অন্যযুগ/


কেৰিয়াৰ হিচাপে অভিনয় (Acting)

  বুলজিৎ বুঢ়াগোহাঁই


     অভিনয়ক বহুতে হ’বী হিচাপে গ্রহণ কৰা দেখা যায়। কিন্তু অভিনয়ক কেৰিয়াৰ হিচাপেও ল’ব পাৰি। অভিনয়ৰ কেৰিয়াৰ গঢ়িবলৈ ডিগ্ৰী থকাটো প্ৰয়োজনীয় নহয়। ভাৰতৰ বহু সফল অভিনেতাই অভিনয়ৰ কোনো আনুষ্ঠানিক শিক্ষা সম্পূৰ্ণ কৰা নাই। কিন্তু অভিনয় বা আনুষংগিক ক্ষেত্ৰৰ ডিগ্ৰী থকাটোৱে অভিনয়ৰ খুটি-নাতিবোৰ বিষয়ে ভালদৰে বুজি পোৱাত সহায় কৰিব পাৰে আৰু চাকৰিৰ সুযোগো বৃদ্ধি কৰিব পাৰে। অভিনয় হৈছে এক কলা য’ত প্ৰতিভা, দক্ষতা আৰু প্ৰশিক্ষণৰ সংমিশ্ৰণ অন্তৰ্ভুক্ত থাকে। সাধাৰণতে উচ্চতৰ মাধ্যমিক (যিকোনো শাখা) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছতে অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰমত অধ্যয়ন কৰিব পাৰি। বিভিন্ন অভিনয় পাঠ্যক্ৰমৰ বাবে যোগ্যতাৰ মাপকাঠী বেলেগ বেলেগ যদিও সাধাৰণতে প্ৰাৰ্থীসকলৰ যোগাযোগৰ দক্ষতা ভাল, অভিনয়ৰ প্ৰতি আকৰ্ষণ আৰু দৰ্শকৰ সন্মুখত অভিনয় কৰাৰ  সামৰ্থ্য থাকিব লাগিব। কিছুমান  শিক্ষানুষ্ঠানে অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে প্ৰৱেশ পৰীক্ষাও অনুষ্ঠিত কৰে। অভিনয়ৰ বিভিন্ন পাঠ্যক্ৰমবোৰ হ’ল- Bachelor’s Degree in Acting, Bachelor of Theatre Arts, Bachelor of Arts Honours in Drama, Master of Arts in Theatre,Master of Arts in Indian Theatre, Master in Film Technology (Direction & Screenplay Writing), Master in Film Technology (Cinematography), Doctor of Philosophy in Dramatics, Doctor of Philosophy in Indian Theatre, Advance Diploma in Acting, Diploma in Acting, Diploma in Acting and Drama, Diploma in Direction & Screenwriting, Diploma in Dramatic Arts, Post Graduate Diploma in Acting, Post Graduate Diploma in Dramatics,Post Graduate Diploma in Theatre Arts, Certificate Course in Acting, Certificate Course in Acting and TV Presentation, Certificate Course in Acting Foundation  আদি।

     অভিনয় পাঠ্যক্ৰম গ্রহণ কৰিব পৰা  অসমৰ বাহিৰৰ কেইখনমান শিক্ষানুষ্ঠান হ’ল –নেছনেল স্কুল অৱ ড্রামা (http://nsd.gov.in), এছিয়ান একাডেমী অৱ ফিল্ম এণ্ড টেলিভিশ্বন   (https://aaft.com), বেৰী জন এক্টিং ষ্টুডিঅ’, মুম্বাই (https://www.bjas.in), নেছনেল ইনষ্টিটিউট অৱ ফিল্ম এণ্ড ফাইন আৰ্টছ, কলকাতা (https://www.niffa.org), ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউট অৱ ইণ্ডিয়া (https://www.ftii.ac.in), হুইষ্টলিং উডছ ইণ্টাৰনেচনেল (https://www.whistlingwoods.net), ৰমেশ চিপ্পি একাডেমী অৱ  চিনেমা এণ্ড এণ্টাৰটেইনমেণ্ট (https://rsace.edu.in), স্কুল অৱ ব্ৰডকাষ্টিং এণ্ড কমিউনিকেছন (https://www.sbc.ac.in), নিঅ’ ফিল্ম স্কুল (https://www.neofilmschool.com), সত্যজিৎ ৰায় ফিল্ম এণ্ড টেলিভিচন ইনষ্টিটিউট (https://srfti.ac.in) আদি।

       ’নেশ্বনেল স্কুল অৱ ড্রামা (http://nsd.gov.in)’-ই Dramatic Arts’-অত তিনিবছৰীয়া ডিপ্লমা পাঠ্যক্রম আগবঢ়ায়। এই পাঠ্যক্রমত শিকোৱা বিষয়বোৰ হ’ল- Modern Indian Drama, Classical Indian Drama & Aesthetics, World Drama, Voice & Speech, Yoga, Movement, Theatre Music, Acting and  Improvisation, Theatre Architecture, Scenic Design and Stage Technology, Costume Design, Stage Lighting, Production Process, Appreciation Courses and Workshops. 

     দেশৰ বিভিন্ন স্থানৰ লগতে অসমৰ সকলো জিলাতে অভিনয় প্ৰশিক্ষণ গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে।  ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্বন প্ৰতিষ্ঠান (Dr. Bhupen Hazarika Regional Government Film & Television Institute)’-ত  দুবছৰীয়া ডিপ্ল’মা  ইন  ইন এপলাইড এক্টিং (ফিল্ম আৰু টিভি) (Applied Acting (Film & TV))ৰ পাঠ্যক্রমত  পাঠ্যক্রমত আসনৰ সংখ্যা ১৭ খন । এই পাঠ্যক্রমত  শিক্ষা গ্রহণ কৰিব বাবে উচ্চতৰ মাধ্যমিক (যিকোনো শাখা) চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে।  এই  পাঠ্যক্রমত নামভৰ্তিৰ হোৱা বৰ্ষৰ ১ জুলাইত  সাধাৰণ শ্রেণীৰ প্রাৰ্থীৰ বয়স ২৪ বছৰ আৰু অনুসূচিত জাতি আৰু জনজাতিৰ প্রাৰ্থীৰ বয়স ২৭ বছৰৰ ভিতৰত হ’ব লাগে। এই প্ৰতিষ্ঠানখন আগতে ‘জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু টেলিভিশ্বন প্ৰশিক্ষণ প্ৰতিষ্ঠান’ নামেৰে পৰিচিত আছিল । এই শিক্ষানুষ্ঠানৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে প্রয়োজন হোৱা সবিশেষ তথ্য জানিবৰ বাবে ড ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু টেলিভিশ্বন প্ৰতিষ্ঠান (https://dbhrgfti.assam.gov.in)ৰ ৱেবচাইট চাব পাৰে।  জাগীৰোড মহাবিদ্যালয় (https://www.jagiroadcollege.co.in/bvoc.php)ত Entertainment (Acting) বিষয়ত বৃত্তিমূলক পাঠ্যক্রম আছে।    সোণাপুৰ মহাবিদ্যালয়(https://www.sonapurcollege.ac.in/voc-in-theatre-stage-craft/)ত Theatre and Stage Craft বিষয়ত বৃত্তিমূলক পাঠ্যক্রম আছে। ছয়দুৱাৰ মহাবিদ্যালয় (http://www.chaiduarcollege.org)ত Theatre, Stage Craft & Acting বিষয়ত বৃত্তিমূলক ডিপ্লমা পাঠ্যক্রম আছে ।

     শিক্ষানুষ্ঠানবোৰত অভিনয়ৰ বিভিন্ন পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়। সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত চাব পাৰে।

 

     অভিনয় ক্ষেত্রখনত সফল হবলৈ কিছুমান গুণ থকা দৰকাৰ, যেনে – সু-বিকশিত কল্পনা শক্তি, শাৰীৰিক প্ৰকাশভংগী, কথাৰ স্পষ্টতা, ছন্দৰ অনুভূতি থাকিব লাগে, শাৰীৰিক ভাবে শক্তিশালী হ’ব লাগে আদি। অভিনয়ৰ বাবে উপভাষা, উচ্চাৰণ, ইম্প্ৰভাইজেশ্বন, পৰ্যৱেক্ষণ আৰু অনুকৰণ, মাইম আৰু মঞ্চ যুঁজ ব্যৱহাৰ কৰাৰ সামৰ্থ্য থাকিব লাগে ।

      এজন অভিনেতা বা অভিনেত্ৰী হৈছে এনে এজন ব্যক্তি যি য়ে চলচ্চিত্ৰ, টেলিভিশ্বন  শ্ব’, থিয়েটাৰ প্ৰডাকশ্বন বা আন যিকোনো ধৰণৰ মনোৰঞ্জনত কোনো চৰিত্ৰৰ চৰিত্ৰত অভিনয় কৰে। চৰিত্ৰবোৰ জীৱন্ত কৰিবলৈ, অভিনেতাসকলে কাহিনী এটা আলোকপাত কৰিবলৈ তেওঁলোকৰ শাৰীৰিক আৰু আৱেগিক সামৰ্থ্য ব্যৱহাৰ কৰে। অভিনয়ৰ বাবে সৃষ্টিশীলতা, প্ৰতিভা, দক্ষতা, প্ৰশিক্ষণ, আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয় আৰু যিসকল অভিনেতাই নিজৰ কামত সামঞ্জস্যপূৰ্ণ কাম কৰে তেওঁলোকেহে সফলতা লাভ কৰে।

     অভিনয়ৰ প্ৰধান ক্ষেত্ৰসমূহ হ’ল - নাট্য কলা (Theatre Arts), চিনেমেট’গ্ৰাফী (Cinematography), নাটকীয় (Dramatics), পৰিচালনা (Direction), চিত্ৰনাট্য লিখা (Screenplay Writing) আদি।

     ভাৰতত অভিনয় উদ্যোগটো দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু প্ৰতিভাৱান অভিনেতাসকলৰ বাবে বহুতো সুযোগ আছে। বলীউড নামেৰে জনাজাত ভাৰতীয় চলচ্চিত্ৰ উদ্যোগে প্ৰতি বছৰে বৃহৎ সংখ্যক চিনেমা নিৰ্মাণ কৰে আৰু আঞ্চলিক চিনেমাতো অভিনেতাসকলৰ চাহিদা বাঢ়িছে। টেলিভিশ্বন উদ্যোগটোও বৃদ্ধি পাইছে, প্ৰতি বছৰে বহুতো জনপ্ৰিয় অনুষ্ঠান নিৰ্মাণ কৰা হৈছে। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰবোৰতো অভিনেতাসকলৰ বাবে সুযোগ আছে।

       অভিনয়ৰ যোগেদি চলচ্চিত্ৰ উদ্যোগ, টেলিভিশ্বন  উদ্যোগ, থিয়েটাৰ, বিজ্ঞাপন আদিত অভিনেতা, পৰিচালক, চিত্ৰনাট্যকাৰ, চিনেমাটোগ্ৰাফাৰ, সম্পাদক হিচাপে কাম কৰা সুবিধা আছে। ভইচ অভাৰ আৰ্টিষ্ট বা ডাবিং আৰ্টিষ্ট হিচাপেও কাম কৰিব পাৰে। তাৰোপৰি, ব্ৰেণ্ড এম্বেছাদৰ, মডেল, ষ্টেজ শ্ব’ এংকৰ, দূৰদৰ্শন অনুষ্ঠানৰ আয়োজক, অভিনয় প্ৰশিক্ষক, ফ্ৰীলেন্স ডান্স পাৰফৰমেন্স আৰ্টিষ্ট আদি হিচাপেও কাম কৰিব পাৰে।

      অভিনয়ৰ নিয়োগ ক্ষেত্ৰসমূহ হ’ল - টেলিভিশ্বন , ভ্ৰাম্যমাণ থিয়েটাৰ,বিজ্ঞাপন সংস্থা,মডেলিং এজেন্সী,ইভেণ্ট মেনেজমেণ্ট সংগঠন, সংগীত কোম্পানী, অভিনয় প্ৰতিষ্ঠান, চিনেমা প্ৰডাকশ্বন হাউচ, অভিনয় কৰ্মশালা, বিদ্যালয় আৰু মহাবিদ্যালয় আদি ।

       

ড° বুলজিৎ বুঢ়াগোহাঁই

কেৰিয়াৰ পৰামৰ্শদাতা   তথা

মুৰব্বী, যান্ত্রিক অভিযান্ত্রিক বিভাগ, অসম ডন বস্ক’ বিশ্ববিদ্যালয়

ফোন: ৯৪৩৫১৮৮৬৩০

ই-মেইল: buljit@gmail.com

www.buljit.com  

 

বি.দ্র. কেৰিয়াৰ বিষয়ৰ বিভিন্ন কথা কোনো আগ্ৰহী শিক্ষাৰ্থীয়ে জানিব বিচাৰে, তেন্তে প্ৰত্যেক শনিবাৰে বিয়লি ৬-৯ বজাৰ ভিতৰত ফোন(৯৪৩৫১৮৮৬৩০)ত যোগাযোগ কৰিব পাৰে। 

 

 

 

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ