ড০ সঞ্জীৱ বৰুৱা
বনচোম অসমৰ পৰিৱেশৰ লগত অভিযোজিত হোৱা স্থানীয় আৰু অৰ্থনৈতিকভাৱে
লাভজনক উদ্ভিদৰ এটা প্ৰজাতি যাক ‘অসম চেগুন’ বুলিও কোৱা হয়৷ অৰ্থনৈতিক দিশৰ পৰা চাবলৈ
হ’লে বনছুম উত্তৰ-পূব ভাৰতৰ আচবাব বজাৰত উচ্চ চাহিদাযুক্ত কাঠৰ এক প্ৰজাতি৷ ইয়াৰ কাঠক
“গ্ৰেড-এ” মৰ্যাদা দিয়া হৈছে৷ অসমত বনচোমৰ পৰা নিৰ্মিত আচবাবসমূহক যাউতিযুগীয়া বুলি
গণ্য কৰা হয়৷ সাধাৰণতে ইয়াৰ কাঠ দুৱাৰ আৰু খিৰিকী নিৰ্মাণৰ বাবেই ব্যাপকভাৱে ব্যৱহাৰ
কৰা হয়৷ এটা সময়ত অসমৰ বিভিন্ন বন সংমণ্ডলত
উপলব্ধ প্ৰজাতিটো বিশেষকৈ পূৰ্ব গোৱালপাৰা জিলাৰ এবিধ স্থানীয় মূল্যৱান উদ্ভিদ হিচাপে
জনাজাত আছিল৷ ঐতিহাসিক গোৱালপাৰা জিলা নামেৰে এই প্ৰজাতিটো উদ্ভিদ বিজ্ঞানত ফ’বি গোৱালপাৰেনছিছ
(Phoebe goalparensis) বুলি নামাংকিত কৰা হৈছিল৷ বৰ্তমানে
অৱশ্যে বনচোমৰ বৈজ্ঞানিক নাম ফ’বি বোটানিকা
(Phobe bottanica) নামটো স্বীকৃতি দিয়া হৈছে৷ বনচোমৰ পৰিৱেশ বিজ্ঞান সংক্ৰান্তত
কিছু ঐতিহাসিক টোকা আছে৷ এই টোকাসমূহত উল্লেখ কৰা হৈছে যে বনচোম সাধাৰণতে বালিচহীয়া
লোম আৰু লৱণযুক্ত মাটিত ভালদৰে হয়৷ প্ৰজাতিবিধ প্ৰায় ৩৪ মিটাৰ উচ্চতা আৰু ৩.৭ মিটাৰ
পৰ্য্যন্ত পৰিধি লাভ কৰে আৰু সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১২০০ মিটাৰ উচ্চতালৈকে পোৱা যায়৷
সাধাৰণতে উত্তৰ-পূব ভাৰতৰ আৰ্দ্ৰ, গ্রীষ্মমণ্ডলীয় অৰণ্যত, বিশেষকৈ পূব হিমালয়ৰ পাদদেশত
পোৱা যায়, য’ত বছৰি বৰষুণ বেছি (২০০০ মিলিমিটাৰৰ ওপৰত) আৰু উষ্ণতা ৮ ডিগ্ৰী চেলছিয়াছৰ
পৰা ২০ ডিগ্ৰী চেলছিয়াছলৈকে হয়৷ এই প্ৰজাতিটোৱে কম বয়সীয়া, জলজ মাটিতো ভালদৰে বৃদ্ধি
হয় বুলি জনা যায়৷ এই উদ্ভিদৰ প্ৰজাতিটো গ্ৰীষ্মপ্ৰধান অৰ্ধ চিৰসেউজ (Semi
evergreen) অৰণ্যত উপলব্ধ হয়৷ সাধাৰণতে বীজৰ দ্বাৰা
প্ৰাকৃতিকভাৱে ইয়াৰ বিস্তাৰণ হয়৷ বনছুমৰ ফুল ফেব্ৰুৱাৰিৰ পৰা এপ্ৰিললৈকে ফুলে আৰু
মে’ৰ পৰা জুলাইলৈকে ফল দিয়ে৷ জুন মাহৰ পৰা আগষ্টলৈকে
বীজ সংগ্ৰহ কৰিব পৰা হয় আৰু ফল পূৰঠ হ’লে যিমান পাৰি সোনকালে সংগ্ৰহ কৰি সিঁচিব লাগে৷
বছৰৰ শেষৰ ফালে আগষ্ট আৰু নৱেম্বৰ মাহত সংগ্ৰহ কৰা বীজৰ ফলাফল উৎকৃষ্ট হয়৷
উদ্ভিদৰ শ্ৰেণীবদ্ধবিজ্ঞানত
বনছুম আৰু বনচোম পৰিয়ালৰ অন্যান্য প্ৰজাতি:
উদ্ভিদৰ শ্ৰেণীবদ্ধবিজ্ঞানত (Plant Taxonomy) এই প্ৰজাতিটো বিশ্বজুৰি বিস্তৃতি
থকা ল’ৰেচি
(Lauraceae)পৰিয়ালৰ ফ’বি (Phobe) নামৰ এটা গণত অন্তৰ্ভুক্ত কৰা হৈছে৷ এই Phobe গণৰ
ভিতৰত বিশ্বজুৰি প্ৰায় ২৫০ টাতকৈও অধিক প্ৰজাতিৰ লিপিবদ্ধ কৰা হৈছিল যদিও বৰ্তমানে
উদ্ভিদৰ শ্ৰেণীবিভাজনৰ পৰীক্ষণৰ পাছত মাত্ৰ ৫১ টা প্ৰজাতিকহে বৈধ (accepted) বুলি গ্ৰহণ
কৰা হৈছে (The Plant List, 2013)৷ এই ল’ৰেচি উদ্ভিদৰ প্ৰজাতিসমূহ জটিল শ্ৰেণীবিভাজনৰ
বাবে জনাজাত আৰু ৰূপগতভাৱে চিনাক্তকৰণত প্ৰত্যাহ্বানজনক৷ এই পৰিয়ালৰ প্ৰজাতিবোৰ কেৱল
ফুলৰ বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি ভালদৰে চিনাক্ত কৰাটো জটিল৷ বিজ্ঞানী
ব্ৰেণ্ডিছে (১৯০৬) এই ফ’বি (Phobe) গণৰ ভাৰতীয় প্ৰজাতিটোৰ শ্ৰেণীবিভাজনৰ বৰ্ণনাৰে
নথিভুক্ত কৰিছিল৷ ব্ৰেণ্ডিছে (১৯০৬) ভাৰতীয় উপমহাদেশৰ ফ’বি পৰিয়ালৰ সাতটা প্ৰজাতিৰ
নথিভুক্ত কৰিছিল৷ ইয়াৰে মধ্য আৰু উপদ্বীপ ভাৰতৰ পৰা দুটা প্ৰজাতি যেনে-
Phobe lanceolata আৰু Phobe
paniculata সংগ্ৰহ কৰা তথ্য উপলব্ধ আছে৷ অন্যান্য পাঁচটা প্ৰজাতি যেনে- P.
angustifolia, P. pallida, P. attenuate, P. tavoyana and P. hainesiana
উত্তৰ-পূব ভাৰত আৰু উত্তৰ ভাৰতৰ কিছু অংশত আৱিষ্কাৰ কৰা হৈছিল৷ ইয়াৰে
এটা প্ৰজাতি P. angustifolia এতিয়াও গ্ৰহণ কৰা হোৱা নাই৷ শেহতীয়া উপলব্ধ তথ্য
অনুসৰি P.
hainesiana আৰু
বাকী তিনিটা প্ৰজাতিৰ শ্ৰেণীবিভাজন পৰিচয় গ্ৰহণ কৰা হৈছে (The Plant List, 2013)৷
এই বনছুমৰ প্ৰজাতিটো (Phobe heinesiana) ১৮৯৩ চনত এইচ.এইচ.হেইনছে প্ৰথমে সংগ্ৰহ
কৰিছিল৷ এই সংগ্ৰহৰ দুটা নমুনা পৃথিৱীৰ বিখ্যাত লণ্ডনত অৱস্থিত কিউ হাৰ্বেৰিয়ামত নমুনা
ক্ৰমাংক Kew Herbarium Specimen No. K000778865 আৰু K000778866 বুলি জমা আছে৷ এই নমুনাৰ
ওপৰতে ভিত্তি কৰি উদ্ভিদ বিজ্ঞানী ব্ৰেণ্ডিছে P. hainesiana বুলি
নামাংকিত কৰে৷ ঠিক একেদৰে ১৯১৬ চনত বিখ্যাত উদ্ভিদ বিজ্ঞানী John Hutchinson য়ে বনচোমৰ
দুটা নমুনা যথাক্ৰমে Kew Herbarium Specimen No. K000778865 আৰু K000778866 সংগ্ৰহ
কৰি Phobe goalparensis নামেৰে নামাকৰণ কৰে৷ পাছলৈ এই নমুনাবোৰক ফ’বি হাইনেছিয়ানা
(P. heinesiana) বুলি প্ৰমাণিত কৰা হয় (Kostermans,১৯৬২)৷ যদিও কিছু সংখ্যক
প্ৰকাশিত গৱেষণা
পত্ৰিকাত বনচোমক P. goalparensis বুলি উল্লেখ কৰিছে, ই আচলতে বৰ্তমানে
শুদ্ধ নাম বুলি স্বীকৃতি দিয়া P. bootanica ৰ এটা সমাৰ্থক শব্দ৷
ওপৰত উল্লেখিত P. bootanica’ ৰ নমুনা ভূটানৰৰ পৰা ডব্লিউ গ্ৰীফিথে
সংগ্ৰহ কৰিছিল৷ এইটো
নমুনা চিনাক্তকৰ্তা “Griffith 2483” ৰ সৈতে নথিভুক্ত কৰা হৈছ৷
উদ্ভিদ বিজ্ঞানত এই সমলসমূহ তলত উল্লেখ কৰা হয় এনেদৰে : Type:—
BHUTAN. s.d., fl., W. Griffith 2483 (lectotype designated here: K000778799,
digital image !; isolectotypes: BM000950966, G00368974, fragm. NY00355317,
digital images!). [ BHUTAN] East Himalaya, fl., W. Griffith 1117, Kew Distrib.
No. 4265 (additional syntypes: GH00041886, K000778798, L.1804386, digital
images!).
গতিকে উদ্ভিদ বিজ্ঞানত অতি শুদ্ধ ৰূপত লেখকৰ সহিতে আমাৰ বনছুমক এনেধৰণে
লিখা হ’ব Phoebe bootanica (Meisn.) Gangopadhyay.
অতিৰিক্ত তথ্য হিচাপে আমি জনা ভাল হ’ব যে এই বনচোমৰ নমুনা অসমৰ স্বনামধন্য
উদ্ভিদ গৱেষক উপেন্দ্ৰনাথ কাঞ্জিলালে ঐতিহাসিক গোৱালপাৰা জিলাৰ বনাঞ্চলৰ পৰায়ো সংগ্ৰহ
কৰিছিল— সংগ্ৰহ নং. ৫০৯২৷ কিছুমান সূত্ৰই এই তাৰিখটো ১৬ জুলাই ১৯১৫ বুলি
উল্লেখ কৰিছে,
Botanical Survey of India (BSI) তথ্য অনুসৰি ১৬ এপ্ৰিল ১৯১৫ বুলি তালিকাভুক্ত কৰিছে৷
ফটো
কিউ হাৰ্বেৰিয়াম, লণ্ডনত থকা ঐতিহাসিক নমুনাটো (K000778798
Persea bootanica )
অসমত বনছুমৰ ঐতিহাসিক
বিস্তাৰণ:
অসমৰ বন বিভাগৰ পৰা উপলব্ধ টোকা আৰু ঐতিহাসিক সমলৰ ভিত্তিত অসমত বনচোমৰ
ঐতিহাসিক বিস্তাৰণৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য পোৱা যায়৷ সমল আধাৰিত তথ্য অনুসৰি কোকৰাঝাৰৰ
ৰিপু, কচুগাঁও, চিৰাং সংৰক্ষিত বনাঞ্চল, মানাহ, পাণবাৰী, বৰনদী, উজনিৰ
সোণাই-ৰূপাই সংৰক্ষিত বনাঞ্চল, চাৰিংদুৱাৰ সংৰক্ষিত বনাঞ্চলত ইয়াৰ উপস্থিতি প্ৰচুৰ
আছিল৷ আনহাতে দৰং জিলাৰ
পশ্চিম সংমণ্ডল, দৰং সংমণ্ডল, আৰু লখিমপুৰ সংমণ্ডলকে ধৰি বিভিন্ন সংমণ্ডলৰ কথাও উল্লেখ
কৰা আছে, য’ত বিভিন্ন বনচোমৰ উপস্থিতি লিপিবদ্ধ কৰা হৈছিল৷ তদুপৰি উজনিৰ কাকোইজান
সংৰক্ষিত বনাঞ্চল, পদুমনি সংৰক্ষিত বনাঞ্চল, মধ্য অসমৰ লামডিং সংৰক্ষিত বনাঞ্চল, উত্তৰ
কাৰ্বি আংলং জিলাৰ বনাঞ্চলসমূহত আৰু কামৰূপ জিলাৰ গড়ভংগা, আমচাং সংৰক্ষিত স্থানসমূহ
ইয়াৰ উপস্থিতি নিশ্চিত কৰা হৈছিল৷ ইয়াৰ ভিতৰত বিভিন্ন সময়ত অসমৰ বন সংমণ্ডলসমূহত
বনবিষয়াৰ দ্বাৰা নথিভুক্ত টোকাৰ জৰিয়তে বনচোমৰ উপস্থিতিৰ ঐতিহাসিক তথ্য দাঙি ধৰা
হ’ল৷
১) গোৱালপাৰা
সংমণ্ডল, ১৯২৯-৩০ৰ পৰা ১৯৩৮-৩৯ চনলৈকে – প্ৰতিথযশা উদ্ভিদ বিজ্ঞানী এন.এল. ব’ৰ
(Norman Loftus Bor)
২) কোকৰাঝাৰৰ
কচুগাঁও বন সংমণ্ডল ১৯৮৩-৮৪ৰ পৰা ১৯৯৮-৯৯ চনলৈ – আৰ.চি. গোস্বামীৰ
দ্বাৰা৷
৩) কোকৰাঝাৰ
হল্টুগাঁও সংমণ্ডল- ১৯৮২-৮৩ৰ পৰা ১৯৯১-৯২ চনলৈ – টি.কে. দাস
৪) দৰং
সংমণ্ডল, ১৯৪১-৪২ চনৰ পৰা ১৯৫০-৫১ চনলৈকে – জেকবৰ দ্বাৰা
৫) এন কে বিভাগ, ১৯৭৫-৭৬ চনৰ পৰা ১৯৮৪-৮৫ চনলৈকে – পি.চি. দাস
৬)উত্তৰ
কামৰূপ সংমণ্ডল, ১৯৯০-৯১ চনৰ পৰা ১৯৯৯-২০০০ চনলৈ – ড০ আৰ.এম. ডুবে
আদিয়ে প্ৰধান৷
বনছুমৰ বিলুপ্ততাৰ
কাৰণ আৰু সংশয়:
এটা সময়ত সবল উপস্থিতিৰে অসমৰ বন সংমণ্ডলসমূহৰ গাম্ভীৰ্য্য বহন কৰা বনচোম বৰ্তমানে অতি সীমিত বিস্তাৰণ আৰু অতিমাত্ৰা ভাবুকিৰ
বাবে বিৰল প্ৰজাতি হিচাপে শ্ৰেণীভুক্ত কৰা হৈছে৷ মূলতঃ গোৱালপাৰা,
কামৰূপ পশ্চিম, আই উপত্যকাকে ধৰি অসমৰ কেইবাটাও গুৰুত্বপূৰ্ণ বনাঞ্চলত বনচোমৰ উপস্থিতি
মন কৰিবলগীয়া আছিল৷
বনছুমে
ইয়াৰ অস্তিত্ব আৰু সংৰক্ষণৰ বাবে সন্মুখীন হোৱা সম্ভৱপৰ মূল ভাবুকিসমূহ হ’ল:
১) বাসস্থানৰ হ্ৰাস: অবৈধ কাঠ কটা আৰু দ্ৰুত গতিত বাসস্থান হেৰোৱাৰ
বাবে বনচোমৰ সংখ্যা হ্ৰাস পোৱাটো অন্যতম এটা কাৰণ৷
২) জলবায়ু
সংকট: জলবায়ু পৰিৱৰ্তন বনচোমৰ বাবে এক উল্লেখযোগ্য ভাবুকি, কিয়নো ইয়াৰ দ্বাৰা
প্ৰজাতিটোৰ বাসস্থানৰ পৰিৱৰ্তন ঘটিছে আৰু ইয়াৰ বৃদ্ধিত ব্যাঘাত জন্মিছে৷
৩) চৰণীয়া
পথাৰ: বনৰীয়া আৰু ঘৰচীয়া উভয় জীৱ-জন্তুৱে বনচোমৰ গছপুলিৰ ওপৰত হেঁচা প্ৰয়োগ
কৰি ইহঁতৰ বৃদ্ধি আৰু জীয়াই থকাত বাধাৰ সৃষ্টি কৰিছে৷ বিশেষকৈ গৰুৰ চৰণীয়া
পথাৰ এক উল্লেখযোগ্য ভাবুকি৷
৪) আক্ৰমণাত্মক
প্ৰজাতি: বনাঞ্চলত আস্থানিক বা আক্ৰমণাত্মক প্ৰজাতিৰ অত্যধিক উপস্থিতিৰ বাবে বনচোমলৈ
সংকট নামিছে৷
৫) বনজুই:
বনজুয়ে বনচোমৰ প্ৰাকৃতিক আৱাস ধ্বংস কৰিব পাৰে, লগতে পৰিৱেশতন্ত্ৰৰ গঠন সলনি কৰিব পাৰে৷
৬) বেদখল:
বেদখল আৰু অবৈধ কাটি পেলোৱাৰ দৰে মানুহৰ কাৰ্যকলাপৰ ফলতেও বনচোমে বাসস্থান হেৰুৱাইছে৷
৭) তথ্য
আৰু জ্ঞানৰ ব্যৱধান: বনচোমৰ পৰিৱেশ আৰু সংৰক্ষণৰ তাৎপৰ্যৰ বিষয়ে সজাগতা আৰু
বুজাবুজিৰ অভাৱ দেখা গৈছে, যিয়ে সংৰক্ষণৰ প্ৰচেষ্টাত বাধাৰ সৃষ্টি কৰিছে৷
৮) বনছুমৰ
বীজ বিয়পাই দিয়া প্ৰজাতিৰ হ্ৰাস: বীজ বিয়পাই দিয়া প্ৰজাতিৰ হ্ৰাস, যেনে হৰ্নবিলৰ সংখ্যা হ্ৰাস পোৱাটোৱে বনচোমৰ বীজ পুনঃ উৎপাদন আৰু বিয়পাই দিয়াৰ ক্ষমতাত প্ৰভাৱ পেলাইছে৷
৯) ঝুম
খেতিৰ প্ৰভাৱ: অসমৰ পাহাৰীয়া অঞ্চলত কৰা ঝুম খেতিৰ লগতে এক প্ৰকাৰৰ স্থানান্তৰিত
কৃষিৰ ফলত বাসস্থান হেৰুৱা আৰু খণ্ডিত হোৱাৰ লগতে মাটিৰ অৱক্ষয় হ’ব পাৰে৷
১০) আইনী
সুৰক্ষা আৰু আন্তঃৰাজ্যিক সহযোগিতা: অপৰ্যাপ্ত আইনী সুৰক্ষা আৰু আন্তঃৰাজ্যিক সহযোগিতাৰ
অভাৱে ইয়াৰ পৰিসৰত বনচোম ফলপ্ৰসূভাৱে সংৰক্ষণ কৰাটো কঠিন কৰি তুলিব পাৰে৷
সংৰক্ষণৰ
প্ৰচেষ্টা :
এই ভাবুকিসমূহৰ সৈতে মোকাবিলা কৰিবলৈ এটা বিস্তৃত সংৰক্ষণ পৰিকল্পনাৰ প্ৰয়োজন,
য’ত অন্তৰ্ভুক্ত কৰিবলগীয়া দিশসমূহ তলত আলোচনা কৰা হ’ল৷
বনচোম গছ সংৰক্ষণৰ ক্ষেত্ৰত নিয়ন্ত্ৰিতভাৱে কাঠ কটা, পুনৰ বনানীকৰণ, আৰু
সম্প্ৰদায়ভিত্তিক বন ব্যৱস্থাপনাৰ দৰে পদক্ষেপবোৰ অতি প্ৰয়োজনীয়৷
সুখৰ কথা যে সংৰক্ষণবিদসকলে বৰ্তমানৰ বনচোমৰ সুৰক্ষাৰ বাবে গুৰুত্ব আৰোপ
কৰিছে আৰু এই প্ৰজাতিটো বিপন্ন নহয় তাৰ বাবে পুনৰ বনানীকৰণৰ প্ৰচেষ্টাক প্ৰসাৰিত কৰিছে৷
উল্লেখযোগ্য পদক্ষেপ হিচাপে গোৱালপাৰাৰ বন সংমণ্ডলৰ নেতৃত্বত অৱসৰপ্ৰাপ্ত বন বিষয়া
আৰু সংৰক্ষণবিদৰ সহযোগত বনচোম নাৰ্চাৰী সফলতাৰে স্থাপন কৰিবলৈ সক্ষম হৈছিল৷ এই নাৰ্চাৰীয়ে বনচোম গছপুলিৰ বংশবৃদ্ধি আৰু বিতৰণত গুৰুত্বপূৰ্ণ
ভূমিকা পালন কৰিছে৷ অভিজ্ঞ বন বিষয়া আৰু সংৰক্ষণবিদসকলৰ মাজৰ সহযোগিতাই প্ৰকল্পটোৰ
প্ৰতি মূল্যৱান বিশেষজ্ঞতা আৰু দায়ৱদ্ধতা আনিছে, যাৰ ফলত ইয়াৰ সফলতা যথেষ্ট বৃদ্ধি
পাইছে৷
তদুপৰি প্ৰজাতিটোৰ পৰিৱেশ আৰু জিনীয় অধ্যয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি গৱেষণা
পৰিকল্পনা কৰা প্ৰয়োজন, য’ত পৰিৱেশগত সংযোগ, জিনীয় বৈচিত্ৰ্য আৰু উদ্ভিদৰ সৈতে জড়িত
পৰম্পৰাগত জ্ঞানৰ অধ্যয়ন অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন আছে৷ গৱেষণা পৰিকল্পনাত
কিছুমান নিৰ্দিষ্ট লক্ষ্য অন্তৰ্ভুক্ত কৰাটো জৰুৰী, যেনে-
১) প্ৰজাতিটো
প্ৰাকৃতিক বাসস্থানত জীয়াই ৰখা আৰু পুনৰুদ্ধাৰ নিশ্চিত কৰা৷
২) প্ৰজাতিটোৰ
অস্তিত্বৰ ওপৰত পৰিৱেশ, ভৌতিক আৰু মানৱজনিত কাৰকৰ প্ৰভাৱ অধ্যয়ন কৰা৷
৩) প্ৰজাতিটোৰ
বৰ্তমানৰ অৱস্থাৰ ওপৰত গৱেষণা আৰু তথ্য-পাতি প্ৰস্তুত কৰা৷
৪) বনচোমৰ
বাসস্থানৰ মাটিৰ নমুনা আৰু অণুজীৱৰ অধ্যয়ন৷
৫) ফেন’লজী
যেনে ফুল আৰু ফলৰ অধ্যয়ন কৰা৷
৬) ফিল্ড জিন বেংক (জাৰ্মপ্লাজম সংগ্ৰহ) স্থাপন কৰা, পূৰঠ মাতৃ গছ চিনাক্ত
কৰাটো অতিকৈ প্ৰয়োজন৷
উপসংহাৰ :
অসমৰ সংগঠন আৰু চৰকাৰী সংস্থাসমূহে বনছুমক সুৰক্ষা দিয়াৰ প্ৰয়োজনীয়তা
ক্ৰমান্বয়ে উপলব্ধি কৰিছে৷ বিশেষকৈ আৰণ্যক (Aaraynyk) নামৰ বেচৰকাৰী সংস্থাটোৱে অলপতে বনচোমমৰ সংৰক্ষণৰ ওপৰত এখন কৰ্মশালাৰ আয়োজন কৰিছিল৷ য’ত অন্যান্য বিশিষ্ট ব্যক্তিসকলৰ
সহিতে এই লেখকেও এজন সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰিছিল৷ ওপৰত উল্লেখিত বহু তথ্য এই
কৰ্মশালাত বিতং ভাৱে আলোচনা কৰা হৈছিল আৰু ভৱিষ্যতৰ কৰ্মপন্থাৰ বিষয়ে ৰূপৰেখা প্ৰস্তুত
কৰা হৈছিল৷ ইয়াৰ পৰিৱেশ আৰু অৰ্থনৈতিক তাৎপৰ্য্যৰ বিষয়ে সজাগতা সৃষ্টি, বহনক্ষম চপোৱা
পদ্ধতিক প্ৰসাৰিত কৰা, আৰু অবৈধ কাঠ কটাৰ বিৰুদ্ধে কঠোৰ নিয়ম কাৰ্যকৰী কৰাৰ পৰিকল্পনাৰ
বিষয়ে আলোচনা কৰা হৈছিল৷
এই কৰ্মশালাত অংশগ্ৰহণ কৰা বন বিভাগৰ বিষয়াসকলৰ পৰা প্ৰাপ্ত তথ্যমতে বৰ্তমানে
বনাঞ্চলৰ ক্ষেত্ৰ জৰীপৰ তথ্য অনুসৰি মানাহ বাঘ সংৰক্ষিত বনাঞ্চল, শোণিতপুৰ পূৱ সংমণ্ডল,
কৰিমগঞ্জ সংমণ্ডল, হাইলাকান্দি
সংমণ্ডল, কামৰূপ পশ্চিম সংমণ্ড, ডিব্ৰুগড়, ডিগবৈ, কামৰূপ পূৱ সংমণ্ডল, ঢেকীয়াজুলি, কাকজান (ডুমডুমা
সংমণ্ডল) ইয়াৰ উপস্থিতি নিশ্চিত কৰা হৈছে৷ বৰ্তমানে বনচোমৰ প্ৰাকৃতিক পুনঃউৎপাদন দিশটো
পৰ্যবেক্ষণ কৰি থকা হৈছে৷
ঠিকনা :
সহকাৰী অধ্যাপক
উদ্ভিদ বিজ্ঞান বিভাগ
বড়োলেন্ড বিশ্ববিদ্যালয়
কোকৰাঝাৰ,অসম
পিনঃ ৭৮৩৩৭০
ফোন নম্বৰঃ ৮৬৩৮৭৫৫৪৯
