অন্যযুগ/


আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস আৰু ভাৰতীয় চাহ শিল্প

˚ বিচিত্ৰ কুমাৰ বৰঠাকুৰ

   ২১ মে’, ২০২০ চন, বিশ্বই প্ৰথমবাৰৰ কাৰণে উদ্‌যাপন কৰিলে আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস৷ যদিও ২০০৫ চনৰ ১৫ ডিচেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ ৰাজধানী নতুন দিল্লী মহানগৰত প্ৰথমে এই দিৱসটো পালন কৰিছিল, তথাপিও কালক্ৰমত ভাৰতবৰ্ষৰ পৰামৰ্শ অনুসাৰে আৰু International Food and Agriculture Organizations (FAO)ৰ অনুমোদন সাপেক্ষে  United Nations (UN)এ ২১ মে দিনটো আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস হিচাপে ঘোষণা কৰে৷ ২১ মে দিনটো নিৰ্দ্ধাৰণ কৰাৰ মূল কাৰণ হল পৃথিৱীৰ প্ৰায়সমূহ চাহ উৎপাদনকাৰী দেশতে এই মেমাহৰ সময়চোৱাতেই আৰম্ভ হয় অতিকৈ উচ্চ গুণসম্পন্ন  Second flash চাহ, যাৰ মূল্যও নিৰ্দ্ধাৰণ হয় গোটেই বছৰটোৰ ভিতৰতে সৰ্বাধিক৷

   যদিও আজিৰ পৰা ৫০০০ বছৰৰ আগতেই চীনদেশত পোনপ্ৰথমবাৰৰ বাবে চাহখেতি কৰা আৰু চাহপানীয় সেৱন কৰা প্ৰথা আৱিষ্কাৰ হৈছিল, তথাপিও য়ুৰোপ তথা পৃথিৱীৰ অন্যান্য অঞ্চলসমূহত চাহসেৱন আৰম্ভ হৈছিল মাথোঁ সোতৰশ শতিকাৰপৰাহে৷ এই সময়চোৱাৰ আগভাগলৈকে পৰ্তুগাল আৰু নেডাৰলেণ্ডৰ নাৱিকসকলেই য়ুৰোপ তথা ওচৰ-চুবুৰীয়া দেশসমূহত চাহৰ ব্যৱসায়ত আগভাগ লৈছিল৷ তেওঁলোকে চীন, জাপান আৰু ভাৰতবৰ্ষকে ধৰি এচিয়া মহাদেশৰ প্ৰায়সমূহ চাহ উৎপাদনকাৰী দেশৰপৰাই জাহাজেৰে চাহৰ সৰবৰাহ কৰিছিল৷ তাৰপাছত ক্ৰমাগতভাৱে ইংৰাজ ব্যৱসায়ীসকলে চাহৰ ব্যৱসায়ত খোপনি পুতিব ধৰে আৰু বৰ্তমানেও অপ্ৰতিদ্বণ্দী হিচাপে ব্যৱসায় কৰি আছে৷ এচিয়া মহাদেশৰ ভিতৰত ভাৰত, চীন আৰু শ্ৰীলংকাৰ চাহৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰেতা হিচাপে ৰাচিয়া, ইৰান, ইৰাক আৰু অফগানিস্তানৰ স্থান বহুত ওপৰত৷ মাজে মাজে উৎত্থান-পতন থাকে যদিও এই দেশসমূহ ভাৰতীয় চাহব্যৱসায়ৰ প্ৰাণকেন্দ্ৰ হিচাপে সদায়েই পৰিচিত৷ অৱশ্যে বৃটেইন, জাৰ্মান আৰু মাৰ্কিন যুক্তৰাজ্যলৈকো ভাৰতৰপৰা প্ৰতিবছৰে এক বুজন পৰিমাণৰ চাহ ৰপ্তানি হয়৷

   যদিওবা বিগত বহুবছৰ ধৰি উপৰোক্ত দেশসমূহলৈ ভাৰতীয় চাহ ৰপ্তানি হৈ আহিছে, কিন্তু যোৱা কিছুবছৰ ধৰি উক্ত দেশসমূহৰ চাহপাতৰ গুণগত মান চাইহে আমদানিৰ পৰিমাণ নিৰ্দ্ধাৰণ কৰিব নোৱৰা দেখা গৈছে৷ ইয়াৰ বাবে ঘাইকৈ জগৰীয়া ভাৰতীয় চাহত ব্যৱহাৰ কৰা বিষাক্ত কীটনাশক দ্ৰব্যসমূহ, যাৰ অৱশিষ্ট অংশ নিৰ্ধাৰণ কৰা হয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত৷ অতিকৈ অস্বস্তিৰ বিষয় এই যে ভাৰতত প্ৰতি হেক্টৰ চাহখেতিত বছৰেকত গড়ে ৬ৰ পৰা ১০ লিটাৰ/ কিলোগ্ৰাম পৰ্যন্ত কীটনাশক ব্যৱহাৰ কৰা হয়, যিবিলাকৰ অৱশিষ্ট অংশ আমি সেৱন কৰা চাহপানীয়ত থাকি যাব পাৰে, যিখিনি মানৱদেহৰ বাবে হানিকাৰক৷ অৱশ্যে বিজ্ঞানসন্মত পদ্ধতিত বিধিগতভাৱে ব্যৱহাৰ কৰিলে উক্ত কীটনাশকসমূহৰ পৰা হোৱা মানৱদেহ আৰু অন্যান্য জীৱকূলৰ অনিষ্ট ৰোধ কৰিব নোৱৰা নহয়৷ ইয়াৰ বাবে বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় গৱেষণা কেন্দ্ৰ তথা মান নিৰ্ধাৰক সংস্থাসমূহে ইতিমধ্যে যাৱেতীয় নিয়ম-নীতি প্ৰণয়ন কৰিছে৷ চাহপাত আমদানি আৰু ৰপ্তানি কৰা দেশসমূহে বৰ্তমান সময়ত উক্ত নীতি-নিয়ম মনাটো বাধ্যতামূলক৷

   চাহৰ গুণগত মান বুলিলে ঘাইকৈ বুজা যায় কলা চাহৰ বা পানীয়ৰ গোন্ধ আৰু ৰঙৰ কথাই৷ মূলতঃ এই গোন্ধ আৰু ৰঙৰ ওপৰত ভিত্তি কৰিয়েই চাহৰ বিভিন্ন গ্ৰেডিং(Grading)কৰা হয় যিয়েই মূলতঃ নীলাম বজাৰত চাহৰ দৰ নিৰ্দ্ধাৰণ কৰে৷ চাহ ফেক্টৰিসমূহত ভিন ভিন উৎপাদন পদ্ধতিৰে উৎপাদন কৰা হয় CTC, Orthodox, Green Tea, White Tea, Purple Tea, Oolong Tea আদি নানান বিধ চাহপাত আৰু এই সকলোবোৰ চাহপাতৰে দৰ নিৰ্ধাৰণ ঘাইকৈ নিৰ্ভৰ কৰে Tea Taster সমূহৰ জিভাৰ সোৱাদৰ ওপৰত৷ অৱশ্যে বৰ্তমান সময়ত প্ৰয়োজন সাপেক্ষে Biochemical backup লোৱাৰো ব্যৱস্থা নথকা নহয়৷

   বিশ্বৰ অধিকাংশ অভিজাত (Premium) চাহপানী সেৱনকাৰীয়ে অৱশ্যে সদায়েই Orthodox চাপাতেই ব্যৱহাৰ কৰি আহিছে আৰু সেয়েই ৰপ্তানিকৃত চাহৰ অধিকাংশই Orthodox চাহ৷ কিন্তু ভাৰতীয় উপমহাদেষত CTC চাহৰ চাহিদা বেছি, কাৰণ এিবিধ চাহপাত সিজাই গাখীৰ আৰু চেনী মিহলাই পান কৰাৰ মাদকতা অধিক বেছি৷ অৱশ্যে বিগত কিছুবছৰৰ পৰা চাহসেৱনকাৰীসকলে কেৱল চাহৰ ক’লা পানীয় (Black Liquor)ৰ প্ৰতি ঢাল খোৱা দেখা গৈছে৷ ইয়াৰ মূল কাৰণ চাহৰ ঔষধী গুণাগুণ গাখীৰ আৰু চেনিৰ সংমিশ্ৰণত বহু পৰিমাণে নষ্ট হয়৷

   ঔষধি গুণেৰে সমৃদ্ধ আন এক প্ৰকাৰ চাহ হৈছে ঘৰীন টেআ৷ এই প্ৰকাৰ চাহ প্ৰধানকৈ সেৱন কৰে ভাৰতবৰ্ষৰ পশ্চিমত অৱস্থিত ৰাজ্য কেইখনত৷ পাকিস্তান, আফগানিস্তান আদি দেশতো ইয়াৰ চাহিদা অধিক বেছি৷

   বৰ্তমান সময়ত বিশ্বত মহামাৰী হিচাপে দেখা দিয়া কভিদ-১৯ কৰোণা ভাইৰাচ প্ৰতিৰোধ ক্ষমতা থকা বুলি পৰিগণিত হৈছে ক’লা চাহপানীয় (Black Tea Liquor)৷ সমগ্ৰ স্বাস্থ্যখণ্ডত ক’ৰনা  ভাইৰাচ আতংকৰ মাজতে আন্তঃৰাষ্ট্ৰীয় চাহদিৱস উদ্‌যাপন, উৎপাদনকাৰীসকলৰ বাবে নিশ্চয়কৈ এক অন্যতম আশাব্যঞ্জক বতৰা৷

বাইল নং৯৪৩৫৩৫০৪১৪

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ