অন্যযুগ/


মহিষমৰ্দিনী আই কাত্যায়নী

নিৰু দত্ত

 

পালেহি আহিনমাহ            অময়া শৰতকাল

ষষ্ঠীত দিওঁ বেদীত স্থান,

অচলা ভক্তিৰে পূজি         সপ্তমী অষ্টমী তিথি

দশমীত  কৰোঁ বিসৰ্জন।

যুগে যুগে ধৰণীতে          তোমাক পূজোঁ ভকতে

ৰাম কৃষ্ণ তোমাৰ সেৱক,

আমি সৰল মনিচ            নহওঁ নকল নবীছ

আই তুমি বিপদ-বাৰক।

শৰতত বসন্তত                ধৰালৈ নামিবা দেই

বৰণীয়া   ফুলেৰে পূজিম,

নীলাকৈ অপৰাজিতা           পদুম ধুঁতুৰা জবা

যতনেৰে মৰল সাজিম ।

পুৱাৰ নিয়ৰ সানি           ধুৱাম চৰণখনি

কুঁৱলীৰ আঁচলেৰে ধৰি,

আশীৰ্বাদৰ দুহাত             আমাৰ মূৰত থবা

প্ৰণমিছোঁ চৰণত পৰি।

অতি প্ৰাচীন কালত           আছিল মৰ্ত্য লোকত

ৰম্ভ আৰু কৰম্ভ অসুৰ,

অপুত্ৰক ৰম্ভাসুৰে             দেৱতাৰ বৰে পালে

এটি পুত্ৰ  মহিষাসুৰ।

ব্ৰহ্মা দেৱতাক পূজি           অমৰত্ব বৰ লভি

মহিষাসুৰ  হ’ল অত্যাচাৰী,

কাঢ়ি লৈ সিংহাসন             ইন্দ্ৰ আদি দেৱতাৰ

আসনত বহিলে দেৱাৰী।

আৰামত বহি খোৱা            সৰগৰ  দেৱতাৰ

হঠাৎ হেৰাল থৰ কাচুতি,

মৰতৰ মানুহৰ               পাই পূজা আদৰৰ

নিমিলিল অলপো সুমতি।

ব্ৰহ্মা, বিষ্ণু, মহেশ্বৰ           ধৰি দুখানি চৰণ

কান্দি-কাতি দেৱতা বাহিনী,

মাৰ্কণ্ডেয় পুৰাণত             সোণোৱালী আখৰত

মহিষাসুৰ বধ কাহিনী।

আলোচনাৰ শেষত            দেৱগণে হৰিষত

স্ৰজিলে এটি তেজস্বিনী নাৰী,

নমো সিংহবাহিনী           দেৱী আই নাৰায়ণী

দেৱাস্ত্ৰৰে  সুসজ্জিত কৰি ।

কাত্যায়ন নামে মুনি        মহিষাসুৰক শাপি

আৰম্ভিলে যুঁজ সুৰাসুৰ,

নাৰী ৰূপত শত্ৰুৰ      ত্ৰিশূলৰ প্ৰহাৰত

জীৱনৰ পৰিবগৈ ওৰ ।

দহ দিন দহ ৰাতি      অতি পৰাক্ৰমে যুঁজি

পৃথিৱীত ভূঁইকপ হ’ল,

দশমীৰ দিনাখন          ত্ৰিশূলৰ প্ৰহাৰত

মহিষাসুৰৰ প্ৰাণ গ’ল।

দেৱী দুৰ্গা  ভগৱতী            মহিষাসুৰ মৰ্দিনী

দুখ-দুৰ্গতি নাশিনী  আই,

ভক্তিভৰা  অন্তৰেৰে          পূজোঁ আমি ভক্তগণে

ৰঙা  চৰণত দিয়াঁ  ঠাই।

তুমি মহিষমৰ্দিনী               দেৱী আই কাত্যায়নী

শক্তিৰূপিনী শ্ৰীময়ী আই,

সকলো প্ৰাণীৰে মাতৃ           তুমি আই জগধাতৃ

তোমাৰ মান লাৱণী নাই।

*** 

 

 

ঠিকনা :

নিশান্ত নিবাস

সৰুপথাৰ -৭৮৫৬০১

গোলাঘাট

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ