অন্যযুগ/


ডালু জনগোষ্ঠী

অৰ্ধেন্দু নাৰায়ণ দেৱ


 

ইতিহাস খুঁচৰিলে পোৱা যায় যে তাহানিৰ বৰ অসমৰ অন্তৰ্গত বৰ্তমান মেঘালয় ৰাজ্যৰ ভোগাই নদীৰ পাৰত বাস কৰি থকা এটা জাতি ডালু৷ বৰ্তমান সময়ত অসমত বহুতো সৰু সৰু নৃগোষ্ঠীয় আছে৷ তাৰে অন্যতম এটা জাতি হৈছে ডালু জাতি৷ বিশ্বায়নৰ দ্ৰুত প্ৰভাৱত তথা সময়ৰ কৰাল গ্ৰাসত দিক-বিদিক হেৰুৱাই নিজ জাতিসত্ত্বা আৰু ঐতিহ্য ৰক্ষাৰ বাবে অহৰহৰ সংগ্ৰাম কৰি থকা ডালু জাতিয়ে ঐতিহ্য, সমাজ-সংস্কৃতি আদি তথা উত্তৰ-পূৰ্বাঞ্চলৰ পাঠক সমাজৰ সন্মুখত পৰিচয় কৰাই দিয়াৰ আমাৰ এক সৰু প্ৰয়াস৷ 

ডালু নামৰ উৎপত্তি সম্পৰ্কে কেইবাটাও মতবাদ পোৱা যায়৷ তেওঁলোকৰ জনশ্ৰুতি মতে ডালুসকলৰ আদি পুৰুষজনৰ নাম আছিল ঢালজি৷ ডালুসকলৰ কথিত ভাষাৰ ভাষিক বৈশিষ্ট্য অনুসৰি ‘ঢ’ মহাপ্ৰাণ ধ্বনিটো অল্প প্ৰাণিভৱন ঘটি উচ্চাৰণাত্মকভাৱে ঢালজী শব্দটো ডালজী ৰূপ প্ৰাপ্ত হয়৷ এই ঢালজী বা ডালজীৰ তেজ (লু) ৰ লগত সম্পৃক্ত ৰক্তবাচক ‘লু’ শব্দটি সংযুক্ত কৰি নিজকে ডালু বুলি পৰিচয় দিবলৈ আৰম্ভ কৰে৷ ডালুসকলৰ ভাষাত ‘লু’ শব্দই তেজ বা ৰক্তক নিৰ্দেশিত কৰে৷ বৰ্তমানে মেঘালয়ৰ সীমামূৰীয়া অঞ্চল হিচাপে ডালুকিল্লা অঞ্চলটিয়ে ডালু সভ্যতাৰ পুৰণি ইতিহাস সাক্ষ্য বহন কৰি আছে৷ এসময়ৰ অবিভক্ত বৰ অসমৰ অন্তৰ্গত গাৰো পাহাৰৰ মাজেৰে প্ৰৱাহিত ভোগাই নামৰ নদীক কেন্দ্ৰ কৰি এটা শক্তিশালী সভ্যতাই গঢ় লৈ উঠিল৷ এই সভ্যতাৰ প্ৰাচীন নিদৰ্শন বৰ্তমান মেঘালয় আৰু বাংলাদেশৰ সীমান্তত অৱস্থিত ডালু কিল্লাৰ শিলৰ ভগ্নাৱশেষসমূহৰ মাজত সততে দেখিবলৈ পোৱা যায় (০১)৷ নৃতাত্ত্বিকভাৱে ডালুসকল মঙ্গোলীয় জনগোষ্ঠীৰ লোক৷ দৈহিক গঠনৰ ফালৰ পৰা লক্ষ্য কৰিলেও ডালুসকলৰ মাজত মঙ্গোলীয় বৈশিষ্ট্য পৰিস্ফুট হয় (০২)৷ ড০ চন্দ্ৰকমল চেতিয়াই তেওঁৰ গ্ৰন্থ ‘ডালু জনগোষ্ঠীঃ সভ্যতা আৰু সংস্কৃতি’ৰ পৃষ্ঠা-১২ উল্লেখ কৰিছেঃ ‘আবয়ৱিক গঠন আৰু প্ৰাচীন সামাজিক ৰীতি-নীতি সমূহ বিচাৰ কৰি চালে ডালুসকলৰ মাজত স্পষ্টকে মংগোলয়ড আৰু অষ্ট্ৰলয়ড এই দুই সভ্যতাৰে সমল পোৱা যায়, যাৰ বাবে ডালু জনগোটক নৃ-সাংস্কৃতিক দৃষ্টিকোণৰে অষ্ট্ৰ-মংগোলয়ড জনগোট হিচাপে অভিহিত কৰাহে সমীচীন হ’ব৷” বাংলাদেশৰ আলী আহাম্মদ খান আইয়োব’ৰ গ্ৰন্থ”ডালু, হদি ও বানাই সম্প্ৰদায়েৰ সমাজ ও সংস্কৃতি’ৰ পৃষ্ঠা-২২,২৩ উল্লেখ কৰিছেঃ “জন্মগতভাবে গাৰোদেৰ সঙ্গে ডালুদেৰ যে সম্পৰ্ক ৰয়েছে তা ১৯২১ সালে ম্যাকলি তাৰ ৰিপোৰ্টে উল্লেখ কৰেছে৷ অনেক গবেষকেই লিখেছে- ডালুৰা গাৰোদেৰ সমগোত্ৰীয় গোষ্ঠী৷ হাজং জনগোষ্ঠী দাবি কৰছে, ডালুদেৰ উৎপত্তি হাজংদেৰ থেকে৷ গাৰোৰা বলছে তাদেৰ ৰোগা গোত্ৰ থেকে ডালুৰা বেৰেয়েছে৷ এখানে ডালু জাতিৰ পৰিচয় সঙ্কটপূৰ্ণ অবস্থায় আছে৷”

 সময় পৰিৱৰ্তনশীল৷ ভাৰত-পাকিস্হানৰ বিভাজনৰ সময়ত বহু ডালুলোকে পূৰ্ব-বঙ্গত চামিল হৈছিল৷ পিছত ১৯৬৪ চনত পুনৰ বহুসংখ্যক ডালুলোক মেঘালয় আৰু অসমলৈ শৰণাৰ্থী হিচাপে আহি নিগাজিকৈ বসবাস কৰিবলৈ লয়৷ বৰ্তমান অসমৰ চিৰাং, গোৱালপাৰা, দৰং, হোজাই আদি ঠাইত ডালুসকলৰ বসতি দেখিবলৈ পোৱা যায়৷

ডালু ভাষাত গোত্ৰক ডাফা বুলি কয়৷  ইয়াৰ শাখাবিলাক হ’ল : মাইছি, দেবীলক, কাৰা, পাৰাৰ, মাইবাৰা, মেখেংবা, চাংগুং, লৰু, গান্ধী, পাওবাৰ, পুখা, নেংবা, দড়ং, পিড়া (০৩) ইত্যাদি৷

ডালুসকলৰ ভাষাত বাংলা আৰু অসমীয়াৰ সংমিশ্ৰিত প্ৰভাৱ শুনিবলৈ পোৱা যায়৷ পূৰ্বতে তেওঁলোকে কি ভাষাত কথা পাতিছিল একো তথ্য পোৱা নাযায়৷ প্ৰফুল্ল চন্দ্ৰ সৰকাৰে ‘ডালু জাতিৰ ইতিহাস’ত উল্লেখ কৰিছে : ‘ডালু জাতিৰ ভাষা বিভিন্ন ভাষাৰ সংমিশ্ৰণে একটি নতুন ৰূপ ধাৰণ কৰিয়াছে৷ ... আসামেৰ বিভিন্ন জাতিৰ সংস্পৰ্শে আসিয়া নিজেদেৰ আদি ভাষা ভুলিয়া গিয়াছেন৷ তাহাদেৰ বাংলা ও অসমীয়া ভাষাৰেই বেশি প্ৰভাব পড়িয়াছে৷” (০৪)

 ডালু মহিলাসকলে পিন্ধনত ৰঙা ৰঙৰ পাটানী ব্যৱহাৰ কৰে ৷ পাটানীৰ বিষয়ে তেওঁলোকৰ লোকগীতটো উল্লেখ পোৱা যায় :

“পয়লা গোছি দিমু ইলা ডালু গিঢ়িৱানী

কমৰ খাচি বাইন্দা পিন্ধে ৰাঙা পাটানী৷”

বৰ্তমান ডালু পুৰুষসকলে জাতীয় সাজপাৰ হিচাপে পাতাৰঙীয়া গামোচা, ধূতি আদি ব্যৱহাৰ কৰে৷

 ডালুসকলৰ পূজা-পাৰ্বণ হাজংসকলৰ লগত মিল দেখা পৰিলক্ষিত হয়৷ বাস্তু পূজা, কাতি পূজা, কামাখ্যা পূজা, কণী দেও আদি ডালু আৰু হাজং উভয় সমাজতে প্ৰচলিত৷

ডালুসকলৰ মাজত পৰম্পাপৰাগতভাৱে চলি অহা পাগলপন্থাৰ জনক আছিল ছুফি সাধক কৰম শ্বাহ৷ এই পন্থৰ মূলমন্ত্ৰ আছিল- “সকলো মানুহেই ঈশ্বৰৰ সৃষ্টি, কোনেও কাৰো অধীনত নহয়৷” এওঁলোক একেশ্বৰবাদী আছিল৷ এই একেশ্বৰবাদক আগত ৰাখিয়েই পাগলপন্থীসকলে ব্ৰিটিছ বিৰোধী আন্দোলন আৰম্ভ কৰিছিল৷ এই একেশ্বৰবাদক বিশ্বাস কৰিয়েই ডালুসকলে পাগলপন্থীসকলৰ লগত লগ হৈ ব্ৰিটিছবিৰোধী আন্দোলনত চামিল হৈছিল আৰু ডালুসকলক নেতৃত্ব দিছিল সানু ডালুয়ে (০৫)৷ 

ৰাজবংশীসকলৰ জাতিৰ পিতা পঞ্চানন বৰ্মাই যি ক্ষত্ৰিয় আন্দোলন আৰম্ভ কৰিছিল সেই ক্ষত্ৰিয় আন্দোলনত ডালুসকলেও যোগদান কৰিছিল কিন্তু তথ্যমতে মেঘালয়ৰ ডালু সমাজ এই আন্দোলনৰ পৰা আতৰি আহে বুলি ড০ দীপক কুমাৰ ৰায়ে “মনীষী পঞ্চানন বৰ্মাৰ ক্ষাত্ৰ আন্দোলন : দ্বন্দ্ব ও সমন্বয়” ত (প্ৰথম প্ৰকাশ ২০২৪, কলকাতা-৬, বাংলা) উল্লেখ কৰিছে৷ আনহাতে ড০ চন্দ্ৰকমল চেতিয়াই উল্লেখ কৰিছে : ‘বঙাইগাঁও অঞ্চলত বসবাস কৰি অহা কিছু সংখ্যক ডালু লোকে ক্ষত্ৰিয় ধৰ্ম গ্ৰহণ কৰি ৰাজবংশী হিচাপে আত্মপৰিচয় দাঙি ধৰা দেখা যায়৷ ইয়াৰে এটা অংশই হাজং সকলৰ লগত একাত্ম হৈ বৰ্তমান আত্মপৰিচয় হেৰুৱাই পেলাইছে৷’ (০৬)

 ব্ৰিটিছ শাসনকালত বংগদেশত এক প্ৰজাবিদ্ৰোহ সংগঠিত হৈছিল, যাক তে-ভাগা আন্দোলন বুলি জনা যায়৷ অধিকাংশ বিদ্ৰোহীয়েই আছিল ৰাজবংশী আৰু ছাওতাল৷ সেইসময়ৰ বঙ্গৰ ১৯ টি জিলাৰ কৃষকসকলে এই তে-ভাগা আন্দোলনত যোগদান কৰিছিল (০৭)৷ সুৰমা উপত্যকা অৰ্থাৎ কাছাৰ আৰু ছিলেট অঞ্চলৰ বাহিৰেও সেই সময়ৰ গোৱালপাৰা জিলাৰ মৈমনসিংহ সীমান্ত এলেকাতো ইয়াৰ প্ৰভাৱ পৰিছিল৷ এই তে-ভাগা আন্দোলনৰ প্ৰথম শ্বহীদ আছিল সৰ্বেশ্বৰ ডালু (৮)৷ কৃষক নেতা সৰ্বেশ্বৰ ডালুৰ হত্যাৰ প্ৰতিবাদত ময়মনসিংহ জিলাত জোৰদাৰ বিক্ষোভ প্ৰদৰ্শন কৰিছিল৷

১৯৩৭ চনত পূৰ্ব-বঙ্গৰ সুসং পৰগণাত এই সমস্যা দেখা দিছিল৷ সুসং অঞ্চলৰ মুছলমান বসতিপূৰ্ণ দশাল গ্ৰামত টঙ্ক প্ৰথাৰ বিৰুদ্ধে সৰ্বপ্ৰথম প্ৰজা বিদ্ৰোহ সংগঠিত হৈছিল৷ ময়মনসিংহৰ টঙ্ক আন্দোলনত কৃষক নেতা মণি সিংহই (হাজং সম্প্ৰদায়ৰ) প্ৰখ্যাতি লাভ কৰে (০৯)৷ এই টঙ্ক আন্দোলনত ডালুসকলক নেতৃত্ব দিছিল ৰাজকুমাৰ সৰকাৰ (ডালু) আৰু অনিল ডালুয়ে৷ টঙ্ক আন্দোলনত পুলিচৰ গুলীত শ্বহীদ হৈছিল হৰি সিং ডালু, সতীন্দ্ৰ ডালু৷ ১৯৪৯ চনত ময়মনসিংহ জিলা কাৰাগাৰত মৃত্যু হৈছিল সুৰেন্দ্ৰ ডালুৰ (১০)৷ 

দৰাচলতে ডালুসকলৰ আন্দোলনৰ সুদীৰ্ঘ এক ইতিহাস আছে যি পূৰ্ব-বঙ্গৰ লগত জড়িত হৈ আছে৷ অতি সহজ-সৰল মনৰ অধিকাৰী হৈয়ো ডালুসকলৰ শৈক্ষিক তথা অৰ্থনৈতিক দিশৰ পৰা পিছপৰা সমাজ হোৱা বাবে বিভিন্ন চৰকাৰী আঁচনিৰ সা-সুবিধাৰ পৰাও বঞ্চিত হ’ব লগা হৈছে৷ T.B. Subba ৰ ‘Ethnicity VS Development: The Dalus in the West Garo Hills district of Meghalaya’ গৱেষণা প্ৰবন্ধত উল্লেখ কৰিছেঃ ‘The Dalus are a small and very backward community. They have only two graduates till now and majority of them are illiterate or Semi-literate, earning their bred mainly by selling their manual labour.’ উল্লেখ্য যে গাৰোপাহাৰ স্বায়ত্তশাসিত পৰিষদৰ পৰা প্ৰকাশিত ‘Act, Rules and Regulation’ ত উল্লেখ আছেঃ ‘Tribal means the Tribes specified in the Constitution (Schedule Tribe) Order, 1950 and includes the Koches and Daloos of the Garo Hills District.’ (The Garo Hills Autonomous District Council. Act, Rules and Regulation with Amendments, First Edition-1968, Second Edition-2007)৷ অসমৰ প্ৰেক্ষাপটত Constitution of India (ST) order 1950 as amended (Modification) order 1950 & Schedule Cast/ Schedule Tribes order (Amended) Act. 1976-ৰ অধীনত ডালুসকলক জনজাতিৰ প্ৰমাণপত্ৰৰ পৰা বঞ্চিত কৰা হয় (১১)৷ 

উল্লেখ্য যে ডালুসকলৰ ওপৰত গৱেষণা কৰি ইতিমধ্যে গোৱালপাৰা জিলাৰ ড০ ৰুমী নাথ বাইদেউয়ে অসম প্ৰকাশন পৰিষদৰ পৰা ফেল’শ্বিপ অৰ্জন কৰিবলৈ সক্ষম হৈছে ২০২৬ বৰ্ষত৷ ডালুসকলৰ নিজস্ব লোককৃষ্টি, লোকসংস্কৃতি আৰু সংগ্ৰামৰ খ্যাত-অখ্যাত কথাবোৰ আজিৰ প্ৰজন্মই অধ্যয়ন কৰা উচিত৷ থলগিৰিসকলৰ লোকজীৱন আৰু লোকপৰম্পৰাৰ বিষয়ে নপঢ়িলে দেশ আৰু মাটিক ভাল পাব নোৱাৰি৷ ডালুসকল যে মংগোলীয় মানুহ তাত কোনো সন্দেহ নাই৷ এই মংগোলীয় মানুহবোৰৰ আচাৰ, ব্যৱহাৰ আদিৰ গৱেষণা প্ৰাচীন ভাৰতীয় সভ্যতাৰ অধ্যয়নৰ এক এৰাব নোৱাৰা অঙ্গ৷ ডালুসকলে আজিও নিজৰ জাতীয় পৰিচয় ধৰি ৰাখিবলৈ অহৰহ চেষ্টাত ব্ৰতী৷ তেওঁলোকৰ উত্তৰোত্তৰ উন্নতিয়েই আমাৰ চিৰ কাম্য৷

প্ৰসঙ্গ সুত্ৰ :

১. ডালু জনগোষ্ঠী সভ্যতা, সমাজ আৰু সংস্কৃতি, ড০ চন্দ্ৰ কমল চেতীয়া, অসম সাহিত্য সভা, মাৰ্চ, ২০২৬, পৃষ্ঠা-১২.

২. গৰীয়সী, ফেব্ৰুৱাৰি, ২০২৫, ‘অসমৰ জনগোষ্ঠীয় সংস্কৃতি’, ‘অসমৰ এটি উপেক্ষিত জনগোষ্ঠী ডালু’, মৃদুস্মিতা শইকীয়া, পৃষ্ঠা-৫৭.

৩. বাংলাদেশে আদিবাসী সংস্কৃতি, ড০ মাযহাৰুল ইসলাম তৰু, (বাংলা) ফেব্ৰুৱাৰি, ২০১৮, ঢাকা-১১০০, পৃষ্ঠা-২৯.

৪. উত্তৰ-পূৰ্ব ভাৰতে ডালু নৃগোষ্ঠীৰ সমাজ ও সংস্কৃতি’, মানচিত্ৰ পাল, (বাংলা), ১৫ এপ্ৰিল ২০২৫.

৫. ডালু, হদি ও বানাই সম্প্ৰদায়েৰ সমাজ ও সংস্কৃতি, আলী আহাম্মদ খান আইয়োব, (বাংলা), আপন প্ৰকাশ, ঢাকা-১২০৫.

৬. ডালু জনগোষ্ঠী সভ্যতা, সমাজ আৰু সংস্কৃতি, ড০ চন্দ্ৰ কমল চেতিয়া, পৃষ্ঠা-১৮.

৭. তে-ভাগা সংগ্ৰাম, সুপ্ৰকাশ ৰায়, (বাংলা), জানুৱাৰী ২০১৯, কলকাতা-৭০০১৩২, পৃষ্ঠা-০১.

৮. ঐ-পৃষ্ঠা-৩৩

৯. হাজং জনগোষ্ঠী, ড০ ইব্বাত আলী, ২০১২, গোৱালপাৰা৷

১০. ডালু, হদি ও বানাই সম্প্ৰদায়েৰ সমাজ ও সংস্কৃতি, পৃষ্ঠা-৪০.

১১. ডালু জনগোষ্ঠী সভ্যতা, সমাজ আৰু সংস্কৃতি, পৃষ্ঠা-১৫৫.

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ