অন্যযুগ/


মেঘৰ আঁৰৰ যুঁজ আৰু ছিচলুনাৰ ৰণভূমি

ড° ভাৰত বৰুৱা

মহাকাব্য ৰামায়ণৰ লংকা কাণ্ডৰ এজন অন্যতম নায়ক হৈছে ইন্দ্ৰজিবা মেঘনাদবা মেঘনাথম্। দেৱৰাজ ইন্দ্ৰক জয় কৰি তেওঁ ইন্দ্ৰজি নাম পাইছিল। আনহাতে তেওঁ জন্ম হৈয়েই যি কান্দোন জুৰিছিল সেয়া মেঘৰ গৰ্জনৰ দৰেই আছিল, সেই বাবেই তেওঁৰ নাম মেঘনাদ ৰখা হৈছিল। শেষত, লংকাৰাজ ৰাৱণ আৰু মহাৰাণী মণ্ডোদৰীৰ জ্যেষ্ঠ পুত্ৰই মেঘৰ আঁৰে আঁৰে লুকাই শত্ৰুক আঘাত কৰিব পাৰিছিল আৰু এই গুণৰ বাবেই হেনো তেওঁ মোটামুটি অপৰাজেয় আছিল। এই শৈলীৰ বাবেই তেওঁক মেঘৰ ৰজা বা নাথ হিচাবে জনা গৈছিল।

 এই মেঘৰ আঁৰৰ যুঁজৰ সন্দৰ্ভত বৰ্তমান সময়তো এক নতুন ৰণভূমি সজ্জিত হৈছে। এই যুঁজ ঠিক সমুখ সমৰ নহয় বৰং পৃথিৱীৰ কেইবাখনো উন্নত দেশে নিজৰ সামৰ্থ্য অনুযায়ী মেঘৰ আঁৰে আঁৰে নিজৰ নিজৰ বেহু ৰচনা কৰিবলৈ উঠি-পৰি লাগিছে। মেঘৰ আঁৰে আঁৰে কেৱল বেহু ৰচনাই নহয়, শক্তিশালী মাৰণাস্ত্ৰৰে নিজৰ অধীনত থকা লক্ষ্যকেই ভেদ কৰি প্ৰকৃততে শত্ৰুৰ লগত যুঁজ হলে কিদৰে শত্ৰুৰ লক্ষ্যভেদ কৰিব পাৰিব তাৰেই পৰীক্ষণত উঠি-পৰি লাগিছে। পিছে কি এই মেঘৰ আঁৰৰ যুঁজ? প্ৰকৃততে যুঁজখন একেবাৰে মেঘৰ আঁৰৰ নহয়। যুঁজৰ ভেকো-ভাওনাখন হৈছে মহাকাশৰ এক নিৰ্দিষ্ট পৰিসৰ জুৰি। এইটো সকলোৰেই জ্ঞাত যে আজিৰ এই বিজ্ঞান আৰু প্ৰযুক্তিৰ যুগত মহাকাশত বিভিন্ন ধৰণৰ অগণন  কৃত্ৰিম  উপগ্ৰহেৰে ভৰি আছে। এই কৃত্ৰিম উপগ্ৰহবোৰক এনে ধৰণেৰে পৃথিৱীৰ পৰা প্ৰক্ষেপণ কৰা হয় যে সেইবোৰে মহাকাশত পৃথিৱীৰ চাৰিওফালে এক কক্ষপথ লৈ ঘুৰি থাকে। এই কৃত্ৰিম উপগ্ৰহৰ ওপৰত নিৰ্ভৰ কৰিয়েই বৰ্তমানৰ মানৱ সভ্যতাৰ বহু দিশ যেনে টি ভি-ৰ সংকেত, কেবল টি ভি-ৰ সংকেত, আকাশীযানৰ ফন যোগাযোগ আদি গা কৰি উঠিছে। তদুপৰি প্ৰকৃতিক দুৰ্যোগৰ সময়ত ফন লাইনৰ ব্যাঘাত জন্মিলে উপগ্ৰহেই একমাত্ৰ সমল, নেভিগেশ্যনৰ মূল জি পি এছ কৃত্ৰিম উপগ্ৰহ নোহোৱাকৈ বিকল, সমগ্ৰ বিশ্বৰ ব্যৱসায় আৰু অৰ্থনীতি কৃত্ৰিম উপগ্ৰহৰ ওপৰত নিৰ্ভৰশীল, হৰ্স্বকালীন অথবা দীৰ্ঘকালীন বতৰৰ বতৰা, ভিডিঅ কনফাৰেঞ্চিং, মহাকাশ বিজ্ঞান ইত্যাদি ইত্যাদি সকলো সুচাৰুকৈ চলি থাকিবৰ বাবে কৃত্ৰিম উপগ্ৰহৰ অতি প্ৰয়োজন। লাহে লাহে চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ মহাকাশৰ এই অংশটো যেন কৃত্ৰিম উপগ্ৰহেৰে থেপাখোৱা হৈ পৰিছে। 

এই চন্দ্ৰ আৰু পৃথিৱীৰ মাজৰ অংশক ছিচলুনাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰা হৈছে।  ওপৰত উল্লেখ কৰা মেঘৰৰ আঁৰৰ ৰণভূমি আচলতে এই ছিচলুনাৰ ক্ষেত্ৰখনেই। বিভিন্ন কৃত্ৰিম উপগ্ৰহে ভিৰ কৰি থকা এই ক্ষেত্ৰখনত লাহে লাহে কিছুমান মাৰণাস্ত্ৰও উটি-ভাহি ফুৰা পৰিলক্ষিত হৈছে। এই মাৰণাস্ত্ৰসমূহো উপগ্ৰহ প্ৰক্ষেপণ কৰাৰ দৰেই কক্ষপথলৈ প্ৰক্ষেপ কৰা হৈছে। এক কথাত চাবলৈ হলে এই মৰণাস্ত্ৰসমূহো এক প্ৰকাৰ উপগ্ৰহেই, পৃথিৱীৰ পৰাই ইহঁতবোৰক নিয়ন্ত্ৰণ কৰিব পৰা যায়, প্ৰয়োজন সাপেক্ষে তাৰ পৰা অগ্নিগোলা নিক্ষেপো কৰিব পৰা যায়।

 কিন্তু, কোনে আৰু কিয় তৰিছে এই ছিচলুনাৰ ৰণভূমিত ৰণসজ্জা? এই ছিচলুনাৰ ৰণভূমিত প্ৰকৃততে কোনো নিৰ্ধাৰিত দ্বন্দ্বযুদ্ধৰ আৰাম্ভণি হোৱা নাই। হৈছে মাত্ৰ যুঁজৰ আখৰা। মানৱ অসভ্য হৈ থাকোঁতে যুঁজখন সদায় প্ৰকৃতিৰ লগত আছিল, কিদৰে প্ৰকৃতিক দুৰ্যোগ অথবা অন্য বন্যপ্ৰাণীৰ পৰা নিজকে সুৰক্ষিত ৰখা যায় সেয়ে আছিল মানুহৰ ঘাই সমস্যা।  সভ্যতাৰ আৰাম্ভণিৰ পৰাই, অৰ্থাৎ যেতিয়াৰ পৰাই মানৱে সমাজ পাতি এক গোট হৈ থাকিবলৈ ললে তেতিয়াৰ পৰা প্ৰকৃতিৰ লগত থকা চিৰাচৰিত যুঁজখনৰ উপৰি অন্য এক যুঁজৰ পাতনি মেলা হল। সেয়া হৈছে এটা গোটৰ লগত অন্য গোটৰ যুঁজ, এখন ৰাজ্যৰ লগত অন্য ৰাজ্যৰ যুঁজ, এখন দেশৰ লগত অন্য দেশৰ যুঁজ। বহু ক্ষেত্ৰত প্ৰতিবেশী ৰাজ্যৰ লগত প্ৰকৃত যুঁজখন নহলেও সম্ভাব্য যুঁজৰ বাবে সাঁজু থকা অথবা যুঁজৰ আখৰা চলাই থকাটো যেন অলিখিত নিয়ম হৈ পৰিল। নিশ্চয় জল, স্থল আৰু আকাশ মাৰ্গৰ যুঁজৰ বহু লিখিত নিয়মো আজিৰ তাৰিখত আছে। পিছে মহাকাশৰ যিখন যুঁজৰ আখৰা আৰম্ভ হৈছে, সেই যুঁজৰ কোনো লিখিত নিয়ম নাই, কিয়নো তেনে ধৰণৰ কোনো যুঁজ সঁচা অৰ্থত আজিও হোৱা নাই। 

পিছে মহাকাশৰ নিয়মৰ ক্ষেত্ৰখন একেবাৰে শূন্য বুলিলেও ভুল কৰা হব। ১৯৬৯ চনত নীল আৰ্মষ্ট্ৰং আৰু এডউইন এলড্ৰিনে এপ’-১১ মিছনৰ জৰিয়তে প্ৰথম চন্দ্ৰপৃষ্ঠত ভৰি দিছিল। যিহেতু ১৯৬৯ চনৰ আগৰপৰাই পৃথিৱীৰ কেইবাখনো প্ৰগতিশীল দেশে মহাকাশৰ অনুসন্ধান কৰি আহিছিল, সেয়ে ১৯৬৭ চনতেই ৰাষ্ট্ৰসংঘৰ ১১১ খন দেশে মিলি মহাকাশত শান্তিপূৰ্ণভাৱে অভিযান চলাব বুলি এখন চুক্তিত সাক্ষৰ কৰিছিল। এই চুক্তি মতে - (১) চন্দ্ৰত কোনো সামৰিক ভেটি নাথাকিব, (২) মহাকাশত কোনো ধৰণৰ পাৰমাণৱিক পৰীক্ষণ কৰা নহ, আৰু (৩) আৰু মহাকাশত কোনো ধৰণৰ যুঁজৰ আখৰা নচলিব। কিন্তু এই চুক্তিমতে মহাকাশত কোনো ধৰণৰ অপাৰমাণৱিক অস্ত্ৰ নিষিদ্ধ নহয়। হয়তো এই  অপাৰমাণৱিক অস্ত্ৰৰ প্ৰতিবন্ধকতা নথকাৰ সুযোগতেই বিশ্বৰ দুখন দেশে বিগত কিছু বছৰ ধৰি মহাকাশত যুঁজৰ আখৰা কৰি আহিছে। সেই দেশ দুখন হৈছে চীন আৰু ৰুছিয়া।

 আমি যদি চন্দ্ৰপৃষ্ঠৰপৰা আমাৰ এই নীলাভ গ্ৰহটোৰ ছবিখন চাই অলপ গভীৰভাৱে ভাবোঁ তেন্তে এই কথা নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিম যে গ্ৰহটোত কোনো নিৰ্ধাৰিত কৃত্ৰিম পৰিসীমা অঁকা নাই, কোনো ৰাষ্ট্ৰৰ বাবে ভূখণ্ড অংকণ কৰি থোৱা দেখা নাযায়। গুগল মেপে দেখুওৱা সীমাৰেখাবোৰ মানৱৰেই সৃষ্টি। সমগ্ৰ মানৱ সভ্যতাৰ বাবে কেৱল মাত্ৰ এটাই গ্ৰহ।

বৰ্তমানৰ বহু আমেৰিকানে বিগত পাঁচ দশকতকৈও অধিক কাল নাছাৰ মহাকাশ অভিযানবোৰক আদৰ্শ হিচাপে লৈয়েই জীৱন নিয়াইছে আৰু তেওঁলোকৰ বাবে মহাকাশত সামৰিক কুচ-কাৱাজ একেবাৰেই নোহোৱা-নোপজা কথা। কিয়নো নীল আৰ্মষ্ট্ৰঙে মহাকাশত ভৰি দি তাত স্থাপন কৰা এপ’-১১ লুনাৰ লেণ্ডাৰত এষাৰ বাণী খোদিত আছিল যে আমি মানৱজাতিৰ শান্তিৰ বাবেই মহাকাশ অভিযানত নামিছোঁ। কিন্তু দুখজনক হলেও ই সঁচাযে এপ’-১১ সেই বাণী যেন আজি আৰু সঁচা নহয়।

কাৰণ চীন আৰু ৰুছিয়াৰপৰা দেখা দিয়া সম্ভাৱ্য বিপদ নুই কৰিব নোৱাৰি। যদিও সঁচা অৰ্থত মহাকাশত আজিলৈকে এখনো যুদ্ধ হোৱা নাই, প্ৰায় এক দশকতকৈও আগৰ পৰাই চেগা-চোৰোকাকৈ মহাকাশত যুঁজৰ আখৰা আৰম্ভ কৰিছিল চীনে। ২০০৭ চনতেই প্ৰথমে নিজৰে অকামিলা হোৱা এটি পুৰণি কৃত্ৰিম উপগ্ৰহক মিছাইলৰ দ্বাৰা ধৰাশায়ী কৰি এই পৰীক্ষণৰ সূত্ৰপাত কৰিছিল। বহু দশক ধৰি আমেৰিকা আৰু ৰুছিয়াৰ মাজৰ শীতল যুঁজখন চলি আছিল আৰু এতিয়া অপ্ৰত্যক্ষ হলেও আমেৰিকাই যুঁজত সোমাই পৰাৰ সুযোগ হৈছে বৰ্তমানে চলি থকা ইউক্ৰেইনৰ যুদ্ধখন। কিদৰে উন্নত সামৰিক যন্ত্ৰপাতি সমুখ সমৰত ব্যৱহৃত হয়, কিদৰে ড্ৰনৰ জৰিয়তে ৰুছিয়াৰ টেংকবোৰৰ লক্ষ্য ভেদ কৰিব পাৰি। এইবোৰৰ লগতে আধুনিক প্ৰযুক্তিৰ মিছাইল লঞ্চাৰৰ পৰিচলন যিবোৰ সম্ভৱ কেৱল মহাকাশত পুঞ্জীভূত হৈ প্ৰদক্ষিণ কৰি থকা জি পি এছ কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা। ইফালে ৰুছিয়াৰো শক্তিশালী প্ৰযুক্তি আছে আৰু তাৰ দ্বাৰা ইউক্ৰেইনৰ মাটিত সেই আমেৰিকান জি পি এছ কৃত্ৰিম উপগ্ৰহৰ সংকেতবোৰ বিচ্ছিন্ন কৰিব পাৰিছে। আনহাতে ৰুছিয়াই ইউক্ৰেইনৰ ইণ্টাৰনেট ব্ৰযৱস্থাটোৰ ওপৰত চাইবাৰ আক্ৰমণ কৰি সম্পূৰ্ণ ব্যৱস্থাটোৱেই বন্ধ কৰিছিল যুদ্ধৰ আৰম্ভণিতেই। কিন্তু আমেৰিকাৰ “স্পেছ ফৰ্চ” নামৰ নতুন সংগঠনৰ চাইবাৰ অভিযন্তাসকলে পুনৰ ইউক্ৰেইনৰ ইণ্টাৰনেটৰ যোগাযোগ ঘুৰাই আনিবলৈ সক্ষম হৈছে। আমেৰিকান কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা নিয়ন্ত্ৰিত জি পি এছ ব্যৱস্থা পৃথিৱীৰ প্ৰায় সকলো দেশেই বিনামূলীয়াকৈ ব্যৱহাৰ কৰে। কেৱল ইউৰোপৰুছিয়া আৰু চীনৰ নিজা কৃত্ৰিম উপগ্ৰহৰ জি পি এছ ব্যৱস্থা আছে। আমেৰিকান আইন অনুসৰি কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা পৰিচালিত জি পি এছ ব্যৱস্থা বন্ধ কৰাটো বেআইনী। কিয়নো কৃত্ৰিম উপগ্ৰহৰ দ্বাৰা নিয়ন্ত্ৰিত জি পি এছ ব্যৱস্থাৰ ওপৰত গোলকীয় অৰ্থনীতি বাৰুকৈয়েই নিৰ্ভৰশীল - কৃষি, বাণিজ্য, বেংক, আমদানি-ৰপ্তানি, দুৰ্যোগৰ সময়ৰ সাহায্য ইত্যাদি।

ইফালে ৰুছিয়া আৰু চীনে মহাকাশত মাৰণাস্ত্ৰৰ আখৰা কৰি সমগ্ৰ বিশ্বৰ বাবেই এক প্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰিছে। চীনৰ সমানে সমানে ৰুছিয়ায়ো মাৰণাস্ত্ৰযুক্ত কৃত্ৰিম উপগ্ৰহ কক্ষপথত তুলিছে আৰু ২০২১ চনত নিজৰেই এটা অকামিলা হোৱা কৃত্ৰিম উপগ্ৰহক ধ্বংস কৰি পৰীক্ষণ কৰি হয়তো বিশ্বক নিজৰ ক্ষমতাৰ কথা জনাই দিছে। এতিয়ালৈকে ৰুছিয়া বা চীন কোনেও আন দেশৰ কৃত্ৰিম উপগ্ৰহৰ ওপৰত প্ৰত্যক্ষভাৱে অগ্নিগোলা বৰ্ষণ কৰা নাই যদিও এই ধৰণৰ পৰীক্ষণক অসাৱধান আৰু দায়িত্ববোধৰ অভাৱ বুলি আমেৰিকাই গৰিহণা দিছে। কিয়নো এই পৰীক্ষণৰ পৰা সৃষ্টি হোৱা মহাকাশ আৱৰ্জনাবোৰে ওচৰে পাজৰে থকা অন্য দেশৰ বা নিজৰেই কাৰ্যক্ষম কৃত্ৰিম উপগ্ৰহবোৰক ধ্বংস কৰিব পাৰে। আনহাতে আন্তৰ্জাতিক মহাকাশ আস্থানত কাম কৰা মহাকাশচাৰীৰ (আমেৰিকান এষ্ট্ৰনট আৰু ৰাছিয়ান কছমনট) প্ৰাণৰো শংকা থাকে। যিহেতু আধুনিক যুগৰ প্ৰায় সকলো দিশ কৃত্ৰিম উপগ্ৰহৰ ওপৰতে নিৰ্ভৰশীল, এনে ধৰণৰ অপ্ৰয়োজনীয় মাহাকাশৰ দুৰ্ঘটনাৰ পৰা সমগ্ৰ বিশ্বৰ বিস্তৰ ক্ষতি হোৱাৰ আশঙ্কা। ইতিমধ্যে বিগত কিছু বছৰত চীনৰ মহাকাশ অভিযানৰ প্ৰকোপ বিশ্বৰ আন দেশৰ তুলনাত বহু পৰিমাণে বাঢ়িছে। চীনদেশে অকল ২০২২ বৰ্ষতে মুঠ ৬০ টা  ৰকেট প্ৰক্ষেপণৰ কাম ইতিমধ্যে সম্পন্ন কৰিছে। চীনদেশে কক্ষপথত তোলা আৰু এটি কৃত্ৰিম উপগ্ৰহৰ আকৌ হাতোৰা থকা এখন দীঘল ৰটিক হাতো আছে যাৰ দ্বাৰা অন্য উপগ্ৰহক দুৰৰ পৰাই আঁজুৰি আনি নষ্ট কৰিব পৰা ক্ষমতা আছে। তদুপৰি, চন্দ্ৰপৃষ্ঠৰ দূৰৱৰ্তী ফালটোত, ত আমেৰিকান উপগ্ৰহৰ কেমেৰাই সহজে ধৰা পেলাব নোৱাৰে, এটি পৃথিৱীৰ পৰা নিয়ন্ত্ৰণ কৰিব পৰা ৰটিক আস্থানো স্থাপন কৰিছে। এই সকলোবোৰৰ ওপৰত ভিত্তি কৰি আমেৰিকান ৰণনীতিবিদসকল স্বাভাৱিকতেই শংকাগ্ৰস্ত যে অনতিপলমে আমেৰিকান উপগ্ৰহৰ কেমেৰাৰে সহজে ধৰা পেলাব নোৱৰা চন্দ্ৰ আৰু পৃথিৱীৰ সেই মাজৰ অংশটো যিটোক “ছিচলুনাৰ” বোলা হয় তাত চীন আৰু ৰুছিয়াই মাৰণাস্ত্ৰসহ কৃত্ৰিম উপগ্ৰহেৰে বেহু ৰচনা কৰিব, যিটো ১৯৬৭ চনৰ ৰাষ্ট্ৰসংঘৰ চুক্তিৰ পৰিপন্থী।

ইফালে চীন আৰু ৰুছে কৰাৰ দৰে এনে ধৰণৰ ধ্বংসাত্মক মহাকাশৰ পৰীক্ষণ নকৰিবলৈ আমেৰিকা দৃঢ়প্ৰতিজ্ঞ। কিন্তু তাৰ লগে দেশখনে এই ধৰণৰ শংকা বা দুৰ্ঘটনা এৰাই চলাৰ উপায়ো বিচাৰিছে। এই সকলোবোৰ গতিবিধিৰ ওপৰত ভিত্তি কৰি ২০২০ চনত আমেৰিকাৰ সামৰিক বাহিনীৰ এটা নতুন শাখা খোলা হৈছে, যিটোৱে বিমান বাহিনীৰ অধীনত থাকি কাম কৰিব আৰু এই নতুন শাখাটোৰ নাম দিয়া হৈছে “স্পেচ ফৰ্চ”। এই ফৰ্চৰ কামেই হৈছে ইউনাইটেড ষ্টেটছ্ অফ আমেৰিকাৰ পৃথিৱীৰ পৰা চন্দ্ৰপৃষ্ঠলৈ থকা কৃত্ৰিম উপগ্ৰহবোৰ, তাৰ কক্ষপথ, আৰু তাৰো আগলৈ থকা বৈভৱ আৰু আকাংক্ষাক ৰক্ষা কৰা। এই স্পেচ ফৰ্চৰ লোকসকলক গাৰ্ডিয়েন অথৱা পালক বুলি খিতাপ দিয়া হৈছে। এই পালকসকলৰ বহু জ্যেষ্ঠ বিষয়াই বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক বা গণিত বিষয়ত স্নাতকোত্তৰ অথবা ডক্তৰেট ডিগ্ৰীধাৰী। এই ফৰ্চত মুঠ ১৪০০ মান পালককহে নিযুক্তি দিয়া হৈছে। এই পালকসকলৰ দৈনিক কৰ্মৰাজিত যোগাযোগ প্ৰযুক্তি আৰু বিমান বাহিনীৰ কাম-কাজ মিশ্ৰিত হৈছে, পিছে বিমান বাহিনীৰ কামতকৈ প্ৰযুক্তিৰ কাম বেছি। পৃথিৱীৰ পৰা ২০০ মাইলতকৈ ওপৰ অংশৰ সমস্যাৰ সমাধান কৰাই এই ফৰ্চৰ মূল কাম। এই নতুন ফৰ্চৰ জৰিয়তে ইমানকণেই আশাৰ ৰেঙণি যে যিমানেই বেছি কৃত্ৰিম উপগ্ৰহ কক্ষপথত তোলা হব সিমানেই সুৰক্ষিত হব আমেৰিকা আৰু তেতিয়াহে শত্ৰু ৰাষ্ট্ৰৰ চাইবাৰ আক্ৰমণৰ চোক কমাব পৰা যাব। বৰ্তমানৰ স্পেচ ফৰ্চৰ  মূল ঘাটি হৈছে কৰাডৰ কৰাডস্প্ৰিংচ নামৰ ঠাইত। এই ঘাটিৰ আটাইতকৈ আকৰ্ষণীয় বিষয়টো হল এটি ভ্ৰাম্যমাণ কমাণ্ড কেন্দ্ৰ যিটো দিনে ৰাতিয়ে স্পেচ ফৰ্চৰ সশস্ত্ৰ পালকৰ দ্বাৰা পহৰাত থাকে।  এই ভ্ৰাম্যমাণ কমাণ্ড কেন্দ্ৰ অৱস্থিত এখন ১৮টা চকা থকা ট্ৰাকত, আৰু ইয়াৰ ভিতৰভাগ অতি গোপনীয় যোগাযোগ প্ৰযুক্তিৰ সঁজুলিৰে সজ্জিত। এইখনক এনেদৰে সাজু কৰি ৰখা হৈছে যে কেনেবাকৈ যদি শত্ৰুৰ আক্ৰমণত মুখ্য কমাণ্ড কেন্দ্ৰবোৰ ধ্বংস হয় বা চাইবাৰ আক্ৰমণত বিকল হয় তেন্তে সকলো যোগাযোগ প্ৰযুক্তিৰ কাম ভ্ৰাম্যমাণ অৱস্থাত এই ভ্ৰাম্যমাণ কমাণ্ড কেন্দ্ৰৰ পৰাই চলাই থাকিব পৰা যাব। সমগ্ৰ দেশত এনে ধৰণৰ মুঠ ৬টা ভ্ৰাম্যমাণ কমাণ্ড কেন্দ্ৰ আছে। এই ভ্ৰাম্যমাণ কমাণ্ড কেন্দ্ৰৰ পৰাই জি পি এছ নেটৱৰ্কৰ উপগ্ৰহ, সামৰিক উপগ্ৰহ, ৰাষ্ট্ৰপতিৰ যোগাযোগ ব্যৱস্থা, ৰাষ্ট্ৰপতিৰ ব্যক্তিগত বিমান এয়াৰ ফৰ্চ ৱানৰ যোগাযোগ, পাৰমাণৱিক আদেশ শৃংখল ইত্যাদি নিয়ন্ত্ৰণ কৰিব পৰা যায়।। স্পেচ ফৰ্চৰ গাৰ্ডিয়েন বা পালকসকল এই ট্ৰাকখন চলোৱা, তাৰ যোগাযোগ প্ৰযুক্তিৰ সঁজুলি চলোৱা আৰু নিয়ন্ত্ৰণ কৰা, কৃত্ৰিম উপগ্ৰহবোৰক কমাণ্ড কৰা, ভ্ৰাম্যমাণ কমাণ্ড কেন্দ্ৰ সুৰক্ষিত ৰাখাৰ বাবে শত্ৰুৰ লগত যুঁজ দিয়া আদি সকলো বিষয়তেই প্ৰশিক্ষিত। এক কথাত স্পেচ ফৰ্চৰ একো একোজন গাৰ্ডিয়েন বা পালক একো একোজন মেঘনাদ বা মেঘনাথ যি মূল ৰণভূমিত ভৰি নিদিয়াকৈয়েই মেঘৰ আঁৰে আঁৰে কৃত্ৰিম উপগ্ৰহৰ সহায়েৰে শত্ৰুক ধৰাশায়ী কৰিব পাৰে। ৰামায়ণৰ কালত স্বৰ্ণলংকাৰ সুৰক্ষাৰ বাবে যিদৰে মেঘনাথে মেঘৰ আঁৰে আঁৰে যুঁজ কৰিছিল সেইদৰে এসময়ত হয়তো সকলো দেশৰেই নৌ, সামৰিক, আৰু বিমান বাহিনীৰ লগতে একো একোটা স্পেচ ফৰ্চ অথবা “মেঘনাথ বাহিনী” থাকিব যি মেঘৰ আঁৰে আঁৰে কৃত্ৰিম উপগ্ৰহৰ দ্বাৰাই দেশৰ গাৰ্ডিয়েন বা পালক ৰূপে ঠিয় দিব।

 

তথ্যসুত্ৰ : নেচনেল ব্ৰডকাষ্টিং কোম্পানী।

Bharat Baruah, Ph. D.

Associate Professor
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144

 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ