সংকল্পজিৎ শইকীয়া
| অৰণ্যৰ ৰজা | সিংহৰ কথাত |
| হাবিত পাতিছে পূজা, | |
| হাতী, বাঘ আদি | সকলো জন্তুৰ |
| মনত লাগিল মজা। | |
| বাঘৰ পুতেক | বাঘেশ্বৰ বৰাই |
| কিনিলে বল-বেট, | |
| সমনীয়াৰ লগত | বাঘৰ পুতেকে |
| খেলিব হেনো ক্ৰিকেট। | |
| হাতীৰাম গগৈৰ | দুয়োটা পুতেক |
| অতিকে শান্ত-শিষ্ট, | |
| বেলুন, পুতলা | একো কিনা নাই |
| কেৱল খোৱাত ব্যস্ত। | |
| কিয়া ছেল্টছ্ | গাড়ীত উঠি |
| ভালুকে চালে পূজা, | |
| নতুন গাড়ীত | উঠি ভালুকীৰ |
| মনত লাগিল মজা। | |
| ফপৰা শিয়াল | আৰু শিয়ালীয়ে |
| মিঠাইৰ বেপাৰ কৰে, | |
| খঁকুৱা পুতেকে | তাৰে আধাখিনি |
| অকলেই শেষ কৰে। | |
| মলুৱা বান্দৰে | বান্দৰীৰ লগত |
| পূজাত কৰিলে ইনজয়, | |
| পুতেক দুটাৰ | কাৰণে সিহঁতে |
| পুতলা কিনি লয়। | |
| হৰিণী ওলাল | সাজি-কাচি |
| পূজা চাবলৈ বুলি, | |
| ওঁঠত লিপ্ষ্টিক | চকুত কাজল |
| ষ্টাইল কৰিলে চুলি। | |
| অৰণ্যত পূজা | পাতে উলাহেৰে |
| সকলোটি মিলি-জুলি, | |
| আটায়ে প্ৰাৰ্থনা | কৰিছে দেৱীক |
| সকলোৰে ভাল হওক বুলি। | |
