অৰুণ গগৈ
শৰত কালত সন্ধিয়া পৰত
শেৱালিয়ে মাৰে হাঁহি,
ফুলনি মাজত ৰূপহী সাজত
ফুলবোৰে মেলে পাহি ৷
আকাশ নিৰ্মল ডাৱৰ কোমল
জোন-তৰাৰ ধেমালি,
ফুলিল কঁহুৱা মন উৰণীয়া
ময়ূৰে ধৰিলে চালি ৷
ডেউকা কোবাই উৰিছে বেগাই
শৰালি চৰাইজাক,
বনৰ মাজত পাতৰ আঁৰত
বনকুকুৰাৰ ডাক ৷
কলীয়া ডাৱৰ হ’ল যে আঁতৰ
বাট-পথ ফৰকাল,
নাই বোকা পানী শুৱনি ধৰণী
নাই কোনো আহুকাল।
প্ৰকৃতি শুৱনি শাৰদী ঐ ৰাণী
পিন্ধিছে ৰঙৰ চোলা,
ফুলে পাতে আহি মাৰিছেহি হাঁহি
পাতিছে সৰগী মেলা
৷