাকীয় হাৰৰ পৰিমাণ জনাত সহায়ক হয়। এই বিপাকীয় হাৰে পৰোক্ষভাৱে সেই জীৱবিধ উষ্ণৰক্তী নে শীতলৰক্তী সেয়াও জানিবলৈ দিয়ে। পিছে আমি যদি ডাইন’ছৰ বা তেনে লুপ্ত প্ৰাণীৰ বিপাকীয় হাৰ জানিব বিচাৰোঁ বা সিহঁত উষ্ণ নে শীতলৰক্তী আছিল জানিব বিচাৰোঁ তেন্তে সেই ট্ৰেডমিল আৰু অক্সিমিটাৰে আমাক সহায় নকৰিব। কিয়নো এই জীৱবোৰ আৰু উশাহত অক্সিজেন উজাব পৰাকৈ জীৱিত অৱস্থাত নাই। তেন্তে ইয়াৰ উপায়নো কি? এসময়ত বিজ্ঞানীসকলে ধাৰণা কৰিছিল যে ডাইন’ছৰ জাতীয় প্ৰণীবোৰ সৰীসৃপৰ দৰে শীতলৰক্তী। পিছে বিগত ৫০ বছৰত সেই ধাৰণা সলনি হ’ল আৰু বহুতো ডাইন’ছৰ চৰাইৰ দৰে উষ্ণৰক্তী বুলিহে প্ৰমাণিত হল। এক নতুন গৱেষণাৰ পৰা এই কথা নিৰ্ধাৰিত হৈছে যে লুপ্ত জীৱৰ জীৱাশ্মবোৰত যদি বিপাকীৰ মাৰ্কাৰ বা চিহ্নৰ সন্ধান কৰিব পৰা যায়, এই বিপাকীয় মাৰ্কাৰবোৰক বিপাকীয় ফিংগাৰপ্ৰিণ্ট হিচাপে ল'ব পৰা যাব। তাৰ মানে সেই জীৱবোৰৰ জীৱন কালত শৰীৰত যিবোৰ বিপাকীয় প্ৰক্ৰিয়া ঘটিছিল তাৰ ফলস্বৰূপে শৰীৰৰত কিছু বিশেষ ধৰণৰ যৌগৰ সৃষ্টি হৈছিল যিবোৰ শৰীৰৰ পেশী আৰু হাড়ত জমা হৈছিল। গোটেই প্ৰক্ৰিয়াটো এনে ধৰণৰ :  যি কোনো জীৱ বা ডাইন’ছৰৰ শৰীৰত যেতিয়া খাদ্যৰ পাচন ঘটে তেতিয়া শৰীৰে শক্তি আৰু তাপ পায়। এই প্ৰক্ৰিয়াৰ ফলত কিছু “প্ৰতিক্ৰিয়াশীল অক্সিজেনযুক্ত ভগ্নঅণু”ৰ সৃষ্টি হয়। এই প্ৰতিক্ৰিয়াশীল অক্সিজেনযুক্ত ভগ্নঅণুবোৰে এক নতুন বিক্ৰিয়াৰ শৃংখলৰ উৎপন্ন কৰে য’ত অন্য কিছুমান অণুৰ মাজত ক্ৰছলিংক্ হৈ নতুন নাইট্ৰ’জেন (N) আৰু ছালফাৰ (S)-যুক্ত যৌগৰ গঠন হয়। এই নতুন যৌগবোৰ পেশী আৰু হাড়ত জমা হয়। 


ইমানখিনিৰ আধাৰত নিশ্চয় ধৰিব পাৰিছে যে গোটেই প্ৰক্ৰিয়াটো অত্যন্ত জটিল। এতিয়া কথা হ’ল ডাইন’ছৰৰ জীৱাশ্মত আমি সেই নাইট্ৰ’জেন (N) আৰু ছালফাৰ (S)-যুক্ত মাৰ্কাৰ যৌগবোৰ পালেই সিহঁত শীতলৰক্তী নে উষ্ণৰক্তী কেনেকৈ জানিম? এক কথাত জীৱাশ্মত এই মাৰ্কাৰ যৌগবোৰৰ সন্ধান পোৱা যায় “ইনফ্ৰাৰেড” আৰু “ৰমন” স্পেক্ট্ৰস্কপি ব্যৱহাৰ কৰি। বিশেষকৈ ৰমন স্পেক্ট্ৰস্কপিয়ে অণু বা যৌগৰ ফিংগাৰপ্ৰিণ্টৰ সন্ধান দিব পাৰে। পিছে জীৱাশ্মত এই মাৰ্কাৰবোৰৰ সন্ধান পোৱাটো মাত্ৰ এটা দিশহে, সম্পূৰ্ণ উত্তৰ নহয়। বিজ্ঞানৰ গৱেষণাত বা আন সাধাৰণ দৈনদিন ক্ষেত্ৰতো আমি সদায় এটা প্ৰসংগ ব্যৱহাৰ কৰোঁ, যেনে ধৰক ট্ৰেফিক ছিগনেলৰ ক্ষেত্ৰত “ৰেড” হ’লে ৰ’ব লাগে আৰু “গ্ৰীন” হ’লে যাব লাগে। এই জীৱাশ্মবিদসকলেও প্ৰথমে ডাইন’ছৰৰ লগত মিল খোৱা জীৱিত জীৱৰ পেশী আৰু হাড়ত থকা মাৰ্কাৰ যৌগবোৰৰ ৰমন স্পেক্ট্ৰস্কপিৰে পৰীক্ষা কৰিলে। এই পৰীক্ষাৰ মূলতে হ’ল  জীৱিত জীৱৰ পেশী আৰু হাড়ত কিমান সংখ্যক ক্ৰছলিংকড নাইট্ৰ’জেন (N) আৰু ছালফাৰ (S)-যুক্ত মাৰ্কাৰ যৌগ থাকিলে এক নিৰ্দিষ্ট “বিপাকীয় হাৰ” হ’ব পাৰে। এই ক্ৰছলিংকড যৌগৰ সংখ্যা আৰু বিপাকীয় হাৰ ইটো সিটোৰ লগত জড়িত, যেনেদৰে ৰেড লাইট মানে ৰ'ব লাগে। মানে নিৰ্দিষ্ট সংখ্যক ক্ৰছলিংকড যৌগই এক নিৰ্দিষ্ট বিপাকীয় হাৰ বুজায়। যিহেতু জীৱত প্ৰাণীৰ বিপাকীয় হাৰ নিৰ্ণয় কৰা সহজ গতিকে সেই হিচাপত সেইবোৰ জীৱৰ ক্ৰছলিংকড নাইট্ৰ’জেন (N) আৰু ছালফাৰ (S)-যুক্ত মাৰ্কাৰ যৌগৰ সংখ্যা জনাটোও সহজ। গতিকে ডাইন'ছৰৰ লগত মিল খোৱা জীৱ যেনে গুঁই, কোকলোঙা আদি জীৱৰ দেহৰ মাৰ্কাৰবোৰক জীৱাশ্মৰ প্ৰক্সি হিচাপে লৈ কেইবাটাও গোটৰ ডাইন'ছৰৰ বিপাকীয় হাৰ নিৰ্ধাৰণ কৰা হৈছে।  উল্লেখযোগ্য যে সময়ৰ সোঁতত এই মাৰ্কাৰবোৰ ডাইন’ছৰৰ জীৱাশ্মৰ পৰা হেৰাই নাযায়, বৰং অক্ষত হৈয়ে থাকে। এই প্ৰক্ৰিয়াটো এবাৰ প্ৰতিষ্ঠা কৰি লোৱাৰ পাছত বিজ্ঞানীসকলে কেইবা ডজন ডাইন’ছৰৰ হাড়, দাঁত, আৰু কণীৰ খোলাৰ জীৱাশ্ম পৰীক্ষা কৰি প্ৰায় ২৫০ নিযুত বছৰ পুৰণি তথ্য উৎঘাটন কৰিবলৈ সক্ষম হৈছে আৰু সেইবোৰৰ বিপাকীয় হাৰৰ এক তালিকা তৈয়াৰ কৰিবলৈও সক্ষম হৈছে। এই তালিকাৰ পৰা এটা কথা ধৰিব পৰা গৈছে যে বিভিন্ন প্ৰজাতিৰ ডাইন’ছৰৰ বিপাকীয় হাৰ বিভিন্ন। এই তালিকা মতে দীঘল ডিঙিৰ তৃণভোজী ডাইন’ছৰ ডিপ্ল’ড’কাছৰ বিপাকীয় হাৰ সৰ্বাধিক  আৰু এই হাৰে এইবিধ ডাইন’ছৰক উষ্ণৰক্তী বুলি সুচায়। আনহাতে তেওঁলোকে অধ্যয়ন কৰা মাংসভোজী ডাইন’ছৰবোৰৰ ভিতৰত টাইৰেন’ছৰাছ ৰেক্সৰ বিপাকীয় হাৰ আটাইতকৈ কম পোৱা গৈছে। এই তথ্যই ইয়াৰে ইংগিত দিয়ে যে সৰ্বসাধাৰণৰ ধাৰণাৰ বিপৰীতে এই প্ৰাণীবিধ এক হিংস্ৰ চিকাৰী নহৈ এক এলেহুৱা খাদকহে আছিল। ঠিক তেনেদৰে অৰ্নিথিছিয়ান গোটৰ কেইবাটাও তৃণভোজী প্ৰাণী, যেনে ষ্টেগ’ছ'ৰাছ আৰু ট্ৰাইচেৰাটপৰ,  আজিৰ যুগৰ জেঠী আৰু সাপৰ দৰে কম বিপাকীয় হাৰ আছিল, গতিকে ইহঁত শীতলৰক্তী। এই ধৰণৰ পৰীক্ষণৰ পৰা এইটো ধাৰণা কৰিব পৰা গৈছে যে সকলো ডাইন’ছৰ শীতলৰক্তী নাছিল। বিপাকীয় হাৰ আৰু বিৱৰ্তন শাখাৰ তুলনা কৰি দেখা গৈছে যে উষ্ণৰক্তী জীৱবোৰৰ কেইবাবাৰো বিৱৰ্তন হৈছে। উষ্ণৰক্তী ধৰ্মক সাধাৰণতে জীৱৰ বাবে সুবিধাজনক বুলি ধৰা হয় কিয়নো উষ্ণৰক্তী প্ৰণীবোৰ বেছি সক্ৰিয় বুলি ধৰা হয় আৰু ইহঁতে কঠিন পৰিস্থিতিতো জীৱন ধাৰণ কৰিব পাৰে। গতিকে জীৱাশ্মবিদসকলে মত পোষণ কৰিছে যে যিহেতু অৰ্নিথিছিয়ান গোটৰ ডাইন’ছৰৰ পূৰ্বপুৰুষ উষ্ণৰক্তী আছিল, বিৱৰ্তনৰ ফলত এই গোটে সেই ধৰ্ম হেৰুৱাই শীতলৰক্তী হৈ পৰিছিল। এইটো এটা নতুন আৰু সাহসী সূত্ৰ আৰু ইয়াক লৈ পুনৰ্বিৱেচনাৰ প্ৰয়োজন আছে। কিয়নো এই অধ্যয়নত প্ৰতিটো গোটৰ কেইটামান জীৱাশ্মৰ নমুনাহে লোৱা হৈছে। যদি বহুল সংখ্যক নমুনা লৈ ইয়াৰ পুনৰ অধ্যয়ন কৰা হয় তেন্তে অন্য সংকেত পোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। বিজ্ঞানীসকল আশাবাদী আৰু তেওঁলোকে অন্য জীৱাশ্ম লৈ এই গৱেষণা আগ বঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিছে যাতে পৌৰাণিক বিপাকীয় হাৰৰ তথ্যৰে নতুন সত্য উদঘাটন কৰিব পাৰে - যেনে ধৰক উষ্ণৰক্তী জীৱৰ আৰাম্ভণিনো পোনপ্ৰথমে কেতিয়া হৈছিল? পিছে আমি এটা কথা মনত ৰাখি চলিব লাগিব যে, বিজ্ঞানৰ তথ্যৰে কেৱল মাত্ৰ দিহা দিব পাৰি বা পতিয়ন নিয়াব পাৰি, কিন্তু প্ৰমাণ দিব নোৱাৰি। 

তথ্যসুত্ৰ :

1) Nature, 606, 522-526 (2022). 

2) Chemical & Engineering News, ISSN 0009-2347 (ACS)


ঠিকনা :
Bharat Baruah, Ph. D.
Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ