অন্যযুগ/


দুঘৰৰ দোঘোৰা

মুনীন্দ্ৰ মহন্ত

দুঘৰৰ টিনপাতৰ চালি
বৈ আহে বৰষুণৰ পানী

দুঘৰৰ দোঘোৰাত 
দুখন চালৰ পানী
একেলগ হয়
এসোঁতা হৈ বয়

দুঘৰৰ ঘৰৰ ভিতৰত
হুতাহ
বাহিৰত বতাহ

দুখন তোৰণ দুঘৰৰ
তোৰণ তলেৰে ওলাই বাটলৈ
একেটাই ৰাজআলি

দুয়োঘৰৰ ভোকৰ পাত 
দুয়োঘৰৰ মাতৰ নাট
বিবিধ

বৰষুণে ধুৱায়
দুঘৰৰ টিনপাত

দুঘৰৰ দোঘোৰাত
পানী পৰে দুখন চালৰ
একেলগ হয়
এসোঁতা হৈ বয়
শ্ৰব্য ৰূপ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ