অন্যযুগ/


আটাইতকৈ শোকভৰা কবিতা

মূল: পাবলো নেৰুদা

ভাবানুবাদ: যশোৱন্ত নিপুণ

মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷

হয়তো, এনেকৈ লিখিম: “নিশাটি তৰাভৰা,

আৰু নীলা নীলা তৰাবোৰ দূৰত কম্পিত৷’’

নিশাৰ বতাহজাকে আকাশত পাকঘূৰণি খায় আৰু গায়৷

মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷

মই তাইক ভাল পাইছিলোঁ, আৰু কেতিয়াবা তায়ো মোক ভাল পাইছিল৷

এনে এটি নিশাৰ মাজত, মই তাক সাবটি লৈছিলোঁ৷

মই তাইক সীমাহীন আকাশৰ তলত কিমানবাৰ চুমা খাইছিলোঁ৷

তাই মোক ভাল পাইছিল, কেতিয়াবা মই তাইক ভাল পাইছিলোঁ৷

মই কেনেকৈ ভাল নোপোৱাকৈ থাকোঁ তাইৰ বিশাল, শান্ত চকুযুৰি?

মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷

এনেকৈ ভাবি যে তাই আৰু মোৰ নহয়৷ অনুভৱ কৰি যে মই তাইক হেৰুৱালোঁ৷

শব্দ শুনো গভীৰ নিশাৰ, তাইৰ অবিহনে যি আৰু বেছি গভীৰ৷

আৰু কবিতাৰ পংক্তি বুকুত সৰি পৰে যেনেদৰে নিয়ৰ সৰি পৰে দূবৰিত৷

এয়া কি ডাঙৰ কথা হ’ল যে মোৰ ভালপোৱাই তাইক ধৰি ৰাখিব নোৱাৰিলে৷

নিশাটি তৰাভৰা আৰু তাই মোৰ কাষত নাই৷ 

সেয়াই সকলো৷ দূৰত কোনোবাই গায়৷ বহু দূৰত৷

মোৰ আত্মা তাইৰ অবিহনে ক’ৰবাত হেৰাই গৈছে৷ 

তাইক কাষলৈ আনিবলৈকে বোধহয়, মোৰ দুচকুৱে তাইক বিচাৰি ফুৰে৷

মোৰ বুকুুৱে তাইক বিচাৰি ফুৰে আৰু তাই মোৰ লগত নাই৷

একেই নিশা যিয়ে ৰূপোৱালী কৰে সেই একেই অৰণ্য৷

আমি, আমি যি আছিলোঁ, আমি আৰু সেয়া একেই নহওঁ৷

মই তাইক আৰু ভাল নাপাওঁ, সঁচা, কিন্ত কিমান ভাল পাইছিলোঁ মই তাইক৷

মোৰ কণ্ঠই তাইক বতাহজাকত বিচাৰিছিল তাইৰ শ্ৰৱণক স্পৰ্শ কৰিবলৈ৷ 

আন কাৰোবাৰ৷ তাই আন কাৰোবাৰ হ’ব৷ ঠিক যেনেকৈ তাই 

কেতিয়াবা মোৰ চুমাবোৰৰ আছিল৷

তাইৰ কণ্ঠ, তাইৰ বতাহৰ দৰে শৰীৰ৷ তাইৰ সীমাহীন চকুযুৰি৷ 

 

মই আৰু তাইক ভাল নাপাওঁ, সঁচা, কিন্তু মই সম্ভৱতঃ তাইক ভাল পাইছিলোঁ৷

ভালপোৱা ইমান ক্ষণস্থায়ী আৰু সুদীৰ্ঘ এই পাহৰি যোৱা৷

 

কাৰণ এনে নিশাবোৰতেই মই তাইক সাবটি লৈছিলোঁ,

মোৰ আত্মা তাইৰ অবিহনে ক’ৰবাত হেৰাই গৈছে৷ 

 

যদিও এয়াই হ’ব পাৰে তাই মোক দিয়া শেষ যন্ত্ৰণা,

আৰু এইটোৱেই হ’ব পাৰে মই তাইৰ প্ৰতি লিখা শেষ কবিতা৷

<!—next-prev and print-->

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ