অন্যযুগ/


অজিৎ বৰুৱাৰ 'জেংৰাই-১৯৬৩' কবিতাৰ এটি সমীক্ষা

 

চন্দ্ৰ শইকীয়া

সাহিত্য অকাডেমিৰ বঁটা প্রাপ্ত অজিৎ কুমাৰ বৰুৱা(১৯২৬-২০১৫) একেধাৰে কবি, গীতিকাৰ, উপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। জেংৰাই-১৯৬৩নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন জেংৰাই কবিহিচাবেই প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই আহি প্ৰায় চাৰিশ বিয়াল্লিছ কিলোমিটাৰ পথ অৰুণাচল প্ৰদেশ, অসমৰ লক্ষীমপুৰ আৰু ধেমাজি জিলাৰ মাজেৰে অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰত পৰিছেহি ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনদী সোৱণশিৰি।

  জেংৰাই-১৯৬৩ৰ পাঠোদ্ধাৰ: 

 আন্ধাৰ হোৱাৰ অলপ আগতেই কবি তেওঁৰ সঙ্গিনী সহ এই সোৱণশিৰি নদীত (নাৱেৰে আহি)পৰিলহি। সোৱণশিৰিৰ এটিং মাত্ৰ পানীৰে সংস্কাৰবাদী কবিয়ে তেওঁলোকৰ সৰু নাওখনৰ টিংটো ধুৱাই- পখালি ললে। কবিৰ আক্ষেপ, তেওঁলোক পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী কেৱল। কবিয়ে এই কথা অকপটে স্বীকাৰো কৰিলে। কবিৰ এই অন্ধবিশ্বাসো পিচে নিৰন্ধ্ৰ বা ছিদ্ৰবিহীন নহয়। কবি নিজেই আচৰিত যে তেওঁৰ এই অন্ধবিশ্বাস যেন কিছুমান ছিদ্ৰ বা সুৰুঙাযুক্ত। যিটোয়ে তেওঁলোকক অলপ হলেও বাস্তৱবাদী হবলৈ সাহস যোগাইছে। ৰাতিৰ আগমনৰ লগে লগে অলৌকিক প্ৰচ্ছায়াই তেওঁলোকৰ মন-প্ৰাণ গ্ৰাস কৰিবলৈ আৰম্ভ কৰিলে। ভয়ে ভয়ে নৈ-চাপৰিত নাও চপালে। কবিৰ আশা, চাপৰিৰ অধিকাৰী অলৌকিক শক্তিৰ গৰাকী কৰুণাময় ডাঙৰীয়াই তেওঁলোকক ৰক্ষা  কৰিব। এনেদৰেই ৰাতিটো সুকলমে পাৰ হব।

নাওখনৰ ওপৰৰ ফালে উদং, কোনো ঢাকনি নাইজিলিকি থাকিল আকাশৰ তৰাবোৰ। চাপৰিৰ মহৰ খুটি বিলাকত মহৰ ডিঙিত বান্ধি থোৱা ঘন্টাবিলাকৰ জোকাৰণিৰ শব্দত যেন ব্ৰহ্মাণ্ড সঙ্গীতহে বাজিল। তাকে শুনি কবিৰ মনত ভাব হ, হয়তো এয়েই চাপৰিৰ অৰণ্যৰ পৰা ওলাই অহা বাঘৰ চিনাকি ঘ্ৰাণত উধাতু খাই কম্পিত  হোৱা মহজাকৰ ডিঙিত আঁৰি থোৱা ঘণ্টাবিলাকৰ সঞ্চালনৰ শব্দ।

নৈখনৰ কোবাল সোঁতত পাক খাই আহি সশব্দে চাৰিওফালে মেল খাই যোৱা পানীভাগৰ গোন্ধ, অন্ধকাৰ বিহ্বল ৰাতি নিৰ্জন নৈ চাপৰিত সম্ভাৱ্য বিপদৰ পৰা মুক্তি বিচৰাৰ গোন্ধ,পানীত গেলি ওফণ্ডি উঠা মাছৰ গোন্ধ আৰু ফটাবাঁহৰ টুকুৰাৰ মাজত আবদ্ধ গেলা পানীৰ গোন্ধবোৰ কবি আৰু তেওঁৰ সঙ্গিনীৰ অসহনীয় হৈ পৰিল। নাৱৰ টিঙত শুই আকাশৰ তৰা আৰু চাপৰিৰ বোকা একেলগে দেখিলে। বাঘৰ গোজৰণিত মহৰ ঘণ্টা বজা আৰু নদীৰ পানীৰে দূৰৰ পৰা ভাহি অহা জলকুঁৱৰীৰ গীত একেলগে বাজি কবি আৰু তেওঁৰ সঙ্গিনীৰ কলিজা কঁপালে। একেলগে বাজিল সকলো ধ্বনি, বেসুৰা সুৰীয়া হৈ।

ৰাতি দুপৰত মণিব পৰা সীমাৰ ভিতৰত নে চকুৰ মণিৰ ভিতৰ ফালত দুকুৰা জুই(একুৰা নহয় কিন্তু) অহা-যোৱা কৰে নিবিড় অবিৰাম ভাবে। কবি আৰু তেওঁৰ সঙ্গিনীৰ মাজত। ভয়লগা ধনগুলৈৰ জুই, যেন সময়ৰ আহ্বানত যৌনতাৰ জুই, সংযমহীনতাৰ দুৱাৰদলিত পহৰাদাৰ জুই; নহলে দিনৰ পোহৰত সেয়ে হয়তো কবিৰ মৃত্যুত কলঙ্কৰ অগনি জ্বলাব। কবি ভস্মীভূত হৈ জনমানসৰ পৰা বিদায় মাগিব লাগিব। মানুহৰ লগতে থাকে এই সহোদৰ ভাতৃস্বৰূপ এই জুইকুৰা। ৰাতিৰ অন্ধকাৰত এইকুৰা জুই জ্বলি উঠে। সেয়েহে কবিৰ তেজ মঙহেৰে সম্পৰ্ক থকা এই জুইকুৰাৰ ওচৰত কাতৰ অনুৰাধ, এনে যৌৱনকাতৰ সময় বিলাকত জুইকুৰা যেন তেওঁৰ প্ৰতি সদয় হয়।

কবিৰ আক্ষেপ, চকুত কিয় এনে জুই জ্বলে! দকৈ ভাবি চালে এইটো এটা সাধাৰণ কথা। মানৱ জীৱনত এনেবোৰ ঘটনা ঘটেই। সেয়েহে ঘটনাটো সাধাৰণ ভাৱে লৈ পুৱাৰ পোহৰৰ লগে লগে জীৱনৰ নৌকাখনি পুনৰ সোঁৱণশিৰিত মেলি দিলে। পুৱাৰ কুঁৱলীৰ ধূসৰতাৰ মাজতে হঠাতে দেখিলে জীৱনৰ সন্ধানত খাদ্য বিচাৰি এযোৰ গঙা-চিলনিয়ে নদীখনৰ ওপৰত ঘূৰি আছে৷

 জেংৰাই-১৯৬৩ৰ ভাৱ বিশ্লেষণ:

 যুদ্ধোত্তৰ যুগৰ অসমীয়া কবিতাত দেখা পোৱা চেতনাস্ৰোত আৰু অধিবাস্তৱতা পূৰ্ণ ভাৱৰ প্ৰবাহ পাঠকৰ চকুত ধৰা পৰে। কবিসকলে পৌৰাণিক আৰু ৰোমান্তিক চিন্তাধাৰাৰ পৰা ক্ৰমে ক্ৰমে আঁতৰি আহি যুক্তিবাদী চিন্তাধাৰাৰ প্ৰতি আগ্ৰহান্বিত হৈ উঠে। মানুহৰ চেতন আৰু অৱচেতন মনত ভাৱৰ সঞ্চালন যুক্তিবাদী চিন্তাৰে বিশ্লেষণ কৰি এইসকল কবিয়ে বুজিবলৈ প্ৰয়াস কৰে। অধিবাস্তৱবাদত প্ৰকাশৰ মাধ্যম মানুহৰ জীৱনত অৱচেতন মনৰ প্ৰভাৱ কবিসকলে নিজে আৰু পাঠক সকলক বুজাবলৈ প্ৰয়াস কৰিছিল। এনে চেতনাৰ মূৰ্ত প্ৰকাশ তেওঁলোকৰ কবিতা সমূহত দেখিবলৈ পোৱা গৈছিল।

জেংৰাই-১৯৬৩যুদ্ধোত্তৰ যুগৰ এটি ভাৱসমৃদ্ধ কবিতা। সময়ৰ চালনা শক্তিয়ে কবিৰ অৱচেতন মনত প্ৰভাৱ বিস্তাৰ কৰি সমস্ত কবিচিন্তা পৰিচালনা কৰিছিল। কবিমনত ভাৱৰ সুক্ষ্মতা আৰু তীক্ষ্ণতা প্ৰকাশৰ আহিলা হিচাবে কবিয়ে কেতিয়াবা ভাৱবোধক, প্ৰশ্নবোধক আৰু সঘনাই ডটচিন বিলাকৰ ব্যৱহাৰ কৰিছিল। এই চিনবিলাকৰ প্ৰয়োগৰ প্ৰভাৱতে কবিয়ে কম শব্দৰ ভিতৰতে মানুহৰ চেতন আৰু অৱচেতন মনৰ উৎকণ্ঠা, দ্বিধা, সংশয় আৰু এইবিলাক অতিক্ৰম কৰিবৰ বাবে জীৱনটোকেই সহজ ভাৱে লৈ সাহস উন্মোচনৰ পথ প্ৰশস্ত কৰি পাঠকৰ সন্মুখত ডাঙি ধৰিবলৈ সমৰ্থ হৈছিল।

 আন্ধাৰ হোৱাৰ অলপ আগতেইতেওঁলোক সোঁৱণশিৰিতপৰিল। কবিতাৰ আৰম্ভণিটোৱেই পাঠকৰ মনত ভাৱৰ ঝঙ্কাৰ তোলে, প্ৰশ্নৰ অৱতাৰণা কৰে; কেনেকৈ তেওঁলোক নদীখনৰ পৰি গ? কিন্তু পিছ মুহূৰ্ততেই কোৱা সোঁৱণশিৰিৰ এটিং পানীৰে আমাৰ নাৱৰ টিং ধুৱালোঁ বোলা কথাখিনি পঢ়াৰ পিছতহে পাঠকে স্বস্তিৰ নি:শ্বাস এৰিবলৈ সমৰ্থ হয়। কেনেকৈ তেওঁলোক নদীত পৰিল, এই চিন্তাৰ সমাধানকল্পে আমিও এজন পাঠক হিচাবে ভাবি উলিয়াবলৈ সমৰ্থ হলোঁ যে, এটি সৰু, পাতল জলধাৰাৰে তেওঁলোকৰ নাওখন আহি আহি মূল সোঁৱণশিৰি উপনদীখনত পৰিল। এনেকৈয়ে এটি গাৰ নোম শিয়ঁৰি উঠা মানসিক অৱস্থাৰ পৰা পাঠক সকলে মুক্তি লাভ কৰিলে।

 আকৌ চাব, নিজক অন্ধবিশ্বাসী বুলি ভাবিলেও যুক্তিৰ তুলাচনীৰে জুখি চাব খোজা কবিয়ে ভয় শঙ্কাৰ মাজেৰেই ৰাতি হলত সোৱণশিৰিৰ চৰত নাও চপালে; মনত এটাই সন্দেহযুক্ত যদিও সাহসৰ ভাব, এইযে চাপৰিৰ ডাঙৰীয়াই তেওঁলোকক ৰক্ষা কৰিব; এনে ধৰণৰ নানান চেতন অবচেতন মনৰ ভাৱ, শঙ্কা আৰু ভয়ৰ মাজেদিয়েই নৈ চাপৰিত ৰাতিটো কটাই ৰাতি পুৱালত তেওঁলোকে পুৰ নাও মেলি দিলে। এই সময়তে, কবিৰ মতে হঠাতে যেনেই লাগিল’, এজোৰ গঙা-চিলনীয়ে নদীখনৰ ওপৰত কুঁৱলীৰ ধূসৰতাৰ মাজতেই জীৱনৰ সন্ধানত ঘূৰিবলৈ ধৰিলে।

কবিতাটিৰ নিৰ্মাণত ব্যৱহাৰ হোৱা আঙ্গিক কলা-কৌশল:

 কবিতাটি মূলতঃ প্ৰতীক ধৰ্মী। নদীমাতৃক অসমত ইমান বিলাক নদী-উপনদী থাকোঁতেও কবিয়ে তেওঁৰ এই অনুপম সৃষ্টিৰ বাবে ব্ৰহ্মপুত্ৰৰ সৰ্ববৃহৎ উপনৈ সোৱণশিৰিক বিচাৰি ললে কিয়? কাৰণ নানা কাহিনী কল্পকাহিনীৰে ভৰপূৰ এই সোৱণশিৰি নদী। এই সোৱণশিৰিৰ বালিতে  মানুহে এসময়ত সোঁণৰ চেঁকুৰা বুটলিছিল। নামে কামে সমৃদ্ধিশালী এই নদীখনৰ বুকুৰেই কবিয়ে এখন টুলুঙা(সৰু) নাৱেৰে আশাবাদী যুগ্মজীৱনৰ পাতনি মেলিছিল। নৈখনক কবিয়ে তেওঁলোকৰ আশাবাদী জীৱনৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰিছিল। কবিয়ে তেওঁৰ নাওখনযে এখন সৰু নাও, এই কথাটো পৰোক্ষভাৱে এটিং পানীৰে নাৱৰ টিং ধুৱালোঁ বুলি কোৱা কথাখিনিত মাজতে প্ৰকাশ পাইছে। লগতে কবিয়ে তেওঁলোকৰ এই নাৱৰ টিং ধুউৱা কাৰ্যটোত ছিদ্ৰযুক্ত অন্ধবিশ্বাসৰ ৰং সানি পাঠকৰ চকুত চমৎকাৰী কৰি তুলিছে। ৰাতিৰ অন্ধকাৰত অন্ধবিশ্বাসৰ ভয় শঙ্কাৰে জৰ্জৰিত মনৰ কবিয়ে সাহস আৰু ভৰশাৰ প্ৰতীক ৰূপে চাপৰিৰ কল্পৰক্ষক ডাঙৰীয়া’-ৰ ওপৰতে সমস্ত সপিছে। ওপৰে তৰা’, আশাবাদী প্ৰতীক, আৰু তলত বোকা’, নিৰাশবাদৰ প্ৰতীক, কবিয়ে একেলগে দেখিছে। মহৰ ডিঙিৰ ঘণ্টাৰ শব্দত কবিয়ে অলৌকিকতাৰ গোন্ধ পাইছে। কবিতাত উল্লেখিত বাঘৰ গোন্ধ ভয়ৰ প্ৰতীক, ‘ঘণ্টাৰ আত্ৰাণিকম্পিত হৃদয়ৰ প্ৰতীক, ‘ডকা ফুলা’, ‘টকা ফুটাগোন্ধ, ভয় আৰু শঙ্কাত দুৰ্গন্ধময় হোৱা হৃদয়ৰ প্ৰতীক ৰূপে ব্যৱহাৰ কৰাৰ মাজতে সকলো নিৰাশা, হতাশা দূৰলৈ ঠেলি আকাশত জ্বলি থকা তৰাৰ জিলিঙনিয়ে কবিমনত আশা আৰু সাহসৰ সঞ্চাৰ কৰিছে। শৰৎ কালৰ সময়। নৈচাপৰিত বৰ্ষাৰ পানী শুকুৱাৰ সময়। চাপৰিৰ বোকাই এই সময়ৰ চিনাকি দিছে। এই সময়েই কবিৰ অনুভৱ আৰু ভাৱনা প্ৰবাহৰ প্ৰতীক। নৈখন, আকাশৰ তৰাবোৰ, পুৱাৰ কুঁৱলী জাক, নদীৰ ওপৰত উৰিফুৰা গঙাচিলনি দুটা; এই সমস্ত প্ৰতীক বিলাকে পাঠকৰ দুচকুত সামগ্ৰিকভাৱে এক নান্দনিক চিত্ৰ দৃশ্যমান কৰি তুলিছে। জলকুঁৱৰীৰ গীতে কবিৰ শ্ৰৱণেন্দ্ৰীয় মসৃণ কৰিলেও এখন অলৌকিকতাৰ ছবি প্ৰকট কৰিছে। পুৱাৰ আকাশত কুঁৱলী ভৰা নদীৰ ওপৰত উৰি থকা গঙা-চিলনী দুটাই মুক্ত, আশাবাদী, যুগ্ম আৰু কৰ্মময় জীৱনৰ ছবি আঁকিছে। কবিমনৰ ভাৱৰ দুৰন্ত প্ৰবাহ কবিতাটিত ব্যৱহাৰ হোৱা ভাৱবোধক, প্ৰশ্নবোধক আৰু অধিক ৰূপত ব্যৱহাৰ হোৱা ডটচিন সমূহে কবিতাটিক আৰু অধিক পাঠকৰ দৃষ্টিত দৃশ্যমান কৰি তুলিছে। এনেকৈয়ে কবিতাটিৰ সৃষ্টিত কবিয়ে সফলতা অৰ্জন কৰিছে।

 মানিক বৰুৱা পথ, পূব আমোলাপট্টি,

নগাঁও, অসম-৭৮২০০৩,

মোবাইল নম্বৰ:৭০০২৪৪৩০৫৬৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ