অন্যযুগ/


বাহিৰতে বহি চাৰিওফালে চাই আছিলোঁ

 মূল: ৱাল্ট হুইট্‌মেন (১৮১৯-১৮৯২)

অনুবাদ : প্ৰশান্ত  মিশ্ৰ

 

(কবি পৰিচয় : এগৰাকী প্ৰসিদ্ধ এমেৰিকান কবি, নিবন্ধকাৰ আৰু  সাংবাদিক। মানৱতাবাদী হিচাপে জনাজাত হুইটমেন এমেৰিকাৰ অন্যতম প্ৰভাৱশালী লেখক; মুক্তক ছন্দৰ পিতৃ। ‘Leaves of Grass’ (১৮৫৫) তেওঁৰ জনপ্ৰিয় আৰু বিৰ্তকিত কাব্যগ্ৰন্থ। এজ্‌ৰা পাউণ্ডৰ মতে, “তেওঁ  এমেৰিকাৰ  কবি। তেৱেঁই এমেৰিকা। এমেৰিকাক বুজিবলৈ হুইটমেনৰ অধ্যয়ন অতীৱ প্ৰয়োজনীয়। তেওঁক এমেৰিকাৰ জাতীয় কবিও আখ্যা দিয়া হৈছে। )

 

মই বহি আছিলোঁ আৰু পৃথিৱীৰ আটাইবোৰ

বেদনালৈ সাৱধানী দৃষ্টিৰে চাইছিলোঁ,

আৰু সকলো নিপীড়ণ আৰু গ্লানিলৈ;

মই ডেকা মানুহৰ অস্থিৰ কেঁকনি শুনিছিলোঁ,

নিজতেই  যন্ত্ৰণাপিষ্ট হৈ, নিজ কৰ্মৰ অনুশোচনাত;

দেখিছিলোঁ নিম্ন জীৱনত, নিজ সন্তানৰ দ্বাৰাই

লাঞ্চিত মাতৃ, মৰণকাতৰ, অৱহেলিত, অস্থি-চৰ্মসাৰ

মৰিয়া হোৱা;

মই দেখিছিলোঁ, স্বামীৰ হাতত লাঞ্চিত পত্নী

গাভৰু প্ৰলোভিত কৰা বিশ্বাসঘাটক;

দেখিছিলোঁ বাঢ়ি অহা ঈৰ্ষাৰ তিক্ততা             

আৰু লুক্কায়িত  প্ৰতিদানহীন প্ৰেমএই পৃথিৱীতেই;

মই দেখিছোঁ যুঁজৰ আখৰা, মাৰি-মৰক, অত্যাচাৰ

ছহিদ আৰু বন্দী;

সাগৰত হোৱা দুৰ্ভিক্ষও মই দেখিছোঁ,

দেখিছোঁ এটা জীৱন ৰক্ষা কৰিবলৈ দহোটা জীৱন

উছৰ্গা কৰি দিয়া নাবিক;

মই দেখিছিলোঁ উপেক্ষিত আৰু অধঃপতিত

শ্ৰমিক,

নিগ্ৰআৰু অনেক দৰিদ্ৰজন

কোনো অহংকাৰী মানুহৰ হাতত;

এই সকলোবোৰ নীচতা আৰু যন্ত্ৰণাৰ শেষ নাই

মই বহি চাই আছোঁ,

দেখিছোঁ, শুনিছোঁ  আৰু নীৰৱে আছোঁ ।

+++

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ