অন্যযুগ/


আপোনাৰ শিশুটি কেতিয়াবা খেলত হৰাতো কিমান প্ৰয়োজন!

° ইন্দ্ৰানীৰেখা শইকীয়া 


শিৰোনামটো দেখি আচৰিত হৈছে নেকি? হয়, আমি শিশুক কেতিয়াবা কেতিয়াবা খেলত হাৰিবলৈও দিব লাগে৷ খেল কেৱল শিশুসকলৰ মনোৰঞ্জন বা শাৰীৰিক ব্যায়ামৰে মাধ্যম নহয়, বৰঞ্চ ই তেওঁলোকৰ মানসিক আৰু আৱেগিক বিকাশৰ এক প্ৰাকৃতিক পৰীক্ষাগাৰ৷ বহু সময়ত অভিভাৱক হিচাপে আমি শিশুৰ খং বা কান্দোন এৰুৱাবলৈ তেওঁলোকক খেলত জোৰকৈ জিকাই দিওঁ, কিন্তু মনোবিজ্ঞানীসকলৰ মতে শিশুৱে জীৱনত আগবাঢ়ি যাবলৈ খেলত মাজে-সময়ে হৰাটো অত্যন্ত জৰুৰী৷ এই পৰাজয়ে তেওঁলোকক ভৱিষ্যতৰ ডাঙৰ ডাঙৰ প্ৰত্যাহ্বানৰ মুখামুখি হবলৈ মানসিক শক্তি (Resilience) আৰু নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰাৰ ক্ষমতা (Emotional Regulation) প্ৰদান কৰে৷

পিতৃ-মাতৃ হিচাপে আমি প্ৰায়ে আমাৰ সন্তানক পঢ়িবলৈ, লিখিবলৈ আৰু সমস্যা সমাধান কৰিবলৈ শিকোৱাৰ ওপৰত গুৰুত্ব দিওঁ৷ কিন্তু, লৰা-ছোৱালীৰ বাবে প্ৰয়োজনীয় আটাইতকৈ গুৰুত্বপূৰ্ণ জীৱন শৈলীসমূহৰ ভিতৰত এটা হল নিজৰ আৱেগক বুজি পোৱা আৰু তাক পৰিচালনা কৰাৰ ক্ষমতা৷ এই দক্ষতাক আৱেগিক নিয়ন্ত্ৰণ (Emotional Regulation) বুলি কোৱা হয়, যাৰ সহায়ত শিশুৱে হতাশা, নিৰাশা, উত্তেজনা, ভয় আৰু খং আদি সুস্থ উপায়েৰে চম্ভালিবলৈ শিকে৷ বহু পিতৃ-মাতৃৰ মনত প্ৰশ্ন উদয় হয় যে সন্তানক আৱেগিক নিয়ন্ত্ৰণ কেনেকৈ শিকাব লাগে৷ ইয়াৰ উত্তৰটো হয়তো ভবাতকৈ বহুত সহজসেয়া হৈছে খেল’৷

সাধাৰণতে আমি অভিভাৱকসকলে প্ৰায়ে ভাবো যে আৱেগিক নিয়ন্ত্ৰণ আৰু সহনশীলতা এনেকুৱা কিছুমান কথা যিবোৰ শিশুক পোনপটীয়া নিৰ্দেশনাৰ জৰিয়তে শিকাব পাৰিযেনে তেওঁলোকক শান্ত হ’বলৈকোৱা বা পুনৰ চেষ্টা কৰাৰ বিষয়ে বুজোৱা৷ কিন্তু বিকাশমূলক দৃষ্টিকোণৰ পৰা চালে, এই দক্ষতাবোৰ বাস্তৱ অভিজ্ঞতাৰ মাজেৰেহে বেছি শক্তিশালীভাৱে গঢ়ি উঠে৷ আৰু খেলাধূলাই হৈছে এটা শিশুৰ বাবে সেই অভিজ্ঞতা লাভ কৰাৰ আটাইতকৈ চহকী উৎস৷ আৱেগিক নিয়ন্ত্ৰণ হল এক জটিল স্নায়ৱিক ক্ৰমবিকাশ (neurobiological milestone), যাক অভ্যাস, পৰীক্ষা আৰু পৰিশোধন কৰাৰ প্ৰয়োজন হয়৷ গালি-গালাজ, উপদেশ বা এচুকত বহুৱাই থোৱা (time-outs) শাস্তিয়ে সাধাৰণতে শিশু এটাক তেওঁলোকৰ তীব্ৰ আৱেগসমূহ চম্ভালিবলৈ শিকাব নোৱাৰে; ইয়াৰ বিপৰীতে, খেলে আৱেগিক বিকাশৰ বাবে এক প্ৰাকৃতিক পৰীক্ষাগাৰ হিচাপে কাম কৰে৷

 

আৱেগিক নিয়ন্ত্ৰণ আৰু সহনশীলতাৰ প্ৰকৃত অৰ্থ কি

 

খেলাধূলাৰ ভূমিকা বুজি পোৱাৰ আগতে, এই দুয়োটা দক্ষতাৰ বিষয়ে স্পষ্ট ধাৰণা থকাটো প্ৰয়োজন৷

আৱেগিক নিয়ন্ত্ৰণ (Emotional regulation) হৈছে নিজৰ আৱেগিক অৱস্থাক বুজি পোৱা, তাক সহ্য কৰা আৰু তাৰ প্ৰতি নিজৰ প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰাৰ ক্ষমতাআৱেগৰ বশৱৰ্তী নোহোৱাকৈ বা তাক সম্পূৰ্ণৰূপে দমন নকৰাকৈ৷ ইয়াৰ অৰ্থ এইটো নহয় যে শিশুটিৰ মনত কোনো আৱেগ বা তীব্ৰ অনুভূতিৰ সৃষ্টি নহ’ব; বৰঞ্চ ইয়াৰ অৰ্থ হৈছে সেই অনুভূতিবোৰৰ সৈতে এক সন্তুলিত সম্পৰ্ক বজাই ৰখা৷

সহনশীলতা (Resilience) হৈছে কোনো বাধা, হতাশা বা ব্যৰ্থতাৰ সন্মুখীন হৈও পুনৰ ঘূৰি থিয় হোৱাৰ ক্ষমতা, যাৰ বাবে শিশুটি হতাশ হৈ বহি নপৰি বা আঁতৰি নোযোৱাকৈ পুনৰ কামত মনোনিৱেশ কৰিব পাৰে৷ এই দুয়োটা দক্ষতা গঢ়ি উঠে যেতিয়া, শিশুটি কিছুমান সৰু সৰু আৰু চম্ভালিব পৰা মানসিক চাপৰ বাৰে বাৰে সন্মুখীন হয়৷ খেলা-ধূলাই শিশুক ঠিক এই সুযোগটোকে প্ৰদান কৰে৷

খেলাধূলা কিয় আটাইতকৈ উপযুক্ত মাধ্যম:

কিছুমান বিশেষ বৈশিষ্ট্যৰ বাবে কোনো আনুষ্ঠানিক পাঠ বা প্ৰাপ্তবয়স্কৰ নিৰ্দেশনাতকৈ খেলাধূলা এই দক্ষতাবোৰ গঢ়ি তোলাৰ বাবে অতিকৈ উপযোগী৷

নিজা গতি অনুসৰি কঠিনতাৰ নিৰ্বাচন (Self-paced difficulty): মুক্ত খেলত শিশুৱে সাধাৰণতে নিজৰ প্ৰত্যাহ্বানৰ স্তৰ নিজেই বাছি লয় আৰু প্ৰতিটো স্তৰ অতিক্ৰম কৰাৰ লগে লগে ইয়াক বৃদ্ধি কৰে৷ এটা চুটি ব্লকৰ টাৱাৰ সুৰক্ষিতভাৱে থিয় হোৱাৰ পিছতহে ইয়াৰ ওপৰত আৰু ব্লক জাপি তাক ওখ কৰা হয়৷

বাহ্যিক ক্ষতিৰ ভয় নাই, কিন্তু আভ্যন্তৰীণ গুৰুত্ব বেছি: অভিনয় কৰি খেলা মিছা হোটেলৰ খেলখন দেখাত তেনেই সাধাৰণ, কিন্তু শিশুটিৰ বাবে সেই মুহূৰ্তত খাদ্যবস্তুৰ অৰ্ডাৰটো সঠিকভাৱে লোৱাটো অতি গুৰুত্বপূৰ্ণ হ’ব পাৰে৷ ই আচল আৱেগিক পৰিস্থিতিৰ বাবে এক নিৰাপদ আখৰাৰ মঞ্চ প্ৰদান কৰে৷

অপমানিত হোৱাৰ ভয় নোহোৱাকৈ পুনৰাবৃত্তি (Built-in repetition without shame): এটা শিশুৱে কোনো সামাজিক লাজ বা ভয় নোখোৱাকৈ এখন কাঠৰ ওপৰেৰে খোজ কাঢ়িবলৈ গৈ দহবাৰ পৰিব পাৰে, যিটো অপমানজনক বুলি অনুভৱ নহয়৷ আনহাতে শ্ৰেণীকোঠাত সেই একেজন  শিশুৱেই সমনীয়াৰ আগত কোনো এটা কামত বিফল হৈ বাৰে বাৰে কৰিবলৈ কুণ্ঠাবোধ কৰিলেহেঁতেন৷

সহ-নিয়ন্ত্ৰণৰ সুযোগ (Co-regulation opportunities): অভিভাৱক বা সমনীয়াৰ সৈতে খেলাধূলাই কিছুমান স্বাভাৱিক মুহূৰ্ত সৃষ্টি কৰে, য’ত এজন প্ৰাপ্তবয়স্কই কোনো উপদেশ নিদিয়াকৈয়ে হতাশাৰ মাজতো কেনেকৈ শান্ত হৈ থাকিব লাগে তাৰ উদাহৰণ দাঙি ধৰিব পাৰে৷

বিভিন্ন ধৰণৰ খেল-ধেমালিয়ে কেনেকৈ নিয়ন্ত্ৰণ আৰু সহনশীলতা গঢ়ি তোলে

) শাৰীৰিক খেলাধূলা আৰু ধেমেলীয়া যুঁজ (Physical and Rough-and-Tumble Play)

গছত উঠা, জপিওৱা, হতাহতি কৰা আৰু বাধাপ্ৰাপ্ত পথত দৌৰা আদি খেলে শিশুক উচ্চ শাৰীৰিক উত্তেজনাৰ অৱস্থালৈ লৈ যায়যেনে বুকুৰ ধপধপনি বৃদ্ধি পোৱা, ভয়ৰ অনুভূতি হোৱা৷ ইয়াৰ পিছত তেওঁলোকে নিজকে আকৌ শান্ত কৰিব লগা হয়৷ এয়া আচলতে স্নায়ুতন্ত্ৰৰ বাবে নিজকে নিয়ন্ত্ৰণৰ এক ব্যৱহাৰিক অভ্যাস৷এনেধৰণৰ শাৰীৰিক খেলে শিশুক আৱেগিকভাৱে কঠিন পৰিস্থিতিৰ পিছত পুনৰ স্বাভাৱিক হবলৈ (reset) সহায় কৰে৷

কিছুমান উদাহৰণ

বাধা অতিক্ৰম কৰা খেল (Obstacle Course): ইয়াৰ বাবে গাৰু, চকী, কুচন, হুলা হুপ (Hula hoops), কাৰ্টন বা বাকচ ব্যৱহাৰ কৰিব পৰা যায় আৰু শিশুটিক এইবোৰৰ তলেৰে বা ওপৰেৰে যাবলৈ প্ৰত্যাহ্বান জনাব পাৰি৷ বগাই যোৱা, জপিয়াই যোৱা, ভাৰসাম্য ৰক্ষা কৰা, ওপৰলৈ উঠা আদি কাৰ্যকলাপে আৱেগিক আৰু শাৰীৰিক দুয়োটা দিশতে সহনশীলতা শক্তিশালী কৰে৷

ডান্স ফ্ৰীজ (Dance Freeze): শিশু সকলে সংগীতৰ লগে লগে নৃত‍্য কৰিব আৰু সংগীত বন্ধ হোৱাৰ লগে লগে সকলোৱে যি অৱস্থাতে নাচি আছিল, সেই অৱস্থাতে মূৰ্তিৰ দৰে একদম স্থিৰ (Freeze) হৈ থাকিব লাগিব৷ কোনোপধ্যেই লৰচৰ কৰিব নোৱাৰিব৷ মূলতঃ শিশুসকলৰ মনোযোগ আৰু নিয়ন্ত্ৰণ ক্ষমতা বৃদ্ধি কৰিবলৈ এই খেলবিধ খেলা হয়৷ এনে খেলে শাৰীৰিক ক্ৰিয়াকলাপৰ সৈতে আত্ম-নিয়ন্ত্ৰণৰ সংমিশ্ৰণ ঘটায়৷

) অভিনয় আৰু নাট্যধৰ্মী খেল (Pretend and Sociodramatic Play)

শিশু এটিয়ে যেতিয়া কাল্পনিক বা অভিনয়মূলক খেলত (যেনেমা-দেউতা, শিক্ষক, ডাক্তৰ, অগ্নি নিৰ্বাপক বাহিনী বা ছুপাৰহিৰো হোৱা) ভাগ লয়, তেতিয়া তেওঁলোকে মানৱীয় সম্পৰ্কৰ জটিল আৰু অলিখিত নিয়মসমূহ আয়ত্ত কৰে৷ ইয়াৰ বাবে উচ্চ পৰ্যায়ৰ আৱেগিক পৰিচালনাৰ প্ৰয়োজন হয়৷ এজন ডাক্তৰ, এজন অভিভাৱক বা এটা আঘাতপ্ৰাপ্ত প্ৰাণীৰ অভিনয় কৰিবলৈ শিশুৱে নিজৰ সত্তাটোৰ পৰা ওলাই আহি ভাবিবলগীয়া হয়, এই চৰিত্ৰটোৱে এতিয়া কি অনুভৱ কৰিছে?” ই আৱেগিক বুদ্ধিমত্তা (emotional intelligence)ৰ ভেটি গঢ়ি তোলে৷ ইয়াৰ ফলত শিশুৰ ভিতৰত সহানুভূতি (Empathy) স্বাভাৱিকভাৱে গঢ়ি উঠে, কাৰণ তেওঁলোকে বিভিন্ন দৃষ্টিকোণৰ পৰা পৰিস্থিতিবোৰ চাবলৈ শিকে৷ তেওঁলোকে প্ৰায়ে আৱেগিকভাৱে গুৰুত্বপূৰ্ণ পৰিস্থিতিযেনে বিচ্ছেদ, বেমাৰ, সংঘাত বা কৰ্তৃত্ব আদিৰ আখৰা কৰে৷ এনে খেলে শিশুক আৱেগ প্ৰকাশ কৰিবলৈ এক সুৰক্ষিত স্থান দিয়ে৷ শিশুৱে প্ৰায়ে এনে কিছুমান আৱেগ অনুভৱ কৰে যাৰ কথা তেওঁলোকে মুখেৰে বুজাই কব নোৱাৰে৷ তাৰ পৰিৱৰ্তে, তেওঁলোকে খেলৰ জৰিয়তে মনৰ ভাব প্ৰকাশ কৰে৷ এই পুনৰাবৃত্তিমূলক খেলৰ অভিজ্ঞতাবোৰে শিশুক আৱেগসমূহ সুৰক্ষিতভাৱে প্ৰক্ৰিয়াকৰণ (process) কৰাত সহায় কৰে৷

বাস্তৱ জীৱনৰ কেইটামান উদাহৰণ:

ক) নতুনকৈ স্কুললৈ যোৱা এটা শিশুৱে হয়তো কেইবা সপ্তাহ ধৰি পুতলাবোৰৰ সৈতে স্কুলৰ প্ৰথম দিনৰ অভিনয় কৰিব পাৰেয’ত প্ৰায়ে পুতলাটোক ভয়াতুৰ ৰূপত সজাই শিশুটিয়ে নিজে এজন আত্মবিশ্বাসী শিক্ষক বা অভিভাৱকৰ ভূমিকা লয়৷ এই ভূমিকা পৰিৱৰ্তনৰ জৰিয়তে শিশুৱে তেওঁলোকৰ মনৰ ভয় দূৰ কৰে আৰু প্ৰকৃত পৰিস্থিতিৰ সন্মুখীন হোৱাৰ আগতে বা পিছত তাক নিয়ন্ত্ৰণ কৰিবলৈ শিকে৷

খ) এগৰাকী চাৰি বছৰীয়া ছোৱালীৰ ঘৰলৈ নতুন শিশু অহাৰ প্ৰস্তুতি চলি থকাৰ সময়ত ছোৱালীজনীয়ে বাৰে বাৰে এটা পুতলাক নিচুকাই থকাৰ অভিনয় কৰিব পাৰে বা কেতিয়াবা বিৰক্ত হৈ পুতলাটোক তলত থৈ দিয়ে আৰু পিছ মুহূৰ্ততে আকৌ তুলি লয়৷ এয়া, শিশুটিয়ে আহিবলগীয়া পৰিৱৰ্তনৰ প্ৰতি নিজৰ আৱেগক চম্ভালিবলৈ আৰু প্ৰকৃত পৰিস্থিতি অহাৰ আগতেই কৰা নিজৰ ধৈৰ্য্য শক্তিৰ পৰীক্ষা৷

গ) ডাক্তৰৰ ওচৰলৈ যোৱাক লৈ চিন্তিত হৈ থকা এটা শিশুৱে পুতলা এটাক চিকিৎসা কৰি ডাক্তৰৰ অভিনয় কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ মনৰ পৰা ডাক্তৰ আৰু চিকিৎসালয়ৰ প্ৰতি থকা ভয় ভাৱটো দূৰ হয়৷

) নিয়ম থকা খেলসমূহ (Games With Rules)

বোৰ্ড গেম, কাৰ্ড গেম আৰু খেলপথাৰৰ নিয়ম থকা খেলসমূহে (যেনে ৰচী টনাটনি, কাবাদী, মুখত চামোচ লৈ দৌৰা ইত্যাদি) এক ভিন্ন ধৰণৰ প্ৰত্যাহ্বান কঢ়িয়াই আনে: যেনে নিয়ম মানি চলা, আবেগ-উত্তেজনা নিয়ন্ত্ৰণ কৰা (control impulses), পৰাজয় স্বীকাৰ কৰা, নিজৰ পাল অহালৈ অপেক্ষা কৰা আৰু আনৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰা ফলাফল গ্ৰহণ কৰা৷ এই খেলবোৰ হতাশা বা পৰাজয় সহ্য কৰাৰ পোনপটীয়া অভ্যাস, কাৰণ ইয়াত পৰাজয়বাস্তৱিক হ’লেও ইয়াত শিশুটি কোনো ক্ষতিৰ সন্মুখীন নহয়৷এই অভিজ্ঞতাবোৰে মগজুৰ আত্ম-নিয়ন্ত্ৰণ ক্ষমতা শক্তিশালী কৰে৷

কিছুমান ব্যৱহাৰিক খেলৰ নাম: সাপ-চিৰি খেল (Snakes and Ladders), লুডু (Ludo),মেমৰী মেচিং (Memory matching), UNO, কানেক্ট ফ (Connect Four) ইত্যাদি৷

বাস্তৱ জীৱনৰ এটা উদাহৰণ

এটা আঠ বছৰীয়া শিশুৱে পৰিয়ালৰ সৈতে Uno খেল খেলি একেৰাহে তিনিদিন হৰাৰ পিছত খেলখন মাজতে এৰি দিব বিচাৰিছে৷ তেওঁলোকক খেলখন জোৰকৈ সম্পূৰ্ণ কৰিবলৈ বাধ্য কৰা বা খেলাৰ পৰা সম্পূৰ্ণ আঁতৰি যাবলৈ দিয়াৰ পৰিৱৰ্তে, অভিভাৱক এজনে এটা মধ্যমীয়া পথ বাছি লব পাৰে: “তুমি পাঁচ মিনিটৰ বাবে জিৰণি ল’ব পাৰা আৰু তাৰ পিছত আকৌ আহিব পাৰা, অথবা একেলগে এই ৰাউণ্ডটো শেষ কৰিব পাৰোঁ৷ই শিশুটিৰ মনৰ কঠিন অনুভূতিক সন্মান জনায় আৰু লগতে পুনৰ খেলত অংশগ্ৰহণ কৰাৰ আশা জগাই তোলেযিটো সহনশীলতা গঢ়ি তোলাৰ মূল ভেটি৷

) সৃষ্টিশীল আৰু মুক্ত খেল (Open-Ended and Constructive Play)

ব্লক বা বিভিন্ন বস্তুৰে খেলা খেলে স্বাভাৱিকভাৱেই ব্যৰ্থতাৰ সৃষ্টি কৰেযেনে তৈয়াৰ কৰা ঘৰটো ভাঙি পৰা, ভবা মতে ছবিখন নোহোৱা বা পাজলৰ (Puzzle) কঠিন টুকুৰাবোৰ লগাব নোৱাৰা ইত্যাদি৷ যিহেতু এই ব্যৰ্থতাকোনো মানুহে দিয়া নহয় বৰঞ্চ খেলৰ সামগ্ৰীৰ পৰাহে সৃষ্টি হয়, গতিকে শিশুৱে ইয়াক সহজে গ্ৰহণ কৰে৷ ই হতাশা সহ্য কৰাৰ এক উত্তম আৰু নিৰাপদ ক্ষেত্ৰ৷ এই সৰু সৰু নিৰাশাবোৰে শিশুক হতাশা বা ব্যৰ্থতাৰ পৰা পুনৰ থিয় হোৱাৰ অভ্যাস কৰাত সহায় কৰে৷

কিছুমান ব্যৱহাৰিক খেলৰ নাম: লেগো ব্লক (LEGO building),কাঠৰ ব্লক (Wooden blocks), জিগছপাজল (Jigsaw puzzles), মাৰ্বল ৰান (Marble runs), চুম্বকীয় টাইলছ (Magnetic tiles) ইত্যাদি৷

আকৌ শিল্পই শিশুক গভীৰ অনুভৱবোৰ প্ৰকাশ কৰাত সহায় কৰে৷ কিছুমান আৱেগ শব্দৰে প্ৰকাশ কৰাটো কঠিন৷ আৰ্ট বা শিল্পই শিশুক শব্দৰ ব্যৱহাৰ নকৰাকৈয়ে নিজৰ অনুভৱবোৰ প্ৰকাশ কৰাৰ সুযোগ দিয়ে৷

ব্যৱহাৰিক কাৰ্যকলাপ

আৱেগৰ চিত্ৰাংকন (Emotion Painting): আমি শিশুসকলক খং, সুখ, দুখ, চিন্তা ইত্যাদি আবেগবোৰ অংকন কৰিবলৈ দিব পাৰো৷ ইয়াত কোনো শুদ্ধ বা ভুল উত্তৰ নাই৷ চিত্ৰকর্মটোক লৈ কোনো বিচাৰ নকৰাকৈয়ে তেওঁলোকৰ সৈতে মৰমেৰে কথা পাতিব পাৰি৷

বাস্তৱ জীৱনৰ এটা উদাহৰণ: পৰিকল্পিত ৰন্ধন কাৰ্যই (যেনে জোখ-মাখ কৰা, ঢলা, লৰোৱা) সৰু সৰু অপ্ৰত্যাশিত পৰিৱৰ্তনসমূহ সহ্য কৰাৰ এক সুন্দৰ সুযোগ দিয়ে৷ কাৰণ শেষত এটা সুস্বাদু খাদ্য প্ৰস্তুত হোৱাৰ আকৰ্ষণ থাকে৷ ৰেচিপিৰ নিয়মীয়া পদক্ষেপসমূহে শিশুটিক নিৰাপত্তা প্ৰদান কৰে, যাৰ ফলত সৰু সৰু অপ্ৰত্যাশিত পৰিৱৰ্তনবোৰ তেওঁলোকৰ বাবে অসহ্য হোৱাৰ পৰিৱৰ্তে সহজ হৈ পৰে৷

) sensory play

বহু শিশুৱে ইন্দ্ৰিয়ভিত্তিক খেল বা Sensory Play ৰ জৰিয়তে স্বাভাৱিকভাৱেই শান্ত হৈ পৰে৷ এই অভিজ্ঞতাবোৰে স্নায়ুতন্ত্ৰক নিয়ন্ত্ৰিত কৰে আৰু অতিমাত্ৰা আৱেগিক চাপ (emotional overload) হ্ৰাস কৰে৷

ব্যৱহাৰিক কাৰ্যকলাপ

চাউল, বালি, পানী, মটৰ বা বুটমাহ, পাষ্টা, কপাহৰ আদিৰে ছেন্সৰী বিন (Sensory Bins) তৈয়াৰ কৰি ভিতৰত সৰু সৰু খেলনা লুকুৱাই থৈ শিশুটিক বিচাৰি উলিয়াবলৈ কব পাৰি৷ অন্যান্য শান্ত কৰা বিকল্পবোৰ হল: প্লে ড(Play dough/ক্লে), কাইনেটিক বালি (Kinetic sand), বাবল ৰেপ (Bubble wrap) ইত্যাদি৷

) সহযোগিতামূলক খেল

সহযোগিতামূলক খেলে সংঘাত সমাধান কৰিবলৈ শিকায়৷ ভাই-ভনী বা বন্ধু-বান্ধৱীৰ সৈতে খেলাৰ সময়ত স্বাভাৱিকতে মতানৈক্য বা কাজিয়াৰ সৃষ্টি হয়৷ এই মুহূৰ্তবোৰ শিকাৰ বাবে একো একোটা মূল্যৱান সুযোগ হৈ পৰে৷ শিশুৱে ভগাই লোৱা (Sharing), বুজাবুজি কৰা (Negotiating), আপোচ কৰা (Compromising), ক্ষমা খোজা (Apologising), সম্পৰ্ক উন্নত কৰা আদি কথাবোৰৰ অভ্যাস কৰে সহযোগিতামূলক খেলৰ দ্বাৰা৷

ব্যৱহাৰিক কাৰ্যকলাপ: শিশুৰ সৈতে একেলগে কিবা এটা যেনে, ব্লকৰ চহৰ (A block city), কাৰ্টনৰ ঘৰ (A cardboard house) বা কম্বলৰ তম্বু (A blanket fort) সাজিব পাৰি৷ এনে যৌথ লক্ষ্যই দলীয় কাৰ্য্যক উৎসাহিত কৰে৷

পৰাজয়ৰ সন্মুখীন হোৱা: শিশুৱে খেলত কেতিয়াবা হাৰিব কিয় লাগে? অভিভাৱক হিচাপে, শিশুৰ খং-ৰাগ বা কান্দোন এৰাবলৈ খেলখন তেওঁলোকৰ সপক্ষে ৰাখিবলৈ মন যোৱাটো স্বাভাৱিক৷ কিন্তু, শিশুক পৰাজয়ৰ পৰা আঁতৰাই ৰাখিলে তেওঁলোকক এক গুৰুত্বপূৰ্ণ আৱেগিক শিক্ষাৰ পৰা বঞ্চিত কৰা হয়৷

দুখ/হতাশা সহ্য কৰাৰ ক্ষমতা (Distress Tolerance) গঢ়ি তোলে: খেলত হাৰিলে মনলৈ এক ক্ষন্তেকীয়া নেতিবাচক আৱেগ (হতাশা, অসন্তুষ্টি বা ইৰ্ষা) আহে৷ এটা সুৰক্ষিত পৰিৱেশত এই অনুভূতিৰ অভিজ্ঞতা লাভ কৰিলে মগজুৱে শিকে যে এই অস্বস্তি সাময়িক আৰু ইয়াৰ সৈতে মোকাবিলা কৰিব পাৰি৷

ব্যৰ্থতাক আত্ম-মৰ্যাদাৰ পৰা পৃথক কৰে: যেতিয়া এটা শিশুৱে খেলত হাৰে কিন্তু দেখে যে পৰিয়ালৰ পৰিৱেশটো এতিয়াও সুৰক্ষিত, মৰমিয়াল আৰু আগৰ দৰেই আছে, তেতিয়া তেওঁলোকে শিকে যে খেলত হাৰি যোৱাৰ অৰ্থ এইটো নহয় যে তেওঁলোক এজন ব্যৰ্থ ব্যক্তি৷

বাহ্যিক সান্ত্বনাৰ পৰা আভ্যন্তৰীণ সান্ত্বনালৈ পৰিৱৰ্তন কৰে: এটি সৰু কেঁচুৱাই নিজকে শান্ত কৰিবলৈ সম্পূৰ্ণৰূপে মাক-দেউতাকৰ ওপৰত নিৰ্ভৰ কৰে৷ কিন্তু স্কুললৈ যোৱা এটা শিশুৱে খেলত হাৰিলে নিজৰ মনতে কথা পাতি (এইখন কেৱল এটা খেলহে, মই পিছৰ বাৰ আকৌ চেষ্টা কৰিম”) নিজক চম্ভালিবলৈ বাধ্য হয়৷

খেলুৱৈ সুলভ মনোভাৱ আৰু আনৰ দৃষ্টিকোণ বুজি পোৱাত সহায় কৰে: পৰাজয়ে শিশুক নিজৰ চাৰিওফালে চাবলৈ বাধ্য কৰে৷ তেওঁলোকে নিজৰ নিৰাশা চম্ভালিবলৈ শিকাৰ লগতে আনৰ সফলতাক স্বীকাৰ আৰু আদৰণি জনাবলৈও শিকে৷

অভিভাৱকৰ ভূমিকা: উদ্ধাৰ নকৰাকৈ সহ-নিয়ন্ত্ৰণ

অতিমাত্ৰা হস্তক্ষেপযেনে শিশুটি হতাশ হোৱাৰ লগে লগে ব্লকৰ টাৱাৰটো সাজি দিয়া বা খেলত তেওঁলোকক জিকাই দিয়াই শিশুটিৰ শিকিবলগীয়া আৱেগিক প্ৰত্যাহ্বানখিনিক কাঢ়ি লয়৷ আকৌ একেবাৰে মনোযোগ নিদিয়াহতাশ হৈ পৰা শিশুটিক নিজেই বুজি লওকবুলি সম্পূৰ্ণ অকলে এৰি দিয়াই তেওঁলোকক আৱেগিকভাৱে বিবুদ্ধিত পেলাব পাৰে৷

ইয়াৰ আটাইতকৈ কাৰ্যকৰী মধ্যম পথটো হৈছ৷

১)খেলসমূহত সৰু হ’লেও প্ৰকৃত প্ৰত্যাহ্বান থাকিবলৈ দিয়কযেনে হাৰি যোৱা, পৰি যোৱা বা প্ৰথমবাৰতে সঠিকভাৱে কৰিব নোৱাৰা৷

২) শিশুৰ খং বা হতাশা লগে লগে সমাধান কৰিবলৈ চেষ্টা নকৰি; বৰঞ্চ তেওঁলোকৰ মনৰ অৱস্থাক বুজি পাবলৈ চেষ্টা কৰা আৱশ্যক৷ খেলত শাৰীৰিকভাৱে উপস্থিত থাকিও কিন্তু কামটো নিজৰ হাতলৈ নোলোৱা উচিত৷

৩) খেলৰ সময়ত নিজৰ সৰু সৰু ভুল বা ব্যৰ্থতাবোৰক শান্তভাৱে গ্ৰহণ কৰি শিশুৰ আগত এক সঠিক উদাহৰণ দাঙি ধৰক৷

৪) কোনো বিচাৰ নকৰাকৈ মনৰ অনুভূতিক নাম দিয়া: বিভিন্ন খেলৰ অভিজ্ঞতাৰ জৰিয়তে শিশুৱে লক্ষ্য কৰে যে তেওঁলোকে বিভিন্ন পৰিস্থিতিত কেনে অনুভৱ কৰে৷ খেলাৰ সময়ত পিতৃ-মাতৃয়ে আবেগবোৰৰ নাম দি শিশুক সহায় কৰিব পাৰে৷ ই শিশুৰ আৱেগিক শব্দভাণ্ডাৰ বৃদ্ধি কৰে আৰু আত্ম-সজাগতা উন্নত কৰে৷

উদহৰণ: “তুমি সজা টাৱাৰটো ভাঙি পৰিল৷ তোমাৰ খং উঠিছে/নিৰাশ অনুভৱ কৰিছা৷ নাইবা “টাৱাৰটো বাৰে বাৰে ভাঙি যোৱাৰ বাবে তোমাৰ নিশ্চয় বহুত খং উঠিছেকথাষাৰ শান্তভাৱে কওক, সহায় কৰিবলৈ লগে লগে জঁপিয়াই নপৰিব৷ আৱেগিক নিয়ন্ত্ৰণৰ আৰম্ভণি হয় আৱেগিক সজাগতাৰ পৰা৷

৫) কেৱল প্ৰয়োজনীয় সহায়ক ইংগিত দিয়াসমাধান দিয়াৰ পৰিৱৰ্তে প্ৰশ্ন সোধক: “ঘৰটো ভাঙি পৰাৰ ঠিক আগতে কি হৈছিল বাৰু?”

৬) ফলাফল নিখুঁত হোৱাতকৈ তেওঁলোকৰ প্ৰচেষ্টাক, ধৈৰ্যক বেছিকৈ প্ৰশংসা কৰক৷

৭) খেলপথাৰখনক অতিৰিক্ত চাপ বা প্ৰতিযোগিতাৰ পৰা মুক্ত ৰাখক৷

৮) দৈনিক মুক্ত বা অসংগঠিত খেলৰ (unstructured play) সুযোগ সৃষ্টি কৰক৷

৯) অধিক সংবেদনশীল শিশুসকলৰ বাবে পৰিচিত আৰু শৃংখলিত কাৰ্যসূচী ব্যৱহাৰ কৰি লাহে লাহে নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰক৷

বৰ্তমান সময়ৰ প্ৰত্যাহ্বানসমূহ 

বৰ্তমানৰ ক্ষিপ্ৰ আৰু ডিজিটেল-প্ৰধান যুগত, আৱেগিক নিয়ন্ত্ৰণ (Emotional Regulation) আৰু সহনশীলতা (Resilience) কেৱল কিছুমান ভাল দক্ষতাহৈ থকা নাই, বৰঞ্চ আমাৰ মানসিক স্বাস্থ্য সুৰক্ষিত ৰখাৰ বাবে এইবোৰ এতিয়া অনিবাৰ্য জীৱন ৰক্ষাৰ সঁজুলি হৈ পৰিছে৷

বৰ্তমানৰ ব্যস্ত জীৱনশৈলীৰ কিছুমান কথাই শিশুৰ স্বাভাৱিক খেলাধূলাৰ পথত বাধাৰ সৃষ্টি কৰে, যাৰ বিষয়ে অভিভাৱকসকল সজাগ হোৱা উচিত:

অতিমাত্ৰা ব্যস্ততা (Over-scheduling): ইটোৰ পিছত সিটো শৃংখলিত কাৰ্যসূচীয়ে শিশুৰ বাবে মুক্ত, স্বতঃস্ফূৰ্ত খেলৰ সময় নোহোৱা কৰে য’ত তেওঁলোকে নিজৰ আৱেগিক প্ৰত্যাহ্বানসমূহ নিজেই নিয়ন্ত্ৰণ কৰিব পাৰিলেহেঁতেন৷

অভিভাৱকৰ খৰতকীয়া হস্তক্ষেপ (Adult-mediated conflict resolution): আজিকালি শিক্ষক বা অভিভাৱকসকলে শিশুসকলৰ মাজৰ সৰু সৰু কাজিয়াবোৰত অতি সোনকালে হস্তক্ষেপ কৰে, যাৰ ফলত শিশুৱে নিজৰ সংঘাত নিজেই সমাধান কৰাৰ সুযোগ হেৰুৱায়৷

ডিজিটেল মাধ্যমৰ প্ৰভাৱ (Digital play substitution): বহুতো মবাইল বা কম্পিউটাৰ গেম এনেদৰে ডিজাইন কৰা হয় যাতে শিশুৱে সহজে হাৰি নাযায় (যেনে আনলিমিটেড লাইভছ, অটো-ছেভ আদি)৷ ই আত্মবিশ্বাস বৃদ্ধিত কিছু সহায় কৰিব পাৰে যদিও বাস্তৱ খেলৰ দৰে ই হতাশা বা ব্যৰ্থতা সহ্য কৰাৰ ক্ষমতা গঢ়ি তুলিব নোৱাৰে৷

সময় নষ্টহোৱাৰ চিন্তা (Anxiety about “wasted” time): বহুতো অভিভাৱকে অনুভৱ কৰে যে খেলধেমালি সদায় শিক্ষামূলক বা লাভজনক হ’ব লাগে, যাৰ ফলত খেলৰ প্ৰকৃত আনন্দ আৰু ইয়াৰ মাজেৰে গঢ়ি উঠা সহনশীলতা নাইকিয়া হৈ পৰে৷

আৱেগিক নিয়ন্ত্ৰণ আৰু সহনশীলতা শিশুৱে জন্মগতভাৱে লৈ নাহেএইবোৰ হৈছে হাজাৰ হাজাৰ সৰু সৰু অভিজ্ঞতাৰ মাজেৰে গঢ়ি উঠা ক্ষমতা৷ খেলাধূলাই শিশুক কোনো ডাঙৰ ক্ষতি নোহোৱাকৈ হতাশা, দুখ বা উত্তেজনা অনুভৱ কৰাৰ আৰু তাৰ পৰা ঘূৰি অহাৰ এক সুন্দৰ সুযোগ দিয়ে৷ অভিভাৱক হিচাপে আমাৰ আটাইতকৈ ডাঙৰ অৱদান হব খেলৰ বাবে সময় আৰু সুযোগ প্ৰদান কৰাআৰু অতিমাত্ৰা হস্তক্ষেপ নকৰাকৈ তেওঁলোকৰ কাষত ছাঁৰ দৰে থকা৷


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ