অন্যযুগ/


অনুবাদতত্ত্ব

 ড° তপোধীৰ ভট্টাচাৰ্য

অসমীয়া অনুবাদ: কুমুদ ঘোষ




 

(সমকালীন বাঙালী প্ৰাবন্ধিকসকলৰ ভিতৰত অন্যতম অধ্যাপক তপোধীৰ ভট্টাচাৰ্য৷  দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য বিভাগৰ ৰবীন্দ্ৰ অধ্যাপক হিচাপে এসময়ত সেৱা আগবঢোৱা অধ্যাপক ভট্টাচাৰ্যই পৰৱৰ্তী সময়ত অসম বিশ্ববিদ্যালয়, শিলচৰৰ উপাচাৰ্য হিচাপে অৱসৰ গ্ৰহণ কৰে৷ দেশ-বিদেশত কবি আৰু বাগ্মী বক্তা হিচাপে এইজন লেখক পৰিচিত৷ লেখকৰ সানন্দ অনুমতি সাপেক্ষে এই অনুবাদ আয়োজন৷)

                                                             

       

৷৷ দুই ৷৷

 

        মৰিছ ব্লাছোঁৰ এটি সংক্ষিপ্ত কিন্তু ব্যঞ্জনাপূৰ্ণ মন্তব্য হল এনে ধৰণৰ : ‘The translator is a writer whose singular originality lies in the fact that he seems to make no claim to any!’ লক্ষ্যণীয়ভাৱে ব্লাছোঁৱে অনুবাদকক কেৱল অনুগামী বা অনুকৰণকাৰী বোলা নাই৷ লেখকৰ অভিধা ব্যৱহাৰ কৰি তেওঁ কৈছে যে অনুবাদকে নিঃশব্দে, কোনো ঘোষণা নকৰাকৈ, বিপুল আত্মপ্ৰত্যয়ৰে নিজৰ মৌলিকতা প্ৰতিষ্ঠা কৰে৷ অৱশ্যে সাম্প্ৰতিক পণ্যায়নৰ পৰ্যায়ত কোনো অনুবাদকে যেতিয়া নান্দনিক প্ৰেৰণাক গৌণ কৰি ব্যৱহাৰিক প্ৰয়োজনক অগ্ৰাধিকাৰ দিয়ে, সেই সময়ত অনুবাদ কৰ্ম উৎপাদনৰ যুক্তিশৃঙ্খলাৰ  অধীন হৈ পৰে৷ স্বাভাৱিকতে এনে ধৰণৰ কামত কোনো গভীৰ বোধ বা তত্ত্বভাবনা আশা কৰি লাভ নাই৷ তথাপি ইতিহাসৰ ধাৰাক অক্ষুণ্ণ ৰখাৰ দায়িত্ব এই ধৰণৰ অনুবাদকসকলে পালন কৰে৷ তেওঁলোকৰ সেই প্ৰেৰণাশূন্য কামে অনুবাদতত্ত্বৰ বিকাশশীল ধাৰাত ভিন্নতাৰ গ্ৰহণীয় দাপোণক দাঙি ধৰে৷ অৰ্থাৎ তেওঁলোকৰ দাপোণত আমি প্ৰতিফলিত হোৱা দেখোঁ অনুবাদ-ক্ৰিয়াৰ গূঢ় ৰহস্য; আৰু বুজি পাওঁ, কাক বুলিব পাৰি সাৰ্থক আৰু কাক ব্যৰ্থ৷ এই কথা কিন্তু কোৱা হোৱা নাই যে অনুবাদকসকলে নিজৰ কামৰ তাৎপৰ্য নিজেই ব্যাখ্যা কৰিব বা সাৰ্থকতা নিৰ্ণয় কৰিব কৰিব৷ তেওঁলোকৰ কামৰ মাজৰ পৰাই ভাষ্যৰ সম্ভাৱনা সৃষ্টি হয়৷ সেয়ে কব পাৰি, অনুবাদকে যেতিয়া সাৰ্থকতা অৰ্জন কৰে, তেওঁৰ মাজত কাৰ্যকুশলতা (technical expertise) আৰু দাৰ্শনিকতাৰ বিৰল সমন্বয় ঘটে৷ সাম্প্ৰতিক সময়ত চিন্তা যেতিয়া ক্ৰমশঃ গ্ৰন্থিপূৰ্ণ হৈ উঠিছে, অনুবাদ প্ৰক্ৰিয়াৰ মাজতো ঘটিছে স্বৰৰ পৰা স্বৰান্তৰ৷ বিখ্যাত অনুবাদতাত্ত্বিক লৰেন্স ভেনুটিয়ে কৈছে, ‘The contemporary translator is a paradoxical hybrid, at once dilettante and artisan.’ (১৯৯২ : )৷ অনুবাদ যিহেতু এক ক্ৰিয়াত্মক শব্দ, প্ৰয়োগৰ যোগেদি গঢি. উঠে তাৰ উপযোগী তাত্ত্বিক সন্দৰ্ভ (discourse) অৰ্থাৎ, ওলোটাকৈ কলে, অনুবাদতত্ত্ব প্ৰত্যেক অনুবাদকৰ প্ৰয়োগনৈপুণ্যৰ ওপৰত নিৰ্ভৰশীল৷ সামাজিক আৰু সাংস্কৃতিক পৰিসৰ যি পৰিমাণে সলনি হয়, ঠিক সেই অনুপাতে উৎসপাঠৰ পৰা লক্ষ্যপাঠত ৰূপান্তৰৰ পথ আৰু পাথেয় ক্ৰমাগত সলনি হৈ গৈ থাকে৷ সাৰ্থক অনুবাদক মূলতঃ দক্ষ ভাষা-দাৰ্শনিক৷ বিভিন্ন ভাষাৰ স্থাপত্যত কিদৰে বহিৰঙ্গ আৰু অন্তৰঙ্গ পৰস্পৰৰ সৈতে কথোপকথনমূলক (dialogical) সম্পৰ্কত যুক্ত, এই বিষয়ত তেওঁ অত্যন্ত সচেতন৷ ভাষাৰ বাহিৰৰ পৰা ভাষাৰ ভিতৰলৈ তেওঁ বিচৰণ কৰে আৰু তেওঁৰ দ্ৰষ্টাচকুত বহু গোপন সম্ভাৱনাৰ কক্ষ আৰু অলিন্দ উন্মোচিত হয়৷

        তথাপি মূল পাঠ মৌলিক আৰু শাশ্বত বুলিয়েই বিবেচিত হয়; আনফালে অনুবাদ যুগৰ প্ৰয়োজনত আৰু যুগৰুচি অনুসাৰে কৰা হয় বাবে তাত কেৱল ক্ষণিক সময়ৰ দু্যতি বিচ্চুৰিত হয়৷ এই সম্পৰ্কত ভেনুটিৰ অবিস্মৰণীয় মন্তব্য হল - ‘The original is eternal, the translation dates. The original is an unchanging monument of the human imagination (genius), transcending the linguistic, cultural, and social changes, of which the translation is a determinate effect.’  (প্ৰাগুক্ত : ৩)৷ এই দৃষ্টিভঙ্গী অনুযায়ী উৎসপাঠৰ তুলনাত লক্ষ্যপাঠ বহু বেছি সীমাৱদ্ধ কিয়নো মূল পাঠৰ প্ৰণেতাই যি স্বাধীনতা আৰু স্বাচ্ছন্দ্যৰে লেখাৰ সমগ্ৰ পৰিসৰত তেওঁৰ অধিকাৰ প্ৰতিষ্ঠা কৰে, অনুবাদকে কেতিয়াও সেই  স্বাধীনতা আৰু স্বাচ্ছন্দ্য পাব নোৱাৰে৷ তাৰ উপৰি উৎসপাঠ যিদৰে মূল লেখকৰ আত্ম-অভিব্যক্তিৰ নিদৰ্শন, লক্ষ্যপাঠ মূলতঃ অনুকৃতি হোৱাত অনুবাদকৰ ব্যক্তিত্ব বা অভিপ্ৰায় প্ৰকাশ হবলৈ সুযোগ নাপায়৷ এই চিন্তাৰ পৰা কব পাৰি যে অনুবাদ আচলতে অনুকৰণৰ অনুকৰণ অথবা ছাঁৰ ছাঁ অৰ্থাৎ সম্পূৰ্ণৰূপে অন্যনিৰ্ভৰ ছদ্মপাঠ মাত্ৰ৷ এইফালৰ পৰা চাবলৈ গলে অনুবাদ হ‘an image without resemblance.’ (প্ৰাগুক্ত)৷

        এই দৃষ্টিভঙ্গীক যিসকলে সমৰ্থন নকৰে, তেওঁলোকে অনুবাদ প্ৰক্ৰিয়াৰ মাজত লক্ষ্য কৰে মূল পাঠৰ সম্প্ৰসাৰণ অৰ্থাৎ উৎসপাঠৰ গভীৰত নিহিত সম্ভাৱনাৰ ক্ৰমবিকাশ৷ ফলত অনুবাদকৰ আপাত-অস্বাচ্ছন্দ্য আৰু আপাত-স্বাধীনতাহীনতাই কোনো সংকট সৃষ্টি কৰিব নোৱাৰে৷ যিহেতু সূক্ষ্ম আৰু ব্যাপক সংবেদনশীলতাৰে অনুবাদকে মূল পাঠৰ গণ্ডী অতিক্ৰম কৰে, অৱশ্যে উৎসপাঠৰ মৌলিকতাক মানি লৈও অনুবাদে বিচাৰি পায় তাৰ নিজস্ব মৌলিকতা৷ অনুবাদৰ মৌলিকতা অৰ্জন হয় আত্ম-অৱলুপ্তিৰ মাজেদি৷ এই প্ৰসঙ্গত প্ৰাগুক্ত সমালোচকে কৈছিল - ‘The originality of translation rather lies in self-effacement, a vanishing act, and it is on this basis that translators prefer to bepraised.’ (প্ৰাগুক্ত : )৷

        কোনো অনূদিত পাঠ তেতিয়াই সাৰ্থক বুলি বিবেচিত হয় যেতিয়া কোনো পাঠকে তাক স্বচ্চন্দ আৰু স্বতঃস্ফূৰ্তভাৱে পঢ়িব পাৰে অৰ্থাৎ যি পঢ়িব আমাৰ কেতিয়াও ধাৰণা নহয় যে কোনো অনূদিত ৰচনা পঢ়িছোঁ৷ ধাৰণা হয় যে এই পাঠেই মৌলিক৷ তাৰ অৰ্থ, সমালোচকে যাক ‘Vanishing act’ বুলি কৈছে, এই পাঠত সেই প্ৰক্ৰিয়াৰ শ্ৰেষ্ঠ প্ৰকাশ ঘটিছে৷ এক ভাষাৰ পৰা অন্য ভাষালৈ ৰূপান্তৰ হোৱা সত্ত্বেও মূল ৰচনাৰ অভিঘাত লক্ষ্যপাঠত উপনীত হৈছেগৈ৷ ইয়াত অৱশ্যে এটা প্ৰশ্ন ৰৈ যায়৷ উৎসপাঠৰ স্ৰষ্টা, লেখকৰ উপস্থিতি বাৰু নাইকিয়া হৈছে নেকি? অথবা অনুবাদকে নিজকে সম্পূৰ্ণৰূপে আঁৰ কৰিছে নেকি? কোনটো আমাৰ বাবে ঈপ্সিত? যিহেতু শক্তি আৰু জ্ঞানৰ কৃৎকৌশল আৰু যুক্তিশৃঙ্খলাই  প্ৰত্যেকৰ অৱস্থানক নিয়ন্ত্ৰণ কৰে, ভিন্‌ ভিন্‌ সাংস্কৃতিক পৰিসৰত সম্পৃক্ত হোৱাৰ ফলত অনুবাদৰ মাজত কত ধৰণৰ কৌণিকতা (angularity) আৰু বিষমতা সৃষ্টি হব পাৰে? বিশেষকৈ আমি যিসকল উত্তৰ-উপনিৱেশ পৰিস্থিতিৰ সৈতে সংলগ্ন হৈ আছোঁ, প্ৰাগুক্ত শক্তি আৰু জ্ঞানৰ যুক্তিশৃঙ্খলা আৰু কৃৎকৌশলে (technical/formal expertise) আমাৰ অভিজ্ঞতাক নিয়ন্ত্ৰণ কৰিছে৷ সেয়ে অনুবাদ সম্পক¹য় আমাৰ উপলব্ধি ভিন্নগোত্ৰীয় হবলৈ বাধ্য৷ এই বিষয়ত কেইবছৰমান ধৰি বেছ কিছু বাগ্‌ধাৰা ৰচিত হৈছে৷ অনুবাদকে উৎসপাঠত হস্তক্ষেপ কৰিব নে নকৰে, যদি কৰে তেনেহলে সেয়া কিমানখিনি গ্ৰহণযোগ্য আৰু তাত ভাবাদৰ্শগত দ্বন্দ্ব কিদৰে প্ৰতিফলিত হয়- এইবোৰ খুঁটি-নাটি এতিয়া আলোচনাৰ বিষয়৷ অনুবাদকে যেতিয়া এক ভাষাৰ পাঠ আন ভাষাৰ পাঠলৈ পুনৰ্নিৰ্মা কৰে, তেওঁ আচলতে সংশ্লিষ্ট চিহ্নায়কবোৰক পুনবিৰ্ন্যস্ত কৰে৷ ভাষা-সাহিত্য-সংস্কৃতিত প্ৰতিফলিত জীৱন-ভাবনা কিদৰে উৎসপাঠৰ পৰা লক্ষ্যপাঠলৈ, সময় আৰু পৰিসৰগত ব্যৱধানৰ ফলত পৃথক হৈ পৰে - অনুবাদে সেইফালে তৰ্জনি সঙ্কেত কৰে৷ গতিকে, এই কথা কব পাৰি, অনুবাদ প্ৰক্ৰিয়াৰ প্ৰধান উপজীব্য হল স্বাতন্ত্ৰ্য বা পাৰ্থক্যৰ উপলব্ধি৷ সাংস্কৃতিক ভিন্নতাৰ বোধ অনুবাদকৰ আদিম প্ৰেৰণা৷ পাৰ্থক্য আৰু সমান্তৰাল কথোপকথন প্ৰক্ৰিয়াক তেওঁ যিমান গভীৰলৈ গৈ অনুধাৱন কৰিব, সিমানে বেছি সংৱেদনশীল হৈ উঠিব তেওঁৰ নিৰ্মিতি৷

(পৰৱৰ্তী সংখ্যাত)

অনুবাদকৰ ঠিকনা :

নকছাৰি - ৭৮৫৬৩৫,

যোৰহাট - অসম৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ