অন্যযুগ/


মোৰ দৃষ্টিৰে কবিতা...

 প্ৰজ্ঞান প্ৰতিম শৰ্মা

 

কিছু কবিতা পাঠকৰ বাবে; আন কিছু কবিতা নিজৰ বাবে; আৰু নিজৰ বাবে লিখা কিছু কিছু কবিতা সমাজৰ বাবে। প্ৰথমবিধ বহিৰ্মুখী, দ্বিতীয়বিধ অন্তৰ্মুখী, আৰু তৃতীয় বিধৰ কবিতা কবিৰ বহিৰ্মুখী অন্তঃপ্ৰকাশ।

সমাজ-দায়ৱদ্ধতাৰ দোহাই দি কোনো অন্তৰ্মুখী কবিক পদপথলৈ টানি অনাটো কিমান যুক্তিসংগত সেয়া বিচাৰ্য্য বিষয়। ব্যক্তি-স্বাধীনতাৰ বিপৰীত মেৰুত সাহিত্যৰ বিকাশ সম্ভৱ নহয়। শিকলিৰে বন্ধা সাহিত্য চলৰ নামান্তৰ মাথোন।

লিখাৰ তাড়নাত সৃষ্টি হোৱা সাহিত্য প্ৰকৃত সাহিত্য। জাৰ্মান কবি Rainer Maria Rilke-এ Franz Xaver Kappus-অলৈ লিখিছিল—

This above all—ask yourself in the stillest hour of your night: must I write? Delve into yourself for a deep answer. And if this should be affirmative, if you may meet this earnest question with a strong and simple "I must," then build your life according to this necessity; your life even into its most indifferent and slightest hour must be a sign of this urge and a testimony to it(.)”।

লিখাৰ তাড়নাৰ কাৰকসমূহ ব্যক্তিভেদে বেলেগ বেলেগ। প্ৰধানকৈ কবিতাৰ ক্ষেত্ৰত সংস্কৃত নন্দনতাত্ত্বিক হেমচন্দ্ৰই কৈছে—“কৰোতি কীৰ্তিং প্ৰীতিং চ সাধু কাৱ্য নিৱেষণম্ ইতি, তথাপি প্ৰীতিৰেৱ প্ৰধানম্।” Eric Arthur Blair (আমাৰ চিনাকি নাম George Orwell)-এ লিখাৰ অনুপ্ৰেৰণাৰ আঁৰৰ চাৰিটা প্ৰধান দিশলৈ আঙুলিয়াইছে। “Why I Write” ৰচনাখনত তেখেতে উল্লেখ কৰা এই দিশসমূহৰ প্ৰথমটো ‘sheer egoism(.)’। লেখকৰ অন্যতম মৌলিক প্ৰেৰণাৰ উৎস যশ-খ্যাতি অথবা কিবা কৰি দেখুওৱাৰ হেঁপাহ। ‘Aesthetic enthusiasm’ দ্বিতীয়টো দিশ। ই হ’ল সৌন্দৰ্য্যপ্ৰীতি। বহিৰ্জগতৰ সৌন্দৰ্য্যৰ লগতে শব্দজগতৰ সৌন্দৰ্য্যকো ইয়াত সাঙুৰি লোৱা হৈছে। তৃতীয়টো দিশ ‘historical impulse(.)’—সত্যৰ অনুধাৱন আৰু ভৱিষ্যতলৈ বুলি সেই সত্য সাঁচি থৈ যোৱাৰ ইচ্ছা। চতুৰ্থ আৰু অন্তিম দিশটি ‘political purpose(.)’। ইয়াত ‘political শব্দটো বহল অৰ্থত ব্যৱহাৰ কৰা হৈছে। সমাজৰ দিশ-নিৰ্ণয়কাৰী সংস্কাৰধৰ্মী সাহিত্য ‘political purpose’-অত্ ৰচনা কৰা সাহিত্য।

সাহিত্যৰ বিশিষ্ট বিধা কবিতালৈ বিশেষভাৱে লক্ষ্য ৰাখি আমি আন এটা দিশৰ কথাও উনুকিয়াব পাৰোঁ। একান্ত নিজৰ বাবে লিখা কবিতা অন্তৰ্দহন তথা অন্তৰ্মননৰ ফল। অন্তঃ-পৰিশোধনমূলক (cathartic) কবিতা প্ৰায়ে দুৰ্বোধ্য। কাৰণ ই কবিৰ একান্ত ব্যক্তিগত অভিজ্ঞতা আৰু যন্ত্ৰণাৰ ফচল। এনেবিধৰ কবিতাত ব্যক্তিগত প্ৰতীকৰ ব্যৱহাৰ যথেষ্ট বেছি।

অৱশ্যে আন বহুতো কাৰণত কবিতা দুৰ্বোধ্য হৈ পৰিব পাৰে। কোৱা হয় যে মৌনতা সৰ্বোৎকৃষ্ট কবিতা। পৃথিৱীৰ আটাইতকৈ ভাল কবিতাবোৰ দৰাচলতে দ্বিতীয় স্থানত। জীৱনৰ প্ৰতিটো মুহূৰ্ত কবিতাৰ উপাদান হ’ব পাৰে। কিন্তু সংবেদনক ভাষিক মাধ্যমত প্ৰকাশ কৰা কঠিন। উল্লেখ্য যে Plato-ৰ মতে ধাৰণাই প্ৰকৃত বাস্তৱ। সেই ধাৰণাৰ আধাৰত নিৰ্মিত ভৌতিক জগত বাস্তৱৰ পৰা এখোজ আঁতৰত। আনহাতে, ভৌতিক জগতৰ অনুকৃতি কবিতা বাস্তৱৰ পৰা দুখোজ আঁতৰত। সেয়েহে Plato-ৰ আদৰ্শ ৰাজ্যত কবিৰ স্থান নাছিল। যি কি নহওক, যিহেতু এই অনুকৰণৰ মাধ্যম ভাষা, আধুনিক ব্যক্তিকেন্দ্ৰিক জটিল জীৱনৰ সূক্ষ্মাতিসূক্ষ্ম ভাৱ-অনুভূতি প্ৰকাশ কৰাত ই সম্পূৰ্ণৰূপে সক্ষম নহয়। তদুপৰি ভাষাৰ বোধ সকলোৰে বাবে ভিন্ন। আধুনিক কবিতাৰ অৰ্থৰ বহুদৰ্শিতাৰ ই এটি মুখ্য কাৰণ।

প্ৰশ্ন হয়— দুৰ্বোধ্যতাৰ ফলস্বৰূপে আধুনিক কবিতা সাধাৰণ পাঠকৰ পৰা আঁতৰি গৈছে নেকি? হয়তো আধুনিক কবিতা লোক-কবিতাৰ সমান জনপ্ৰিয় নহয়। কিন্তু ই সময়ৰ দাবী। বিজ্ঞান-প্ৰযুক্তিৰ দ্বাৰা সৰলীকৃত আধুনিক মানুহৰ জীৱনশৈলীত কিছু মনন-চিন্তনৰ প্ৰয়োজন নুই কৰিব নোৱাৰি।

প্ৰসংগক্ৰমে এটি ব্যক্তিগত অভিজ্ঞতাৰ কথা এইখিনিতে উনুকিয়াব খুজিছোঁ। প্ৰথমতেই এটি স্বৰচিত কবিতা তুলি দিলোঁ—

THE RAINY NIGHT

When you cannot distinguish

between a dead frog reeking and

the petrichor coming out

of the sludgy soil,

just listen to the dying

sound of the rain

croaking on the roof.

ব্যক্তিগত বিচাৰত কবিতাটি মোৰ পছন্দৰ। বৰষুণ দি থকা এটা ৰাতি আছিল কবিতাটোৰ প্ৰেক্ষাপট। ভেকুলীৰ টোৰটোৰনি। টিঙত বৰষুণৰ শব্দ। এই আটাইবোৰক মই camera-ত বন্দী কৰাতকৈ শব্দত বন্দী কৰি থ’বলৈ ইচ্ছা কৰিলোঁ। কিন্তু পূৰ্বতে উল্লেখ কৰি অহাৰ দৰেই সংবেদন প্ৰকাশৰ ক্ষেত্ৰত ভাষাৰ সীমাৱদ্ধতাই পুনৰ আমনি কৰিলে। ফলস্বৰূপে গাইগুটীয়া অভিজ্ঞতাসমূহ মিহলি হৈ গ’ল। কবিতাটোত যদি দুৰ্বোধ্যতাৰ চাপ পৰিছে, তাৰ কাৰণ বোধহয় এইটোৱেই। মাটিৰ গোন্ধ কিহৰ বাবে মৰা ভেকুলীৰ গোন্ধলৈ পৰ্য্যৱসিত হ’ল, বা বৰষুণৰ শব্দ কিদৰে ভেকুলীৰ টোৰটোৰনি হ’ল তাৰ উত্তৰ আৰু এতিয়া মই দিব নোৱাৰোঁ। বোধহয় কবিতাটিত ভাৱৰ গতিধাৰা স্বতঃস্ফূৰ্ত। কিন্তু কবিতাটোৰ গঠন-কাৰ্য্যত মোৰ সচেতন প্ৰয়াসৰ কথা মোৰ এতিয়াও ফটফটীয়াকৈ মনত আছে । উদাহৰণস্বৰূপে reeking, coming, dying, croaking— এই শব্দকেইটালৈ মন কৰক। -ing-ৰ পুনৰাবৃত্তিয়ে অন্তৰ্নিহিত গতিৰ ধাৰণা এটা মনলৈ নানেনে? এই কৌশলটো মই সচেতনভাৱে প্ৰয়োগ কৰিছিলোঁ Thomas Stearns Eliot-অৰ্ “The Waste Land” কবিতাটিৰ প্ৰথম শাৰীকেইটাৰ পৰা অনুপ্ৰাণিত হৈ। শাৰীকেইটা আছিল এনেধৰণৰ—

April is the cruellest month, breeding

Lilacs out of the dead land, mixing

Memory and desire, stirring

Dull roots with spring rain.

Winter kept us warm, covering

Earth in forgetful snow, feeding

A little life with dried tubers.

ঠিক একেদৰে কবিতাটিত প্ৰতিটো শাৰীৰ আৰম্ভণিত সৰুফলা আখৰ ব্যৱহাৰ কৰা, অথবা একেটা বাক্যতে কবিতাটো শেষ কৰা আদি সকলো সচেতন মনৰ কাৰ্য্য।

Lyrical Ballads- পাতনিত ৱৰ্ডছ্‌ৱৰ্থে (Wordsworth) ক’লে—“... poetry is the spontaneous overflow of powerful feelings (.)”। আনহাতে, Eliot- প্ৰসিদ্ধ ৰচনা “Tradition and the Individual Talent”-অ তেখেতে লিখিলে—There is a great deal, in the writing of poetry, which must be conscious and deliberate. In fact, the bad poet is usually unconscious where he ought to be conscious, and conscious where he ought to be unconscious(.)”। মোৰ বোধেৰে কবিতাৰ কেন্দ্ৰীয় ভাৱটি বহু সময়ত স্বতঃস্ফূৰ্ত আৰু আনহাতে কবিতাৰ বাহ্যিক গঠন কবিৰ সচেতন মনৰ প্ৰয়াসৰ ফল। ভাৱৰ জুমুঠিটোত তেজ-মঙহ দিয়াত সহায় কৰে অধ্যয়ন তথা অভিজ্ঞতাই।

আন এটা প্ৰসংগৰ এইখিনিতে উল্লেখ কৰিব খোজোঁ। বাণীকান্ত কাকতিয়ে লিখিছে—“চৈতন্যৰ উদয়ৰপৰা মৰণলৈকে জীৱন এটা সুদীৰ্ঘ কাৰুণ্যৰ আৱেগ মাথোন।” যিহেতু কাব্য-চৰ্চা জীৱন-চৰ্চাৰেই অন্য নাম গতিকে সাহিত্যত শোকৰ প্ৰভাৱ সহজেই পৰিলক্ষিত হয়। “সাহিত্যত কৰুণ ৰস” প্ৰৱন্ধটিত কাকতিদেৱে বাল্মীকিৰ শ্লোকৰ পৰা Michelangelo-ৰ চিত্ৰশিল্পলৈকে সকলোতে শোকৰ গভীৰ প্ৰভাৱ দেখুৱাইছে। চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথমা কন্যা প্ৰতিমাৰ সোঁৱৰণত ৰচনা কৰা “সৰু, কিন্তু নিভাঁজ সোণৰ” প্ৰতিমা কাব্যগ্ৰন্থৰ আধাৰ শোকেই নহয় জানো? Beatrice- শোকতেই মহাকবি Dante-Comedìa গ্ৰন্থখন ৰচনা কৰিছিল। তেনেদৰে Sylvia Plath-অ বহুচৰ্চিত কবিতাসমূহৰ অন্যতম বিষয়বস্তু মৃত্যু। ব্যক্তিগত আৰু সামূহিক দুয়োবিধ যন্ত্ৰণাই কবিতাৰূপে আত্মপ্ৰকাশ কৰে। সামূহিক বেদনাৰ বহিঃপ্ৰকাশ বহু সময়ত জন-কবিতাৰূপে পৰিগণিত হয়।

আধুনিক কবিতাত তত্ত্ব প্ৰয়োগৰ প্ৰৱণতা আন এটি বিচাৰ কৰিবলগীয়া বিষয়। অৰ্থহীন, অপ্ৰয়োজনীয় অলংকাৰৰ প্ৰয়োগে যিদৰে কবিতাৰ কাব্যত্ব নাশ কৰে, ঠিক সেইদৰে কবিৰ অনাৱশ্যক তাত্ত্বিক দৃষ্টিভংগীয়ে কবিতাৰ ৰসাস্বাদনত ব্যাঘাত জন্মায়। এইবিষয়ত হেম বৰুৱাদেৱে তেখেতৰ সাহিত্য আৰু সমস্যা গ্ৰন্থত লিখিছে— “থিয়ৰিৰ বশৱৰ্তী হোৱা কৱি-শিল্পী সাধাৰণতে সমালোচকলৈ ৰূপান্তৰিত হয়। বৰ্তমান যুগৰ কবিতা যিমানেই পঢ়োঁ, সিমানেই থিয়ৰীৰ প্ৰাদুৰ্ভাৱৰ বিষয়ে মই সজাগ হৈ পৰোঁ। সমসাময়িক কবিয়ে যেন অন্তৰ-অনুভূতিৰ তাড়নাত কাব্য ৰচনা নকৰে, থিয়ৰিৰ তাড়নাতহে কৰে। এইষাৰ কথা স্পষ্ট হৈ পৰে।” (“সমসাময়িক কৱিতা”)

ৰমন্যাসিক ভাৱধাৰাৰ প্ৰতি আধুনিক কবি-সমালোচকৰ বিৰাগ তত্ত্ব-প্ৰয়োগৰ অত্যধিক প্ৰৱণতাৰ আঁৰৰ এটা প্ৰধান কাৰক। আধুনিক কবিতাত আৱেগবিহ্বল দৃষ্টিভংগীতকৈ সমালোচনাত্মক দৃষ্টিভংগীৰ প্ৰাধান্য। হয়তো সেইবাবেই আধুনিক কবিতাত তত্ত্ব-প্ৰয়োগ পৰিলক্ষিত হয়। উল্লেখ্য যে বৰ্তমানৰ আধুনিক অসমীয়া কবিতাত ৰমন্যাসিক ভাৱধাৰাৰ যেন পুনৰুত্থান (অন্ততঃ কিশোৰ-কিশোৰীৰ মাজত জনপ্ৰিয়তালৈ লক্ষ্য কৰি) হৈছে। একে আষাৰে ইয়াক ভাল বা বেয়া বুলি অভিহিত কৰিব নোৱাৰি। প্ৰৱন্ধৰ প্ৰাৰম্ভতেই ব্যক্তি-স্বাধীনতাৰ কথা উল্লেখ কৰি অহা হৈছে। মাত্ৰ ৰমন্যাসবাদৰ এই নব্য ধাৰাটি আধুনিক ভাৱাদৰ্শ আৰু সাধনাৰে পুষ্ট হওক এয়ে আমাৰ আশা। আৰু একে সময়তে বিভিন্ন ধাৰাৰ কবিতাৰ সৃষ্টিয়ে আমাৰ সাহিত্যক যে সমৃদ্ধ কৰিব তাত সন্দেহৰ অৱকাশ নাই।

সাধনাবিহীন সফলতা অস্থায়ী। বৰ্তমানৰ নতুন কবিসকলে নিজৰ অতীত-সমৃদ্ধিৰ লগত পৰিচয় হৈ লোৱাৰ অতীৱ প্ৰয়োজন। শূন্যত সৌধ নিৰ্মাণ কৰা কৰা সম্ভৱ নহয়। অতীতৰ সকলো কথা আমি যেনেদৰে গ্ৰহণ কৰিব নোৱাৰোঁ, তেনেদৰে সকলো কথা দলিয়াই পেলোৱাও অনুচিত। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱে কোৱাৰ দৰেই কালিদাস হ’বলৈ হ’লে কিছু পাণিনিও জানিব লাগিব।

ষষ্ঠ ষাণ্মাসিক

ইংৰাজী বিভাগ

জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ — ৭৬৩৫৯৪৯৩১৭

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ