অন্যযুগ/


শিশুৰ বৃদ্ধি আৰু বিকাশ

 ডাঃ মাখন কলিতা

        শিশুৰ বৃদ্ধি আৰু বিকাশৰ বিষয়টোৰ পৰিসৰ যথেষ্ট ব্যাপক৷ পৰিসৰ ব্যাপক এই কাৰণেই যে স্বাস্থ্য বিভাগৰ উপৰি সমাজ কল্যাণ, শিক্ষা, ক্ৰীড়া, সাংস্কৃতিক আদি চৰকাৰী আৰু বেচৰকাৰী বহু বিভাগ শিশুৰ বৃদ্ধি আৰু বিকাশৰ সতে পৰোক্ষ অথবা প্ৰত্যক্ষভাৱে সম্পৰ্কিত৷ শিশুৰ শাৰীৰিক বৃদ্ধিৰ বিষয়টোতকৈ বিকাশৰ বিষয়টোৰ পৰিসৰ বেছি ব্যাপক আৰু গুৰুত্ব অধিক৷ শিশুৰ শাৰীৰিক বৃদ্ধিয়ে শিশুৰ অৱয়ব, চ্চতা আৰু ওজন আদিৰ বয়স অনুপাতে বৃদ্ধিক বুজোৱাৰ বিপৰীতে বিকাশে শিশুৰ মানসিক, সামাজিক, সাংস্কৃতিক, আধ্যাত্মিক আদি আনুষংগিক দিশসমূহৰ বিকাশক সাঙুৰি লয়৷ যিহেতু শিশুৰ বৃদ্ধি আৰু বিকাশ এক সামূহিক প্ৰক্ৰিয়া, সেয়ে স্বাস্থ্য বিজ্ঞানত এই বিষয়টোক একেলগে আলোচনা কৰা হয়৷  আমি এই আলোচনাত জন্মৰ পৰা তিনি বছৰলৈকে শিশুৰ বৃদ্ধি আৰু বিকাশ সন্দৰ্ভত স্বাস্থ্যৰ দিশৰ পৰা এক চমু আলোকপাত কৰিবলৈহে যত্ন কৰিম৷  শিশুৰ বৃদ্ধি আৰু বিকাশৰ ভেটি গঢ় লয় এই সময়ছোৱাৰ ভিতৰতে৷

        শিশু আৰু মাতৃক সদায়েই এটা একক হিচাপে গণ্য কৰা হয়৷ শিশুৰ বৃদ্ধি আৰু বিকাশত মাতৃৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ মাতৃক বাদ দি শিশুৰ স্বাস্থ্যৰ কথা ভাবিব নোৱাৰি৷ মাতৃক শিশুৰ প্ৰথম শিক্ষক হিচাপে গণ্য কৰা হয়৷ উন্নয়নশীল দেশৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭১.১৪ শতাংশই হল শিশু আৰু মাতৃ৷ ভাৰতবৰ্ষত প্ৰজননক্ষম বয়স সীমাৰ অৰ্থাৎ ১৫ বছৰৰ পৰা ৪৪ বছৰৰ ভিতৰৰ মহিলা প্ৰায় ২২.২ শতাংশ আৰু ১৪ বছৰৰ তলৰ লৰা-ছোৱালীৰ সংখ্যা প্ৰায় ৪০ শতাংশ৷ এই দুয়োটা সংখ্যা একগোট কৰিলে দেখা যায় মুঠ জনসংখ্যাৰ আধাতকৈয়ো বেছি গৰ্ভধাৰণ কৰিব পৰা বয়স সীমাৰ মহিলা, শিশু আৰু কিশোৰ৷ 

        সমীক্ষাৰ পৰা দেখা গৈছে যে মাতৃ তথা শিশু আৰু কিশোৰসকলে জনসংখ্যাৰ অৰ্ধেক সংখ্যা অধিকাৰ কৰাই নহয, এই বিশেষ গোটটোৰেই বিভিন্ন স্বাস্থ্য সমস্যা সবাতোকৈ বেছি৷ উন্নত দেশসমূহত মৃত্যুৰ ৫০ শতাংশ লোক হল ৭০ বছৰৰ ঊৰ্ধৰ লোক৷ ইয়াৰ বিপৰীতে উন্নয়নশীল দেশসমূহত মৃত্যুৰ ৫০ শতাংশই ৫ বছৰৰ তলৰ শিশু৷ নিৰক্ষৰতা, স্বাস্থ্য সজাগতাৰ অভাৱ, দৰিদ্ৰতা, পৰ্য্যাপ্ত স্বাস্থ্য সেৱাৰ সুবিধাৰ অভাৱ আদিয়েই মূল কাৰণ৷ আনফালেদি যদি প্ৰসূতিজনিত কাৰণত মাতৃৰ মৃত্যুৰ হাৰলৈ লক্ষ্য কৰোঁউন্নত দেশত এই হাৰ প্ৰতি এক লাখত ১২ গৰাকী হোৱাৰ বিপৰীতে উন্নয়শীল দেশত এই হাৰ আচৰিত ধৰণে বেছি৷ প্ৰতি এক লাখত ২৩৯ গৰাকী৷ ভাৰতবৰ্ষত প্ৰত্যেক বছৰে প্ৰায় ২৭ মিলিয়ন শিশুৰ জন্ম হৈ আছে৷ দুখৰ বিষয় যে ইয়াৰে ১০ শতাংশই অকাল প্ৰসৱ, ডায়েৰীয়া, পুষ্টিহীনতা, সংক্ৰমিত ৰোগ, জন্মগত বিকাৰ আদি বিভিন্ন কাৰণত মৃত্যুমুখত পৰে৷ প্ৰায় আধাসংখ্যক শিশুৰ মৃত্যু ঘটে এবছৰ বয়সৰ ভিতৰতে৷ প্ৰসূতিজনিত কাৰণত মহিলাৰ মৃত্যুৰ হাৰ বিশ্বৰ ভিতৰত নাইজেৰিয়াৰ পিছতে ভাৰতত বেছি৷ ভাৰতবৰ্ষৰ ভিতৰত অসম (২১৫), উত্তৰ প্ৰদেশ (১৯৭), মধ্যপ্ৰদেশ (১৭৩) এইকেইখন ৰাজ্যতেই আটাইতকৈ বেছি৷ ১৭ অক্টোবৰ, ২০১৯ ত ইউনিচেফ’-এ দিয়া তথ্যমতে ২০১৮ বৰ্ষত বছৰৰ তলৰ সৰ্বাধিক শিশুৰ মৃত্যু হোৱা তিনিখন দেশ হভাৰত, নাইজেৰিয়া আৰু পাকিস্তান৷ তথ্যমতে ভাৰতবৰ্ষত ৮২২০০০টা, নাইজেৰিয়াত ৮৬৬০০০টা আৰু পাকিস্তানত ৪০৯০০০টা বছৰৰ তলৰ শিশুৰ ২০১৮ বৰ্ষত মৃত্যু হৈছিল৷ এই সংখাটোৱে প্ৰমাণ কৰে ভাৰতবৰ্ষত বৰ্তমান শিশুৰ স্বাস্থ্যৰ দিশটো কেনে পৰ্যায়ত আছে আৰু শিশুৰ স্বাস্থ্যৰ বাবে চৰকাৰ তথা আমাৰ কৰণীয় কি৷

        মাতৃ আৰু শিশুৰ এই সমস্যালৈ লক্ষ ৰাখি ভাৰতৰ পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ২০০৫ চনৰ এপ্ৰিলত ৰাষ্টীয় গ্ৰাম্য স্বাস্থ্য আঁচনি ঘোষণা কৰে৷ এই আঁচনিত স্বাস্থ্যৰ বহুকেইটা দিশ সামৰি লোৱা হৈছিল যদিও মূল লক্ষ্য আছিল প্ৰসূতিজনিত কাৰণত মাতৃৰ মৃত্যু আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা৷ লক্ষণীয়ভাৱে বিগত ডেৰটা দশকত কিছু আশাপদ ফল পোৱা গৈছে৷ ২০১৩ চনত চহৰ আৰু গ্ৰাম্য দুয়োটাৰে বাবে ৰাষ্ট্ৰীয় স্বাস্থ্য আঁচনি হাতত লোৱা হৈছে সেই অনুযায়ী কৰ্মপন্থা গ্ৰহণ কৰা হৈছে৷ হলেও মাতৃ আৰু শিশুৰ স্বাস্থ্যৰ দিশত ফলপ্ৰসূ পৰ্যায় পাবলৈ এতিয়াও বহু দূৰ আছে৷

কিয় মাতৃ আৰু শিশুক এটা একক হিচাপে গণ্য কৰা হয়?

        প্ৰথম কথা হল প্ৰাকপ্ৰসৱ কালত মাতৃৰ গৰ্ভত সন্তান মাতৃৰ এটা অংশ হিচাপেই থাকে৷ ২৮০ দিনীয়া গৰ্ভাৱস্থাৰ কালচোৱাত গৰ্ভস্থ সন্তানে বিকাশৰ বাবে প্ৰয়োজনীয় সকলো উপাদান আৰু অক্সিজেন মাতৃৰ দেহৰ পৰাই আহৰণ কৰে৷ শিশুৰ বিকাশৰ সতে মাতৃৰ স্বাস্থ্যৰ পোনপটীয়া সম্পৰ্ক আছে৷ মাতৃৰ সুস্বাস্থ্য অৰু পৰিপুষ্টি অবিহনে গৰ্ভস্থ সন্তানৰ বিকাশ সম্ভৱপৰ নহয়৷ গৰ্ভাৱস্থাত নিষিদ্ধ কিছুমান ঔষধৰ সেৱন তথা গৰ্ভাৱস্থাত মাতৃগৰাকীয়ে ভোগা কিছুমান অসুখ যেনে - চিফিলিছ, হেপাটাইটিছ, মধুমেহ, জাৰ্মান সৰু আই আদিয়েও গৰ্ভস্থ সন্তানৰ শাৰীৰিক বৃদ্ধিত বাধাৰ সৃষ্টি কৰে৷ সন্তান জন্ম গ্ৰহণৰ পাছত ৬- মাহ পৰ্যন্ত আহাৰৰ বাবে শিশু সম্পূৰ্ণৰূপে মাতৃৰ ওপৰত নিৰ্ভৰশীল৷ শিশুৰ মানসিক আৰু সামাজিক বিকাশো মাতৃৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰে৷ মাতৃগৰাকীয়েই হল শিশুৰ প্ৰথম শিক্ষক৷

শিশুৰ বৃদ্ধি আৰু বিকাশত প্ৰভাৱকাৰী কাৰক:

        আগতেই আমি উল্লেখ কৰিছোঁ যে শিশুৰ বৃদ্ধি আৰু বিকাশৰ বিষয়¸টোৰ পৰিসৰ যথেষ্ট ব্যাপক৷ শিশুৰ বৃদ্ধি আৰু বিকাশত প্ৰভাৱ পেলোৱা অনেক কাৰণ আছে৷  বিশেষভাৱে প্ৰভাৱ পেলোৱা কেইটামান কাৰক তলত দাঙি ধৰা হল--

        ১) বংশানুক্ৰমিক চৰিত্ৰ : বংশানুক্ৰমিক চৰিত্ৰই শিশুৰ বৃদ্ধি আৰু বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লয়৷ বিশেষভাৱে শিশুৰ উচ্ছতা, ওজন লগতে মানসিক বিকাশ, সামাজিক তথা ব্যক্তিত্ব গঠনৰ ক্ষেত্ৰত বংশানুক্ৰমিক প্ৰভাৱ বিশেষভাৱে পৰিলক্ষিত হোৱা দেখাযায়৷

        ২) মাতৃৰ স্বাস্থ্য : সবল আৰু সুস্থ স্বাস্থ্যবান মাতৃয়েহে এটি সবল আৰু স্বাস্থ্যবান শিশু জন্ম দিবলৈ সক্ষম৷ সঘনাই গৰ্ভধাৰণ কৰা মহিলা, কম বয়স অথবা বেছি সন্তান জন্ম দিয়া মহিলা, গৰ্ভাৱস্থাত ৰক্তহীনতাআৰু পুষ্টিহীনতাত ভোগা মহিলাই অকাল প্ৰসৱ আৰু কম ওজনৰ শিশু জন্ম দিয়ে৷ এনে শিশুৰ বৃদ্ধি আৰু বিকাশ বাধাগ্ৰস্ত হোৱাৰ উপৰি বেমাৰ-আজাৰ প্ৰতিৰোধৰ ক্ষমতাও কম হয়৷ প্ৰথম এবছৰত এনে শিশুৰ মৃত্যৰ হাৰ সৰ্বাধিক৷ 

        ৩) পৰিপুষ্টি : শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে পুষ্টিকৰ সুষম আহাৰৰ প্ৰয়োজন৷ পিতৃ-মাতৃৰ দায়িত্ব এই ক্ষেত্ৰত অপৰিসীম৷ বৰ্তমান ৫ বছৰৰ তলৰ শিশুৰ ২৯.৪ শতাংশ শিশুৰে বয়স অনুপাতে ওজন কম৷ ভাৰতবৰ্ষত ৫ বছৰৰ তলত মৃত্যু হোৱা শিশুৰ ৪৫ শতাংশই পুষ্টিহীনতাত ভোগা শিশু৷

        ৪) বয়স আৰু লিংগ : বয়স আৰু লিংগ ভেদে শিশুৰ বৃদ্ধি আৰু বিকাশত ভিন্নতা দেখা যায়৷ শিশুৰ বৃদ্ধিৰ ক্ষেত্ৰত মাতৃ গৰ্ভত থকা সময়ত, প্ৰথম এবছৰত আৰু বয়ঃসন্ধিৰ সময়ত বৃদ্ধি দ্ৰুত হয়৷ ১০-ৰৰ বছৰৰ ভিতৰত লৰাতকৈ ছোৱালীৰ শাৰীৰিক বৃদ্ধি বেছি হোৱাৰ বিপৰীতে লৰাৰ শাৰীৰিক বৃদ্ধি বেছি হয় ১২-১৪ বছৰৰ ভিতৰত৷ এই সময়ছোৱাতে লৰা আৰু ছোৱালীৰ যৌনাংগলৈ পৰিবৰ্তন অহাৰ লগতে কায়িক আৰু কণ্ঠস্বৰৰ বিশেষ পৰিবৰ্তন দেখা যায়৷

        ৫)পৰিয়াল ভূমিকা :¸ পৰিয়ালৰ স্বাস্থ্যই শিশুৰ স্বাস্থ্য৷ পৰিয়ালৰ গঠন, সামাজিক দৃষ্টিভংগী, জীৱন ধাৰণৰ শৈলী, ৰীতি-নীতি-সংস্কৃতি, পৰম্পৰা আদিয়েই হল শিশুৰ বৃদ্ধি আৰু বিকাশৰ আধাৰ৷ পৰিয়ালৰ আৰ্থিক অৱস্থা, পিতৃ-মাতৃৰ শিক্ষাৰ লগতে স্বাস্থ্যজ্ঞান আদি দিশো অতি গুৰত্বপূৰ্ণ৷ ভাল ঘৰুৱা পৰিবেশ, ৰাছোৱালীৰ সতে পিতৃ-মাতৃৰ বন্ধুত্বসুলভ সম্পৰ্ক আৰু মৰমে শিশুৰ ধৰণ-কৰণ আৰু বৌদ্ধিক বিকাশত মুখ্য ভূমিকা গ্ৰহণ কৰাৰ লগতে শিশুৰ সামাজিক চৰিত্ৰ গঠনত সহায়ক হয়৷

        ৬) পাৰিপাশ্বিৰ্ক পৰিৱেশ : অসুস্থ পাৰিপাশ্বিৰ্ক পৰিৱেশ শিশুৰ বহু ধৰণৰ বেমাৰ যেনে - ডায়েৰীয়া, নিউমনিয়া আদি ৰোগৰ কাৰণ৷ বাৰে বাৰে ৰোগত ভোগী থকাৰ বাবে শিশুৰ বৃদ্ধি আৰু বিকাশ বহুখিনি বাধাগ্ৰস্ত হয়৷

জন্মৰ পাছত শিশুৰ বৃদ্ধি আৰু বিকাশৰ স্তৰসমূহ :

        জন্মৰ পাছৰে পৰা শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ এক প্ৰকাৰ আৰম্ভ হৈ যায়৷ জন্মৰ কিছু সময়ৰ পাছতেই শিশুক মাতৃদুগ্ধ পান কৰোৱাটো নিতান্তই দৰকাৰী৷ এই কাৰ্যই মাতৃ আৰু শিশুটিৰ মাজত আৱেগিক বান্ধোন আৰম্ভ কৰে৷ মাতৃৰ দুগ্ধত পানীৰ লগতে শিশুৰ প্ৰয়োজনীয় সকলো উপাদান থাকে৷ মাতৃৰ প্ৰথম নিঃসৰিত হালধীয়া দুগ্ধই শিশুক প্ৰতিৰোধ ক্ষমতা প্ৰদান কৰি বেমাৰ-আজাৰ সংক্ৰমণত বাধা দিয়ে৷

১) ২-৩ মাহৰ ভিতৰত : এই সময়ছোৱাৰ ভিতৰত শিশুৱে মাকৰ মুখ চিনি পোৱা হয়৷ মাকৰ ফালে চাই হাঁহি মাৰে৷ তিনি মাহ মানত শিশুৱে মূৰ স্থিৰ কৰিব পৰা হয়৷ পেট পেলাই ৰাখিলে মাজে মাজে মূৰ দাঙে৷  বাহু আৰু ভৰি লৰায়৷ হাতৰ মুঠি খুলি ৰাখে আৰু শিথিল হয়৷ এইখিনি সময়তে পিতৃ-মাতৃয়ে শিশুক আলসুৱাকৈ লোৱাৰ অভ্যাস কৰিব লাগে৷ কন্দাৰ লগে লগে পিতৃ-মাতৃয়ে সঁহাৰি জনালে শিশুৰ অভ্যাসজনিত সমস্যা ভৱিষ্যতে হোৱাৰ সম্ভাৱনীয়তা নাথাকে৷ শুৱাই থলে শিশুৰ চকুত পৰাকৈ ৰঙীন বস্তু ওলোমাই ৰাখিব লাগে৷ এনে কাৰ্যই শিশুক আনন্দিত কৰাৰ লগতে আনুভূতিক বিকাশৰ সহায়ক হয়৷

২) ৪-৬ মাহৰ ভিতৰত : এই সময়ত শিশুৱে বহিব খোজে৷ মাতৃয়ে ধৰি বহিবলৈ সহায় কৰি দিব লাগে৷ মাতৃয়ে কোঁচত থিয়কৈ ললে মূৰ থিয়কৈ ৰাখিব খোজে৷ শব্দৰ উৎস অনুসৰণ কৰি শিশুৱে মূৰটো শব্দৰ ফালে ঘূৰাব পৰা হয়৷ কিবা বস্তু ঢুকি পাবলৈ বা ধৰিবলৈ যত্ন কৰে৷ কল-কলাবলৈ আৰম্ভ কৰে৷ ৬ মাহত শৰীৰৰ ওজন প্ৰায় জন্মৰ ওজনৰ দুগুণ হয়গৈ৷ এই সময়ছোৱাত শিশুৰ সৈতে পিতৃ-মাতৃয়ে সংযোগ স্থাপন কৰিবলৈ চেষ্টা কৰিব লাগে৷ শিশুৱে মুখেৰে কৰা শব্দ আদি অনুকৰণ কৰি তাৰ প্ৰতি সঁহাৰি জনাব লাগে৷ শিশুক বাহিৰৰ জগতখন দেখুৱাবলৈ উলিয়াই নিব লাগে৷ আকৰ্ষণীয় বস্তু আদি ৰাখি শিশুক নিজেই ধৰিবলৈ দিব লাগে৷ এই কাৰ্যবোৰে শিশুৰ মানসিক বিকাশৰ লগতে শ্ৰৱণ আৰু দৃষ্টি শক্তিৰ প্ৰাবল্যৰ বিকাশ সাধন কৰে৷

৩) ৭-৯ মাহৰ ভিতৰত : এই সময়ছোৱাত শিশুৱে দুয়ো ফালে লুটি বাগৰ দিবলৈ শিকে৷ আটাইকেইটা আঙুলিৰে পুতলা আদি বস্তু ধৰিব পৰা হয়৷ মূৰ ঘূৰাই চাব পৰা হয়৷ নাম ধৰি মাতিলে প্ৰতিক্ৰিয়া দেখুৱায়৷ চকুৰ আগৰ পৰা পুতলা আদি বস্তু লুকুৱাই থলে ইফালে-সিফালে চকুৰে চাই বিচাৰে৷ এই সময়ত শিশুক সৰু সৰু বস্তু আদি দলিয়াবলৈ দিব লাগে৷ চাফা, সুৰক্ষিত ঘৰুৱা বাচন-বৰ্তন আদি শিশুক দি চাব লাগে যাতে খেলিব পাৰে আৰু অনুসন্ধিৎসু মনেৰে চাব পাৰে৷ এনেদৰে শিশুৱে কাৰ্য কৰিলে শিশুৰ স্নায়ুৰ বিকাশ সাধন হোৱাৰ লগতে মানসিক উৎকৰ্ষ বৃদ্ধি পায়৷ এই সময়ছোৱাত যদি এনে ধৰণৰ কামৰ প্ৰতি কোনো প্ৰতিক্ৰিয়া নেদেখুৱায়, তেন্তে পিতৃ-মাতৃয়ে শিশুৰোগ বিশেষজ্ঞৰ কাষ চপাটো অতি জৰুৰী৷ এই সময়ৰ পৰাই শিশুক মাতৃ দুগ্ধৰ উপৰি জুলীয়া অন্য খাদ্য খুৱাবলৈ অভ্যাস কৰাব লাগে৷

৪) ৯-১০ মাহৰ ভিতৰত : এই সময়ছোৱাত শিশুৱে কোনো সহায় নোহোৱাকৈ বহিব পাৰে৷ বগুৱা বা চুঁচৰিব পৰা হয়৷ কোচত উঠিবৰ বাবে হাত দাঙিব পৰা হয়৷ এই সময়ত শিশুৰ অচিনাকিজনৰ প্ৰতি সন্দেহ জন্মে৷ কোনোবা অচিনাকি লোকে কোঁচত উঠাব খুজিলে মুখ ঘূৰাই যাবলৈ অস্বীকাৰ কৰে৷

৫) ১১-১২ মাহৰ ভিতৰত : সহায় লৈ ঠিয় হব পৰা হয়৷ মাতৃভাষাৰ এটা দুটা শব্দ কব পৰা হয়৷ ইটো সিটো সৰু কথাৰ সঁহাৰি জনাব পৰা হয়৷ এই সয়ছোৱাত শিশুৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ অধিক বিকাশ হবলৈ আৰম্ভ কৰে৷ সেয়ে পিতৃ-মাতৃয়ে শিশুক সামান্যভাৱে ঢুকি নোপোৱা উচ্চতাত খেলা বস্তু আদি ৰাখি থিয় হবলৈ সহায় কৰিব লাগে৷ জীৱ-জন্তু আদিৰ ছবি দেখুৱালে শিশুৱে সেইবোৰৰ সতে চিনাকি হয়৷  মাতৃয়ে সুধিলে পিছত শিশুৱে আঙুলিয়াই নিজে দেখুৱাব পৰা হয়৷ এই সময়ত পিতৃ-মাতৃৰ সহযোগে শিশুৰ নতুন পৰিৱেশৰ সতে খাপ খুৱাব পৰা গুণৰ বিকাশ সাধন কৰাৰ লগতে স্মৃতিশক্তিৰ বিকাশ ঘটায়৷

৬) ১২-১৪ মাহৰ ভিতৰত : ভৰি দুটা বহলকৈ দুই এখোজ দিব পৰা হয়৷ শৰীৰৰ ওজন জন্মৰ ওজনৰ প্ৰায় চাৰিগুণ হয়গৈ৷

৭) ১৮-২১মাহৰ ভিতৰত : ভৰি দুটা চপাই খোজ কাঢ়িব পৰা হয়৷ কেইবাটাও শব্দ কব পৰা হয়৷ কিছমান পৰিচিত ভংগিমা যেনে : হাত চাপৰি বজোৱা, হাত চাপৰি মৰা আদি প্ৰদৰ্শন কৰিব পৰা হয়৷ সৰু পাত্ৰ আদিত বস্তু আদি ভৰাই আকৌ উলিয়াবলৈ শিকে৷ ছবিৰ কিতাপ চাই সাধাৰণ বস্তু আদি চিনিব পৰা হয়৷

৮) ২৪ মাহৰ পৰা : পুতলা আদি টানি স্থিৰভাৱে খোজ কাঢ়িব পাৰে৷ কিতাপত থকা জীৱ-জন্তু আদি চাই নাম কব পৰা হয়৷ মাকৰ সতে ঘৰুৱা কাম-কাজ আদি কৰিবলৈ মাকক অনুকৰণ কৰে৷ এই সময়তে শিশুৱে সহজে আনক অনুকৰণ কৰে৷ সেয়ে এই সময়ত পিতৃ-মাতৃ সচেন হোৱা খুবেই প্ৰয়োজন৷

৯) ২৪ মাহৰ পৰা ৩ বছৰৰ ভিতৰত : শিশুৱে নিজে নেপেলোৱাকৈ বস্তু খাব পৰা হয়৷ লাহে লাহে দৌৰিব পৰা হয়৷ 

         উল্লিখিত স্তৰখিনি বিশ্লেষণ কৰি চালে আমি অনুমান কৰিব পাৰিম যে এইখিনি সময়তেই আচলতে শিশুৰ বৃদ্ধি আৰু বিকাশৰ মূল ভেটিটো গঢ় লয়৷ ইয়াৰ পিছত প্ৰাক প্ৰাথমিক, প্ৰাথমিক আৰু বিদ্যালয় পৰ্যায়ত শিশুৰ বিকাশ স্তৰে স্তৰে ঘটি গৈ থাকে৷ চৰকাৰীভাৱেই হওক অথবা সামাজিকভাৱেই হওক আমাৰ দেশত শিশুৰ বিকাশৰ বাবে সুস্থ বাতাবৰণৰ সৃষ্টি কৰিছোঁ বুলি আমি ডাঠি কব নোৱাৰোঁ৷ বৰ্তমান সময়তো আমাৰ দেশত ঘৰুৱা তথা ব্যাৱসায়িক কাম-কাজত হাজাৰ হাজাৰ শিশু শ্ৰমিক নিয়োজিত হৈ আছে৷ হাজাৰ হাজাৰ শিশু পিতৃ-মাতৃ, অভিভাৱকৰ দ্বাৰা শাৰীৰিকভাৱে পীড়িত হৈ আছে৷ শিশুৰ ধৰ্ষণ, শিশু অপহৰণ, শিশুক অবৈধ কামত লিপ্ত কৰাৰ দৰে ঘৃণনীয় ঘটনাবোৰ নিতৌ ঘটিয়েই আছে৷ এনে ঘটনাবোৰে চৰকাৰৰ ¸ শিথিল নীতিৰ লগতে আমাৰ সামাজিক দায়িত্বজ্ঞান শূন্যতাৰো ইংগিত দিয়ে৷ নেতিবাচক এনে ঘটনাৰ পিছতো চৰকাৰীভাৱে স্বাস্থ্য, সমাজ কল্যাণ, শিক্ষা আদি বিভাগত গ্ৰহণ কৰা কিছু পদক্ষেপে আশাৰ সঞ্চাৰ নকৰা নহয়৷ আন্তঃৰাষ্ট্ৰীয় শিশুকল্যাণৰ বাবে উৎসৰ্গিত সংস্থা ইউনিচেফে লগতে বহুকেইটা স্বেচ্ছাসেৱী সংগঠনেও আমাৰ দেশত শিশুৰ বৃদ্ধি আৰু বিকাশৰ বাবে কাম কৰি আছে৷

        গান্ধীজীয়ে কৈছিল–“If we are to teach real peace in this world, and if we are to carry on a real war against war, we shall have to begin with children.” বিশ্বক শান্তিৰ শিক্ষা দিবলৈ, যুদ্ধৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰাখিবলৈ আমি শিশুৰ পৰাই আৰম্ভ কৰিব লগিব৷ আজিৰ শিশু কালিলৈ এখন দেশৰ দ্ৰষ্টা আৰু স্ৰষ্টা৷ শিশুৰ সুস্থ শাৰীৰিক, মানসিক তথা সামাজিক বিকাশৰ ওপৰতেই এখন দেশৰ প্ৰগতি আৰু সমৃদ্ধি নিৰ্ভৰ কৰে৷ সেয়ে পৰিয়ালৰ লগতে সমাজৰ প্ৰত্যেক ব্যক্তিৰে শিশুৰ বিকাশৰ বাবে গধুৰ দায়িত্ব আছে৷ স্বাস্থ্য, সমাজ কল্যাণ, শিক্ষা আদি চৰকাৰী বিভাগসমূহৰ সময়োচিত বিজ্ঞানসন্মত নিঃস্বাৰ্থ আৰু উৎসৰ্গিত পদক্ষেপৰ লগতে চৰকাৰৰ সদিচ্ছা তথা নীতি নিৰ্দেশনা ৰূপায়ণৰ ক্ষেত্ৰত লব লগা দৃঢ় স্থিতিয়েহে শিশুৰ বৃদ্ধি আৰু বিকাশ সাধিত কৰিব পাৰিব আৰু এখন সমৃদ্ধিশালী, সুৰক্ষিত আৰু শান্তিপূৰ্ণ দেশৰ সপোন বাস্তৱায়িত কৰিব পাৰিব৷

 সহায়ক গ্ৰন্থ: Park's test book of PREVENTIVE AND SOCIAL MEDICINE

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ