অন্যযুগ/


এল ডৰাড’

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা


(প্ৰাক্‌কথন : পুৰাকথা অনুসৰি দক্ষিণ আমেৰিকাস্থিত এল ডৰাড’ নামৰ এখন সোণৰ চহৰ আছে৷ অজস্ৰ মানুহ এল দৰাদ’ৰ সন্ধানত অভিযানত নামিছে৷ ময়ো তাৰ মাজৰে এজন৷ নাম মোৰ ছাৰ থমাছ ব্ৰাউন৷ সমগ্ৰ ইংলেণ্ডজুৰি এজন সফল অভিযানকাৰী হিচাপে মোৰ সুনাম৷ মই  ৰাণী ভিক্ট’ৰিয়াৰো  আশিসধন্য৷ সময়টো অনুমান কৰিব পাৰিছেনে? ঊনবিংশ শতিকাৰ মাজভাগ৷ আহকচোন মোৰ সময়লৈ ধাৱমান হওঁ৷)

ডায়েৰীখন নেমেলা বহুদিনেই হ’ল৷ সঠিকভাৱে ক’বলৈ গ’লে প্ৰায় আঢ়ৈ বছৰ৷ আঢ়ৈ বছৰৰ আগতে ছাৰ জৰ্জ এভাৰেষ্টৰ নিমন্ত্ৰণত ভাৰতৰ আসাম নামৰ ঠাইত কেপ্টেইন ফ্ৰাঞ্চিছ জেনকিন্সৰ লগত কৰা অভিযানৰ অন্তিমটো কাহিনী শেষ হোৱাৰ আগতেই আধৰুৱাকৈ এৰি দিলোঁ৷ বাকী থকা কাহিনীৰ সাৰাংশ হ’ল– আমি লগ পোৱা সেই অস্বাভাৱিকভাৱে গোল আৰু মিহি পাহাৰবোৰ আচলতে আমি সন্ধান কৰি থকা এছিয়াটিক পিৰামিড; যাৰ স্থানীয় নাম ‘মৈদাম’৷ এমাহৰ ভিতৰত সেই পিৰামিডবোৰৰ এটা খন্দা হ’ল আৰু ভিতৰত অজস্ৰ ধন-সোণ পোৱা গ’ল৷ যিয়ে সেই ঠাইত নতুনকৈ গঢ় লোৱা ইংৰাজ উপনিৱেশৰ আৰ্থিক সমস্যাবোৰ দূৰ কৰিলে৷ শুনিবলৈ পাইছোঁ তেওঁলোকে লাহে লাহে বাকী পিৰামিডবোৰো খান্দিবলৈ আৰম্ভ কৰিছে৷ কেইমাহমানৰ আগতে কেপ্টেইন জেনকিন্সৰ চিঠি এখন পাইছিলোঁ৷ তাত তেওঁ তথাকথিত ‘মৈদাম’বোৰ বিচৰাত সহায় কৰাৰ বাবে ধন্যবাদ জনাইছে আৰু লিখিছে যে তেওঁ আসামখন জৰীপ কৰা কাৰ্য আগুৱাই নিছে৷ পিছে আমাৰ ভিদ্যাৰাম চেটাৰ্জীৰ কি হ’ল? সি এতিয়া সম্পূৰ্ণভাৱে সুস্থ৷ বৰ্তমান সি সেই নাগা গাঁওখন আৰু নাগা মানুহৰ বিষয়ে অধ্যয়ন কৰি আছে বুলি শুনিলোঁ৷ বাৰু, এতিয়া মোৰ কথালৈ আহোঁ৷ ভাৰতৰ পৰা ঘূৰি অহাৰ পাছত বিশেষ একো কাম কৰা হোৱা নাই৷ মাজে মাজে অফিচলৈ যাবলগীয়া হৈছে, কাৰণ এজন জ্যেষ্ঠ জৰীপকৰ্তাৰ দৰমহা এনেয়েতো দিয়া নহয়! আঢ়ৈ বছৰৰ বিশ্ৰামৰ পাছত অৱশেষত নতুন অভিযানৰ পাতনি মেলিবলৈ আজি এই ডায়েৰীখন মেলিলোঁ৷ 

আজিৰ পৰা দুমাহমানৰ আগৰ কথা; মই প্ৰত্যেক দিনাৰ দৰে জিঅ’গ্ৰাফিকেল ছ’চাইটিত অৱস্থিত মোৰ অফিচত সোমালোঁগৈ৷ বিভিন্ন ঠাইলৈ পঠাব লগা মোৰ তলতীয়া জৰীপকৰ্তাসকলৰ চিঠি আৰু প্ৰতিবেদনৰ টোপোলাবোৰ মেলিবলৈ লওঁতেই দেখো এখন চিঠি৷ সেই চিঠিখনত লিখি থোৱা প্ৰেৰকৰ ঠিকনাটো দেখি মই আচৰিত হ’লো– ‘মহামহিম মহাৰাণীৰ পৰা; বাকিংহাম ৰাজপ্ৰাসাদ, লণ্ডন, এছ ডব্লিউ ১এ ১এএ’৷ মহাৰাণীৰ পৰা চিঠি? স্বয়ং মহাৰাণীয়ে কি কাৰণত মোলৈ চিঠি লিখিছে? মই লগে লগে চিঠিখন খুলি পঢ়িলোঁ৷ তাত বিশেষ একো নাছিল৷ মাত্ৰ কেইটামান শব্দ৷ ‘২৭ মাৰ্চ তাৰিখে আপোনাক বাকিংহাম ৰাজপ্ৰসাদত বিচৰা হৈছে৷ এয়া স্বয়ং মহামহিমৰ আদেশ৷’ এই শব্দকেইটা পঢ়ি মোৰ বুকুখন স্তব্ধ হৈ গ’ল৷ এই কেইদিন অফিচলৈ নাহি মই এটা ডাঙৰ ভুল কৰিলোঁ৷ মই চিঠিখন আগতীয়াকৈ পঢ়িব লাগিছিল৷ কাৰণ ২৭ মাৰ্চ আজিৰ তাৰিখ! 

মই আৰু অলপো পলম নকৰাকৈ দৌৰি মোৰ অফিচৰ পৰা বাহিৰ ওলালোঁ আৰু জিঅ’গ্ৰাফিকেল ছ’চাইটিৰ বৃহৎ চৌহদটোৰ বাহিৰ ওলাবলৈ দৌৰিলোঁ৷ এসময়ত বাহিৰত বান্ধি থোৱা মোৰ ঘোঁৰাটোৰ ওচৰ পালোঁগৈ৷ তাৰ পিঠিত জাঁপ দি পলম নকৰি বাকিংহাম ৰাজপ্ৰাসাদলৈ চেঁকুৰিলোঁ৷ বাটত কিমান মানুহক খুন্দিয়ালোঁ নাজানো, কাৰণ সেই মুহূৰ্তত মোৰ মনত এটা কথাই আছিল, মই যিমান সোনকালে পাৰি ৰাণীৰ ওচৰত হাজিৰ হ’বগৈ লাগিব৷ 

এসময়ত ৰাজপ্ৰাসাদৰ চৌহদৰ ওচৰ চাপিলোঁ৷ ঘোঁৰাৰ গতি থমালোঁ আৰু লাহে-ধীৰে আগবাঢ়িলোঁ৷ মোক দেখাৰ লগে লগে দুৱাৰ ৰখীয়া দুজনে গেট খুলি দিলে৷ তেওঁলোকক নিশ্চয় মই আহিম বুলি আগতীয়াকৈ জনাই থোৱা হৈছিল৷ মই ঘোঁৰাটো আস্তাবলত ঘোঁৰা ৰখীয়াৰ হাতত গতাই ৰাজপ্ৰাসাদৰ দুৱাৰৰ ফালে আগবাঢ়িলোঁ৷ দুৱাৰৰ ওচৰত ৰাজকীয় পোছাক পিন্ধা ব্যক্তি এজন ৰৈ আছিল৷ মই দুৱাৰৰ ওচৰ চপাৰ লগে লগে তেওঁ মোৰ ফালে চাই প্ৰশ্ন কৰিলে, 

‘ছাৰ থমাছ ব্ৰাউন?’ 

‘হয়৷’ 

‘আপুনি মোৰ পিছে পিছে আহিব পাৰে৷ মই আপোনাক মহাৰাণীৰ অতিথিৰ কোঠালৈ দিশ দেখুৱাই দিম৷ মহাৰাণীয়ে আপোনাৰ বাবে অপেক্ষা কৰি আছে৷’

এইবুলি কৈ তেওঁ দুৱাৰ খুলি মোক ৰাজপ্ৰাসাদৰ ভিতৰলৈ লৈ গ’ল৷ 

এইবাৰৰ সৈতে বাকিংহাম ৰাজপ্ৰাসাদলৈ দুবাৰ অহা হ’ল৷ আগৰবাৰ ইয়ালৈ ৰাণীয়ে মোক আৰু প্ৰফেছৰ এট্‌কিনচনক নাইটহুদ সম্মান দিবৰ বাবে অনুষ্ঠিত কৰা ‘একলেড’ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰিছিল৷ কিন্তু তেওঁৰ লগত বৰকৈ কথা পতা হোৱা নাছিল৷ আজি নাজানো কি কাৰণত ৰাণীয়ে মোক মাতি পঠাইছে৷ বিশাল বাকিংহাম ৰাজপ্ৰাসাদৰ ৰাজকীয় বিলাসিতাৰ মাজে মাজে গৈ এসময়ত অতিথিৰ কোঠাত উপস্থিত হ’লোঁগৈ৷ দুৱাৰখন খোলাৰ আগে আগে মোক ইয়ালৈ লৈ অনা ৰাজকীয় পোছাক পিন্ধা ব্যক্তিজনে ক’লে, 

‘আপুনি ভিতৰলৈ যাব পাৰে৷ মহাৰাণীয়ে আপোনাৰ বাবে অপেক্ষা কৰি আছে৷’ 

তাৰ পাছত তেওঁ দুৱাৰখন খুলি দিলে৷ 

ভিতৰত মহাৰাণী ভিক্ট’ৰিয়া তেওঁৰ আসনত বহি আছে৷ লগত কেইবাগৰাকীও ব্যক্তি৷ মই দুৱাৰৰ ভিতৰ সোমাই ৰাণীক সন্মান জনাবলৈ মূৰ দোঁৱাই তেওঁৰ ওচৰলৈ আগবাঢ়িলোঁ৷ 

‘সুপ্ৰভাত ছাৰ থমাছ ব্ৰাউন’– মহাৰাণীয়ে ক’লে৷ 

মই আকৌ মূৰ দোৱাই ক’লোঁ, ‘মহামান্যা, আপুনি মোক মাতিছিল৷’ 

তেতিয়া তেওঁ ক’লে, ‘হয়, আপোনাক এক বিশেষ কাৰণত বাকিংহাম ৰাজপ্ৰসাদলৈ মতা হৈছিল৷’ 

‘আদেশ দিয়ক মহাৰাণী৷ মই যিকোনো কতৰ্ব্য কৰিবলৈ সাজু৷’ 

তেতিয়া তেওঁ কাষত ৰৈ থকা ব্যক্তিকেইজনৰ ফালে এবাৰ চাই মোক ক’লে,

‘আমি সকলোৱে জানো যে আপুনি ইজিপ্তৰ পিৰামিডৰ ভিতৰ সোমাই বিভিন্ন আলেকজেন্দ্ৰিয়ান শিল্পকলা আৰু ফাৰাঅ’ খুফুৰ সমাধি বিচাৰি সমগ্ৰ বিশ্বত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু ইংৰাজসকলৰ বাবে অতি মূল্যবান জ্ঞান, তথ্য আৰু লগতে সন্মান কঢ়িয়াই আনিছে৷ কেইবামাহৰ আগত মই ছাৰ জৰ্জ এভাৰেষ্টৰ চিঠি এখনত আপোনাৰ বিষয়ে প্ৰশংসা বাণী শুনি অতি সুখী হ’লোঁ৷ এতিয়া আমি আপোনাৰ দক্ষতা বুজি উঠিছোঁ আৰু আপোনাক ইংৰাজ সাম্ৰাজ্যৰ বিকাশৰ বাবে আৰু এটা অভিযান চলাবলৈ অনুৰোধ জনাইছোঁ৷’ 

স্বয়ং মহাৰাণীয়ে যদি মোক মাতি আনি অভিযানৰ কথা কয়, ই নিশ্চয় অতি গুৰুত্বপূৰ্ণ হ’ব৷ মই ক’লোঁ, 

‘নিশ্চিতভাৱে মহাৰাণী৷’ 

তেতিয়া ৰাণীয়ে তেওঁৰ কাষত ৰৈ থকা ব্যক্তিকেইজনৰ এজনক উদ্দেশ্য কৰি ক’লে, 

‘প্ৰফেছৰ এণ্ডাৰছন, আপুনি বাকিখিনি আগুৱাই নিব পাৰে৷ ছাৰ থমাছ, আপোনাক প্ৰফেছৰ চাৰ্লছ এণ্ডাৰছনে এই অভিযানৰ বিষয়ে বুজাই দিব৷’ 

মহাৰাণীৰ অনুমতি পাই প্ৰফেছৰ এণ্ডাৰছন মোৰ ওচৰলৈ আগুৱাই আহি মোৰ সন্মুখত থকা টেবুলখনত এখন মানচিত্ৰ ৰাখিলে৷ সেইখন ইউৰোপ, আটলাণ্টিক মহাসাগৰ আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মানচিত্ৰ৷ 

‘মিষ্টাৰ ব্ৰাউন, আপুনি নিশ্চয় দক্ষিণ আমেৰিকাৰ স্থানীয় সভ্যতাবোৰৰ বিষয়ে জানে? আজটেক? ইনকা? মায়া?’ 

প্ৰফেছৰ এণ্ডাৰছনে মোক সুধিলে৷ 

মই ক’লো, ‘নিশ্চয় জানো৷ মই তেওঁলোকৰ বিষয়ে পঢ়িছো৷ আজিৰ পৰা প্ৰায় তিনিশ বছৰ আগতেই সেই সকলোবোৰ সভ্যতা বিলুপ্ত হৈ গ’ল৷’ 

তেতিয়া প্ৰফেছৰ এণ্ডাৰছনে ক’লে, ‘তেতিয়াহ’লে আপুনি নিশ্চয় এই বিলুপ্তিৰ কাৰণো জানে?’ 

মই ক’লো, ‘হয়, ইয়াৰ কাৰণ স্পেনিছ আক্ৰমণ৷’ 

প্ৰফেছৰে ক’লে, ‘নিশ্চয়, খ্ৰীষ্ট’ফাৰ কলম্বাছে ১৪৯২ চনত যেতিয়া আমেৰিকা আৱিষ্কাৰ কৰিলে, তেওঁ দক্ষিণ আমেৰিকাত স্পেইনৰ পতাকা উৰুৱালে৷ লাহে লাহে দক্ষিণ আমেৰিকাত স্পেইনে উপনিৱেশ পাতিবলৈ ধৰিলে৷ থাকি গ’ল উত্তৰ আমেৰিকা, য’ত ইউৰোপৰ বাকীবোৰ দেশে উপনিৱেশ পাতিবলৈ ধৰিলে৷ স্পেনিছসকলে এই নতুন ভূমিৰ প্ৰাকৃতিক সম্পদ দেখি আচৰিত হ’ল৷ ইয়াৰ অটব্য অৰণ্যত তেওঁলোকে এনেকুৱা জৈৱ-বৈচিত্ৰ্য দেখিলে যাৰ কথা মানৱ সমাজে আজিলৈকে কেতিয়াও শুনা নাছিলে৷ তেওঁলোকে যেতিয়া সেই অটব্য অৰণ্যবোৰৰ আৰু ভিতৰলৈ সোমাই গ’ল, তেওঁলোকে আৱিষ্কাৰ কৰিলে ইয়াত গঢ় লোৱা হাজাৰ বছৰ পুৰণি মানৱ সভ্যতা৷ সেই সভ্যতাবোৰৰ জ্ঞান, সম্পত্তি আৰু বিশেষকৈ তেওঁলোকৰ সোণৰ প্ৰতি লোভ সামৰিব নোৱাৰি স্পেইনে দক্ষিণ আমেৰিকাৰ সেই সাম্ৰাজ্যবোৰ আক্ৰমণ কৰিলে৷ সেই বিপদজনক অটব্য অৰণ্যবোৰলৈ যাবলৈ পুৰুষৰ আটাইতকৈ সাহসীবোৰহে মান্তি হৈছিল৷ তেওঁলোকক কংকোইচ্‌তাদৰ বোলা হয়৷ তেওঁলোকে এফালৰ পৰা মায়া, আজটেক আৰু ইনকা সাম্ৰাজ্য দখল কৰি ল’লে৷ তেওঁলোকৰ বন্দুকৰ সন্মুখত আমেৰিকানসকলৰ ধনু-কাঁড়ৰ তুলনাই নহয়৷ লগতে তেওঁলোকে তালৈ নিছিল কিছুমান ইউৰোপীয় বেমাৰ৷ সেই বেমাৰবোৰে আমেৰিকানসকলক এফালৰ পৰা মাৰি নিলে৷ বৰ্তমান আমি সেই ধনী সাম্ৰাজ্যবোৰৰ অৱশিষ্টহে দেখিবলৈ পাওঁ৷’ 

কথাবোৰ শুনি ভাল লাগিল, কিন্তু মই বুজি নাপালোঁ যে ইয়াৰ লগত মোৰ অভিযানৰ কি সম্পৰ্ক আছে৷ মই প্ৰফেছৰক সুধিলো, ‘গতিকে মই এতিয়া কি কৰিব লাগিব?’ প্ৰফেছৰে গম্ভীৰভাৱে মোৰ সন্মুখত থকা চকীখনত বহি লৈ  ক’লে, ‘মই ইতিমধ্যে উল্লেখ কৰিছোঁ সেই শক্তিশালী আৰু ধনী দেশবোৰৰ ওচৰত থকা প্ৰচুৰ সোণৰ কথা৷ দক্ষিণ আমেৰিকাত অকল্পনীয় পৰিমাণৰ সোণ আছে৷ তাত থকা মানুহবোৰে সেই সোণবোৰ খান্দি ব্যৱহাৰ কৰিছিল৷ স্পেনিছসকলে যেতিয়া সেই ঠাইৰ সোণৰ চাহিদা দেখিলে তেওলোক স্তম্ভিত হৈ গ’ল৷ তেওঁলোকে নিঃসন্দেহে সেই সকলোবোৰ কাঢ়ি আনিব বিচাৰিলে৷ শ শ সোণ ভৰ্তি জাহাজ স্পেইনলৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে৷ সেই জাহাজবোৰ যদি সেই সময়ত স্পেইন পালেগৈহেঁতেন তেতিয়াহলে আজি স্পেইন এক অপ্ৰতিৰোধ্য শক্তি হ’লগৈহেঁতেন৷ পৃথিৱীৰ আটাইতকৈ শক্তিশালী দেশ৷ কিন্তু সেয়া নহ’ল৷ জাহাজবোৰ স্পেইন গৈ নাপালেগৈ আৰু আমি সকলোৱে জানো কিয়৷’ 

তেওঁৰ পৰোক্ষ প্ৰশ্নৰ মই উত্তৰ  দিলোঁ, ‘ছাৰ ফ্ৰাঞ্চিচ দ্ৰেক ৷’ তেওঁ মোৰ উত্তৰত সঁহাৰি জনালে, ‘ছাৰ ফ্ৰাঞ্চিচ দ্ৰেক, দুৰ্দান্ত  জলদস্যু, যি এসময়ত ইংৰাজ জলসেনাৰ অধিনায়ক হ’লগৈ৷ তেওঁ এজন মহান অভিযানকাৰী আছিল৷ তেওঁৰ দক্ষতা আৰু ক্ষমতা দেখি তেওঁক সেই সময়ৰ মহাৰাণী এলিজাবেথ টিউদৰে ইংৰাজ জলসেনাৰ সেনাধ্যক্ষ পাতিলে৷ উদ্দেশ্য এটাই, সেই সোণ ভৰ্তি জাহাজবোৰ ৰখাব লাগে৷ আৰু তেওঁ সফল হ’ল৷ সেই জাহাজবোৰ কেতিয়াও স্পেইনলৈ ঘূৰি নাহিল৷ সেই হাজাৰ হাজাৰ টন সোণ আট্‌লাণ্টিক মহাসাগৰৰ মাজত চিৰকালৰ বাবে হেৰাই গ’ল৷ প্ৰফেছৰ এণ্ডাৰচনৰ অযথা ৰোমাঞ্চকৰ কাহিনী ইমানতেই শেষ হ’ল নেকি জানিবলৈ মই তেওঁক সুধিলোঁ, ‘বঢ়িয়া। গতিকে মই এতিয়া সেই জাহাজবোৰৰ সঠিক অৱস্থান বিচাৰি উলিয়াব লাগে?’ স্পষ্টভাৱে বিৰক্তি প্ৰকাশ কৰি প্ৰফেছৰ এণ্ডাৰচনে ক’লে, ‘ধৈৰ্য ধৰক মিষ্টাৰ ব্ৰাউন, আপোনাৰ অভিযানৰ বিষয়ে কোৱাৰ আগে আগে এই সকলোবোৰ কোৱাৰ দৰকাৰ৷ কাৰণ চাওক, ইয়াত সাংবাদিক উপস্থিত আছে৷’

তেতিয়া তেওঁ আঙুলিয়াই দিয়া দিশে চকু ফুৰাই দেখোঁ কেইবাজনো সাংবাদিকে কাগজ-কলম লৈ আমাৰ ফালে ট টকৈ চাই আছে৷ প্ৰফেছৰে মোক উদ্দেশ্য কৰি এক গলখেকাৰি মাৰিলে, যাতে মই পাহৰি নাযাওঁ যে মই এক বাৰ্তালাপৰ মাজত আছোঁ৷ আকৌ ক’বলৈ ধৰিলে, ‘বাৰু, এইবাৰ আহোঁ আপোনাৰ অভিযানৰ উদ্দেশ্যলৈ৷ বৰ্তমানৰ কলম্বিয়াত এসময়ত এক বিশেষ মানৱ জাতিয়ে ৰাজত্ব কৰিছিল, মুইচ্‌কা জাতি৷ তেওঁলোকৰ ওচৰত ক’বলৈ গ’লে বৃহৎ পৰিমাণৰ সোণ আছিল৷ তেওঁলোকে সোণক পূজা কৰিছিল, কাৰণ তেওঁলোকে বিশ্বাস কৰিছিল যে সোণ দেৱতাসকলৰ লগত সংযুক্ত হোৱাৰ এক মাধ্যম৷ যেতিয়া স্পেনিছসকল দক্ষিণ আমেৰিকালৈ আহিল, তেওঁলোকে কেৱল মুখ্য সভ্যতাবোৰহে ধ্বংস কৰিব পাৰিলে৷ মুইচ্‌কাসকলৰ দৰে সৰু জাতিবোৰ অৰণ্যবোৰৰ গৰ্ভত ভালদৰে লুকাই আছিল, কিন্তু তেওঁলোকৰ ওপৰত কাল নামি আহিল৷ ১৫৩১ চনৰ কথা৷ গঞ্জালো জিমেনেজ দে কেচিদা নামৰ এজন কংকুইচতাদৰে ৭০০ জন সৈনিকৰ সৈতে অৰণ্যৰ মাজেদি ইনকা সাম্ৰাজ্যৰ ৰাজধানী পেৰুলৈ বাট বিচাৰি আছিল৷ তেতিয়াই তেওঁ ভুলবশতঃ মুইচ্‌কাসকলৰ বসতিত উপস্থিত হ’লগৈ আৰু তেওঁ সেই মানুহবোৰৰ সোণৰ পৰিমাণ দেখি আচৰিত হ’ল৷ তেওঁলোকে সোণক পূজা কৰিছিল৷ কেচিদাই আৰু পলম নকৰি সেই মুইচ্‌কা ৰাজ্য দখল কৰিলে আৰু তেওঁলোকৰ সোণবোৰ কাঢ়িব বিচাৰিলে৷ কিন্তু মুইচকা ৰজাই সোণবোৰ লৈ অটব্য অৰণ্য আৰু পাহাৰৰ মাজত আশ্ৰয় ল’লেগৈ৷ বাকীখিনি কাহিনী আপুনি নিশ্চয় জানে, তেওঁ তাত সোণেৰে এখন চহৰ সাজিলে৷ সেই চহৰৰ ৰাস্তা, ঘৰ, মন্দিৰ সকলো সোণেৰে নিৰ্মিত৷ সেই চহৰখন অকলেই সমগ্ৰ পৃথিৱীৰ ধনতকৈ অধিক মূল্যৱান হ’ব৷ পৃথিৱীৰ আটাইতকৈ ধনী স্থান ‘এল-ডৰাড’৷’ 

মই প্ৰফেছৰৰ  শিশুসুলভ কথাবোৰ শুনি আচৰিত হ’লো৷ তেওঁক সুধিলোঁ, ‘আপুনি নিশ্চয় ক’ব বিচৰা নাই যে, মই সেই ঠাই এল ডৰাড’ক বিচাৰি অভিযান চলাব লাগিব?’ তেতিয়া প্ৰফেছৰে উত্তৰ দিলে, ‘ঠিক সেইটোৱেই আপোনাক মই ক’ব বিচাৰিছিলোঁ৷’ মই স্তম্ভিত হ’লোঁ৷ এজন জ্যেষ্ঠ মানুহে এনে ধৰণৰ অবাস্তৱ কথা ক’ব নালাগে৷ মই তেওঁক আকৌ ক’লোঁ, ‘কিন্তু সেই ঠাইখন কেৱল কাহিনী আৰু কিংবদন্তিবোৰতহে আছে৷ আচল পৃথিৱীত সেই ঠাইখন নাই!’ তেতিয়া প্ৰফেছৰ এণ্ডাৰচনে মোৰ ফালে চাই গম্ভীৰভাৱে ক’লে, ‘যদি মই আপোনাক কওঁ যে কেচিদাৰ মানচিত্ৰকাৰে সেই ঠাইলৈ যোৱা এক মানচিত্ৰ আঁকিছিল তেতিয়া? আপুনি নিশ্চয় জানে যে ছাৰ ফ্ৰাঞ্চিচ দ্ৰেকৰ দক্ষিণ আমেৰিকাত এক অভিযান চলাই থাকোঁতে মৃত্যু হৈছিল৷ যদি মই আপোনাক কওঁ যে তেওঁ সেই মানচিত্ৰৰ সহায়ত এল-ডৰাড’ বিচাৰিবলৈ গৈছিল তেতিয়া? আৰু যদি মই আপোনাক কওঁ যে বৰ্তমান আমাৰ ওচৰত সেই মানচিত্ৰখন  আছে, তেতিয়া?’

মানচিত্ৰ? 

এল-ডৰাড’লৈ যোৱা মানচিত্ৰ? 

পৃথিৱীৰ দৰিদ্ৰতাৰ অন্ত? 

মই প্ৰফেছৰ এণ্ডাৰচনক প্ৰশ্ন কৰিলোঁ, ‘মানচিত্ৰখন আছে? আপুনি মোক ক’ব বিচাৰিছে, এল-ডৰাড’লৈ যোৱা মানচিত্ৰখন আমাৰ ওচৰত আছে? কেনেকৈ?’ প্ৰফেছৰে ক’লে, ‘মানচিত্ৰখন এখন স্পেনিছ জাহাজত ছাৰ ফ্ৰাঞ্চিচ দ্ৰেকে পাইছিল৷ তেওঁ মানচিত্ৰখনত দেখুওৱা  দিশেৰে এটা অভিযান আৰম্ভ কৰিলে, কিন্তু সফল নহ’ল৷ তেওঁৰ আমাজন নদীক আৱৰি থকা অৰণ্যবোৰৰ মাজতে মৃত্যু হ’ল৷ দ্ৰেকৰ দলৰ যিকেইজন ব্যক্তি সেই অৰণ্যবোৰৰপৰা বাচি ওলাই আহিব পাৰিলে তেওঁলোকে মানচিত্ৰখন মহাৰাণী এলিজাবেথক গতাই দিলে৷ মানচিত্ৰখন ৱিণ্ডচৰ ৰাজপ্ৰসাদত বহু দিন ধৰি পৰি আছিল, কিন্তু মহাৰাণী ভিক্ট’ৰিয়াৰ আদেশত বিচাৰি উলিওৱা হ’ল৷ মানচিত্ৰখনৰ বৰ্তমানৰ বাহক হৈছে মোৰ সহকৰ্মী প্ৰফেছৰ ৱিলিয়াম এটকিনচন, যি যোৱা কেইবছৰমান ধৰি নিউয়ৰ্কত আছিল, কিন্তু এতিয়া তেওঁ এই যাত্ৰাত আপোনাক সহায় কৰিববলৈ দক্ষিণ আমেৰিকালৈ গৈ আছে৷ কথা হ’ল আপুনি এই যাত্ৰাৰ বাবে মান্তি হয় নে নহয়৷’ 

মই ক’লো, ‘প্ৰফেছৰ এটকিনচনো আহিব? আৰু কি লাগে! মহাৰাণীয়ে যদি অনুমতি দিয়ে মই আজিয়ে যাত্ৰা আৰম্ভ কৰিব পাৰোঁ৷’ তেতিয়া মহাৰাণীয়ে মোৰ ফালে চাই ক’লে, ‘মোৰ শুভকামনা সদায় আপোনাৰ লগত আছে ছাৰ ব্ৰাউন৷ আপোনাৰ যাত্ৰা মংগলময় হওক৷ আশা কৰিছোঁ আপুনি ইংৰাজসকলৰ বাবে সুফল কঢ়িয়াই আনিব৷  আপোনাৰ যাত্ৰাৰ বাবে ইংৰাজ নৌসেনাৰ আটাইতকৈ বেগী আৰু শক্তিশালী জাহাজ এইছ. এম. এছ ভিক্ট’ৰী সাজু হৈ আছে৷ আপুনি বিচাৰিলে আজিয়েই যাত্ৰা আৰম্ভ কৰিব পাৰে৷ ৰাণীয়ে কৈ শেষ কৰাৰ পাছত মই মূৰ দোঁৱালোঁ আৰু বাহিৰলৈ খোজ ল’লোঁ৷ তেতিয়াই প্ৰফেছৰ এণ্ডাৰচনে মোক আগভেটি ক’লে, ‘আপোনাক কঢ়িয়াবলৈ ভাবি চিন্তি এইছ. এম. এছ. ভিক্ট’ৰীৰ দৰে ১২১টা বৰটোপ আৰু ১৫খন পাল থকা জাহাজ নিৰ্বাচন কৰা হৈছে৷  আট্‌লাণ্টিক মহাসাগৰ জলদস্যুৰ ঘাটি৷ সাৱধানে থাকিব৷ আৰু আপুনি যিখন ঠাইলৈ যাত্ৰা কৰিছে সেইখন এখন অটব্য অৰণ্য৷ তাত এনে কিছুমান জীৱ আছে যাৰ কথা মানৱ সমাজে আজিলৈকে শুনা নাই৷ ছাৰ ফ্ৰাঞ্চিচ দ্ৰেকৰ দৰে দুৰ্দান্ত জলদস্যুৱেই সেই ঠাইৰপৰা বাচি আহিব নোৱাৰিলে৷ আপুনি এজন সুদক্ষ অভিযানকাৰী, কিন্তু সাৱধানে থকা দৰকাৰ৷ মন কৰিব যাতে আপুনি ঘূৰি অহাৰ দিনা আমি ফূৰ্তি কৰিব পাৰোঁ৷ আপোনাক যাতে কবৰস্থানলৈ কঢ়িয়াই নিব লগা নহয়৷’

পাছদিনা দুপৰীয়া মই এইছ. এম. এছ. ভিক্ট’ৰীত উঠিলোঁ আৰু দক্ষিণ আমেৰিকালৈ যাত্ৰা আৰম্ভ কৰিলোঁ৷ সেইদিনা বাতৰিত ওলাইছিল : ‘World renewed explorer Sir Thomas Brown starts an expedition to south America. Aims to find the Lost City of Gold, El-Dorado.’

বৰ্তমান মই কেৰিবিয়ান সাগৰত আছোঁ৷ সূৰ্য অস্ত যাওঁ যাওঁ হৈছে৷ দূৰৈত সোণৰ টুকুৰাৰ দৰে সুন্দৰকৈ জিলিকি আছে সৰু সৰু কেৰিবিয়ান দ্বীপবোৰ৷ যেতিয়া সূৰ্য দিগন্তত অস্ত গৈছে তেতিয়া দেখাত এনেকুৱা লাগিছিল যেন ইয়াৰ সোণালী কিৰণবোৰে এফালৰপৰা আট্‌লাণ্টিক মহাসাগৰক সোণলৈ পৰিৱৰ্তিত কৰিছে৷ ভাবি আচৰিত লাগিছে যে যদি এই যাত্ৰা সফল হয়, পৃথিৱীৰ দৰিদ্ৰতা, দুখ, কষ্ট সকলোৰে অন্ত হ’ব৷ পৃথিৱীখন সুন্দৰ হ’ব৷ কাইলৈ ভেনিজুৱেলাৰ ‘লা গুৱাইৰা বন্দৰ’ পোৱাগৈ কথা৷ দুমাহ ধৰি এই বিশাল তিনি মহলীয়া জাহাজখনত যাত্ৰা কৰি আছোঁ৷ কাইলৈ দক্ষিণ আমেৰিকা পামগৈ৷ তাত প্ৰফেছৰ এট্‌কিনছনৰ সৈতে লগ হ’ম৷ আমাজন নদীৰ বুকুৱেদি অৰণ্যৰ মাজলৈ যাত্ৰা আৰম্ভ কৰিম৷ 

পুৱা ৫ বজাত দক্ষিণ আমেৰিকাত জীৱনত প্ৰথম বাৰৰ বাবে ভৰি থ’লোঁ৷ লগে লগে মোক স্পেনিছ কংকুইতোদৰসকলে নিৰ্মাণ কৰা কেইবা শ বছৰৰ পুৰণি বন্দৰৰ লগত লাগি থকা বৰ্ষাৰণ্যখনৰপৰা অহা এজাক বতাহে দক্ষিণ আমেৰিকালৈ আদৰণি জনালে৷ তেতিয়াই দূৰৈত কোনোবাই মোৰ নাম কোৱা শুনিলোঁ৷ সেই দিশে মূৰ ঘূৰাই দেখিলোঁ, সেইজন প্ৰফেছৰ এটকিনছন মোৰ ফালে আহি আছে, প্ৰায় দৌৰিয়েই আহিছে৷  মই তেওঁৰ ওচৰলৈ আগবাঢ়ি গৈ তেওঁক সম্ভাষণ জনালোঁ, –‘সুপ্ৰভাত প্ৰফেছৰ!’, 

তেওঁ ক’লে, 

‘সু প্ৰভাত ব্ৰাউন! বহু দিনৰ পাছত পুনৰ মিলন হ’ল ৷ যাত্ৰা ভালকৈ গ’লনে?’ 

মই সহাঁৰি জনালোঁ, 

‘হয় হয়, খুব ভালকৈ গ’ল৷ শুনিছোঁ আপুনি কেইবছৰমান ধৰি নিউয়ৰ্কত আছেগৈ?’ 

‘হয়, আমেৰিকাত আছিলোঁ৷ মেক্সিক’ত অভিযানকাৰী জন লইড ষ্টিফেনচন আৰু ফেড্ৰিক কেথাৰৱুদে এক প্ৰাচীন মায়া চহৰ আৱিষ্কাৰ কৰিলে৷ সেই চহৰখনৰ বিষয়ে অধ্যয়ন কৰি আছিলোঁ৷ কিন্তু আমেৰিকাত থকাটো বৰ অসহ্যকৰ জানা? তেওঁলোকে নিজৰ মাজতেই  বৰ খোৱা-কামোৰা লাগি থাকে৷ যি দেখিছোঁ তেওঁলোকে যিকোনো অশান্তিৰ সৃষ্টি নকৰিলে থাকিবই নোৱাৰে৷’

মই তেওঁক সুধিলোঁ, 

‘তেনেকৈনো কিয় ক’লে?’ 

‘আমেৰিকাত আকৌ নতুনকৈ এখন যুদ্ধ আৰম্ভ হ’ল৷ তেওঁলোকৰ নিজৰ মাজতেই যুদ্ধ আৰু সেই যুদ্ধৰ কাৰণ ‘দাসসকল’৷ আমেৰিকাৰ এচাম মানুহে দাসক কিনিব বিচাৰে আৰু এচাম মানুহে দাসৰ স্বাধীনতা বিচাৰে৷ ইয়াৰ ফলস্বৰূপে যুদ্ধ৷ আমাৰ দেশত দাসত্ব প্ৰায় ষাঠি বছৰৰ আগতেই বন্ধ কৰি দিয়া হ’ল৷ দাসবোৰক অত্যাচাৰ কৰি কৰি তেওঁলোকে নিজেই এই যুদ্ধখন সৃষ্টি কৰি লৈছে৷ মূৰ্খ আমেৰিকানবোৰ৷ বাৰু আমেৰিকানবোৰৰ কথা বাদ দিয়া, কেতিয়াকৈ যাত্ৰা আৰম্ভ কৰিম বুলি ভাবিছা?’ 

মই ক’লো, 

‘মই এই মুহূৰ্ততেই যাবলৈ সাজু হৈ আছোঁ৷’ প্ৰফেচাৰে ক’লে, 

‘এতিয়াই যাত্ৰা আৰম্ভ কৰাই ভাল হ’ব৷ জিমেনেজ দে কেচিদাৰ মানচিত্ৰৰ মতে, আমি এল ডৰাড’ পাবলৈ প্ৰায় পাঁচদিনেই লাগিব৷ যদিহে আমি আমাজন নদীৰ আটাইতকৈ বেগী ধাৰেৰে যাওঁ আৰু বাটত একো বাধা-বিঘিনি নাপাওঁ, ধৰি ল’লোঁ এসপ্তাহ৷’

তেওঁ মানচিত্ৰখনৰ কথা উল্লেখ কৰোঁতেহে মনত পৰিছে, নহ’লে মানচিত্ৰখনৰ কথা মই পাহৰিয়েই গৈছিলোঁ৷ ‘প্ৰফেছৰ, মই মানচিত্ৰখনৰ কথা পাহৰিয়েই গৈছিলোঁ, আপোনাৰ ওচৰত সচাঁকৈ মানচিত্ৰখন আছেনে?’ তেওঁ ইতিবাচকভাৱে মোৰ ফালে চাই ক’লে, ‘চিন্তা কৰিব নালাগে, মানচিত্ৰখন মোৰ ওচৰতেই আছে৷ আজি ৰাতিলৈ তোমাক দেখুৱাম৷ এই বিষয়ে এক ডাঙৰ কথা তোমাক ক’বলৈ আছে৷ সদ্যহতে আমি নাৱৰ ব্যৱস্থা কৰিব লাগে৷ পিছে পাহৰি নাযাবা, আমি এখন বৰ্ষাৰণ্যৰ ভিতৰলৈ যাবলৈ লৈছোঁ, কিবা অস্ত্ৰ-শস্ত্ৰ আনিছানে?’

মই নিজৰ কল্ট ৰিভ’লভাৰ আৰু ৱিনচেষ্টাৰ ৰাইফেল থকা বেগটো দেখুৱাই প্ৰফেছৰক ক’লো, ‘আনিছোঁ৷’ 

তেওঁ কঁকালত ওলোমাই থোৱা দীঘল দাখনলৈ আঙুলিয়াই ক’লে, ‘কিনিলোঁ’৷

তাৰ পাছত আমি পুৰণি ভাৰগাছ চহৰৰ মাজে মাজে খোজ কাঢ়ি আমাজন নদীৰ এক সুঁতিৰ ফালে গ’লোঁ৷ তাত বহুতো নাৱৰীয়া আৰু তেওঁলোকৰ নাও লৈ বিক্ৰী কৰিবলৈ বা ভাৰা দিবৰ বাবে উপস্থিত আছিল৷ আমি এখন ডাঙৰ চাই নাও কিনি তাতেই বস্তু-বাহানি ভৰাই আমাজন নদীৰ বোকাময় পানীৰে এনেকুৱা এখন ঠাইলৈ যাত্ৰা আৰম্ভ কৰিলোঁ, যাৰ অস্তিত্বৰ বিষয়ে আমি ভালকৈ নাজানো, ‘এল - ডৰাড’৷ লাহে লাহে আমাৰ দুয়োপাৰ ঘন অৰণ্যই আৱৰি ধৰিলে৷ এই অৰণ্যবোৰ ইমানেই  ঘন যে, খুব কম সূৰ্যৰ পোহৰহে ভূ-ভাগত পৰেগৈ৷ সেইবাবে এই অৰণ্যবোৰ অনবৰতে আন্ধাৰ হৈ থকাই দেখোঁ৷ ভাবিলে আচৰিত লাগে ! এই অৰণ্যবোৰৰ মাজে মাজে এসময়ত মানুহে বসতি পাতিছিল৷ আৰু হাজৰ মাইল দূৰৈৰ স্পেইন নামৰ দেশৰ মানুহে আহি এই অৰণ্যবোৰ ভেদি নতুন ভূমিৰ সন্ধান কৰিছিল৷ অৰণ্যখনত অজস্ৰ জৈৱ-বৈচিত্ৰ্য দেখিলোঁ৷ কিছুমান এনে ধৰণৰ চৰাই-চিৰিকটি, পোক-পতংগ দেখিলোঁ যাৰ বিষয়ে মই আজিলৈকে কোনো কিতাপতেই পোৱা নাই৷ বৰ্ষাৰণ্য হোৱাৰ বাবে ইয়াৰ গছ-গছনিবোৰ খুব ওখ৷ সকলো গছেই সূৰ্যৰ পোহৰ পাবলৈ আন গছৰ লগত প্ৰতিযোগিতা কৰিব লগা হয়৷ ৰাতি আশ্ৰয় ল’বলৈ আমি নাওখন এডোখৰ সুৰক্ষিত ঠাইত বান্ধিলোঁ৷ কোনো ধৰণৰ প্ৰদূষণ নোহোৱাৰ বাবে এই নদীৰ ওপৰৰ আকাশবোৰ চাফা, বায়ু সতেজ৷ আজি জোনাক ৰাতি৷ আকাশৰ লক্ষ লক্ষ তৰাৰ লগত মাটিৰ জোনাকী পৰুৱাবোৰো জিলিকি আছে৷ আমাজন নদীৰ বেগী ধাৰাই সৃষ্টি কৰা কল্‌-কল্‌-কল্‌-কল্‌ শব্দৰ লগতে অৰণ্যৰ মাজৰপৰা অহা পোক-পতংগৰ শব্দ মিলি এক স্বৰ্গীয় সংগীত সৃষ্টি কৰিছে৷ এই স্বৰ্গগীয় সংগীতে মোৰ মাজত বিষাদ জন্মাইছে, নিজকে প্ৰশ্ন কৰিবলৈ বাধ্য কৰাইছে৷ মই বাৰু এই অভিযানত সফল হ’ব পাৰিম নে? মই বাৰু এল-ডৰাড’ পামগৈ নে? মই বাৰু এই অভিযানত আহি বেয়া কাম কৰিলোঁ নেকি? কংকুইচতাদৰবোৰৰ দৰেই মোকো বাৰু এই ধনৰ মোহে টানি নিছে নেকি? 

তেনেতে ঘপকৈ ক’ৰ পৰা জানো আহি প্ৰফেছৰ এটকিনচনে গোটেই পৰিৱেশটো ধ্বংস কৰি ডাঙৰ ডাঙৰকৈ কৈ উঠিল, ‘ব্ৰাউন তুমি মানচিত্ৰখন চাব খুজিছিলা?’ তেওঁৰ কথাষাৰে মোৰ সম্বিত ঘূৰাই আনিলে৷ মই মোৰ চকীখনৰ পৰা উঠিলোঁ আৰু প্ৰফেছৰৰ লগত তম্বুৰ ভিতৰলৈ গ’লোঁ৷ আমাৰ দুয়োজনৰ বিছনা দুখনৰ মাজত থকা টেবুলখনত তেওঁ মানচিত্ৰখন ইতিমধ্যে মেলি থৈছিল৷ মই আশ্চৰ্যৰে মানচিত্ৰখন চাবলৈ ধৰিলোঁ৷ মানচিত্ৰখন বৰ আচৰিতভাৱে ডিটেইলড৷ দেখাত সাইলাখ আকাশৰপৰা অঁকা এখন ছবিৰ দৰে৷ ইয়াক এক বিশেষ ধৰণৰ সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছিল, যিটো মই জানো, কাগজ নহয়৷ তেতিয়া মোৰ চকু পৰিল মানচিত্ৰখনত লিখি থোৱা ঠাইবোৰৰ নামলৈ৷ আশ্চৰ্যকৰভাৱে ইয়াত ব্যৱহাৰ কৰা ভাষা স্পেনিছ নাছিল৷ মই আশ্চৰ্যৰে প্ৰফেছৰ এটকিনচনলৈ চালো, যি মোৰ ফালে এনে ধৰণে মিচিকিয়ালে যেন তেওঁ জানে মই কি ভাবি আছিলোঁ৷ মই তেওঁক সুধিলোঁ, 

‘প্ৰফেছৰ ইয়াত ব্যৱহাৰ হোৱা ভাষা...’ 

মই শেষ কৰিবলৈ পোৱাৰ আগতেই তেওঁ ক’লে, ‘...স্পেনিছ নহয়? তুমি ঠিকেই কৈছা৷ প্ৰথমে ময়ো ভাবিছিলোঁ যে জিমেনেজ দে কেচিদাই কি ভাষা ব্যৱহাৰ কৰিছে? কিবা গুপ্ত ভাষা নেকি? বহুত ভবা আৰু অধ্যয়ন কৰাৰ পাছত মই বুজি পালো যে, এই ভাষা মুইচকা৷’ 

প্ৰফেছৰ এটকিনচনৰপৰা সেই উত্তৰটো শুনি মই হতবাক হৈছিলোঁ৷ মই তেওঁক ক’লো, ‘মুইচকা! মানে এই মানচিত্ৰখন স্বয়ং মুইচকাসকলে প্ৰস্তুত কৰিছিল!’

প্ৰফেছৰে ক’লে, ‘নিশ্চিতভাৱে৷ সেই ঠাইৰ নিৰ্মাতাইতো সেই ঠাইৰ সঠিক অৱস্থান জানিব৷ তুমি বাৰু লক্ষ্য কৰিছানে যে এই মানচিত্ৰখনত  ব্যৱহাৰ কৰা কাগজ আচলতে কাগজ নহয়?’

মই সঁহাৰি জনোৱাত তেওঁ পুনৰ আগবাঢ়িল৷ ‘মই এতিয়ালৈকে কোনো স্পেনিছ কিতাপ অথবা মানচিত্ৰৰ কথা শুনা নাই যি এই ধৰণৰ কাগজ ব্যৱহাৰ কৰিছে৷ ইয়াক নিশ্চয় এক বিশেষ ধৰণৰ গছৰ চালৰপৰা প্ৰস্তুত কৰা হৈছে যাৰ বাবে ইয়াক মুইচকাসকলেই প্ৰস্তুত কৰিব লাগিব৷’

মই প্ৰায় চিঞৰিয়েই ক’লোঁ, ‘এইটোতো আশ্চৰ্যজনক কথা! প্ৰফেছৰ আপোনাক মানিছোঁ কিন্তু! কেচিদাই নিশ্চয় তেওঁলোকৰ দ্বাৰা এইখন বনাইছে অথবা তেওঁলোকৰপৰা চুৰি কৰিছে৷’ তেতিয়া প্ৰফেছৰে ক’লে, ‘মই নিশ্চিত যে এইখন চুৰ কৰা হৈছে৷ কাৰণ কেচিদাই যদি এইখন তেওঁলোকৰ দ্বাৰা নিৰ্মাণ কৰালেহেঁতেন, তেওঁ নিশ্চয় ঠাইবোৰৰ নাম স্পেনিছ ভাষাত লিখোৱালেহেঁতেন৷’ মই মানচিত্ৰখনৰ ফালে মন দি চাই দেখিলোঁ যে ডাঙৰ ডাঙৰ আখৰেৰে চিন দি থোৱা বসতি যেন লগা ঠাইডোখৰৰ নাম মুইচ্‌কা ভাষাৰ লগতে স্পেনিছ ভাষাতো লিখি থোৱা আছিল৷ 

মই ঠাইডোখৰলৈ আঙুলিয়াই ক’লোঁ, ‘নুএষ্টা ৰেচিদেঞ্চিয়া’, মানে ‘আমাৰ বাসস্থান৷’ তেতিয়া প্ৰফেছৰে ক’লে, ‘মোৰ বিশ্বাস সেই ঠাইত কেচিদাই কেম্প পাতি আছিল৷ আমি পৰহিলৈ ৰাতি  সেই ঠাই পাবগৈ লাগে৷ আমি ৰাতিটো তাতেই কটাই খোজেৰে আগবাঢ়ি যাম, কাৰণ চোৱা...’ তেওঁ ডাঙৰ ডাঙৰ আখৰেৰে এল-ডৰাড’ বুলি লিখি থোৱা ঠাইডোখৰলৈ আঙুলিয়াই ক’লে, 

‘তাৰপৰা এল -ডৰাড’লৈ বেছি দূৰ নহয়৷’ 

মই তেওঁৰ মুইচ্‌কাসকলৰ বিষয়ে থকা জ্ঞান দেখি অভিভূত হৈ তেওঁক প্ৰশ্ন কৰিলোঁ, ‘আপুনি মুইচ্‌কাসকলৰ বিষয়ে ইমান ক’ৰপৰা জানিলে? তেওঁলোকৰ বিষয়ে আৰু কওকচোন৷’

তেতিয়া প্ৰফেছৰে ক’লে, ‘তেওঁলোকৰ বিষয়ে অধ্যয়ন কৰাটো বৰ কঠিন আছিল৷ কোনো কিতাপতেই তেওঁলোকৰ বিষয়ে নাপায়, মই পুৰণি মায়া দস্তাবেজসমূহৰ আশ্ৰয় ল’লোঁ৷ মায়াসকলে মুইচ্‌কাসকলৰপৰা সোণ কিনিছিল৷ তাত পালোঁ যে মুইচ্‌কাসকলৰ ৰজাই সদায় নিজক সোণেৰে লেপি থৈছিল, যাতে প্ৰজাগণে তেওঁক স্বৰ্গীয় বুলি ভাবে৷ তুমি যে মানচিত্ৰখনত এল-ডৰাড’ বুলি লিখি থোৱা ঠাইডোখৰ দেখিছা? সেইখিনি আঁকিবলৈ ৰং নহয়, সোণপানী ব্যৱহাৰ কৰা হৈছিল৷ মানচিত্ৰখনৰ কথা পাতিছোৱেই যেতিয়া...’ 

তেওঁ পিছ ফালৰপৰা এক সোণালী ৰঙৰ বাকচ উলিয়াই ক’লে, ‘ইয়াক ৰাখিবলৈ সজা বাকচটোও আন একো নহয়, সোণেৰে সজোৱা হৈছিল৷’

পাছৰ দুদিন বিশেষ একো ঘটা নাছিল৷ যাৰ বাবে ডায়েৰী লিখাৰ প্ৰয়োজনীয়তা বোধ নকৰিলোঁ৷ আমি মাত্ৰ আমাজন নদীৰ মাজেৰে গৈ আছিলোঁ৷ এদিনাখন ৰাতিপুৱা শুই উঠি দেখোঁ যে প্ৰফেছৰ আৰু মোৰ মাজত এটা নাহৰফুটুকী বাঘ শুই আছিল৷ আমি যেনেতেনে তাক খেদিবলৈ সক্ষম হ’লোঁ, কিন্তু আমি সকলোৱে বৰকৈ ভয় খালোঁ৷ সেইদিনাই দুপৰীয়া প্ৰফেছৰ এজাক মাংসহাৰী পিৰানা মাছ চাই ইমানেই মন্ত্ৰমুগ্ধ হৈ পৰিছিল যে, তেওঁ পানীত পৰিয়েই গৈছিল৷ এনেকুৱা কিছুমান ৰোমাঞ্চকৰ অভিজ্ঞতাৰ মাজেৰে অৱশেষত আমি নুএষ্ট্ৰা ৰেচিডেঞ্চিয়াত উপস্থিত হ’লোঁগৈ৷ ঠাইডোখৰত এতিয়া আদিবাসী মানুহৰ বাসস্থান হ’ল৷ আমি নাৱৰপৰা নামি গাঁওখনৰ ফালে মূৰ কৰোঁতেই দেখো যে সন্মুখত দহ-বাৰজনমান মানুহ, যিয়ে আমাৰ ফালে ধনু-কাঁড় টানি ৰৈ আছে৷ আমি ঠাইতে ৰৈ গ’লো৷ ইতিমধ্যে এই দৃশ্য দেখি আমাৰ নাৱৰীয়াজন নাও লৈ পলাল৷ আমি হাত ওপৰলৈ দাঙি আঁঠু কাঢ়ি তেওঁলোকক অনিষ্ট কৰিব নিবিচাৰোঁ বুলি প্ৰমাণ কৰিবলৈ চেষ্টা কৰিলোঁ৷ তেওঁলোকে এই কথা বুজি পাইছে নে নাই নাজনো৷ ইতিমধ্যে সূৰ্য অস্ত গ’ল৷ আমাজনত অন্ধকাৰ নামি পৰিছে৷ তেওঁলোকৰ দুজনে আমাৰ ফালে আহি আমাৰ ডিঙিত এখন তৰোৱাল ৰাখি আমাক ঠেলি ঠেলি আগলৈ নিলে৷ নিশ্চয় আমাক তেওঁলোকৰ ৰজাৰ ওচৰলৈ লৈ যোৱা হৈছে৷ আমি মনে মনে তেওঁলোকৰ লগত আগবাঢ়ি গ’লোঁ৷ বাকীকেইজনো আমাৰ লগতেই আহিলে ধনু-কাঁড় টোঁৱাই টোঁৱাই৷ আমি গাঁওখনৰ ভিতৰলৈ গ’লোঁ৷ গাঁওখন যিকোনো অৰণ্যৰ মাজত থকা আদিবাসী গাঁৱৰ দৰেই৷  চুটি চাপৰ মানুহ, যাৰ গাত বিশেষ কাপোৰ-কানি নাই৷ বাঁহ বেতেৰে নিৰ্মিত ঘৰ-দুৱাৰ৷ তেনেতে হঠাৎ আমি এটা আচৰিত বস্তু দেখিলোঁ৷ গাঁৱৰ জ্যেষ্ঠ ব্যক্তি এজনে ডিঙিত এচপৰা সোণৰ টুকুৰা অলংকাৰৰ দৰে ওলোমাই লৈছে৷ তাৰ পাছত দেখোঁ, সকলো জ্যেষ্ঠ ব্যক্তিয়েই তেনেকুৱা কৰিছে৷ তেনেতে লক্ষ্য কৰিলোঁ যে, সকলো ঘৰৰ আগতেই একোচপৰা সোণ ওলমাই থোৱা আছিল৷ এই ঠাইবোৰত মানে এতিয়াও সোণৰ চাহিদা আছে৷ এনেতে আমাক বেলেগ এডোখৰ ঠাইলৈ লৈ যোৱা হ’ল, যাৰ তলখন সম্পূৰ্ণ সোণেৰে নিৰ্মিত৷ সন্মুখত তেওঁলোকৰ ৰজা এখন সোণৰ সিংহাসনত বহি আছে৷ 

কিন্তু, আৰে এয়া কি দেখিলো!

প্ৰফেছৰ আৰু মই দুয়োজনে দুয়োজনৰ ফালে চালো৷ ৰজাজনে নিজৰ সম্পূৰ্ণ শৰীৰ সোণেৰে লেপি থৈছে৷

মানে!  

নুএষ্ট্ৰা ৰেছিডেঞ্চিয়া! 

মানে ‘আমাৰ বাসস্থান’!

আমাৰ বাসস্থান মানে জিমনেজ দে কেচিদাৰ দলৰ বাসস্থান নহয়, মুইচ্‌কাসকলৰ বাসস্থান! মুইচ্‌কাসকল এতিয়াও জীয়াই আছে! আমি এতিয়া মুইচ্‌কাসকলৰ এলেকাত আছোঁ! তেওঁলোকৰ মাজত আছোঁ! 

ৰজাজনে আমাৰ ফালে চাই আছে৷ মই প্ৰফেছৰক ফুচ-ফুচাই ক’লো,

‘আপুনি মেপখন ক’ত থ’লে?’

তেতিয়া প্ৰফেছৰে কান্দিবলৈ ধৰিলে৷ কান্দি কান্দি তেওঁ ক’লে, 

‘আমি দুয়ো মৰিম এতিয়া৷ আমি মৰিম এতিয়া৷ মেপখন পালেই তেওঁলোকে আমাক মাৰি পেলাব৷’

মই বিৰক্তিৰে ক’লোঁ, 

‘আৰে মেপখন ক’ত আছে এতিয়া সেইটো কওক!’

তেওঁ কান্দি কান্দি ক’লে, 

‘মেপখন বাকচতেই আছে৷’

মই খঙেৰে ক’লোঁ,

‘বাকচটো ক’ত আছে?’

প্ৰফেছৰে একো নক’লে৷ বৰঞ্চ আৰু বেয়াকৈ কান্দিবলৈ ধৰিলে৷ মই চাৰিওফালে চকু ফুৰাই দেখোঁ যে বাকচটো আমাক ধৰি অনা মানুহ এজনৰ হাতত আছে, আৰু তেওঁ বাকচটো স্বয়ং ৰজাজনৰ হাতত গতাই দিলে৷ বাকচটো অলপ সময় ঘূৰাই-পকাই চাই ৰজাজনে মুইচ্‌কা ভাষাত কিবা এটা ক’লে যিয়ে ওচৰে পাজৰে থকা সকলোকে হঁহুৱাবলৈ ধৰিলে৷ তেওঁ নিশ্চয় আমাৰ বিষয়ে ইতিকিং কৰিছে৷ এসময়ত তেওঁ বাকচটো খুলিলে আৰু ভিতৰৰ পৰা মেপখন উলিয়ালে৷ তেওঁ ঠাইতে ৰৈ গ’ল৷ তেওঁৰ চকুত আতংক স্পষ্টকৈ দেখা গ’ল৷ তেওঁৰ হাতখন কপিবলৈ ধৰিলে৷ তেওঁ আমাৰ পৰা দুখোজমান পিছুৱাই গ’ল৷ তেওঁ নিশ্চয় আমাক জিমেনেজ দে কেছিদাৰ মানুহ বুলি ভাবিছিল৷ 

তেওঁ চিঞৰি চিঞৰি আমাৰ ফালে আঙুলিয়াই কিবা ক’বলৈ ধৰিলে৷ লগে লগে চাৰিওফালৰ পৰা তৰোৱাল উলিয়াই মানুহবোৰে আমাৰ ফালে খেদি আহিলে৷ মই বুজি পালোঁ যে তেওঁ আমাক মাৰিবলৈ হুকুম দিছে আৰু পলম নকৰি পকেটৰ পৰা ৰিভলভাৰটো উলিয়াই আকাশলৈ গুলিয়ালোঁ৷ তেওঁলোকে চাগৈ এনে কিবা হ’ব বুলি একেবাৰেই আশা কৰা নাছিল৷ সকলোৱে নিজৰ কাণত হাতেৰে হেঁচা মাৰি সেই ঠাইৰ পৰা পলাল আৰু ৰজাৰ লগতে আৰু কেইজনমান ঠাইতে লুটি খাই পৰিল৷ মই ৰজাৰ ফালে ৰিভলভাৰ টোৱাই আগবাঢ়িলোঁ, লাহেকৈ তেওঁৰ হাতৰ পৰা মেপখন কাঢ়ি ল’লোঁ৷ লগে লগে প্ৰফেছৰক ঠাইডোখৰৰ চাৰিওফালে জ্বলাই থোৱা জোঁৰবোৰৰ এডাল কাঢ়ি আনিবলৈ ক’লোঁ৷ কাৰণ ৰজাই আৰু কিবা কিবি চিঞৰিবলৈ ধৰিলে আৰু মানুহবোৰে আকৌ আমাৰ ফালে খেদি আহিছে৷ আমি উপায় নাপাই অৰণ্যৰ মাজলৈ লৰ মাৰিলো৷ ঘন অৰণ্যবোৰৰ তলত ৰ’দ নপৰে বাবে তলখন বোকাময় হৈ আছে৷ আমি যিমান পাৰি বেগেৰে দৌৰি মানুহবোৰৰ পৰা হাত সাৰিবলৈ চেষ্টা কৰিলোঁ৷ লাহে লাহে তেওঁলোকৰ মাতবোৰ নাইকিয়া হৈ আহিবলৈ ধৰিলে৷ আমি কেইবা ঘণ্টা ধৰি অৰণ্যৰ মাজলৈ দৌৰি গৈয়েই থাকিলোঁ৷ এসময়ত তেওঁলোকৰ মাতবোৰ একেবাৰে নাইকিয়া হ’লগৈ৷ আমি সেহাই-ফোঁপাই গছত আঁউজি বহিলোঁ৷ আমি এতিয়া ক’ত আছোঁ নিজেই নাজানো৷ কেনেকৈ এই অৰণ্যৰ পৰা ওলাম সেয়াও নাজানো৷ মেপখন মেলি চালোঁ৷ কিন্তু আমি ক’ত আছোঁ জনাৰ কোনো উপায় নাই৷ এনেকুৱা লাগিছিল যেন আমি মানচিত্ৰখনে আৱৰি থকা ঠাইৰ পৰা বহুত দূৰ পালোহি৷ এল ডৰাড’ৰ পৰা বহু দূৰৈত৷ এল ডৰাড’ বিচাৰি উলিওৱাৰ বিষয়ে আমি এতিয়া কল্পনা কৰাও উচিত নহ’ব৷ আমি নিজে জীয়াই জীয়াই বাহিৰ ওলাম নে নাই তাৰো ঠিকনা নাই৷

দূৰৈৰ পৰা কুকুৰনেচীয়া বাঘৰ চিঞৰ ভাহি আহিছে৷ সিহঁতি নিশ্চয় আমাক বিচাৰি আহিছে৷ সেই নিশা জয়াল৷ মই সকলো আশা শেষ হোৱা দেখি প্ৰফেছৰক সুধিলোঁ, ‘প্ৰফেছৰ, কি হ’ব এতিয়া?’ প্ৰফেছৰে ক’লে, ‘এতিয়া সূৰ্যোদয়ৰ বাবে বাট চোৱাৰ বাদে বেলেগ একো উপায় নাই৷ আশা কৰাঁ তেতিয়ালৈকে যাতে আমাক কুকুৰনেচীয়াই খাই নেপেলায়৷’ তেনেতে দেখোঁ দূৰৈত সূৰ্য ওলাবলৈ লৈছে৷ আকাশ ৰঙচুৱা হৈ পৰিছে৷ সূৰ্যৰ কিৰণ যেতিয়া আমাৰ গাত পৰিলহি আমাৰ সন্মুখৰ ঠাইখিনিৰ পৰা এক অসহ্যকৰ পোহৰ ওলাবলৈ ধৰিলে; আমি ইয়াৰ কাৰণ বুজি নাপালোঁ৷ লাহে লাহে এই পোহৰ আৰু শক্তিশালী হ’বলৈ ধৰিলে৷ প্ৰফেছৰ আৰু মই সেই ঠাইৰ ফালে আগবাঢ়ি গ’লো৷ তেনেতে খোজ দিওঁতেই শুনিবলৈ পালোঁ এক অদ্ভুত শব্দ৷ এই শব্দটো বোকা মাটিত খোজ দিয়াতকৈ সম্পূৰ্ণ বেলেগ৷ তললৈ মূৰ কৰি দেখো এক আচৰিত দৃশ্য৷ 

সোণ...৷ 

মোৰ উশাহ ৰৈ গ’ল, মোৰ বুকু স্তব্ধ হৈ যোৱাৰ দৰে হ’ল৷ মই আগফালে চাই দেখো যে সেই শক্তিশালী পোহৰ ইতিমধ্যে কমিবলৈ ধৰিছে আৰু ইয়াৰ পিছফালে লুকাই থকা আশ্চৰ্যবোৰ দেখুৱাবলৈ ধৰিছে৷ মই নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰিলোঁ; ই মোৰ চকুৰ সন্মুখত আছিল! 

পৃথিৱীৰ সকলো দুখ-কষ্টৰ অন্ত! দৰিদ্ৰতাৰ অন্ত! এখন সুন্দৰ পৃথিৱীৰ চাবি! এল ডৰাড’! সেই সোণৰ চহৰখন মোৰ চকুৰ সন্মুখত আছিল৷ আমি ইয়াক অৱশেষত বিচাৰি উলিয়ালোঁ৷ এল ডৰাড’! দ্য লষ্ট চিটি অৱ্‌ গ’ল্ড৷


টোকা :

১) ইজি ৫১ এসময়ৰ ৰজা৷ ইজি ৫১ গিজাৰ পিৰামিডত সমাধিস্থ

২) এজন ইংৰাজ ভূগোল বিজ্ঞানী৷ আৰু ১৮৩০-১৮৪৩ চনলৈ ভাৰতৰ ছাৰ্ভেয়ৰ জেনেৰেল

৩) ঊনবিংশ শতিকাৰ মাজভাগত আমেৰিকাত দাসক লৈ এখন গৃহযুদ্ধ হৈছিল৷ এচাম মানুহে দাস থকাটো বিচাৰিছিল আৰু এচাম মানুহে তেওঁলোকৰ স্বাধীনতা বিচাৰিছিল৷ আব্ৰাহাম লিংকন এই যুদ্ধৰ নায়ক৷

৪)  স্পেনিছ ভাষাৰ শব্দ৷ ইয়াৰ অৰ্থ হ’ল ‘আমাৰ বাসস্থান’৷ 


ঠিকনা :

অষ্টম শ্ৰেণী, ছেইণ্ট মেৰীজ হাইস্কুল

চাবতি, লখিমপুৰ-৭৮৭০০১

বাসস্থানৰ ঠিকনা : 

প্ৰযত্নে - মুনমী দত্ত

শিক্ষক আবাস, নৰ্থ লখিমপুৰ কলেজ

খেলমাটি, লখিমপুৰ-৭৮৭০৩১

ফোন- ৯৪৩৫১-৮৬০৯২


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ