অন্যযুগ/


ছাঁ-পোহৰৰ বাট

উদয় কুমাৰ বৰুৱা

জাৰণিৰ সিপাৰে মাৰ যোৱা বেলিটো
সদায় চাওঁ— হেঁপাহ নপলায়

তুমি মনে মনে অঁকা ছবিখনত
আটাইবোৰ ৰং আহি ভিৰ কৰেহি

আন্ধাৰৰ মুখামুখি হওঁতে 
তোমাৰ শুনো নুশুনো মাতটো 
ছাঁ-পোহৰৰ বাট এটা হয়

কোনে জানো দি গ’ল খবৰ,
সেই বাটেৰেই হেনো গোপন যাতায়াত 
কাণকটা ভেন গঁঘৰো

অথচ মই কোঠাৰ বন্দী আকাশৰ অৰ্গল খুলি 
নেদেখিলোঁ এশাৰীও কাজল মেঘৰ বিচৰণ
নুবুজিলোঁ কি শোকত আজিও ম্ৰিয়মান
সোণালী ঘেঁহুৰ পথাৰখন
.......

শেষ প্ৰহৰ ৰাত্ৰি মুখত পোহৰৰ বীজ লৈ

উৰি আহে এহাল বুলবুলি চৰাই।

ঠিকনা:
অম্বিকাগিৰী নগৰ 
ৰাধাগোবিন্দ বৰুৱা পথ
গুৱাহাটী  ২৪ 
ভ্ৰাম্যভাষ: ৯৪৩৫৫-৬৩৫৭৫
শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ