অন্যযুগ/


অব্যাহৃত


ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০

ৰঞ্জুমণি মহন্ত

যোৱা ২৯ জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰে প্ৰায় তিনিটা দশকৰ পাছত দেশৰ প্ৰচলিত শিক্ষানীতিৰ পৰিৱৰ্তন কৰি এক নতুন শিক্ষানীতি ঘোষণা কৰিছে৷ আনন্দৰ কথা যে এই নতুন শিক্ষানীতি দেশখনৰ শিক্ষাব্যৱস্থালৈ কেইবাটাও বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰা হৈছে৷ ‘কা’-ৰ পৰা ‘পাৰিৱেশিক প্ৰভাৱ মূল্যায় অধিসূচনা -২০২০’-লৈকে বিভিন্ন জনবিৰোধী স্থিতিৰ বাবে ভিন ভিন সময়ত চৰকাৰখন সমালোচিত হ’লেও অলপতে ঘোষণা কৰা নতুন শিক্ষা নীতিৰ বাবে কিছু পৰিমাণে হ’লেও প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে৷
নতুন শিক্ষানীতিয়ে আনিবলগা এটা উল্লেখযোগ্য পৰিৱৰ্তন হৈছে প্ৰচলিত শিক্ষা ব্যৱস্থাৰ ১০+২ আৰ্হিৰ আন্তঃগাঁথনিৰ পৰিৱৰ্তে ৫+৩+৩+৪ আৰ্হি প্ৰচলন৷ বৰ্তমান ব্যৱস্থাত শিশুৰ ৬ বছৰ বয়সৰ পৰা শিক্ষা গ্ৰহণ আৰম্ভ হোৱাৰ পৰিৱৰ্তে এই নতুন নীতি অনুসৰি শিশুৰ শিক্ষা গ্ৰহণ আৰম্ভ হ’ব তিনি বছৰ বয়সৰ পৰা৷ বৰ্তমান ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত প্ৰাক্‌প্ৰাথমিক শিক্ষাৰ গুৰুত্ব থাকিলেও চৰকাৰী শিক্ষা ব্যৱস্থাত ই আছিল গুৰুত্বহীন৷ কিন্তু এতিয়া নতুন শিক্ষানীতিয়ে প্ৰাক্‌প্ৰাথমিক পৰ্যায়ৰ শিক্ষাতো গুৰুত্ব প্ৰদান কৰিছে৷
নতুন শিক্ষা নীতিয়ে আনিব খোজা এটা অতি বৈপ্লৱিক পৰিৱৰ্তন হৈছে ষষ্ঠ শ্ৰেণীৰ পৰাই ছাত্ৰ-ছাত্ৰীক বৃত্তিমুখী শিক্ষা প্ৰদানৰ ব্যৱস্থা৷ এই শিক্ষা নীতি কাৰ্যকৰী হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীক বিভিন্ন বৃত্তিমুখী শিক্ষাদান কৰাৰ লগতে কৰ্ম অভিজ্ঞতাৰ জৰিয়তে তেওঁলোকক ব্যৱহাৰিক শিক্ষাও প্ৰদান কৰা হ’ব৷ এই ব্যৱস্থাই যে আমাৰ ভৱিষ্যৎ প্ৰজন্মৰ বিভিন্ন বৃত্তিৰ মানুহৰ প্ৰতি থকা প্ৰচলিত দৃষ্টিভংগীৰ পৰিৱৰ্তন সাধন কৰি সকলো বৃত্তিৰ মানুহকে সমদৃষ্টিৰে চাবলৈ শিকাব বুলি আশা কৰিব পাৰি ৷ ষষ্ঠ শ্ৰেণীৰ পৰা আৰু এবিধ নতুন শিক্ষা দিয়াৰ ব্যৱস্থা কৰা হ’ব, সেয়া হৈছে ক’ডিং (Coding) শিকোৱাৰ ব্যৱস্থা
নতুন শিক্ষা নীতিয়ে আনিব খোজা আন এটা উল্লেখযোগ্য পৰিৱৰ্তন হৈছে দশম শ্ৰেণীৰ পাছত কোনো ব’ৰ্ড পৰীক্ষাৰ ব্যৱস্থা নাথাকিব৷ অৰ্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষা ব্যৱস্থাৰ বিলোপ সাধন কৰা হ’ব৷ তদুপৰি বাৰ্ষিক পৰীক্ষাসমূহৰ বিলোপ সাধন কৰি তৃতীয় শ্ৰেণী, পঞ্চম শ্ৰেণী, অষ্টম শ্ৰেণী, দশম শ্ৰেণী আৰু দ্বাদশ শ্ৰেণীতহে কেৱল পৰীক্ষাৰ ব্যৱস্থা থাকিব৷ আনকি বছৰি বছৰি দিয়া ৰিপৰ্ট কাৰ্ডতো মাথোঁ শিক্ষকেই নহয়, সহপাঠীসকলে আনকি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে নিজে নিজৰ বছৰটোৰ প্ৰদৰ্শন মূল্যায়ন কৰাৰ সুবিধা থাকিব৷
আন এটা গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হৈছে দশম শ্ৰেণী উত্তীৰ্ণ হোৱাৰ পাছত বিজ্ঞান, কলা বা বাণিজ্য বুলি কোনো বিভাগ নাথাকিব৷ ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ইচ্ছানুসাৰে তেওঁলোকৰ পন্দৰ বিষয় নিৰ্বাচন কৰি ল’ব পাৰিব৷ অৰ্থাৎ উদাহৰণ স্বৰূপে পদাৰ্থ বিজ্ঞানৰ সৈতে বুৰঞ্জী পঢ়াতো কোনো বাধা নাথাকিব৷
দ্বাদশ শ্ৰেণীৰ পাছৰ পৰ্যায়ত নতুন শিক্ষা নীতিয়ে অনা আন এটা পৰিৱৰ্তন হৈছে মাল্টিপ্‌ল এন্ট্ৰি-এক্‌জিট প্ৰগ্ৰেম৷ এই ব্যৱস্থাত কোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে পঢ়ি থকা পাঠ্যক্ৰমৰ পৰা আধাতে সলনি কৰিব খুজিলেও তেওঁলোকে শৈক্ষিক বছৰ হেৰুৱাবলগা নহয়৷ অৰ্থাৎ চাৰি বছৰীয়া পাঠ্যক্ৰম এটাৰ এবছৰৰ পাছতে যদি তেওঁলোকে পাঠ্যক্ৰম সলাব খোজে, তেন্তে সম্পূৰ্ণ কৰা প্ৰথম বছৰটোৰ বাবে তেওঁলোকে এখন চাৰ্টিফিকেট লাভ কৰিব৷ তদুপৰি বিশ্বৰ এশখন শ্ৰেষ্ঠ বিশ্ববিদ্যালয়ক ভাৰতত তেওঁলোকৰ কেম্পাছ স্থাপন কৰিবলৈ মুকলি কৰি দিয়া হৈছে৷
তদুপৰি নতুন শিক্ষা নীতি অনুসৰি যিমান দূৰ সম্ভৱ পঞ্চম শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ মাতৃভাষা অথবা আঞ্চলিক ভাষাত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰাটোও নতুন শিক্ষা নীতিৰ এক উল্লেখযোগ্য দিশ৷ অৱশ্যে প্ৰতিখন বিদ্যালয়ৰ ওপৰতে এই নীতি বাধ্যতামূলক হ’লে কৰ্মসূত্ৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বদলি হৈ থকা পিতৃ-মাতৃৰ সন্তানসকলে যথেষ্ট পৰিমাণে অসুবিধাৰো সন্মুখীন হ’ব৷
নতুন শিক্ষা নীতিত গোটেই শিক্ষা ব্যৱস্থাটোক কেন্দ্ৰীভূত কৰাৰ প্ৰয়াস থকা যেন অনুভৱ হ’লেও সামগ্ৰিকভাৱে যে ই এক বলিষ্ঠ শিক্ষানীতি সেই বিষয়ে সন্দেহ নাই৷ এতিয়া মাথোঁ অপেক্ষা ইয়াৰ সঠিক বাস্তৱায়নলৈ৷
অৱশ্যে এই শিক্ষানীতিৰ ৰূপায়ণৰ দিশত আন্তঃগাঁনিৰ ব্যাপক পৰিৱৰ্তনৰ প্ৰয়োজন হব। ই কিমান দূৰ সম্ভৱ হৈ উঠে সেয়া সময়তহে পৰিলক্ষিত হব।

ভ্ৰাম্যভাষ: ৯৪৩৫০৫০৭৪০

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ