অন্যযুগ/


জলবায়ু পৰিৱৰ্তন, এল্ নিন’ আৰু অসমৰ প্ৰসংগ

 দেৱজিৎ ভৰালী

 

বৰ্তমান বিশ্বজুৰি আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু উদ্বেগজনক সমস্যাবোৰৰ ভিতৰত জলবায়ু পৰিৱৰ্তন অন্যতম৷ বিজ্ঞান আৰু প্ৰযুক্তিৰ চমকপ্ৰদ উত্থানৰ পাছতো প্ৰকৃতিৰ এই পৰিৱৰ্তনে মানৱ সমাজৰ বাবে নতুন নতুন প্ৰত্যাহ্বান কঢ়িয়াই আনিছে৷ পৃথিৱীৰ গঢ় উষ্ণতা বৃদ্ধি, ঋতুচক্ৰৰ অনিয়ম, অতিবৃষ্টি, খৰাং, অনাবৃষ্টি, তাপপ্ৰৱাহ, হিমবাহৰ গলন আদি ঘটনাবোৰে জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ ৰূপ স্পষ্ট কৰি তুলিছে৷ এই বিশ্বজনীন জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱৰ পৰা অসমো কোনোপ্ৰকাৰে যে মুক্ত নহয় সেয়া আমি বিভিন্ন অস্বাভাৱিক প্ৰাকৃতিক পৰিঘটনাবোৰৰ জৰিয়তে দেখিছোঁ ৷ 

অসমৰ প্ৰাকৃতিক পৰিবেশ, কৃষিভিত্তিক অৰ্থনীতি আৰু জনজীৱন জলবায়ুৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল৷ এনে পৰিপ্ৰেক্ষিতত “এল্ নিন”ৰ দৰে প্ৰাকৃতিক ঘটনাই অসমৰ সমস্যা আৰু অধিক জটিল কৰি তোলাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি ৷ 

জলবায়ু পৰিৱৰ্তন বুলিলে সাধাৰণতে দীঘলীয়া সময় ধৰি পৃথিৱীৰ উষ্ণতা, বায়ুমণ্ডল, বৰষুণ আৰু বতৰৰ স্বাভাৱিক ধাৰাৰে হোৱা স্থায়ী বা দীৰ্ঘস্থায়ী পৰিৱৰ্তন৷ অৰ্থাৎ “জলবায়ু পৰিৱৰ্তন” ক্ষন্তেকীয়া প্ৰক্ৰিয়া নহয় ৷ ইয়াৰ মূল কাৰণ হৈছে মানৱসৃষ্ট প্ৰকৃতিবিৰোধী কাৰ্যকলাপ৷ উদ্যোগ-কাৰখানাৰ ধোঁৱা, কয়লা-পেট্ৰ’ল-ডিজেলৰ অত্যধিক ব্যৱহাৰ, অবিবেচক বনাঞ্চল ধ্বংস, জনসংখ্যা বৃদ্ধি, নগৰায়ন আদি মানৱসৃষ্ট কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড, মিথেন আদি গ্ৰীণহাউচ গেছৰ পৰিমাণ বৃদ্ধি পাইছে৷ এই গেছসমূহে পৃথিৱীৰ উষ্ণতা বাহিৰলৈ যাবলৈ নিদি পৃথিৱীক অধিক গৰম কৰি তুলিছে৷ ফলত প্ৰকৃতিৰ স্বাভাৱিক ভাৰসাম্য বিনষ্ট হৈছে৷ 

এই জলবায়ুগত পৰিবৰ্তনৰ লগত জড়িত এক বিশেষ প্ৰাকৃতিক পৰিঘটনা হৈছে “এল্ নিন’৷” এইবিধ স্পেনিছ (Spanish) শব্দ আৰু যাৰ অৰ্থ হ’ল “সৰু ল’ৰা”৷ স্পেইনৰ বতৰ বিজ্ঞান সংস্থা ECMWF ( European Centre For Medium Range Weather Forecasts) এ সদৰী কৰিছে যে প্ৰায় ১৪০ বছৰৰ মূৰত পুনৰ এইবিধ এল্ নিন’ পৰিঘটনাৰ পুনৰাবৃত্তি হৈছে৷ প্ৰশান্ত মহাসাগৰৰ মধ্য আৰু পূব অঞ্চলত সমুদ্ৰপৃষ্ঠৰ পানীৰ তাপমাত্ৰা স্বাভাৱিকতকৈ বৃদ্ধি পালে এল্ নিন’ৰ সৃষ্টি হয়৷ এই উষ্ণতা বৃদ্ধিয়ে কেৱল প্ৰশান্ত মহাসাগৰীয় অঞ্চলতেই সীমাবদ্ধ নাথাকে; ই বিশ্বব্যাপী বায়ুমণ্ডলীয় চাপ, বায়ুৰ সঞ্চালন আৰু বৰষুণৰ ধৰণ সলনি কৰে৷ ফলত ক’ৰবাত খৰাং, ক’ৰবাত অতিবৃষ্টি, ক’ৰবাত তাপপ্ৰৱাহ অথবা অস্বাভাৱিক শীত দেখা যায়৷ ফলস্বৰূপে ক’ৰবাত বৰষুণ কম হয়, ক’ৰবাত অত্যধিক বৃষ্টি হয়৷ যি হাৰ অত্যন্ত অস্বাভাৱিক হয় ৷  

ভাৰতীয় মৌচুমী বতাহো ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়৷ যিহেতু গ্ৰীষ্মঋতুত সাগৰপৃষ্ঠৰ পৰা পৃথিৱীৰ স্থলভাগলৈ এই বতাহ বয়, গতিকে দেশৰ বায়ুমণ্ডলীয় গতি-বিধিত বৰষুণৰ পৰিমাণ বৃদ্ধি পায় কিন্তু এতিয়া এল্ নিন’ৰ ফলত বতৰৰ সঘন অস্বাভাৱিক পৰিৱৰ্তন নুই কৰিব নোৱাৰি আৰু সেয়া ক্ৰমে পৰিলক্ষিত হৈছে৷ কেতিয়াবা মৌচুমী বৰষুণ স্বাভাৱিকতকৈ কম হয়, কেতিয়াবা বেছিকৈ হয় তথাপি সকলো সময়তে এল্ নিন’ৰ একেধৰণৰ প্ৰভাৱ নাথাকে৷ সম্প্ৰতি জলবায়ু পৰিবৰ্তনৰ ফলত এল্ নিন’ৰ তীব্ৰতা আৰু আচৰণো অধিক অনিশ্চিত হৈ পৰিছে৷ 

অসম ভৌগোলিকভাৱে অতি সংবেদনশীল ৰাজ্য৷ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা, বিস্তৃত বনাঞ্চল, পাহাৰ, জলাভূমি আৰু সমৃদ্ধ জীৱবৈচিত্ৰ্যই ৰাজ্যখনক বিশেষ বৈশিষ্ট্য প্ৰদান কৰিছে৷ অসম এখন নদীমাতৃক আৰু কৃষিপ্ৰধান ৰাজ্য৷ ৰাজ্যখনৰ অধিকাংশ লোক কৃষিৰ ওপৰত নিৰ্ভৰশীল৷ ধান, চাহ, সৰিয়হ, মৰাপাট, পাচলি আদি কৃষিজাত উৎপাদন অসমৰ অৰ্থনীতিৰ মূল আধাৰ৷ কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে সম্প্ৰতি অসমৰ ঋতুচক্ৰত ব্যাপক তথা অস্বাভাৱিক পৰিৱৰ্তন দেখা গৈছে৷ অসমৰ ঋতুচক্ৰৰ স্বাভাৱিকতা ক্ৰমে নষ্ট হৈছে৷ আগৰ দৰে সময়মতে বৰষুণ নহয়; কেতিয়াবা অত্যধিক, কেতিয়াবা অতি কম বৰষুণ হয়৷ গ্ৰীষ্মকাল অধিক উষ্ণ, শীতকাল তুলনামূলকভাৱে চুটি আৰু কম ঠাণ্ডা হৈছে৷ ফলত কৃষিৰ পৰিকল্পনা বিঘ্নিত হৈছে৷ বানপানী আৰু গৰাখহনীয়া অধিক ভয়াবহ ৰূপ লৈছে৷ বৰষুণৰ ধৰণ সলনি হোৱাৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনদীসমূহত আকস্মিকভাৱে পানীৰ স্তৰ বৃদ্ধি পাইছে৷৷ ইয়াৰ ফলত কৃষিভূমি, গাঁও, পথ-দলং আৰু অন্যান্য আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হয়৷ আনহাতে, খৰাং সদৃশ পৰিস্থিতিও কেতিয়াবা সৃষ্টি হয়৷ তদুপৰি, অসমৰ কৃষি ব্যৱস্থাৰ ওপৰত ইয়াৰ গভীৰ প্ৰভাৱ পৰিছে৷ যিহেতু ওপৰি উল্লেখ্য ধান, চাহ, মৰাপাট, সৰিয়হ, পাচলি আদিৰ উৎপাদন ঋতুচক্ৰৰ ওপৰত নিৰ্ভৰশীল৷ বৰষুণৰ অনিয়ম, উষ্ণতা বৃদ্ধি আৰু নতুন কীট-পতংগৰ আক্ৰমণে কৃষি উৎপাদনশীলতা হ্ৰাস কৰিছে৷ কেতিয়াবা আকৌ বসন্তকালৰ সৌন্দৰ্য উপভোগ কৰাৰ আগতেই অতিবৃষ্টি বা প্ৰচণ্ড গৰমে প্ৰকৃতিৰ স্বাভাৱিকতা নষ্ট কৰি পেলাইছে৷ প্ৰকৃতিৰ যাদৃচ্ছিক পৰিৱৰ্তনৰ ফলাফল এতিয়া সহজলভ্য৷ সামগ্ৰিকভাৱে জলবায়ুগত বিপৰ্যয়ে ৰাজ্যখনৰ প্ৰাকৃতিক বৈচিত্ৰ্যক দুৰ্বল কৰি পেলাইছে৷ 

এল্ নিন’ৰ উৎপত্তি অসমৰ পৰা হাজাৰ-লাখ মাইল দূৰত প্ৰশান্ত মহাসাগৰৰ পৃষ্ঠত হ’লেও যে অসম বা উত্তৰ-পূৰ্বাঞ্চল যে ইয়াৰ পৰা হাত সাৰি যাব, তেনে কোনো কথা নাই ৷ অসমতো এল্ নিন’ৰ বিশেষ প্ৰভাৱ নুই কৰিব নোৱাৰি৷ যি প্ৰভাৱে তীব্ৰ হাৰত জলবায়ুৰ বিষম পৰিৱৰ্তনৰ সম্ভাৱনা আছে৷ ৰাজ্যখনত বৰষুণৰ সময় আৰু পৰিমাণ ব্যতিক্ৰম ঘটাৰ ফলত কৃষিকাজ বিঘ্নিত হ’ব৷ সময়মতে খেতি কৰিব নোৱাৰা, মাটিত প্ৰয়োজনীয় পানীৰ অভাৱ বা অত্যধিক পানীয়ে কৃষকক বিপদত পেলাব৷ বিশেষকৈ আহু আৰু শালি ধানৰ উৎপাদনত ইয়াৰ প্ৰভাৱ অন্যতম৷ আনহাতে অসম চাহ উৎপাদনকাৰী ৰাজ্য যিহেতু বৰষুণৰ অনিয়ম আৰু উষ্ণতাৰ বৃদ্ধি চাহ উদ্যোগৰ বাবে চিন্তনীয় বিষয়৷ চাহপাতৰ গুণগত মান আৰু উৎপাদন দুয়োটাতে ইয়াৰ প্ৰভাৱ পৰাৰ সম্ভাৱনা বৃদ্ধি পাইছে৷ 

তদুপৰি জলবায়ু পৰিৱৰ্তনে অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক, দুয়ো উপত্যকাতে বানপানী আৰু গৰাখহনীয়াৰ সমস্যা অধিক ভয়াৱহ কৰি তোলাটো আমাৰ অজ্ঞাত নহয়৷ অতিবৃষ্টি হ’লে নদীৰ পানী হঠাতে বৃদ্ধি পায়, গাঁও-বসতি ডুব যায়, কৃষিভূমি নষ্ট হয়৷ আনহাতে বৰষুণ কম হ’লে পানীৰ অভাৱ, খৰাং আৰু বনাঞ্চলত জুই লগাৰ দৰে চৰম পৰিস্থিতিৰ ঘটনাও ঘটিব পাৰে৷ লগতে পোনেপোনে জীৱবৈচিত্ৰ্যৰ ওপৰতো বেয়া প্ৰভাৱ পৰে৷ কাজিৰঙা, মানাহ আদিৰ দৰে সংৰক্ষিত অঞ্চলবোৰত বানপানীৰ বাবে বন্যপ্ৰাণীকূল বিপদাপন্ন হোৱা আমি দেখি আহিছোঁ৷ 

ইফালে ৰাজ্যৰ জৈৱবৈচিত্ৰ্য আৰু জনস্বাস্থ্যৰ ওপৰত ইয়াৰ সম্ভাব্য প্ৰভাৱবোৰ এনেধৰণৰ৷ অসমৰ কাজিৰঙা, মানাহ, ডিব্ৰু-চৈখোৱা, ওৰাং আদি সংৰক্ষিত অৰণ্যসমূহ বিশ্ববিখ্যাত৷ কিন্তু বান, উষ্ণতা বৃদ্ধি আৰু বাসস্থানৰ পৰিবৰ্তনে বন্যপ্ৰাণীৰ জীৱনচক্ৰত নেতিবাচক প্ৰভাৱ পেলাইছে৷ বানৰ সময়ত অৰণ্যৰ জীৱকূলৰ অপমৃত্যু, তথৈৱচ অৱস্থা আমি দেখি আহিছোঁ৷ 

জনস্বাস্থ্যৰ ক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ স্পষ্ট৷ অত্যধিক গৰম, দূষিত পানী আৰু দীৰ্ঘস্থায়ী বানৰ ফলত ডায়েৰিয়া, মেলেৰিয়া, ডেংগু, জাপানীজ এনকেফেলাইটিছ আদি ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পায়৷ খাদ্য উৎপাদন কমি গ’লে পুষ্টিহীনতাৰ সমস্যাও বৃদ্ধি পোৱাৰো আশংকা থাকে৷ 

এই সমস্যা মোকাবিলা কৰিবলৈ চৰকাৰ আৰু সাধাৰণ জনতা—দুয়োপক্ষই দায়িত্বশীল ভূমিকা ল’ব লাগিব৷ বন ধ্বংস বন্ধ কৰা, অধিক গছপুলি ৰোপণ কৰা, নদী-জলাশয় সংৰক্ষণ, পৰিবেশবান্ধৱ (Ecofriendly) কৃষি ব্যৱস্থা গ্ৰহণ, সৌৰশক্তি আৰু নবীকৰণযোগ্য শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা আদি পদক্ষেপ অত্যন্ত প্ৰয়োজন৷ বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি সমাজৰ সকলো স্তৰত পৰিবেশ সচেতনতা বৃদ্ধি কৰাটো সময়ৰ দাবী৷ 

অৱশেষত ক’ব খোজোঁ যে জলবায়ু পৰিৱৰ্তন আৰু এল্ নিন’ৰ দৰে পৰিঘটনা— দুয়োটা বিষয় এতিয়া অসমৰ বাবে এক গুৰুত্বপূৰ্ণ তিক্ত বাস্তৱ৷ ইয়াৰ প্ৰভাৱ কেৱল প্ৰকৃতিৰ মাজতেই সীমাবদ্ধ নহয়; ই কৃষি, অৰ্থনীতি, স্বাস্থ্য আৰু সমাজজীৱনৰ ওপৰতো সুদূৰপ্ৰসাৰী ৷ সেয়েহে বিজ্ঞানসন্মত চিন্তা, দূৰদৰ্শী পৰিকল্পনা আৰু পৰিবেশৰ প্ৰতি দায়বদ্ধ মনোভাৱৰ জৰিয়তে আমি এই প্ৰত্যাহ্বানৰ মোকাবিলা কৰিব লাগিব৷ প্ৰকৃতিৰ লগত সুসমন্বয় ৰাখি আগবাঢ়িলেহে সুস্থ, সেউজ আৰু নিৰাপদ অসমৰ ভৱিষ্যৎ গঢ়ি তুলিব পৰা যাব৷

 

দূৰভাষ : ৯৮৫৪৫৩৯০৬১  


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ