অসীম কুমাৰ হাজৰিকা
স্বনামধন্য গল্পকাৰ
বিপুল খাটনিয়াৰৰ গল্পৰ পাঠ-প্ৰতিপাঠ কৰোঁতে কেতিয়াবা বুকুৰ এচুকত ধূলিয়ৰি আকাশৰ এজাক
বিষণ্ণ হাৱাই যেন কেৰেচিয়াই থৈ যায়৷ জনপ্ৰিয়তাৰ কোবাল
বানত উটি-ভাহি ফুৰা বহু লেখকৰ বিপৰীতে খাটনিয়াৰ আছিল ব্যতিক্ৰম; কেৱল সৃজন-মননৰ গৃহভূমিত
নিৰৱে থাকি সাহিত্যৰ মাজতে জীৱনৰ মৰ্ম উপলব্ধি কৰা তেওঁ এক প্ৰোজ্জ্বল সত্তা৷ খাটনিয়াৰৰ
“দখাৰ’” গল্পটো বহুবাৰ পঢ়িছোঁ৷ প্ৰতিটো পঠনতে যেন নব্য এক তীক্ষ্ণ বাস্তৱৰ সন্মুখীন
হওঁ৷ তেওঁৰ অভ্যন্তৰৰ ৰাজনৈতিক বোধ আৰু সামাজিক চেতনাই এতিয়াও আমাৰ দৰে নিঃকিন পাঠকক
বিস্মিত কৰি তোলে৷ কাৰণ সেই দৃষ্টিভংগী গঢ়ি তুলিব পৰাটো ইমান সহজ নহয় বাবেই বহু কথাশিল্পীৰ
ক্ষেত্ৰত এই দিশটো অনুপস্থিত বুলি ধাৰণা হয়৷
কিছুদিনৰ পূৰ্বে
বিপুল খাটনিয়াৰৰ “হাৱা ভাল চলা নাই” গল্প সংকলনটোৰ গল্পসমূহৰ মাজত বিচৰণ কৰিছিলোঁ৷
এই সংকলনৰ কেউটা গল্পই উৎকৃষ্টমানৰ৷ বিশেষকৈ “হাৱা ভাল চলা নাই” শীৰ্ষক গল্পটোৰ পঠন অভিজ্ঞতাত লিপ্ত হৈ পুলকিত হ’লোঁ৷ গল্পটোৰ গদ্য নিৰ্মিত
হৈছে প্ৰাঞ্জল ভাষাত, গভীৰ ভাৱৰ বুৰবুৰণি৷ ভাষা সৰল, কিন্তু তাৰ মাজত আত্মস্থ কৰা আছে
এক গভীৰ বোধ, সামাজিক সচেতনতা আৰু সাংস্কৃতিক পৰিৱেশৰ ছাঁ৷ গল্পকথকে কোনো আলংকাৰিতা
বা অতিৰঞ্জিত পথৰ আশ্ৰয় লোৱা নাই; বৰঞ্চ বাস্তৱৰ কাষে-কাষে থিয় হৈ, সাধাৰণ কথকতা, প্ৰকৃতিৰ
বৰ্ণনা আৰু ব্যক্তিৰ অন্তৰৰ দোলনিৰ মাজেৰে এজন তীক্ষ্ণ পর্যৱেক্ষকৰ ভূমিকা পালন কৰিছে৷
এই দৃষ্টিৰে তেওঁ সমাজখনৰ নিৰীক্ষক৷ উত্তপ্ত সময়ৰ আৱহাৱাত মানুহৰ সংশয়, সন্দেহ, আশা
আৰু সহানুভূতিয়ে যেন শব্দবোৰৰ মাজেৰে এক উৎসুক সোঁতৰ সৃষ্টি কৰিছে৷ এই বিশেষ গল্পটোত
কথোপকথনে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে—গাঁৱৰ সাধাৰণ মানুহবোৰৰ মুখেৰে নিঃসৃত
সংলাপবোৰে গল্পটোক কৰি তুলিছে প্ৰাণৱন্ত৷ এই সমালোচনাত্মক লেখাটোত খাটনিয়াৰৰ “হাৱা
ভাল চলা নাই” গল্পটোৰ সম্পৰ্কে আলোকপাত কৰিব খুজিছোঁ৷
“হাৱা ভাল চলা নাই”
গল্পটোত খাটনিয়াৰৰ গদ্যই বহ্নিমান সময়ৰ ধ্বনি আৰু মানসিক অৱস্থাক সূক্ষ্মভাৱে স্পৰ্শ
কৰিছে৷ ৰামৰতনৰ দৰে চৰিত্ৰৰ চিন্তা-ভাৱনাৰ ভিতৰত এন্ধাৰৰ অনুভূতি থাকে ঠিকেই, কিন্তু
সমান্তৰালভাৱে থাকে তুমুল প্ৰত্যাহ্বানৰ মুখামুখি হোৱাৰ শক্তিও৷ গল্পটোৰ এই শিৰোনামটোৱেই
যেন এক সাংকেতিক আহ্বান- ক্ষয়িষ্ণু সমাজৰ ভগ্নতাৰ দিশ কাহিনীৰ
আলমত খুব শক্তিশালীভাৱে প্ৰতিবিম্বিত৷ সেয়ে কৈছোঁ, খাটনিয়াৰ হ’ল সঁচা অৰ্থত সময়ক ধাৰণ
কৰা গদ্যৰ কুশলী শিল্পী৷ বোধ হয়, অসমৰ উধৰ পৰা মুধলৈকে তেওঁ যেন যাত্ৰা কৰিছে৷ য’লৈকে
গৈছে, সেই ভৌগোলিক এলেকাৰ মানুহৰ চৰিত্ৰ, ভাষা, কথা কোৱাৰ ধৰণ পৰিপূৰ্ণভাৱে উন্মোচন
কৰিছে৷ প্ৰসংগক্ৰমে, খাটনিয়াৰে ঘঁৰিয়লডাঙাৰ কথা যিমান সাৱলীলভাৱে লিখিছে, ঠিক তেনেকৈ
ডিগবৈ বা তিনিচুকীয়াৰ বিহাৰী লাইনৰ মানুহবোৰৰ কথাও নিখুঁতভাৱে লিখিছে৷ এই দিশটো নতুন
গল্পকাৰসকলে গভীৰভাৱে টং কৰি চাব লাগে৷
সাহিত্যই সমাজক প্ৰতিফলিত
কৰে বুলি যি সহজ কথা কোৱা হয়, বহুলচৰ্চিত সেই কথা এই গল্পত প্ৰযোজ্য নহয়৷ গল্পকাৰ
বিপুল খাটনিয়াৰে সমাজখনক কেৱল প্ৰতিফলিত কৰা নাই; তেওঁ উন্মোচন কৰিছে সমাজে নিজকে
ঢাকি ৰাখিবলৈ গঢ়ি তোলা আত্মপ্ৰতাৰণাৰ কৌশল৷ ইয়াত হিংসা কেতিয়াও কেৱল হিংসা হৈ নাথাকে;
ধৰ্ম, জাতি, দেশ বা পৰিচয়ৰ ভাষাৰে তাক বৈধতা দিয়া হয়৷ ফলত শ্ৰেণীৰ স্বাৰ্থই নিজৰ
কাম সম্পন্ন কৰে, অথচ সেই স্বাৰ্থৰ বাস্তৱ মুখখন গহীন আন্ধাৰৰ মাজত লুকাই থাকে৷ আটাইতকৈ
ভয়ংকৰ কথাটো হ’ল—কামটো সম্পন্ন হোৱাৰ পাছতো মানুহে তাক শ্ৰেণীৰ কাম বুলি চিনি নাপায়;
ধৰ্মৰ কথা, জাতিৰ কথা, দেশৰ কথা বুলি বিশ্বাস কৰি থাকে৷ গল্পটোৰ শক্তি এই আত্মপ্ৰতাৰণাৰ
পৰ্দাখন আঁতৰোৱাতেই৷ “হাৱা ভাল চলা নাই” শীৰ্ষকটো সেই আত্মপ্ৰতাৰণাৰ নামহে৷ ই আবহাৱা
নহয়৷ ই সেই অদৃশ্য চাপ, যি চাপে মুখৰ ভাষা সলায় কিন্তু পেটৰ হিচাপ নসলায়৷ গল্পৰ
সত্য এইখিনিতে যে হিংসা সম্পূৰ্ণ হ’বই লাগে বুলি নহয়; হিংসাৰ সম্ভাৱনাই মানুহক নিজৰ
কণ্ঠ সলাই দিব পাৰে৷
পটভূমি উজনি অসমৰ
তিনিচুকীয়া অঞ্চল৷ চাপাখোৱা, দেওপানী, বৰডুবি, শদিয়া-ডুমডুমা, লাংচোৱাল—এই নামবোৰ
স্মৃতিৰ ৰং নহয়৷ ২০০৭ চনৰ আৰম্ভণিতে সেই অঞ্চলত হিন্দীভাষী শ্ৰমিক আৰু ক্ষুদ্ৰ ব্যৱসায়ীৰ
ওপৰত ধাৰাবাহিক আক্ৰমণ চলিছিল৷ ৰেলত ভৰ্তি হৈ মানুহ পলাইছিল৷ কিন্তু গল্পৰ ভিতৰত সেই
ইতিহাসক বিষয় কৰা নাই৷ বিষয় কৰা হৈছে ইতিহাসৰ ফাঁকটো৷ সেই ফাঁকতেই ব্যৱসায়ীয়ে নিজৰ
সুবিধাৰ দুৱাৰখন বিচাৰি পায়৷ গল্পটোক কেৱল সন্ত্ৰাসৰ
কাহিনী বুলি পঢ়িলে অপৰাধৰ সামাজিক-অৰ্থনৈতিক গাঁথনিটো দৃষ্টিৰ আঁৰত ওলমি ৰয়; আৰু মিলনৰ
কাহিনী বুলি পঢ়িলে অংগিনাৰ কবীৰেই যেন সকলো সমস্যাৰ মানৱীয় সমাধান হৈ উঠে৷ দুয়োটা
পাঠেই পাঠকক এক প্ৰকাৰৰ মানসিক স্বস্তি দিয়ে৷ কিন্তু সেই স্বস্তিৰ আঁৰতেই গুদামটো
অদৃশ্য হৈ থাকে, য’ত ইতিহাস কেৱল সংৰক্ষিত নহয়, ব্যৱসায়িক স্বাৰ্থত পুনৰ বিন্যস্ত
হয়৷
গাঁথনিটো বৃত্তাকাৰ৷
কাৰণ গল্পৰ আৰম্ভণিত যি সংস্কৃতিৰ চৌহদ দেখা যায়, সমাপ্তিত সেই একেটা চৌহদতেই ভাবুকিৰ
ছায়া ঘূৰি আহে৷ আৰম্ভণি আৰু সমাপ্তি পৃথক বিন্দু নহয়; সমাপ্তিটোৱে আৰম্ভণিৰ অৰ্থকেই
নতুনকৈ উন্মোচন কৰে৷
অংগিনাত হিন্দু-মুছলমান-দলিত
মিহলি হৈ কবীৰ-তুলসীদাস-ৰহিমনৰ কথা কয়৷ এই মিলনক আদৰ্শ বুলিলে ভুল হ’ব৷ এয়া দৰিদ্ৰতাৰ
সংহতি৷ যিসকলে উৎপাদনৰ তলত থাকে, সিহঁতে ৰাতি দোহাৰে নিজক বুজাবলৈ চেষ্টা কৰে৷ ভোগেশ্বৰ
চাচাই গায়, “জল কে মঁজনি জো গাত হোই, মীনা নিত হী স্বায়ে” (২১)৷ ৰামকিশোৰ শৰ্মাই
ব্যংগ কৰে যে বাৰে বাৰে গা ধুই থাকিলেই যদি মুক্তি পোৱা যায় তেন্তে পানীৰ মাছেই আগে
বৈকুণ্ঠ পাব লাগিছিল (২২)৷ এই দুয়োটা কণ্ঠই অৱশিষ্ট সংস্কৃতি৷ সিহঁতে দাংগাক “আজিকালি
ক’ত নালাগে” বুলি এৰি দিব খোজে৷ “মন কী ব্যাখ্যা মন হী ব্যাখ্য গই” (২৩)—এই কথকতাৰ
মাজত এটা পুৰণি সমতাৰ চেতনা আছে৷ গল্পৰ দ্বন্দ্ব এয়ে যে নতুন হিচাপে সেই চেতনাক অচল
কৰিব খোজে৷ মাছৰ বজাৰে সমতা ভাঙে৷ মালিকৰ ঘৰটোৱে সমতাৰ সলনি এখন নক্সা আঁকে—কোন ক’ত
থাকিব, কাৰ ঠাই কিমান, সেই অদৃশ্য সীমাৰেখাবোৰৰ নক্সা৷ গলিয়ে সেই নক্সাক কেৱল অপছন্দ
নকৰে; তাৰ ভিতৰত নিজৰ বঞ্চনাৰ ইতিহাস পঢ়ে, আৰু সেয়াই ক্ৰমে হিংসাৰ ৰূপ ধাৰণ কৰে৷
শেষত আকৌ জুই জ্বলে৷ কিন্তু এই জুই আগৰ কীৰ্তনৰ জুই নহয়৷ এয়া প্ৰতীক নহয়, উৎসৱৰ
উম নহয়; এয়া আহি পৰা ভাবুকিৰ জুই৷
স্থান সলনি হয়;
যুক্তি একেই থাকে৷ তলৰ মানুহৰ সংস্কৃতি ওপৰৰ সঞ্চয়ৰ বাবে কেৱল এক পৰম্পৰা নহয়, এক
সম্ভাব্য বাধা৷ সেইবাবেই “হাৱা ভাল চলা নাই” বাক্যটো প্ৰতিবাৰ উভতি আহোঁতে একেদৰে নাথাকে;
পৰিস্থিতি সলনিৰ লগে লগে তাৰ অৰ্থও সলনি হয়৷ এই পুনৰাবৃত্তি কোনো ভাষিক অলংকাৰ নহয়৷
ই সমাজৰ ভিতৰত চলি থকা ক্ষমতা, বঞ্চনা আৰু স্বাৰ্থৰ একেটা যুক্তি বাৰে বাৰে ফুটাই তোলে৷
ৰামৰতন এই দ্বন্দ্বৰ
চেতনা৷ তেওঁ নায়ক নহয়৷ তেওঁ সেই মানুহ, যিয়ে ইতিহাসৰ ডাঙৰ ডাঙৰ প্ৰশ্নক নিজৰ জীৱনৰ
সৰু হিচাপেৰে উত্তৰ দিবলগীয়া হয়৷ “হিন্দুনে? সব হিন্দুনে?” (২১)৷ প্ৰশ্নটো ধৰ্মৰ
নহয়, ৰক্ষাৰ৷ বন্দুকৰ আগত হিন্দু-মুছলমান কি, এই কথা গল্পকাৰে নিজেই কৈ দিয়ে৷ তথাপি
প্ৰশ্নটো তেওঁৰ মুখৰ পৰা ওলায়, কাৰণ পৰিচয় ইয়াত বিশ্বাস নহয়, ঢাল৷ নন্দবিহাৰী সিঙৰ
পৰিয়ালক ৰেলত তুলিবলৈ গৈ তেওঁ দেখে, “এটা-দুটা পৰিয়াল নহয়, ডবাবোৰত ঠাহ খোৱা মানুহ৷
... যিবোৰ পলাইছে ডবাৰ ভিতৰত সোমায়ো সিহঁতৰ মৃত্যু-ভয় আঁতৰা নাই” (২২)৷ তেওঁ খবৰ
ৰাজহুৱা নকৰে৷ সংযমক সততা বুলিলে আত্মপ্ৰৱঞ্চনা হ’ব৷ এয়া সেই জ্ঞান যে খবৰে সত্য নকয়,
খবৰে ভয়ক পৰিচালনা কৰে৷ তেওঁৰ গুণগুণোৱা বৰিয়া—গিৰী দূৰ দেশলৈ গৈছে, চিঠি নাই, সেই
দেশত যুদ্ধ আৰম্ভ হৈছে (২৭)—সেই গীত তেওঁৰ আত্মকথা৷ তেওঁ নিজেই সেই দূৰ দেশৰ মানুহ,
যাৰ ঘৰলৈ খবৰ নাযায়৷
বজাৰত চেতনাৰ দাম
ওলায়৷ দহ কেজি মাছ, মালিকৰ হিচাপৰ পাছত ত্ৰিশ টকা (২৪)৷ গ্ৰাহকে কয়, “আশী টকা? চালানি
আশী টকা? চালা বিহাৰীৰ জাত!” ৰামৰতনে মুখলৈ চাই মৌন হৈ বয়৷ আচৰফিয়ে চিঞৰে, “মাছ খাব
আহিছে? ... জাতিত ধৰি গালি পাৰিছে৷” ৰামৰতনে মাত্ৰ কয়, “আবে, বাদ দে ব্যাব” (২৪)৷
এই মৌনতা দুর্বলতা নহয়, ভাষাৰ অভাৱ৷ প্ৰতিবাদ কৰিবলৈ মুখ মেলিলে তেওঁ শ্ৰমিক হৈ নাথাকে,
জাতি হৈ যায়৷ জাতিৰ ভাষাই ইয়াত শ্ৰেণীৰ কথা ক’বলৈ নিদিয়ে৷ হিমতে মাছক জীয়াই দেখুৱাবলৈ
ফিছা টানে আৰু কয়, “বাকচা-মোটকি লৈ দেশত পলাব লাগে৷ আবে যাবি কানি হয়; কিন্তু যায়
কৰি খাবি কি?” (২৪)৷ ৰামৰতনে কয়—মালিকে অলপ সোনকালে গৈ লগ দিব৷ আচৰফিৰ চকুত তেতিয়াই
সন্দেহৰ ছাঁ৷ তিনিওজনৰ ভয় একে নহয়; ভয়ৰ ভাষাও একে নহয়৷ কোনোবাই পলাব খোজে, কোনোবাই
গালিৰে নিজৰ অপমানৰ প্ৰতিশোধ ল’ব খোজে, আৰু ৰামৰতনে কেৱল টিকি থাকিব খোজে৷ কিন্তু তেওঁলোকৰ
সামাজিক অৱস্থান একেই৷ হাতত মাটি নাই, নিজৰ বুলি ক’ব পৰা কোনো আশ্ৰয় নাই৷ সেই টিকি
থকাৰ তাড়নাই পাছলৈ ৰামৰতনক মালিকৰ মুখপাত্ৰ কৰি তোলে৷ ইয়াতেই গল্পটোৰ নিষ্ঠুৰতম সত্যটো
উন্মোচিত হয়— শোষিতৰ আত্মৰক্ষাৰ প্ৰবৃত্তিয়েই কেতিয়াবা শোষকৰ ভাষা বহন কৰিবলৈ বাধ্য
হয়৷
বন্ধু বীৰ প্ৰসাদৰ
কথাবোৰ ব্যৱসায়ৰ হিচাপ যেন বোধ হয়৷ কিন্তু তাৰ অন্তৰালত আচলতে ৰাজনীতি৷ ছয়-সাত বছৰৰ
আগলৈকে মাছৰ বজাৰত মাখি খেদা মানুহজনৰ এতিয়া মাটি আছে, চালিঘৰ ভাড়াত দিছে, আৰু মানুহে
কয়—“বন্ধুবীৰ কলনি৷” উত্থানে তেওঁৰ স্মৃতিক দয়া কৰা নাই; তাক অধিকাৰৰ ভাষা দিছে৷
“ৰামালা কম, প্ৰফিট বেছি” (২৫)—এই লাভৰ অংকতেই মানুহ আঁতৰোৱাৰ পৰিকল্পনা লুকাই আছে৷
গুদামৰ বাবে ঘৰ ভাঙিব লাগিব, আৰু তাৰ কাষতে হ’ব ৰাম মন্দিৰ—“মন্দিৰ থাকিলে কি মুছলমান
ভিতৰত যাব পাৰিব?” (২৬)৷ ধৰ্ম ইয়াত বিশ্বাস নহয়, মাটি খালী কৰাৰ ন্যায্যতা৷ ৰামৰতনৰ
“হয় মালিক” সন্মতি নহয়, বোধৰ পৰাজয়৷ শেষত মালিকৰ ফুচফুচনি—“হাৱা ভাল নাই আছে” (২৭)—তেওঁক
বনুৱাৰ পৰা বাৰ্তাবাহকলৈ সলনি কৰে৷ শোষকৰ পৰিকল্পনা যেতিয়া শোষিতৰ মুখেৰে ওলাই আহে,
তেতিয়াই ক্ষমতাৰ আচল কৌশলটো ধৰা পৰে৷
অংগিনাৰ পুৰণি কণ্ঠই
এই পৰাজয় ৰোধ কৰিব নোৱাৰে৷ দৌলত খাঁই যেতিয়া কয়—“বন্ধুবীৰ কলনি মানেতো শৰ্মা, যা—সৰ
ব্ৰাহ্মণ আৰু উচ্চ জাতি” (২৯), তেতিয়া চাচাই কবীৰৰ দোহাৰে সমতাৰ পুৰণি সত্যটো সোঁৱৰাই
দিয়ে৷ কিন্তু সত্যৰ নৈতিক শক্তি থাকিলেও সামাজিক শক্তি নাই৷ কীৰ্তন এতিয়া প্ৰতিবাদৰ
ভাষা নহয়, অৱশিষ্ট স্মৃতি৷ চাচাৰ “হে ৰাম, হে ৰাম” কৰি জুইৰ পৰা আঁতৰি যোৱাত ভক্তি
প্ৰতিবাদৰ সলনি পলায়নৰ আশ্ৰয় হৈ পৰে (৩১)৷
ইফালে নাহৰে কথাটো
নিৰ্মমভাৱে স্পষ্ট কৰে—ৰাম মন্দিৰ নহয়, গুদাম হ’ব৷ তাৰ হাতৰ টকাই দেখুৱাই দিয়ে, জুইৰ
আঁৰত ধৰ্মতকৈ বেছি শক্তিশালী হৈ আছে ধনৰ স্বাৰ্থ৷ সেয়ে স্থানীয় ক্ষোভক কেৱল জাতীয়
বা সাম্প্ৰদায়িক বুলি পঢ়িলে গল্পটোৰ গভীৰ ৰাজনীতি ঢাক খাই যায়৷ গলিত ৰফিক-নাহৰে
নাম আৰু জাতি সোধে; ৰামৰতনে কয়, “মই হিন্দু বাবু৷” কিন্তু উত্তৰ আহে—“হিন্দু-মুছলমান
কি? নাম সুধিছোঁ” (২৮)৷ মালিকৰ ঘৰত যি পৰিচয়ে গুদামৰ দুৱাৰ খোলে, গলিত সেই পৰিচয়েই
মানুহক চিনাক্ত কৰাৰ অস্ত্ৰ হয়৷ পৰিচয় তেতিয়া বিশ্বাস নহয়, হিংসাৰ প্ৰশ্ন৷ ৰামৰতনৰ
হাতত থাকে মাথোঁ পলায়ন—“হাৱা ভাল চলা নাই৷”
জুইৰ কাষত ৰামৰতনক
“হনুমান” বুলি হঁহা হয়৷ বন্ধুবীৰ যদি শ্ৰীৰাম, তেন্তে ৰামৰতন ভক্ত হনুমান—এই পুৰণি
ধৰ্মীয় ৰূপকটোক গল্পৰ কথকতাই শ্ৰেণী-সম্পৰ্কৰ ব্যংগলৈ পৰিণত কৰিছে (৩০)৷ হাঁহিটো সেয়ে
কেৱল ঠাট্টা নহয়; প্ৰভুৰ ইচ্ছা ভক্তৰ মুখেৰে উচ্চাৰিত হোৱাৰ সামাজিক ব্যৱস্থা৷
ৰামৰতনৰ মালিকে চালানি
মাছৰ ব্যৱসায় এৰিব বুলি কোৱাৰ পাছতে দৌলতে গোপন কথাটো প্ৰকাশ কৰে—লোকেল মাছৰ ব্যৱসায়ৰ
পৰা মুছলমানক আঁতৰাই হিন্দুক ঠাই দিয়াৰ পৰিকল্পনা, কাৰণ মালিকৰ “হিন্দু ব্যৱসায়ত
বেছি বিশ্বাস” (৩০)৷ ইয়াত বিশ্বাস দৰাচলতে কোনো নৈতিক গুণ নহয়; সি পুঁজিৰ নিৰাপত্তাৰ
হিচাপ৷ তাৰ মাজতে “চালা বিহাৰী, চটু খোৱা জাত” (৩১)—গালিটোৱে শ্ৰেণী আৰু জাতিৰ জটিল
সমীকৰণটো অনিচ্ছাকৃতভাৱে উদঙাই দিয়ে৷ ৰামৰতনৰ সামান্য আগুৱাই অহা প্ৰতিবাদ নহয়; নিজৰ
অৱস্থাটোৰ ওচৰলৈ অহা এক নিঃশব্দ স্বীকৃতি৷ গল্পটোৱে এই বিৰোধিতা মচি নেপেলায়৷ যিজনক
অপমান কৰা হয়, শেষত সেইজনেই অপমানকাৰীৰ পৰিকল্পনা কঢ়িয়াই নিয়ে৷
অসমীয়া গল্প সাহিত্যত
প্ৰব্ৰজন আৰু সাম্প্ৰদায়িকতা নতুন বিষয় নহয়৷ খাটনিয়াৰৰ কৌশল এইখিনিতে যে তেওঁ বিষয়টোক
ওপৰৰ বিমূৰ্ত ভাষাত বন্দী নকৰে৷ ওপৰৰ ভাষাত আছে অস্তিত্ব, খিলঞ্জীয়া, বাহিৰৰ শত্ৰু;
তলৰ ভাষাত আছে ত্ৰিশ টকা, বস্তা, “যেব হাউছ”৷ এই ভাষান্তৰেই গল্পখনৰ ৰাজনৈতিক সত্যটো
উন্মোচন কৰে৷ “অন্য” সেয়ে কেৱল অসমীয়া নোহোৱা মানুহ নহয়; “অন্য” হৈছে সেইজন যাক
স্বাৰ্থৰ প্ৰয়োজনত নিজৰ পৰা পৃথক কৰি চাব পাৰি৷ পৰিচয় ইয়াত লক্ষ্য নহয়, স্বাৰ্থ
সিদ্ধিৰ আহিলা৷ মাটিৰ অধিকাৰৰ বাহিৰত থিয় কৰাই দিয়াটোৱেই মূল কথা৷ সেইবাবেই হিন্দু
বিহাৰী আৰু মুছলমান বিহাৰী উভয়ৰে সামাজিক অৱস্থানৰ মূল দুৰ্বলতা একে৷ ওপৰত পৰিচয়ৰ
বিভাজন যিমানেই তীব্ৰ হওক, তলত সিহঁতৰ বঞ্চনাৰ মাটিকণ একেই৷ হিন্দু বিহাৰী আৰু মুছলমান
বিহাৰী একে দুৰ্বলতাৰ অংশীদাৰ৷ স্থানীয় কচাই আৰু বিহাৰী কচাই একে ক্ষমতাৰ খেলুৱৈ হ’ব
পাৰে৷ মালিকে ধৰ্মক তালিকা বনায়৷ এই দৃষ্টিয়ে জাতীয়তাবাদী পাঠৰ আৰাম নষ্ট কৰে, মানৱতাবাদী
পাঠৰ আৰামো নষ্ট কৰে৷ প্ৰথম পাঠে বাহিৰৰ হিংসাক সকলোৰে কাৰণ বুলি লয়৷ দ্বিতীয় পাঠে
অংগিনাৰ দোহাক সমাধান বুলি লয়৷ দুয়োটাই উৎপাদন সম্পৰ্ক নেদেখে৷ খাটনিয়াৰে সেই সম্পৰ্ক
দেখুৱায় বুলিয়েই গল্পটো অসমীয়া চুটিগল্পৰ সেই ধাৰাটোত পৰে, যি ধাৰাই আদৰ্শৰ সলনি
তলৰ জীৱনৰ হিচাপ চাব খোজে৷ ভাষাৰ মিশ্ৰণ সেয়ে আলংকাৰিক নহয়৷ অসমীয়া বৰ্ণনাৰ মাজত
হিন্দী, ভোজপুৰী, দোহা—“বকীবিলকা পিঠীয়া”, “বাদ দে ব্যাব”, “যেব হাউছ”—এয়া সেই চেতনাৰ
অৱশিষ্ট কণ্ঠ যাক নতুন সঞ্চয়ে মৌন কৰিব খোজে৷ কণ্ঠ মিহলি হোৱাটো ইয়াত সহিষ্ণুতাৰ
প্ৰমাণ নহয়; ই এক বাস্তৱ য’ত মানুহে একাধিক ভাষাত নিজৰ পৰাজয় স্বীকাৰ কৰিবলগীয়া
হয়৷
সমাপ্তি অসম্পূৰ্ণ৷
জুই নজ্বলে বুলি আশা কৰাটো গল্পৰ ওপৰত অন্যায়৷ উচ্ছেদৰ বাবে জুই অনিবাৰ্য নহয়৷ পৰিকল্পনা,
ফুচফুচনি আৰু নাম সুধিলেই হয়৷ কবীৰ গাই থাকিলে গুদাম নহ’ব—এই সান্ত্বনা গল্পই নিদিয়ে৷
দিয়ে কেৱল এই নিৰ্মম কথা: পেটৰ প্ৰশ্নক মন্দিৰৰ প্ৰশ্নৰে ঢাকিলে চেতনা বিক্ৰী হয়,
আৰু বিক্ৰী হোৱা চেতনাই নিজকে ভক্তি বুলি ভাবিবলৈ বাধ্য হয়৷ ৰামৰতন সেই বাধ্যতাৰ প্ৰতিমূৰ্তি৷
তেওঁ জ্বলোৱা নাই, নুমুওৱাও নাই৷ তেওঁ কেৱল সেই কথা কঢ়িয়াইছে, যি কথা কঢ়িয়াই নিজকে
হনুমান বুলি হাঁহিবলৈ দিছে৷ হাঁহিৰ পাছতো নক্সাখন থাকি যায়৷ নক্সা থাকিলে হাৱা ভালকৈ
নচলে৷
এইজনা বৰেণ্য সাহিত্যিকৰ
সাহিত্য-কৰ্মক সোঁৱৰণ কৰোঁতে মনত ভাৱৰ উদ্ৰেক হয় তেওঁ যেন পাবলগীয়া গুৰুত্বখিনি নাপালে৷
এনেকৈয়ো ক’ব পাৰোঁ, উপযুক্ত স্বীকৃতিৰ পৰা এইজনা কৃতবিদ্যক যেন বঞ্চিত কৰা হ’ল৷ অসমৰ
সৰ্বকালৰ দুগৰাকী সাৰ্থক কথাশিল্পী সৌৰভ কুমাৰ চলিহা আৰু অপূৰ্ব শৰ্মাৰ পাছতে যাৰ গল্পই
মোৰ চিন্তন-মননত ৰেখাপাত কৰিব পাৰিছে, তেৱেঁই হ’ল বিপুল খাটনিয়াৰ৷ মই ভাৱোঁ বিপুল খাটনিয়াৰ
অসমৰ সাহিত্য জগতৰ অন্যতম সফল গল্পকাৰ৷ এইখিনিতে এটা কথা নকৈয়ো নোৱাৰি, সাহিত্যৰ এইজনা
একনিষ্ঠ সাধকে সাহিত্য অকাদেমি বঁটা লাভ নকৰাটো অসমৰ জাতীয় জীৱনৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক!
বহুতেই গল্প লিখে, কিন্তু মূল কথাটো হ’ল খাটনিয়াৰৰ দৰে সামাজিক বাৰ্তা বহন কৰা লেখকৰ
সংখ্যা কিমান? এই প্ৰশ্নটো মই গুণগ্ৰাহী পাঠকলৈ এৰিলোঁ৷
বিপুল খাটনিয়াৰ আছিল
এগৰাকী প্ৰগতিশীল চেতনাৰে পৰিপুষ্ট কথাশিল্পী যাৰ কলমৰ তীক্ষ্ণ শাণিতে ক্ষমতাৰ কাঠামোক
প্ৰশ্ন কৰিছিল৷ চলমান সময়ৰ বৈপৰীত্যত তেওঁৰ এই অৱস্থান৷ হয়তো সেই প্ৰগতিশীল দৃষ্টিভংগীখিনিক
মূলসুঁতিৰ অসমীয়াই সঠিককৈ অৱলোকন কৰিব নোৱাৰিলে৷ মোৰ এই ধাৰণা হয়তো সকলোৰে বাবে বিশ্বাসযোগ্য
নহ’বও পাৰে! তথাপি মই আত্মপ্ৰত্যয়ী—সাহিত্যত আত্মিক সততা যি লেখকে বজাই ৰাখে, তেওঁ
কেতিয়াবা প্ৰচাৰৰ চিত্তাকর্ষক ৰংচঙীয়া আলোকৰ পৰা দূৰৈত অৱস্থান কৰা দেখা যায়৷ খাটনিয়াৰক
উপেক্ষা কৰিব বিচৰা কেতবোৰ সাহিত্যিক-পৰিসৰে তেওঁৰ সৃষ্টিক কেতিয়াও নস্যাৎ কৰিব নোৱাৰে৷
বিপৰীতে, সময়েই তেওঁৰ সাহিত্যক নৱজীৱন দিব৷ সম্প্ৰতি, যেতিয়া বহু নিম্ন ৰুচিৰ লেখাকেই
শিল্প-সৃষ্টি হিচাপে গৰিমাৰে উপচাই দিয়া হয়, তেতিয়া মনত ভাৱৰ উদগীৰণ হয়- বিপুল খাটনিয়াৰৰ
দৰে নিৰৱ লেখকৰ দীপ্ত সৃষ্টিৰ মান-মূল্যায়ণ কৰিব লগা সময় যেন সমাগত৷ সেয়ে কৈছোঁ- খাটনিয়াৰৰ
প্ৰতিধ্বনি শুনিবলৈ লাগে অলপ গভীৰতা, অলপ ধৈৰ্য৷ কিন্তু যিসকলে সেই গভীৰতাৰ সন্ধানত
যাত্ৰা অব্যাহত ৰাখে, তেওঁলোকৰ বাবে খাটনিয়াৰ সদায়েই অম্লান৷
ফোন: ৬০০০০৬২১৩৯

