অন্যযুগ/


শ্ৰদ্ধাৰ্ঘ্য : ড° অপৰ্ণা মহন্ত

 ৰঞ্জুমণি মহন্ত


ইংৰাজী সাহিত্যৰ প্ৰথমগৰাকী অসমীয়া মহিলা ডক্টৰেট, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক ড অপৰ্ণা মহন্ত আছিল অসমৰ নাৰীবাদী চিন্তা-চেতনাৰ অন্যতম বাটকটীয়া৷ যোৱা শতিকাৰ নৱম দশকৰপৰাই অসমৰ নাৰীবাদী আন্দোলনৰ সৈতে কেৱল বিদ্যায়তনিকভাৱেই নহয় এগৰাকী তৃণমূল কৰ্মী হিচাপেও জড়িত হৈ অহা ড মহন্তই আজীৱন নাৰীৰ অধিকাৰ আৰু উত্তৰণৰ হকেই কাম কৰি গল৷ তেখেতৰ বাবে নাৰীবাদ বিলাসিতা নাছিল; নাছিল জনপ্ৰিয়তা আহৰণৰ এক মাধ্যম৷ তেখেতৰ বাবে নাৰীবাদ আছিল জীৱনৰ ব্ৰত৷ যি সময়ত অসমত নাৰীবাদ সম্পৰ্কে কোনো চিন্তা-চৰ্চা নাছিল, সেই সময়তে ড মহন্তই অভিনৱ নাৰীৰ সন্ধানত আৰু অন্যান্য প্ৰবন্ধ  (১৯৯৩) আৰু তগৰৰ দুখ/দোষ আৰু অন্যান্য প্ৰবন্ধ (২০০৩) শীৰ্ষক কিতাপ দুখনেৰে অসমীয়া ভাষাত নাৰীবাদী চিন্তাৰ বাবে বাট কাটি দিছিল৷ কেৱল সেই দুখনেই নহয় Journey of Assamese Women 1836-1937 (২০০৪), বিশ্বসাহিত্যৰ জিলিকনি– শ্বেক্সপীয়েৰৰ পৰা কোৱেৎজীলৈ (২০০৯), চন্দ্ৰপ্ৰভা শইকীয়ানী– স্বাধীনতা পূৰ্ব অসমৰ স্ত্ৰী-শিক্ষা আৰু নাৰী জাগৰণ (২০১৪), অন্য এক দৃষ্টিৰে বেজবৰুৱা (২০১৬), নাৰীবাদ (২০১৮) আৰু কিতাপ, মানুহ আৰু জীৱন (২০১৯) আদি গ্ৰন্থৰে তেখেতে অসমীয়া সাহিত্যৰ কেৱল নাৰীবাদী ধাৰাকেই নহয়, সমালোচনা সাহিত্যকো চহকী কৰি থৈ গৈছে৷ তদুপৰি ড মহন্তই সংকলন আৰু সম্পাদনা কৰা প্ৰথম অসমীয়া মহিলা আলোচনী ঘৰ-জেউতি তেখেতৰ কৃতিত্বৰ অন্যতম স্বাক্ষৰ৷

নাৰীবাদী চেতনাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সেই চেতনাৰে সমাজৰ ৰূপান্তৰ সাধনৰ লক্ষ্যৰে ড মহন্তই ১৯৮৩ চনৰ ৮ মাৰ্চত প্ৰথমবাৰৰ বাবে প্ৰকাশ কৰিছিল প্ৰগতিশীল মহিলা আলোচনী আইদেউৰ জোনাকী বাট৷ তাৰ পাছৰ বছৰ অৰ্থাৎ ১৯৮৪ চনৰ ৮ মাৰ্চত প্ৰথমবাৰৰ বাবে ডিব্ৰুগড়ত অন্তৰ্জাতিক নাৰী দিৱসৰ আয়োজন কৰিছিল৷ আজীৱন অসমৰ নিপীড়িত, অৱহেলিত নাৰীসমাজৰ মুক্তিৰ সপোন দেখা এইগৰাকী বিদুষী নাৰীয়ে একেটা দশকৰে শেহৰ ফালে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মহিলা কৰ্মীসকলৰ বাবে প্ৰফেশ্বনেল উইমেনছ্ ফ’ৰাম (Professional Women’s Forums) আৰম্ভ কৰিছিল, যাৰ জৰিয়তে সাংগঠনিক কামৰ লগতে চতুৰ্থ বৰ্গৰ মহিলা কৰ্মীসকলৰ শিক্ষাৰ প্ৰসাৰৰ বাবে চেষ্টা কৰিছিল৷ তেখেতৰ প্ৰচেষ্টাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত এটা নাৰী অধ্যয়ন কেন্দ্ৰ স্থাপন হৈছিল৷ ২০০৪ চনত বিশ্ববিদ্যালয় অনুদান আয়োগৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা উক্ত অধ্যয়ন কেন্দ্ৰটোৰ সঞ্চালক পদত তেখেতে অৱসৰ পৰ্যন্ত কাৰ্যনিৰ্বাহ কৰিছিল৷     

কুৰি শতিকাৰ অষ্টম দশকৰ পৰা ইংৰাজী আৰু অসমীয়া দুয়োটা ভাষাতে সাহিত্য চৰ্চা কৰা ড মহন্তই কিন্তু স্কুলীয়া শিক্ষা কনভেণ্ট স্কুলত ইংৰাজী মাধ্যমতহে গ্ৰহণ কৰিছিল৷ বিয়াৰ পাছলৈকে অসমীয়া লিখিব-পঢ়িব নজনা ড মহন্তই নিজা প্ৰচেষ্টাৰে অসমীয়া ভাষা কেৱল শিকাই নহয়, অসমীয়া ভাষাত বহু সংখ্যক গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে৷ এক সাক্ষাৎকাৰত তেখেতে উল্লেখ কৰিছিল যে প্ৰথম অৱস্থাত তেখেতে ভালকৈ অসমীয়া ক’ব আৰু লিখিব নোৱাৰিছিল যদিও পাছলৈ, এটাও ইংৰাজী শব্দ ব্যৱহাৰ নকৰাকৈ, তেখেত ঘণ্টাজুৰি অসমীয়াত কথা ক’ব পৰাকৈ ভাষাটোত ব্যুৎপুত্তি অৰ্জন কৰিছিল৷ আচলতে নিজ মাতৃভাষাৰ প্ৰতি শ্ৰদ্ধা, আগ্ৰহ আৰু নিজৰ ইচ্ছা থাকিলে শিক্ষাৰ মাধ্যম কেতিয়াও হেঙাৰ হ’ব নোৱাৰে৷ 

 মহন্তই নিজৰ জীৱনৰ উদাহৰণেৰে নাৰী সমাজলৈ আন এক বাৰ্তা এৰি থৈ গৈছে যে দৃঢ়মনা আৰু প্ৰবল ইচ্ছাশক্তিৰ অধিকাৰী হ’লে ঘৰ-সংসাৰ অথবা সন্তান একোৱেই নাৰীক নিজ লক্ষ্যৰ পৰা বিচ্যুত কৰিব নোৱাৰে৷ নিজৰ বিছদিনীয়া কেঁচুৱাক ঘৰত এৰি কলিকতাত ব্ৰিটিছ কাউঞ্চিলৰ জলপানিৰ বাবে সাক্ষাৎকাৰ দি, নিৰ্বাচিত হৈ আঠমহীয়া সন্তানক এবছৰৰ বাবে এৰি ইংলেণ্ডৰ লীড্‌ছ্ বিশ্ববিদ্যালয় (Leeds University)-ত উচ্চশিক্ষা আহৰণ কৰা ড মহন্ত সকলো নাৰীৰ বাবেই প্ৰেৰণাস্বৰূপ৷  

১৯৪৬ চনৰ ২০ আগষ্টত জন্ম গ্ৰহণ কৰা এইগৰাকী অতুলনীয় প্ৰজ্ঞাৰ অধিকাৰিণী নাৰীয়ে যোৱা ৬ জানুৱাৰি, ২০২২ তাৰিখে আমাৰ মাজৰ পৰা চিৰবিদায় লয়৷ এয়া কেৱল সাহিত্য জগতৰে নহয়, সমগ্ৰ সমাজৰ বাবেই এক অপূৰণীয় ক্ষতি৷ বৰ্তমান কায়িকভাৱে তেখেত আমাৰ মাজত নাই যদিও নিজৰ সৃষ্টিৰাজিৰ মাজতে তেখেত চিৰদিন জীয়াই থাকিব৷ এইগৰাকী প্ৰচাৰবিমুখ, বিদুষী নাৰীলৈ অন্যযুগ  পৰিয়ালৰ তৰফৰ পৰা শ্ৰদ্ধা নিৱেদন কৰিলোঁ৷

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ