অন্যযুগ/


২০২৩-ৰ অস্কাৰ আৰু ক্ল'জ

নিজৰা ৰাজকুমাৰী


           ২০২৩-ৰ যোৱা ১২ মাৰ্চত অনুষ্ঠিত হৈ গ'ল চিনেমাবিশ্বৰ অতি আকৰ্ষণীয় অস্কাৰ বঁটা প্ৰদান অনুষ্ঠান। সকলো উত্তেজনাৰ অৱসান ঘটাই শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিলে ডেনিয়েল চাইনাৰ্ট আৰু ডেনিয়েল কোৱানৰ (দুয়োজনক একেলগে দ্য ডেনিয়েলছ্ বুলি জনা যায়) ইংৰাজী-মান্দাৰিন-কেন্ট'নীজ ভাষাৰ চিনেমা এভ্ৰিথিং এভ্ৰিহোৱেৰ অল এট ৱান্সে। চিনেমাখনে শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি সৰ্বমুঠ এঘাৰটা মনোনয়নেৰে এইবাৰৰ অস্কাৰত সৰ্বাধিক মনোনয়ন লাভ কৰিছিল। শ্ৰেষ্ঠ চিনেমাৰ উপৰি এভ্ৰিথিঙলৈ আহিল শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ অভিনেত্ৰীকে ধৰি মুঠ ৭ টা অস্কাৰ। লগে লগে মিছেল ইয়' পৰিগনিত হ'ল শ্ৰেষ্ঠ অভিনেত্ৰীৰ অস্কাৰ লাভ কৰা প্ৰথম এছিয়ান অভিনেত্ৰী হিচাপে। 

      অনেক দেশ-চলচ্চিত্ৰকাৰৰ আশা-সপোনক চেৰাই শ্ৰেষ্ঠ আন্ত:ৰাষ্ট্ৰীয় চিনেমা (পূৰ্বৰ শ্ৰেষ্ঠ বিদেশী ভাষাৰ চিনেমা) শিতানত এইবাৰ মনোনয়ন লাভ কৰিছিল জাৰ্মানী, বেলজিয়াম, আৰ্জেন্টিনা, পোলেণ্ড আৰু আয়াৰলেণ্ডত ৫ খন ছবিয়ে--  অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ণ ফ্ৰন্ট (জাৰ্মানী), ক্ল'জ (বেলজিয়াম), আজেন্টিনা ১৯৮৫ (আজেন্টিনা), ইঅ' ( পোলেণ্ড) আৰু দ্য কোৱায়েট গাৰ্ল (আয়াৰলেণ্ড)। ১৯২৯ চনৰ এখন উপন্যাস আধাৰিত এডৱাৰ্ড বাৰ্জাৰ পৰিচালিত যুদ্ধবিৰোধী জাৰ্মান চিনেমা অল কোৱাৱেট অন দ্য ৱেষ্টাৰ্ণ ফ্ৰন্টে শ্ৰেষ্ঠ আন্ত:ৰাষ্ট্ৰীয় চিনেমাৰ সন্মান লাভ কৰিলেও এই শিতানত মনোনয়ন লাভ কৰা বাকী চাৰিখন চিনেমাও চলচ্চিত্ৰৰসিকৰ মন-প্ৰাণ উদ্বেলিত কৰিব পৰা চিনেমা। আজি বিশেষভাৱে ক'ব খুজিছো ক্ল'জৰ কথা।  ক্ল'জ--২০২২-ৰ এখন উল্লেখযোগ্য চিনেমা। পৰিচালনা বেলজিয়ান চিত্ৰনাট্যকাৰ-পৰিচালক লুকাছ ড'ন্ট ( Lukas dhont)-ৰ । ২০১৯-ত বিখ্যাত ফ'ৰ্বছ আলোচনীৰ "Forbes 30 Under 30" শিতানত দেখা গৈছিল ত্ৰিশৰ অনুৰ্দ্ধৰ লুকাছক। কাৰণ ইয়াৰ আগবছৰত মুক্তি পোৱা লুকাছৰ প্ৰথম পৰিচালনাৰ পূৰ্ণদৈৰ্ঘ্যৰ চিনেমা গাৰ্লে কাঁন চলচ্চিত্ৰ মহোৎসৱকে ধৰি অনেক চলচ্চিত্ৰৰসিকক আকৃষ্ট কৰিছিল আৰু ব্যৱসায়িকভাৱেও সফল হৈছিল। লিংগ পৰিবৰ্তন কৰা বেলে নৃত্যশিল্পীক লৈ নিৰ্মিত ড'ন্টৰ গাৰ্লে কাঁনত দুটাকৈ ( প্ৰথম ফিচাৰ ফিল্মৰ কেমেৰা ডিঅ'ৰ আৰু LGBT ফিল্মৰ কুইয়ৰ পাম) বঁটা লাভ আৰু অস্কাৰৰ বিদেশী ভাষাৰ চিনেমা শিতানত মনোনয়ন লাভ কৰি বেলজিয়ান চিনেমালৈ খ্যাতি কঢ়িয়াই আনিছিল। ফলস্বৰূপেই কমবয়সীয়া পৰিচালকজনৰ পৰৱৰ্তী চিনেমাৰ প্ৰতি দৰ্শকৰ আগ্ৰহ বাঢ়িছিল। সৃষ্টিশীলতাৰ শৃংখলত উত্থান-পতন এক অতি সাধাৰণ ঘটনা। সেয়ে প্ৰথম সফলতাৰ পাছত কোনো এজন সৃষ্টিশীল মানুহৰ দ্বিতীয় সৃষ্টিলৈ মানুহৰ আগ্ৰহ স্বাভাৱিক। লুকাছে চলচ্চিত্ৰপ্ৰেমীক নিৰাশ নকৰিলে। অভিনৱ চলচ্চিত্ৰীয় ভাষাৰে নিৰ্মান কৰা ক্ল'জৰ প্ৰিমিয়াৰ হ'ল কাঁন চলচ্চিত্ৰ মহোৎসৱত আৰু গ্ৰ'ন প্ৰি (Grand Prix)-ৰে ক্ল'জ সন্মানিত হ'ল। বত্ৰিশ বছৰীয়া পৰিচালকজনৰ দ্বিতীয়খন চিনেমাই কেৱল মোৰেই নহয় বিশ্বৰ বহু চিনেমাৰসিকৰেই মন-মগজু আলোড়িত কৰি তুলিছে। ড'ন্টৰ ভিজুৱেল ষ্টাইলক অকপটে প্ৰশংসাৰে ওপচাব পাৰি।

                সমাজৰ লাজত আপুনি কেতিয়াবা সুগভীৰ বন্ধুত্বৰ বান্ধোন চিঙি পাইছে নে, তাকো বুজা-নুবুজা বয়সত? সহযোগিতা আৰু বন্ধুত্বক আটাইতকৈ বিশুদ্ধভাবে গ্ৰহণ কৰাৰ বয়সটোৱেই চাগৈ শৈশৱ-কৈশোৰ। অথচ এইবয়সতে সন্দেহৰ আঙুলি টোৱাই কোনোবাই সিহঁতৰ সম্পৰ্কক প্ৰশ্ন কৰিছে। লিঅ' আৰু ৰেমি--বেলজিয়ামৰ সৰু ঠাই এখনৰ দুটা নলেগলে লগা তেৰ বছৰীয়া ল'ৰা। ফুলৰ খেতি-পথাৰ-আলিবাটত খেলা, দৌৰা, খোজকঢ়া, চাইকেল চলোৱা, খোৱা দুয়োয়ে প্ৰায়ে একেলগে কৰে। ইটোৱে সিটোক এৰি থাকিবই নোৱাৰে। চিনেমাখনৰ আৰম্ভনিতে এনে লাগে যেন একেটা হাওফাওৰেই দুয়োটাই উশাহ লৈ আছে। পিছে এই কটকটীয়া বান্ধোনতো অতি সোনকালেই ঘূনে ধৰে। "অতি ব্যক্তিগত" বুলি শিশু-কিশোৰৰো কিছুমান কথা থাকে, "ক্ল'জ"ত যি বিঘ্নিত হয়। শৈশৱ-বন্ধুত্ব, আশা-হেঁপাহেৰে উদ্বেলিত অথচ শেষ পৰ্যন্ত ভাঙোন-মৃত্যুৱে জোকাৰি যোৱা দুটি কনমানিৰ মনৰ জগতখনৰে ক্ল'জ নিৰ্মিত হৈছে। দুয়ো দুটা বেলেগ দিশেৰে চাইকেল চলাই গুচি যোৱাৰ দৃশ্য, শেষত ৰেমিৰ স্মৃতি বিজৰিত ঠাইৰে লিঅ'ৰ খোজকঢ়া আদি দৃশ্যত কথাকোৱাৰ কোনো দৰকাৰেই নাই, শূন্যতা আৰু বিষাদে যেন কুৰুকি পেলায় বুকু। এই বয়সৰ দুজন অভিনেতাক লিঅ'-ৰেমিৰ চৰিত্ৰ দুটাৰ বাবে গঢ়ি তোলাটোও আছিল পৰিচালকৰ বাবে এক প্ৰত্যাহ্বান। এটা সাক্ষাৎকাৰত ড'ন্টে কৈছিল চৰিত্ৰ দুটাৰ স্বাৰ্থত কেনেকৈ মাহ মাহ ধৰি শিশু অভিনেতাদুজনৰ সৈতে পৰিয়ালৰ এজন হৈ তেওঁ সময় কটাইছিল। সিহঁতৰ লগত ঘন্টা ঘন্টা ধৰি সাগৰৰ পাৰত খোজকঢ়া, ৰন্ধনশালত পেনকেক বনোৱা আদি কামৰ মাজেৰে ড'ন্টে দুয়োকে তৈয়াৰ কৰি আনিছিল। ইমান শ্ৰম আৰু আন্তৰিকতাৰ পাছত সফলতা সৰু কথা। ক্ল'জ নামৰ ফ্ৰেন্স আৰু ডাটছ্ ভাষাৰ ১০৪ মিনিটৰ সুস্বাদু কেকটোৰ আইচিঙত সমকামিতাৰ মৃদু সুগন্ধ এটি ব'ব খোজে যদিও (সচেতনভাবে পৰিচালকে ক'ব খোজে যদিও) মোৰ মতে ইয়াত coming-of-age-ৰ আবেগ, মানসিক দ্বন্দ্বৰ কথাখিনিহে গুৰুত্বপূৰ্ণ। Grand Prixৰ উপৰি বেলজিয়ান ফিল্ম ক্ৰিটিকছ্ এছ'চিয়েশ্যনৰ শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰা ক্ল'জে চলিত বছৰৰ ৯৫ সংখ্যক অস্কাৰৰ শ্ৰেষ্ঠ আন্ত:ৰাষ্ট্ৰীয় ছবিৰ শাখাত মনোনয়ন লাভ কৰিও বেলজিয়ামৰ চিনেমাজগতক সমৃদ্ধ কৰিলে।  

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ