অন্যযুগ/


আগন্তুক

মিণ্টুল হাজৰিকা

 

টি ছাৰ্টত বেলিফুলৰ বাগান

ওপৰত হালধি ছটিওৱা আকাশ

 

কি যে জকমক জকমক ফুলবোৰ

চকুলোত হাবুডুবু হৈ লেৰেলা লেৰেলি...

 

স্বপ্ন-ঘৰৰ মজিয়াত

শস্যবিহীন পথাৰৰ হেমন্ত

 

শিপাৰ গভীৰতাত শুকাই গ

জিভাৰ তলেৰে বৈ যোৱা নৈ

 

ওঁঠৰ তিলটোৱে আঁকি দিলে নিমখৰ চুমা

 

চুফীবাদৰ মূৰেদি

তাচপাতৰ মেমচাহাবে গলগৈ চেঁকুৰাই ঘোঁৰা

খট খট খট...

 

মাটিৰ সুগন্ধি ভৰিৰ গচকত !

 

চকুৰ বালিচৰত তাল-আফাল

বালিমাহীৰ গধূলি বন্দনা

 

এটা পৌৰাণিক ক্লাবঘৰৰ মগজুত

কঢ়িয়াই কঢ়িয়াই নাভাগৰা অভিজ্ঞতা

হামিয়াই-হিকটিয়াই...

 

নাভিত পোণামাছৰ গোন্ধ

স্বাদত ৰসায়নবাদৰ মূৰ্ছিত সংগীত

 

মদিৰাত গোলাপ

হিয়াত গজল

মজলিছত আগবুকুৰ মঙহ

 

ভালপোৱাৰ এসাগৰ ঢৌৱে ঢৌৱে

বিষালি যৌৱন

 

আখৈফুটে মুখত বিৰহ ৰবীন্দ্ৰনাথ

 

... ইমানতেও নহল ঘৰগোনা

আগন্তুক বনে বনে বনৰীয়া !

 

ফোন : ৮৬৩৮২৫৯০৭৩

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ