অন্যযুগ/


এগৰাকী প্ৰতিবাদী মহিলাৰ কথাৰে

চন্দ্ৰাৱলী বৰঠাকুৰ

                                                              

বৰ্তমান সময়ত আধুনিকীকৰণ আৰু নগৰীকৰণৰ স্পৰ্শৰ পৰা পৃথিৱীৰ প্ৰায় অধিকাংশ সাৰি যাব পৰা নাই। এক আধুনিক পৃথিৱী নিৰ্মাণৰ সপোন সাৰ্থক কৰিবৰ বাবে এইয়া নিতান্তই বাস্তৱসন্মত কথা যেনেই লাগে। কিন্তু সেই সপোন যদি প্ৰাকৃতিক ভাৰসাম্যতাৰ বিৰুদ্ধে হয়, তেন্তে আপোন পৃথিৱীখনত জীৱজগতৰ স্থায়িত্বও যে বিশেষ দীঘলীয়া নহ, সেই কথা প্ৰত্যেকজন বিচাৰবুদ্ধিসম্পন্ন লোকে বুজি নিশ্চয় পা   

নগৰৰ পৰা দূৰৰ এটা ব্যস্ত পকী ৰাস্তা, নাম ধোদৰ আলি। যোৰহাট নগৰৰ দক্ষিণে অৱস্থিত ধোদৰ আলি নামৰ পথটো গোলাঘাট জিলাৰ খুমটাই কমাৰগাঁৱৰ পৰা দক্ষিণ-পূলৈ গৈ গোলাঘাট নগৰৰ মাজেদি কমাৰ-বন্ধা হৈ তিতাবৰ, মৰিয়নি মাজেৰে নামৰূপৰ ওচৰৰ জয়পুৰত সংযুক্ত হৈছে। এই আলিটোৰ দৈৰ্ঘ্য প্ৰায় ২১২ কিঃমিঃ। এই পথটো উজনি অসমৰ চাৰিখন জিলা (গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু ডিব্ৰুগড়)ৰ মাজেৰে পাৰ হৈ গৈছেতাহানি দিনতে স্বৰ্গদেউ গদাধৰ সিংহই নিৰ্মাণ কৰা,ৰ্ম-সংস্কৃতিৰ অপূৰ্ব আদৰ্শ প্ৰকাশ কৰা এই ৰাস্তাটো বহুদিন ধৰি মেৰামতি কৰি পুনৰ্নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনে সেই পথেৰে অহা-যোৱা কৰা যাত্ৰীসকলে দাঁতিত থকা পুৰণি গছবোৰৰ অন্তিম দশাৰ কথা চিন্তা কৰি শংকিত হৈ আছিল। তেনে এজোপা পুৰণি গছক কেন্দ্ৰ কৰি এদিন এটা অভিনৱ প্ৰতিবাদ দৃষ্টিগোচৰ হল। কাটি থকা গছজোপাৰ কাষত নিজৰ গাড়ীখন ৰখাই নামি আহিল এগৰাকী মহিলা। তেওঁ আহি পাৰ্যমানে চিঞৰি পুৰণি গছজোপা কটাত বাধা দিবলৈ ধৰিলে। পেছাত শিক্ষক মহিলাগৰাকীৰ চকুত প্ৰচণ্ড খং, প্ৰতিবাদ আৰু হতাশা দেখিবলৈ পোৱা গৈছিল। তেওঁৰ চিঞৰত গছত উঠি থকা মানুহকেইজনো তললৈ নামি আহিবলৈ বাধ্য হল। পাৰ্যমানে তেওঁ গছকটা মানুহকেইজনক গছজোপা নাকাটিবলৈ অনুৰোধ কৰাৰ উপৰিও ৰাস্তা বহলোৱাৰ বাবেই যে গছজোপা কটাৰ বিশেষ প্ৰয়োজন নাছিল তাক বুজাবৰ যত্ন কৰিলে। কাৰ নিৰ্দেশত এই গছজোপা কটা গৈছে সেইয়া প্ৰাথমিক অনুসন্ধানৰ পিছত দেখা গ’ল যে শ্ৰমিকসকলে এজনে আনজনলৈ দায়িত্ব ঠেলি দিছে প্ৰকৃততে কাৰ নিৰ্দেশত গছজোপা কটা গল, তাৰ তথ্য তেওঁ উদ্ধাৰ কৰিব নোৱাৰিলে। বিভিন্নজনলৈ ফোন আৰু যোগাযোগ কৰিও মানুহগৰাকীয়ে ইয়াৰ সদুত্তৰ নাপালে। শান্ত হৈ মানুহগৰাকীয়ে গছকটা মানুহকেইজনক গছৰ অবিহনে হবলগীয়া ভয়াৱহতাৰ কথা কলে। মানুহগৰাকীৰ আৱেগিক কথাকেইটা শুনি গছকটা শ্ৰমিককেইজনে ভৱিষ্যতে গছ নাকাটোঁ বুলি কথা দিলে। কিন্তু ইতিমধ্যে গছ জোপাৰ ৯০%  অংশ কাটি দিয়া হৈছিল, তেনে ক্ষেত্ৰত আধাতে এৰি দিলে হঠাৎ গছজোপা পৰি গৈ  অন্য বিপদ কঢ়িয়াব পাৰে। অঘটনৰ কথা চিন্তা কৰিয়েই বিষাদ মনেৰে তেওঁ গছজোপা কাটিবলৈ এৰি দিব ল’গা হ’ল৷

 ভিদৰ ভয়াৱহতাৰ পিছত আমি শিকিলোঁ কি- সেই প্ৰশ্ন বুকুত লৈ তেওঁ ঘৰলৈ ঘূৰি আহিল। শেহতীয়াকৈ দিল্লীৰ বতৰৰ অৱস্থা বিষয়ে আমি সকলোৱেই অৱগত দিল্লী লগতে অন্যান্য ৰাজ্যৰ দৰে পৰিস্থিতি যে আমাৰ অসমতো নহব তাৰ কোনো নিশ্চয়তা নাই। বৰঞ্চ তাতকৈ হয়তো অধিক বেয়ালৈ পৰিস্থিতি যাব পাৰে। তেনেক্ষেত্ৰত মহিলাগৰাকীয়ে কৰাৰ দৰে প্ৰতিবাদ আমাৰ সকলোৰে কাম্য।

***

 

চতুৰ্থ ষান্মাসিক,

পাচঁ বছৰীয়া সংহত পাঠ্যক্ৰম, সমাজতত্ত্ব বিভাগ,

গুৱাহাটী বিশ্ববিদ্যালয়,

ভ্ৰাম্যভাষ: ৯৮৬৪৯-৪৭৪৩৮

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ