অন্যযুগ/


অজগৰ আৰু যুধিষ্ঠিৰ

 নৱনীতা ভট্টাচাৰ্য্য


(৬)

 

সেইদিনাখনো বনীয়ে আহি ভীমৰ সাধু শুনিবলৈ মাকৰ ওচৰলৈ আহিল৷ মাকেও প্ৰতিশ্ৰুতি অনুসৰি ভীমৰ আন এটা সাধু ক’বলৈ আৰম্ভ কৰিলে- 

তেতিয়া পাণ্ডৱসকল বিশাখযূপ নামৰ ঠাইখনত আছিল৷ তেওঁলোকে তেতিয়া মৃগয়া কৰি জীৱিকা নিৰ্বাহ কৰি আছিল৷ এই ঠাইখন হ’ল যমুনা নদীৰ উৎপত্তি স্থান৷ সেই সময়তে ভীমে বনৰীয়া ম’হ, গাহৰি বা হৰিণা পহু চিকাৰ কৰি ঘূৰি ফুৰিছিল৷ এনেতে এদিন হঠাৎ তেওঁ এটা বিয়াগোম অজগৰৰ সন্মুখত পৰিলগৈ৷ দেখাৰ লগে লগে অজগৰটোৱে ভীমৰ গোটেই গাটো মেৰিয়াই ধৰিলে৷ ভীমে মুক্ত হ’বৰ বাবে চেষ্টা কৰিও বিফল হ’ল৷ যুঁজি যুঁজি অৱশেষত তেওঁ মূৰ্চ্ছা গ’ল৷ কিছু সময়ৰ পাছত তেওঁ জ্ঞান ঘূৰাই পোৱাত অজগৰটোক ক’লে- “মই ধৰ্মৰাজ যুধিষ্ঠিৰৰ ভায়েক ভীম৷ মোৰ গাত অযুত হাতীৰ বল৷ অথচ, আপুনি মোক বশ কৰি পেলাইছে৷ আপুনি নিশ্চয় সাধাৰণ সাপ নহয়৷ আপুনি কোন?” 

অজগৰে তেতিয়া ভীমৰ বাহু দুটা মুকলি কৰি ক’লে, “মই ৰাজৰ্ষি নহুষ৷ অগস্ত্য মুনিৰ অভিশাপৰ ফলত মই সাপ হৈ উপজিছোঁ৷ বহুদিন মই ভোকত আছোঁ৷ ভাগ্যৰ বলত আজি তোমাক পাইছোঁ৷ তোমাক খাই মই পেটৰ ভোক পলুৱাম৷” 

ভীমে তেতিয়া হাতযোৰ কৰি ক’লে, “হে মহাৰাজ! মই মোৰ কথা চিন্তা কৰা নাই৷ মই দাদা যুধিষ্ঠিৰ আৰু মোৰ তিনি ভাইৰ কথাহে চিন্তা কৰিছোঁ৷ কিয়নো মোৰ মৃত্যুৰ পাছত তেওঁলোকে ৰাজ্য-উদ্ধাৰৰ আশা হেৰুৰাই পেলাব৷” 

এনেতে ভীমক বিচাৰি যুধিষ্ঠিৰ আৰু ধৌম্য আহি ওলালেহি৷ ভীমৰ সেই অৱস্থা দেখি যুধিষ্ঠিৰে অজগৰটোক হাতযোৰ কৰি ক’লে, “হে মহাসৰ্প, আপুনি মোৰ ভাইটোক এৰি দিয়ক৷ আপোনাৰ ভোক গুচাব পৰাকৈ মই আন কিহবাৰ যোগান ধৰিম৷” 

অজগৰে তেতিয়া ক’লে, “এই ল’ৰাজন নিজে আহি মোৰ মুখৰ আগত পৰিছেহি৷ মই এওঁকেই খাম কিন্তু তুমি যদি মোৰ প্ৰশ্নৰ কেইটামানৰ উত্তৰ দিব পাৰাঁ, তেনেহ’লে তোমাৰ ভায়েৰাক এৰি দিম৷” 

যুধিষ্ঠিৰে অজগৰৰ প্ৰশ্নৰ উত্তৰ দিবলৈ ৰাজি হ’ল আৰু চালি-জাৰি চাই প্ৰতিটো প্ৰশ্নৰ সু-উত্তৰ দিলে৷ এই উত্তৰ শুনি অজগৰটো সন্তুষ্ট হৈ ভীমক মুকলি কৰি দিলে৷ তাৰ পাছত অজগৰৰ লগত যুধিষ্ঠিৰে নানা তত্ত্বকথা আলোচনা কৰিলে৷ কথাৰ মাজতে তেওঁ নহুষ ৰজাৰ এই দুৰৱস্থা কেনেকৈ হ’ল তাকে সুধিলে৷ অজগৰে তেতিয়া ক’লে,

“অহংকাৰৰ ফলতেই মোৰ এই দশা হৈছে৷ মই প্ৰায় এহেজাৰ মান ঋষি-মুনিক মোক দোলাভাৰী কৰি লৈছিলোঁ৷ এদিন মোক দোলাৰ ওপৰত লৈ কঢ়িয়াই নিওঁতেই মই ভৰিখন অগস্ত্য মুনিৰ মূৰতে থ’লোঁ৷ লগে লগে মুনিয়ে মোক অজগৰ সাপ হৈ জীৱন কটাবলৈ অভিশাপ দিলে৷ কিন্তু পাছত মোৰ কাতৰ প্ৰাৰ্থনা শুনি ক’লে যে - যুধিষ্ঠিৰে মোক শাপমুক্ত কৰিব৷” কথাষাৰ কৈ অজগৰটোক ক’লে, “আজি তোমাৰ দৰ্শন পাই মই শাপমুক্ত হ’লোঁ৷” এইবুলি কৈ তেওঁ অজগৰ গুচি নহুষ ৰজা হৈ পৰিল আৰু দেৱলোকলৈ যাত্ৰা কৰিলে৷ যুধিষ্ঠিৰেও ভায়েক ভীমক লৈ ঘৰমুৱা হ’ল৷

 ***

ভ্ৰাম্যভাষ : ৯৮৬৪২৩৩৩৫০

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ